অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান

সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান

ৰাজীৱ গান্ধী খেলৰত্ন বঁটা-আমাৰ দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান| ১৯৯১-৯২ বৰ্ষত প্ৰথমবাৰ প্ৰদান কৰা হৈছিল এই বঁটা| প্ৰখ্যাত দাবা খেলুৱৈ বিশ্বনাথন আনন্দে প্ৰথমবৰ্ষত লাভ কৰিছিল খেলৰত্ন বঁটা| তাৰ পিছৰ বৰ্ষত বিলিয়াৰ্ডছ খেলুৱৈ গীত শেঠীক এই বঁটা প্ৰদান কৰা হৈছিল| ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰা প্ৰথম মহিলা খেলুৱৈ গৰাকী হৈছে কৰ্ণম মালেশ্বৰী| ভাৰোত্তোলনত অলিম্পিক পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা মালেশ্বৰীয়ে ১৯৯৪-৯৫ বৰ্ষৰ বাবে খেলৰত্ন বঁটা লাভ কৰিছিল| এই বিশিষ্ট বঁটা লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী খেলুৱৈ হৈছে এন কুঞ্জৰাণী দেৱী| ১৯৯০ চনত অৰ্জুন বঁটা লাভ কৰা মণিপুৰৰ এইগৰাকী ভাৰোত্তোলকে ১৯৯৬-৯৭ বৰ্ষত টেনিছ তাৰকা লিয়েণ্ডাৰ পেজৰ সৈতে একেলগে লাভ কৰিছিল খেলৰত্ন বঁটা| এই বঁটা লাভ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হৈছে মাষ্টাৰ ব্লাষ্টাৰ শচীন ৰমেশ তেণ্ডুলকাৰ| চলিত বৰ্ষত একেলগে ৪ গৰাকী ক্ৰীড়াবিদক প্ৰদান কৰা হয় ৰাজীৱ গান্ধী খেলৰত্ন বঁটা| ৰিঅ’ অলিম্পিকত ৰুপৰ পদক জয়ী বেডমিণ্টন তাৰকা পি ভি সিন্ধু, ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভ কৰা সাক্ষী মালিক, জিমনাষ্ট দীপা কৰ্মকাৰ আৰু শ্বুটাৰ জিতু ৰায়ক এই বঁটা প্ৰদান কৰা হয়| যোৱা ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে এই বঁটা প্ৰদান কৰে| খেলৰত্নৰ লগতে অৰ্জুন বঁটাও প্ৰদান কৰা হয়| এইবাৰ মুঠতে ১৫ গৰাকী ক্ৰীড়াবিদক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়| এইসকলৰ ভিতৰত আছিল অসমৰ প্ৰতিভাৱান বক্সাৰ শিৱ থাপা| লণ্ডন আৰু ৰিঅ’ দুখনকৈ অলিম্পিকত ভাগ লোৱা শিৱ থাপা হৈছে ‘অৰ্জুন বঁটা’ বিজয়ী চতুৰ্থগৰাকী অসমীয়া| ১৯৯৬ চনৰ বেংকক এছিয়াডত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ পদক বিজয়ী ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া| তেওঁৰ পিছতে মনালিছা বৰুৱা মেহতা আৰু জয়ন্ত তালুকদাৰে এই বঁটা লাভ কৰি আমাৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল| অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন ক্ৰিকেটাৰ হৈছে চেলিম ডুৰাণী| এই বছৰ অজিংক ৰাহানেই লাভ কৰে এই বঁটা| বেডমিণ্টনত অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ আছিল নন্দু নাটেকৰ|

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate