আগ কথা – এই লেখাটোত সাধাৰণ পাঠকক উদ্দেশি থুলমুলকৈহে তেনেই সহজ সৰল ভাষাত মূল বিষয় সম্পৰ্কে এটা আভাস দিবলৈ চেষ্টা কৰা হৈছে৷ বিষয়টো সম্পৰ্কে ভালকৈ জানিবলৈ এই লেখাৰ তলত দিয়া সংযোগৰ লগতে পাঠকে নিজা অনুসন্ধানৰ যোগেদিও পঢ়ে যেন।
“মহাকাশযানখন তীব্ৰ গতিত গৈ আছে পৃথিৱীৰ পৰা “ক” গ্ৰহলৈ৷ সেই গ্ৰহত কিছু পৰীক্ষা–নিৰীক্ষাৰ কাৰণে ইতিমধ্যে গৈবসতি কৰি থকা প্ৰথম প্ৰজন্মৰ মহাকাশযাত্ৰীসকলৰ পৰা অহা বিপদ সংকেত পোৱা মাত্ৰেই পৃথিৱীৰ পৰা এটা সুৰক্ষাবাহিনী পঠোৱা হৈছে৷ “ক” গ্ৰহ পাবলৈ এতিয়াও কিছুদিন বাকী৷ মহাকাশযানখনৰ সভাকক্ষত সুৰক্ষা বাহিনীৰ দলপতিককিছু চিন্তিত দেখা গৈছে৷ তেওঁৰ চাৰিওফালে থিয় হৈ আছে তেওঁৰ বিশ্বস্ত সৈনিকসকল৷ দলপতিয়ে উত্কণ্ঠাত কোঠাটোৰইফালৰ পৰা সিফালে পায়চাৰি কৰি আছে৷ তেনেতে কোঠাটোৰ স্বয়ংক্ৰিয় দুৱাৰখন খোল খাই গ’ল আৰু এজন সৈনিকভিতৰলৈ দৌৰি সোমাই আহিল৷”
কল্পকাহিনীৰ প্ৰতি আগ্ৰহীসকলৰ কাৰণে ওপৰত উল্লেখ কৰা পটভূমিৰ কথাখিনিৰ দৰে কাহিনী তেনেই অপৰিচিত নহয় কিজানি৷ এনে কল্পনাভিত্তিক কাহিনী বা কথাছবিত কিছুমান কথা তেনেই সহজভাবে দেখুওৱা বা লিখা হয়৷ যেনে ধৰক মহাকাশযান এখনত থকা মানুহবোৰে বৰ সহজেই যানখনত খোজ কাঢ়ি ফুৰে, যেন পৃথিৱীতহে আছে তেওঁলোক৷ কিন্তু আমি জনাত মহাকাশত মধ্যাকৰ্ষণ বল নাই বা অলপ অধিক শুদ্ধকৈ ক’বলৈ হ’লে, মহাকাশত এই বল ইমানেই সামান্য যে তাৰ প্ৰভাৱ আমি অনুভৱেই কৰিব নোৱাৰোঁ৷ “নাছা”ৰ দ্বাৰা উপলব্ধ তথ্যচিত্ৰবোৰতটো আমি মহাকাশযাত্ৰীসকলক ইমান আৰামতে চলা ফুৰা কৰা নেদেখোঁ৷ তেওঁলোকটো ওপঙিহে থাকে| তেন্তে এই কাহিনীবোৰত থকা মহাকাশযানবোৰত এই বল আহে ক’ৰ পৰা? কোনো কোনো কাহিনীত এই বলৰ উৎস হিচাপে কোৱা হয় কৃত্ৰিম মধ্যাকৰ্ষণ প্ৰযুক্তি বুলি এক ভৱিষ্যতৰ প্ৰযুক্তিৰ কথা৷ বাকী প্ৰায় সকলো কাহিনীতেই এই বিষয়ে বিশেষ একো কোৱা নহয়৷ অৰ্থাৎ কল্পনাৰ এই কহিনীবোৰত কৃত্ৰিম মধ্যাকৰ্ষণক ভৱিষ্যতৰ এক সহজলভ্য প্ৰযুক্তি বুলি কল্পনা কৰি লোৱা হয়৷ নকৰিবই বা কিয়! কল্পকাহিনী ভাল পোৱাসকলেতো আৰু অকল কৃত্ৰিম মধ্যাকৰ্ষণৰ কথাই ভাবি নাথাকে৷ ভাবিবলৈ আৰু বহুত কথা আছে৷ সেই কাৰণেইতো এইবোৰ কল্পকাহিনী, য’ত থাকে মানুহৰ ভৱিষ্যতৰ কল্পনাবোৰ৷
তেতিয়াহ’লে এতিয়া ভাবিবলগা কথাটো হ’ল কৃত্ৰিম মধ্যাকৰ্ষণ সঁচাকৈয়ে সম্ভৱপৰ নহয় নেকি বাৰু? মধ্যাকৰ্ষণৰ অভাৱত মহাকাশযাত্ৰীসকলে যে কেৱল খোজহে কাঢ়িব নোৱাৰে তেনে নহয়, শাৰীৰিকভাৱেও তেওঁলোকৰ সমস্যা হ’ব পাৰে৷ যেনে ধৰক তেওঁলোকৰ হাঁড় আৰু মাংসপেশী দুৰ্বল হ’ব পাৰে৷ গতিকে যদি কৃত্ৰিমভাৱে মহাকাশযানত মধ্যাকৰ্ষণৰ সৃষ্টি কৰিব পৰা যায়েই, তেন্তে আমাৰ মহাকাশযাত্ৰীসকলেনো মহাকাশত ইমান অসুবিধাত কিয় থাকিব লগা হয়?
সঁচাকৈয়ে প্ৰকৃতি বৰ অদ্ভুত৷ ইয়াৰ ৰহস্য যেন কেতিয়াও শেষেই নহ’ব৷ মধ্যাকৰ্ষণ বল, যাৰ প্ৰভাৱৰ হিচাপ নিকাচ মানুহে কেতিয়াবাই কৰি উলিয়ালে, বিজ্ঞানীসকলৰ মতেও সেই বলবিধৰ কথাই বোলে আমি সকলোতকৈ কমকৈ বুজি পাওঁ৷ মধ্যাকৰ্ষণ বলক যদি নিউটনৰ দিশৰ পৰা চোৱা যায়, ই এবিধ এনে বল যাৰ প্ৰভাৱত মহাকাশত থকা সকলো বস্তুৱে অনবৰতে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে, আৰু যাৰ আকৰ্ষণ বেচি সি আন এটা বস্তুক তাৰ আকৰ্ষণৰ সীমালৈ অহাৰ লগে লগেই নিজৰ দিশত টানি আনে৷ এই আকৰ্ষণ বলৰ পৰিমাণ নিৰ্ভৰ কৰে বস্তুটোৰ ভৰৰ ওপৰত৷ গতিকে পৃথিৱীৰ যদি মধ্যাকৰ্ষণ আছে, মানুহৰো আছে৷ কিন্তু পৃথিৱীৰ ভৰৰ তুলনাত যিহেতু মানুহৰ ভৰ তেনেই নগন্য, গতিকে আমি পৃথিৱীৰ মধ্যাকৰ্ষণৰদ্বাৰা অনবৰতে আকৰ্ষিত হৈ থাকোঁ৷ আনহাতে আইনষ্টাইনৰ দিশৰ পৰা চাবলৈ গ’লে, মধ্যাকৰ্ষণ বল হৈছে পদাৰ্থৰ ভৰে “স্থান-কালত (মহাকাশত?) সৃষ্টি কৰা ভাঁজ”ৰ পৰিণতিত হোৱা এটা “স্বাভাৱিক” বল (এহ!)৷ ভৰ যিমান বেচি, ভাঁজো সিমান বেচি আৰু পৰিণতিত বলো সিমানেই বেচি৷ পিচে, নিউটনৰ আকৰ্ষণ বা আইনষ্টাইনৰ “স্থান-কাল ভাঁজ বা বক্ৰতা”নো কিহৰ কাৰণে হয় সেইটো বুজাটোৱেই হৈছে আজিৰ তাত্বিক পদাৰ্থ বিজ্ঞানীসকলৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান৷ উত্তৰো কোনো কোনোৱে দিবলৈ চেষ্টা কৰিছে, যদিও এতিয়াও এই উত্তৰবোৰৰ শুদ্ধাশুদ্ধ নিৰ্ণয় কৰিব পৰা হোৱা নাই৷ গতিকে এই উত্তৰবোৰ এতিয়াও বৈজ্ঞানিক তত্ব হিচাপেই আছে, প্ৰামাণিক বিজ্ঞানৰ ৰূপ এতিয়াও ল’ব পৰা নাই৷
প্ৰকৃতিত যি চাৰিবিধ বলৰ বিষয়ে আমি গম পাইছো, তাৰে ভিতৰত মধ্যাকৰ্ষণ বলৰ প্ৰভাৱেই আমি অনবৰতে অনুভৱ কৰি থাকোঁ, ৰাতিপুৱাৰ পৰা গধূলিলৈকে৷ যি বলৰ কাৰণে আমি এই ধৰাৰ লগত মিলি থাকোঁ, খোজ কাঢ়িব পাৰোঁ, সেই বলৰ আতি-গুৰি কিন্তু আমি এতিয়াও নাজানো৷ জনা হ’লে হয়তো কিবা প্ৰকাৰে মহাকাশযানতো পদাৰ্থৰ ধৰ্মৰ কিবা সালসলনি কৰি মধ্যাকৰ্ষণৰ সৃষ্টি কৰিব পৰা গ’লহেঁতেন (এইটোও পিচে এটা কল্পনাহে দেই!)৷ পিচে এনে প্ৰযুক্তি ইতিমধ্যে আৱিষ্কৃত হৈছে বুলি আমি এতিয়ালৈকে নাজানো৷
মধ্যাকৰ্ষণ বলৰ “সৃষ্টি” কৰিব নোৱাৰিলো বুলিয়েই যে আমি মধ্যাকৰ্ষণৰ দৰে প্ৰভাৱৰ সৃষ্টি কৰিব নোৱাৰোঁ তেনে নহয়৷ অন্তত: তাত্ত্বিকভাৱে এনে কৰিব পৰা যায় বুলি বিজ্ঞানীসকলে কল্পনা কৰে৷ আৰু এনে তাত্ত্বিক বিশ্বাস বা কল্পনাৰ মূলতেই হ’ল দুটা পৰিঘটনা৷ তাৰে এটা হ’ল অভিকেন্দ্ৰিক-অপকেন্দ্ৰিক বলৰ যুটি আৰু আনটো হ’ল সৰলৰৈখিক ত্বৰণ৷
মটৰ গাড়ী, দুচকীয়া মটৰ বা চাইকেলেৰে জোৰে জোৰে বৃত্তাকাৰে ঘূৰি পোৱাসকলে অপকেন্দ্ৰিক বলৰ অভিজ্ঞতা নিশ্চয় লাভ কৰিছে৷ সেই যে ঘূৰি থাকোঁতে কিহবাই বাহিৰলৈ ঠেলিব খোজা বলবিধ, সেইয়াই হৈছে অপকেন্দ্ৰিক বল৷ অভিকেন্দ্ৰিক বল হৈছে সেই বল যি বলৰ জৰিয়তে বস্তু এটাক বৃত্তাকাৰে ঘূৰোৱা হয়৷ নাইবা এইদৰেও ক’ব পাৰি যে পোনাই গৈ থকা বস্তু এটাক যদি বৃত্তাকাৰ পথ এটাত চলাবলগীয়া হয়, তেনেহ’লে তাৰ ওপৰত সেই বৃত্তটোৰ কেন্দ্ৰৰ পিনে ঠেলাকৈ বল এটা পেলাব লাগিব যাতে সি পোনাই গতি কৰি থাকোঁতে বাৰে বাৰে সেই কেন্দ্ৰটোৰ ফালে আকৰ্ষিত হোৱা কাৰণে বৃত্তাকাৰে ঘূৰিবলৈ বাধ্য হয়৷ এতিয়া এনেকৈ ঘূৰোঁতে আপুনিও যদি সেই ঘূৰি থকা বস্তুবিধৰ লগতে লাগি থাকে, যেনে ধৰক ঘূৰি থকা চাইকেল এখনত বহি থাকে, তেন্তে আপোনাক কিহবাই বাহিৰলৈ ঠেলা যেন অনুভৱ হ’ব (অৱশ্যে গতি অলপ বেচি হ’ব লাগিব অনুভৱটো পাবলৈ) আৰু সেইবিধ বলেই হৈছে অপকেন্দ্ৰিক বল। মেলা, চাৰ্কাচ আদিত যে ডাঙৰ কুঁৱা এটাত দুচকীয়া মটৰ বা কেতিয়াবা গাড়ীও ঘূৰাই মানুহবোৰে, এই অপকেন্দ্ৰিক বলৰ কাৰণেই তেনে কৰিব পাৰে৷ নহ’লে বাহনখন ঘূৰি থকাৰ সলনি পৰি যাব লাগিছিল৷ কিন্তু বাহনখনৰ যি স্বাভাৱিক জড়তা, মানে গাড়ীখনক যি কেন্দ্ৰমুখী বলে ঘূৰাব বিচাৰে তাৰ প্ৰতিক্ৰিয়া (বাহনখনে ঘূৰাৰ সলনি পোনাই যাব বিচাৰে) হিচাপে যি বিপৰীতমুখী বলৰ সৃষ্টি হয় (নিউটনৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ তৃতীয় সূত্ৰ), সেই বলেই বাহনখনক পৰি যোৱাৰ সলনি কুঁৱাটোৰ বেৰখনত লগাই ৰাখে (আৰু কিছু কথা আছে – যেনে ঘৰ্ষণ, মধ্যাকৰ্ষণৰ দিশ আদি৷ পিচে ইমান গভীৰলৈ গৈ এই বিষয়ে আলোচনা কৰাটো এই লেখাৰ উদ্দেশ্য নহয়)৷ গতিকে, একেবাৰে সৰল ভাষাত কবলৈ হ’লে, যদি কিবা বলে আপোনাক বৃত্তাকাৰ পথত ঘূৰাবলৈ সেই বৃত্তৰ কেন্দ্ৰৰ পিনে টানিব বিচাৰে, তেন্তে তাৰ প্ৰতিক্ৰিয়া হিচাপে আপোনাক সেই বলৰ বিপৰীত দিশে এটা বলে ঠেলিব বিচাৰে৷
এতিয়া মহাকাশযানৰ কথালৈ আহোঁ৷ ধৰি লওক আপুনি ঘূৰণীয়া মহাকাশযান এখনৰ ভিতৰত তাৰ বেৰত লাগি আছে আৰু হঠাতে যানখনৰ বেৰখন ঘূৰিবলৈ আৰম্ভ কৰিলে৷ যানখনৰ বেৰখন ঘূৰা মানে যানখনৰ বেৰখনক কিবা বলে (অভিকেন্দ্ৰিক বল) তাৰ কেন্দ্ৰৰ পিনে টানি টানি ঘূৰণীয়াকৈ ঘূৰাব বিচাৰিছে৷ গতিকে সেই যানখনৰ বেৰত লাগি থকা আপোনাক আৰু লগতে প্ৰতিটো বস্তুকে আন এবিধ বলে বিপৰীত দিশত অৰ্থাৎ যানখনৰ বেৰখনৰ দিশত ঠেলিব বিচাৰিব আৰু আপুনি যানখনৰ বেৰত লাগি ধৰিব, ঠিক যেন পৃথিৱীত মাটিৰ লগতহে লাগি আছে৷ এতিয়া যানখনৰ বেৰখন হৈ পৰিব আপোনাৰ “তল” আৰু আৰু যানখনৰ ভিতৰখন আপোনাৰ “ওপৰ”৷ তেনেই সহজ নহয়নে? তেতিয়াহ’লেনো, বিজ্ঞানীসকলে এই উপায়েৰেই মহাকাশযাত্ৰীসকলক অলপ সকাহ নিদিয়ে কিয়? কথাটো আচলতে আমি ভবাৰ দৰে ইমান সহজ নহয়৷ সহজ কথাবোৰ বাস্তৱত ৰূপায়ন কৰাটো প্ৰায়েই কঠিন৷ এনে কৰোঁতে আপুনি ঘূৰি ঘূৰি যি অসুবিধাৰ সন্মুখীন হ’ব, মানে বমি কৰি আপোনাৰ অৱস্থা বেয়া হ’ব, তাতোকৈ বেচি অসুবিধা হ’ব ইমান ডাঙৰ যান এখন বনোৱাটো৷ ডাঙৰ যান কিয় লাগে? কাৰণ যানখন যিমান সৰু হ’ব, আপোনাক তাৰ বেৰত লগাই ৰাখিবলৈ সিমানেই বেচিকৈ তাক ঘূৰাব লাগিব৷ যিমানেই বেচিকৈ যানখন ঘূৰিব, আপুনি সিমানেই বেচি বমি কৰিব আৰু লগতে যানখনত লাগি থকা আপোনাৰ ভৰি কেইটাৰ ওপৰত যিমান বল পৰিব, তাৰ লগত লাগি নথকা আপোনাৰ মূৰটোৰ ওপৰত তাতকৈ কম বল পৰিব আৰু আপোনাৰ বমিৰ সমস্যাতকৈও ডাঙৰ সমস্যা৷ গতিকে আপোনাৰ যানখন ইমান ডাঙৰ হ’ব লাগিব যে তাক কমকৈ ঘূৰালেও যাতে আপুনি তাৰ বেৰত লাগি থাকিব পাৰে আৰু ইমানবোৰ অসুবিধাৰ সন্মুখীন নহয়৷ কিমান ডাঙৰ? মহাকাশত থকা আন্ত:ৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰতকৈও বহুগুণে ডাঙৰ৷ ইমান ডাঙৰ যে তাক বনাবলৈ পৃথিৱীৰ পৰা ইমানবোৰ বস্তু মহাকাশলৈ বাৰে-বাৰে যানেৰে কঢ়িওৱাটো বৰ খৰচী কাম হ’ব৷ বহুত বহুত খৰচী৷ ইমান ডাঙৰ যে তেনে এখন ডাঙৰ যান পৃথিৱীতে বনাই মহাকাশত পঠাবলৈ বহুত শক্তিৰ প্ৰয়োজন হ’ব৷ বহুত বহুত শক্তি৷ গতিকে সদ্যহতে এই উপায়টো কামত খটাব নোৱাৰি৷
আন এটা উপায় হ’ল সৰলৰৈখিক ত্বৰণ৷ ত্বৰণ মানে হ’ল একে গতিতে নগৈ, গতি বাঢ়ি গৈ থকাটো৷ সৰলৰৈখিক ত্বৰণ মানে হ’ল পোন দিশত হোৱা ত্বৰণ৷ গাড়ী এখন হঠাতে চলি যাওঁতে আপুনি যদি তাত বহি থাকে, পিচলৈ গৈ গাড়ীখনৰ আসনত লাগি যোৱাৰ নিচিনা নালাগেনে? গাড়ীখন ৰৈ আছিল, আৰু আপুনিও ৰৈ আছিল, আৰু গাড়ীখনে হঠাতে গতি কৰোঁতে আপোনাৰ দেহৰ গতিও গাড়ীখনৰ আসনৰ লগত লাগি গাড়ীখনৰ গতিৰ সমান নোহোৱালৈকে আপোনাৰ দেহটো আগৰদৰেই ৰখি থাকিব বিচাৰে (স্থিতি জড়তা)৷ গতিকে আপোনাক কিহবাই পিচলৈ ঠেলা যেন অনুভৱ হয়৷ যেতিয়াই আপোনাৰ দেহে গাড়ীখনৰ সমান গতি লাভ কৰে, তেতিয়াই এই ঠেলা ঠেলা যেন লগা ভাবটো নাইকিয়া হয়৷ কিন্তু গাড়ীখনে যদি এক নিৰ্দিষ্ট গতিতে নাথাকি, অনবৰতে গতি বঢ়ায়েই থাকে তেন্তে আপুনিও অনবৰতে কিহবাই আপোনাক গাড়ীখনৰ আসনৰ দিশত ঠেলি থকা যেন অনুভৱ কৰিব৷ এতিয়া কল্পনা কৰক আপুনি গাড়ীৰ সলনি এখন মহাকাশযানত বহি আছে যি অনবৰতে তাৰ গতি বঢ়ায়েই আছে বা ত্বৰণত গতি কৰি আছে৷ যানখন যদি মহাকাশত পোনাই গৈ আছে তেন্তে আপুনি তাৰ গতিৰ বিপৰীত দিশৰ বেৰত লাগি ধৰিব, কাৰণ আপোনাৰ জড়তাৰ কাৰণে আপুনি অনবৰতে কিহবাই আপোনাক তাৰ বেৰৰ পিনে ঠেলা যেন অনুভৱ কৰিব৷ হৈ গ’ল আপোনাৰ কৃত্ৰিম মধ্যাকৰ্ষণৰ সৃষ্টি৷ তেনেই সহজ৷ পিচে এই সহজ কামটোতেই জেলেপিৰ পাকটো হ’ল এয়ে যে বৰ্তমান মহকাশ যানবোৰক পৃথিৱীৰ মধ্যাকৰ্ষণৰ পৰা দূৰলৈ ঠেলিবলৈ যি পৰিমাণৰ ৰাসায়নিক ইন্ধন ব্যৱহাৰ হয়, সেই পৰিমাণ যান এখনক অনবৰতে ত্বৰিত কৰি ৰাখিবলৈ মানে অনবৰতে তাৰ গতি বঢ়াই ৰাখিবলৈ প্ৰয়োজনীয় ইন্ধনৰ পৰিমাণতকৈ তেনেই নগন্য৷ কিয়নো মানুহ কঢ়িওৱা যান এখনত বৰ্তমানে ইন্ধন ব্যৱহাৰ হয় মূলতঃ তাক পৃথিৱীৰ মধ্যাকৰ্ষণৰ পৰা আঁতৰাবলৈ৷ এই দূৰত্ব মানুহে বৰ্তমান কল্পনা কৰি থকা দূৰ মহাকাশ ভ্ৰমণৰ দূৰত্বৰ তুলনাত নগন্য, গতিকে ইন্ধনৰ প্ৰয়োজন তেনেই সীমিত৷ গতিকে যদি আমি মহাকাশযান এখনক বহুত দূৰলৈ, ধৰক মঙল গ্ৰহলৈকে ত্বৰিত গতিত পঠাব খোজোঁ, তেন্তে বহুত ইন্ধনৰ প্ৰয়োজন হ’ব৷ বহুত ইন্ধন মানে যে কেৱল ইন্ধনৰ খৰচেই আছে তেনে নহয়, ইমান ইন্ধন কঢ়িয়াবলৈ হ’লে যানখনোতো কিমান ডাঙৰ হ’ব লাগিব৷ অৱশ্যে বিজ্ঞানীসকলে ভৱিষ্যতে অধিক উন্নত প্ৰযুক্তিৰ সহায়ত কম ইন্ধন প্ৰয়োগেৰেই বেচি শক্তি পাব পৰা উপায় উলিয়াবলৈ চিন্তা চৰ্চা কৰি আছে৷ এনে কৰিব পাৰিলে যে কেৱল কৃত্ৰিম মধ্যাকৰ্ষণেই পোৱা যাব তেনে নহয়, লগতে ত্বৰণৰ কাৰণে ভৱিষ্যতে কল্পনা কৰি থকা মহাকাশ যাত্ৰাবোৰ কম সময়েতেই কৰিব পৰা যাব৷ কিন্তু সদ্যহতে এই প্ৰযুক্তি এতিয়াও উপলব্ধ নহয়৷ লগতে এনেদৰে মধ্যাকৰ্ষণ সৃষ্টি কৰাটো আন্তঃগ্ৰহীয় যাত্ৰাৰ কাৰণেহে বেচি উপযোগী হ’ব৷ আমাৰ বৰ্তমানৰ মহাকাশযাত্ৰীসকলৰ অনবৰতে “গতি” কৰি থকাৰ প্ৰয়োজন নহয়৷ কাৰণ তেওঁলোকৰ বৰ্তমান গন্তব্যস্থলবোৰ পৃথিৱীৰ তেনেই ওচৰত৷ যেনে ধৰক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ বা আন তেনে কোনো কৃত্ৰিম উপগ্ৰহ৷ গতিকে গন্তব্যস্থল পোৱাৰ পিচত আৰু গতি কৰি থকাৰ প্ৰশ্নই নাই৷
এই দুই তাত্বিক উপায়ৰ বাহিৰেও কৃত্ৰিম মধ্যাকৰ্ষণ সৃষ্টিৰ আন এটা তাত্বিক উপায় হৈছে চুম্বকীয় বলৰ ব্যৱহাৰ৷ পিচে এই উপায় ইতিমধ্যে আলোচনা কৰি অহা উপায় দুটাতকৈও অধিক তাত্বিক৷ অন্ততঃ বৰ্তমানে৷
ওপৰৰ থুলমুল আলোচনাৰ পৰা দেখা গ’ল সদ্যহতে আমি মহাকাশযাত্ৰীৰ উপযোগী হ’ব পৰাকৈ কৃত্ৰিম মধ্যাকৰ্ষণ সৃষ্টি কৰিব পৰা অৱস্থাত নাই৷ আমাৰ হাতত এনে প্ৰযুক্তি এতিয়াও নাই৷ পিচে বিজ্ঞানীসকলে প্ৰতিদিনে এই বিষয়ে চিন্তা চৰ্চা কৰিয়েই আছে৷ গতিকে আশা কৰিব পাৰি যে অদূৰ ভৱিষ্যতে আমি এই সমস্যাৰ সমাধান কৰিব পাৰিম৷ লগতে, মধ্যাকৰ্ষণ বলৰ ৰহস্যও আমি যিমানেই ভেদ কৰিব পাৰিম, সিমানেই আমি এই সমস্যাৰ সমাধানৰ কাৰণে আৰু নতুন নতুন উপায় উদ্ভাৱন কৰিব পাৰিম৷ ভৱিষ্যতে মহাকাশ যাত্ৰীসকলে তেওঁলোকৰ যানত অনায়াসে চলা ফুৰা কৰি থকাটো এদিন নিশ্চয় কেৱল কল্পকাহিনীৰে অংশ হৈ নাথাকিব, বৰং বাস্তৱলৈ ৰূপায়িত হ’ব৷
তথ্য সূত্ৰৰ সংযোগ: https://www.youtube.com/watch?v=K7IDKieyXYg
অক্লান্তিকা
শেহতীয়া উন্নীতকৰণ: : 3/28/2020