অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সানমিহলি

সানমিহলি

১) প্ৰশ্ন : ‘ৰিখতাৰ স্কেল (Richter scale)ৰ সহায়ত কি জোখা হয়?

উত্তৰ : ভূমিকম্পৰ প্ৰাবল্য।

২) প্ৰশ্ন : শুকান বৰফ (Dry ice)ৰ ৰাসায়নিক নাম কি?

উত্তৰ : কাৰ্বন-ডাই-অক্সাইড (Co2) গোটা।

৩) প্ৰশ্ন : মেনিনজাইটিছ ৰোগে মানুহৰ শৰীৰৰ কোন অংশৰ অনিষ্ট সাধন কৰে?

উত্তৰ : মগজু আৰু স্নায়ুৰজ্জু।

৪) প্ৰশ্ন : প্ৰথম অসমীয়া বিজ্ঞান আলোচনী ‘পশুপালন’ৰ সম্পাদক কোন?

উত্তৰ : ডাঃ কনক চন্দ্ৰ শৰ্মা।

৫) প্ৰশ্ন : ‘পাছ’ শব্দটো কি প্ৰতিযোগিতাত ব্যৱহাৰ হয়?

উত্তৰ : কুইজত ।

৬) প্ৰশ্ন : ট্ৰেক’মা কি?

উত্তৰ : ক্লেমাইডিয়া ট্ৰেক’মাটিছ নামৰ এবিধ অনুজীৱই সৃষ্টি কৰা চকুৰ ৰোগ।

৭) প্ৰশ্ন : ‘গণিতসাৰ’ নামৰ গ্ৰন্থৰ লেখক কোন?

উত্তৰ : গণিতজ্ঞ শ্ৰীধৰাচাৰ্য্য।

৮) প্ৰশ্ন : ভিটামিন ‘চি’ৰ আন এটা নাম কি?

উত্তৰ : এছৰ্বিক এছিদ।

৯) প্ৰশ্ন : মুম্বাইৰ ষ্টক একচেঞ্জৰ বজাৰখনৰ নাম কি?

উত্তৰ : দালাল ষ্ট্ৰীট।

১০) প্ৰশ্ন : ৰোমান লিপিত যিদৰে V আখৰটোৱে ৫, X আখৰটোৱে ১০ বুজায়, তেনেদৰে ‘D’  আখৰটোৱে কি বুজায়?

উত্তৰ : ৫০০।

১১) প্ৰশ্ন : টেলিফোন ব্যৱস্থাত ব্যৱহৃত STD আৰু ISD ৰ অৰ্থ কি?

উত্তৰ : STD – Subscriber Trunk Dialing.

ISD – International Subscriber Dailing.

১২) প্ৰশ্ন : দৃষ্টিচক্তিহীন সকলৰ বাবে পঢ়িব আৰু লিখিব পৰা পদ্ধতিটোক কি বোলে?

উত্তৰ : ব্ৰেইলী পদ্ধতি (Braille)।

১৩) প্ৰশ্ন : অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰ : ইংৰাজী ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে।

১৪) প্ৰশ্ন : কাঠ পেঞ্চিলৰ ওপৰত লিখা আখৰ দুটাৰ অৰ্থ কি?

উত্তৰ : হাৰ্ড এণ্ড ব্লেক (Hard and Black)।

১৫) প্ৰশ্ন : অশোক চক্ৰটোত মুঠতে কেইডাল কাটা (Spoke) থাকে?

উত্তৰ : ২৪ ডাল।

১৬) প্ৰশ্ন : ষ্টীলৱেল পথ ক’ত অৱস্থিত ?

উত্তৰ : অসমৰ লিডুৰ পৰা ম্যানমাৰৰ বেংগুনলৈ (বৰ্ত্তমানে এই পথৰ কাম চলি আছে)।

১৭) প্ৰশ্ন : পৰীক্ষা বুলিলেই আমাৰ বহুতকে জ্বৰে-কাঁহে আগুৰি ধৰে। এতিয়া প্ৰশ্ন হ’ল – কোন চনত, কোন ঠাইত পোন প্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষাৰ প্ৰচলন হয়?

উত্তৰ : ১৭০২ চনত ; ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত।

১৮) প্ৰশ্ন : এজন প্ৰসিদ্ধ লেখকৰ চদ্মনাম “কুইজ”। লখক জনৰ নাম কি?

উত্তৰ : “চাৰ্লছ ডিকেন্স”।

১৯) প্ৰশ্ন : ১৯৯৭ চনৰ অক্টোবৰত “হাৱলস্পেচ টেলিস্কপোএ” আৱিস্কাৰ কৰা তাৰকা ৰাজ্যৰ আটাইতকৈ উজ্জ্বল তৰাটোৰ নাম কি?

উত্তৰ : পিষ্টল (Pistol)।

২০) প্ৰশ্ন : আয়াৰলেণ্ডৰ কোন গৰাকী মহিলা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত আছিল?

উত্তৰ : ড° এনী বেচান্ত।

২১) প্ৰশ্ন : ‘এমিল য়েলিনেক’ নামৰ ছোৱালীজনীৰ উপনামেৰে এটা পৃথিৱীৰ বিখ্যাত কোম্পানী স্থাপন কৰা হৈছিল। কোম্পানীটো কি?

উত্তৰ : মাৰ্চিডিজ।

২২) প্ৰশ্ন : ‘হেৰল্‌ড ফ’ষ্টাৰে’ (Harold Fostear) সৃষ্টি কৰা বিখ্যাত কমিক ছিৰিজটো কি?

উত্তৰ : টাৰ্জান কমিক চিৰিজ।

২৩) প্ৰশ্ন : কোন গৰাকী মহান ব্যক্তিৰ ছবি পৃথিৱীৰ বিভিন্ন দেশৰ ডাক টিকটত সৰ্বাধিক ব্যৱহৃত হৈছে?

উত্তৰ : মহাত্মা গান্ধী। ৪২ খন দেশৰ অতি কমেও ৮০ টা ডাক টিকটত।

২৪) প্ৰশ্ন : কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোৱা হৈছিল?

উত্তৰ : মহাৰাজ নৰনাৰায়নৰ দিনত (কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে)।

২৫) প্ৰশ্ন : টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভাৰ আত্মজীৱনী খনৰ নাম কি?

উত্তৰ : বিং মাইচেলফ্‌ (Being Meself)।

২৬) প্ৰশ্ন : ভাৰতত পাৰমাণৱিক গৱেষণাৰ পিতৃস্বৰুপে কাক অভিহিত কৰা হয়?

উত্তৰ : হোমি জাহাঙ্গীৰ ভাবাক ।

২৭) প্ৰশ্ন : ‘কিক্‌ অফ’ কৰি ফুটবল মেচ এখনৰ আৰম্ভণি কৰা হয়। বাস্কেটবলৰ মেচৰ আৰম্ভণিক কি বুলি কোৱা হয়?

উত্তৰ : টিপ অফ।

২৮) প্ৰশ্ন : ঘানাৰ পুৰণি নাম কি?

উত্তৰ : গোল্‌ড কোষ্ট।

২৯) প্ৰশ্ন : কোন চহৰক ‘City of Golden gate’বুলি কোৱা হয়?

উত্তৰ : আমেৰিকাৰ ছানফ্ৰান্সিছকো।

৩০) প্ৰশ্ন : ভূগোলত আইচ’থাৰ্ম মানে কি?

উত্তৰ : এখন মেপত সমান তাপমান বিশিষ্ট ঠাইবোৰৰ ওপৰেৰে টনা ৰেখা।

৩১) প্ৰশ্ন : বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : মেক্‌মিলান (১৮৩৯-৪০ ইংলেণ্ড)।

৩২) প্ৰশ্ন : কি বেক্‌টেৰিয়াই গাখীৰক দৈ লৈ ৰুপান্তৰ কৰে?

উত্তৰ : লেক্ট’বেচিলাচ।

৩৩) প্ৰশ্ন : তৰল এচিটিক এচিদৰ আন এটা নাম কি?

উত্তৰ : ভিনেগাৰ।

৩৪) প্ৰশ্ন : পানীক বীজানুমুক্ত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হৈছে?

উত্তৰ : ক্ল’ৰিণ।

৩৫) প্ৰশ্ন : AK – 47 এই ৰাইফলটোৰ ছবি এখন দেশৰ জাতীয় পতাকাত ব্যৱহৃত হৈছে। কোন বাৰু সেইখন?

উত্তৰ : মোজাম্বিক।

৩৬) প্ৰশ্ন : ২০০৩, ২০০৪ আৰু ২০০৫ চনৰ বাবে ‘অসম উপত্যকা বঁটা’ লাভ কৰা কেইজনমানৰ নাম কি কি?

উত্তৰ :  নিৰুপমা বৰগোহাঞি (২০০৩), লক্ষ্মীনন্দন বৰা (২০০৪) আৰু অৰুণ শৰ্মা (২০০৫)।

৩৭) প্ৰশ্ন : শঙ্কৰ মাধৱৰ মহামিলন হোৱা ঠাইখন কি আছিল? সেই মিলনক কি আখ্যা দিয়া হয়?

উত্তৰ : ধুৱাহাটাৰ বেলগুৰি নামঘৰ। ‘মনিকাঞ্চন সংযোগ’।

৩৮) প্ৰশ্ন : পিন মানে কি?

উত্তৰ :  পোষ্টেল ইনডেক্স নাম্বাৰ।

৩৯) প্ৰশ্ন : কোনে কৈছিল – “মৃত্যুৰ আগতেই কাপুৰুষ সকলৰ বহুবাৰ মৃত্যু হয়?

উত্তৰ :  উইলিয়াম শ্বেক্সপীয়েৰ।

৪০) প্ৰশ্ন : বায়োগেছৰ প্ৰধান উপাদান কি?

উত্তৰ : মিথেন (CH4) ।

৪১) প্ৰশ্ন : ‘ভাৰত ইলেক্ট্ৰ’নিক্স লিমিটেড’ (BEL) ক’ত অৱস্থিত?

উত্তৰ : বাংগালোৰ।

৪২) প্ৰশ্ন : ‘প্ৰাভদা’ নামৰ বহুল প্ৰচাৰিত বাতৰি কাকত খন ক’ৰ পৰা প্ৰকাশিত হয়?

উত্তৰ : মস্কো।

৪৩) প্ৰশ্ন : খাজুৰাহো মন্দিৰ কোন প্ৰদেশত অৱস্থিত?

উত্তৰ : মধ্য প্ৰদেশত।

৪৪) প্ৰশ্ন : ভূদান আন্দোলনৰ গুৰি ধঁৰোতা কোন আছিল?

উত্তৰ : আচাৰ্য বিনোৱা ভাবে।

৪৫) প্ৰশ্ন : ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন?

উত্তৰ : মহাত্মা গান্ধী সেতুঁ (গঙ্গা নৈৰ ওপৰত ৫.৬ কিঃমিঃ দীঘল)।

৪৬) প্ৰশ্ন : ভাৰতত প্ৰথম এলিভেটৰ (Lift) ক’ত কেতিয়া স্থাপন হয়?

উত্তৰ : কলকাতাৰ ৰাজভৱনত লৰ্ড কাৰ্জনৰ দিনত ১৮৬৩ চনত প্ৰথম লিফট্‌ স্থাপন কৰা হয়।

৪৭) প্ৰশ্ন : আটাইতকৈ পুৰণি ভাৰতীয় ছপা কিতাপ কি?

উত্তৰ : সংস্কৃত গ্ৰন্থ “হৰক সূত্ৰ”। (কাঠৰ ব্লক তৈয়াৰী কৰি চীনা সকলে ছপা কৰে)।

৪৮) প্ৰশ্ন : ভৰতত কেতিয়া ক’ত প্ৰথম টেষ্টটিউব বেবী জন্ম দিয়া হয়?

উত্তৰ : ১৯৮৬ চনৰ ৬ আগষ্টত এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালত ডা ইন্দিৰা হিন্দুজাৰ দ্বাৰা প্ৰথম টেষ্টটিউব বেবী ‘হৰ্ষ’ৰ জন্ম দিয়া হয়।

৪৯) প্ৰশ্ন : চীনৰ য়ুনাম, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, লাওচ আৰু ভিয়েটনাম – এই দেশ কেইখনমানৰ মাজেৰে বৈ যোৱা ডাঙৰ নৈখনৰ নাম কি?

উত্তৰ : মেকং।

৫০) প্ৰশ্ন : ১৯২১ চনৰ অসহযোগ আন্দোলন মহাত্মা গান্ধীয়ে হঠাতে স্থগিত কৰি দিছিল। ইয়াৰ কাৰণ কি আছিল?

উত্তৰ : চৌৰাচৌৰিত ঘটা ঘটনাৰ বাবে।

৫১) প্ৰশ্ন : পৃথ্বি, অগ্নি, আকাশ আৰু ত্ৰিশূল সম্বন্ধ কি?

উত্তৰ : ভাৰতত নিৰ্মিত মিছাইল।

৫২) প্ৰশ্ন : ভাৰতত সাহসিকতাৰ বাবে প্ৰদান কৰা সৰ্বোচ্ছ পুৰস্কাৰ কি?

উত্তৰ : পৰমবীৰ চক্ৰ।

৫৩) প্ৰশ্ন : ‘কিলা-ই-মুৱেল’ (Qila-e-Mualla) সৰ্বপৰিচিত নামটো কি?

উত্তৰ : লালকিল্লা।

৫৪) প্ৰশ্ন : ভাৰতৰ প্ৰাচীন সভ্যতাক কি কয়?

উত্তৰ : সিন্ধু সভ্যতাক।

৫৫) প্ৰশ্ন : মাজৰাতি সূৰ্য উঠা দেশ কোনখন?

উত্তৰ : নৰওৱে।

৫৬) প্ৰশ্ন : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিনেমা নিৰ্মাণৰ কেন্দ্ৰ হলিউড, ভাৰতবৰ্ষৰ বলিউড (মুম্বাই) পাকিস্থানৰ কি?

উত্তৰ : ল’লিউড্‌ (লাহোৰ)।

৫৭) প্ৰশ্ন : ন’বেল পুৰস্কাৰ, মেগাছেছে পুৰস্কাৰ, টেম্পলটন্‌ পুৰস্কাৰ আৰু ভাৰতৰত্ন উপাধি কোনে পাইছিল?

উত্তৰ : মাদাৰ টেৰেছা।

৫৮) প্ৰশ্ন : জৱাহৰলাল নেহৰু কিমান বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল?

উত্তৰ : ১৭ বছৰ। ১৯৪৭ চনৰ পৰা ১৯৬৪ চনলৈ।

৫৯) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ ডাঙৰ গ্ৰন্থমেলা ক’ত হয়?

উত্তৰ : জাৰ্মানীৰ ফ্ৰেংকফুৰ্টত।

৬০) প্ৰশ্ন : চিমেণ্টৰ প্ৰধান সংযুক্তি কি কি?

উত্তৰ : কেলচিয়াম অক্সাইড, এলুমিনা আৰু চিলিকা।

৬১) প্ৰশ্ন : আমি হাঁচিয়াও কিয়?

উত্তৰ : উশাহ লওঁতে নাকৰ ভিতৰত কোনো উত্তেজনা হ’লে আমি হাঁচিয়াও।

৬২) প্ৰশ্ন : কিছুমান মানুহে টোপনিত নাকেৰে শব্দ কৰে কিয়?

উত্তৰ : শোৱাৰ সময়ত কোনো কাৰণত শ্বাস-প্ৰশ্বাসত বাধা জন্মিলে সেই মানুহবোৰে নাকেৰে শব্দ কৰে।

৬৩) প্ৰশ্ন : হামি আহে কিয়?

উত্তৰ : শৰীৰত ক্লান্তি বোধ হ’লে নাইবা টোপনি ধৰিলে তেজত অক্সিজেনৰ অভাৱ ঘটিবলৈ ধৰে। তেতিয়াই হামি আহে।

৬৪) প্ৰশ্ন : জৱাহৰলাল নেহৰু, যুগোশ্লোভিয়াৰ মাৰ্শ্বেল টিটো আৰু ইজিপ্তৰ আব্দুল গোমেল নাছাৰে লগ হৈ এটা বিখ্যাত বিশ্ব সংস্থাৰ জন্ম দিছিল। সংস্থাটো কি?

উত্তৰ : NAM (Non-Aligned Movement) বা গোষ্ঠী নিৰপেক্ষ আন্দোলন।

৬৫) প্ৰশ্ন : ইণ্টাৰপোল বা International Police Organisation) কোৱাৰ্টাৰ ক’ত?

উত্তৰ : পেৰিছৰ ওচৰৰ লিয়ন নামৰ চহৰখনত।

৬৬) প্ৰশ্ন : আকবৰৰ ৰাজসভাত নৱৰত্নৰ এটা ৰত্ন আছিল সংগীত শিল্পী তানসেন। তেওঁৰ প্ৰকৃত নাম কি আছিল?

উত্তৰ : প্ৰকৃত নাম তান্না মিশ্ৰ।

৬৭) প্ৰশ্ন : “মোৰ এই আৱিষ্কাৰে মানৱ জাতিক ধ্বংসহে কৰিলে” – কোনে কেতিয়া কৈছিল?

উত্তৰ : বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনে কৈছিল ; ১৯৪৫ চনৰ ৬ আগষ্টত হিৰোচিমাৰ বিধ্বংসী আণৱিক বোমা বিস্ফোৰণৰ পিছত।

৬৮) প্ৰশ্ন : কোন জাতিয়ে মৃতদেহক গছৰ ওপৰত বান্ধি ৰাখি শগুণক খাবলৈ দি সৎকাৰ কৰে?

উত্তৰ : পাৰ্চী সকলে।

৬৯) প্ৰশ্ন : ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সম্পূৰ্ণ নামটো কি?

উত্তৰ : ড° আবুল পকীৰ জয়নুলাবুদিন আব্দুল কালাম।

৭০) প্ৰশ্ন : কি গছত ফুল নোহোৱাকৈ ফল লাগে?

উত্তৰ : ডিমৰু গছত।

৭১) প্ৰশ্ন : হায়দৰাবাদৰ সৈতে আন এখন চহৰক একেলগে ‘টুইনচিটি’ (Twin City) বুলি কোৱা হয়। হায়দৰাবাদৰ গাতে লাগি থকা সেই চহৰখনৰ নাম কি?

উত্তৰ : ছেকেন্দ্ৰাবাদ।

৭২) প্ৰশ্ন : কাক ভাৰতৰ “মিছাইল মেন” বুলি জনা যায়?
উত্তৰ : ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ে পি জে আব্দুল কালামক।

৭৩) প্ৰশ্ন : অসমৰ এজন মানুহে ৰেলৰ এবিধ ব্ৰেক আৱিস্কাৰ কৰিছিল, কি নাম আছিল তেওঁৰ?

উত্তৰ : গুৰু প্ৰসাদ দাস (বৰপেটা)।

৭৪) প্ৰশ্ন : কোন দেশৰ জাতীয় পতাকাখন ‘ইউনিয়ন জেক’ বুলি কোৱা হয়?

উত্তৰ : ইউনাইটেড কিংডম (ইংলেণ্ড)।

৭৫) প্ৰশ্ন : ভাৰতীয় চিনেমাৰ জনক কোন?

উত্তৰ : ধুন্‌দি ৰাজ গোবিন্দ ফালকে ওৰফে দাদা চাহেব ফালকে।

৭৬) প্ৰশ্ন : ভাৰতৰ এতিয়ালৈকে কোনে কোনে ন’বেল বঁটা লাভ কৰিছে?

উত্তৰ : ক) ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯১৩), (খ) চন্দ্ৰশেখৰ ভেংকট ৰমন (১৯৩০), (গ) হৰগোবিন্দ খোৰানা (১৯৬৮) ; আমেৰিকাৰ নাগৰিক, (ঘ) মাদাৰ টেৰেচা (১৯৭৯) (ঙ) অমৰ্ত সে (১৯৯৮)।

৭৭) প্ৰশ্ন : ‘টাইম’ আলোচনীয়ে ২০০৬ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি হিচাপে কাক নিৰ্বাচন কৰিছে?

উত্তৰ : আপোনাক (আপুনি নিজে)।

কিয়নো বৰ্ত্তমানৰ তথ্য প্ৰযুক্তিৰ যুগত আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তি।

৭৮) প্ৰশ্ন : Assam ৰ পৰিৱৰ্ত্তে Asom শব্দটো চৰকাৰী ভাৱে ব্যৱহাৰ কৰা বাবে কোন তাৰিখে বিধান সভাত অনুমোদন গ্ৰহণ কৰিছিল?

উত্তৰ : ১৫ ডিচেম্বৰ (২০০৬ চন)।

৭৯) প্ৰশ্ন : ২০০৭ চনৰ পহিলা জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ অষ্টম গৰাকী সচিব প্ৰধান ৰুপে দায়িত্ব ভাৱে গ্ৰহণ কৰা ব্যক্তি গৰাকী কোন?

উত্তৰ : দক্ষিণ কেৰিয়াৰ বৈদেশিক মন্ত্ৰী বেন কি মুন।

৮০) প্ৰশ্ন : ২০০৬ চনৰ পঞ্চদশ এছিয়ান গেমছ অনুষ্ঠিত হৈছিল কাটাৰৰ ৰাজধানী চহৰ ডোহাত। এই গেমছ্‌ৰ শুভাৰম্ভ হোৱা ষ্টেডিয়ামখনৰ নাম কি?

উত্তৰ : খালিফা ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম।

৮১) প্ৰশ্ন : ষষ্ঠদশ এছিয়ান গেমছ ২০১০ চনত কোনখন দেশে আয়োজন কৰিছিল?

উত্তৰ : চীনে (গুৱান্‌জো চহৰে)।

৮২) প্ৰশ্ন : বৰ্ত্তমান বিশ্বৰ আটাইতকৈ ওখ ব্যক্তিজন কোন?

উত্তৰ : ঝি শ্বুন (চীনৰ) ৭ ফুট ৮.৯৫ ইঞ্চি।

৮৩) প্ৰশ্ন : ২০০৬ বৰ্ষৰ ‘মিছ ইউনিভাৰ্ছ’ৰ খিতাপ কোনে লাভ কৰিছে?

উত্তৰ : জুলেকা ৰিভেৰা (পুৱেটোৰিকো)।

৮৪) প্ৰশ্ন : ২০০৬ বৰ্ষৰ ‘মিছ ৱৰ্ল্‌ড’ৰ খিতাপ কোনে লাভ কৰিছে?

উত্তৰ : টাটানা কুচাৰোভাৰ।

৮৫) প্ৰশ্ন : ২০০৬ বৰ্ষৰ মিছআৰ্থ’ বঁটা লাভ কোনে কৰিছে?

উত্তৰ : হিলয়াছেনিয়া হানান্দেজ এছক’বা (চিলি)।

৮৬) প্ৰশ্ন : ২০০৬ চনৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত সাহিত্যিক দুগৰাকী কোন কোন?

উত্তৰ : ১) অতুলানন্দ গোস্বামী, গ্ৰন্থ – চেনেহগৰীৰ গাঁঠি (অসমীয়া ভাষাৰে)।

২) কাতীন্দ্ৰ স্বৰ্গীয়াৰী, গ্ৰন্থ – সানমৌখাঙৰি লামাজৌং (সূৰ্যমুখী পথেৰে ; বড়ো ভাষাৰ)।

৮৭) প্ৰশ্ন : ২০০৬ চনৰ অসম প্ৰেছ ক’ৰেছ পণ্ডেটছ ইউনিয়ন (আপকু) বঁটা লাভ কৰা ব্যক্তি কোন?

উত্তৰ : জয়কান্ত শৰ্মা।

৮৮) প্ৰশ্ন : ২০০৬ চনৰ লতা মংগেশকাৰ বঁটা কোনে লাভ কৰিছে?

উত্তৰ :  কবিতা কৃষ্ণমুৰ্ত্তি।

৮৯) প্ৰশ্ন : ভাৰতত জন্ম গ্ৰহণ কৰা এজন চলচ্চিত্ৰ নিঅৰ্মাতাক মৰণোত্তৰ ভাৱে ২০০৬ চনৰ ২০ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত ‘এচিয়ান এক্সেলেন্স বঁটা’ – ৰে সন্মানিত কৰা হয়। তেওঁৰ নাম কি?

উত্তৰ : ইছমাইল মাৰ্চেণ্ট।

৯০) প্ৰশ্ন : কোনজন ব্যক্তিয়ে ২০০৭ চনৰ আৰম্ভণিতে ভাৰতৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে?

উত্তৰ : ন্যায়াধীশ কে জি বালকৃষ্ণণ।

৯১) প্ৰশ্ন : কোন গৰাকী ভাৰতীয় বংশোদ্ভৱ মহিলাই বৰ্ত্তমানে মহাকাশ ষ্টেচনত বাস কৰিছে?

উত্তৰ : সুনীতা উইলিয়ামছ (বৰ্ত্তমান আমেৰিকাৰ নগৰিক)।

৯২) প্ৰশ্ন : ২০০৬ চনৰ বিষ্ণুৰাভা বঁটা লাভ কৰা ব্যক্তি দুগৰাকী কোন কোন?

উত্তৰ : হেমাংগিনী বৰদলৈ আৰু বেণু মিশ্ৰ।

৯৩) প্ৰশ্ন : ২০০৬ চনৰ নটসূৰ্য বঁটা কোনে লাভ কৰিছে?
উত্তৰ : ধৰণীধৰ চৌধুৰী।

৯৪) প্ৰশ্ন : অসমৰ দেৱজিত সাহাই “Zee TV” ৰ সংগীত প্ৰতিভা সন্ধানী ধাৰাবাহিক ‘সা-ৰে-গা-মা-পা’ৰ জৰিয়তে ২০০৬ চনৰ ২৪ ফেব্ৰুৱাৰীত “ভাৰতকণ্ঠ” হিচাপে নিৰ্বাচিত হ’ল। প্ৰশ্ন হ’ল- তেওঁৰ সংগীত প্ৰশিক্ষক গৰাকীৰ নাম কি?

উত্তৰ : ইছমাইল দৰবাৰ।

৯৫) প্ৰশ্ন : ২০০৬ চনৰ সংগীত-নাটক একাডেমী বঁটা লাভ কৰা শিল্পী দুগৰাকী কোন কোন?

উত্তৰ : মঞ্চসূৰ্য – ধৰনী বৰ্মন। নৃত্য পটিয়সী – গৰিমা হাজৰিকা।

৯৬) প্ৰশ্ন : ২০০৬ চনৰ নৱেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা একমাত্ৰ অসমীয়া ব্যক্তিজন কোন?

উত্তৰ : মুকুন্দৰাম শৰ্মা।

৯৭) প্ৰশ্ন : অলপতে কোন গৰাকী অসমীয়া শিল্পীয়ে “ইয়া আলী” গীতৰ বাবে মালয়েছিয়াত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে?

উত্তৰ : জুবিন গাৰ্গ।

৯৮) প্ৰশ্ন : ১৯৮২ চনত ডুজাইলত চলোৱা গণহত্যাৰ অপৰাধত এসময়ৰ ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনক ২০০৬ চনৰ ৩০ ডিচেম্বৰত ফাঁচি কাঠত ওলমায়। তেওঁৰ শেষ যাত্ৰাৰ সংগী কোন আছিল?

উত্তৰ : নিজৰ তেজেৰে লিখা কোৰাণখন।

৯৯) প্ৰশ্ন : বংকিম চন্দ্ৰ চট্টোপধ্যায় লিখা জাতীয় সংগীত ‘বন্দে মাতৰম’ৰ শতবৰ্ষ দেশগুৰি পালন কৰা হয়। শতবৰ্ষ পালন কৰা তাৰিখটো কি?

উত্তৰ : ২০০৬ চনৰ ৭ চেপ্তেম্বৰ।

১০০) প্ৰশ্ন : সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰৱৰ্তন কৰা ২০০৬ চনৰ “আইদেউ সন্দিকৈ” স্মৃতি শিল্পী বঁটা লাভ কৰা অভিনেত্ৰী গৰাকী কোন?

উত্তৰ : অভিনেত্ৰী বিদ্যাৰাও নায়াৰ।

১০১) প্ৰশ্ন : ২০০৬ চনৰ ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদ্ভাৱনা বঁটা লাভ কৰা মহিলা গৰাকী কোন?

উত্তৰ : নিৰ্মলা দেশ পাণ্ডে।

১০২) প্ৰশ্ন : কোন গৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীয়ে ২০০৬ চনৰ গান্ধী আন্তজাৰ্তিক শান্তি পুৰস্কাত লাভ কৰিছে?

উত্তৰ : শ্বাৱানা আজমী।

১০৩) প্ৰশ্ন : ২০০৭ চনৰ ৯ ফেব্ৰুৱাৰী দিনটো অসমৰ ইতিহাসত ঐতিহাসিক দিন হিচাপে কিয় পৰিগণিত হ’ব?

উত্তৰ : অসমত অনুষ্ঠিত ৩৩ তম্‌ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে।

১০৪) প্ৰশ্ন : সৰ্বভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি কোন?

উত্তৰ : সুৰেশ কালমাদী।

১০৫) প্ৰশ্ন : ২০১০ চনৰ কমনৱেল্‌থ গেমছ ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : দিল্লী।

১০৬) প্ৰশ্ন : ৩৪ তম্‌ ৰাষ্ট্ৰীয় ক্ৰীড়া কোন ৰাজ্যত অনুষ্ঠিত হৈছিল?

উত্তৰ : ঝাৰখণ্ডত।

১০৭) প্ৰশ্ন : গুৱাহাটীৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ গৰাকীয়ে কিমান সোণৰ পদক পাইছিল আৰু তেওঁৰ নাম কি?

উত্তৰ : মুঠ ৯ টা স্বৰ্ণপদক ; কৰ্ণাটকৰ ৰেহান পোঞ্চা।

১০৮) প্ৰশ্ন : ৩৩ তম্ ৰাষ্ট্ৰীয় খেলৰ মহিলাৰ শাখাত শ্ৰেষ্ঠা খেলুৱৈ গৰাকী কোন?

উত্তৰ : ৮ টা স্বৰ্ণ পদক বিজয় দিল্লীৰ ৰিছা মিশ্ৰ।

১০৯) প্ৰশ্ন : এইচ. আই. ভি. ভাইৰাচ প্ৰথমে কোন প্ৰাণীৰ দেহত আৱিষ্কাৰ হৈছিল?

উত্তৰ : সেউজীয়া বান্দৰৰ দেহত।

১১০) প্ৰশ্ন : কলম্বিয়া পৰ্বতৰ এটা শৃংগৰ নাম মহাকাশচাৰী কল্পনা চাওলাৰ নামত নামকৰণ কৰা হৈছে। এই শৃংগটো ক’ত অৱস্থিত?

উত্তৰ : মংগল গ্ৰহত।

১১১) প্ৰশ্ন : মেৰিডিয়ানি প্লেনাম আৰু গুছেভ জ্বালামুখী ক’ত আছে?

উত্তৰ : মংগল গ্ৰহত।

১১২) প্ৰশ্ন : ‘অপৰচুনিটি’ আৰু ‘স্পিৰিট’ ৰবট যান দুখন বৰ্তমান ক’ত অৱস্থিত?

উত্তৰ : মংগল গ্ৰহত।

১১৩) প্ৰশ্ন : কিমান চনৰ কিমান তাৰিখে ক’ত প্ৰথমে ৰেলগাড়ী চলিছিল?

উত্তৰ : ১৮৩৪ চনৰ ২১ ফেব্ৰুৱাৰীত ইংলেণ্ডত।

১১৪) প্ৰশ্ন : ভাৰতলৈ অহা প্ৰথম ইংৰাজ জন কোন?

উত্তৰ : টমাছ ষ্টিফেনচন।

১১৫) প্ৰশ্ন : স্বাধীন ভাৰতৰ সংবিধানৰ মুখ্য ৰচকজন কোন?

উত্তৰ : ড° বি. আৰ. আম্বেদকাৰ।

১১৬) প্ৰশ্ন : পৃথিৱীৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ পেলেৰ আচল নামটো কি?

উত্তৰ : অৰেণ্টচ ড নাচিমেণ্টো।

১১৭) প্ৰশ্ন : শ্বে’পীয়েৰৰ ছদ্ম নামটো কি?

উত্তৰ : ৱাৰ্ড্‌ অৱ এভন্‌।

১১৮) প্ৰশ্ন : আটাইতকৈ ডাঙৰ ফুল কি?

উত্তৰ : ৰেফ্‌লেছিয়া আৰগলভি।

১১৯) প্ৰশ্ন : কোন গছে আটাইতকৈ বেছি ফল দিয়ে?

উত্তৰ : আখৰোট গছ।

১২০) প্ৰশ্ন : কোনখন দেশৰ নামত পাঁচোটা Vowel আছে?

উত্তৰ : মোজাম্বিক।

১২১) প্ৰশ্ন : বছৰৰ আটাইতকৈ দীঘল দিন কোনটো?

উত্তৰ : ২১ জুন।

১২২) প্ৰশ্ন : বছৰৰ আটাইঅতকৈ চুটি দিন কোনটো?

উত্তৰ : ২২ ডিচেম্বৰ।

১২৩) প্ৰশ্ন : আগ্ৰা চহৰ ক’ত অৱস্থিত?

উত্তৰ : যমুনা নদীৰ পাৰত।

১২৪) প্ৰশ্ন : ভলীবল খেল পথাৰৰ দৈৰ্ঘ কিমান?

উত্তৰ : ১৮ মিটাৰ।

১২৫) প্ৰশ্ন : মটৰ চাইকেলৰ আৱিষ্কাৰক কোন?

উত্তৰ : ডেলমাৰ।

১২৬) প্ৰশ্ন : কোনখন ৰাষ্ট্ৰৰ আয়তন সৰ্বাধিক?

উত্তৰ : ৰাছিয়া।

১২৭) প্ৰশ্ন : সৌৰজগত প্ৰথমে কোনে আৱিষকাৰ কৰিছিল?

উত্তৰ : কপাৰ নিকাছে।

১২৮) প্ৰশ্ন : অসমত কেতিয়াৰ পৰা ৰেল গাড়ী চলাচল কৰে?

উত্তৰ : ১৮৮২ চনৰ পৰা।

১২৯) প্ৰশ্ন : কোনখন দেশক মাজৰাতি ‘সূৰ্য উঠা দেশ বুলি কোৱা হয়?

উত্তৰ : নৰৱে।

১৩০) প্ৰশ্ন : বৰ্তমান সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা মাৰাত্মক ব্যাধিটোৰ নাম হ’ল এইডছ। এইডছ আক্ৰান্ত বিশ্বৰ প্ৰথম ৰোগী গৰাকীৰ নাম কি?

উত্তৰ : ডেভিঅ’কাৰ।

১৩১) প্ৰশ্ন : ঘাঁহ খাই কোনে ১০৫ বছৰ জীয়াই আছিল?

উত্তৰ : জেকোশ্লোভেকিয়াৰ কেব্‌লিচে।

১৩২) প্ৰশ্ন : ভাৰতত নিৰ্মিত প্ৰথম জাহাজ খনৰ নাম কি?

উত্তৰ : আই এন এচ নীলগিৰি।

১৩৩) প্ৰশ্ন : কোন নাৰীয়ে পুৰুষত্ব লাভ কৰিছিল?

উত্তৰ : মেৰি বেষ্ট’ন।

১৩৪) প্ৰশ্ন : “যিমানেই পঢ়িবা সিমানেই মূৰ্খ হ’বা” – এই বিশ্ববিখ্যাত উক্তিটো এজন বিশ্ববিখ্যাত ব্যক্তিৰ, তেওঁ কোন?
উত্তৰ : মাও চে টুং।

১৩৫) প্ৰশ্ন : কোন গছে মানুহ দেখিলে নাচিব ধৰে?

উত্তৰ : নৃত্যচ ডাল বৃক্ষ।

১৩৬) প্ৰশ্ন : কোন মাছে গছত বাহ সাজে?

উত্তৰ : স্পিতল মাছে।

১৩৭) প্ৰশ্ন : বিশ্বৰ প্ৰথম শিশু আলোচনী কোন খন?

উত্তৰ : দি লিলি পুটিয়ান।

১৩৮) প্ৰশ্ন : কোনজন ভাৰতীয় বলাৰে দ্ৰুততম শত টেষ্ট উইকেট দখল কৰি অভিলেখ দখল কৰি থৈছে?

উত্তৰ : এৰাপাল্পি প্ৰসন্ন।

১৩৯) প্ৰশ্ন : মানুহ কম্পিউটাৰ কোন?

উত্তৰ : ভাৰতৰ শকুন্তলা দেৱী।

১৪০) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ গভীৰতম হ্ৰদ কি?

উত্তৰ : অজেৰ’ বৈকাল (ছাইবেৰিয়া)।

১৪১) প্ৰশ্ন : পৃথিৱীৰ দ্ৰুততম স্থলচৰ প্ৰাণী কি?

উত্তৰ : চিতা বাঘ।

১৪২) প্ৰশ্ন : ম’ৰা চৰাইৰ নেজত কিমান পাখি আছে?

উত্তৰ : ১৮ টা।

১৪৩) প্ৰশ্ন : ভাৰতৰ বৃহত্তম চিনেমা হ’লটোৰ নাম কি?
উত্তৰ : ‘থাংগাম’ (মাদুৰাই)।

১৪৪) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতিৰ নাম কি?

উত্তৰ : ড° ৰাজেন্দ্ৰ প্ৰসাদ।

১৪৫) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰভাষা কি?

উত্তৰ : হিন্দী।

১৪৬) প্ৰশ্ন : ভাৰতৰ জাতীয় ফুল কি?

উত্তৰ : পদুম ফুল।

১৪৭) প্ৰশ্ন : আটাইতকৈ বুদ্ধিমান জন্ত কি?

উত্তৰ : ডলফিন্‌।

১৪৮) প্ৰশ্ন : কি শিল পানীত ওপঙে?

উত্তৰ : পামিচ পাথৰ।

১৪৯) প্ৰশ্ন : কথাছবিত ৰুপ পোৱা প্ৰথম অসমীয়া উপন্যাস কোনখন?

উত্তৰ : ঔপন্যাসিক ৰজনীকান্ত বৰদলৈ ‘মনোমতী’।

১৫০) প্ৰশ্ন : কি জন্তৱে পানী নাখায়?

উত্তৰ : আফ্ৰিকাৰ কৃষ্ণকায় মৃগই।

১৫১) প্ৰশ্ন : কি চৰাই আটাইতকৈ সৰু?
উত্তৰ : আমেৰিকা ‘হামিং বাৰ্ড’।

১৫২) প্ৰশ্ন : কোন প্ৰাণী উভয় লিঙ্গ?

উত্তৰ : কেঁচু।

১৫৩) প্ৰশ্ন : কি মাছৰ তেল আমি ঔষধ হিচাপে ব্যৱহাৰ কৰো?

উত্তৰ : কড আৰু চাৰ্ক মাছৰ।

 

২০১০ চনৰ নোবেল বঁটা প্ৰাপক সকল

শান্তি              - লিউ ঝিয়াব’ (চীন)।

সাহিত্য             - মাৰিঅ’ ভাৰ্গাছ লোছা (পেৰু)।

চিকিৎসা বিজ্ঞান       - ৰবাৰ্ট জি এডাৱাৰ্ড আৰু ডাঃ পেট্ৰি ষ্টেপ্‌ট’ (ইংলেণ্ড)।

পদাৰ্থ বিজ্ঞান         - আন্দ্ৰে জেইম আৰু কনষ্টাণ্টিন নভছেল’ভ (ৰাছিয়া)।

ৰসায়ন বিজ্ঞান        - ফিলিপাইন্‌ছৰ ডিলৱাৰে বিশ্ববিদ্যালয়ৰ ৰিচাৰ্ড এফ হেক,

ফিলিপাইন্‌ছৰ পুৰুডুৱে বিশ্ববিদ্যালয়ৰ এই-ইচি নেগিছি,

জাপানৰ হোকাইডো বিশ্ববিদ্যালয়ৰ আকিৰা ছুজুকি।

অৰ্থনীতি              - পিটাৰ এ ডাইমণ্ড (মাছাছুছেটছ ইনষ্টিটিউট অব্‌ টেকন’লজী),

ডেল টি মৰটেনছেন (নৰ্থ ৱেষ্টাৰ্ন বিশ্ববিদ্যালয়),

ক্ৰিষ্ট’ফাৰ এ পিছাৰডিছ (লণ্ডন স্কুল অব্‌ ইক’নমিক্‌ছ)।

 

লেখক: প্ৰতিভা দেৱী, কুইজ মঞ্চ

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate