অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেলজগত

১) প্ৰশ্ন : অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নামেৰে “অসম ফুটবল সন্থাৰ” সৌজন্যত প্ৰতিবছৰে গুৱাহাটীত এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু প্ৰতিযোগিতাত বিজয়ী দলক ট্ৰফী প্ৰদান কৰা হয়। উক্ত মুখ্যমন্ত্ৰী গৰাকী আৰু ট্ৰফীটোৰ নাম কি?

উত্তৰ : গোপীনাথ বৰদলৈ ; বৰদলৈ ট্ৰফী।

২) প্ৰশ্ন : বিশ্বৰ প্ৰাচীনতম ফুটবল ক্লাৱটোৰ নাম কি?

উত্তৰ : কে. বি. ফুটবল ক্লাৱ। (ডেনমাৰ্কৰ কোপেন হেগনত অৱস্থিত ১৮৭৬ ইং)

৩) প্ৰশ্ন : বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৩০ চনত।

৪) প্ৰশ্ন : প্ৰথম বিশ্বকাপ ফুটবল খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?

উত্তৰ : উৰুগুৱে আৰু আৰ্জেণ্টিনাৰ মাজত হৈছিল। উৰুগুৱে জয়ী হৈছিল।

৫) প্ৰশ্ন : “ফুটবলৰ বাবেই মোৰ জন্ম, যিদৰে জন্ম বিথোভেনৰ সংগীতৰ বাবে” – কোনে কৈছিল এইষাৰ কথা।

উত্তৰ : ফুটবলৰ ৰজা পেলে (ব্ৰাজিল)।

৬) প্ৰশ্ন : কোন চনৰ কোন তাৰিখে গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম মুকলি কৰা হয়?

উত্তৰ : ১৯৬২ চনৰ ১৫ জুলাই তাৰিখে।

৭) প্ৰশ্ন : ফুটবল খেলপথাৰ খনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ’ব লাগে?

উত্তৰ : দৈৰ্ঘ্য : ৯০ ৰ পৰা ১২০ মিটাৰ।

প্ৰস্থ : ৪৫ ৰ পৰা ৯০ মিটাৰ।

৮) প্ৰশ্ন : ফিফা (FIFA)ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : ফেডাৰেচন অফ্‌ ইণ্টাৰ্নেছনেল ফুটবল এছোচিয়েচন। ইং ১৯০৪ চনৰ ২১ মে’ত এই সংস্থাটো গঠন কৰা হয়।

৯) প্ৰশ্ন : ফিফাৰ প্ৰথম সভাপতিজনৰ নাম কি?

উত্তৰ : মঁচিয়ে জুলে ৰিমে (ফ্ৰান্স)। ২৩ বছৰ সভাপতি আছিল।

১০) প্ৰশ্ন : বিশ্বকাপ ফুটবলৰ প্ৰথমখন ইনড’ৰ মেচ কেতিয়া ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৯৪ চনত আমেৰিকাৰ ডেট্ৰ’য়েটৰ পণ্টেক ছিলভাৰড’ম ষ্টেডিয়ামত।

১১) প্ৰশ্ন : ভাৰতৰ প্ৰথম ফুটবল ক্লাৱ কোনটো?

উত্তৰ : কলকাতাৰ ডেলাহাউছি ক্লাৱ।

১২) প্ৰশ্ন : অলিম্পিক ফুটবলত স্থান লাভ কৰা একমাত্ৰ অসমীয়া খেলুৱৈজন কোন?

উত্তৰ : কনক বৰদলৈ (হেলচিংকি অলিম্পিক ১৯৫১ চন)।

১৩) প্ৰশ্ন : ভাৰতীয় ফুটবলৰ এছ’চিয়েছনৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল?

উত্তৰ : নুৰুল আমিন।

১৪) প্ৰশ্ন : অলিম্পিক খেল প্ৰথমে কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : খ্ৰীঃপূঃ ৭৭৬ ত গ্ৰীচৰ অলিম্পিয়া নগৰত।

১৫) প্ৰশ্ন : আধুনিক অলিম্পিক প্ৰতিযোগিতা সৰ্বপ্ৰথম কেতিয়া অনুষ্ঠিত হয়?

উত্তৰ : ইং ১৮৯৬ চনত (এথেন্স)।

১৬) প্ৰশ্ন : কাক আধুনিক অলিম্পিকৰ জনক বোলা হয়?

উত্তৰ : বেৰন পিয়েৰ দা কুবাৰ্তিন।

১৭) প্ৰশ্ন : ২০০০ চনৰ চিডনী অলিম্পিকত পদক বিজয়ী ভাৰতীয় প্ৰতিযোগী গৰাকীৰ নাম কি? তেওঁ কি প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি পদক লাভ কৰে?

উত্তৰ : কাৰ্ণম মালেশ্বৰী (অন্ধ্ৰ প্ৰদেশ)। তেওঁ ভাৰোত্তোলনত পদক লাভ কৰে।

১৮) প্ৰশ্ন : ২০০৪ চনত এথেন্সত অনুষ্ঠিত হোৱা ২৮ তম্‌ অলিম্পিকত কোন ভাৰতীয়ই শ্বুটিঙত ৰুপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে?

উত্তৰ : মেজৰ ৰাজ্যবৰ্ধন সিং ৰাথোৰ। (একমাত্ৰ)।

১৯) প্ৰশ্ন : কেতিয়াৰ পৰা ৰেডিঅ’ আৰু টি. ভি. ত অলিম্পিক খেলা দেখুওৱা হয়?

উত্তৰ : ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকৰ পৰা।

২০) প্ৰশ্ন : ২০০৮ চনৰ অলিম্পিক খেল ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : বেইজিং (চীন)।

২১) প্ৰশ্ন : ২০০৪ ৰ অলিম্পিকত প্ৰথম পদক বিজয়ী ৩ গৰাকী প্ৰতিযোগীক পদকেৰে সৈতে কি উপহাৰ দিছিল?

উত্তৰ : গ্ৰীচৰ প্ৰাচীন পৰম্পৰা অনুযায়ী জলফাই পাতৰ মালা।

২২) প্ৰশ্ন : অলিম্পিক ইতিহাসত জেমছ কনোলিৰ নাম কিয় স্মৰণীয়?

উত্তৰ : ১৮৯৬ চনৰ আধুনিক অলিম্পিকত তেওঁ প্ৰথম সোণৰ পদক জয়ৰ কৃতিত্ব অৰ্জন কৰে।

২৩) প্ৰশ্ন : ক্ৰিকেট খেলে কোনখন অলিম্পিকত স্থান পায়?

উত্তৰ : পেৰিছ, অলিম্পিকত (১৯০০ চন)।

২৪) প্ৰশ্ন : বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা কোন চনত আৰম্ভ হয়?

উত্তৰ : ১৯৭৫ চনত।

২৫) প্ৰশ্ন : বিশ্বকাপ ক্ৰিকেটত প্ৰথম বিজয়ী দলটো কোন?

উত্তৰ : ৱেষ্ট ইণ্ডিজ (১৯৭৫ চন)।

২৬) প্ৰশ্ন : ২০০৩ চনৰ ১ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰীয়াত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটত ভাৰতে কাক পৰাস্ত কৰি চুপাৰ ছিক্সত স্থান লাভ কৰে?

উত্তৰ : পৰম্পৰাগত প্ৰতিদ্বন্দী পাকিস্থানক ৬ উইকেটত হৰুৱাই।

২৭) প্ৰশ্ন : ২০০৩ চনৰ বিশ্বকাপত তেণ্ডুলকাৰে কেইঅবাৰ ‘মেন অৱ দা মেটছ্‌’ সন্মান লাভ কৰে?

উত্তৰ : তিনিবাৰ।

২৮) প্ৰশ্ন : বিশ্বকাপ ফুটবল আৰু বিশ্বকাপ ক্ৰিকেট এই দুয়োখন প্ৰতিযোগিতাত ভাগ লোৱা বিশ্বৰ একমাত্ৰ খেলুৱৈজন কোন?

উত্তৰ : ভিভ্‌ ৰিচাৰ্ডছ।

২৯) প্ৰশ্ন : ক্ৰিকেট খেলৰ দুই উইকেটৰ মাজৰ দূৰত্ব কিমান?

উত্তৰ : ২২ গজ।

৩০) প্ৰশ্ন : পাকিস্থানৰ ক্ৰিকেটাৰ ইমৰাণ খানৰ সম্পূৰ্ণ নামটো কি?

উত্তৰ : ইমৰাণ আহমেদ খান নিয়াজি।

৩১) প্ৰশ্ন : এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত কোন ভাৰতীয়ই প্ৰথম শতৰাণ কৰে?

উত্তৰ : কপিলদেৱ।

৩২) প্ৰশ্ন : মেডেন অভাৰ কি?

উত্তৰ : য’ত বেটছমেনে এটা অভাৰত এটাও ৰাণ কৰিব নোৱাৰে।

৩৩) প্ৰশ্ন : ক্ৰিকেট বল এটাৰ ওজন কিমান?

উত্তৰ : চাৰে পাচ আউন্স।

৩৪) প্ৰশ্ন : ‘পোষ্টমেন’ নামেৰে পৰিচিত ক্ৰিকেটাৰ জনৰ নাম কি?

উত্তৰ : গেভিন লাৰচন।

৩৫) প্ৰশ্ন : ৰঞ্জি ট্ৰফীত ত্ৰি-শতৰাণ কৰা অসমৰ প্ৰথম খেলুৱৈ জনৰ নাম কি?

উত্তৰ : ৰাম প্ৰসাদ কাপুৰ।

৩৬) প্ৰশ্ন : প্ৰথম ইণ্ডিয়ান ক্ৰিকেট ক্লাৱ কেতিয়া স্থাপন হয়?

উত্তৰ : ১৮৪০ চনত মুম্বাইৰ ইছপ্লেনেডত পাৰ্চী ক্লাৱে প্ৰথম ক্ৰিকেট ক্লাৱ স্থাপন কৰে।

৩৭) প্ৰশ্ন : টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল কৰা বিশ্বৰ প্ৰথম জন খলুৱৈ কোন?

উত্তৰ : শ্বেন ৱাৰ্ণ।

৩৮) প্ৰশ্ন : প্ৰথম এছিয়ান গেমছ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : দিল্লী, ১৯৫১ চনত।

৩৯) প্ৰশ্ন : এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়া জন কোন?

উত্তৰ : ভোগেশ্বৰ বৰুৱা (১৯৬৬ চন)।

৪০) প্ৰশ্ন : এছিয়ান গেমছৰ জন্মদাতা কোন?

উত্তৰ : প্ৰফেচাৰ গুৰু দত্ত সোন্ধী।

৪১) প্ৰশ্ন : বেডমিণ্টন খেলা পোন প্ৰথমে ক’ত আৰম্ভ হৈছিল?

উত্তৰ : ভাৰতৰ পুনেত।

৪২) প্ৰশ্ন : বিশ্বৰ সবাতোকৈ পুৰণি বেডমিণ্টন প্ৰতিযোগিতা খন কি নামেৰে জনা যায়?

উত্তৰ : ‘অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপ’।

৪৩) প্ৰশ্ন : ভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথ আনন্দে কেতিয়া বিশ্ব দবা খেল চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে?

উত্তৰ : ২০০১ চনৰ মাৰ্চ মাহত তেহৰাণত অনুষ্ঠিত এই খেলত বিশ্বনাথে ৰাচিয়াৰ এলেক্সি চিৰভক পৰাজিত কৰি এই সন্মানৰ অধিকাৰী হয়।

৪৪) প্ৰশ্ন : ২০০৩ চনত পেৰিচত অনুষ্ঠিত হোৱা বিশ্ব এথেলেটিকছত কোন ভাৰতীয়ই পদক অৰ্জন কৰে?

উত্তৰ : ভাৰতৰ অঞ্জুববী জৰ্জে লং জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰে। (প্ৰথম গৰাকী ভাৰতীয়)।

৪৫) প্ৰশ্ন : ছানিয়া মীৰ্জা কি খেলৰ সতে জড়িত?

উত্তৰ : লন টেনিছ।

৪৬) প্ৰশ্ন : কোন গৰাকী টেনিছ খলুৱৈক ‘Iron woman’ বুলি জনা যায়?

উত্তৰ : মাৰ্টিনা নাভ্ৰাটিলোভা।

৪৭) প্ৰশ্ন : সৌৰভ গাংগুলি কিয় এবাৰ কৈছিল – “মোৰ একমাত্ৰ আক্ষেপ হৈছে মহাৰাজা হৈও মই প’ল খেলিব নোৱাৰো”?

উত্তৰ : কাৰণ প’ল হৈছে এনেকুৱা এবিধ খেল, য’ত বাওঁহতীয়া ব্যক্তিয়ে খেলা নিষধ।

৪৮) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ পুৰণি খেল কি?

উত্তৰ : কুস্তি।

৪৯) প্ৰশ্ন : ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় কোণ?

উত্তৰ : মিহিৰ সেন (পেছাত উকীল)।

৫০) প্ৰশ্ন : ডে’ভিছ কাপৰ আনুষ্ঠানিকত নামটো কি?

উত্তৰ : ‘দ্য ইণ্টাৰনেশ্যনেল লন টেনিছ চেম্পিয়নশ্বিপ’।

৫১) প্ৰশ্ন : ভাৰতৰ ৩৩ তম্‌ ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভাংকৰ প্ৰতীকটো কি?

উত্তৰ : ৰংমন নামৰ এটা গঁড় পোৱালী।

৫২) প্ৰশ্ন : অসমত অভিৰুচি ক্ৰীড়া দিৱস প্ৰতিবছৰে কোনজন খেলুৱৈৰ জন্মদিনত পালন কৰা হয়?

উত্তৰ : অৰ্জ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত।

৫৩) প্ৰশ্ন : দীপাঙ্কৰ ভট্টাচাৰ্য অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ দ্বিতীয় জন খেলুৱৈ। তেওঁ কি খেলত অংশ গ্ৰহণ কৰিছিল?

উত্তৰ : বেডমিণ্টন খেলত।

৫৪) প্ৰশ্ন : ৰাষ্ট্ৰীয় সাঁতোৰত অসমৰ হৈ প্ৰথম কোনে পদক লাভ কৰিছিল?

উত্তৰ : মিঠু বৰুৱাই (১৯৮৫ চনত লক্ষ্ণৌত)।

৫৫) প্ৰশ্ন : ২০০৩ চনত ভাৰতৰ কোন দুজন খেলুৱৈক যুটীয়াভাৱে ৰাজীৱ গান্ধী খেলৰত্ন প্ৰদান কৰা হৈছে?

উত্তৰ : ২০০৩ চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দৌৰবিদ কে এম্‌ বেনামেল আৰু মহিলা শ্বুটাৰ অঞ্জলী ভাগৱতীক যুটীয়াভাৱে ভাৰতৰ সৰ্বোচ্ছ খেল পুৰস্কাৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আগবঢ়ায়।

৫৬) প্ৰশ্ন : ২০০৬ চনৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা খেলুৱৈ জন কোন?

উত্তৰ : পংকজ আদোৱানি।

৫৭) প্ৰশ্ন : ২০০৪ চনত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীয়া অনুষ্ঠান ২৮ তম্‌ অলিম্পিক খেল ক’ত অনুষ্ঠিত হৈছিল? এই খেলত কিমানখন দেশে যোগদান কৰিছিল?

উত্তৰ : গ্ৰীচৰ এথেন্সত। এই অলিম্পিকত ২০২ খন দেশে যোগদান কৰিছিল।

৫৮) প্ৰশ্ন : প্ৰাচীন গ্ৰীচৰ অংক শাস্ত্ৰবিদ পাইথোগোৰাচে প্ৰাচীন অলিম্পিকৰ কোনটো খেলৰ খেলুৱৈ আছিল?

উত্তৰ : বক্সিং।

৫৯) প্ৰশ্ন : ২০০৭ চনৰ বিশ্বকাপ ক্ৰিকেট কি’ত অনুষ্ঠিত হ’ব? এই প্ৰতিযোগিতাত আন এখন দেশেও অংশ গ্ৰহণ কৰিব। দেশখনৰ নাম কি?

উত্তৰ : ৱেষ্ট ইণ্ডিজত। আমেৰিকা যুক্তৰাষ্ট্ৰ।

৬০) প্ৰশ্ন : ২০০৩ৰ বিশ্বকাপ ক্ৰিকেটত সৰ্বাধিক শতৰাণ কৰা খেলুৱৈ জন কোন?

উত্তৰ : সৌৰভ গাংগুলী (৩ টা শতৰাণ)।

৬১) প্ৰশ্ন : ২০০৬ চনৰ কাটাৰত অনুষ্ঠিত এছিয়ান গেমছৰ সৰ্বাধিক পদক পোৱা দেশ কোনখন?

উত্তৰ : চীন।

৬২) প্ৰশ্ন : ক’ত প্ৰথমে গলফ খেলৰ উৎপত্তি হয়?

উত্তৰ : স্কটলেণ্ডত।

৬৩) প্ৰশ্ন : ‘পাঞ্চ’ আৰু ‘নক আউট’ শব্দটো কোন খেলত ব্যৱহৃত হয়?

উত্তৰ : বক্সিং।

৬৪) প্ৰশ্ন : হকীৰ যাদুকৰ বুলি কাক কোৱা হয়?

উত্তৰ : ধ্যানচাঁন্দ।

৬৫) প্ৰশ্ন : কোন গৰাকী ব্যক্তিক ক্ৰিকেট জগতত কিংবদন্তি পুৰুষ বুলি কোৱা হয়?

উত্তৰ : ছাৰ ডন ব্ৰেডমেন।

৬৬) প্ৰশ্ন : ২০০৪ চনৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া অনুষ্ঠান ২৮ তম্‌ অলিম্পিক খেল ক’ত অনুষ্ঠিত হৈছিল ; এই খেলত কিমানখন দেশে যোগদান কৰিছিল?

উত্তৰ : গ্ৰীচৰ এথেন্সত। এই অলিম্পিকত ২০২ খন দেশে যোগদান কৰিছিল। (৭৫ খন দেশে পদক লাভ কৰিছিল আৰু ১০,৫০০ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল।)

৬৭) প্ৰশ্ন : ২০০৭ চনৰ বিশ্বকাপ ক্ৰিকেট ক’ত অনুষ্ঠিত হ’ব? এই প্ৰতিযোগীতাত আন এখন দেশেও অংশ গ্ৰহণ কৰিব। দেশখন কি?

উত্তৰ : ৱেষ্ট ইণ্ডিজত। আমেৰিকা যুক্তৰাষ্ট্ৰ।

৬৮) প্ৰশ্ন : ২০০৬ চনৰ কাচাৰত অনুষ্ঠিত এছিয়ান গেমছত সৰ্বাধিক পদক পোৱা দেশ কোনখন?

উত্তৰ : চীন।

৬৯) প্ৰশ্ন : ২০০৬ চনৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা খেলুৱৈ জন কোন?

উত্তৰ : পংকজ আদোৱানি(বিলিয়াৰ্ডছ)।

খেলৰ কেইটামান ট্ৰফী

১) ধ্যান চান্দ ট্ৰফী           - হকী।

২) ৰংগ স্বামী কাপ            - হকী (নেশ্যনেল হকী চেম্পিয়নশ্বিপ)।

৩) ইৰাণী কাপ              - ক্ৰিকেট।

৪) ৰঞ্জী ট্ৰফী               - ক্ৰিকেট (নেশ্যনেল ক্ৰিকেট চেম্পিয়নশ্বিপ)।

৫) ডুৰাণ্ড কাপ              - ফুটবল।

৬) সুব্ৰত মুখাৰ্জী কাপ          - ফুটবল (আন্ত বিদ্যালয়)।

৭) বৰদলৈ ট্ৰফী              - ফুটবল।

৮) সন্তোষ ট্ৰফী              - ফুটবল (নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ)।

৯) জুলে ৰিমে ট্ৰফী           - ফুটবল।

১০) ডেভিছ কাপ             - লন টেনিছ।

১১) প্ৰিন্স অৱ ৱেলছ কাপ       - গলফ (ইংলেণ্ড)।

১২) বিশ্বকাপ                - ফুটবল।

১৩) বিশ্বকাপ               - ক্ৰিকেট।

১৪) বিশ্বকাপ                - হকী।

১৫) এফ ও কাপ             - ফুটবল।

১৬) ৰোভাৰ্ছ কাপ            - ফুটবল।

১৭) নেহৰু ট্ৰফী              - হকী।

১৮) লেডী ৰতন টাটা ট্ৰফী      - হকী (মহিলা)।

১৯) দুলীপ ট্ৰফী              - ক্ৰিকেট।

২০) উবেৰ কাপ              - বিশ্ব বেডমিণ্টন (মহিলা)।

২১) গোল্‌ড কাপ             - ব্ৰীজ।

বিশ্ব ক্ৰীড়াঙ্গনৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈসকল

১) পেলে              - ফুটবল (ব্ৰাজিল)।

২) মাৰাডোনা           - আৰ্জেণ্টিনাৰ (ব্ৰাজিল)।

৩) জিনেদাইন জিদান      - ফুটবল (ফ্ৰান্স)।

৪) শচীন তেণ্ডুলকাৰ      - ক্ৰিকেট (ভাৰত)।

৫) ৰাহুল দ্ৰাবিড়         - ক্ৰিকেট (ভাৰত)।

৬) গেৰী চাবাৰ্ছ         - ক্ৰিকেট (ৱেষ্ট ইণ্ডিজ)।

৭) ধ্যানচান্দ           - হকী (ভাৰত)।

৮) ষ্টেফিগ্ৰাফ           - মহিলাৰ (টেনিছ, জাৰ্মানী)।

৯) পীট চাম্প্ৰাছ         - পুৰুষৰ টেনিছ (মাৰ্কিন যুক্তৰাষ্ট্ৰ)।

১০) আৰ্থাৰ ছেনা        - কাৰ ৰেচ (জাৰ্মানী)।

১১) মাৰ্ক স্পিটজ        - সাঁতোৰবিদ (জাৰ্মানী)।

১২) মহম্মদ আলী        - বক্সিং (মাৰ্কিন যুক্তৰাষ্ট্ৰ)।

১৩) মাইকেল জৰ্ডন       - বাস্কেট বল (মাৰ্কিন যুক্তৰাষ্ট্ৰ)।

১৪) বিশ্বনাথ আনন্দ      - দবাখেল (ভাৰত)।

কেইটামান খেলৰ প্ৰতিদলত থকা খেলুৱৈৰ সংখ্যা

হকী                      - ১১ জন

কাবাদী                    - ৭ জন

টেবুল টেনিছ                - ২ জন

ক্ৰিকেট                    - ১১ জন

ভলীবল                    - ৬ জন

এছ’চিয়েশ্যন ফুটবল            -১১ জন

৩৩ তম্‌ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ চূড়ান্ত পদক তালিকা

দল                  সোণ            ৰুপ             ব্ৰঞ্জ

ছাৰ্ভিচেজ              ৫৯             ৪৬            ৩৭

মণিপুৰ               ৫১             ৩২             ৪০

অসম                ৩৮            ৫৩            ৫৭

কেৰেলা               ৩১            ১৯             ২৫

হাৰিয়ানা              ৩০            ২২             ২৮

দিল্লী                 ২৭             ২৭             ৩২

পঞ্জাৱ                ২৫             ৩৯            ৪০

মহাৰাষ্ট্ৰ               ২৫             ২৮            ৪৪

উত্তৰ প্ৰদেশ            ২৫             ১৮            ৩৪

কৰ্ণাটক               ২১             ২১             ২৯

অন্ধ্ৰপ্ৰদেশ              ২১             ১৭             ২০

মধ্য প্ৰদেশ             ১২             ১৯             ৩২

পশ্চিমবংগ             ১২             ১৩            ১৮

তামিলনাডু             ১০             ২১             ২০

ঝাৰখণ্ড               ৬             ৯             ৭

চণ্ডীগড়               ৫              ৩             ৮

উৰিষ্যা               ৫              ২              ৮

উত্তৰাঞ্চল              ৪              ৪              ৫

গুজৰাট               ৩             ৪              ১২

জম্মু আৰু কাশ্মীৰ        ৩             ৩             ১০

ছত্তীশগড়              ৩             ৩             ০

হিমাচল প্ৰদেশ           ৩             ২              ২

ছিকিম                ২              ২              ২

ৰাজস্থান                   ১              ৪              ১০

গোৱা                ১              ২              ২

নাগালেণ্ড              ১              ১              ৯

মিজোৰাম              ১              ০              ৭

আন্দামান নিকোবৰ        ০              ৬             ৪

মেঘালয়               ০              ১              ৪

অৰুণাচল প্ৰদেশ          ০              ০              ৩

ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদক-সংখ্যা

ইভেণ্ট                স্বৰ্ণ             ৰুপ             ব্ৰণ

আৰ্চাৰী               ১              ৩             ২

এথলেটিক্‌ছ             ৩             ১              ২

বেডমিণ্টন             ০              ০              ১

ল’ন বল              ১              ১              ১

বক্সিং                ৪              ২              ৭

কেন’য়িং              ৪              ১০             ২

চাইক্লিং               ৫              ৬             ৫

ইকুৱেষ্ট্ৰিয়ান            ০              ৩             ২

ফুটবল                ১              ০              ০

ফেন্সিং               ০              ৩             ৬

জিমনাষ্টিক্‌ছ            ২              ১              ২

ভাৰোত্তোলন             ১              ১              ৩

হেণ্ডবল               ০              ০              ১

জুডো                ৪              ৩             ৪

কাৰাটে               ২              ৪              ৪

নেটবল               ০              ০              ১

ছেপাক টাক্ৰ’           ০              ৪              ০

সাঁতোৰা               ১              ২              ১

টাইকোৱান্‌ডো           ৪              ৩             ২

ট্ৰায়াথলন              ০              ০              ১

টেবুল টেনিছ            ০              ১              ২

মল্লযুদ্ধ               ০              ২              ৩

উশ্বু                 ৫              ২              ৫

 

২০১১ ৰ বিশ্বকাপ ক্ৰিকেটৰ ৰেঙণি

১) ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ চেম্পিয়ন কোন?

উত্তৰ : ভাৰত।

২) প্ৰতিযোগিতাত কেইটা দলে যোগদান অৰিছিল আৰু কেইটা গ্ৰুপত খেল চলিছিল?

উত্তৰ : ১২ টা দলে আৰু ৪ টা গ্ৰুপত ভাগ কৰা হৈছিল?

৩) ২০১১ ৰ বিশ্বকাপৰ ফাইনেল খেল কোন কোন দেশৰ মাজত অনুষ্ঠিত হৈছিল?

উত্তৰ : ভাৰত আৰু শ্ৰীলংকাৰ মাজত।

৪) ২০১১ ৰ বিশ্বকাপৰ ফাইনেলত কোনে মেন অব দি টুৰ্নামেণ্ট খিতাপ পাইছিল?

উত্তৰ : যুৱৰাজ সিঙে।

৫) ২০১১ ৰ বিশ্বকাপৰ ফাইনেলত কোনে মেন অব্‌ দি মেচ খিতাপ পাইছিল?

উত্তৰ : মহেন্দ্ৰ সিং ধোনীয়ে।

৬) বিশ্বকাপৰ ফাইনেলৰ ভাৰতে কেইবাৰ খিতাপ অৰ্জন কৰিছে?

উত্তৰ : দুবাৰ, ২০১১ আৰু তাৰ পূৰ্বে ১৯৮৩ চনত ৱেষ্ট ইণ্ডিজক হৰুৱাই।

লেখিকা: প্ৰতিভা দেৱী, কুইজ মঞ্চ

শেহতীয়া উন্নীতকৰণ: : 6/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate