নিয়মানুৱৰ্তিতা মানে হৈছে শৃংখলাবদ্ধ নিয়াৰিকৈ কাম কৰা। ইংৰাজীত যাক কোৱা হয় ‘ডিচিপ্লিন’। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কাৰ্যাৱলীলৈ যদি আমি লক্ষ্য কৰো, তেন্তে দেখিবলৈ বা শুনিবলৈ পাম যে- প্ৰতিটো কাৰ্যই এটা নিৰ্দিষ্ট সময়, নিৰ্দিষ্ট নিয়মৰ অধীন হৈ কাম কৰি আছে।
এই নিয়ম বা সময়ৰ যদি নিৰ্দিষ্টতা নাথাকিলহেঁতেন, তেন্তে বিশ্বব্ৰহ্মাণ্ডত বহুতো বিশৃংখলতাৰ সৃষ্টি হ’লহেতেন। যেনেদৰে সূৰ্য উদয় আৰু অস্ত, দিন-ৰাতিৰ অহা-যোৱা, চন্দ্ৰৰ উত্থান-পতন অৰ্থাৎ প্ৰতি পোন্ধৰ দিনৰ মূৰে মূৰে শুক্ল পক্ষ-কৃক্ষ পক্ষ, আহ্নিক গতি-বাৰ্ষিক গতি, ঋতু পৰিৱৰ্তন, গছ-লতিকা।
ফল-ফুলৰ বৃদ্ধি, সকলোতকৈ আচৰিত প্ৰাণীৰ জনন আৰু মৃত্যু আদি অযুত কাৰ্য চলি আছে। এই সকলোবোৰ কাৰ্যই এটা নহয় এটা নিয়মৰ অধীনত চলে। এই নিয়ম মানি চলা কাৰ্যটোৱেই হৈছে নিয়মানুৱৰ্তিতা।
মানৱ জীৱনৰ ক্ষেত্ৰটো সেইদৰে ব্যক্তিগতই হওক অথবা সামাজিকেই হওক, নিৰ্দিষ্ট নিয়ম মানি অৰ্থাৎ নিয়মাণুৱৰ্তিতাৰ অধীন হৈ কাম কৰি গ’লেহে উন্নতিৰ জখলাত অগ্ৰসৰ হ’ব পাৰি।
সেইবাবেই প্ৰত্যেক মানুহেই মনত ৰখা উচিত- নিয়মানুৱৰ্তিতাই জীৱনৰ উন্নতিৰ মূল। ইয়াৰ অভাৱ হ’লেই উন্নতি কৰা দূৰৈৰ কথা পদে পদে বিপদ আৰু অনিষ্টহে হয়।
উল্লেখযোগ্য সমষ্টিয়ে সমাজ। গতিকে এখন সমাজৰ উন্নতি মানেইটো সেইখন সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ উন্নতি হ’ব লাগিব।
আমি দেখিবলৈ পাওঁ যিখন ঘৰৰ মুৰব্বীজনৰ কথা বা পৰামৰ্শ মতে ঘৰখন চলে সেইখন ঘৰত সুখ-শান্তি আৰু উন্নতিয়ে বিৰাজ কৰে।
ইয়াৰ বিপৰীতে যিখন ঘৰৰ মুখিয়ালজনক অমান্য কৰি নিজৰ ইচ্ছা মতে ঘৰখনৰ প্ৰতিগৰাকী সদস্যই চলে, সেইখন ঘৰৰ অৱস্থাও গুৰিয়াল নাইকিয়া নাওৰ দৰে হয়।
অৱশ্যে মুখিয়ালজন হ’ব লাগিব সৎ স্বভাৱৰ আৰু থাকিব লাগিব ঘৰখনৰ বাকী সদস্যক নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা ক্ষমতা।
নিয়মৰ অধীন হৈ যিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে সূচাৰুৰূপে স্কুল পৰিচালনা কৰে, সেইখন বিদ্যালয়ৰ বাকী শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে শৃংখলিতভাৱে চলে। নিয়মানুৱৰ্তিতা মানি সেনাসকলক পৰিচালনা কৰিব পাৰে। সৈন্যবাহিনীত নিয়ামানুৱৰ্তিতা প্ৰধান নীতি।
জাতিৰ পিতা মহাত্মা গান্ধীয়ে নিয়মানুৱৰ্তিতা মানি চলিয়ে ইমান সুশৃংখলিতভাৱে অহিংস নীতি পালন কৰি, সত্যাগ্ৰহ, অনশন আদি পন্থা অৱলম্বন কৰিয়ে ভাৰতবৰ্ষৰ স্বাধীনতা আনিলে।
গতিকে পিতৃ-মাতৃ, শিশুগুৰুসকল আৰু জ্যেষ্ঠজনৰ উপদেশ মানি তেওঁলোকৰ আদেশ নিষ্ঠাৰে পালন কৰিবলৈ শিশুকালৰ পৰাই অভ্যাস কৰাটো উচিত।
তেনে আদৰ্শৰ মাজেৰেহে প্ৰকাশিত হয় নিয়মানুৱৰ্তিতাৰ প্ৰকৃত পৰিচয়। পৃথিৱীত যিমান ধনী, মানী, জ্ঞানী, যশস্বী ব্যক্তি আছে, তেওঁলোকৰ উন্নতিৰ মূলতেই হ’ল নিয়মানুৱৰ্তিতাৰ অধীন হৈ চলা। ‘মানুহ মাত্ৰেই অভ্যাসৰ দাস’।
এই মহামন্ত্ৰ সৰোগত কৰি শিশুকালৰ পৰাই সকলো কামতে, যেনে- খোৱা-বোৱা, চাল-চলন, পঢ়া-শুনা, খেলা-ধূলা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, পৰম্পৰা সকলোতে নিয়মৰ অধীন হৈ চলা উচিত। সেয়েহে পিতৃ-মাতৃ তথা অভিভাৱকসকলে শিশুকালৰ পৰাই ল’ৰা-ছোৱালীক নিয়মানুৱৰ্তিতা মানি চলিবলৈ শিকাব লাগে।
সজ আদৰ্শৰে অনুপ্ৰাণিত হৈ সুচৰিত্ৰৱান ৰূপে গঢ়ি তুলিব পাৰি তালৈ লক্ষ্য ৰাখিব লাগে। অনুকৰণপ্ৰিয় শিশুসকলৰ আগত সজ আদৰ্শ আৰু সজ চৰিত্ৰ বিৰাজ আৰু নিশ্চয়কৈ সেই ল’ৰা-ছোৱালীয়েহে ভৱিষ্য়ৎ জীৱন সুখৰ কৰি তুলিব পাৰিব।
আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। সেয়েহে শিশুকালৰ পৰাই নীতি-নিয়ম, নিয়ামানুৱৰ্তিতা আদি মানি চলাৰ অভ্যাস কৰিলে জীৱনটো নিশ্চয়কৈ ভালদৰে গঢ় হৈ উঠিব।
তেনে শিশুৱেহে ডাঙৰ হৈ বুজিব যে নিয়মানুবৰ্তিতাইহে সাৰ্থক কৰি তোলে কৰ্তব্য ক্ষেত্ৰৰ বা জীৱন যুঁজৰ অবিৰাম অভিযান। এনে অভিযান সাৰ্থক কৰি তুলিব পৰাটোৱেই হৈছে জীৱন যুঁজৰ শেষ পৰিণতি।
লেখিকা: ঊষা দেৱী(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 11/29/2023