১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে জন্ম হয় আমাৰ সকলোৰে চিনাকি, শিশু সকলৰ অতিকৈ মৰমৰ পণ্ডিত জৱাহৰলাল নেহৰু। তেওঁ আছিল একেধাৰে ভাৰতৰ ৰজনীতিবিদ, চিন্তাবিদ, লেখক আৰ স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী।
জন্ম= ১৮৮৯ চনৰ ১৪ নৱেম্বৰত উত্তৰ প্রদেশৰ এলাহাবাদত। মৃত্যু= ১৯৬৪ চনৰ ২৭ মে’|
পিতৃ= মতিলাল নেহৰু| মাতৃ= স্বৰুপাৰাণী নেহৰু|
তেওঁ প্রধান মন্ত্রী পদত একেৰাহে ১৭ বছৰলৈ কার্য নির্বাহ কৰিছল।
ঘৰুৱা শিক্ষাৰ দ্বাৰাই নেহৰুৰ সৰু কালৰ শিক্ষাৰ আৰম্ভণি হৈছিল। তেখেত আছিল মাক-দেউতাকৰ একমাত্র সন্তান। নেহৰুৱে টি ফার্ডিনাণ্ড ব্রুকছ নামৰ এজন আইৰিছ লোকৰ তত্বাৱধানত শিক্ষা লাভ কৰিছিল। তেৰ বছৰ বয়সত তেওঁ “থিয়ছফিকেল ছচাইটি” ত যোগ দি প্রাচীন ধর্ম পুথিবোৰ অধ্যায়ন কৰিছিল। মাত্র পোন্ধৰ বছৰ বয়সত ইংলেণ্ডলৈ গৈ হেৰ’ পাব্লিক স্কুলত ভর্তি হয়। ১৯১০ চনত কেমব্রিজৰ ট্রেনিটি কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। ১৯১২ চনত তেওঁ ভাৰতলৈ ঘুৰি আহি ওকালতি আৰম্ভ কৰে।
১৯১৬ চনত লক্ষ্ণৌ কংগ্রেজত তেওঁ মহাত্মা গান্ধীক লগ পায়। সেই বছৰতে তেওঁ কমলা কৌলকৰ সতে বিবাহ পাশত আৱদ্ধ হয়।
তেওঁ কেইবাবাৰো কাৰাবাস খাটিব লগীয়া হৈছিল। জেলত থকা সময়ত তেওঁ কেইখন মান বিখ্যাত গ্রন্থ ৰচনা কৰিছিল। সেই কেইখন গ্রন্থ হ’ল ক্রমে – “গ্লিম্পছেছ অৱ্ ৱার্ল্ড হিষ্টৰি” আৰু “ডিছকভাৰি অৱ্ ইণ্ডিয়া”। ১৯৪৫ চনলৈকে তেওঁ ৩,২৬২ দিন জেলত আছিল।
১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সর্বোচ্চ সন্মান “ভাৰত ৰত্ন” প্রদান কৰে।
জৱাহৰলাল নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল আৰু তেওঁলোকৰ মাজত তেওঁ নেহৰু চাচা বুলি পৰিচিত আছিল | আৰু তেওঁৰ জন্ম দিনটোক প্রতি বছৰে “শিশু দিৱস” হিচাপে পালন কৰা হয়||
অৰূপ কুঃ বৈশ্য
শেহতীয়া উন্নীতকৰণ: : 5/4/2020
শিশু দিৱসৰ প্ৰয়োজনীয়তা
এই শিতানত শিশু দিৱসৰ বিষয়ে আলোচনা কৰা হৈছে।