অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশু দিৱস

শিশু দিৱসৰ বৈশিষ্ট্য

কিন্তু এই সকলোবিলাক সমাৰোহ আৰু আনন্দৰ ভিতৰতো আমি চাচা নেহেৰুৰ প্রকৃত চিন্তা ধাৰাটো এৰাই যাব নোৱাৰো। সেইটো হ’ল আমাৰ শিশু সকলক এটা নিৰাপদ আৰু ভালপোৱাৰ পৰিবেশত বাঢ়িব দি লগতে এটা সমান্তৰাল সুযোগ তেওঁলোকৰ সন্মূখত থিয় কৰাই তেওঁলোকক দেশৰ হিতত, উন্নতি আৰু অগ্রগতিৰ বাবে সচেষ্ট কৰি তোলা। এই দিনটো আমাৰ প্রত্যেককে সেই দায়িত্বৰ প্রতি সজাগ কৰি তোলাৰ ক্ষেত্রত এটা মনত পেলোৱাৰ দিন বুলি কব পাৰি, যাতে আমি আমাৰ কর্তব্যৰ প্রতি দৃঢ় থাকো আৰু শিশু সকলক চাচা নেহেৰুৱে দেখুৱাই দিয়া বাটত আগবঢ়াই নিব পাৰো।

নেহেৰুৰ জন্মদিনটোত কিয় শিশু দিৱস হিচাবে পালন কৰা হয় তাৰ কাৰণটো হ’ল শিশু সকলৰ প্রতি নেহেৰুৰ অকৃত্রিম ভালপোৱা আৰু আকাঙ্খা। স্বাধীনতাৰ বাবে তেওঁৰ দীর্ঘ সংগ্রামৰ পিছত পণ্ডিত নেহেৰুক দেশৰ বিশেষ শিশু প্রধান মন্ত্রী বুলিও অভিহিত কৰা হয়।

কিন্তু ভাৰতত ১৪ নৱেম্বৰ তাৰিখটোত এই দিনটো পালন কৰা হয়, কিয়নো এই দিনটো হ’ল এই কিংবদন্তী স্বাধীনতা সংগ্রামী যুজাৰু আৰু স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী – পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম বার্ষিকী।

নেহেৰুৰ প্রতি সন্মান প্রদর্শন আৰু শিশু সকলৰ প্রতি তেওঁৰ ভালপোৱাৰ বাবেই তেওঁৰ জন্ম দিনটোত আমাৰ দেশত শিশু দিৱস হিচাবে পালন কৰা হয়।

এই দিনটো আমাৰ প্রত্যেককেই শিশুসকলৰ মঙ্গলৰ বাবে কৰা আমাৰ অঙ্গীকাৰৰ কথা মনত পেলায় আৰু তেওঁলোকক চাচা নেহেৰুৰ গুনাগুণ আৰু সপোনক সাকাৰ কৰিবলৈ শিকায়।

শিশু দিৱস উৎযাপন

২০ নৱেম্বৰৰ দিনটোত বিশ্বব্যাপী শিশু দিৱস পালন হয়। ভাৰতত ১৪ নৱেম্বৰৰ দিনটো্ক শিশুদিৱস হিচাবে পালন কৰা হয়।

প্রতি বছৰত বিশ্বব্যাপী শিশু দিৱস পালন কৰা হয় ২০ নৱেম্বৰ দিনটোত। এই দিনটোক শৈশব কালৰ দিন হিচাবে ধৰা হয়। ১৯৫৯ চনৰ আগত বিশ্বব্যাপী শিশুদিৱস পালন কৰা হৈছিল অক্টোবৰ মাহত। ইউ এন ৰ সাধাৰন সন্মেলনত প্রথম বাৰৰ বাবে ১৯৫৪ চনৰ এই দিনটোক শিশু দিৱস হিচাবে পালন কৰা হৈছিল। বিশেষকৈ এই দিনটো আৰম্ভ কৰা হৈছিল বিভিন্ন সম্প্রদায়ৰ মানুহৰ ল’ৰা ছোৱালীৰ মাজত মেল বন্ধন আৰু বোজাপড়া গড়ি তুলিবলৈ আৰু তাৰ লগে লগেই শিশু সকলৰ মঙ্গলৰ বাবে গোটেই বিশ্বজুৰি শিশুসকলৰ উন্নতিৰ বাবে চেষ্টা কৰিবলৈ।
২০ নৱেম্বৰ তাৰিখটোৱেই বিশেষকৈ বাছি লোৱা হৈছিল কিয়নো এই দিনটো ১৯৫৯ চনৰ দিনটোক আঙুলিয়াই দিছিল যিটো দিনত ইউনাইটেড নেচনচৰ সাধাৰন সন্মেলনত শিশু সকলৰ অধিকাৰৰ ঘোষণা পত্রখন গ্রহণ কৰা হৈছিল। ১৯৮৯ চনত শিশু সকলৰ অধিকাৰৰ বাবে অধিবেশনখন স্বাক্ষৰিত হৈছিল যিটোক বিশ্বৰ ১৯১ টা দেশে আজীৱণৰ বাবে স্বীকৃতি দিছিল।
জেনিভাত অনুষ্ঠিত হোৱা ইন্টাৰনেচনেল ইউনিয়ন ফৰ চাইল্ড ৱেলফেয়াৰৰ তত্বাৱধানত প্রথম বাৰৰ বাবে ১৯৫৩ চনৰ অক্টোবৰ মাহত গোটেই বিশ্বব্যাপী শিশুদিৱস দিনটো পালন কৰা হৈছিল। বিশ্বব্যাপী শিশুদিৱস দিনটোৰ পৰিকল্পনাটো উলিয়াইছিল স্বর্গীয় শ্রী ভি.কে. কৃষ্ণা মেননে আৰু তেঁওৰ এই মতবাদটো ইউনাইটেড নেচনচ জেনেৰেল এচেমব্লীয়ে ১৯৫৪ চনত গ্রহণ কইচছিলৰে।
২০ নৱেম্বৰ দিনটো হ’ল ইউনির্ভাচেল চিল্ড্রেনচ ডে। ১৯৫৪ চনত প্রথমবাৰ অনুষ্ঠিত হোৱা ইউ এন ৰ সাধাৰন সন্মেলনত বিশ্বৰ আটাইকেইটা দেশক এই দিনটোক এটা  বিশেষ দিন হিচাবে উৎযাপিত কৰিবলৈ অনুৰোধ কৰা হৈছিল। প্রথমতে শিশুসকলৰ নিজৰ মাজত মতৰ আদান প্রদান আৰু বোজাপড়া আৰু দ্বিতীয়তে শিশু সকলৰ উন্নতি কল্পে আৰু উপকাৰৰ বাবে বিশ্বব্যাপী দেশ বিলাকলৈ অনুৰোধ জনোৱা হৈছিল।

আগতে উল্লেখ কৰা মতে, ভাৰতত পণ্ডিত নেহেৰুৰ জন্ম দিনটোত আনন্দ আৰু উচ্ছলৰ দিন হিচাবে ধৰি লৈ শিশুদিৱস হিচাবে পালন কৰা আৰম্ভ হৈছিল কিয়নো নেহেৰুৱে শিশুসকলক বৰ ভাল পাইছিল। শিশুসকলৰ প্রতি তেওঁৰ ভালপোৱাটোক স্বীকৃতি দিবৰ বাবে ভাৰতত নেহেৰুৰ জন্ম দিনটোক ‘শিশু দিৱস’ হিচাবে পালন কৰাৰ নিয়ম আৰম্ভ কৰা হৈছিল।

শিশু দিৱস পালন কৰাৰ অর্থই হ’ল দেশৰ শিশু সকলক আনন্দ কৰাৰ বাট দেখুৱাই এটা সুন্দৰ স্বাস্থ্যকৰ ভবিষ্যত গড়ি শিক্ষা-দীক্ষাত উন্নত কৰি তোলা। যদি আপুনি আপোনাৰ শিশুক আনৰ লগত মিলা প্রীতি কৰি ভবিষ্যতত বাঢ়িবলৈ শিকায় তেন্তে সেই শিশু সকল ভবিষ্যতৰ এজন দায়িত্ববান নাগৰিক হিচাবে উঠি আহিব আৰু সেইবাবেই আন আন শিশু সকল যিসকলে হয়তু এনে ধৰনৰ শিক্ষা নেপালে আন কিবা ধৰনৰ মানুহ হিচাবে বাঢ়ি আহিলহেঁতেন, তেওঁলোকেও এক উন্নত নাগৰিক হিচাবে নিজকে গঢ়ি তুলিব পাৰিব।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate