অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুইজ :

কুইজ :

১) এই চিনেমাখন সৰ্বকালৰ দীঘল চিনেমা বুলি ধৰা হয় ৷ ই একেধাৰে ২৪০ ঘণ্টা বা ১০ দিন দীঘল ৷ এই চিনেমাখন ২০১১ চনত Superflex  নামৰ এটা ডেনিচ (Danish) শিল্পীৰ দলে প্ৰযোজনা কৰিছিল ৷ চিনেমাখনৰ নাম কি?

২) তেওঁৰ সফলতাৰ কাহিনী ১৯৬৯ চনত আৰম্ভ হৈছিল, যেতিয়া তেওঁ কেৱল ২২ বছৰীয়া আছিল ৷ তেওঁ নিজৰ কেৰিয়াৰ ‘Night Gallery’ নামৰ এক টিভি চিৰিজৰ নিৰ্দেশনাৰে আৰম্ভ কৰিছিল, আৰু তাৰ পাছত কেতিয়াও পাছলৈ ঘূৰি চাবলগীয়া নহৈছিল ৷ অৱশ্যে তেওঁৰ নিজৰ ইচ্ছাৰ পাছতো কেতিয়াও James Bondৰ চিনেমা নিৰ্দেশনাৰ বাবে সুযোগ পোৱা নাই ৷ ব্যক্তিগৰাকী কোন?

৩)  বেনহুৰ (Ben Hur) – ১৯৫৯
টাইটানিক (Titanic) – ১৯৯৭
দ্যা লৰ্ড অৱ দ্যা ৰিংছ: ৰিটাৰ্ণ অৱ দ্যা কিংছ (The Lord of the Rings: Return of the King) – ২০০৩

: এই তিনিটাৰ মাজত সম্পৰ্কটো কি?

৪)  অস্কাৰ বঁটা প্ৰাপ্ত আটাইতকৈ কম বয়সীয়া শিল্পীগৰাকী কোন? তেওঁক ১৯৩৪ চনত কেইবাখনো চিনেমাত পোৱা সফলতাৰ বাবে বিশেষ অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল ৷
৫) মনোৰঞ্জনৰ পৃথিৱীত ব্যৱহৃত এই শব্দটো দুটা শব্দ লগলগাই কৰা বনোৱা হৈছে ৷ ১৯৪০চনৰ আমেৰিকান সংবাদমাধ্যমত পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ হোৱা এই শব্দটোয়ে আচলতে এটা বৃহৎ আকাশী বোমা বুজায় যিয়ে বৃহৎ ক্ষতি সাধন কৰিব পাৰে ৷ পাছলৈ এই শব্দটো গুৰুত্বপূৰ্ণ ৰাজহুৱা প্ৰভাৱৰ বাবে ব্যৱহাৰ হৈছিল ৷ ষ্টিভেন স্পীলবাৰ্গৰ জ’ (Jaw) এই শিতানৰ প্ৰথমখন চিনেমাবুলি গণ্য কৰা হয় ৷ শব্দটো কি?

৬) এই উপন্যাসখনৰ পৰা অনুপ্ৰাণিত জেমচ্ বণ্ডৰ চিনেমাখনৰ নাম কি?

৭) Y হৈছে ‘৪০ দশকৰ চীনৰ এটা বিশেষ কৌশলযুক্ত, কৌতুকপূৰ্ণ, সমৰকলা ৷ নিৰ্দেশক ষ্টিফেন শ্ব’য়ে (Stephen Chow) এই নামটো ব্যৱহাৰ কৰি তেওঁৰ এখন চিনেমাৰ নাম XY ৰাখিছিল, য’ত তেওঁ নিজেও এজন অভিনেতা আছিল ৷ চিনেমাখনৰ নাম কি?

৮) এই চিনেমাখনে ৮টাকৈ অস্কাৰ বঁটা লাভ কৰিছিল, যিটোয়ে ইয়াক অস্কাৰৰ ক্ষেত্ৰত আটাইতকৈ সফল ব্ৰিটিছ চিনেমা ৰূপে পৰিগণিত কৰিছিল ৷ এই বঁটাসমূহৰ ভিতৰত শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ পৰিচালনা, শ্ৰেষ্ঠ অভিনেতা  তথা শ্ৰেষ্ঠ চিত্ৰনাট্য অন্যতম ৷ কোনখন চিনেমাৰ কথা কোৱা হৈছে?

৯)  অধিক সংখ্যক শ্ৰেষ্ঠ অভিনেত্ৰী/সহ-অভিনেত্ৰীৰ সন্মান লাভ কৰা শিল্পীগৰাকীৰ নাম কি? তেওঁৰ ৪৮ বছৰীয়া কেৰিয়াৰত ৪ বাৰৰ বাবে অস্কাৰ সন্মান লাভ কৰিছে ৷

১০) ২০১০ চনত নিৰ্মিত এখন কাল্পনিক বিজ্ঞানভিত্তিক চিনেমা ৷ চিনেমাখনৰ নিৰ্দেশক আছিল ক্ৰিষ্ট’ফাৰ ন’লেন (Christopher Nolan), আৰু বহুতো বিখ্যাত অভিনেতাই কাম কৰিছিল ৷ এই চিনেমাখন এটা চোৰৰ ওপৰত আছিল যিয়ে বেলেগ মানুহৰ সপোনৰ ভিতৰত সোমাব পৰা ক্ষমতা ৰাখিছিল ৷ চিনেমাখনৰ নাম কি?

উত্তৰ সমূহ:

১) ম’ডাৰ্ন টাইমছ্‌ ফ’ৰঅভাৰ (Modern Times Forever)

২)  ষ্টিভেন স্পীলবাৰ্গ (Steven Spielberg)

৩) ১১ টাকৈ অস্কাৰ বঁটা লাভ কৰিছিল ৷

৪)  চিৰ্লি টেম্পল (Shirley Temple)

৫) ব্লকবাষ্টাৰ (Blockbuster)

৬)  নেভাৰ ছে নেভাৰ এগেইন (Never Say Never Again)

৭) কুংফু হাষ্টল্ / Kung Fu Hustle (Y-Fu Hustle)

৮) গান্ধী

৯) কেথেৰীন হেপ‌বাৰ্ণ (Katherine Hepburn)

১০) ইন্‌চেপ্চন (Inception)

 

লেখক:- কুইজ মাষ্টাৰ দীপজ্যোতি ডেকা

উৎস:- সন্ধান আলোচনী

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate