অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চীনৰ প্ৰাচীৰ

চীনৰ প্ৰাচীৰ

বিশ্বৰ ভিতৰতে মানৱ নিৰ্মিত দীৰ্ঘতম গঠন হিচাপে চীনৰ প্ৰাচীৰ অন্যতম৷ চীনৰ পূৱ প্ৰান্তৰৰ ‘‘শ্বানহাই পাছ’’ৰ পৰা পশ্চিম প্ৰান্তৰৰ ‘‘লপ-নুৰ’’লৈ সুদীৰ্ঘ ৬,৪০০ কিঃমিঃ দীঘল এই প্ৰাচীৰখন৷ শিল আৰু মাটিৰে নিৰ্মিত এই প্ৰাচীৰখন খ্ৰীষ্টপীৰ্ব ৫ম শতিকাৰ পৰা ১৬শতিকালৈ নিৰ্মাণ/ পুনঃনিৰ্মাণেৰে আটোমটোকাৰীকৈ ৰখা হৈছিল৷ মূলতঃ চীনা সাম্ৰাজ্যৰ উত্তৰ পাৰৰ সীমান্ত অঞ্চলবোৰৰ নিৰাপত্তাৰ বাবেই এই প্ৰাচীৰ নিৰ্মাণ কৰা হৈছিল৷ উল্লেখযোগ্য যে চীনৰ প্ৰাচীৰ বুলি কেইবাখনো বেলেগ বেলেগ অংশক বুজোৱা হৈছিল৷ খ্ৰীষ্টপূৰ্ব ২২০ আৰু ২০০ৰ ভিতৰত চীনৰ প্ৰথমজন সম্ৰাট কিন শ্বী হুৱাঙে নিৰ্মাণ কৰা প্ৰাচাৰখনেই আটাইতকৈ প্ৰখ্যাত৷ তৰোৱাল, কাঁড় জাতীয় অস্ত্ৰৰে প্ৰতিপক্ষক আক্ৰমণ কৰিব পৰাকৈ সুবিধা কৰি নিৰ্মাণ কৰা হৈছিল এই প্ৰাচীৰসমূহ৷ কিন শ্বা হুৱাঙে সকলোবোৰ বিদ্ৰেহী ৰাজ্যক একত্ৰিত কৰিছিল আৰু খ্ৰীষ্টপূৰ্ব ২২১ত কিন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷ কেন্দ্ৰীয়ভাৱে শাসন কৰাৰ সুবিধাৰ্থে হুৱাঙে ৰাজ্যবোৰৰ মাজত থকা প্ৰাচীৰবোৰ ভাঙি পেলাইছিল আৰু উত্তৰফালৰ পৰা ‘‘জিঅংনু’’ সকলে আক্ৰমণ কৰিব নোৱাৰাকৈ সীমান্তত নতুনকৈ প্ৰাচীৰ দিবলৈ হুকুম দিছিল৷ উল্লেখযোগ্য যে, সময়ৰ পাকচক্ৰত পৰি প্ৰাচীৰৰ অধিকাংশই ভাগি গ’ল যদিও তাৰে কিছুমান অংশ আজিও থাকি গ’ল৷ পৰৱৰ্তী সময়ত হান, ছুই, নৰ্দান আৰু জিন সাম্ৰাজ্যই প্ৰাচীৰৰ সকলোবোৰ অংশ মেৰামতি, পুনৰ নিৰ্মাণেৰে বৃহৎ প্ৰাচীৰৰ ৰূপ দিছিল৷

বৰ্তমান চীনৰ যি বৃহৎ প্ৰাচীৰ, সেই প্ৰাচীৰ মিং সাম্ৰাজ্যই ৰূপ দিছিল৷ ১৪৪৯ খ্ৰীষ্টাব্দত টুমুৰ যুদ্ধত মংগোলসকলৰ হাতত মিং সেনা পৰাস্ত হৈছিল৷ ফলস্বৰূপে, মিং সাম্ৰাজ্যই চীনৰ উত্তৰ সীমান্তত এক বৃহৎ প্ৰাচীৰ দিয়াৰ আঁচনি হাতত লৈছিল৷ পূৰ্বৰ কিন সাম্ৰাজ্যই নিৰ্মাণ কৰা প্ৰাচীৰৰ গাঁথনিতকৈ মিং সাম্ৰাজ্যই নিৰ্ণাণ কৰা প্ৰাচীৰৰ গাঁথনি বহু পৰিমাণে শক্তিশালী আছিল৷

উল্লেখযোগ্য যে— পৃথিৱীত থকা মানৱ নিৰ্মিত গঠন সমূহৰ ভিতৰত এই প্ৰাচীৰখনো অন্যতম, যাক চন্দ্ৰৰ পৰাও প্ৰত্যক্ষ কৰিব পৰা যায়৷

লেখিকা: জোনালী।

শেহতীয়া উন্নীতকৰণ: : 4/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate