অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন বঁটা আৰু সন্মান

অসম সাহিত্য সভাই প্ৰদান কৰা বঁটা

অসম সংঘ (আমেৰিকা) বঁটা

এই বঁটা মহাবিদ্যালয় আৰু বিচববিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰি শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক পুৰস্কৃত কৰা হয়। এই বঁটাৰ পুঁজিৰ পৰিমাণ দহ হাজাৰ টকা।

অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা

জাতীয় চেতনাৰ বাণী কঢ়িয়াই অনা, মানৱীয় মূল্যবোধ আৰু সাহিত্য মূল্য সম্পন্ন সৃষ্টিশীল বা আলোচনা মূলক গ্ৰন্থৰ গ্ৰন্থকাৰক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ পুঁজিৰ মূল পৰিমাণ দহ হাজাৰ টকা।

উত্তম চন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা

৩৫ বছৰৰ তলৰ নাট্যকাৰৰ দ্বাৰা অসমীয়া ভাষাত ৰচিত পূৰ্ণাংগ শ্ৰেষ্ঠ নাটকৰ পাণ্ডু লিপিক এই বঁটা প্ৰদান কৰা হয়।

উগ্ৰতাৰা ন্যাস বঁটা

বছৰৰ শ্ৰেষ্ঠ মৌলিক কাব্য গ্ৰন্থক (প্ৰকাশিত) এই বঁটা প্ৰদান কৰা হয়।

কমলা দেৱী বঁটা

বছৰৰ শ্ৰেষ্ঠ শিশু পুথিক এই বঁটা প্ৰদান কৰা হয়। তদুপৰি এই বঁটাৰ পুঁজিৰ ধন শিশু উপযোগী গ্ৰন্থ প্ৰকাশতো ব্যয় কৰা হয়।

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা

অসম সাহিত্য সভাই অসমীয়া ভাষাত প্ৰকাশিত আৰু গ্ৰন্থাকাৰক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা প্ৰদান কৰে।

কুমাৰ কিশোৰ সোঁৱৰণী বঁটা

অসমীয়া ভাষাত ৰচিত শ্ৰেষ্ঠ মৌলিক উপন্যাস সাহিত্য কৃতীক প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰা হয়।

গিৰিধৰ শৰ্মা বঁটা

এই বঁটাৰ দ্বাৰা ন-লেখক-লেখিকাৰ মাজত উপন্যাস প্ৰতিযোগিতা আয়োজন কৰি শ্ৰেষ্ঠ বিবেচিত লেখকক পুৰস্কৃত কৰা হয়।

গোপাল চন্দ্ৰ গোস্বামী বঁটা

বছৰটোৰ বিজ্ঞানৰ জনপ্ৰিয় পুঁথিৰ শ্ৰেষ্ঠ খনক এই বঁটা প্ৰদান কৰা হয়।

ছগনলাল জৈন বঁটা

প্ৰতি বছৰৰ মূৰে মূৰে প্ৰত্যেক দহ বছৰৰ ভিতৰত অসমীয়া ভাষাত ৰচিত মৌলিক গ্ৰন্থৰ শ্ৰেষ্ঠ বিবেচিত গ্ৰন্থৰ গ্ৰন্থাকাৰক ছগনলাল জৈন বঁটা প্ৰদান কৰা হয়।

ডিগবৈ সাহিত্য সেৱা সমিতি বঁটা

প্ৰতি দুবছৰৰ মূৰে মূৰে শ্ৰেষ্ঠ অসমীয়া মৌলিক পূৰ্ণাংগ নাটকক এই পুৰস্কাৰ প্ৰদান কৰা হয়।

তিলক চন্দ্ৰ শৰ্মা সোঁৱৰণী বঁটা

অসমীয়া ভাষাত ৩০ বছৰৰ তলৰ নাট্যকাৰৰ দ্বাৰা ৰচিত, জাতীয় চেতনা জাগত কৰিব পৰা, সামাজিক অন্যায়-অবিচাৰৰ প্ৰত্যাহ্বান স্বৰুপ মৌলিক নাটকৰ পাণ্ডুলিপিক প্ৰতি বছৰৰ মূৰে মূৰে তিলক চন্দ্ৰ শৰ্মা সোৱঁৰণী বঁটা প্ৰদান কৰা হয়।

দুৰ্গাধৰ বৰকটকী সোৱঁৰণী বঁটা

এই বঁটা পুৰণি পুথি সম্পাদনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ বিবেচিত। সম্পাদনা কাৰ্যৰ সম্পাদকক নাইবা পুৰণি সাহিত্য সম্পৰ্কে ৰচিত শ্ৰেষ্ঠ বিবেচিত কোনো গৱেষণা বা সমালোচনা মূলক গ্ৰন্থৰ গ্ৰন্থকাৰক নাইবা পুৰণি অসমীয়া সাহিত্য সম্পৰ্কে তত্ত্বমূলক ৰচনা আহ্বান কৰি শ্ৰেষ্ঠ বিবেচিত ৰচনাৰ লেখকক দুবছৰৰ মূৰে মূৰে পুৰস্কৃত কৰা হয়।

নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা

৬-৯ বছৰ বয়স-সীমাৰ শিশু-উপযোগী সাহিত্যৰ পাণ্ডুলিপি আহ্বান কৰি শ্ৰেষ্ঠ পাণ্ডু লিপিক এই বঁটাৰে পুৰস্কৃত কৰা হয়।

প্ৰেমধৰ দত্ত সোৱঁৰণী বঁটা

শ্ৰেষ্ঠ শিশু পুথিক (প্ৰকাশিত) প্ৰেমধৰ দত্ত সোৱঁৰণী বঁটা প্ৰদান কৰা হয়।

বনমালী শইকীয়া বঁটা

এই বঁটাৰে চাহ মজদুৰ সমাজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰি শ্ৰেষ্ঠ জনক পুৰস্কৃত কৰা হয়।

বাসন্তী বৰদলৈ বঁটা

অসমীয়া ভাষাত লিখা মহিলা লেখিকাৰ গল্প-কবিতা, নাটক-উপন্যাস আদি মৌলিক সাহিত্য আৰু গৱেষণা মূলক গ্ৰন্থৰ বাবে প্ৰতি বছৰে শ্ৰেষ্ঠ মহিলা সাহিত্যিকক নিৰ্বাচিত কৰি এই পুৰস্কাৰ প্ৰদান কৰা হয়।

মহানন্দ বৰুৱা – শশীপ্ৰভা বৰুৱা বঁটা

২৫ বছৰৰ তলৰ গল্প লেখক সকলৰ মাজত প্ৰতিযোগিতা আহ্বান কৰি শ্ৰেষ্ঠ কেইজনক এই বঁটা প্ৰদান কৰা হয়।

মোহন চন্দ্ৰ শৰ্মা বঁটা

এই বঁটাৰ দ্বাৰা অসমীয়া ভাষাত প্ৰকাশিত বছৰৰ শ্ৰেষ্ঠ তত্ত্ব গধুৰ মৌলিক গদ্য গ্ৰন্থক স্বীকৃতি প্ৰদান কৰা হয়।

ৰামদেউ শৰ্মা বঁটা

উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমীয়া বিষয়ত সৰ্ব্বোচ্চ নম্বৰ পাওঁতা পৰীক্ষাৰ্থীক এই পুৰস্কাৰ প্ৰদান কৰা হয়।

শৰৎ চন্দ্ৰ সোস্বামী বঁটা

অনা-অসমীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা আহ্বান কৰি শ্ৰেষ্ঠ বিবেচিত ৰচনাক এই বঁটা প্ৰদান কৰা হয়।

সীতানাথ ব্ৰহ্মচৌধুৰী স্মাৰক বঁটা

অসমীয়া জাতি-উপজাতি সমন্বয় আৰু সংহতিৰ বক্তব্য দাঙি ধৰা শ্ৰেষ্ঠ আলোচনা বা গ্ৰন্থক সীতানাথ ব্ৰহ্মচৌধুৰী স্মাৰক বঁটাৰে পুৰস্কৃত কৰা হয়।

হৰি প্ৰসাদ নেওগ মুদ্ৰণ আৰু অলংকৰণ বঁটা

অসমীয়া ভাষাত ৰাজনৈতিক পটভূমিত ৰচিত শ্ৰেষ্ঠ মৌলিক ভ্ৰমণ সাহিত্য-কীৰ্তিৰ বাবে প্ৰতি তিনি বছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰা হয়।

(বিভিন্ন কাৰণত সভাৰ কেইবাটাও বঁটা প্ৰদান বন্ধ হৈ আছে।)

সদস্য মহীয়ান আৰু সাহিত্যাচাৰ্য

অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ আজীৱন সাধনাৰে মূল্যৱান বৰঙণি আগবঢ়োৱা ব্যক্তিক ‘সদস্য মহীয়ান’ আৰু ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰদান কৰি আহিছে। পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ (১৯৭৮), মহেশ্বৰ নেওগ (১৯৮৮), সত্যেন্দ্ৰ নাথ শৰ্মা (১৯৯৫), মুকুন্দ মাধৱ শৰ্মাক (২০০৭), ‘সদস্য মহীয়ান’ আৰু মিত্ৰদেৱ মহন্ত (১৯৮২), অতুল চন্দ্ৰ হাজৰিকা (১৯৮২), বিনন্দ চন্দ্ৰ বৰুৱা (১৯৮৯), যজ্ঞেশ্বৰ শৰ্মা (১৯৮৯), সত্যেন্দ্ৰ নাথ শৰ্মা (১৯৮৯), চৈয়দ আব্দুল মালিক (১৯৯৭), যতীন্দ্ৰ নাথ গোস্বামী (১৯৯৭), গোলোক চন্দ্ৰ গোস্বামী (২০০২), ভূপেন হাজৰিকা, মহিম বৰা আৰু হৰিনাথ শৰ্মা দলৈক (২০০৮) ‘সাহিত্যাচাৰ্য’ উপাধিৰেসন্মান লাভ কৰিছে।

সভাই ধৰ্মেশ্বৰী দেৱী বৰুৱানীক ‘কাব্য ভাৰতী’ আৰু লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধিৰে বিভূষিত কৰে।

শ্ৰীমন্ত শংকৰদেৱ বঁটা

১৯৮৬ চনৰ পৰা অসম চৰকাৰে সাহিত্য, কলা-সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তিলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবাঢ়াই আহিছে। অসমৰ জাতীয় জীৱনৰ সৰ্বকালৰ শ্ৰেষ্ঠ পুৰুষৰুপে অভিহিত শ্ৰীমন্ত শংকৰদেৱৰ নামত এই বঁটা ৫০ বছৰ বা ততোধিক বয়সৰ ভাৰতীয় নাগৰিকক প্ৰদান কৰা হয়। কোনো ব্যক্তিৰ একক কৰ্ম বা সাফল্যতকৈ, এক নিৰ্দিষ্ট সময়ত ব্যক্তি জনৰ কৰ্মৰাজিৰ সামগ্ৰিক মূল্যায়নৰ ভিত্তিতহে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হত। এই বঁটাৰ অৰ্থমূল্য তিনি লাখ টকা ; লগতে আছে এখন প্ৰশংসা পত্ৰ আৰু  এটা সোণৰ পদক।

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী সকল

চন

বিজয়ী সকল

১৯৮৬

কীৰ্তিনাথ হাজৰিকা

১৯৮৭

ভূপেন হাজৰিকা

১৯৮৮

সত্যজিৎ ৰায়

১৯৮৯

মহেশ্বৰ নেওগ

১৯৯০

কপিলা বাৎসায়ন

১৯৯১

সত্যেন্দ্ৰ নাথ শৰ্মা

১৯৯২

ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ

১৯৯৩

সত্য প্ৰসাদ বৰুৱা আৰু গাংগুবাই হাংগল

১৯৯৪

মহেন্দ্ৰ বৰা

১৯৯৫

চৈয়দ আব্দুল মালিক

১৯৯৬

ভবেশ চন্দ্ৰ সান্যাল

১৯৯৭

কেলুচৰণ মহাপাত্ৰ

১৯৯৮

ভবেন্দ্ৰ নাথ শইকীয়া

১৯৯৯

আমজাদ আলী খান

২০০০

সোণাৰাম চুতীয়া

২০০১

আচাৰ্য ইলাৰাম দাস

২০০২

ইন্দিৰা মিৰি

২০০৩

হবিব তনবিৰ

২০০৪

নাৰায়ণ দেৱ গোস্বামী পাৰবিন চুলতানা

২০০৫

বি জি ভাৰ্গিজ

২০০৬

কেশৱানন্দ দেৱ গোস্বামী

 

আনন্দৰাম বৰুৱা বঁটা

অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আগবঢ়োৱা তথা ভাষাতত্ত্ব বিদ, সংস্কৃতজ্ঞ একোজন পণ্ডিতক প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা আৰু এখন মানপত্ৰ।

বিষ্ণুৰাম ৰাভা বঁটা

অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে বিষ্ণুৰাম বঁটা আগবঢ়োৱা হয়। এই বঁটাৰ মূল্য ২৫ হাজাৰ টকা আৰু লগতে এখনি মানপত্ৰ।

অসম উপত্যকা সাহিত্য বঁটা

অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰটো হৈছে ‘অসম উপত্যকা সাহিত্য বঁটা’। সৃজনী মূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটাত নগদ দুই লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু বিশেঅষ ভাৱে নিৰ্মিত এটা ট্ৰফি দিয়া হয়। ১৯৯০ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এতিয়ালৈকে এই বঁটা লাভ কৰা অসমীয়া সাহিত্যিক সকল হ’ল : ভবেন্দ্ৰ নাথ শইকীয়া (১৯৯০), হোমেন বৰগোহাঞি (১৯৯১), চৈয়দ আব্দুল মালিক (১৯৯২), নৱকান্ত বৰুৱা (১৯৯৩), যোগেশ দাস (১৯৯৪), সৌৰভ কুমাৰ চলিহা (১৯৯৫), উমাকান্ত শৰ্মা (১৯৯৬), নীলমণি ফুকন (১৯৯৭), মহিম বৰা (১৯৯৮), অজিৎ বৰুৱা (১৯৯৯), হীৰেন ভট্টচাৰ্য (২০০০), শীলভদ্ৰ (২০০১), চন্দ্ৰ প্ৰসাদ শইকীয়া (২০০২), নিৰুপমা বৰগোহাঞি (২০০৩), লক্ষ্মীনন্দন বৰা (২০০৪), অৰুণ শৰ্মা (২০০৫), নলিনীধৰ ভট্টাচাৰ্য (২০০৬), নগেন শইকীয়া (২০০৭), ৰংবং তেৰাং (২০০৮)।

ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা

সামাজিক সমন্বয়৬ আৰু ৰাষ্ট্ৰীয় ঐক্য তথা অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিলৈ অসম চৰকাৰে ২০০৫ চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা প্ৰদান কৰি আহিছে। ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া ফকৰুদ্দিন আলি আহমেদৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটা সকলো ভাৰতীয় নাগৰিকৰ বাবে মুকলি। কোনো ব্যক্তিৰ একক কৰ্ম বা সাফল্যতকৈ, এক নিৰ্দিষ্ট সময়ত ব্যক্তি জনৰ কৰ্মৰাজিৰ সামগ্ৰিক মূল্যায়নৰ ভিত্তিতহে এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। এই বঁটাত আছে নগদ দুই লাখ টকা আৰু এখন প্ৰশংসা-পত্ৰ। এতিয়া লৈকে এই বঁটা লাভ কৰা ব্যক্তি সকল হ’ল : সুনীল দত্ত (মৰণোত্তৰ ভাৱে, ২০০৫), শেখৰ গুপ্তা (২০০৬) আৰু শ্বাবানা আজমী (২০০৭)।

মুনীন বৰকটকী বঁটা

প্ৰতিশ্ৰুতি সম্পন্ন লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টি ধৰ্মী বা সমালোচনা মূলক গ্ৰন্থ / পাণ্ডুলিপিৰ বাবে সাধাৰণতে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ ২৫,০০০ টকা আৰু এখন মানপত্ৰ।

প্ৰবীণা শইকীয়া বঁটা

যশস্বী লেখিকা প্ৰবীণা শইকীয়াৰ স্মৃতিত অসম লেখিকা সংস্থাৰ উদ্যোগত আৰু প্ৰবীণা শইকীয়াৰ স্বামী চন্দ্ৰ প্ৰসাদ শইকীয়াৰ সহযোগত মহিলা সাহিত্যিকক এই বঁটা প্ৰদান কৰা হয়। ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত নগদ ১০,০০০ টকা, এখন প্ৰশস্তি পত্ৰ আৰু এটা ফলক আগবঢ়োৱা হয়। এতিয়া লৈকে এই বঁটা লাভ কৰা সকল হ’ল : নীলিমা দত্ত (১৯৯৯), নিৰুপমা বৰগোহাঞি (২০০০), নিমল প্ৰভা বৰদলৈ (২০০১), শুচিব্ৰতা ৰায়চৌধুৰী (২০০২), চিত্ৰলতা ফুকন (২০০৩), অণিমা দত্ত (২০০৪), প্ৰীতি বৰুৱা (২০০৫), পূৰবী বৰমুদৈ (২০০৬), স্বৰ্ণ বৰা (২০০৭), কেশদা মহন্ত (২০০৮)।

অসম ৰত্ন

অসমৰ জাতীয় জীৱনৰ সৃষ্টি ধৰ্মী, বিকাশমুখী চেতনাৰ লগত নিজকে নিবিড় ভাৱে জড়িত কৰি নিজ কৰ্ম দক্ষতাৰে প্ৰভূত বৰঙণি যোগাই অহা ব্যক্তিৰ সাধনালব্ধ প্ৰচেষ্টাৰ স্বীকৃতি স্বৰুপে অসম চৰকাৰে ২০০৮ চনৰ পৰা অসম ৰত্ন বঁটা প্ৰৱৰ্তন কৰিছে। এই বঁটাত আছে এখনি অংগ বস্ত্ৰ, এটি স্মৃতি চিহ্ন আৰু নগদ তিনি লাখ টকা। প্ৰথমবাৰ (২০০৮) এই বঁটা লাভ কৰে ডঃ ভূপেন হাজৰিকাই।

প্ৰকাশন পৰিষদ বঁটা

অসমীয়া সাহিত্যৰ বাছক বনীয়া গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰে। ১৯৭৩ চনৰ পৰা প্ৰদান কৰি অহা হৈছিল যদিও মাজতে কেইবছৰমানৰ বাবে এই বঁটা স্থগিত ৰখা হৈছিল। ২০০০ চনত পুনৰ এই বঁটা প্ৰদান কৰা হয়, যদিও সেই বছৰৰ পাছত বঁটা প্ৰদানৰ পুনৰ স্থগিত ৰখা হৈছে। এই বঁটাৰ অৰ্থ মূল্য দহ হাজাৰ টকা। লগতে দিয়া হয় এখন ৰুপৰ সঁফুৰা, মুগাৰ কাপোৰত মুদ্ৰিত অভিনন্দন পত্ৰ আৰু পৰিষদৰ কুৰি খন মূল্যৱান গ্ৰন্থৰ এটা টোপোলা। এতিয়া লৈকে এই বঁটা বিজয়ী সকল আৰু তেওঁলোকৰ গ্ৰন্থ সমূহ হ’ল :

ভবেন্দ্ৰ নাথ শইকীয়া

সেন্দুৰ, ১৯৭৩

নৱকান্ত বৰুৱা

মোৰ আৰু পৃথিৱীৰ, ১৯৭৪

হোমেন বৰগোহাঞি

পিতা-পুত্ৰ, ১৯৭৬

নীলমণি ফুকন

কাঁইট আৰু গোলাপ, ১৯৭৭

ভবেন বৰুৱা

সোণালী জাহাজ, ১৯৭৮

দেৱেন্দ্ৰনাথ আচাৰ্য

কালপুৰুষ, ১৯৭৯

মেদিনী মোহন চৌধুৰী

তাত নদী নাছিল, ১৯৭৯

মহিম বৰা

ৰাতি ফুলা ফুল, ১৯৮০

ৰংবং তেৰাং

ৰংমিলিৰ হাঁহি, ১৯৮২

ত্ৰৈলোক্যনাথ গোস্বামী

নন্দনতত্ত্ব : প্ৰাচ্য আৰু পাশ্চাত্য, ১৯৮৩

মুনীন বৰকটকী

বিস্মৃত ব্যতিক্ৰম, ১৯৮৪

সত্যেন্দ্ৰনাথ শৰ্মা

ৰামায়ণৰ ইতিবৃত্ত, ১৯৮৭

উমাকান্ত শৰ্মা

এজাক মানুহ এখন অৰণ্য, ১৯৮৮

শীলভদ্ৰ

অনুসন্ধা, ১৯৯০

চন্দ্ৰপ্ৰসাদ শইকীয়া

তোৰে মোৰে আলোকৰে যাৰী, ২০০০

 

সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক আৰু গ্ৰন্থ

যতীন্দ্ৰনাথ দুৱৰা

বনফুল, ১৯৫৫

বেণুধৰ শৰ্মা

কংগ্ৰেছৰ কাঁচিয়লিৰ ৰ’দত, ১৯৬০

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

ইয়াৰুইঙ্গম, ১৯৬১

বিৰিঞ্চি কুমাৰ বৰুৱা

অসমৰ লোক-সংস্কৃতি, ১৯৬৪

অম্বিকাগিৰী ৰায়চৌধুৰী

বেদনাৰ উল্কা, ১৯৬৬

ত্ৰৈলোক্যনাথ গোস্বামী

আধুনিক গল্প-সাহিত্য, ১৯৬৭

নলিনীবালা দেৱী

অলকানন্দা, ১৯৬৮

অতুল চন্দ্ৰ হাজৰিকা

মঞ্চলেখা, ১৯৬৯

লক্ষ্মীনাথ ফুকন

মহাত্মাৰ পৰা ৰুপকোঁৱৰলৈ, ১৯৭০

চৈয়দ আব্দুল মালিক

অঘৰী আত্মাৰ কাহিনী, ১৯৭২

সৌৰভ কুমাৰ চলিহা

গোলাম, ১৯৭৪

নৱকান্ত বৰুৱা

ককাদেউতাৰ হাড়, ১৯৭৫

ভবেন্দ্ৰ নাথ শইকীয়া

শৃংখলা, ১৯৭৬

আনন্দ চন্দ্ৰ বৰুৱা

বকুলবনৰ কবিতা, ১৯৭৭

হোমেন বৰগোহাঞি

পিতা-পুত্ৰ, ১৯৭৮

ভবেন বৰুৱা

সোণালী জাহাজ, ১৯৭৯

যোগেশ দাস

পৃথিৱীৰ অসুখ, ১৯৮০

নীলমণি ফুকন

কবিতা, ১৯৮১

মামনি ৰয়ছম গোস্বামী

মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২

নিৰ্মলপ্ৰভা বৰদলৈ

সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩

দেৱেন্দ্ৰনাথ আচাৰ্য

জংগম (মৰণোত্তৰভাৱে, ১৯৮৪)

কৃষ্ণকান্ত সন্দিকৈ

কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ (মৰণোত্তৰ ভাৱে, ১৯৮৫)

তীৰ্থনাথ শৰ্মা

বেণুধৰ শৰ্মা, ১৯৮৬

হৰেকৃষ্ণ ডেকা

আন এজন, ১৯৮৭

লক্ষ্মীনন্দন বৰা

পাতাল ভৈৰৱী, ১৯৮৮

হীৰেন গোঁহাই

অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯

স্নেহ দেৱী

স্নেহ দেৱীৰ একুঁকি গল্প (মৰণোওত্তৰ ভাৱে, ১৯৯০)

অজিৎ বৰুৱা

ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১

হীৰেন ভট্টাচাৰ্য

শইচৰ পথাৰ মানুহ, ১৯৯২

কেশৱ মহন্ত

মোৰ যে কিমান হেঁপাহ, ১৯৯৩

শীলভদ্ৰ

মধুপুৰ বহু দূৰ, ১৯৯৪

চন্দ্ৰ প্ৰসাদ শইকীয়া

মহাৰথী, ১৯৯৫

নিৰুপমা বৰগোহাঞি

অভিযাত্ৰী, ১৯৯৬

নগেন শইকীয়া

আন্ধাৰত নিজৰ মুখ, ১৯৯৭

অৰুণ শৰ্মা

আশীএবাদৰ ৰং, ১৯৯৮

মেদিনী চৌধুৰী

বিপন্ন সময়, ১৯৯৯

অপূৰ্ব শৰ্মা

বাঘে টাপুৰ ৰাতি, ২০০০

মহিম বৰা

এধানি মাহীৰ হাঁহি, ২০০১

নলিনীধৰ ভট্টাচাৰ্য

মহৎ ঐতিহ্য, ২০০২

বীৰেশ্বৰ বৰুৱা

অনেক মানুহ, অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩

হীৰেন্দ্ৰনাথ দত্ত

মানুহ অনুকূলে, ২০০৪

য়েছে দৰজে ঠংচি

মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫

অতুলানন্দ গোস্বামী

চেনেহ জৰীৰ গাঁঠি, ২০০৬

পূৰবী বৰমুদৈ

শান্তনুকুলনন্দন, ২০০৭

ৰীতা চৌধুৰী

দেও লাংখুই, ২০০৮

 

ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৭

শ্ৰেষ্ঠ ছবি

আইদেউ

শ্ৰেষ্ঠ পৰিচালক

বিদ্যুৎ চক্ৰৱৰ্তী

শ্ৰেষ্ঠ অভিনেতা

দীপক ভূঞা (অস্তৰাগ)

শ্ৰেষ্ঠ অভিনেত্ৰী

চন্দনা শৰ্মা (অস্তৰাগ)

জীৱনজোৰা সাধনাৰ বঁটা

ডঃ ভূপেন হাজৰিকা

 

লেখক : শান্তনু কৌশিক বৰুৱা

লেখিকা : প্ৰীতিমা কৌশিক বৰুৱা

উৎস : নতুন জানানে

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate