অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ শিক্ষা ব্যৱস্থা, তথ্য আৰু জ্ঞান

আমাৰ শিক্ষা ব্যৱস্থা, তথ্য আৰু জ্ঞান

পৃথিৱীৰ প্ৰায় সকলো দেশৰে চৰকাৰ বিলাকে গুৰুত্ব দিয়া বিষয় এটা হৈছে শিক্ষা সংস্কাৰ | দেশৰ জনতাক শিক্ষিত কৰি তুলি দেশখনক সামগ্ৰিক ভাৱে উন্নত কৰিব লাগে আৰু শিক্ষা সংস্কাৰ নীতি বিলাকৰ মূল লক্ষ্য সেইটোৱেই | কিন্তু সঁচা অৰ্থত ’শিক্ষিত’ মানুহ নতুন শিক্ষা নীতি সমূহে গঢ় দিব পাৰিছেনে ?

এই কথাতো সাধাৰনভাবে চাবলৈ চেষ্টা কৰিছো, পাৰিসংখ্যিক ভিত্তিত নহয় |

আজিৰ দিনত পৃথিৱীৰ যিকোনো ঠাইত ঘটা এটা ঘটনা আমি হাজাৰ মাইল দূৰত থাকিও মূহুৰ্তৰ ভিতৰতে পাব পাৰোঁ | ইমান খৰতকীয়া আমাৰ তথ্য প্ৰযুক্তি | মলয়ালম মানুহ এজনে ওনমৰ দিনা কি পাৰম্পৰিক খাদ্য গ্ৰহন কৰে কোনোবাই মোক সুধিলে মই এক মূহুৰ্ততে বিছাৰি উলিয়াই দিব পাৰোঁ, উলান-বাটোৰত কেনে ধৰনৰ গছ গছনি পোৱা যায়, আপোনাক তাৰ উত্তৰ দিয়াটো দুটা মাথোঁ মাউছ ক্লিকৰ কাম মোৰ বাবে | কিন্তু এই যে মই এক মূহুৰ্ততে হাজাৰ নজনা কথা বিচাৰি উলিয়াই দিব পাৰোঁ, ই মোৰ জ্ঞানৰ পৰিচয় দিয়ে জানো ?

আমি আমাৰ সুবিধাৰ্থে ইন্টাৰনেট নামৰ এই বিয়াগোম তথ্য ভাণ্ডাৰতো বনাই লৈছো, যেতিয়াই মন যায় ব্যৱহাৰ কৰিবৰ বাবে | কিন্তু দেখা গৈছে যে প্ৰায়বিলাক ক্ষেত্ৰতে ই আমাৰ জ্ঞান পিপাসু মনটোৰ হত্যা কৰি পেলাইছে | ইচ্ছা কৰিলেই ব্ৰাউজাৰ খুলি পৃথিৱীৰ যিকোনো এটা উত্সৱত যোগ দিব পৰা হৈছো, কি দৰকাৰ ডাঙৰ ডাঙৰ কিতাপ পঢ়ি মানৱ নৃতত্ত্ব জনাৰ ? এই মানসিকতা আমাৰ মাজত বেছিকে শিপোৱা যেন হে লাগে | কিবা এটা কথা আলোচনা কৰিবলৈ গৈ মই থমকি ৰওঁ, কাৰণ যাৰ লগত কথাটো আলোচনা কৰিম বুলি গৈছিলো, তেওঁ উদ্ধৃতি দিয়ে ইন্টাৰনেটৰ | “গুগল ইজ ইয়’ৰ বেষ্ট ফ্ৰেণ্ড”- কথাষাৰ শুনি শুনি আমনি লাগি গৈছেগৈ | আমি সৰুতে আকৌ শুনিছিলো কিতাপ হে মানুহৰ সঁচা বন্ধু বুলি !

কিন্তু, ইন্টাৰনেট আৰু তাত উপলব্ধ তথ্য বিশ্বাসযোগ্য নহয় নে কি ? মোৰ কিতাপ কিনিবলৈ পইচা নাই, মই ইন্টাৰনেটৰ মাধ্যমেৰে বিষয় এটাৰ ওপৰত জ্ঞান আহৰন কৰোঁ – এইটো বেয়া কথা নেকি ? নহয়, এই ধৰনাটোও ভূল | এটা বস্তু ভাল নে বেয়া সেই কথাতো নিৰ্ভৰ কৰে তাৰ ব্যৱহাৰৰ ওপৰত | আমি এটা কথা মনত ৰখা উচিত যে ইন্টাৰনেট এতিয়া লৈকে এক তথ্য ভাণ্ডাৰেই হৈ আছে, ইয়াক এক বিশ্বাসযোগ্য জ্ঞানৰ ভৰাল হিচাপে তৈয়াৰ কৰাৰ চেষ্টা চলিহে আছে, সফল হোৱাগৈ নাই | ইয়াৰ এক ডাঙৰ কাৰণ হ’ল ইন্টাৰনেট এখন ভাৰ্চুৱেল পৃথিৱী, ইয়াত যিকোনো মানুহেই যিকোনো ৰূপ লৈ যিকোনো কথা তথ্য ভুক্ত কৰিব পাৰে | তথ্যই যাতে উদ্ভত ৰূপ নলয়, সেইটো নিশ্চিত কৰিবৰ বাবেও মানুহ থাকে | কিন্তু ইন্টৰনেটত তথ্য প্ৰবাহৰ গতি আমি ভবাতকৈ বহুত বেছি, সকলো সময়তে তথ্যৰ বিকৃতকৰন বন্ধ কৰাতো ইয়াত সম্ভবেই নহয় আৰু সেয়েহে ইয়াত যিমান ভাল তথ্য উপলব্ধ, সিমানেই বেয়া তথ্যও উপলব্ধ | আমাৰ দায়িত্ব হ’ল বেয়াখিনি বাদ দি ভাল খিনি লোৱা | কিন্তু বেয়া ভালৰ মাজত আমি পাৰ্থক্যটো কেনেকৈ জানিম ?

এইখিনিতেই শিক্ষা আৰু জ্ঞানৰ প্ৰয়োজনীয়তা আহি পৰে ! মানুহ এজনে ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য জানিবলৈ প্ৰথমেই জ্ঞানী হ’ব লাগিব | জ্ঞানী মানে ইয়াত ন’বেল বঁটা পোৱা ধৰনৰ জ্ঞানৰ কথা কোৱা নাই | মানুহ এজন যদি নিজৰ আবেগেৰে পৰিচালিত নহৈ নিজৰ মগজুৰে পৰিচালিত হয়, তেওঁ জ্ঞানী | এনে মানুহে কিবা কথা নাজানিব পাৰে, কিন্তু জনা মানুহ এজনে তেওঁক বুজাই দিলে বুজে, কিন্তু আবেগেৰে পৰিচালিত মানুহ এজনক কথা এটা বুজাই দিলেও তেওঁ মানি ল’বলৈ টান পায় | আবেগ মানুহৰ বাবে দৰকাৰী বস্তু, কিন্তু ই মানুহক পৰিচালনা কৰাৰ মুখ্য শক্তি হৈ পৰিলে বিপদ আহে | বেয়া শক্তিবোৰে এনে মানুহক সহজেই বশ কৰিব পাৰে আৰু ইয়েই জন্ম দিয়ে বিভিন্ন সমস্যাৰ | আজিৰ পৃথিৱী খনত ইন্টাৰনেট আৰু আবেগ মিলি এক নতুন ধৰনৰ সমস্যাই দেখা দিছে | কাৰোবাৰ কাৰনে এই ইণ্টাৰনেট আৰু আবেগৰ সমীকৰণটোৱে আনি দিছে মিলিয়ন ডলাৰৰ বেংক বেলেন্স, কাৰোবাৰ কাৰণে ই আনিছে হতাশা আৰু কাৰোবাৰ কাৰণে আনি দিছে অসীম শক্তি | আমি সাৱধান হোৱাতো ভাল |

এই যে আবেগতকৈ মগজুক আগস্থান দিব লাগে কেতবোৰ কথাত, এই খিনি এজন মানুহে শিকে যদিহে তেওঁ ভাল এক শিক্ষা পদ্ধতিৰ মাজেৰে আহিছে | আজিৰ শিক্ষা ব্যৱস্থাই আমাক সেই খিনি জ্ঞান ল’বলৈ বাধ্য কৰিব পাৰিছেনে ? এই প্ৰশ্নটোৱেই হ’ল মূল কথা | “আজিৰ শিক্ষা ব্যৱস্থাই আমাক সেইখিনি জ্ঞান আহৰণৰ সুযোগ দিছেনে ?” – এই কথাটো যিমান গুৰুত্বপূৰ্ণ তাতকৈ বেছি গুৰুত্বপূৰ্ণ কথা এইটোহে যে শিক্ষা মানেই হ’ল জ্ঞান আহৰনৰ সুযোগ, কিন্তু শিক্ষা ব্যৱস্থাই জ্ঞান ল’বলৈ মানুহক বাধ্য কৰিব পাৰিব লাগিব |

এজন ল’ৰা বা এজনী ছোৱালীয়ে আজিকালি ৪ বছৰ বয়সৰপৰা শিক্ষা ব্যৱস্থাটোত সোমাই পৰে | স্কুল, টিউশ্যন, হ’মৱৰ্ক, প্ৰজেক্ট – আৰম্ভ হৈ যায় | সেই খিনিতে বোধহয় সমস্যা এটা আছে, ইমান সোনকালে কি কৰিবলৈ শিশু এটাক স্কুলত দিব লাগে ? আৰু দিলেও দিলে, ইমান পৰীক্ষামূখী কিয় কথাবোৰ ? ৰাতিপুৱাৰেপৰা ৰাতিলৈকে এক ৰুটিন মাফিক জীৱন ইমান সৰুতে, এই কথাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় | কিয়নো শৈশৱত মানুহে আটাইতকৈ বেছি কথা শিকে, গতিকে এই সময় খিনিত যিমান পাৰি বেলেগ বেলেগ ধৰনৰ মানুহ, পৰিৱেশ আদিৰ লগত এটি শিশুৱে চিনা জনা হ’বলৈ পালে মোৰ বোধেৰে সি আটাইতকৈ বেছি কথা শিকিব | তাৰ পৰিৱৰ্তে আমি এখন ৰুটিনৰ ভিতৰত সীমাবদ্ধ কৰি থ’বলৈ বাধ্য আজিৰ শিশুৰ জীৱন |

তাৰ পিছত আৰম্ভ হয় পৰীক্ষা কেন্দ্ৰিক এক শিক্ষা পদ্ধতি – পৰীক্ষাত কি কি প্ৰশ্ন আহিব পাৰে সেই লৈ বেছি চিন্তা, কাৰণ বেছি নম্বৰ পাবই লাগিব | টিউশ্যন, কমন প্ৰশ্ন, ৰেফাৰেন্স বুক – ইমানেই | ইফালে আকৌ পৰীক্ষা পাতে সকলোকে পাছ কৰাবলৈ | সামঞ্জস্যতো ক’ত ? এইবিলাকৰ মাজেদি এটি শিশুৱে গৈ কলেজ পাছ কৰেগৈ আৰু তাৰ পিছতেই আৰম্ভ হয় আন এক ডাঙৰ প্ৰশ্ন – “চাকৰি কৰিবলৈ কি পঢ়োঁ ?”

জীৱনবিলাক ইমান খৰতকীয়া কৰি দিয়া হৈছে যে এই “চাকৰি” বুলি কোৱা বস্তুটোৱে যে আমাৰ জীৱনৰ প্ৰথমছোৱাৰ প্ৰায় ২০-২৫ বছৰ সময়ৰ কাৰ্য্য-কলাপ নিয়ন্ত্ৰন কৰি থাকে, আমি সেই অমূল্য সময়খিনি পাৰ হৈ যোৱাৰ পিছতহে গম পাওঁ | আৰু যেতিয়া আমি কথাষাৰ গম পাওঁ, তেতিয়ালৈ আমাৰ দেৰি হৈ যায় | আৰম্ভ হয় এক হতাশাৰ, যি সকলো সময়তে আমাৰ লগত থাকে | এক কথাত কবলৈ গ’লে ইয়াৰ পিছত মনোবল বুলি কোৱা একো বস্তু নাথাকেগৈ আমাৰ মনত | আজিৰ যুৱ সমাজৰ বেছি ভাগৰে এইখনেই ছবি | আৰু এইখিনি মানুহক আবেগৰ দ্বাৰা পৰিচালিত কৰাতো তেনেই সহজ কাম | ইন্টাৰনেট আৰু সঁচা পৃথিৱী খনৰ বিয়াগোম শক্তি বিলাকৰ টাৰ্গেট হ’ল এই মানুহখিনি | কাৰন এওঁলোকে চাকৰি কৰিব পাৰে, আৰু এওঁলোকৰ আবেগ আছে, কিন্তু কিবা এটা ভাল বেয়াৰ বিচাৰ কৰাৰ শক্তি সীমিত আৰু প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ – বজাৰ অৰ্থনীতিৰ এক ধুনীয়া মক্কেল নহয় জানো এনে মানৱ সম্পদ বিলাক ? আৰু এনে লোকৰ সংখ্যা বহুত বেছি | “জেক অফ অল ট্ৰেডছ, মাষ্টাৰ অফ নান”…

ইয়াৰ মাজতো বহুতো জ্ঞানী মানুহ ওলায়, আৰু সেই কেইজন ওলায় কাৰনেই আমিবিলাকে এতিয়াও এক সামূহিক পৰিচয় লৈ থাকিব পাৰিছো | কথাটো হ’ল এই জ্ঞানী মানুহৰ সংখ্যাটো কেনেকৈ বঢ়োৱা যায় ? যিদিনা খনেই এই জ্ঞানী মানুহৰ সংখ্যাটো বঢ়া আৰম্ভ হ’ব, এক নতুন যুগৰ সুচনা হ’ব | আমি ইন্টাৰনেটক বিশ্বাসযোগ্য জ্ঞানৰ ভৰাল হিছাপে গঢ়ি তুলিব পাৰিম আৰু তাৰপৰা উপকৃত হ’ব উঠি অহা প্ৰজন্ম | আৰু তাৰ আৰম্ভনি কোনে কৰিব ?

কেলেই, আপুনি আৰু মই কি কৰিবলৈ আছো !!

মই এই কথাখিনি বুজিছো, তাৰ ওপৰত আৰু কোনোবাই মোক বুজাই দিলে বুজিব চেষ্টা কৰিম, গতিকে মই মোৰ পিছৰ প্ৰজন্মক মোৰ দৰে গঢ় দিব নোৱাৰিমনে ? আপুনিও নোৱাৰিবনে ? নিশ্চয় পৰা যায় | কোনোবাই কৈছিলে – সমাজত যিটো পৰিৱৰ্তন আনিবলৈ হাবিয়াস কৰা, প্ৰথমে নিজৰ মাজতে সেই পৰিৱৰ্তন আনা | গতিকে আপুনি মই আমাৰ পিছৰ প্ৰজন্মক চাকৰিৰ পিছত দৌৰা একো একোটা যন্ত্ৰৰ পৰিৱৰ্তে জ্ঞান পিপাসু এক মানৱ হিচাপে গঢ় দিবলৈ যত্ন কৰাত আপত্তি ক’ত ? শিক্ষা ব্যৱস্থাত কিবাকিবি গণ্ডগোল আছে আৰু সেইবিলাক ঠিক কৰিবলৈ মানুহে নিশ্চয় কাম কৰিব, কিন্তু আপোনাৰ মোৰ ল’ৰা ছোৱালীক কেনেদৰে গঢ় দিওঁ, শিক্ষা ব্যৱস্থাৰ পৰা কি গ্ৰহন কৰিবলৈ শিকাওঁ, সেইটো সম্পূৰ্ন আপোনাৰ মোৰ কথা নহয় জানো ?

তথ্য দেধাৰ আছে আমাৰ হাতত, কিন্তু সদায় মনত ৰখা ভাল – তথ্য তেতিয়াহে কামত আহে যেতিয়া সেই তথ্য নিৰপেক্ষ ভাৱে বিশ্লেষণ কৰি চাবলৈ আমাৰ ওচৰত যথেষ্ট জ্ঞান আছে | আৰু এই জ্ঞান আহৰন কৰাৰ প্ৰক্ৰিয়াটো এজন মানুহৰ মনত অংকুৰিত কৰিব পৰা যায় শৈশৱ কালতেই | খুব কম সংখ্যক শিশুৱেহে নিজে নিজে এই প্ৰক্ৰিয়াটোলৈ আকৃষ্ট হয়, আনবিলাকে অন্য এজন মানুহে দেখুৱাই নিদিয়ালৈকে এই কথাবিলাকলৈ আকৃষ্ট নহয় | গতিকে শিশুৰ অভিভাৱক হিচাপে আপোনাৰ দায়িত্ব এই ক্ষেত্ৰত আটাইতকৈ বেছি | স্কুলৰ কিতাপ পঢ়ক, কিন্তু তাৰ লগতে শিশুক চিনাকি কৰাই দিয়ক কিতাপৰ জগতখনৰ সৈতে | সাধ্য অনুসাৰে শিশুক প্ৰকৃতিৰ লগত চিনাকি কৰাই দিয়ক, নিজৰ পৰিয়ালৰ মানুহৰ লগত চিনাকি কৰাই দিয়ক | কম্পিউটাৰ ব্যৱহাৰ এইবিলাকৰ পিছত শিকাওক | ন’হ’লে আপুনি মই বুঢ়া হ’ম, ল’ৰাক ক’ম – “আজি শংকৰদেৱৰ তিথি নহয়, নামঘৰলৈ যাব লাগিছিল এপাক”; ল’ৰাই ছাৰ্ছ কৰি দুই ছেকেণ্ডত আপোনাক টেলিভিছন স্ক্ৰীনত দেখুৱাই দিব আপোনাৰ চাৰিওফালে থকা পাঁচটা নামঘৰৰ লোকেশ্যন আৰু ক’ব – “দেউতা/মা, এইকেইটা তোমাৰ অপশ্যন, মই অলৰেডী টেক্সী কনফাৰ্ম কৰি দিছো, পাঁচোটা লোকেশ্যন ইনক্লুড কৰি ক্ৰেডিট কাৰ্ড পেমেন্ট কৰা হৈ গৈছে, যিটো মন যায় গুছি যাবা | মোৰ অ’ফিছ পাৰ্টি এটা আছে…”

লিখক: মেদিনী নেওগ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate