অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্বৰ প্ৰথমখন লাইফবোটৰ আদি কথা

বিশ্বৰ প্ৰথমখন লাইফবোটৰ আদি কথা

১৭৮৯ বৰ্ষৰ ১৫ মাৰ্চ৷ সেইদিনা ইংলেণ্ডৰ নিউক্যাচেলত ‘‘এডভেঞ্চাৰ’’ নামেৰে এখন জাহাজ ‘‘টাইন’’ নদীত ডুব গৈছিল৷ পাৰত অসহায়ভাৱে অলেখ মানুহে লক্ষ্য কৰিছিল হিয়াবিদাৰক সেই দৃশ্য৷ কোনো এটি প্ৰাণীও বাচিথকা নাছিল সেই দুৰ্ঘটনাটোত৷ এই ঘটনাই গভীৰভাৱে ৰেখাপাত কৰিলে তাৰ স্থানীয় ‘‘লয়ি হাউচ’’ নামৰ ক্লাৱটোৰ সদস্যসকলক৷ পৰৱৰ্তী পৰ্যায়ত ক্লাৱটোৱে এটা বিজ্ঞাপনযোগে ডুবিবলৈ ধৰা জাহাজৰ পৰা মানুহ উদ্ধাৰ কৰিব পৰা এখন বোটৰ নক্সা তৈয়াৰৰ এটি প্ৰতিযোগিতাৰ আহ্বান কৰে৷ প্ৰতিযোগিতাত সন্তোষজনক সঁহাৰিৰ মাজতে ‘‘অৰিজিনাল’’ নামেৰে এখন লাইফ বোটৰ নক্সা পোৱা যায়৷ নক্সাৰ নিৰ্মাতা আছিল ‘‘হেনৰি গ্ৰেটহেড’’৷ তেওঁ এটি নাওঁ নিৰ্মাণ কাৰ্যৰ প্ৰশিক্ষক৷ পিছলৈ তেওঁ এটি স্বতন্ত্ৰ নাওঁ নিৰ্মাণ কেন্দ্ৰ খুলিছিল৷ যথেষ্ট অভাৱগ্ৰস্ত হেনৰিয়ে জাহাজ নিৰ্মাণৰ কৌশল সম্পৰ্কে বিস্তৃত অধ্যয়ণ কৰি, বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে কেইবাটাও নক্সা নিৰ্মাণ কৰিছিল৷ তেখেতৰ প্ৰধান উদ্দেশ্য আছিল এনে এখন বোট তৈয়াৰ কৰাৰ, যিখন বোটে অত্যন্ত ভয়ংকৰ সমুদ্ৰও অনায়াসে অতিক্ৰম কৰিব পাৰিব৷ ১৭৮৯ বৰ্ষত লয়ি হাউচে আহ্বান কৰা প্ৰতিযোগিতাত হেনৰিয়ে যিটো নক্সা পঠিয়াইছিল, সেই নক্সাৰ অনুকৰণতে ক্লাবৰ বিচাৰ কমিটিৰ দুজন সদস্য— মিছেল ৰকউড আৰু নিকলাচ ফেয়াৰলেচে এখন বোট তৈয়াৰ কৰে ৷ ইতিমধ্যে হেনৰিয়ে নৌকা ব্যৱসায় কৰি যথেষ্ট লাভাম্বিত হৈ বহু অৰ্থৰ গৰাকী হৈছিল৷ তেতিয়া তেওঁৰ সেই নক্সাকে কিছু অদল-বদল কৰি এখন সম্পূৰ্ণ বোট তৈয়াৰ কৰে৷ অৱশেষত এইদৰেই জন্মপালে পৃথিৱীৰ প্ৰথমখন লাইফবোট ‘‘অৰিজিনাল’’-এ৷

অৰিজিনাল নিৰ্মাণ কৰোঁতে খৰচ হৈছিল ৮৬ পাউণ্ড, ৯ চিলিং ৮ চেণ্ট৷ ইয়াৰ উচ্চতা আছিল ১০ ফুট, দীঘ- ৩০ ফুট৷ ১৭৯০ বৰ্ষত ১২ জন নাৱিক সহ অৰিজিনালক পানীত ভঁহোৱা হয়৷ ৪০ বছৰ ধৰি এইখন মানুহৰ প্ৰাণৰক্ষাৰ কামত নিযুক্ত আছিল৷ কিন্তু এদিন দুজন নাৱিকক বুকুত সাৱতি লৈ নিজেই ডুব গ’ল ‘অৰিজিনাল’’৷

আগবঢ়ালে: কিৰণ খনিকৰ৷

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate