অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুইজ

কুইজ

১) ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছ প্ৰাৰ্থীৰুপে বিজয়ী হৈছিল|১৯৮৯ চনত তেওঁ পুনৰ নিৰ্বাচিত হয়| পিছত তেওঁ বিজেপিত যোগ দিয়ে আৰু ১৯৯১ চনত দলটোৰ প্ৰাৰ্থীৰুপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে| সেইবাৰ তেওঁ কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়| ১৯৯৬ চনত তেওঁ বিজেপি প্ৰাৰ্থীৰুপে পুনৰ লোকসভালৈ নিৰ্বাচিত হয়| ২০০৯ চনত কিন্তু তেওঁ পৰাস্ত হয়| ১৯৯৬ চনত তেওঁ বিজেপি প্ৰাৰ্থী ৰুপে পুনৰ লোকসভালৈ নিৰ্বাচিত হয়| ২০০৯ চনত কিন্তু তেওঁ পৰাস্ত হয়| কাৰ কথা কৈছো বাৰু?

উত্তৰ:- অসমৰ বৰ্তমানৰ ৰাজ্যপাল বনৱাৰিলাল পুৰোহিত|

২) ১৯৮৫ চনত ঢাকাত গঠিত এই সংস্থাৰ মুখ্য কাৰ্যালয় নেপালৰ কাঠমাণ্ডুত| বৰ্তমানৰ সচিব প্ৰধান গৰাকী হৈছে অৰ্জুন বাহাদুৰ থাপা| কি বাৰু?

উত্তৰ:- ছাৰ্ক|

৩) হিন্দু শাস্ত্ৰত উল্লেখ থকা এই ‘দেৱবাদ্য’ বিধৰ নামটোৰ অৰ্থ হৈছে ‘made of clay’| কোনবিধ বাদ্য বাৰু?

উত্তৰ:- মৃদংগ|

৪) Travancore chemical manufacturing কোম্পানী লিমিটেড ১৯৪৩ চনত আৰম্ভ কৰিছিল ড° কৃষ্ণমূৰ্তি আৰু এগৰাকী বিখ্যাত ভাৰতীয়ই| ১৯৯৬ চনত এই কোম্পানীৰ নামটো টি চি এম লিমিটেড কৰা হয়| দক্ষিণ ভাৰতত ৪টাকৈ প্ৰকল্প থকা এই কোম্পানীৰ সহ প্ৰতিষ্ঠাপক গৰাকী কোন বাৰু?

উত্তৰ:- ডঃ চি ভি ৰমন

৫) ২০১২ চনত গ্ৰেমী ট্ৰাষ্টী বঁটা লাভ কৰা কোনগৰাকী বিখ্যাত ব্যক্তিক ‘ফৰচুন’ আলোচনীয়ে ২০০৭ চনত বিজনেছ জগতৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তি হিচাপে ঘোষণা কৰিছিল?

উত্তৰ:- ষ্টিভ জব্‌ছ

৬) ১৯৯৬ চনত সঞ্জীৱ শেইঠৰ সৈতে তৰুণ তেজপালে আৰম্ভ কৰা ‘India Ink’ নামৰ প্ৰকাশন গোষ্ঠীটোৱে ১৯৯৭ চনৰ ১ জানুৱাৰীত প্ৰকাশ কৰা বিখ্যাত গ্ৰন্থ খনৰ নাম কি?

উত্তৰ:- দি গড অব্‌ স্মল থিংছ|

৭) ১৭২৪ চনৰ পৰা ১৭৩৫ চনৰ ভিতৰত জয়পুৰৰ মহাৰাজা জয় সিং দ্বিতীয়ই নিৰ্মাণ কৰা ইয়াৰ নামটোৰ অৰ্থ হৈছে- ‘Instrument and Formula’ কি বাৰু?

উত্তৰ:- জন্তৰ-মন্তৰ|

৮) BLA 7169- এই নম্বৰৰ জাৰ্মান ৱাণ্ডাৰাৰ চেডান গাড়ী খনৰ বিশেষত্ব কি জানেনে?

উত্তৰ:- এই গাড়ী খনেৰেই নেতাজী সুভাষ চন্দ্ৰ বসুৱে ভাৰত ত্যাগ কৰিছিল|১৯৪১ চনত কলকাতাৰ পৰা ঝাৰখণ্ডলৈ এই গাড়ী খনেৰে গৈছিল তেওঁ| তাৰ পিছতেই হৈছিল তেওঁৰ ৰহস্যজনক অন্তৰ্ধান|

৯) আয়াৰলেণ্ডৰ ডাবলিনত বৰ্তমান বসবাস কৰা কোনগৰাকী বিখ্যাত ভাৰতীয় মহিলাই ১৯৭১ চনত ডেভিদ পাৱেলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল?

উত্তৰ:- প্ৰথম ভাৰতীয় ‘মিছৱৰ্লড’ ৰীতা ফাৰিয়া |

১০) প্ৰিয়ংকা য়শ্বিকাবা- এইগৰাকী ২২ বছৰীয়া যুৱতীৰ নাম কি বিশেষ কাৰণত অলপতে চৰ্চালৈ আহিছিল?

উত্তৰ:- প্ৰথমগৰাকী ভাৰতীয় মুলৰ সুন্দৰী হিচাপে তেওঁ অলপতে জয় কৰে ‘মিছ জাপান’ খিতাপ|

১১) GQ আলোচনীয়ে কোনগৰাকী ব্যক্তিক যোৱা এপ্ৰিলত ‘Most stylish man Alive’ হিচাপে অভিহিত কৰি তেওঁৰ ছবি বেটুপাতত প্ৰকাশ কৰিছিল?

উত্তৰ:- কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড|

১২) এডছন আৰ্নেট্‌ছ ডো নাচিমেণ্টো নামৰ প্ৰখ্যাত খেলুৱৈ গৰাকীৰ চিনাকি নামটো কি? উত্তৰ:- পেলে|

১৩) ১৮৮১ ৰ পৰা ১৮৮৭ চনলৈ প্ৰথম সাত বছৰ আমেৰিকাৰ ৰিচাৰ্ড ছীয়াৰ্ছ আছিল এই টুৰ্ণামেণ্টৰ পুৰুষৰ শাখাত বিজয়ী| কি টুৰ্ণামেণ্ট বাৰু?

উত্তৰ:- ইউ এছ অ’পেন টেনিছ টুৰ্ণামেণ্ট|

১৪) ১৯৭২ চনত বৃটেইনৰ জন বাৰ্গাৰে ‘G’ নামৰ উপন্যাস খনৰ বাবে কোনটো বিশেষ বঁটা লাভ কৰিছিল?

উত্তৰ:- বুকাৰ বঁটা|

লেখক:- দীপাংকৰ কৌশিক

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 8/1/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate