অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আৱিষ্কাৰৰ আদিকথা-এলিভেটৰ

আৱিষ্কাৰৰ আদিকথা-এলিভেটৰ

ওখ ঘৰ বা অট্টালিকালৈ সহজে উঠা নমা কৰিবলৈ সাধাৰণতে যি যান্ত্ৰিক ব্যৱস্থাৰ সহায় লোৱা হয় তাক লিফট্ বা এলিভেটৰ বোলা হয়৷ ইয়াৰ বৃটেইনত লিফট্, ফ্ৰান্সত এছেনছিঅ’ৰ বোলে৷ এই যন্ত্ৰবিধৰ ধাৰণা প্ৰাচীন কালেই আছিল বুলি তথ্য পোৱা যায়৷ ফ্ৰান্সৰ ৰজা পঞ্চদশ লুইয়ে (১৭১০-১৭৭৪) ভাৰ্ছেইলেছ ৰাজপ্ৰসাদত উড়ন্ত চকীৰ ব্যৱহাৰ কৰিছিল বুলি জনা যায়; যিটোক আজিৰ লিফটৰ পৌৰাণিক ৰূপ বুলিব পাৰি৷

আধুনিক কাৰ্যদক্ষ আৰু সুৰক্ষিত লিফটৰ পেটেণ্ট ১৮৫১ চনত আমেৰিকাৰ আৱিষ্কাৰক ‘‘এলিছা গ্ৰেভছ ওটিছ’’এ লাভ কৰিছিল৷ তেওঁৰ ওটিছ ছেফটি এলিভেটৰখননত যাত্ৰী যাব পৰা বাহনখনত হাতোৰাৰ আকৃতিৰ সৰঞ্জামেৰে নপৰাকৈ ভৰি ৰখাৰ ব্যৱস্থা আছিল৷ তেওঁ ১৮৫৪ বৰ্ষত নিউয়ৰ্কৰ ক্ৰিষ্টেল পেলেছ এক্সপজিছনত লিফটৰ প্ৰথম প্ৰদৰ্শন কৰিছিল৷ তাৰ ছয় বছৰৰ পিছত তেওঁ নিজৰ পদ্ধতিটো কিছু সাল সলনি ক ৰি উন্নত কৰিছিল৷

বিশ্বৰ প্ৰথম যাত্ৰীৰ বাবে মুকলি লিফট ১৮৫৭ চনত নিউয়ৰ্কৰ ‘‘হগআউট ষ্টোৰ’’ত লগোৱা হৈছিল৷ ১৮৬৭ বৰ্ষত ফৰাছী বিজ্ঞানী ‘‘লিঅ’ন ফ্ৰান্সিছ এডো’’এ হাইড্ৰ’লিক কলম লিফটৰ আৱিষ্কাৰ কৰিছিল৷ এই লিফটত উলম্বভাৱে পানীৰ চাপৰ সহায়ত পিষ্টনৰ দৰে লিফটৰ কাম চলোৱা হৈছিল৷

১৮৮৭ বৰ্ষত ‘‘ছিয়েমেন আৰু হালস্কে’’ কোম্পানীয়ে লিফটৰ উঠা-নমাৰ বাবে বিদ্যুৎ শক্তি ব্যৱহাৰ কৰে৷ ১৮৯৪ চনত লিফট ছুইচৰ দ্বাৰা নিয়ন্ত্ৰণৰ ব্যৱস্থা সংলগ্ন কৰা হয় আৰু এইদৰে ক্ৰমশঃ বৰ্তমান অতি উন্নত, সুৰক্ষিত আৰু বেগী লিফটৰ যুগ চলিবলৈ ল'লে৷

আগবঢ়ালে: জোনালী, মহীৰূহ

শেহতীয়া উন্নীতকৰণ: : 6/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate