অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ত নাৰী

বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ত নাৰী

লোক সাহিত্যৰ এটা অন্যতম বিভাগ হ’ল সাধুকথা। মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা সাহিত্যসমূহকে লোক সাহিত্য বা জন সাহিত্য বুলি কোৱা হয়। সেয়ে লোক সাহিত্যৰ ধৰ্ম অনুযায়ী সাধুকথাও বছৰৰ পাচত বছৰ মানুহৰ মুখে মুখে মুখ বাগৰি প্ৰচলিত হৈ আহিছে। সেইবাবেই সাধুকথাৰ কোনো স্থায়ী ৰচয়িতা নাই। বক্তাই নিজৰ সামৰ্থ আৰু অভিৰুচি অনুযায়ী সাধুটোৰ মূল জুমুঠিটো সলনি নকৰাকৈ তাক বঢ়াই-টুটাই ক’ব পাৰে, নানা উপকাহিনীৰ সংযোজনো কৰিব পাৰে। সমালোচকৰ দৃষ্টিত “নৃতত্ব আৰু সমাজতত্ব অধ্যয়নৰ ফালৰ পৰা সাধুকথাৰ মূল্য হয়তো যথেষ্ট আছে। কিন্তু সাহিত্য বুৰঞ্জীত সাধুকথাবোৰৰ মূল্য বৰ বেছি নাই।”

ইংৰাজী ভাষাৰ Folktales শব্দটোৰ অসমীয়া পৰিভাষিক ৰূপ “সাধুকথা”। সাধুকথা শব্দটোৰ প্ৰয়োগে অসমীয়া সমাজত সাধু কথাৰ সমাদৰকে বুজায় যেন লাগে। সাধু মানে হ’ল সন্ত ব্যক্তি আৰু কথা মানে হ’ল উক্তি বা বচন। গতিকে সেইফালৰ পৰা চাবলৈ গ’লে সাধুকথা মানে হ’ল সন্ত ব্যক্তিৰ বচন অর্থাৎ উপদেশ। সেয়ে সাধুকথাবোৰৰ শেষতো প্রায়েই একোটা নীতি-শিক্ষা বা জ্ঞানগর্ভমূলক উপদেশ  দেখা যায়। কিন্তু মূলতঃ সাধুকথাবোৰ কল্পনাপ্রধান। বক্তাই নিজৰ ৰুচি অনুযায়ী সাধুকথাৰ কাহিনীভাগ বৰ্ণনা কৰি গৈ থাকোঁতে শ্ৰোতাৰ মনটোৱে অনুভূতিৰ পাখি মেলে; বিশেষকৈ শিশু শ্ৰোতাৰ মনত এই পাখিলগা ঘোঁৰাৰ চেঁকুৰটো আৰু বেছি প্ৰৱল হৈ উঠে, য’ত চৰাই-চিৰিকতি, জীৱ-জন্তু, ফুল-পাত, গছ-লতায়ো মানুহৰ দৰে কথা কয়,মানুহৰ দৰেই অনুভৱ কৰে। কল্পনা শক্তিৰ বিকাশ ঘটাই এসময়ত শিশুৱে নিজাকৈ সাধুকথা ক’বলৈ লয় আৰু তাৰ কথন-ভংগীৰ মাজেৰেই প্ৰকাশ পায় শিশুটিৰ কল্পনাৰ দৌৰাত্ম্য।

অসমীয়া সমাজত আটাইতকৈ বেছিকৈ সমাদৃত হোৱা সাধুকথাৰ পুথিখন হ’ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”। বেজবৰুৱাই “বুঢ়ী আইৰ সাধু”ৰ পাতনি লিখিছিল ১৯১১চনত। যোৱা এশবছৰে অসমৰ শিশুৱে “বুঢ়ী আইৰ সাধু”ৰ মাজেৰেই পাৰ কৰি আহিছে ৰোমাঞ্চকৰ শৈশৱ। জহকালত আইতাৰ জোনাকী চোতালত, জাৰকালত জুহালৰ ওচৰত নাইবা শোৱাপাটীত ককা-আইতা, মা-দেউতাৰ বুকুৰ মাজত সোমাই সাধু নুশুনাকৈ শৈশৱ পাৰ কৰা লোক খুব কমেই ওলাব। তাতেই প্ৰথমে শিশুৰ মনৰ পাখি লগা ঘোঁৰাই চেঁকুৰ মাৰিবলৈ শিকে। আনকি “বুঢ়ী আইৰ সাধু”ৰ মাজত লগ পোৱা চৰিত্রবোৰো কল্পনাৰ জাল ফালি আমাৰ দৈনন্দিন জীৱনৰ লগৰী হৈ ধৰা দিয়েহি। তেজীমলা, তেজা, কাঞ্চনীৰ দুখৰ কথা শুনি আমি যিমান দুখ পাওঁ সিমানেই আনন্দ পাওঁ “দীঘলঠেঙীয়া” “নুমলীয়া পো”, “তীখৰ আৰু চুটি বাই”, “লটকন”ৰ সাধু শুনি। আমাৰ শৈশৱত তেজীমলা, তেজা, তীখৰহঁত যেন আমাৰ লগত একেলগে খেলি, একেলগে ধেমালি-ধুমুলা কৰি ডাঙৰ-দীঘল হোৱা আমাৰেই চুবুৰীৰ ল’ৰা-ছোৱালীজাকৰ মাজৰেই একো একোটা চৰিত্র। গৱেষকসকলে নিজৰ গৱেষক দৃষ্টিভংগীৰে সাধুকথাবোৰৰ মূল্যায়ন কৰিলেও শিশুমনক গৱেষকৰ মূল্যায়নে স্পৰ্শ কৰিব নোৱাৰে। সেয়ে তেজীমলাৰ দুখত দুখী হোৱা মানেই শ্ৰোতাৰূপী শিশুটিয়ে তেজীমলাক মাহীমাকে কৰা অত্যাচাৰৰ কথা তাৰ কল্পনাপ্রৱণ মনটিৰে ভাবিব পাৰিছে। একেদৰে চোৰ আৰু বাঘ দুয়োকে দীঘলঠেঙীয়াই পোৱা বুলি ভয় খাই দুয়োৰে যি বিলৈ হৈছে তাকে ভাৱি শিশু মনটি আনন্দত আত্মহাৰা হৈ উঠে।

বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”ত কেইবাটাও নাৰী প্রধান গল্প আছে। সেইবোৰ হ’ল“মেকুৰীৰ জীয়েকৰ সাধু”, “ঔ-কুঁৱৰী”, “তেজীমলা”, “চিলনীৰ জীয়েকৰ সাধু”, “তুলা আৰু তেজা”, “কটা যোৱা নাক খাৰণি দি ঢাক”, “পানেশৈ”, “লখিমী তিৰোতা”, “কাঞ্চনী” আদি। নাৰী চৰিত্র প্রধান এই গল্পসমূহত আমি লগ পাওঁ মাক, মাহীমাক, জীয়েক, সতিনীয়েক, জা-ক, শাহুৱেক আদিৰ চৰিত্র। এই চৰিত্রসমূহ অধ্যয়ন কৰিলে তদানীন্তন সমাজ ব্যৱস্থা আৰু সেই সমাজ ব্যৱস্থাত নাৰীৰ স্থান, ভূমিকা সম্পৰ্কে আমি অৱগত হ’ব পাৰোঁ। এই লেখাত তেনে কেতবোৰ দিশৰ বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হ’ল:

১/ বহুবিবাহ প্রথা আৰু নাৰী : ‘ঔ-কুঁৱৰী’, ‘চিলনীৰ জীয়েকৰ সাধু’, ‘তুলা আৰু তেজা’, ‘চম্পাৱতী’ আদি প্রায় প্রতিটো সাধুতেই সদাগৰজন বা ৰজাৰ দুজনী, তিনিজনী বা সাতজনী ঘৈণীয়েক। দুজনী, তিনিজনী বা সাতজনী ছোৱালী বিয়া পাতি ৰখাটো সেইসময়ৰ সম্পদশালী আৰু প্ৰতিপত্তিশীল এজন পুৰুষৰ বাবে অতি সাধাৰণ কথা আছিল। কিন্তু কেইবাজনীও ছোৱালী বিয়া পাতি ছোৱালীবোৰৰ মনত যে সতিনী বিদ্বেষ আনি দিয়া হয় সেই কথাটো হয়তো পুৰুষসকলে ভবা নাছিল। ইজনী সতিনীৰ আনজনীৰ প্রতি বিদ্বেষে ইমান ভয়ানক ৰূপ লৈছিল যে যিগৰাকী গিৰিহঁতৰ অতি আদৰৰ তেওঁক গিৰিয়েক নথকা সময়ত নানা ছল-বল-কৌশলেৰে নানাধৰণৰ অপকাৰো কৰা হৈছিল। যেনে, ‘তুলা আৰু তেজা’ত চহকী খেতিয়কজনৰ বৰজনী ঘৈণীয়েকক সৰুজনী ঘৈণীয়েকে মন্ত্ৰ কৰি বৰকাছলৈ ৰূপান্তৰ কৰিছিল, ‘চিলনীৰ জীয়েকৰ সাধু’ত চিলনীৰ জীয়েক সদাগৰৰ আটাইতকৈ আদৰৰ ঘৈণীয়েক হোৱা বাবে সদাগৰ নথকা সময়ত তাইক সদাগৰৰ আনবোৰ ঘৈণীয়েকে কেইপদমান প্ৰসাধনৰ সামগ্ৰীৰ বিনিময়ত ডোমলৈ বেচিছিল। ইয়াৰ নিহিতার্থ এনেধৰণৰ হ’ব পাৰে যে মৰম অথবা গুৰুত্ব নোপোৱা কোনোজনে মৰম আৰু গুৰুত্ব পোৱা কোনোজনৰ প্রতি ঈৰ্ষান্বিত হৈ পৰে আৰু শেষলৈ সেই ঈৰ্ষাই আক্রোশৰ ৰূপ ধাৰণ কৰি পৰিস্থিতি বিষম কৰি তোলে। স্বামীৰ মৰমৰ ভাগ-বাতোৱাৰা কোনো নাৰীয়ে কৰিবলৈ নিবিচাৰে। তেনেস্থলত দুই, তিনি বা সাতগৰাকী নাৰীয়ে এজন স্বামীক ভগাই ল’বলগীয়া হ’লে স্বাভাবিকতে তেওঁলোকৰ মনত বিদ্বেষৰ সৃষ্টি হয়।

২/ বিয়া আৰু নাৰী : সেইসময়ৰ বহুবিবাহ প্ৰথাৰ অন্তৰাল নিহিত হৈ থকা মূল কাৰণটো আছিল ছোৱালীৰ বাবে বিয়া এক মহৎ উদ্দেশ্য এনেধৰণৰ এক প্ৰচলিত ধাৰণা। আৰ্থিকভাবে স্বচ্ছল দৰা পালে ছোৱালী বিয়া দিবলৈ মাক-দেউতাকে কুণ্ঠাবোধ নকৰে। এয়া কেৱল সেইসময়ৰেই নহয় বৰ্তমান সময়ৰো প্রতিচ্ছবি। কিন্তু আৰ্থিকভাবে স্বচ্ছল কোনো পুৰুষে যদি আগতেও বিয়া পাতিছে তথাপিও আৰ্থিক স্বচ্ছলতাটোলৈ লক্ষ্য ৰাখি মাক-দেউতাকে নিজৰ ছোৱালীক তেনে পুৰুষলৈ বিয়া দিয়ে আৰু ছোৱালীবোৰেও এই বিষয়ে কোনো অভিযোগ উত্থাপন কৰা দেখা নাযায়। সতিনী খাটিবলৈ ছোৱালীবোৰ মান্তি হোৱাৰ তিনিটা কাৰণ দেখা গৈছে। তাৰে এটা হ’ল, সেইসময়ত সম্পদশালী, প্ৰতিপত্তিশীল ব্যক্তি হয়তো আঙুলিৰ মূৰত লেখিব পৰাকৈহে আছিল আৰু সম্পদশালী আৰু ক্ষমতাবান পুৰুষজনক স্বামী বৰণ কৰাটো এক প্ৰকাৰৰ গৌৰৱৰ কথাহে আছিল। আকৌ দ্বিতীয়টো কাৰণ হ’ল, নাৰীয়ে আৰ্থিকভাবে স্বাৱলম্বী হ’বলৈ লোৱাৰ বেছি দিন হোৱা নাই। গতিকে বেজবৰুৱাই যিসময়ৰ কথা সাধুকথাবোৰত উল্লেখ কৰিছে সেইসকল নাৰী আৰ্থিকভাবে স্বচ্ছল নাছিল। সেইবাবে তেওঁলোকে আৰ্থিকভাবে স্বচ্ছল আৰু ক্ষমতাবান ব্যক্তিক স্বামী বৰণ কৰিছিল। তৃতীয়টো হ’ল সেইসময়ত বিয়া বা অন্যান্য বিষয়ত নাৰীৰ মতামত লোৱাৰ প্ৰথা নাছিল। উদাহৰণস্বৰূপে, ‘চিলনীৰ জীয়েকৰ সাধু’ৰ কিয়দাংশ উদ্ধৃত কৰা হ’ল;

“সদাগৰে চিলনীৰ জীয়েকৰ ৰূপত মুগ্ধ হৈ “চিলনীক ক’লে যে,---“মোৰ অনেক ধন-বস্তু আছে, মই চহকী মানুহ। কিন্তু মোৰ এতিয়া সাতজনী ঘৈণী আছে, তুমি যদি সেইবাবে আপত্তি নকৰি তোমাৰ জীয়েৰাক মোলৈ বিয়া দিয়া তেনেহ’লে মই নিশ্চয়কৈ কৈছোঁ যে তাইক মই সুখে-সন্তোষে ৰাখিম, কেতিয়াও দুখ নিদিওঁ।” সদাগৰৰ কথা শুনি চিলনীয়ে অনেক ভাবি-চিন্তি জীয়েকক সদাগৰলৈ দিবলৈ মান্তি হ’ল।”

আকৌ ‘চম্পাৱতী’ সাধুটোত চম্পাৱতীয়ে তাইৰ অজগৰৰূপী গিৰিয়েকৰ পৰা উপহাৰবোৰ পোৱাৰ দৰে মাহীমাকে তেওঁৰ জীয়েকক জোঁৱায়েকে ধন-সোণ-অলংকাৰেৰে পৰিপূৰ্ণ কৰিব বুলি ভাবি অজগৰ সাপৰ লগত “কেঁচা পাণ, কেঁচা তামিল কাটি” বিয়া দিছে আৰু চম্পাৱতীৰ মাহীমাকৰ ছোৱালীজনীয়েও কোনো আপত্তি নকৰিলে। জীয়েকক যেতিয়া অজগৰে ভৰিৰ ফালৰ পৰা গিলি মূৰ পালে তেতিয়া মাকক মাতি থকা জীয়েকৰ মাত নোহোৱা হোৱাত মাকে ভাবিলে, “মোৰ জীয়ে অলংকাৰ-পাতি পাই আন্দত টোপনি গৈছে।”

একেদৰে, ‘কাঞ্চনী’ সাধুটোত কাঞ্চনীক মাক-বাপেকে কুকুৰৰ লগত বিয়া দিবলৈ ওলোৱাত কাঞ্চনীয়ে কৈছে,

“তোমালোকৰ ইচ্ছামতে চলাটোৱেই মোৰ কৰ্তব্য। আয়ে কুকুৰলৈকে যেতিয়া মোক বিয়া দিবলৈ সইত খাইছে, সেই সইত মই ৰাখিম।”

৩/ মাহী আই; নাৰীৰ এক অন্য ৰূপ : আর্থিকভাবে স্বচ্চল অথচ আগতে বিয়া হৈ যোৱা ব্যক্তিৰ লগত গাভৰু ছোৱালীবোৰ বিয়া হোৱা বাবে নাৰীৰ মনলৈ সতকাই সতিনী শব্দটোৱে ক্ৰিয়া কৰি থাকে আৰু এই সতিনী শব্দটোৱে নাৰীৰ মনত উদ্ৰেক কৰা ঈৰ্ষা আৰু সতিনী বিদ্বেষৰ ফলস্বৰূপে এজনী সতিনীয়েকৰ ল’ৰা-ছোৱালীক আনজনী সতিনীয়েকে হেয় দৃষ্টিৰে চাইছিল। উদাহৰণস্বৰূপে,

‘তুলা আৰু তেজা’ সাধুটোত চহকী খেতিয়কজনৰ এলাগী ঘৈণীয়েকৰ সন্তান তেজা আৰু কানায়ে ৰাতিপুৱা “কৰ্কৰা পঁইতা ভাত এগাল খাই গৰু ৰখিবলৈ যায়” কিন্তু লাগী ঘৈণীয়েকৰ সন্তান “তুলাই মাকৰ সৈতে তিনি তেলেনি মাৰি খায়, ভাল কাপোৰ-কানি পিন্ধি মহা সুখে থাকে।” আনকি, লাগী ঘৈণীয়েকজনীয়ে এলাগীক মন্ত্ৰ কৰি বৰকাছ কৰি পেলাইছিল। বৰকাছৰূপী এলাগীয়ে তাইৰ সন্তানক পৰমান খুওৱা বাবে সিহঁতৰ মুখৰ উজ্জল বৰণ দেখি মাহীমাকে ভাবিছে,

“মই ইহঁতক ভালকৈ খাবলৈ নিদিওঁ অথচ ইহঁত দিনে দিনে চিকুণ হৈহে আহিছে। ইহঁতৰ মুখৰ বৰণ কেঁচা সোণ যেন হৈছে। মোৰ তুলাক ইমানকৈ খুৱাওঁহে খুৱাওঁ তেও দেখোন তাই এনে হ’ব নোৱাৰে।”

একেদৰে, তেজীমলাকো মাহীমাকে অত্যাচাৰ কৰি হত্যা কৰিছিল, চম্পাৱতীক মাহীমাকে অজগৰৰ লগত বিয়া দিবলৈ বাপেকক মান্তি কৰাইছিল।

৪/ পতিব্ৰতা নাৰী : মাক-বাপেকে ছোৱালীক যাৰে লগত বিয়া দিয়ে তাৰে লগত এটা টু-শব্দও উচ্চাৰণ নকৰাকৈ ছোৱালীহঁত বিয়া হৈ যায়। লাগিলে সেয়া মুনিহ নহৈ আন জন্তু-জানোৱাৰেই নহওক কিয় এবাৰ বিবাহৰ বান্ধোনত সোমোৱা মানেই ঘৈণীয়েকে তাক স্বামী জ্ঞান কৰে আৰু আদৰ-সাদৰ আৰু প্ৰেমেৰে উচপাই দিয়ে। সেইবাবে চম্পাৱতীয়ে তাইৰ বাপেকে তাইক কেঁচা তামোল-পাণ কাটি বিয়া দিয়া তাইৰ অজগৰৰূপী স্বামীৰ লগত ছবছৰীয়াৰ বিচ্ছেদৰ জ্বালাত কান্দি-কাটি আতুৰ হৈ পৰিছে। ‘কাঞ্চনী’ সাধুটোতো মাক-দেউতাকে কোৱা মতেই কাঞ্চনীৰ কুকুৰৰ লগত বিয়া হয়। পাছলৈ কাঞ্চনীৰ গিৰিয়েক কুকুৰৰ পৰা মানুহৰ ৰূপলৈ আহিবলৈ সক্ষম হয়। কাঞ্চনীৰ গুণ আৰু ৰূপ-সৌন্দৰ্যত মুগ্ধ হৈ তাইক কুঁৱৰী পাতিবলৈ মন মেলা সেই দেশৰ ৰজাই কাঞ্চনীৰ গিৰিয়েকক শালত দি মৃত্যুদণ্ড দিয়াৰ আদেশ দিয়ে। নিজৰ গিৰিয়েকৰ বাদে আন কাৰো হ’বলৈ নিবিচৰা কাঞ্চনীয়ে এই খবৰ পাই “সেন্দূৰৰ ফোঁট আৰু ৰেঘা পিন্ধিলে, সকলো অলংকাৰ-পাতি পিন্ধিলে আৰু সামৰণৰ ভাল ৰিহা-মেখেলাযোৰ পিন্ধি” গিৰিয়েকৰ ওচৰলৈ ঢাপলি মেলিছে আৰু এপলকত গৈ “গিৰিয়েকক সেৱা কৰি গিৰিয়েকৰ লগতে শালতে মূৰটো সুমাই” আত্মজাহ দিছে। সম্পূৰ্ণ সাধবাৰ সাজত দিয়া কাঞ্চনীৰ এই আত্মবলিদান তাইৰ গিৰিয়েকলৈ অপৰিসীম ভালপোৱাৰ নিদৰ্শন। কাঞ্চনীৰ এই আত্মজাহে নিজৰ সতীত্ব ৰক্ষা কৰি শোষকৰ বিৰুদ্ধে এক জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

৫/ কন্যা সন্তানৰ প্ৰতি অনীহা : দুই-এটা সাধুৰ যোগেদি সেইসময়ৰ সমাজত কন্যা সন্তানতকৈ পুত্ৰ সন্তানৰ গুৰুত্বহে অধিক যেন ধাৰণা হয়। পুত্ৰ সন্তান প্ৰীতিৰ দুটা কাৰণ অনুমান কৰিব পাৰি। এটা হ’ল পুত্ৰইহে পিতৃৰ বংশ ৰক্ষা কৰে বোলা ধাৰণাটো আৰু আনটো হ’ল বেহা-বেপাৰেই হওঁক বা খেতি-বাতিয়ে হওঁক পিতৃৰ জীৱিকাৰ লগতে সা-সম্পত্তিৰ দায়িত্ব পুত্ৰইহে বহন কৰে বুলি থকা প্ৰচলিত ধাৰণাটো। পুত্ৰ সন্তানে খেতি-বাতি কৰে, বাণিজলৈ যায়, ধন-সম্পদ আহৰণ কৰে, পৰিয়ালটোৰ দায়িত্ব লয়, ৰণলৈ যায়, ৰাজ্যভাৰ লয়--- ইত্যাদি বিভিন্ন কাৰণত পুত্ৰ সন্তান জন্ম দিয়া মাতৃগৰাকীৰ সেই পৰিয়ালটোত মান বাঢ়ে আৰু তেওঁ গিৰিয়েকৰ পৰাও অধিক মৰম-চেনেহ পাবলৈ সক্ষম হয়। আকৌ বাৰে বাৰে পোৱাতীগৰাকীয়ে কন্যা সন্তান জন্ম দি থাকিলে তেওঁক শাস্তি বিহা হ’ব বুলিও কোনো কোনো গিৰিহঁতে ভয় খুওৱা দুই-এটা সাধুত দেখিবলৈ পোৱা গৈছে। সেয়েহে কন্যা সন্তান জন্ম হ’লে সেই সন্তান পৰিত্যাগ কৰাৰ নিদৰ্শনো দুই-এটা সাধুত দেখা যায়। ‘ঔ-কুঁৱৰী’ সাধুটোত আছে,

“এক ৰজাৰ দুজনী ৰাণী আছিল। তেওঁলোক দুয়ো গৰ্ভৱতী হ’ল। এদিন দুয়ো ৰাণীৰ সন্তান উপজিল। বৰ ৰাণীয়ে এটি ল’ৰা আৰু সৰু ৰাণীয়ে এটা ঔ-টেঙা পালে। সৰু ৰাণীয়ে তেওঁৰ ঔ-টেঙাহে এটা উপজিল দেখি বেজাৰ পাই তাক চুৱাপাতত দলিয়াই পেলাই দিলে।”

--- সাধুটোৰ মতে এই ঔ-টেঙাটোৱে পাছলৈ মোট সলাই এগৰাকী দীপলিপ, সুন্দৰী কন্যাৰ ৰূপ লয়। এই সাধুটোত ঔ-টেঙাটো এটা প্ৰতীকহে। প্ৰকৃততে সৰু ৰাণীৰ কন্যা সন্তানহে উপজিছিল যাক তেওঁ পুত্ৰ সন্তান জন্ম নোহোৱা বেজাৰত পৰিত্যাগ কৰিছিল। একেদৰে ‘চিলনীৰ জীয়েকৰ সাধু’ত চহকী কুমাৰৰ ঘৈণীয়েকৰ বাৰে বাৰে ছোৱালী জন্ম হৈছিল।

“এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ। কিছুদিনৰ মূৰত ঘৈণীয়েক আকৌ গা-ভাৰী হ’লত কুমাৰে ঘৈণীয়েকক ক’লে,---“যদি এইবাৰো তই ছোৱালীকহে পাৱ, তেন্তে মই ঠিক কৈছোঁ তোক নগাত বেচিম।”

গিৰিয়েকৰ শাস্তিৰ কথা শুনি ভয় খাই কুমাৰণীয়ে প্ৰসৱৰ বাবে মাকৰ ঘৰলৈ গ’ল যদিও তাইৰ কিন্তু আকৌ ছোৱালীহে জন্ম হয়। সেয়েহে তাই ভয় খাই ছোৱালীজনী ত্যাগ কৰাৰ সিদ্ধান্ত লয়।

“তাইৰ গিৰিয়েকে বুজ পোৱাৰ আগেয়েই তাই তেতিয়াই লৰালৰিকৈ ছোৱালীজনীক এটা চৰুত ভৰাই ফটাকানিৰে ঢাকি-ঢুকি আন এটা চৰুৰে তাৰ ওপৰত সাঁফৰ দি নৈত উটাই দিলে।”

৬/ শাহুৱেক-বোৱাৰীয়েকৰ সম্পৰ্ক : এজন পুৰুষৰ বাবে তেওঁৰ মাতৃ আৰু পত্নী দুয়োৰে স্থান ভিন্ন যদিও তেওঁ জীৱনত দুয়োৰে গুৰুত্বও অপৰিসীম। কিন্তু বিয়া পাতি বোৱাৰী ঘৰ সোমোৱাৰ পাছত পুত্ৰৰ জীৱনত মাতৃৰ স্থান আৰু গুৰুত্ব লাঘৱ হ’ব বুলি আশংকাত ভোগা মাতৃও আছে। পুতেকৰ মাকৰ প্ৰতি থকা মৰমৰ ভাগ-বাতোৱাৰা হ’ব বুলি বোৱাৰীয়েৰ প্রতি অহেতুক চিন্তা কৰা দুই-এটা শাহুৱেকৰ চৰিত্ৰও “বুঢ়ী আইৰ সাধু”ত দেখা গৈছে। নিজে পচন্দ কৰি ছোৱালী চাই বিয়া পতা পুত্ৰৰ মাকে তেওঁৰ পচন্দৰ ছোৱালীৰ লগত পুতেকৰ বিয়া পাতিবলৈ বোৱাৰীয়েকৰ অহিত চিন্তা কৰা শাহুৱেকৰ চৰিত্ৰও দুই-এটা নথকা নহয়। উদাহৰণস্বৰূপে, ‘চম্পাৱতী’ সাধুটোত চম্পাই তাইৰ ওচৰলৈ সতকাই আহি থকা বুঢ়ীৰ অভিপ্ৰায় বুজিব নোৱাৰি তাইৰ ছলাহী কথাত ভোল গৈছিল আৰু গিৰিয়েকৰ মুখত পৃথিৱী চাবলৈ জেদ কৰিছিল। তেতিয়া চম্পাক তাইৰ গিৰিয়েকে কৈছিল,

“মৰমৰ চম্পা, যি বুঢ়ীৰ কথা শুনি তুমি ইয়াকে কৰিলা, সেইজনী বুঢ়ী মোৰ আইৰ এজনী বেটী। মোৰ আই এজনী ৰাক্ষসী। তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰিবলৈ কোৱাত মই নকৰি তোমাক বিয়া কৰিলত, যাতে তেওঁ তোমাক মোৰ লগৰ পৰা আঁতৰ কৰি লৈ গৈ এঠাইত খাব পাৰে, সেই চক্ৰান্ত কৰিহে বুঢ়ীয়ে তোমাক ছলনা কৰিলে। তোমাক আয়ে খালে মই সেই ছোৱালীজনী বিয়া কৰাবলৈ বাধ্য হ’ব লাগিব।”

বুঢ়ীৰ ছলনাৰ ফলস্বৰূপে চম্পাই তাইৰ গিৰিয়েকৰ পৰা ছবছৰ আঁতৰি থাকিবলগীয়া হৈছিল। এই সাধুটোৰ শেষভাগত চম্পাৱতীৰ গিৰিয়েক উভতি অহাৰ পাছত চম্পাৰ গিৰিয়েকে নজনাকৈ ৰাক্ষসী মাকে চিঠি এখনত “মোৰ ঘাই শত্ৰু গৈছে, মাৰি-কাটি সকলোৱে খাই মোলৈকো এভাগ মঙহ দি পঠিয়াবা।” বুলি লিখি পঠিয়াইছিল।

কিন্তু শাহুৱেক আৰু বোৱাৰীয়েকৰ সম্পৰ্কত সদায় যে খিয়লা-খিয়লিয়ে হৈ থাকে সেয়াও নহয়। বহুতো শাহুৱেক-বোৱাৰীয়েকৰ সম্পৰ্ক মাক-জীয়েকৰ লেখীয়া হৈ পৰে। ‘কটা যোৱা নাক খাৰণিৰে ঢাক’ সাধুটোত সৰুজনা কোঁৱৰৰ কেও-কিছু নোহোৱা কুঁৱৰীক জায়েকহঁতে সিহঁতৰ লগত সিহঁতৰ মাকহঁতৰ ঘৰলৈ বিহু খাবলৈ লগ ধৰাত কুঁৱৰীয়ে কৈছে, “নেলাগে বাই, মই ইয়াত শাহুৱে যি দিয়ে, শাকেৰেই হওক বা শোকোতাৰেই হওক, বিহু খাম, ক’লৈকো নাযাওঁ বাই।” এই কথাখিনিত কুঁৱৰীৰ মনত শাহুৱেকৰ মাতৃৰূপটো ফুটি উঠিছে।

৭/ লখিমী, বুদ্ধিমতী আৰু কাঁজী তিৰোতা : ‘বুঢ়ী আইৰ সাধু’ৰ নাৰীপ্ৰধান গল্পসমূহৰ ভিতৰত কেইটাও গল্পত অসমীয়া নাৰীৰ বুদ্ধিদীপ্ততা, উৎসাহ আৰু কৰ্মপটুতাৰো আভাষ পোৱা গৈছে। ‘কটা যোৱা নাক খাৰণি দি ঢাক’ সাধুটোত সৰু কোঁৱৰৰ কুঁৱৰীগৰাকীৰ বুদ্ধিদীপ্ততা আৰু সাহসৰ বাবে অপহৰণকাৰী চোৰৰ হাতৰ পৰা পলাই সাৰি আহি চোৰটোক ধৰি শাস্তি দিবলৈ সক্ষম হৈছে। আকৌ ‘লখিমী তিৰোতা’ সাধুটোত বুদ্ধিমতী লখিমী বোৱাৰীগৰাকীৰ বাবে ঘৰখনৰ উন্নতি হৈছে।

বিহু আহিলে অসমীয়া শিপিনীৰ তাঁতখনে জিৰাবলৈয়ো সময় নাপায়। বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’তো ‘কটা যোৱা নাক খাৰণি দি ঢাক’ আৰু ‘চিলনীৰ জীয়েকৰ সাধু’ত সেইসময়ত হোৱা উখল-মাখল পৰিবেশটোৰ চিত্ৰ অংকণ কৰি এৰাতিত কবচ কাপোৰ বৈ উলিওৱা অসমীয়া কাঁজী তিৰোতাৰ ব্যস্ততা দাঙি ধৰিছে।

“চ’ত মাহ পৰিল। আজি বাজে কাইলৈ বহাগ বিহু। বৰবিহুৰ দিনা গা-পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল’ৰা-ছোৱালীক আৰু গিৰিয়েকক অতি কমেও এডুখৰি নিজে বোৱা ন-কাপোৰ সিহঁতে নিদিলে নহয়, মিতিৰ-কুটুম, লা-লগুৱাৰতো কথাই নাই। সেইদেখি কুঁৱৰীহঁতৰ গাত তৰণিয়েই নাই--- কেনেকৈনো ফুলাম গামোচা বওঁ, কেনেকৈ এখন মিহি সূতাৰে চুৰিয়া বওঁ, কেনেকৈ এখন চেলেং বওঁ, এইবোৰ ভাবিয়েই সিহঁত অস্থিৰ। সিহঁতে দিনৰ দিনটো পাঁজি বাটে, সূতা কাটে, মহুৰা ফুৰায়।” (কটা যোৱা নাক খাৰণি দি ঢাক)

বিহুত  গিৰিহঁতক পিন্ধিবলৈ “চোলা, চুৰীয়া, কাপোৰ, গামোচা” সাজু কৰি দিবৰ বাবে সকলোৱে “কপাহবোৰ চন্দিয়াই, নেওঠি, পাঁজি বাটি, সূতা উলিয়াই” কাপোৰ বয়।

৮/ ঈৰ্ষাপৰায়ণ নাৰী : সুখ, দুখ, খং, ভয় আদিৰ দৰে ঈৰ্ষাও মানুহৰ এক সহজাত আবেগিক প্ৰবৃত্তি। সেইসময়ৰ সমাজত নাৰীৰ মনত উদ্ৰেক হোৱা ঈৰ্ষাৰ কেইবাটাও কাৰক সাধুবোৰৰ মাজত দেখা গৈছে--- এজনী সতিনীয়েকৰ আনজনীলৈ হোৱা ঈৰ্ষা, সতিনীয়েকৰ সন্তানলৈ ওপজা ঈৰ্ষা, বোৱাৰীয়েকলৈ হোৱা ঈৰ্ষা অথবা পৰিয়ালৰ আটাইতকৈ আদৰৰ ব্যক্তিগৰাকীৰ প্ৰতি হোৱা ঈৰ্ষা। ‘মেকুৰীৰ জীয়েকৰ সাধু’, ‘চিলনীৰ জীয়েকৰ সাধু’, ‘তুলা আৰু তেজা’, ‘চম্পাৱতী’ আদিত এজনী সতিনীৰ আনজনীলৈ ওপজা ঈৰ্ষাৰ ছবি আমি দেখিবলৈ পাওঁ। সেইদৰে, ‘তুলা আৰু তেজা’, ‘তেজীমলা’, ‘চম্পাৱতী’ আদি সাধুত সতিনীয়েকৰ সন্তানৰ প্ৰতি উদ্ৰেক হোৱা ঈৰ্ষাৰ, ‘চম্পাৱতী’ত বোৱাৰীয়েকলৈ ওপজা ঈৰ্ষাৰ স্বৰূপ দেখা যায়। একেদৰে, ‘কাঞ্চনী’ সাধুটোত সাতটা ভায়েকৰ নুমলীয়া ভায়েকক ককায়েকহঁতে মৰম কৰি সিহঁতৰ ধন-বস্তুৰ গৰাকী পতা বাবে “বৌৱেকহঁতে পেটে পেটে তাক সমূলি দেখিব নোৱাৰিছিল”। এই ঈৰ্ষাই ইমান ভয়ানক ৰূপ লৈছিল যে মন্ত্ৰপুতঃ কাঁইটেৰে দেওৰেকক কুকুৰলৈ ৰূপান্তৰিত কৰি পেলাইছিল।

৯/ শাস্তি বিধান পদ্ধতি আৰু নাৰী : সেইসময়ৰ সমাজ পদ্ধতিত নাৰীক যিবোৰ দণ্ড বিহা হৈছিল সেইবোৰৰ ভিতৰত গিৰিয়েকে ঘৈণীয়েকক শাস্তি দি খেদি পঠিওৱা, নাক-কাণ কাটি পঠিওৱা, নগাত বিক্ৰী কৰা, ডোমত বিক্ৰী কৰা, হত্যা কৰি পুতি থোৱা আদি আছিল। বহুকেইটা সাধুত সতিনী বিদ্বেষৰ বাবে সতিনীক অপকাৰ কৰাৰ ৰোষত অপৰাধীক গিৰিহঁতে শাস্তি দি, নাক-কাণ কাটি অপমান কৰি খেদি দিছে। ‘চিলনীৰ জীয়েকৰ সাধু’ত পুত্ৰ জন্ম দিব নোৱাৰিলে কমাৰণীক কমাৰে ‘নগাত বেচিম’ বুলি হুংকাৰ দিছে। আনকি কথাৰ সত্যতাৰ প্ৰমাণ ল’বলৈ সীতাক ৰামচন্দ্ৰই অগ্নিপৰীক্ষা লোৱাৰ দৰে সাধু কিছুমানত গিৰিহঁতে ঘৈণীয়েকহঁতৰ পৰীক্ষাও ল’বলগীয়া হৈছিল। ‘চিলনীৰ জীয়েকৰ সাধু’ত সদাগৰে “বাৰু তহঁতে সঁচা কথা কৈছ নে মিছা কথা কৈছ মই তহঁতক এতিয়াই পৰীক্ষা কৰিম।” বুলি কৈ,

“এটা দ গাঁত খনাই তাত জেং আৰু কাঁইট পুতি এডাল এৱাঁসূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি দি ঘৈণীয়েকহঁতক ক’লে,--- “যি এই সূতাৰ ওপৰেদি বগাই যাব পাৰিবি, সিয়েই নিৰ্দোষী বুলি জানিম।”

১০/ নায্য অধিকাৰ সাব্যস্ত কৰাৰ চেষ্টাত নাৰী : ‘বুঢ়ী আইৰ সাধু’ৰ সাধুবোৰত সতিনী, মাহীআই আদি বিবিধ চৰিত্ৰৰ সমাহাৰ ঘটিছে বুলি ইতিমধ্যে আলোচনা কৰা হৈছে। যদিও সতিনীয়েকৰ সন্তানক হেয় দৃষ্টিৰে চোৱা হৈছিল তথাপিও তেনে সন্তানে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰয়াস কৰাও দেখা গৈছে। ‘তুলা আৰু তেজা’ সাধুত তেজাক ৰজাই বিয়া কৰাই লৈ আহিবৰ সময়ত তাই বাপেকক বিনাই বিনাই এইদৰে বস্তু খুজিছিল----

“আইৰে দিনৰে ছকুৰি জপা,

তাৰে তিনিকুৰি মইহে পাওঁ।

আইৰে দিনৰে ছকুৰি পেৰা,

তাৰে তিনিকুৰি মইহে পাওঁ।

আইৰে দিনৰে ছকুৰি বাটি,

তাৰে তিনিকুৰি মইহে পাওঁ।

আইৰে দিনৰে ছকুৰি গৰু,

তাৰে তিনিকুৰি মইহে পাওঁ।

আইৰে দিনৰে ছকুৰি ম’হ,

তাৰে তিনিকুৰি মইহে পাওঁ।

তেজাক মাহীমাকে বিমুখ কৰাত তাই পিছলৈ নোচোৱাকৈ গুচি যোৱাত বাপেকৰৰ ঘৰৰ সকলো সম্পদ তেজাৰ পিছে পিছে যাবলৈ লয়। শেষত বাপেকৰ বিননিত অলপ কেৰাহীকৈ চোৱাত অলপ সম্পদ ৰ’ল। এই সাধুটোত এইখিনি বিৱৰণৰ লগতে বেজবৰুৱাই তদানীন্তন অসমীয়া লোক-সমাজৰ লোক-বিশ্বাস এটিৰ কথাও উল্লেখ কৰিছে। বেজবৰুৱাৰ ভাষাত,

“আজিও জীয়ৰী ছোৱালী উলিয়াই দিওঁতে তাই বাপেক-মাকৰ ফালে উভতি চাই যায়; নাচালে বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু হেনো তাইৰ লগতে যায়।”

১১/ জৰা-ফুকা, বেজ-বেজালি আৰু মঙল চোৱা তিৰোতা : ‘বুঢ়ী আইৰ সাধু’ত যিকেইটা ৰূপক সাধুকথা আছে প্ৰায় আটাইকেইটাতে একোজনীকৈ মঙল চোৱা মঙলতীৰ  নাইবা মন্ত্ৰণা কৰা অন্য কোনো নাৰীৰ আবিৰ্ভাৱ হৈছে। ‘ঔ-কুঁৱৰী’, ‘চম্পাৱতী’, ‘পানেশৈ’, ‘কাঞ্চনী’ আদি সাধুতো তেনে চৰিত্ৰৰ আবিৰ্ভাৱ হৈছে। আনকি মঙলতীক আগৰ পৰাই ধন-বিত দি হাত কৰি থোৱাৰ লেখো নথকা নহয়। মঙলতীক ‘ৰূপ-বান’ খুৱাই হাত কৰি নিজৰ অভীষ্ট সিদ্ধি কৰা নাৰীৰ চৰিত্ৰত ৰং ছটিয়াবলৈয়ো বেজবৰুৱাই পাহৰা নাই। ‘তুলা আৰু তেজা’ সাধুটোত তুলাৰ মাকে ৰূপ-বান খুৱাই মঙলতীক হাত কৰি নিজৰ অভীষ্ট সিদ্ধি কৰিবলৈ নিজে বিচৰা কথাখিনি মঙলতীৰ মুখেৰে কোৱাইছিল।

এই লেখাৰ যোগেদি ‘বুঢ়ী আইৰ সাধু’ৰ নাৰীপ্ৰধান সাধুকেইটিমানৰ মাধ্যমেৰে সেইসময়ৰ সমাজ ব্যৱস্থাত নাৰীৰ স্বৰূপ বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হ’ল। ইয়াত মাথোঁ কেইটামান দিশৰহে আলোচনা কৰা হ’ল; ই গৱেষণাৰ সামৰণি নহয়, আৰম্ভণিহে। লেখাটিৰ আৰম্ভণিতে কোৱা হৈছে যে যদিও ইয়াত কেতবোৰ বিশ্লেষণ দাঙি ধৰা হৈছে সেই বিশ্লেষণসমূহ কিন্তু শিশু পাঠক-শ্ৰোতাই স্পৰ্শ কৰিব পৰাতকৈয়ো হেজাৰ মাইল দূৰত থাকিব। বয়স্ক মনৰ অন্তৰ্দ্বন্দই শিশুৰ মন কলুসিত কৰা উচিত নহয়। শিশু পাঠক বা শ্ৰোতাই সিহঁতৰ কল্পনাপ্ৰৱণ মনটোৰে যিমানখিনি স্পৰ্শ কৰিব পাৰে সিমানখিনিলৈকে নিজে স্পৰ্শ কৰক আৰু আমি যাপন কৰি অহা শৈশৱৰ দৰে সিহঁতেও পাৰ কৰক, উপভোগ কৰক সিহঁতৰ মধুৰ শৈশৱ।

মিতালী বৰ্মন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate