এখন হাবিত এটা শহা স্বাধীন মনে থাকে ঘূৰি, কাষৰ বিলখনত বুঢ়া কাছ এটা অকলে থাকে পৰি। এদিন চা-চিনাকি হ’ল, বন্ধুৰূপে তেনেকৈ বহু দিন বাগৰি গ’ল। দুষ্ট শহাৰ কথাই কথাই কাছক থাকে বৰ ঠাট্ৰা-মস্কৰা কৰি, কেনেকৈ পাৰা একে ঠাইতে থাকিব তুমি বছৰ বছৰ ধৰি। মোৰ দৰে তুমি কেতিয়াও নোৱৰা স্বাধীনমনে ফুৰিবলৈ, ইখন হাবিৰ ঘাঁহ-পাতৰ সোৱাদ লওঁ সিখন হাবিলৈ গৈ। অহংকাৰী শহাৰ কথাত কাছই বৰ দুখ পায়, ভাবিবলৈ ধৰিলে শহাৰ অহ্ংকাৰ চূৰ্ণ কৰাৰ উপায়। এদিন শহাই কাছক এটা প্ৰতিযোগিতাৰ কথা ক’লে, ইখন হাবিৰ পৰা সিখন হাবিলৈ কোন আগতে যাব পাৰে। শহাক এসেকা দিয়াৰ মানসেৰে কাছই মৰসাহ কৰি, ভাবি চিন্তি ক’লে ঠিক আছে প্ৰতিযোগিতাত ময়ো ভাগ ল’ম বুলি। এক, দুই, তিনি বুলি চিঞৰাত দুয়োৰে দৌৰ আৰম্ভ হ’ল, শহাই মাৰিলে দীঘল দীঘল জাঁপ কাছ পিচপৰি ৰ’ল। বহু দেৰি মূৰত শহাই এবাৰ ঘূৰি চাই, চকুৰে দেখোন মনিবই নোৱাৰি কাছৰো দেখাদেখি নাই। মনতে ভাবিলে কইনাখুজীয়া কাছ থাকি আহিল বহুদূৰত, বাটৰ কাষত কিছুপৰ জিৰাই লওঁ সেউজীয়া কোমল বনত। দুবৰি বনৰ কোমল দলিচাত শহা টোপনি গ’ল, সেই ছেগতে কাছ আগবাঢ়িল শহা পিছপৰি ৰ’ল। বহুপৰৰ পাছত সাৰ পাই শহাই আগলে-পিচলে চাই খদমদম লাগিল শহাৰ মনত কাছক দেখা নাপায়। বেগাই দিচে দীঘল দীঘল জাঁপ কাছতকৈ আগত পাওঁ বুলি, হাবিৰ সিটো মূৰত কাছ ৰৈ আছে শহালৈ অপেক্ষা কৰি। লেহেমীয়া কাছই দৌৰত জিকি সাহসৰ পৰিচয় দিলে, অহংকাৰী শহাই লাজ পাই নিজেই হাবিলৈ হাবিলৈ বাট ল’লে।
উৎসঃ দেওবৰীয়া সম্ভাৰ, অসমীয়া প্ৰতিদিন
শেহতীয়া উন্নীতকৰণ: : 6/17/2020