অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘ৰসায়ন’ শব্দটোৰ উৎপত্তি

‘ৰসায়ন’ শব্দটোৰ উৎপত্তি

চমুকৈ

আমি সকলোয়ে কেমিষ্ট্ৰী(Chemistry) শব্দটো গ্ৰীক শব্দ ‘আলকেমী(Alchemy)’ৰ পৰা উৎপত্তি হোৱটো জানো, কিন্তু ভাৰতীয় ভাষাত কেমিষ্ট্ৰী(Chemistry) শব্দটো 'ৰসায়ন' বুলি কিয় অনুবাদ কৰা হয়নো ?

বিভিন্ন আনুষংগিক কথা

৬২৯ খৃষ্টাব্দত ভাৰতবৰ্ষলৈ অহা চীনা পৰিব্ৰাজক হিউৱেন্ ছাঙৰ বৰ্ণনা মতে সেই সময়ত নাগাৰ্জুন নামক এগৰাকী বিগ্ঞানীয়ে পাৰা (মাৰ্কাৰী) ৰ লগতে আন কিছুমান ধাতুৰ ব্যৱহাৰেৰে ভাৰতীয় আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাৰ অভূতপূৰ্ব উন্নতি সাধিছিল।‘পাৰা’ক মহাৰস আৰু বাকী ধাতুসমুহক তেখেতে ৰস বুলি সম্বোধন কৰিছিল ।

তৰোপৰি ১০১৭ খৃষ্টাব্দৰ মুছলীম মহাপণ্ডিত আল্-বেৰুনি্য়ে বৰ্ণনা কৰা মতে জাবিৰ ইব্ন হাইয়ান (জন্ম - ৭২২ খৃষ্টাব্দ, যাক ৰসায়নৰ পিতৃ বুলি কোৱা হ্য়)ৰ আগতেই ভাৰতবৰ্ষত নাগাৰ্জুনে প্ৰয়োগিক ধাতুবিদ্যাত পাৰদৰ্শিতা অৰ্জন কৰিছিল।

নাগাৰ্জুনে ধাতুসমূহক পাতন, দগ্ধীকৰন আৰু বিভিন্ন সংস্কৰন পদ্ধতিৰে শোধন কৰি কিদৰে চিকিৎসা কাৰ্যত ব্যৱহাৰ কৰিব পাৰি তাৰেই বিস্তৃতিৰে ‘ৰসৰত্নসমুচ্চয়’ নামৰ গ্ৰন্থ এখনো লিখি উলিয়াইছিল।ধাতু ব্যৱহাৰ কৰি কৰা চিকিৎসাটোক তেখেতে ‘ৰসায়ন চিকিৎসা’ বুলি অভিহিত কৰিছিল। এনেদৰে ধাতুসমূহৰ আহৰন, নিষ্কাষন, পৰিশোধন ইত্যাদি অধ্যায়ন কৰা বিষয়টো ভাৰতবৰ্ষত ৰসশাস্ত্ৰ বা ৰসায়নশাস্ত্ৰ বুলি জনাজাত হৈ পৰিল।যিহেতুকে ৰসায়নশাস্ত্ৰৰ উদ্দশ্যই আছিল চিকিৎসাকৰ্ম, কালক্ৰমে কিছুমান আধাতু আৰু সিহতঁৰ অম্লসমূহৰ অধ্যায়নো ৰসায়নশাস্ত্ৰৰ লগত সাঙুৰ খাই আহিল। সেইবাবে গোটেই Chemistry টোক ভাৰতীয় ভাষাহমূহত ৰসায়নশাস্ত্ৰ নাইবা ৰসায়ন বিগ্ঞান বুলি কয় ।­­­

লেখক:-ইলিয়াচ খান

উৎস:- আৰম্ভণি আলোচনী

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate