অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গণিত আৰু কম্পিউটাৰ

গণিত আৰু কম্পিউটাৰ

১) প্ৰশ্ন : শূণ্যৰ আৱিষ্কাৰক জনৰ নাম কি?

উত্তৰ : প্ৰসিদ্ধ ভাৰতীয় গণিতজ্ঞ ব্ৰহ্মগুপ্ত।

২) প্ৰশ্ন : অঙ্ক শাস্ত্ৰৰ ৰজা বুলি কাক আখ্যা দিয়া হয়?

উত্তৰ : গওছক।

৩) প্ৰশ্ন : ‘+’ আৰু ‘-’ এই চিন দুটা কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল?

উত্তৰ : পঞ্চদশ শতিকাত জাৰ্মান সদাগৰ সকলে।

৪) প্ৰশ্ন : ‘X’ চিনটো সৰ্বপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ : ১৬৩১ চনত অটৰেড নামৰ এজন ইংৰাজ ব্যক্তিয়ে পূৰণৰ সলনি এই চিন ব্যৱহাৰ কৰিছিল।

৫) প্ৰশ্ন : পূৰণৰ সলনি ‘.’ বিন্দু (dot) কোনে প্ৰথম ব্যৱহাৰ কৰিবলৈ শিকাইছিল?

উত্তৰ :  হেৰিয়েট নামৰ এজন ইংৰাজে।

৬) প্ৰশ্ন : হৰণৰ (÷) চিনটো কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হয়?

উত্তৰ : ১৬৫৯ চনৰ পৰা।

৭) প্ৰশ্ন : অঙ্কশাস্ত্ৰলৈ প্ৰাচীন ভাৰতীয় গনিতজ্ঞ সকলৰ অতুলনীয় অৱদান কি?

উত্তৰ : শূণ্যৰ (০) আৱিষ্কাৰ আৰু দশমিক সংখ্যাৰ স্থানীয়মান পদ্ধতি।

৮) প্ৰশ্ন : কি সংখ্যা ধনাত্মাক বা ঋণাত্মক নহয়?

উত্তৰ : ০ (শূণ্য)।

৯) প্ৰশ্ন : কোনো সংখ্যা বা ৰাশিৰ ঘাট power) শূণ্য হ’লে, তাৰ মান কি?

উত্তৰ :  এক (১) (a0=1)।

১০) প্ৰশ্ন : আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো (Natural Number) কি?

উত্তৰ :  ১ (এক)।

১১) প্ৰশ্ন : সকলো সংখ্যাৰে উমৈহতীয়া উৎপাদকটো কি?

উত্তৰ : ১ (এক)।

১২) প্ৰশ্ন : কি সংখ্যাৰ বৰ্গ (square) সেই সংখ্যাটোৱেই?

উত্তৰ : ১ ৰ (একৰ)।

১৩) প্ৰশ্ন : মৌলিক আৰু যুগ্ম সংখ্যাটো কি?

উত্তৰ : দুই (২)।

১৪) প্ৰশ্ন : এক মিনিয়নৰ অৰ্থ কি?

উত্তৰ : এক মিলিয়ন = এক নিযুত = 106

১৫) প্ৰশ্ন : এক বিলিয়নৰ মান কি?

উত্তৰ : এক লাখ কোটি = এক বিলিয়ন (ইউৰোপত) = 1013

এক শ কোটি = এক বিলিয়ন (আমেৰিকাত) = 109

১৬) প্ৰশ্ন : দশমিক পদ্ধতি আৱিষ্কাৰক কোন?

উত্তৰ : মিছৰীয়া সকল।

১৭) প্ৰশ্ন : গণিত শাস্ত্ৰত ‘BODMAS’ (বদমাছ) শব্দটোৰ কি নিৰ্দেশ হয়?

উত্তৰ : সৰল অঙ্ক কৰা পদ্ধতিটোক (simplify) সংক্ষেপে এই শব্দটোৰ সহায়ত মনত ৰখা হয়। ক্ৰমানুসাৰে –

B = Bracket (বন্ধনী)            O – of (ৰ)D = Division (হৰণ)

M = Multiplication (পূৰণ)                   A = Addition

S = Substration (বিয়োগ)

১৮) প্ৰশ্ন : সৰ্বপ্ৰথম আৱিষ্কাৰ হোৱা অপৰিমেয় সংখ্যাটো কি?

উত্তৰ : Ö2

১৯) প্ৰশ্ন : কোনজন প্ৰাচীন ভাৰতীয় বিজ্ঞানীয়ে π (পাই)ৰ মান শুঅদ্ধকৈ নিৰ্দ্ধাৰণ কৰিব পাৰিছিল?

উত্তৰ :  আৰ্যভাট্ট।

২০) প্ৰশ্ন : ‘e’ পৰিমেয় নে অপৰিমেয় সংখ্যা?

উত্তৰ : অপৰিমেয়।

২১) প্ৰশ্ন : জ্যামিতিৰ হোমাৰ হিচাপে কাক আখ্যা দিয়া হয়?

উত্তৰ : আৰ্কিমিডিছক।

২২) প্ৰশ্ন : স্থানাংক জ্যামিতিৰ জন্মদাতা কোন আছিল?

উত্তৰ : ৰেনে ডেকাৰ্টে (১৫৯৫-১৬৫০)।

২৩) প্ৰন : ‘এলিমেণ্টছ’ নামৰ জ্যামিতিৰ বিখ্যাত গ্ৰন্থখনৰ লিখক কোন?

উত্তৰ : ইউক্লিড।

২৪) প্ৰশ্ন : “বিজ্ঞানৰ ৰাণী হ’ল গণিত আৰু গণিতৰ ৰাণী হ’ল পাটীগণিত” – এই উক্তিটো কাৰ?

উত্তৰ : প্ৰখ্যাত জাৰ্মান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিখ গাউছৰ।

২৫) প্ৰশ্ন : ‘Measurement og a circle’ শীৰ্ষক পুথিখন কাৰ?

উত্তৰ : আৰ্কিমিডিছৰ।

২৬) প্ৰশ্ন : ‘জটিল সংখ্যাৰ জ্যামিতিয় ব্যাখ্যা নিৰ্দেশক চিত্ৰক কি বোলা হয়?

উত্তৰ : আগণ্ড চিত্ৰ। (Argand’s diahram)।

২৭) প্ৰশ্ন : শ্ৰীনিবাস ৰামানুজনৰ ল’ৰালিকালতে অংকৰ প্ৰতি গভীৰ সাঁচ বহুৱা অংক কিতাপখন কি?

উত্তৰ : ‘গণিত শাস্ত্ৰৰ টোকা’।

২৮) প্ৰশ্ন : ‘পূৰ্ণাঙ্গ সংখ্যা’ (Perfect number) কাক কোৱা হয়?

উত্তৰ : কোনো এটা সংখ্যাৰ প্ৰকৃত ভাজকবোৰৰ যোগফল, সংখ্যাটোৰ সমান হ’লে, সংখ্যাটোক পূৰ্ণাঙ্গ সংখ্যা বোলে।

উদাহৰণ : 1 আৰু 100 ৰ মাজৰ পূৰ্ণাংগ সংখ্যা হ’ল 6 আৰু 28।

২৯) প্ৰশ্ন : সংখ্যা তত্ত্বৰ প্ৰথম পাতনি কোনে মেলে?

উত্তৰ : পাইথাগোৰাছে।

৩০) প্ৰশ্ন : আধুনিক কম্পিউটাৰৰ পিতৃপুৰুষ কোন?

উত্তৰ : ইংৰাজ গণিতজ্ঞ চাৰ্লছ বেবেজ (১৭৯২-১৮৭১)।

৩১) প্ৰশ্ন : বৰ্ত্তমান কম্পিউটাৰ জগতৰ আগশাৰীৰ কোম্পানীটোৰ নাম কি আৰু ইয়াৰ মালিক কোন?

উত্তৰ : কোম্পানীটো মাইক্ৰ’চফ্‌ট (Microsoft) আৰু মালিক বিল গেটছ।

৩২) প্ৰশ্ন : এনিয়াক (ENIAC) হ’ল এটা বৃহৎ গণক যন্ত্ৰ। ইয়াৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : The Electronic Numeric Integrator and Calculator.

৩৩) প্ৰশ্ন : প্ৰথম প্ৰ’গ্ৰেম জমা কৰি কৰিব পৰা যন্ত্ৰটোৰ নাম কি আছিল?

উত্তৰ : এড্‌চেক।

৩৪) প্ৰশ্ন : বিখ্যাত IBM কোম্পানীৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : International Business Machines ; ১৯৪৮ চনৰ পৰা এই কোম্পানীয়ে কম্পিউটাৰ নিৰ্মাণ কৰিবলৈ লয়।

৩৫) প্ৰশ্ন : প্ৰথম বজাৰত ওলোৱা ব্যৱসায়িক কম্পিউটাৰৰ নাম কি?

উত্তৰ : ইউনিভেক – ১।

৩৬) প্ৰশ্ন : প্ৰথম ছুপাৰ কম্পিউটাৰ কেতিয়া কোনে সাজি উলিয়ায়?

উত্তৰ : ১৯৫৮ চনত কেই নামৰ বিজ্ঞানীয়ে।

৩৭) প্ৰশ্ন : কম্পিউটাৰৰ ‘বেছিক’ ভাষাৰ প্ৰবৰ্ত্তন কোন চনত হয়?

উত্তৰ : ১৯৬৫ চনত।

৩৮) প্ৰশ্ন : জনপ্ৰিয় বেছিক (BASIC) ভাষাৰ সম্পূৰ্ণ ৰুপ কি?

উত্তৰ : Beginners All purpose Scientific Insruction Code।

৩৯) প্ৰশ্ন : কোন চনৰ পৰা ব্যক্তিগত কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা হয়?

উত্তৰ : ১৯৭৫ চনত।

৪০) প্ৰশ্ন : ‘MS-DOS’ কোন কোম্পানীৰ উৎপাদন?

উত্তৰ : মাইক্ৰ’ছফ্ট।

৪১) প্ৰশ্ন : সকলো কম্পিউটাৰৰ মূল আহিলা কেইটি কি কি?

উত্তৰ : ইনপুট (Input) গোট, মেমৰি আৰু চি.পি.ইউ (Memory and C.P.U.) আউটপুট (Output) গোট।

৪২) প্ৰশ্ন : কম্পিউটাৰ বিজ্ঞানৰ জ্ঞানৰ ভাগ দুটা কি কি?

উত্তৰ : হাৰ্ডওৱেৰ (Hardware) আৰু চফটোৱেৰ (Software)।

৪৩) প্ৰশ্ন : বতৰ বিজ্ঞান, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা, মহাকাশ অভিযান সম্পৰ্কীয় কাম-কাজত কোনবিধ কম্পিউটাৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ : চুপাৰ কম্পিউটাৰ।

৪৪) প্ৰশ্ন : (COBOL) ৰ অৰ্থ কি?

উত্তৰ : Common Business Oriented Language.

৪৫) প্ৰশ্ন : কোনো সমস্যাৰ সমাধান পদ্ধতি কম্পিউটাৰৰ ভাষাত ৰুপান্তৰিত কৰাক কি বোলে?

উত্তৰ : প্ৰ’গ্ৰেমিং (Programming)।

৪৬) প্ৰশ্ন : বিট কি?

উত্তৰ : দ্বৈত প্ৰণালীৰ সংখ্যাৰ প্ৰত্যেক অংকক (0 বা 1) অক এক বিট (Bit) বোলে।

৪৭) প্ৰশ্ন : এটা বাইটত কিমানটা বিট থাকে?

উত্তৰ : আঠোটা বিটৰ সমষ্টি এক বাইট।

৪৮) প্ৰশ্ন : কেলকুলেটৰ বা অন্য ডিজিটেল যন্ত্ৰবোৰত যিটো গোটৰ দ্বাৰা সংখ্যাবোৰ দেখা যায় তাক কোৱা হয় FND। ইয়াৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : Find Numerical Display ।

৪৯) প্ৰশ্ন : ‘এডিভাক’ নামৰ যন্ত্ৰটো কোনে উলিয়াইছিল?

উত্তৰ : প্ৰখ্যাত গণিতজ্ঞ জন ভন নিউমেনৰ মুখ্য সহযোগত মাছলি আৰু একাৰ্টে।

৫০) প্ৰশ্ন : কম্পিউটাৰৰ ভিতৰত স্মৃতিৰ দুটা উপাংশ আছে, উপাংশ দুটাৰ নাম কি?

উত্তৰ : RAM আৰু ROM ।

লেখিকা: প্ৰতিভা দেৱী, কুইজ মঞ্চ

শেহতীয়া উন্নীতকৰণ: : 6/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate