অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাকু আৰু মিঠাই

কাকু আৰু মিঠাই

দহ বছৰীয়া কাকুৱে মিঠাইৰ দোকান এখন কাম কৰে। কাৰিকৰে ৰসগোল্লা, সন্দেশ আদি বিধে বিধে মিঠাই তৈয়াৰ কৰে আৰু সেই মিঠাইবোৰ দেখি সকলোৰে জিভাৰ পানী টপ্‌টপাই পৰিব ধৰে।

মিঠাইৰ সোৱাদ ল’বলৈ কাকুৰো মন যায়। কিন্তু কৃপণ কাৰিকৰজনে কোনোদিনে এটা মিঠাইও বিনামূল্যে খাবলৈ নিদিয়ে। প্ৰথমে তেওঁ সকলোৰে পৰা পইচা লয়; তাৰ পিছতহে মিঠাই তৈয়াৰ কৰে।

পুৱাৰে পৰা কাম কৰি যিখিনি পইচা হাতলৈ আহে, সেইখিনিৰে কোনোমতে সি দুবেলা দুসাজ খায়। গতিকে সি ইচ্ছা কৰিলেও মিঠাই খাবলৈ নাপায়।

এদিনাখন কাৰিকৰজনে গৰম গৰম ৰসগোল্লা তৈয়াৰ কৰি আছিল। ডাঙৰ কেৰাহী এটাত নৰম নৰম ৰসগোল্লাবোৰ দেখি ওচৰতে ৰৈ থকা কাকুৰ বৰ লোভ লাগিল। কিন্তু একো উপায় নেদেখি সি মাথোন কাৰিকৰজন তাৰ পৰা উঠি যোৱালৈ বাট চাই ৰ’ল।

ঠিক তেনেতে জুই জ্বলোৱাৰ কাৰণে চৌকাত খৰিৰ প্ৰয়োজন হোৱাত কাৰিকৰজনে বহাৰ পৰা উঠি বাহিৰৰ ফালে গ’ল। কাকুৱে সেই ছেগতে দুটা আঙুলিৰ চেপাৰে কেৰাহীৰ পৰা ৰসগোল্লা এটা উঠাই অনাৰ চেষ্টা কৰিছিল যদিও, উঠাবলৈ নৌপাওতেই কাৰিকৰজনে হাতত দুডালমান খৰি লৈ পুনৰ ভিতৰলৈ সোমাই আহিল আৰু কাকুৱে তৎক্ষণাৎ নিজৰ হাতখন আঁতৰাই আনিলে।

চুৰি কৰিব বিচৰা কথাতো যাতে গম নাপায়, সেই কাৰণে কাকুৱে পুনৰ আগৰ নিচিনাকৈ একে ঠাইতে থিয় হৈ ৰ’ল আৰু মিঠাইৰ ৰস লাগি থকা আঙুলি দুটা পিছফালৰ বেৰখনত ঘঁহি ল’লে।

বেৰৰ যিখিনি ঠাইত মিঠাইৰ ৰসখিনি লাগিছিল, তাত অতি কম সময়ৰ ভিতৰতে পৰুৱা আৰু মাখি পৰা আৰম্ভ হ’ল আৰু সেই মাখিবোৰক খাবলৈ জেটীটোৱে দৌৰাদৌৰি কৰি থাকোতেও হঠাৎ উতলি থকা গাখীৰৰ কেৰাহীটোত পৰি, সি মৰি থাকিল। ইফালে কাৰিকৰজনে সিদিনাৰ দিনটোত যিসকলক সেই গাখীৰ খুৱালে, সকলোৰে বেমাৰ হ’ল।

কথাষাৰ লাহে লাহে সকলো ফালে বিয়পি পৰিল। অৱশেষত ইজন-সিজনৰ মুখেৰে পুলিচৰ কাণতো পৰিল। পুলিচ আহিল আৰু কাৰিকৰজনক ধৰি লৈ গ’ল। তেওঁক তিনিমাহৰ কাৰাদণ্ড বিহিলে।

কাৰাগাৰলৈ যোৱাৰ সময়ত কাৰিকৰজনে কাকুক ক’লে-যেতিয়ালৈকে মই উভতি নাহো, তুমি মোৰ দোকানখনৰ প্ৰতি লক্ষ্য ৰাখিবা।

কাকুৱে আনন্দিত হৈ কৈ উঠিল- অ’, ৰাখিম। কিন্তু মিঠাই অৱশ্যেই খাম।

কাৰিকৰে ক’লে-ঠিক আছে। থানি কাৰিকৰে মিঠাই তৈয়াৰ কৰিব। যি মিঠায়ে কৰে, তুমিয়ে প্ৰথমে চাকি চাবা। তাৰ পিছত বিক্ৰী কৰিবা।

কাকু হতভম্ব হ’ল। সি দুখ মনেৰে সুধিলে-চাকিহে চাব পাৰিম। তাৰমানে! এইবুলি সি মনে মনে ভাবিলে-

যদি তাৰে কোনোবাটো মিঠাইত জেঠী পৰিছে-!

কাকুৰ মনৰ ভাব বুজিব পাৰি কাৰিকৰজনে ক’লে- কথাটো তুমি ভবাৰ দৰে নহয় দেই।

তাৰমানে? আপুনি কি ক’ব বিচাৰিছে!

কাৰিকৰে তেতিয়া ক’লে-মই ভালদৰে জানো, জেঠীটো গাখীৰত কেনেকৈ পৰিছিল। কিন্তু এতিয়া আৰু তেনে নহ’ব।

কিয়? কাকুৱে আচৰিত হৈ সুধিলে।

কিয়নো, তোমাৰ বাহিৰে এই দোকানখনত আৰু কোনো চয়তান ল’ৰা নাই। অন্যহাতে মই সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা তোমালোক সকলোকে অলপ অলপ মিঠাই খাবলৈ দিম।

সঁচাকৈয়ে কৈছেনে! কাকুৱে ৰংমনেৰে সুধিলে।

সঁচা। কাৰিকৰেও মিচিকিয়াই হাঁহি ক’লে।

তেনেহ’লে এতিয়া মই আহো। তুমি আৰু থানুৱে মিলি দোকানৰ প্ৰতি লক্ষ্য ৰাখিবা। কাৰিকৰে ক’লে।

হ’ব। মোক বিশ্বাস কৰক, এতিয়াৰে পৰা মই এনে কোনো দুষ্টালি নকৰো। আপুনি অহালৈ অপেক্ষা কৰি থাকিম। আজি মোৰ ভুলৰ কাৰণেই আপোনাৰ শাস্তি হ’ল। কাকুৱে ক’লে।

নহয় কাকু। ভুল মোৰেই। এই কাৰণতে মই সিদ্ধান্ত লৈছো যে তোমালোকক দোকানত তৈয়াৰ কৰা প্ৰতিবিধ মিঠাইৰ সোৱাদ ল’বলৈ দিম। এতিয়া মই যাওঁ নিজৰ ভুলৰ শাস্তি ভগিবলৈ। এইবুলি কাৰিকৰে বিদায় ল’লে।

লেখিকা:  ৰীণা দেৱী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate