অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম :এটি চমু পৰিচয়

চমু পৰিচয়

আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম চমুকৈ আবিলেকৰ জন্ম হৈছিল ১৯৮৯ চনৰ ২৭ ডিচেম্বৰ তাৰিখে। উত্তৰ গুৱাহাটী কেন্দ্ৰিক বিদ্ব্যোত্সাহী আৰু উদ্যোগী এখন সমাজৰ তত্বাবধানত গঢ়লৈ উঠা “আনন্দৰাম বৰুৱা স্মৃতি  সংৰক্ষণ সমিতি নামৰ অনুষ্ঠানটোৰ জন্ম সময় ইয়াৰো আগৰ। ১ বিঘা ৩ কঠা ১৭ লেচা মাটিত ১৯৬৫ চনতে আধাৰ শিলা স্থাপন কৰা এই অনুষ্ঠানটো সময়ানুক্ৰমত অসম চৰকাৰলৈ হস্তান্তৰিত হয় আৰু ১৯৮৬ চনৰ ২১ মে তাৰিখে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু স্মৃতি সংৰক্ষণ সমিতিৰ মাজত অনুষ্ঠানটোৰ হস্তান্তৰ বিষয়ক প্ৰথমলানি আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে স্মৃতি সংৰক্ষণ সমিটিলৈ ওপৰিউক্ত মাটিখিনি দান কৰিছিল প্ৰয়াত গুৰুপ্ৰসাদ বৰুৱাদেৱে। একেটা বছৰৰে অক্টোবৰ মাহত, মহীশুৰত অৱস্থিত ভাৰতীয় ভাষা সংস্থানৰ(চি.আই.আই.এল), ড.ফনীন্দ্ৰ নাৰায়ন দত্ত বৰুৱাই এটি ভাষা আৰু সংস্কৃতি প্ৰতিষ্ঠান স্থাপনৰ খচৰা প্ৰস্তুত কৰি দিয়ে। উক্ত খচৰাৰ ভিত্তিতে অসম চৰকাৰে অসমৰ শিক্ষাধিকাৰক এটা প্ৰস্তাৱ প্ৰেৰণৰ নিৰ্দ্দেশ দিয়ে। অসম চৰকাৰৰ তদানীন্তন কামৰূপ জিলা চক্ৰৰ স্কুলসমূহৰ পৰিদৰ্শক শ্ৰী টাবুৰাম টাইদক আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, গবেষণা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাবে নিযুক্তি দিয়া হয়।কাৰ্য্যতঃ উত্ত দিনটোৰ পৰাই আজিৰ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ বীজ ৰূপিত হয়। সেই সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিব হিচাবে কাৰ্য্যৰত অশোক শইকীয়াদেৱৰ আশাশুধিয়া প্ৰচেষ্টা এইখিনিতে প্ৰনিধানযোগ্য। তেখেতৰ অনুৰোধতে ভাৰতীয় ভাষা সংস্থানৰ ড. জৱাহৰলাল হাণ্ডু, ড. হংসৰাজ দুৱা আৰু সঞ্চালক ড. দেৱী প্ৰসন্ন পট্টনায়কে আবিলেকৰ পূৰ্ণাংগৰূপৰ পৰিকল্পনা ও নীতি নিৰ্দ্দেশনা প্ৰস্তুত কৰে। ২৭ ডিচেম্বৰ ১৯৮৯ চনত Societies Registration Act 1860  ৰ অধীনত Society  হিচাবে ABILAC ক পঞ্জীয়নভুক্ত কৰা হয়।আবিলেকে নিজাববীয়াকৈ আৰু কিছু মাটি ক্ৰয় কৰাৰ পাচত বৰ্তমান প্ৰায় দহ বিঘা মাটিৰে  ব্ৰহ্মপুত্ৰৰ পাৰত এটি মনোৰম চৌহদেৰে আবিলেক এটি পূৰ্ণাঙ্গ গৱেষণা প্ৰতিষ্ঠান।

আবিলেকৰ গঠন ও পৰিচালনা

আবিলেক পৰিচালনাৰ নিমিত্তে অসম সাহিত্য সভাকে ধৰি অসমৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা, বিভিন্ন চৰকাৰী বিষয়া আৰু ৬ জন মনোনীত বিদগ্ধ পণ্ডিতক সামৰি এখন পৰিচালনা পৰিষদ গঠন কৰা হয়। অসমৰ শিক্ষামন্ত্ৰী এই পৰিচালনা পৰিষদৰ পদেন সভাপতি। তাৰোপৰি পৰিচালনা পৰিষদৰ উপ-সভাপতিজনক সভাপতিৰূপে লৈ চাৰিজন পণ্ডিত ব্যক্তি আৰু শিক্ষা বিভাগৰ আয়ুক্ত সচিবক সদস্য হিচাবে লৈ এখন কাৰ্য্যকৰী সমিতিয়ে আবিলেকৰ কাম-কাজৰ দিক দৰ্শন কৰে। উক্ত দুয়োখন কমিটিতে আবিলেকৰ সঞ্চালকে সদস্য সচিব হিচাবে কাৰ্য্য নিৰ্বাহ কৰে। বিদ্যায়তনিক গাথনিত আবিলেক মূলতঃ ৫ টা বিভাগেৰে গঠিত – ভাষা আৰু ভাষাতত্ব, সাহিত্য আৰু অনুবাদ, লোক-সংস্কৃতি আৰু মৌখিক পৰম্পৰা, সংগীত, কলা ও সংস্কৃতি আৰু সংস্কৃত কোষ।

বিদ্যায়তনিক পদক্ষেপসমূহ ও গবেষণা

৬টা খণ্ডত অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণয়নৰ উদ্যোগ সংস্থাৰ তৰফৰপৰা লোৱা এটা উল্লেখযোগ্য প্ৰকল্প। বৰ্ত্তমানলৈকে ৩টা খণ্ডই প্ৰকাশৰ মুখ দেখাৰ লগতে বাকী তিনিটা খণ্ডৰ কামো অন্যান্য বিভাগীয় কামৰ লগতে কৰি থকা হৈছে। অসমৰ বিভিন্ন  জনগোষ্ঠীয় ভাষাসমূহৰ পৰিবৰ্ধন, উন্নয়ন ও সংৰক্ষণৰ বাবে সংস্থাই ত্ৰিভাষিক অভিধানৰ কাম হাতত লয়। ইতিমধ্য মিচিং-অসমীয়া-ইংৰাজী অভিধানখনে প্ৰকাশৰ মুখ দেখাৰ লগতে, বড়ো-অসমীয়া-ইংৰাজী অভিধান, ডিমাচা-অসমীয়া-ইংৰাজী অভিধান, কাৰবি-অসমীয়া-ইংৰাজী অভিধান, নেপালী-অসমীয়া-ইংৰাজী অভিধান, টিৱা-অসমীয়া-ইংৰাজী অভিধান, ৰাভা-অসমীয়া-ইংৰাজী অভিধান ইত্যাদি প্ৰণয়নৰ কাম বিভিন্ন পৰ্য্যায়ত চলি আছে। সংস্থাই সাহিত্য অকাডেমীৰ সৈতে যুটীয়াভাবে, সৰ্বভাৰতীয় সাধুকথা কেইবাটাও জনগোষ্ঠীয় ভাষালৈ অনুবাদ কৰোৱাই প্ৰকাশৰ ব্যৱস্থা কৰিছে।

গৱেষণাৰ দিশত জন্মলগ্নৰেপৰাই সংস্থাই যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। ১৯৯১ চনৰ পৰাই গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এম্ ফিলৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৩টাকৈ জলপানি সংস্থাৰ তৰফৰ পৰা আগবঢ়াই আহিছে। ডক্টৰেট ডিগ্ৰীৰ বাবেও সংস্থাই সময়ে সময়ে ছাত্ৰ বৃত্তি প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ১৭।৬।৯৫ চনত সংস্থাক এটি গৱেষণা প্ৰতিষ্ঠান হিচাবে স্বীকৃতি প্ৰদান কৰে। এইখিনিতে উনুকিয়াব পাৰি যে বৰ্ত্তমান অসমৰ শিক্ষামন্ত্ৰী তথা আবিলেকৰ পৰিচালনা পৰিষদৰ সভাপতি ড. হিমন্ত বিশ্ব শৰ্ম্মাৰ উদ্যোগত আবিলেকৰ এখন গৱেষণা পৰিষদ গঠন কৰা হৈছে। উক্ত গৱেষণা পৰিষদৰ জৰিয়তে অসমৰ ভাষা-কলা-সংস্কৃতিৰ জগত খনত ব্যাপক হাৰত গৱেষণা কৰিবৰ নিমিত্তে পৰিকল্পনা লোৱা হৈছে আৰু এই পৰিকল্পনাৰ আধাৰতে চলিত বৰ্ষৰ পৰাই গৱেষণা কাৰ্য্যৰ বাবে বৃত্তি প্ৰবৰ্ত্তন কৰাৰ ব্যৱস্থা কৰা হৈছে।

প্ৰকাশনৰ দিশতো সংস্থাই বিশেষভাবে মনোনিবেশ কৰি আহিছে। বৰ্ত্তমানলৈকে সংস্থাৰ তৰফৰ পৰা ৫০ খন গৱেষণাধৰ্মী আৰু অনুদিত গ্ৰন্থ প্ৰকাশ কৰা হৈছে।

দেশী ও বিদেশী বিভিন্ন বিদ্যায়তনিক অনুষ্ঠান ও প্ৰতিষ্ঠানৰ লগত থকা সংস্থাৰ বিদ্যায়তনিক যোগাযোগ এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, মণিপুৰ বিশ্ববিদ্যালয়, সাহিত্য অকাডেমী, অসম সাহিত্য সভা, ফিনলেণ্ডৰ হেলচিংকী বিশ্ববিদ্যালয়, গ্ৰীচৰ এথেন্স বিশ্ববিদ্যালয়, চাৰ্বিয়াৰ নাভিচাদ বিশ্ববিদ্যালয় ইত্যাদিত অনুষ্ঠিত কৰ্মশালা ও আলোচনা চক্ৰত সংস্থাৰ বিষয়ববীয়াৰ অংশগ্ৰহণ ও গৱেষণাপত্ৰৰ পাঠ প্ৰণিধানযোগ্য।

জীৱনজোৰা সাধনা বঁটা

পণ্ডিত প্ৰৱৰ আনন্দৰাম বৰুৱাৰ পবিত্ৰ স্মৃতিত অসম চৰকাৰৰৰ দ্বাৰা স্থাপিত স্বায়ত্ব শাসিত গৱেষণা প্ৰতিষ্ঠান আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাই(আবিলেক)প্ৰতি বছৰে একোজন পণ্ডিত ব্যক্তিক তেখেতৰ জীৱনজোৰা সাধনাৰ বাবে আনন্দৰাম বৰুৱা বঁটা আগ বঢ়াই আহিছে। সংস্কৃত অধ্যয়ন, ভাষাতত্ব, সাহিত্য, কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত উচ্চ মানৰ পাণ্ডিত্যৰ স্বীকৃতি স্বৰুপে এই বঁটা প্ৰদান কৰা হয়। নগদ মাননী আৰু এখন মানপত্ৰ সম্বলিত এই বঁটা অসমীয়া গৱেষণা ক্ষেত্ৰ খনত এক উল্লেখযোগ্য বঁটাৰূপে সৰ্বজন স্বীকৃত।

অনুষঙ্গ

আনন্দৰাম বৰুৱাৰ পূণ্য স্মৃতি বিজড়িত এই সংস্থাই আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ নিমিত্তেও নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনন্দৰাম বৰুৱাৰ স্মৃতিফলক খন কলিকতা বিশ্ববিদ্যালয়ত পুনৰ স্থাপন আৰু কলিকতাস্থ এ.এছ.এল. ক্লাবৰ সহযোগত আনন্দৰাম বৰুৱাৰ প্ৰতিচ্ছবি এখন স্থাপনত সংস্থাই আগভাগ লৈছে। আনন্দৰাম বৰুৱাৰ নামত অসমীয়া ছাত্ৰ সন্মিলনৰ দানেৰে গঠন কৰা এটা পুঁজিৰে, কলিকতা বিশ্ববিদ্যালয়ত সংস্কৃত বিষয়ত শ্ৰেষ্ঠ গৱেষণা পত্ৰৰ বাবে প্ৰতি ২ বছৰৰ মূৰে মূৰে এটি সোণৰ পদক দিয়াৰ ব্যৱস্থা প্ৰচলিত আছিল। ১৯১৮ চনৰে পৰা প্ৰচলিত ১১০০ টকাৰ পুঁজিৰ সুতেৰে এই সোণৰ পদক দিব নোৱাৰা হোৱাত কলিকতা বিশ্ববিদ্যালয়ে এই পদকটো স্থগিত ৰাখিছিল। ২০১০ চনত সংস্থাৰ তৰফৰপৰা পদকটো পুনৰ প্ৰৱৰ্ত্তন কৰাৰ বাবে কলিকতা বিশ্ববিদ্যালয়ক অনুৰোধ জনোৱা হয়। কমপক্ষেও ৩ লাখ টকা সেই পুঁজিত যোগ দিব পাৰিলেহে পদকৰ পুনৰ প্ৰৱৰ্ত্তন সম্ভৱ বুলি বিশ্ববিদ্যালয় কৰ্ত্তৃপক্ষই জনোৱাত, সংস্থাই অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ক উক্ত পুঁজিৰ যোগান ধৰিবৰ নিমিত্তে অনুৰোধ জনায়। বিভাগীয় মন্ত্ৰীমহোদয়ে সংস্থাৰ আগ্ৰহৰ প্ৰতি পূৰ্ণ সমৰ্থন প্ৰদান কৰি আছুটীয়াকৈ এটি পুঁজি মোকোলাই দিয়ে আৰু চলিত বৰ্ষৰ পৰাই কলিকতা বিশ্ববিদ্যালয়ৰ আনন্দৰাম বৰুৱা সোণৰ পদকৰ পুনৰ প্ৰৱৰ্ত্তন হয়।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate