অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলম আৰা

আলম আৰা

১৯৩১ চনৰ ১৪ মাৰ্চত মুক্তি লাভ কৰিছিল ভাৰতৰ প্ৰথমখন সবাক চলচিত্ৰ ‘আলম আৰা’। ইম্পেৰিয়েল মুভীটোনৰ বেনাৰত ছবিখন নিৰ্মাণ কৰিছিল আৰ্দেশিৰ ইৰাণীয়ে। মাষ্টাৰ বিথাল, জুবেইদা, সুশীলা আৰু পৃথ্বীৰাজ কাপুৰে অভিনয় কৰিছিল এই ছবিখনত। ‘আলম আৰা’ত অন্তৰ্ভূক্ত হৈছিল ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমটো গীত। অভিনেতা ৱাজিৰ মহম্মদ খানে কণ্ঠদান কৰা এই গীতটো আছিল ‘দে দে খুদা কে নাম পৰ’। সংগীত পৰিচালনা আছিল ফিৰোজ শ্বাহ এম মিস্ত্ৰী আৰু বি ইৰাণীৰ। মুঠতে ছবিখনত আছিল ৭ টা গীত।

১৮৮৬ চনৰ ৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰা আৰ্দেশিৰ ইৰাণীৰ প্ৰকৃত নাম হৈছে খান বাহাদুৰ আৰ্দেশিৰ ইৰাণী।১৯১৭ চনত নিৰ্বাক ছবি ‘নল দময়ন্তী’ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত প্ৰযোজকৰূপে আত্মপ্ৰকাশ কৰিছিল। ১৯২৪ চনত তেওঁ প্ৰতিষ্ঠা কৰে মেজেষ্টিক ফিল্মছ। ‘আলম আৰা’ৰ জৰিয়তে ভাৰতীয় ছবিজগতত নতুন যাত্ৰাৰ আৰম্ভণি কৰা ইৰাণীয়ে ১৯৩৪ চনত প্ৰথমখন ভাৰতীয় ইংৰাজী ভাষাৰ ছবি ‘নুৰজাহান’ নিৰ্মাণ কৰিছিল। কেৱল সেয়াই নহয়, ১৯৩৭ চনত তেওঁ ভাৰতৰ প্ৰথমখন ৰঙীন চলচ্চিত্ৰ ‘কিষাণ কানায়া’ও নিৰ্মাণ কৰে।

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বিশ্বযুদ্ধৰ মাজত আৰ্দেশিৰ ইৰাণীয়ে মুঠতে ১৮০ খন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ১৯৪৫ চনত তেওঁ নিৰ্মাণ কৰা অন্তিমখন ছবি আছিল ‘পূজাৰী’। ১৯৬৯ চনৰ ১৪ অক্টোবৰত ৮২ বছৰ বয়সত মুম্বাইত মৃত্যু হয় আৰ্দেশিৰ ইৰাণীৰ।

উল্লেখ্য যে ১৯১৩ চনত ভাৰতীয় চলচ্চিত্ৰৰ পিতৃপুৰূষ দাদা চাহেব ফাল্কেই নিৰ্মাণ কৰিছিল প্ৰথমখন নিৰ্বাক ছবি। এই ছবিখনৰ নাম আছিল ‘ৰাজা হৰিশ্চন্দ্ৰ’। ছবিখন্ত দট্ৰাত্ৰেয় দামোদৰ দাবকেই ৰাজা হৰিশ্চন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল। হৰিশ্চন্দ্ৰৰ পত্নী তাৰামতীৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা আনা ছালুংকেই। বহুতেই অৱশ্যে ১৯১২ চনৰ ১৮ মে’ত মুক্তি পোৱা দাদা চাহেব টৰ্ণেৰ ‘শ্ৰীপুণ্ডলিক’ নামৰ ছবিখনকো ভাৰতৰ প্ৰথম ছবি বুলি ক’ব বিচাৰে।

উৎসঃ দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate