অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উৎসৱ অনুষ্ঠান

উৎসৱ অনুষ্ঠান

ধৰ্মীয় উৎসৱ

শিৱৰাত্ৰি, অশোকাষ্টমী, অম্বুবাচী বা ষাঁঠ, শাৰদীয় দুৰ্গা পূজা, কালী পূজা, সৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, লক্ষ্মী পূজা, সত্যনাৰায়ণ পূজা, শীতলা পূজা, আই সবাহ, অগ্নি পূজা, গো পূজা, বৃক্ষ পূজা, জল পূজা, শিল পূজা, দেওধনি পূজা, মনসা পূজা, গ্ৰহ পূজা, কুমাৰী পূজা, বাঁশ পূজা, অপেশ্বৰী সবাহ, ওপৰঠেলীৰ সবাহ, ওপৰ ভাগৰ সবাহ, প্ৰসূতি আইৰ সবাহ, পানী তোলা সবাহ, সুবচনী সবাহ বা পূজা, চড়ক পূজা, ব্যাঘ্ৰেশ্বৰী পূজা, মদন পূজা, মে-ডাম-মেফি, ওমফা পূজা, ফুৰালং পূজা, খেৰাই পূজা, ফাকুৱা বা দৌলযাত্ৰা, জন্মাষ্টমী, শংকৰদেৱ-মাধৱদেৱ আৰু আন ধৰ্ম পুৰুষ সকলৰ তিথি, ৰথযাত্ৰা, ৰাস পূৰ্ণিমা, ঝুলন যাত্ৰা, ঈদ, বকৰঈদ, ৰবদিন, বুদ্ধ পূৰ্ণিমা, বৰ্ষাবাস, বাথৌপূজা আদি।

বিহু

বিহু অসমৰ প্ৰধান জাতীয় উৎসৱ। বিহু তিনিটা :

(১) ব’হাগ বিহু বা ৰঙালী বিহু (এপ্ৰিল মাহৰ মাজ ভাগত হয়),

(২) কাতি বিহু বা কঙালী বিহু (অক্টোবৰ মাহৰ মাজ ভাগত হয়) আৰু

(৩) মাঘ বিহু বা ভোগালী বিহু (জানুৱাৰী মাহৰ মাজ ভাগত হয়)।

ব’হাগ বিহু

ব’হাগ বিহু চ’ত মাহৰ শেষ দিনাৰ (সংক্ৰান্তি) ৰ পৰা আৰম্ভ হয়। আগেয়ে ব’হাগ বিহু সাত দিন ধৰি পালন কৰা হৈছিল আৰু প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছিল। গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, ঘৰচীয়া জীৱ-জন্তুৰ বিহু আৰু চেৰা বিহু – এই সাতোটা বিহুক সাতবিহু বোলা হৈছিল।

চ’তৰ বিহু বুলিও খ্যাত ব’হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু। সেইদিনা ৰাতিপুৱা গৰুক বিল, নৈ বা পুখুৰীৰ পাৰত গা ধুৱায় আৰু লাউ, বেঙেনা আদি গৰুৰ গাত ছটিয়াই দিয়া হয়। গধূলি গৰু ঘৰলৈ ঘূৰি আহোতে বিহুৱান হিচাপে গৰুক নতুন পঘা দিয়া হয় আৰু গৰুৰ অপায়-অমংগল নহ’বৰ বাবে গোহালিত জাগ বা ধোঁৱা দিয়া হয়। গৰু বিহুৰ দিনাই গধূলি হাতত জেতুকা লোৱাটো অসমৰ জীয়ৰী-বোৱাৰীৰ এক অপৰিহাৰ্য আৰু ফূৰ্তিৰ প্ৰথা।

গৰু বিহুৰ পিচদিনা মানুহ বিহু। নামনি অসমত সেই দিনাৰ বিহুক ‘বৰ দোমাহী’ বোলা হয়। বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। গৰু বিহু আৰু মানুহ বিহু, - দুয়ো দিনাই মাহ-হালধীৰে গা-ধোৱাৰ উপৰি চিৰা-আখৈ আৰু পিঠা-পনাৰে জুতি লগাই জলপান খোৱা হয়। বিহুৰ সৰহ ভাগ জলপান ধানৰ পৰাই কৰা হয়। ধানৰ পৰা কৰা চিৰা, আখৈ, মুৰি, হুৰুম, সান্দহ, কোমল চাউল বা বোকা চাউল, গোট কৰাই, কৰাই গুৰি, পিঠা গুৰি আদি ৰঙালী বিহুৰ বিশেষ জলপান। তদুপৰি পিঠাগুৰিৰ পৰা কৰা বিবিধ পিঠাবোৰো ৰঙালী বিহুত কৰা হয়। পিঠাগুৰিৰ পৰা কৰা বিবিধ পিঠাবোৰ হ’ল : তিল পিঠা, ঘিলা পিঠা, খোলা চপৰীয়া পিঠা, টেকেলি পিঠা, ফেনী পিঠা, ভাত পিঠা, টোপোলা পিঠা, সুতুলি পিঠা, লাও পিঠা, কলা পিঠা, উৰহীয়া পিঠা, জকাই পিঠা, নাঙল ধোৱা পিঠা, চুঙা পিঠা, ভুৰভুৰি পিঠা আদি। মানুহ বিহুৰ দিনাই বয়োজ্যেষ্ঠ সকলক সেৱা জনোৱাৰ উপৰি, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ ঘৰলৈ গৈ বিহুৰ সম্ভাষণ জনোৱা। আশা, আনন্দ আৰু সকলোৰে প্ৰতি শুভেচ্ছা জনাই নতুন বছৰক আদৰণি জনোৱা হয়।

ৰঙালী বিহুৰ বিবিধ অনুষ্ঠানৰ ভিতৰত এটা লেখৰ উৎসৱ হ’ল হুঁচৰি। হুঁচৰি হ’ল আনন্দ গীত। বয়সীয়াল লোকৰ নেতৃত্বত ডেকা আৰু ল’ৰাৰ দল গৈ ঘৰে ঘৰে বিহু গীত গায় আৰু নাচে। সাধাৰণতে গৰু বিহুৰ ৰাতিৰ পৰাই হুঁচৰি আৰম্ভ হয়। বছৰৰ বিহুত হুঁচৰি গোৱা ৰাইজক তামোল-পাণ এটাৰে হ’লেও মান ধৰি আশীৰ্বাদ লোৱাটো ৰঙালী বিহুৰ এক পৱিত্ৰ পৰম্পৰা।

হুঁচৰিৰ উপৰি আন এটা এনে উৎসৱ হ’ল বিহু নাচ। এই নাচ সাধাৰণতে ডেকা-গাভৰুৱে নাচে। হুঁচৰি আৰু বিহু নাচৰ পয়োভৰ নামনি অসমতকৈ উজনি অসমতহে বেছি।

অসমৰ আন কেতবোৰ সম্প্ৰদায় আৰু জনজাতিৰ লোক সকলেও বিভিন্ন আচাৰ-অনুষ্ঠানেৰে ৰঙালী বিহু পালন কৰে।

অসমৰ বেছি ভাগ ঠাইতে তিনি দিন আৰু কোনো কোনো ঠাইত সাত দিন বা এমাহ পৰ্যন্ত উদ্‌যাপিত হোৱা ৰঙালী বিহুৰ শেষৰ দিনটোৰ নাম চেৰা বিহু। চেৰা বিহুৰ দিনটোক ৰঙালী বিহুৰ সামৰণি বুলিব পাৰি।

কাতি বিহু

অসমীয়া মানুহে আহাৰ-শাওণ মহীয়াধানৰ খেতি কৰে আৰু আহিনৰ শেষত সেই ধাননিয়ে সোণোৱালী বৰণ লয়। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল খেতিয়কে পথাৰৰ লখিমীক আদৰিবলৈ সাজু হয় আৰু আহিন-কাতিৰ সংক্ৰান্তিৰ দিনা খেতি-বাতিৰ মংগলৰ কাৰণে পথাৰ, ভঁৰাল আৰু তুলসী তলত চাকি জ্বলাই বিবিধ বিধ-বিধান পালন কৰে। এয়ে কাতি বিহু। কাতি বিহুৰ সময়ত খেতিয়কৰ ভঁৰাল প্ৰায় শূণ্য হৈ থাকে বাবে এই বিহুত বিশেষ ৰ্ং-ৰহইচ কৰা নহয়। অভাৱ-অনাটনৰ সময়ত কোৱা বাবে এই বিহুৰ আন এটা নাম কঙালী বিহু।

মাঘ বিহু

মাঘ বিহু অসমীয়াৰ খেতি চপোৱাৰ উৎসৱ। এই সময়ত সাধাৰণতে পথাৰত শস্য চপোৱাৰ শেষ হয় আৰু অভাৱ-অনাটনো নাথাকে। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই বিহুৰ প্ৰথম দিনটোক ‘উৰুকা’ বোলা হয়। সেই দিনা অসমৰ ৰাইজে নদীৰ পাৰত বা আন মুকলি ঠাইত খেৰ-নৰাৰে অস্থায়ী ছাউনী (ভেলাঘৰ) পাতি ৰাজহুৱাকৈ ভোজ-হাত খায়। উৰুকাৰ পাছ দিনা কাহিলি পুৱাতে গা-পা ধুই মেজি জ্বলাই মাঘ বিহুৰ শুভাৰম্ভ কৰা হয়। মাঘ বিহুৰ দিনা নানা বিধ পিঠা-পনাৰে জা-জলপান খোৱা হয় ; জ্যেষ্ঠ জনক সেৱা আৰু কনিষ্ঠ জনক মৰম-শুভেচ্ছা জনোৱা হয়। ম’হ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ, কুস্তি, দৌৰ, জাঁপ আদি বিবিধ খেলা-ধূলাও মাঘ বিহুৰ একো একোটি আমোদ জনক অনুষ্ঠান।

ভঠেলি

আপাত দৃষ্টিত কোনো ধৰ্ম বিশ্বাসৰ লগত সম্বন্ধ নথকা অসমৰ এটি উৎসৱ হ’ল ভঠেলি। কামৰুপৰ উত্তৰ পাৰত এই উৎসৱক ভঠেলি, দক্ষিণ পাৰত ‘স’ৰি বা ‘সুঁৱেৰি’, মঙ্গলদৈ আৰু গোৱালপাৰাত ‘সোৱাৰি’ বা ঠায়ে ঠায়ে ‘দেউল’ বুলি কয়। অসমৰ জাতীয় উৎসৱ ব’হাগ বিহুৰ নিৰ্ধাৰিত সময়ৰ সমসাময়িক ভাৱে পালন কৰা এই উৎসৱক বিহুৰ বিকল্প উৎসৱ বুলিও ধৰিব পাৰি। এই উৎসৱত এডাল বা দুডাল বাঁহ চাঁচি ধুই-পখালি ৰঙীণ কাপোৰেৰে মেৰিয়াই শংখ, দবা, কাঁহ আদি বজাই মাটিত পোতা হয় আৰু তাৰ পাছত সেই ঠাইত নানা ৰং-ধেমালি কৰা হয়। মাটিত পোতা বাঁহ দুডালক কোৱা হয় ‘পাৰ’ ; ডাঙৰ বাঁহ ডাল ‘দৰা পাৰ’ আৰু সৰু ডালৰ নাম ‘কইনা পাৰ’। এই বাঁহ দুডালৰ উপৰি আৰু এডাল সৰু বাঁহ পুতি তাৰ চাৰিও ফালে তোৰণৰ দৰে এটা কলপাতৰ ছাউনি সজা হয়। ইয়াৰ নাম ‘ভঠেলি ঘৰ’। পাছত মাটিত পোতা বাঁহ দুডালৰ মাজত এখন ধেমেলীয়া বিয়া পাতি নানান ৰং-ৰহইচ কৰা হয়। ভঠেলি উৎসৱত নানান ৰং-ধেমালিৰ লগতে ইয়াত এখন ডাঙৰ মেলাও বহে। ভঠেলি মেলাত আন বস্তুৰ উপৰি মাটিৰে সজা কইনা, দোলা, কুকুৰ, চৰাই, হাতী, ফুল আদি নানান্মনোমোহা পুতলা ওলায়। ভঠেলি মেলাৰ বিশেষত্ব এই পুতলাবোৰ সজাৰ নিয়ম বহুদিনৰ আগৰে পৰা আজিও উক্ত অঞ্চলত প্ৰচলিত। বিভিন্ন আকাৰৰ পুতলা বোৰৰ সৰহ ভাগ মহিলা আৰু অকণিহঁতেই সাজে। পণ্ডিত সকলৰ মতে ভঠেলি শব্দটো সংস্কৃত ‘ভস্থলিকা’ বা আকাশ শব্দৰ পৰা উৎপত্তি হৈছে,। আকাশচুম্বী বাঁহৰ ধ্বজদণ্ড হয়তো তাৰেই প্ৰতীক। সত্যেন বৰকটকীৰ মতে, “পাৰক লিংগ হিচাপে ধৰি এই উৎসৱক অতীত কালৰ লিংগ পূজাৰে এক প্ৰতীকি বুলি ধৰিব পাৰি”। নামনি অসমৰ এক জনপ্ৰিয় গ্ৰাম্য উৎসৱ ৰুপে পৰিচিত ভঠেলি উৎসৱত অসমীয়া হিন্দু সকলৰ উপৰি মুছলমান সকলেও অংশ গ্ৰহণ কৰে। উত্তৰে কামৰুপৰ কোনো কোনো ঠাইত ভঠেলিৰ বিকল্প ৰুপ ‘বৱাঁহৰিয়া’, অৰ্থাৎ বাঁহ-বিয়া নামেৰে মুছলমান সকলৰ এটা নিজা উৎসৱ আছে। অসমত পালন কৰা ভঠেলি সমগোত্ৰীয় আন এক উৎসৱ হৈছে ‘পাউৰি’।

আলি-আই-লৃগাং

মিচিং সকলৰ উৎসৱ আলি-আই-লৃগাং অসমৰ এটি প্ৰাচীন কৃষি উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণিৰ উৎসৱ বুলিও কোৱা হয়। মিচিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ, ‘আয়ে’ মানে ফল, আৰু ‘লৃগাং’ মানে আৰম্ভণি হোৱা বুজায়। প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথম বুধ বাৰৰ দিনা এই উৎসৱ পালন কৰা হয়। ৰঙালী বিহুৰ দৰেই এই উৎসৱতো মিচিং সকলে নানান ৰং-ৰহইচ কৰে। সাধাৰণতে এই উৎসৱৰ দিনা আবেলিৰ ভাগত শস্য সিঁচাৰ কাম কৰা হয়। তাৰ পাছত সমূহীয়া ভোজন কৰা গুমৰাগ নৃত্য অনুষ্ঠিত হয়। ডেকা-গাভৰুৰ উপৰি গাঁৱৰ বুঢ়া-বুঢ়ী, বিবাহিত-অবিবাহিত সকলোৱে এই নৃত্যত অংশ গ্ৰহণ কৰে।

মমোহো

অসমৰ আন এটা জনপ্ৰিয় আৰু আমোদ জনক উৎসৱ হ’ল ‘মমোহো’ বা ‘মহউ-হউ’ বা মহ খেদোৱা উৎসৱ। নামনি অসমৰ বহু ঠাইত আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা গাঁৱৰ চেমনীয়া সকলে জাক পাতি ঘৰে ঘৰে নাচি নাচি মহ খেদা গীত গায়। এই উৎসৱত গাবৰ বাবে কেতবোৰ প্ৰালিত গীত আছে আৰু নাচিবৰ পৰত বাঁহৰ এছাৰি বা টাঙোনেৰে মাটিত কোবাই কোবাই নাচি গীতবোৰ গোৱা হয়। এই উৎসৱে মহ খেদোৱাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।

কৰম পূজা আৰু টুচু পূজা

চাহ বাগিচাৰ অসমীয়া সকলৰ মাজত প্ৰচলিত অনেক উৎসৱৰ ভিতৰত কৰম পূজা আৰু টুচু পূজা উল্লেখযোগ্য। কৰম পূজা ভাদ মাহত পালন কৰা হয়। কৰম পূজা দুবিধ : ৰাজহ কৰম আৰু জিতিয়া কৰম। ভাদ মাহৰ পঞ্চমী তিথিৰ পৰা একাদশীলৈ এই খিনি সময়ত ‘ৰাজহ কৰম’ পতা হয়। ‘জিতিয়া কৰম’ পতাৰ তেনে কোনো নিৰ্দিষ্ট সময় নাই। কৰম পূজাত বিবিধ নৃত্য-গীত কৰা হয়।

টুচু পূজা পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। সেই দিনা টুচু দেৱীৰ প্ৰতিমা স্থাপন কৰি পূজা কৰা হয়। পিচদিনা প্ৰতিমা বিসৰ্জন দিয়া হয়। প্ৰতিমা বিসৰ্জনৰ দিনা স্নান কৰাটো পৱিত্ৰ কাম বুলি ভবা হয় আৰু এই স্নানক ‘মকৰ স্নান’ বোলা হয়।

অন্যান্য সামাজিক অনুষ্ঠান মূলক উৎসৱ

সূৰ্য দৰ্শন, নামকৰণ, অন্নপ্ৰাশন, চূড়াকৰণ, কান ফুটোৱা, বিদ্যাৰম্ভ, তোলনি বিয়া বা নোৱাই তোলনি বিয়া বা পুহা বিয়া বা উঠান বিয়া বা পুষ্পোৎসৱ, লগুণ দিয়নি বা উপনয়ন, বিয়া আদি।

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা : প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate