অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংগীত আৰু চলচ্চিত্ৰ

১) প্ৰশ্ন : অসমৰ প্ৰথম অংকীয়া নাট ‘চিহ্নযাত্ৰা’ কিমান চনত কোনে শুভাৰম্ভ কৰিছিল?

উত্তৰ : ১৪৬৮ চনত ; শঙ্কৰদেৱে।

২) প্ৰশ্ন : যাত্ৰাভিনয়ৰ প্ৰথম অসমীয়া নাট?

উত্তৰ : জয়দ্ৰথ বধ (১৯০৯ চন) নাট্যকাৰ অম্বিকাগিৰি ৰায়চৌধুৰী।

৩) প্ৰশ্ন : অসমৰ প্ৰথম ভ্ৰামুঅমান থিয়েটাৰ খনৰ নাম কি?

উত্তৰ : ‘নটৰাজ থিয়েটাৰ’।

৪) প্ৰশ্ন : বিহু নৃত্যত নাচনী সকলে ব্যৱহাৰ কৰা খোপাক কি বোলা?

উত্তৰ : নেঘেৰী খোপা।

৫) প্ৰশ্ন : ঢুলীয়া ভাউনাৰ প্ৰখ্যাত ভাৱৰীয়া “মোহন ভাইৰা”ৰ প্ৰকৃত নামটো কি?

উত্তৰ : মোহন চন্দ্ৰ বৰ্মন।

৬) প্ৰশ্ন : অসমৰ পোন প্ৰথমে ক’ত কেতিয়া বিহু উদ্‌যাপন কৰা হৈছিল?

উত্তৰ : ডিব্ৰুগড় চহৰত ; ১৯৪১ চনত।

৭) প্ৰশ্ন : গুৱাহাটী দূৰদৰ্শনৰ প্ৰথম চিৰিয়েল কি?

উত্তৰ : জীৱনৰ বাটত।

৮) প্ৰশ্ন : কোন গৰাকী অসমীয়া লোকগীতৰ শিল্পীক ‘হস্তীৰ কন্যা’ নামে জনা গৈছিল?

উত্তৰ : প্ৰতিমা পাণ্ডে (বৰুৱা)।

৯) প্ৰশ্ন : পিকাছ’ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ চিত্ৰশিল্পী এওঁৰ সম্পূৰ্ণ নামটো কি?

উত্তৰ : পাৱলো ৰুই পিকাছো।

১০) প্ৰশ্ন : “ভাৰত নাট্যম” কোন প্ৰদেশৰ নৃত্য?

উত্তৰ : তামিলনাডুৰ।

১১) প্ৰশ্ন : অজন্তা আৰু ইলোৰা গুহৰ চিত্ৰকলা কোন যুগত?

উত্তৰ : গুপ্তযুগৰ।

১২) প্ৰশ্ন : সৰ্বাধিক গীতৰ ৰেকৰ্ড কৰি বিশ্বৰ অভিলেখ স্থাপন কৰা ব্যক্তি গৰাকী কোন?

উত্তৰ : লতা মঙ্গেশকাৰ।

১৩) প্ৰশ্ন : কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য অ’ডিছি?

উত্তৰ : উৰিষ্যা।

১৪) প্ৰশ্ন : ‘কথক’ কোন অঞ্চলৰ ধ্ৰুপদী নৃত্য?

উত্তৰ : উত্তৰ ভাৰত।

১৫) প্ৰশ্ন : হিন্দুস্তানী সংগীতৰ আটাইতকৈ পুৰণা ঘৰাণাটোৰ নাম কি?

উত্তৰ : গোৱালিয়ৰ ঘৰাণা।

১৬) প্ৰশ্ন : অসমৰ প্ৰথম চিনেমা হল কোনটো?

উত্তৰ : তেজপুৰৰ জোনাকী চিত্ৰগৃহ।

১৭) প্ৰশ্ন : অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’টোৰ নাম কি?

উত্তৰ : জ্যোতি চিত্ৰবন, গুৱাহাটী (১৯৬৮ চনৰ ১৭ জানুৱাৰী)।

১৮) প্ৰশ্ন : অসমীয়া বোলছবিৰ পিতৃ হিচাপে কাক জনা যায়?

উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

১৯) প্ৰশ্ন : প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত নিৰ্মাণ হৈছিল আৰু এই ছবিত গদাপানি আৰু জয়মতীৰ ভাওনা কোন নায়ক আৰু নায়িকাই অংশ গ্ৰহণ কৰিছিল?

উত্তৰ : ১৯৩৫ চনত,

গদাপাণি – ফুনু বৰুৱা

জয়মতী – আইদেউ সন্দিকৈ।

২০) প্ৰশ্ন : অসমীয়া ৰঙীন ছবি কোনখন?

উত্তৰ : ভাইটি (১৯৭২ চনত মুক্তিলাভ কৰে) ; পৰিচালক – কমল নাৰায়ণ চৌধুৰী।

২১) প্ৰশ্ন : সংগীত নাটক একাডেমী পুৰস্কাৰ বিজেতা প্ৰথম অসমীয়া শিল্পী গৰাকী কোন?

উত্তৰ : ড° ভূপেন হাজৰিকা।

২২) প্ৰশ্ন : ড° ভূপেন হাজৰিকাই সঙ্গীত পৰিচালনা কৰি শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমীয়া কথাছবি খনৰ নাম কি?

উত্তৰ : “চামেলী মেমেচাব”।

২৩) প্ৰশ্ন : প্ৰথম অসমীয়া শিশু ছবিখন কি?

উত্তৰ : “অবুজ বেদনা” (১৯৯৩ চন)।

২৪) প্ৰশ্ন : ড° ভবেন্দ্ৰ নাথ শইকীয়াই নিৰ্মাণ আৰু পৰিচালনা কৰা আটাইকেইখন ছবিয়েই ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছে আৰু শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। ড° শইকীয়াই নিৰ্মাণ আৰু পৰিচালনা কৰা প্ৰথম ছবিখন কি?

উত্তৰ : ‘সন্ধ্যাৰাগ’।

২৫) প্ৰশ্ন : “অগ্নিস্নান” কথাছবিখন ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ এখন উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল। উপন্যাসখনৰ নাম কি আৰু ছবিখনে মুক্তি লাভ কৰা তাৰিখটো কি আছিল?

উত্তৰ : অন্তৰীপ ; অগ্নিস্নান চিনেমাখনে ১৯৮৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে মুক্তিলাভ কৰিছিল।

২৬) প্ৰশ্ন : ড° ভবেন্দ্ৰ নাথ শইকীয়াই নিৰ্মাণ আৰু পৰিচালনা কৰা হিন্দী ছবিখনৰ নাম কি? এই ছবিখন কোনে প্ৰযোজনা কৰিছিল?

উত্তৰ : কালসন্ধ্যা (১৯৯৭)। এই ছবিখনৰ প্ৰযোজক আছিল “ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগম”।

২৭) প্ৰশ্ন : অভিনেতা সঞ্জীৱ সভাপণ্ডিতে পৰিচালিত কোন খন বোলছবিয়ে ২০০৪ চনত “পৰিবেশ শিতানত শ্ৰেষ্ঠ” ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়?

উত্তৰ : “জুয়ে পোৰা সোণ”।

২৮) প্ৰশ্ন : ইং ১৯৯১ চনত সৰ্বভাৰতীয় ক্ষেত্ৰত শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকীৰ নাম কি? তেওঁ অভিনয় কৰা কথাছবি খনৰ নাম কি আৰু কি চৰিত্ৰ অহিনয় কৰিছিল?

উত্তৰ : মলয়া গোস্বামী ; কথাছবি – ফিৰিঙতি ; অভিনয় কৰা চৰিত্ৰ – ঋতু নামৰ এগৰাকী শিক্ষয়িত্ৰী।

২৯) প্ৰশ্ন : আন্তৰ্জাতিক ক্ষেত্ৰত স্বৰ্ণকমল প্ৰাপ্ত অসমীয়া চিনেমাখনৰ নাম কি?

উত্তৰ : “হালধীয়া চৰায়ে বাওঁধান খায়” (১৯৮৭ চন)

পৰিচালক – জাহ্ন বৰুৱা , শৈল বৰুৱা।

৩০) প্ৰশ্ন : ২০০৪ চনত অনুষ্ঠিত হোৱা “ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা” কোন অসমীয়া শিল্পীয়ে লাভ কৰে?

উত্তৰ : শ্ৰেষ্ঠ শিশুছবি পৰিচালকৰ বঁটঅ – জাহ্ন বৰুৱা ; কথাছবি – তৰা।

শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা – তৰালী শৰ্মা ; কথাছবি – আকাশী তৰাৰ কথাৰে।

৩১) প্ৰশ্ন : ২০০৬ চনৰ জাপানৰ সন্মানীয় “ক’ডাক ভিছন বঁটা” কোন গৰাকী ব্যক্তিয়ে কিহৰ বাবে লাভ কৰে?

উত্তৰ : পৰিচালক – জাহ্ন বৰুৱাই ; “মেইনে গান্ধীকো নেহীমৰা” নামৰ কথাছবিৰ বাবে।

৩২) প্ৰশ্ন : কোনখন চিনেমাৰে ভাৰতীয় চিনেমাৰ জয়যাত্ৰাৰ সূচনা হৈছিল?

উত্তৰ : দাদা চাহেব ফাল্কে নিৰ্বাক ছবি “ৰাজা হৰিশ্চন্দ্ৰ”ৰ জৰিয়তে। (১৯১৩ চন)।

৩৩) প্ৰশ্ন : প্ৰথম ভাৰতীয় সবাক ছবি কোনখন আৰু কিমান চনত কোনটো চিনেমা হলত মুক্তি লাভা কৰে?

উত্তৰ : আৰ্দেশী ইৰানীৰ “আলম আৰা”; মুক্তিলাভ কৰে ১৯৩১ চনত “ মেজেণ্টিক চিনেমা হলত।

৩৪) প্ৰশ্ন : ১৯৪২ চনৰ ২ অক্টোবৰত কোনজন অভিনেতাই ইনকিলাব শ্ৰীবাস্তৱ পৰিচয়েৰে জন্ম হৈছিল?

উত্তৰ : অমিতাভ অচ্চন।

৩৫) প্ৰশ্ন : ভাৰতৰ প্ৰথম চিনেমা হল কোনটো?

উত্তৰ : এলফিনষ্টোন পিকচাৰ পেলেচ (কলিকতা, ১৯০৪ চন)।

৩৬) প্ৰশ্ন : আদি শঙ্কৰাচাৰ্য’ নামৰ ভাৰতীয় ছবিখন কি ভাষাৰ?

উত্তৰ : সংস্কৃত ভাষাৰ।

৩৭) প্ৰশ্ন : ভাৰতত সৰ্বপ্ৰথমে প্ৰদৰ্শন কৰা বোলছবি খনৰ নাম কি?

উত্তৰ : “মেলেডি অফ লাভ” (ইং ১৮২০ চন)।

৩৮) প্ৰশ্ন : আধুনিক চিনেমাৰ উদ্ভাৱক ৰুপে কাক আখ্যা দিয়া হয়?:

উত্তৰ : ফৰাচী দেশৰ ভ্ৰাতৃদ্বয় আগষ্ট লুমিয়েৰ আৰু লুই লুমিয়েৰ।

৩৯) প্ৰশ্ন : লুমিয়েৰ ভ্ৰাতৃদ্বায় সজা আধুনিক চিনেমাৰ যন্ত্ৰটোৰ নাম কি?

উত্তৰ : ‘চিনেমাটো গ্ৰাফ’ (১৮৯৫ চনৰ ২৮ ডিচেম্বৰত তেওঁলোকে এই যন্ত্ৰটো পেটেণ্ট কৰে)।

৪০) প্ৰশ্ন : ভাৰতৰ প্ৰথম নিৰ্মিত কাৰ্টুন ছবিখনৰ নাম কি?

উত্তৰ : বাবু।

৪১) প্ৰশ্ন : ভাৰতৰ প্ৰথম ৰঙীন ছবি কি?

উত্তৰ : ছোৰাব মোদীৰ ‘ঝান্সী কি ৰাণী’।

৪২) প্ৰশ্ন : কালিদাস, জামাইষষ্ঠী আৰু ভক্ত প্ৰহ্লাদ এই কেইখন চিনেমাৰ মাজত কি মিল আছে?

উত্তৰ : তামিল, বাংলা আৰু তেলেগু ভাষাৰ প্ৰথম সবাক ছবি।

৪৩) প্ৰশ্ন : ২০০৪ চনৰ ৫১ তম্‌ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ মনোৰঞ্জন ধৰ্মী ছবি কোনখন?

উত্তৰ : মুন্নাভাই এম বি বি এছ।

৪৪) প্ৰশ্ন : ভাৰতীয় কথাছবিত আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰা প্ৰথম মহিলা শিল্পী কোন?

উত্তৰ : নাৰ্গিছ দত্ত। ১৯৫৮ চনত “মাদাৰ ইণ্ডিয়া ছবিখনত কাৰ্ল’ভীভেৰী বঁটা লাভ কৰে।

৪৫) প্ৰশ্ন : অমিতাভ বচ্ছন অভিনীত প্ৰথম ছবিখন কি?

উত্তৰ : সাত হিন্দুস্থানী।

৪৬) প্ৰথম : ভাৰতৰ প্ৰথম ছবিখনৰ নায়ক কোন আছিল?

উত্তৰ : পৃথ্বীৰাজ কাপুৰ।

৪৭) প্ৰশ্ন : “মাহাভাৰত” টি.ভি. চিৰিয়েলৰ কলা নিৰ্দেশক কোন আছিল?

উত্তৰ : যতীন্দ্ৰ কুমাৰ বাগ্‌ছি।

৪৮) প্ৰশ্ন : ভাৰতীয় চলচ্চিত্ৰৰ প্ৰবাদ পুৰুষ সত্যজিৎ ৰায়ে দুখনেই মাত্ৰ হিন্দী ছবি নিৰ্মাণ কৰিছ্ল। এখন হৰ্ল টেলিফিল্ম ‘সদ্‌গতি’ আনখন কি?

উত্তৰ : সতৰঞ্জ কি খিলাড়ী।

৪৯) প্ৰশ্ন : ভেনিচ চলচ্চিত্ৰ মহোৎসৱত সৰ্বোচ্চ সন্মান “গোল্‌দেন লায়ন” লাভ কৰা প্ৰথম ভাৰতীয় ছবিখনৰ নাম আৰু পৰিচালকৰ নাম কি আছিল?

উত্তৰ : অপৰাজিত। পৰিচালক – সত্যজিত ৰায়।

৫০) প্ৰশ্ন : বিদেশত মুক্তিলাভ কৰা প্ৰথম বাংলাছবি কি?

উত্তৰ : উৎপলেন্দু চক্ৰৱৰ্তীৰ ‘চন্দানী’।

৫১) প্ৰশ্ন : বৰ্ত্তমানপৃথিৱীৰ সৰ্ববৃহৎ চিনেমা হলটো ক’ত অৱস্থিত?

উত্তৰ : ফ্ৰান্সৰ পেৰিছ চহৰত (১৯৯০ চনত নিৰ্মান কৰা হয়) ৫০০০ মানুহ একেলগে বহিব পাৰে।

৫২) প্ৰশ্ন : অস্কাৰ বঁটা কি?

উত্তৰ :বিশ্বৰ শ্ৰেষ্ঠ কথাছবি শিল্পীলৈ আগবঢ়োৱা United States Academy of Motion Picture Arts and Science নামৰ প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা বঁটা। মাৰ্কিন যুক্তৰাষ্ট্ৰ টেক্সাছ ৰাজ্যৰ অস্কাৰ পীয়েৰ্ছ নামৰ মানুহ এজনে প্ৰথম এই বঁটাটো দিছিল।

৫৩) প্ৰশ্ন : অস্কাৰৰ বঁটা নিৰ্বাচিত প্ৰথম আৰু শেহতীয়া ভাৰতীয় ছবি দুখন কি কি?

উত্তৰ :  প্ৰথম – মাদাৰ ইণ্ডিয়া।

দ্বিতীয় – লগান।

৫৪) প্ৰথম : কোনখন চলচ্চিত্ৰ মহোৎসৱ বৰ্ত্তমান বিশ্বৰ সকলো মহোৎসৱতকৈ প্ৰাচীন?

উত্তৰ :  ভেনিচ চলচ্চিত্ৰ মহোৎসৱ।

৫৫) প্ৰশ্ন : আলফ্ৰেড হিচ্চকৰ বিখ্যাত চিনেমা চাইকো (Psycho) ৰ ৪৫ চেকেণ্ডৰ শ্বাৱাৰৰ দৃশ্যটোত তেজৰ সলনি কি ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ : চকলেট ছিৰাপ।

৫৬) প্ৰশ্ন : ডিজনীৰ দ্বাৰা সৃষ্ট ‘ফেণ্টাছিয়া’ নামৰ চিনেমা খনৰ যাদুকৰ জন (SORCERER) ৰ নামটো কি আৰু ইয়াৰ বিশেষত্ব কি?

উত্তৰ : য়েনছিড (YENSID) নামটো Disney নামটোৰ ওলোটা ৰুপ।

৫৭) প্ৰশ্ন : চলচ্চিত্ৰৰ ইতিহাসত সৰ্বপ্ৰথম (শব্দ থকা) সংলাপটো কি আছিল?

উত্তৰ : ‘ৱেট এ মিনিট, ইউ নাথিং হেভ হাৰ্ড ইয়েত’ সংলাপটো অভিনেতা অ’ল জনছনৰ মুখেৰে ওলোৱা। (১৯২৭ চন)।

৫৮) প্ৰশ্ন : ২০০৪ চনত হলিউডত অনুষ্ঠিত ৬১ তম্‌ ‘গোল্‌ডেন গ্লোব বঁটা’ প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান কোনে লাভ কৰিছিল?

উত্তৰ : শ্ৰেষ্ঠ পৰিচালক – পিটাৰ জেকচন্‌।

কথাছবি – লৰ্ড অৱ  দ্য ৰিংছঃ ৰিটাৰ্ণ অৱ দ্য কিং।

৫৯) প্ৰশ্ন : ১১ টা অস্কাৰ লাভ কৰি ১৯৯৮ চনত কোনখন কথাছবিয়ে বিশ্ব অভিলেখ ভংগ কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত হৈছে?

উত্তৰ : টাইটানিক।

৬০) প্ৰশ্ন : ষ্টিফেন স্পীলবাৰ্গে নিৰ্মাণ কৰি উলিওৱা বিজ্ঞান ভিত্তিক ইংৰাজী ছবি জুৰাচিক পাৰ্কৰ বিশেষত্ব কি?

উত্তৰ : প্ৰায় ৬০ নিযুত বছৰ আগতে পৃথিৱীত বাস কৰা ‘সৰীসৃপ ডাইনোছ’ৰাছৰ জীৱাশ্মত কৰা আৱিস্কাৰ DNA ৰ পৰা বিকাশিত কৰা কম্পিউটাৰ উদ্ভুত ছবি।

কেইখনমান বিজ্ঞান ভিত্তিক চিনেমা

১) জুৰাছিক পাৰ্ক        - ১৯৯৩ চন।

২) ইনডিপেন্‌ডেন্স ডে্‌     - ১৯৯৬ চন।

৩) ষ্টাৰ ওৱাৰ্চ               - ১৯৯৭/৯৮ চন।

৪) দ্যামেন ইন্‌ব্লেক       - ১৯৯৭ চন।

৫) বেচমেন            - ১৯৮৯ চন।

২০০৬ চনৰ অস্কাৰ বঁটা (৭৮ তম্‌)

চলচ্চিত্ৰ      : ক্ৰেছ (প’ল হেগিছ আৰু কেথী স্কুলমেন)।

অভিনেতা    : ফিলিপ চেইমূৰ হফমেন (কেপোট)।

অভিনেত্ৰী    : ৰেছে ৱাইডাৰ স্পুন (ৱাক দ্য লাইন)।

সহ অভিনেত্ৰী  : ৰাছেল ৱাইছজ (দা কনষ্টেণ্ট গাৰ্ডেনাৰ)।

পৰিচালক    : এংলী (ব্ৰকবেক মাউণ্টেন)।

বিদেশী চলচ্চিত্ৰ : ছোৎছি (দঃ আফ্ৰিকা)।

মূল চিত্ৰনাট্য  : ক্ৰেছ।

চিত্ৰ সম্পাদনা : ক্ৰেছ (হিউজ উইনব্ৰ’ন)।

২০০৭ চনৰ অস্কাৰ বঁটা (৭৯ তম্‌)

শ্ৰেষ্ঠ চিনেমা       : দি ডিপাৰ্টেড।

শ্ৰেষ্ঠ পৰিচালক          : মাৰ্টিন স্ক’ৰছেছ (দি ডিপাটটেড)।

শ্ৰেষ্ঠ অভিনেতা          : ফৰেষ্ট হোৱাইঅটেকাৰ (দি লাষ্ট কিং অৱ স্কটলেণ্ড)।

শ্ৰেষ্ঠ অভিনেত্ৰী           : হেলেন মিৰেন (দি কুইন)।

শ্ৰেষ্ঠ সহ: অভিনেতা       : এলেন আৰকিন (লিট্‌ল মিছ ছানছাইন)।

শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী       : জেনিফাৰ হাড্‌ছন (ড্ৰীম গাৰ্ল্‌ছ)।

শ্ৰেষ্ঠ সংগীত পৰিচালনা     : বাবেল।

শ্ৰেষ্ঠ সংগীত (গীত)      : এন ইনকনভেনিয়েণ্ট ট্ৰুথ (শিল্পী মেলিছা এথাৰিডজ)।

শ্ৰেষ্ঠ তথ্যচিত্ৰ           : এন ইনকনভেনিয়েণ্ট ট্ৰুথ।

শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ           : পান্‌ছলেবিৰিন্থ।

শ্ৰেষ্ঠ সম্পাদনা           : দি ডিপাৰ্টেড।

সন্মানীয় বঁটা           : অনিঅ’মৰিকন।

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত পুৰস্কাৰ পোৱা অসমীয়া ছবি আৰু শিল্পী

১) প্ৰশ্ন : ১৯৫৯ চনত বাৰ্লিন আন্তৰ্জাতিক বোলছবি মহোৎসৱৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে কোনে?

উত্তৰ : অভিনেত্ৰী – জ্ঞানদা কাকতি, কথাছবি – “পুবেৰুণ”, পৰিচালনা – প্ৰভাত মুখাৰ্জী।

২) প্ৰশ্ন : লোকাৰ্ণো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পী বঁটা লাভা কৰা অভিনেতা আৰু কথাছবি খন কি?

উত্তৰ : অবিনেতা – ইন্দ্ৰ বনিয়া (১৯৮৭ চন)।

কথাছবি – হালধীয়া চৰায়ে বাওধান খায়।

৩) প্ৰশ্ন : চিংগাপুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পী বঁটা লাভ কৰা আভিনেতা জন আৰু বোলছবি খন কি?

উত্তৰ : শ্ৰেষ্ঠ অভিনেতা – বিষ্ণু খাৰঘৰীয়া (১৯৯৫ চন)।

কথাছবি – সাগৰলৈ বহু দূৰ।

৪) প্ৰশ্ন : ষষ্ঠ ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰা কথাছবিখন কি?

উত্তৰ : কথাছবি – বৈভৱ (২০০০ চন)।

পৰিচালনা – মঞ্জু বৰা।

ভাৰতীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ পুৰস্কাৰ দাদা চাহেব কাল্কে বঁটা বিজয়ী

শিল্পী                              চন

১) দেৱীকা ৰাণি                       ১৯৬

২) বি এন চৰকাৰ                      ১৯৭০

৩) পৃথ্বিৰাজ কাপুৰ                      ১৯৭১

৪) পঙ্কজ মল্লিক                       ১৯৭২

৫) সুলোচনা চটাৰ্জী                     ১৯৭৩

৬) বি এন ৰেড্ডী                      ১৯৭৪

৭) ধীৰেন গাংগুলী                      ১৯৭৫

৮) কানন দেৱী                       ১৯৭৬

৯) নীতিন বসু                        ১৯৭৭

১০) আৰ চি বড়াল                     ১৯৭৮

১১) চোহৰাব মোডী                     ১৯৭৯

১২) পি জয়ৰাজ                       ১৯৮০

১৩) নৌশাদ আলি                      ১৯৮১

১৪) এল বি প্ৰসাদ                      ১৯৮২

১৫) দুৰ্গা খোঁতে                       ১৯৮৩

১৬) সত্যজিৎ                         ১৯৮৪

১৭) ভি শান্তাৰা                       ১৯৮৫

১৮) বি নাগ ৰেড্ডী                    ১৯৮৬

১৯) ৰাজ কাপুৰ                       ১৯৮৭

২০) অশোক কুমাৰ                      ১৯৮৮

২১) লতা মংগেছকাৰ                    ১৯৮৯

২২) এন্‌ নাগেশ্বৰ ৰাও                   ১৯৯০

২৩) বি এল পেন্দাৰকাৰ                  ১৯৯১

২৪) ড° ভূপেন হাজৰিকা                  ১৯৯২

২৫) মজৰুহ চুলতান পুৰী                  ১৯৯৩

২৬) দিলীপ কুমাৰ                      ১৯৯৪

২৭) টি ৰাজকুমাৰ                      ১৯৯৫

২৮) শিৱাজী গণেশন                    ১৯৯৬

২৯) ৰামচন্দ্ৰ নাৰায়ণজী স্বিবেদী              ১৯৯৭

৩০) বি আৰ চোপ্ৰা                     ১৯৯৮

৩১) হৃষিকেশ মুখাৰ্জি                    ১৯৯৯

৩২) আশা ভোছলে                      ২০০০

৩৩) দেৱানন্দ                         ২০০১

৩৪) যশ চোপ্ৰা                        ২০০২

৩৫) মৃণাল সেন                       ২০০৩

৩৬) আদুৰ গোপালকৃষ্ণ                   ২০০৪

পৰমাণুৰ ধাৰণা কৰা প্ৰথমজন বিজ্ঞানী হ’ল – জন ডেল্টন (১৮০৮ চন)

ইলেক্‌ট্ৰ’নৰ আৱিষ্কাৰক         - জে. জে. থমচন।

প্ৰটনৰ আৱিষ্কাৰক           - গোল্‌ডেষ্টেইন।

নিউট্ৰ’নৰ আৱিষ্কাৰক          - চেডউইক

 

লেখিকা: প্ৰতিভা দেৱী, কুইজ মঞ্চ

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate