অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিজ্ঞানৰ খৱৰ-১

বিজ্ঞানৰ খৱৰ-১

চীনত প্ৰদূষণৰ মাত্ৰা হ্ৰাস

দীৰ্ঘদিন ধৰি বিশ্বৰ বিভিন্ন দেশে চীনক মাত্ৰাধিক সেউজগৃহ গেছ সৃষ্টি কৰা বুলি মন্তব্য কৰি অহাৰ পিছত দেশখনৰ কোনো কোনো অংশত হ্ৰাস পাইছে প্ৰদূষণৰ মাত্ৰা। ২০১৫ বৰ্ষৰ প্ৰথম ছমাহত ছমাহত বেইজিং-টিয়ানজিন-হেবেই অঞ্চল, য়াংজি নৈৰ ব-দ্বীপ আৰু পাৰ্ল নৈৰ ব-দ্বীপ অঞ্চলত প্ৰদূষক দ্ৰব্যৰ ঘনত্ব লক্ষণীয়ভাৱে হ্ৰাস পাইছে। দেশখনৰ পৰিৱেশ সংৰক্ষণ মন্ত্ৰাণালয় আৰু ভেডেল’পমেন্ট ৰিছাৰ্চ চেন্টাৰে এই কথা প্ৰকাশ কৰিছে।

১০ কোটি বছৰীয়া মাছৰ জীৱাশ্ম

অষ্ট্ৰেলিয়াত আৱিষ্কাৰ কৰা হৈছে ১০ কোটি বছৰ পুৰণি মাছৰ জীৱাশ্ম। কুইন্সলেণ্ড প্ৰদেশৰ জুলিয়া ক্ৰিক অঞ্চলত বৃহৎ মৎস প্ৰজাতি ‘কুয়ু’ ৰ ২০-৩০ টামান কংকাল উদ্ধাৰ কৰা হৈছে। এই কংকালবোৰ অতি ক্ষুদ্ৰ যদিও ইহঁত তিনি মিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ আৰু ইয়াৰ একোডাল শক্তিশালী নেজ থাকে। উদ্ধাৰ কৰা কংকালবোৰ অধ্যয়ন কৰি ইহঁতৰ দাঁত কমেও দুই চেন্টিমিটাৰ হ’ব বুলি ঠাৱৰ কৰা হৈছে। ইহঁতৰ চকুৰ আকাৰো ডাঙৰ। জীৱাশ্মকেইটা উদ্ধাৰ কৰা স্থানত পূৰ্বে ডাইন’ছৰৰ জীৱাশ্মও পোৱা গৈছিল বুলি জীৱাশ্মবিদ টিম’থি অ’লাণ্ডে প্ৰকাশ কৰিছে।

মাডাগাস্কাৰত নতুন প্ৰজাতিৰ কেমিলিয়নৰ সন্ধান

মাডাগাস্কাৰত সন্ধান পোৱা গৈছে ১১ টা নতুন প্ৰজাতিৰ কেমিলিয়নৰ। বিচিত্ৰ শ্ৰেণীৰ জীৱ-বৈচিত্ৰ্যৰে ভৰা এই মাডাগাস্কাৰত সন্ধান পোৱা কেমিলিয়নকেইবিধো অতি বিচিত্ৰ ধৰণৰ। জেনেভা বিশ্ববিদ্যালয়ৰ অধ্যাপক মাইকেল মিলিনক’ভিটছে প্ৰকাশ কৰা মতে, মাডাগাস্কাৰত সন্ধান পোৱা পেন্‌থাৰ কেমিলিয়নৰ প্ৰজাতি এটা নহয়। ইহঁতৰ বৈশিষ্ট্য পৃথক আৰু ১১ টা ভিন্ন প্ৰজাতিৰ। মাডাগাস্কাৰৰ পূবৰ পৰা পশ্চিমলৈ ভ্ৰমি ৩২৪ টা কেমিলিয়নৰ তেজৰ নমুনা আৰু ৰঙীন আলোকচিত্ৰ সংগ্ৰহ কৰি অধ্যয়ন চলোৱা হৈছিল।

মঙলত পাঁচখন যানৰ অভিযান

বৰ্তমান আমাৰ পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙলৰ কক্ষপথত পাঁচখন মহাকাশযানে অধ্যয়ন চলাই আছে। ৰঙাগ্ৰহটোৰ কক্ষপথত যিকোনো মুহুৰ্তত এই যানকেইখনৰ যান-জঁটৰ সৃষ্টি নহ’বলৈ নতুন পদ্ধতি অৱলম্বন কৰিছে। নাছাৰ ক’লিছন এভইডেন্স ছিষ্টেমে এনে আংশকাৰ বিষয়ে আগতীয়াকৈ সংকেত প্ৰেৰণ কৰিব। বৰ্তমান মঙলৰ কক্ষপথত আমেৰিকাত ‘মেভেন’, মাৰ্ছ অ’ডিচি, মাৰ্ক ৰিক’নেইছেঞ্চ অৰ্বিটাৰ, ইউৰোপীয় মহাকাশ সংস্থাৰ মাৰ্চ এক্সপ্ৰেছ আৰু ভাৰতৰ ‘মংগলযান’ নামৰ মহাকাশ যানকেইখনে প্ৰদক্ষিণ কৰি আছে।

লিখক: মহানন্দ শৰ্মা, দৈনিক অসম।

3.09523809524
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top