অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লালকিল্লা

লালকিল্লা

মোগলৰ স্থাপত্য শিল্পৰ নিদৰ্শন সমুহৰ ভিতৰত দিল্লীৰ লালকিল্লা উল্লেখযোগ্য| দিল্লীৰ যমুনা নৈৰ পাৰত ৰঙা (লাল) বালীয়া শিলেৰে নিৰ্মাণ কৰা দুৰ্গ (কিল্লা) বাবেই ই লালকিল্লা নামেৰে জনাজাত| মোগল সম্ৰাট চাহজাহানে ৰাজধানী দিল্লীৰ প্ৰতিৰক্ষাৰ স্বাৰ্থতেই এই দুৰ্গ নিৰ্মাণ কৰাইছিল| ওস্তাদ হামিদ আৰু হীৰা নামৰ দুজন স্থপতিবিদে ইয়াৰ নিৰ্মাণত প্ৰধান ভুমিকা পালন পালন কৰিছিল| ১৬৩৯ চনত আৰম্ভ কৰা কাম ১৬৪৬ চনৰ ১৩ মে’ত সম্পুৰ্ণ হৈ উঠিছিল| পূৱা-পশ্চিমাকৈ ইয়াৰ দৈৰ্ঘ্য ১,৬০০ ফুট আৰু উত্তৰা-দক্ষিণাকৈ ৩,২০০ ফুট| প্ৰ্ৱেশ দ্বাৰৰ গেটখনক ‘লাহোৰ গেট’ নামে জনা যায়|প্ৰতি বছৰে ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱস এই লালকিল্লাতে পালন কৰি অহা হৈছে| লালকিল্লাৰ ভিতৰ ভাগত ৰং মহল, মতি মহল, দেৱান ই খাছ, দেৱান ই আম বগা পাথৰেৰে নিৰ্মিত অপুৰ্ব সৃষ্টি| চাহজাহানে নিৰ্মাণ কৰা বিখ্যাত ‘ময়ুৰ সিংহাসন’ এই লালকিল্লাতে আছিল|

লালকিল্লাৰ প্ৰাংগনত সন্ধিয়া শব্দ আৰু পোহৰৰ এটি বিশেষ অনুষ্ঠান হয়| ইয়াত মোগল ৰাজত্বৰ আৰম্ভণিৰ পৰা ভাৰতে স্বাধীনতা পোৱালৈকে এই সময়ছোৱাৰ কাহিনী শব্দ আৰু পোহৰৰ সহায়ত প্ৰদৰ্শিত হৈ আহিছে| ইতিহাসৰ বিভিন্ন ঘটনাৰ সাক্ষী লালকিল্লা ভাৰতৰ অন্যতম উল্লেখনীয় দুৰ্গ|

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate