বাৰ্মুদা ত্ৰিভুজত ঐতিহাসিকভাৱে জাহাজ আৰু বিমান অন্তৰ্ধান হোৱা ঘটনা বা তাত প্ৰত্যক্ষ কৰা নানা আচৰিত পৰিঘটনাৰ বিষয়ে ইয়াত আলোচনা কৰা হোৱা নাই। জাহাজ আৰু বিমান অন্তৰ্ধানৰ কাৰণ হিচাপে আগবঢ়োৱা নানা সূত্ৰ আৰু সম্ভাৱ্য কাৰণসমূহৰ অবৈজ্ঞানিক, বৈজ্ঞানিক, কল্পিত, যুক্তিযুক্ত আৰু সাধাৰণ বিশ্লেষণহে ডাঙি ধৰা হৈছে। লেখাটোত আন কেইবাটাও প্ৰবন্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে।
ব্যতিক্ৰমবোৰে মানুহক বেছিকৈ আকৰ্ষিত কৰে; সেয়া কৰণ জোহৰৰ চিনেমাতেই হওক বা প্ৰকৃতিতেই হওক। ৰূপাঙ্কণ অভিযন্তা (ডিজাইন ইঞ্জিনিয়াৰ) আৰু বিজ্ঞানীসকলৰ বাবে ‘আটাইতকৈ ভাল ৰূপাঙ্কণকাৰী (ডিজাইনাৰ) হ’ল প্ৰকৃতি’। পিছে প্ৰকৃতিৰ ৰূপাঙ্কণসমূহ বুজাটো বৰ জটিল; কিছু কিছু আমি বুজিছোঁ, প্ৰায়ভাগ ‘ডিকোড’ কৰিবলৈ এতিয়াও বাকী। যিখিনি আমি বুজি উঠোঁ সেইখিনিয়েই হয়তো প্ৰতি-আভিযান্ত্ৰিক কৰি আন কিবা এটা বনাই দিওঁ। চৰাইৰ বায়ুগতিবিদ্যা বুজি বিমান বনালোঁ, হাতীৰপৰা জে.ছি.বি, মাছৰ পৰা চাবমেৰিণ আৰু তৰাৰ পৰা বিজুলী আৰু শক্তি। পিছে বহু ব্যতিক্ৰমৰ বিষয়ে বহু বছৰ অধ্যয়ন/গৱেষণাৰ পিছতো বুজিব পৰা হোৱা নাই। তাৰ ভিতৰত বাৰ্মুদা ত্ৰিভুজ অন্যতম।
বিভিন্ন সূত্ৰ আৰু ব্যাখ্যাত বাৰ্মুদা ত্ৰিভুজ অঞ্চলৰ ভৌগোলিক বিস্তৃতিৰ কিছু তাৰতম্য আছে যদিও ইয়াৰ শীৰ্ষ বিন্দু তিনিটা ক্ৰমে মায়ামি, ছান য়ুৱান আৰু মধ্য-আটলান্তিকৰ বাৰ্মুদা দ্বীপত অৱস্থিত। ইয়াৰ কালি প্ৰায় ৩০০০,০০০ বৰ্গ কিঃমিঃ। বাৰ্মুদা ত্ৰিভুজ অঞ্চল বিশ্ব জল-পৰিবহনৰ এটি প্ৰধান আৰু অতিকৈ ব্যস্ত পথ। ইউৰোপ, আমেৰিকা আৰু কেৰিবিয়ান দ্বীপসমূহলৈ নিতৌ বহু বেছি জাহাজ এই পথে অহা-যোৱা কৰে। আনফালে ই ফ্ল’ৰিদা, কেৰিবিয়ান আৰু দক্ষিণ আমেৰিকালৈ যোৱা এটি বহু ব্যস্ত আকাশী পথ।
বহু আগৰেপৰা এই অঞ্চলত জাহাজ আৰু বিমান দুৰ্ঘটনাগ্ৰস্ত আৰু অদৃশ্য হৈ যোৱা পৰিঘটনা শুনা গৈছিল যদিও ১৯৪৫ চনৰ ফ্লাইট ১৯ নোহোৱা হোৱাৰ পৰাহে ই বিশেষ গুৰুত্ব লাভ কৰে। পিচলৈ তাত আৰু বহু বেছি জাহাজ আৰু বিমান নোহোৱা হয় বা বহুতে নানা আচৰিত ঘটনাৰ সম্মুখীন হয়। নানা বিজ্ঞানী, গৱেষক, বিশ্লেষক আৰু প্ৰত্যক্ষ অভিজ্ঞ ব্যক্তিয়ে এনেবোৰ পৰিঘটনাৰ বাবে নানা ব্যাখ্যা আগবঢ়ায়।
বাৰ্মুদা ত্ৰিভুজ অঞ্চলটোত পুৰণি আটলাণ্টিচ্ সভ্যতাৰ ধ্বংসাৱশেষবোৰ এতিয়াও আছে বুলি বহুতেই কয়। আটলাণ্টিচ্ সভ্যতাৰ বহু উন্নত প্ৰযুক্তি – যিবোৰ বহিৰ্বিশ্বৰ প্ৰাণীৰ সহায়ত বনোৱা বুলি ভবা হয়, সেইবোৰৰ বিভিন্ন পৰিঘটনাৰ বাবে ত্ৰিভুজাকৃতিৰ অঞ্চলটোত কেতিয়াবা হঠাতে কোনো জাহাজ নোহোৱা হৈ যায়। ডঃ ৰে ব্ৰাউননে সেই অঞ্চলৰ সাগৰতলিত এক বিশেষ ‘শক্তি দানা’ পোৱা বুলি দাবী কৰিছিল। তেওঁৰ মতে এই বিশেষ ‘শক্তি দানা’বোৰে মাজে-সময়ে বিকিৰণ কৰা শক্তি ৰশ্মিয়ে ওপৰেৰে যোৱা জাহাজ বা বিমানৰ দিকনিৰ্দেশক প্ৰণালী আৰু আন আন যান্ত্ৰিক বিজুতি ঘটায়; যাৰ ফলত জাহাজ বা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই সূত্ৰৰে কোনো কোনোৱে বহিঃপ্ৰাণীয়ে জাহাজ বা বিমান অপহৰণ কৰি আন মাত্ৰাৰে লৈ যায় বুলিও ক’ব খোজে। পিছে ই প্ৰমাণিত নহয়, বিশ্বাসহে (বিজ্ঞানভিত্তিক ব্যাখ্যা বুলিব নোৱাৰি)।
গ্ৰেগ’ৰ আৰু গাৰ্ণনে আগবঢ়োৱা সূত্ৰমতে বাৰ্মুদা ত্ৰিভুজ অঞ্চলটোৰ ওপৰেৰে উৰি যোৱা বিমানবোৰে কেতিয়াবা কিছুমান ‘বৈদ্যুতিন কুঁৱলি’ৰ পাৰিপাৰ্শ্বিকৰ মাজেৰে যাবলগীয়া হয়। ৪, ডিচেম্বৰ, ১৯৭০ ত গাৰ্ণন আৰু তেওঁৰ দেউতাকে এই অঞ্চলটোৰ ওপৰেৰে বিমান চলাই যাওঁতে এক ‘বিশেষ মেঘ’ৰ মাজেৰে উৰিবলগীয়া হৈছিল, যি মেঘে আকাশত এক গুহাৰ সৃষ্টি কৰিছিল, যাৰ মাজেৰে তেওঁলোকে বিমানখন উৰাবলগীয়া হৈছিল। আকাশী গুহাৰ বেৰত তেওঁলোকে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি থকা ৰেখা কিছুমান দেখিছিল। বিমানৰ দিকনিৰ্ণায়ক যন্ত্ৰপাতিবোৰে কাম নকৰা হৈছিল। আচৰিত অনুভৱ হৈছিল তেওঁলোকৰ; গুহাৰ শেষত মুক্ত নীলা আকাশ বা সাধাৰণ মেঘ দেখাৰ পৰিবৰ্তে তেওঁলোকে দেখিছিল মুগা-বগা বৰণীয়া সীমান্ত, য’ত কোনো দিগন্ত নাই, দেখিবলৈ আকাশ নাই, সাগৰ নাই… একো নাই। নিৰ্ধাৰিত গতিবেগৰে যোৱাৰ পিছতো বিমানখনে ২৮ মিনিট আগতেই একে দূৰত্ব অতিক্ৰম কৰিছিল, অৰ্থাত্ সময় স্থবিৰ হৈ গৈছিল। এই সময়ৰ পৰিবৰ্তনটো তেওঁলোকৰ ঘড়ী আৰু বিমানৰ ঘড়ীতো প্ৰত্যক্ষ হৈছিল। কিছুসময়ৰ পিছতে সকলোবোৰ যন্ত্ৰপাতি সাধাৰণ হ’বলৈ ধৰিলে আৰু তেওঁলোকে গন্তব্যস্থান মায়ামি উপকূল দেখিবলৈ পালে।
গাৰ্ণন আৰু আন কেইবাজনো বিমান চালকে একেধৰণৰ অভিজ্ঞতা সেই ত্ৰিভুজ অঞ্চলৰ ওপৰৰে বিমান উৰাওঁতে আকৌ কেইবাবাৰো পাইছিল। তেওঁৰ মতে সেই অঞ্চলৰ পৃথিৱীৰ ভিতৰ ভাগৰপৰা নিৰ্গত হোৱা শক্তিশালী ‘বিদ্যুত-চুম্বকীয় ধুমুহা’ই বৈদ্যুতিক-কুঁৱলিৰ সৃষ্টি কৰে, যিবোৰ কিছুসময়ৰ ভিতৰতে অদৃশ্য হৈ যায়। চুইডেনৰ বিজ্ঞানী এজনে পোৱামতে সেই ত্ৰিভুজাকৃতিৰ অঞ্চলত চুম্বকত্ব পৃথিৱীৰ আন অঞ্চলতকৈ কম আৰু তাৰ বাবেই তাত এনে বৈদ্যুতিক-কুঁৱলিৰ সঘনাই সৃষ্টি হয়, বা শক্তিশালী হৈ উঠে। গাৰ্ণনৰ ভাষাত ই “কাল-ধুমুহা’’।
এই অঞ্চলত বহু নীলা-গহ্বৰ আছে। নীলা-গহ্বৰ হ’ল সাগৰৰ তলিত বা পৃষ্ঠত থকা পানীৰে পৰিপূৰ্ণ গহ্বৰ – যিবোৰক বহুতে সূক্ষ্ম-কীটগহ্বৰ (micro-wormhole) বুলিও ক’ব খোজে, যিবোৰৰ জৰিয়তে আন বিশ্বৰ বা মাত্ৰাৰ পৰা UFO আদি আহে। ইয়ো এটা বিশ্বাসহে, যাৰ বৈজ্ঞানিক ভিত্তি নাই।
আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল বাৰ্মুদা অঞ্চলত কম্পাছৰ সূচকে পৃথিৱীৰ চুম্বক উত্তৰ মেৰুৰ দিশলৈ মূৰ কৰিবলৈ এৰি ভৌগোলিক উত্তৰ মেৰুলৈহে দিক দৰ্শায় (এই পৰিঘটনাটো জাপানৰ ‘ডেভিল সাগৰতো’ হয়)। পৃথিৱীৰ চুম্বকৰ উত্তৰ মেৰু (স্থিৰ নহয়) আৰু ভৌগোলিক উত্তৰ মেৰুৰ দূৰত্ব প্ৰায় ২০০০ কিঃমিঃ, আৰু এই অঞ্চলত কম্পাছৰ এনে ভুলৰ বাবে বহু জাহাজে দিশ নিৰ্ণয়ত ভুল কৰে, যাৰ বাবে হয়তো মাজ সাগৰতে হেৰাই থাকে বুলি বহু বিশ্লেষকে ক’বলৈ বিচাৰে।
কিছু বৈজ্ঞানিক বিশ্লেষণৰ ভিতৰত: বাৰ্মুদা অঞ্চলটোত অতি সঘনাই বতৰৰ পৰিবৰ্তন ঘটে – ধুমুহা আদি সঘনে আহে আৰু তত্ক্ষণাৎ নোহোৱা হৈ যায়, যিটো আনকি উপগ্ৰহয়ো কেতিয়াবা ধৰা পেলাব নোৱাৰে। এনে ধুমুহাই জাহাজ বা বিমান আদি সহজেই ডুবাই পেলায়। এই ধুমুহাই আনকি সাগৰপৃষ্ঠৰ পৰা কেইবাকিলোমিটাৰ ওপৰলৈ পানী ঠেলি দিয়ে; যি পানীয়ে নিম্ন উচ্চতাৰে উৰি যোৱা বিমান আদিকো দুৰ্ঘটনাগ্ৰস্ত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
বিভিন্ন দুৰ্ঘটনাৰ বাবে এই অঞ্চলৰ সাগৰ তলিও এক কাৰক হ’ব পাৰে- যিটো সাধাৰণ গভীৰতাৰ পৰা অতি বেছি গভীৰ হৈ পৰে। ই পৃথিৱীৰ আটাইতকৈ দ ঠাইসমূহৰ ভিতৰত অন্যতম, বোধহয় সেয়েই তাত ডুবা কোনো জাহাজৰে অস্তিত্ব বিচাৰি উলিওৱা সম্ভৱ নহয়।
বাৰ্মুদা ত্ৰিভুজত ‘গাল্ফ সোঁত’ বৰ খৰস্ৰোতা, যিয়ে বহু জাহাজক কেইবাশ কিঃমিঃ দূৰলৈ ঠেলি দিব পাৰে। অনভিজ্ঞ কেপ্তেইনসকলৰ ক্ষেত্ৰত ই বিভিন্ন সমস্যাৰ কাৰক আৰু এই সোঁতে যিকোনো দুৰ্ঘটনাগ্ৰস্ত জাহাজক নিমিষতে বহু দূৰলৈ পঠাই দি অস্তিত্ব নোহোৱা কৰি পেলায়।
কাডিফ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে বাৰ্মুদা অঞ্চলৰ মহাসাগৰৰ তলিত বৃহত্ পৰিমাণৰ মিথেন গেছ আৱিষ্কাৰ কৰিছিল। এই গেছ সাগৰৰ মৃত জীৱ আৰু গছ-গছনিৰ পৰা সৃষ্টি হোৱা। এই মিথেন গেছক আৱৰি থকা হিম তৰপটো যথেষ্ট শক্তিশালী। মিথেন গেছ নিৰ্গত হোৱাৰ মুহূৰ্ততে ই উদ্গীৰণ হয় আৰু পৃষ্ঠৰ পানীৰ ঘনত্ব কমায়। ফলস্বৰূপে বহু জাহাজ আংশিকভাৱে ডুবিবলৈ ধৰে আৰু পিছলৈ দুৰ্ঘটনাগ্ৰস্ত হয় আৰু মুহূৰ্ততে মহাসাগৰৰ তলি পায়গৈ। উদ্গীৰণ হোৱা মিথেনৰ বাবে আনকি ওপৰেৰে উৰি যোৱা বিমান আদিতো অগ্নি সংযোগ হৈ দুৰ্ঘটনাত পতিত হয়।
বাৰ্মুদা ত্ৰিভুজক বৰ বেছি বিশেষ আৰু খ্যাত কৰি তোলাত কল্পবিজ্ঞান, চিনেমা আৰু তথ্যচিত্ৰ আদিৰ প্ৰভাৱ বহু বেছি। উল্লেখ্য যে বহু দেশৰ ভৌগোলিক মানচিত্ৰত বাৰ্মুদা ত্ৰিভুজৰ নাম নাই, তথা আন্তঃৰাষ্ট্ৰীয় জল আৰু বিমান পৰিবহন পথ এই ত্ৰিভুজ বা তাৰ নানা ঐতিসাহিক পৰিঘটনা বা দুৰ্ঘটনাৰ দ্বাৰা প্ৰভাৱিত নহয়। আন জল আৰু আকাশী পথৰ দৰে ইয়ো এক সাধাৰণ পথ।
লেখক: ধনজিৎ কুমাৰ শৰ্ম্মা।