অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ দৈহিক ক্ৰিয়াৰ বিকাশঃ

দৈহিক ক্ৰিয়াৰ বিকাশৰ বিষয়ে ধাৰনা-

 

শিশুৰ দৈহিক বিকাশ বুলিলে কেৱল তাৰ দেহৰ আবয়ৱিক গঠন আৰু বৃদ্ধিকেই নুবুজায়। দেহ-যন্ত্ৰৰ ৰচনা, তাৰ ক্ৰিয়া-কলাপ আৰু দেহ-ৰাসায়নিক প্ৰক্ৰিয়া সম্বন্ধেও আমি বিবেচনা কৰিব লাগে। দৈহিক গঠন আৰু বৃদ্ধি সম্বন্ধে ইতিপূৰ্বে আলোচনা কৰা হৈছে। দেহ-যন্ত্ৰৰ ৰচনা আৰু তাৰ ক্ৰিয়া-কলাপ আদি সম্বন্ধে তলত আলোচনা কৰিবলৈ বিচৰা হৈছে। অৱশ্যে এই প্ৰসংগত উল্লেখযোগ্য যে মানৱ শিশুৰ দেহৰ আবয়ৱিক বৃদ্ধি আৰু দেহ-যন্ত্ৰৰ ক্ৰিয়া-কলাপ এই দুয়োটা বিষয়ক পৃথক পৃথকভাৱে বিবেচনা কৰিব নোৱাৰি। ই এটা আনটোৰ সহায়ক আৰু সহযোগী স্বৰূপে সমান্তৰালভাবেহে কাম কৰে। আমাৰ আলোচনাৰ সুবিধাৰ বাবেহে ইয়াক পৃথক পৃথকভাৱে লোৱা হৈছে। শিশুৰ স্নায়ৱিক গঠন প্ৰক্ৰিয়া, ৰক্ত-সঞ্চালন প্ৰক্ৰিয়া, শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া, পৰিপাক-যন্ত্ৰৰ ক্ৰিয়া আৰু দেহ গ্ৰন্থিসমূহৰ দেহ-ৰাসায়নিক প্ৰক্ৰিয়া আদি আমাৰ এই বিষয়ৰ আলোচনাৰ অন্তৰ্ভূক্ত।

স্নায়ৱিক প্ৰক্ৰিয়াঃ মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা শিশুৰ স্নায়ৱিক গঠন প্ৰক্ৰিয়া বিশেষ তাৎপৰ্য্যপূৰ্ণ এই বাবেই যে ইয়াৰ যোগেদিয়ে ব্যক্তিৰ দেহ-মানসিক জীৱন ৰচিত হয়। স্নায়ৱিক প্ৰক্ৰিয়াৰ অধ্যয়ন অতি জটিল আৰু কাৰিকৰী জ্ঞান সাপেক্ষ যদিও ইয়াৰ বিবেচনা মনোবিজ্ঞানত সমূলি এৰাই চলিব নোৱাৰি। শিশুৰ গৰ্ভকালীন অৱস্থাৰ প্ৰায় ছমাহ সময়ৰে পৰা স্নায়ৱিক ক্ৰিয়া সংঘটিত হয়। গৰ্ভস্থ সন্তানৰ দেহৰ বিভিন্ন অংশত অসংখ্য স্নায়ুকোষ ৰচিত হয়। বিশেষজ্ঞসকলৰ মতে ইয়াৰ সংখ্যা হৈছে ১২ বিলিয়ন অথবা তাতোকৈও অধিক। জন্মৰ পূৰ্ব মুহূৰ্তত  শিশুৰ সৰ্বশৰীৰত এই স্নায়ুকোষবোৰৰ স্নায়ৱিক গাঠনি সম্পূৰ্ণ হয় আৰু প্ৰতিক্ৰিয়শীল ক্ষমতা লাভ কৰি উঠে।

দেহৰ এই স্নায়ৱিক গাঠনিক তাৰ ক্ৰিয়া-কলাপৰ ফালৰ পৰা তিনিটা ভাগত বিভক্ত কৰিব পাৰি। ইয়াৰ প্ৰথমবিধক স্বয়ংক্ৰিয় অথবা স্বতন্ত্ৰ স্নায়ুতন্ত্ৰ (অট’মেটিক নাৰ্ভাছ ছিষ্টেম) বোলা হয়। এইবিধ স্নায়ুকোষ দেহৰ অভ্যন্তৰ ভাগৰ হাঁওফাঁও, পাকস্থলী, কলিজা, নাড়ী-ভুৰ আৰু দেহ-গ্ৰন্থি আদি বিশেষ গুৰুত্বপূৰ্ণ অংশসমূহত অৱস্থিত আৰু ই স্বাধীন অথবা স্বয়ংচালিতভাৱে ক্ৰিয়া কৰে। দ্বিতীয়বিধ স্নায়ুকোষ হৈছে সংবেদনদায়ী আৰু সঞ্চালক স্নায়ুকোষ যি শৰীৰৰ উপৰিভাগৰ সকলো অংশ আৰু ইন্দ্ৰিয়সমূহৰ লগত সংযুক্ত। বহিঃজগতৰ যিকোনো উদ্দীপনা আৰু সংবেদন অনুভূতি এই স্নায়ুসমূহে বহন কৰে। তৃতীয়বিধক সংযোগী অথবা অনুষংগমূলক স্নায়ুকোষ বুলি জনা যায়। ব্যক্তিৰ ঐচ্ছিক আৰু উচ্চমান বিশিষ্ট মানসিক ক্ৰিয়া-আচৰণ, যেনে- প্ৰত্যক্ষ জ্ঞান-ধাৰণা, স্মৃতি, চিন্তা আদিৰ লগত ই জড়িত।

মস্তিষ্ক হৈছে এই সকলোবিধ স্নায়ুকোষ সামগ্ৰিকভাৱে পৰিচালনাৰ কেন্দ্ৰস্থল। ইয়াৰ আন এটা স্নায়ৱিক ক্ৰিয়া কেন্দ্ৰ হৈছে মেৰুমজ্জা, যি আমাৰ ৰাজহাড়ৰ মাজত স্নায়ুৰ প্ৰধান গতিপথ স্বৰূপে অৱস্থিত। জন্মৰ সময়ত শিশুৰ মস্তিষ্কৰ ওজন প্ৰায় ৩৫০ গ্ৰাম থাকে। কিন্তু বিকাশৰ লগে লগে ইয়াৰ ওজন বৃদ্ধি হৈ ২০ বছৰ বয়সত সৰ্বাধিক ওজন প্ৰায় ৪০০ গ্ৰাম হয়গৈ। নৱজাত শিশুৰ গুৰু মস্তিষ্ক সক্ৰিয় অৱস্থাত নাথাকে। এই সময়ত মেৰুমজ্জা আৰু লঘু মস্তিষ্কইহে শিশুৰ প্ৰয়োজনীয় দৈহিক ক্ৰিয়া পৰিচালনা কৰে। ক্ৰমান্বয়ে সময়ৰ লগে লগে প্ৰমস্তিষ্কৰ (চেৰেব্ৰেল কৰ্টেক্স) স্নায়ু কোষসমূহ সক্ৰিয় হৈ উঠি অভিজ্ঞতা সঞ্চয় কৰিব পৰা হয়। ইয়াৰ উপৰি উচ্চ পৰ্যায়ৰ মানসিক ক্ৰিয়া, যেনে- ধাৰণা, চিন্তা, কল্পনা, বৌদ্ধিক ক্ৰিয়া আদি কৰিব পৰা হয়। মানৱ মস্তিষ্কৰ স্নায়ৱিক ক্ৰিয়া-পদ্ধতি যথেষ্ট জটিল যদিও ই অতি প্ৰণালীবদ্ধ আৰু সুসমন্বিতভাৱে কাম কৰে।

ৰক্তাসঞ্চালন প্ৰক্ৰিয়াঃ

শিশুৰ সুস্থ দৈহিক ক্ৰিয়া আৰু বিকাশৰ বাবে ৰক্তসঞ্চালন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। এই ৰক্তসঞ্চালনৰ কেন্দ্ৰস্থল হৃৎপিণ্ড জন্মোত্তৰ কালত দ্ৰুত গতিৰে বৃদ্ধি পায়। ছবছৰ বয়সত শিশুৰ হৃৎপিণ্ড জন্মৰ সময়ৰ ওজনৰ প্ৰায় ৪-৫ গুণ বৃদ্ধি পায়। কৈশোৰ কালত অন্ততঃ ইয়াৰ আকাৰ আৰু ওজন সৰ্বাধিক প্ৰায় ১২ গুণলৈ বৃদ্ধি হয়। জন্মৰ সময়ত লৰাৰ হৃদযন্ত্ৰ ছোৱালীতকৈ কিছু ডাঙৰ থাকে আৰু পৰৱৰ্তী কালৰ বিকাশতো এনে অৱস্থা পৰিলক্ষিত হয়।

গোটেই শৰীৰতে দুবিধ ৰক্তবাহক নলী ক্ৰমে বৃদ্ধি হ’বলৈ ধৰে। দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰ ৰক্তসঞ্চালন কৰা নলীক শিৰা আৰু হৃৎপিণ্ডৰ পৰা বিশুদ্ধ ৰক্ত দেহৰ বিভিন্ন অংশলৈ সঞ্চাৰিত কৰা নলীক ধমনী বুলি জনা যায়। এই শিৰা আৰু ধমনীবোৰ হৃৎপিণ্ডৰ অনুপাতে অধিক দ্ৰুত গতিৰে বৃদ্ধি পায় আৰু কৈশোৰ কাল পোৱাৰ সময়তেই ই পূৰ্ণ বিকাশ লাভ কৰি উঠে।

ৰক্ত চলাচলৰ পৰা সৃষ্টি হোৱা ৰক্তচাপো শিশুৰ বেলিকা যথেষ্ট কম থাকে। জন্মৰ প্ৰথম কেইমাহত শিশুৰ ৰক্তচাপ ৭০ আৰু ৭৫ মিলিমিটাৰৰ ভিতৰত থাকে। এই হাৰ ক্ৰমে বৃদ্ধি হৈ কৈশোৰ কালত অন্ততঃ প্ৰায় ১২৮ মিলিমিটাৰ পায়গৈ। ৰক্তচাপৰ মাত্ৰা ল’ৰাতকৈ ছোৱালীৰ কিছু কম থাকে। বয়সস্থসকলৰ তুলনাত শিশুৰ নাড়ী স্পন্দনৰ গতি যথেষ্ট বেছি থাকে। নৱজাত শিশুৰ নাড়ী স্পন্দন মিনিটত ১৩০ আৰু ১৪০ৰ ভিতৰত থাকে। শিশুৰ উত্তেজনাকৰ পৰিস্থিতি অনুযায়ী ইাৰ মাত্ৰা কম-বেছি হয়। তিনিবছৰ বয়সত নাড়ী স্পন্দনৰ মাত্ৰা প্ৰায় আৰু কমি আহে। নাড়ী স্পন্দৰ ক্ষেত্ৰত ল’ৰা আৰু ছোৱালীৰ মাত্ৰাৰ কিছু পাৰ্থক্য থকাটো লক্ষ্য ৰখা হয়।

শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া (ৰেস্পাইৰেট’ৰী ছিষ্টেম)-

শিশুৰ জন্ম ক্ষণৰ ক্ৰন্দনে পৃথিৱীত তাৰ শ্বাসযন্ত্ৰৰ প্ৰথম কাৰ্য্যকৰীতাৰ সংকেত দিয়ে বুলি ক’ব পাৰি। নৱজাত শিশুৰ শ্বাসযন্ত্ৰ অথবা হাঁওফাঁও আকাৰত যথেষ্ট সৰু থাকে। অৱশ্যে তাৰ শ্বাস-ক্ৰিয়াৰ গতি বয়সস্থসকলৰ তুলনাত যথেষ্ট দ্ৰুত হয়। শিশুৰ হাঁওফাঁও লাহে লাহে বৃদ্ধি হৈ কৈশোৰ কালত এই বৃদ্ধিৰ হাৰ সৰ্বাধিক হৈ উঠে। এই সময়ত ল’ৰা আৰু ছোৱালীৰ বক্ষস্থল বাঢ়ে আৰু হাঁওফাঁওৰ ক্ৰিয়া শক্তি বৃদ্ধি পায়। নৱজাত শিশুৰ উত্তেজনাৰ পৰিস্থিতিত শ্বাস-কাৰ্যৰ গতি মিনিটত এশতকৈও অধিক হৈ উঠে। দৈহিক ক্ৰমবিকাশৰ লগে লগে ইয়াৰ মাত্ৰা হ্ৰাস পাই আহে। কৈশোৰ কালত হাঁওফাঁওৰ আকাৰ বৃদ্ধি হোৱাৰ উপৰিও অধিক পৰিমাণে অক্সিজেন বায়ু গ্ৰহণ আৰু দূষিত বায়ু বহিষ্কৰণৰ ক্ষমতাও লাভ কৰে। সেইবাবে এই সময়ত দৈহিক পৰিশ্ৰমে সহজে ভাগৰ লগাব নোৱাৰে। উশাহ-নিশাহৰ বেলিকা যথেষ্ট দম থাকে। কিন্তু ইয়াৰ পৰৱৰ্তী কালত শ্বাসযন্ত্ৰৰ এনে ক্ষমতা ক্ৰমে কমি আহিবলৈ ধৰে। দৈহিক শ্ৰমৰ ফলত অলপতে শ্ৰান্ত আৰু ক্লান্ত অনুভৱ কৰে। হৃদযন্ত্ৰৰ বিকাশ আৰু পৰিপক্কতা লাভৰ ক্ষেত্ৰত ল’ৰাতকৈ ছোৱালীয়ে অগ্ৰগতি লাভ কৰিব পাৰে। ছোৱালীৰ হৃদযন্ত্ৰৰ সৰ্বাধিক বিকাশ প্ৰায় ১৭ বছৰতেই হৈ উঠে। অৱশ্যে ল’ৰাৰ হৃদযন্ত্ৰৰ ক্ৰিয়াশক্তি ছোৱালীতকৈ অধিক হোৱাটো লক্ষ্য কৰা হয়।

পৰিপাক প্ৰক্ৰিয়া (ডাইজেষ্টিভ ছিষ্টেম)-

শিশুৰ দৈহিক বৰ্ধন আৰু বিকাশৰ ক্ষেত্ৰত পাচক যন্ত্ৰৰ ভূমিকা সহজেই অনুমান কৰিব পাৰি। ই দেহক গতিশক্তি আৰু তাপশক্তি প্ৰদান কৰে। নৱজাত শিশুৰ পাকস্থলী হয় নিচেই সৰু নল আকৃতিৰ আৰু অনুপ্ৰস্থভাৱে অৱস্থিত। ক্ৰমবিকাশৰ লগে লগে ইয়াৰ আকৃতি বাঢ়িবলৈ ধৰে। গৰ্ভকালীন অৱস্থাত শিশুৱে মাতৃৰ পৰা পৰোক্ষভাৱে খাদ্য গ্ৰহণ কৰা বাবে জন্মক্ষণত শিশুৰ এই পাচক যন্ত্ৰ প্ৰায় নিষ্ক্ৰিয় অৱস্থাত থাকে। এনে নিষ্ক্ৰিয় অৱস্থাৰ পৰা সক্ৰিয় আৰু আত্মনিৰ্ভৰশীলতাৰ অৱস্থা লাভ কৰিবলৈ কিছু সময় লাগে। সেই হেতুকে এই অন্তৰ্ৱৰ্তী কালছোৱাত খাদ্যৰ অভাৱত শিশুৰ জন্মৰ ওজন কিছু পৰিমাণে কমি যায়। এসপ্তাহৰ পিছতহে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। জন্মৰ সময়ত পাচক যন্ত্ৰই কেৱল এক আউঞ্চ খাদ্যহে গ্ৰহণ কৰিব পাৰে। ক্ৰমান্বয়ে ইয়াৰ আকাৰ বাঢ়ি যোৱাৰ লগে লগে অধিক খাদ্য গ্ৰহণ কৰিব পৰা হয় আৰু খাদ্য গ্ৰহণৰ সময়ৰ ব্যৱধানো অধিক হয়। কৈশোৰ কালত দেহত ক্ৰমে অধিক তাপশক্তিৰ প্ৰয়োজন হৈ অহাৰ লগে লগে অধিক পৰিমাণৰ আৰু অধিক গুণবিশিষ্ট খাদ্যৰো প্ৰয়োজন হয়। ফলত কিশোৰ-কিশোৰীসকলে আন সময়তকৈ অধিক ক্ষুধা অনুভৱ কৰে। অৱশ্যে কেঁচুৱা কালত পৰিপাক যন্ত্ৰ এনে শক্তিশালী আৰু সক্ৰিয় অৱস্থাত নাথাকে। সেইবাবে নিচেই চালুকীয়া শিশুৱে জুলীয়া বস্তুৰ বাহিৰে গোটা বস্তুৰ আহাৰ গ্ৰহণ কৰিব নোৱাৰে। মন কৰিবলগীয়া যে সকলো পৰ্যায়ৰ লোকৰে পৰিপাক যন্ত্ৰৰ জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰ লগত আৱেগ-অনুভূতিৰো এক বিশেষ সম্বন্ধ আছে। ক্ষুধা-তৃষ্ণাৰ তাড়নাত শিশুৱে অস্বস্তি অনুভৱ কৰে আৰু ইয়াক কান্দোনৰ যোগেদি প্ৰকাশ কৰে। এই ক্ষুধা-তৃষ্ণা নিবাৰণে শিশুৰ আৱেগিক আচৰণৰ পৰিৱৰ্তন আনে। বয়সস্থসকলৰ আচৰণতো কম-বেছি পৰিমাণে এই কথা খাটে।

দেহ-গ্ৰন্থিৰ প্ৰক্ৰিয়া (গ্লেণ্ডুলাৰ ছিষ্টেম)-


দৈহিক বিকাশত দেহ-গ্ৰন্থিসমূহৰ ৰাসায়নিক ভূমিকা সম্বন্ধে বৰ্তমান অধিক সচেতনতা পৰিলক্ষিত হৈছে। সনালী আৰু অনালী এই দুইবিধ গ্ৰন্থিয়েই বিকাশৰ বিভিন্ন সময়ত দেহৰ বিভিন্ন অংশত ভিন ভিনভাৱে ক্ষৰণ ক্ৰিয়া কৰে। তাৰ যোগেদি দেহ-ৰাসায়নিক ক্ৰিয়া পৰিচালনা আৰু দেহ-ৰসায়ন প্ৰক্ৰিয়াৰ ভাৰসাম্য স্থাপন কৰি আমাৰ দৈহিক বিকাশত যি এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সেই সম্বন্ধে বৰ্তমান শৰীৰবিদ আৰু মনোবিদসকল অধিক সচেতন।

সনালী গ্ৰন্থিসমূহৰ ক্ষৰণ ক্ৰিয়া আমাৰ বাবে সহজে দৰ্শনীয়। ছালত থকা ঘৰ্মগ্ৰন্থিৰ পৰা ঘাম ওলোৱা, চকুৰ অশ্ৰুগ্ৰন্থিৰ পৰা চকুপানী ওলোৱা, জিভাৰ লালতি গ্ৰন্থিৰ পৰা লালতি ওলোৱা আমি সচৰাচৰ দেখিবলৈ পাওঁ। ইয়াৰ উপৰিও পাচক যন্ত্ৰৰ পাচক গ্ৰন্থি, মূত্ৰাশয়ৰ মূত্ৰগ্ৰন্থি আৰু বক্ষস্থলৰ দুগ্ধ-গ্ৰন্থিসমূহৰ ৰস নিঃসৰণ ক্ৰিয়া সম্বন্ধে আমি পৰিচিত। লালতিয়ে খাদ্য হজম কৰাত আৰু ছালৰ পৰা ঘাম নিঃসৃত হৈ দেহৰ অনাৱশ্যকীয় ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰাত সহায় কৰে। আনবোৰ গ্ৰন্থিয়েও নলীযোগে দেহ-ৰাসায়নিক ক্ৰিয়া পৰিচালনা কৰি ব্যক্তিৰ সুস্থ দৈহিক বিকাশত সহায় কৰে। প্ৰায় সকলোবোৰ গ্ৰন্থিয়েই জন্মৰ পিছৰ পৰা কম-বেছি পৰিমাণে ৰস নিঃসৰণ কৰিবলৈ ধৰে। অৱশ্যে সময় আৰু অৱস্থাভেদে এই গ্ৰন্থিসমূহৰ ক্ষৰণ ক্ৰিয়াৰ তাৰতম্য ঘটে। চালুকীয়া শিশুৰ অশ্ৰুগ্ৰন্থিতকৈ লালতি গ্ৰন্থি অধিক সক্ৰিয় হৈ উঠা দেখিবলৈ পোৱা যায়।

অনালী গ্ৰন্থিসমূহৰ ক্ষৰণ ক্ৰিয়া দেহত অন্তঃস্থভাৱে সংঘটিত হয়। সেইবাবে এইবিধ গ্ৰন্থিৰ ক্ৰিয়া আমি প্ৰত্যক্ষভাৱে দেখিবলৈ নাপাওঁ। তথাপি শিশুৰ দৈহিক বিকাশৰ দৃষ্টিকোণৰ পৰা এই অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ ভূমিকা সনালী গ্ৰন্থিসমূহতকৈও অধিক গুৰুত্বপূৰ্ণ। কেৱল দেহ-ৰাসায়নিক ক্ৰিয়া পৰিচলনাই নহয়, শিশুৰ সমগ্ৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰতেই এইবিধ গ্ৰন্থিয়ে এক মুখ্য ভূমিকা গ্ৰহণ কৰে। দেহ-মনৰ সুস্থ ক্ৰিয়া সম্পাদন, বিকাশ সাধন আৰু ভাৰসাম্য স্থাপন ইয়াৰ দ্বাৰাহে সম্ভৱ হৈ উঠিব পাৰে।

আমাৰ দেহৰ অন্তৰ্ভাগৰ ভিন ভিন অংশত এই গ্ৰন্থিসমূহ অৱস্থিত। মস্তিষ্কৰ কিছু পাছফালে পিনিয়েল আৰু মস্তিষ্কৰ প্ৰায় তলৰ মধ্য অংশত পিটুইটেৰী গ্ৰন্থি অৱস্থিত। গলৰ মধ্য অংশত থকা শ্বাসনলীৰ দুয়োকাষে থাইৰয়ড বা গলগ্ৰন্থি আৰু ইয়াৰ কিছু আঁতৰত গলৰ দুয়োফালে পেৰাথাইৰয়ড বা উপ-গলগ্ৰন্থি অৱস্থিত। বক্ষস্থলত থামাচ আৰু ইয়াৰ তলত থকা আমাৰ পেট আৰু তলপেটত যকৃৎ, অগ্ন্যাশয় আৰু এড্ৰিনেল বা অধিবৃক্ক গ্ৰন্থি অৱস্থিত। সেইদৰে নাৰী আৰু পুৰুষৰ যৌনাংগ অঞ্চলত ক্ৰমে ডিম্বাশয় আৰু শুক্ৰাশয় গ্ৰন্থি অৱস্থিত। এই গ্ৰন্থিসমূহ ক্ষৰণ ক্ৰিয়াৰ যোগে হৰম’ন নামৰ এবিধ ৰস পোনে পোনেই দেহৰ ৰক্তসঞ্চালনৰ লগত মিহলি কৰি দিয়ে আৰু তাৰ যোগেদি দৈহিক বিকাশ প্ৰভাৱিত কৰি তোলে। ইয়াৰ কেতবোৰ গ্ৰন্থি, যেনে- পিটুইটেৰী, থাইৰয়ড, অগ্ন্যাশয় আদিয়ে শিশুৰ গৰ্ভকালীন অৱস্থাতেই ক্ষৰণ ক্ৰিয়া কৰে। পিনিয়েল আৰু থামাচ গ্ৰন্থি শৈশৱ কালৰ অন্তত নিষ্ক্ৰিয় হৈ পৰে। যৌন গ্ৰন্থিয়ে কৈশোৰ কালতহে বিশেষ সক্ৰিয় হৈ উঠে। সেয়েহে ক’ব পাৰি যে এই সকলোবোৰ গ্ৰন্থিয়েই একে সময়তে অথবা সকলো সময়তে সমানে সক্ৰিয় হৈ নাথাকে। দৈহিক বিকাশৰ বিভিন্ন সময়ত নিজস্ব ভাৱেহে দেহ-ৰাসায়নিক ভূমিকা গ্ৰহণ কৰে।

 

শিশুৰ ব্যক্তিত্ব বিকাশত অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ ভূমিকাঃ

 

অন্তঃক্ষৰা গ্ৰন্থিসমূহে শিশুৰ ব্যক্তিত্ব গঠনৰ বুনিয়াদ ৰচনা কৰিব পাৰে। শিশুৰ দৈহিক গঠন, আবয়ৱিক বৃদ্ধি, ওজন, উচ্চতা, বুদ্ধি-বৃত্তি, আৱেগ-অনুভূতি তথা প্ৰতিক্ৰিয়াশীল ক্ষমতাসমূহৰ ওপৰতেই ব্যক্তিত্ব ঘাইকৈ নিৰ্ভৰ কৰে। ব্যক্তিত্ব গঠনকাৰী এই উপাদানসমূহ দেহৰ অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ দ্বাৰা প্ৰভাৱিত, পৰিচালিত আৰু নিয়ন্ত্ৰিত হয়। গ্ৰন্থিসমূহৰ দেহ-ৰাসায়নিক ক্ৰিয়াই ব্যক্তিৰ দেহ-মনৰ ক্ৰিয়া-অনুভূতি সেইমতে প্ৰভাৱিত কৰি তোলে। আমাৰ আদৰ্শ শিক্ষা-ব্যৱস্থা আৰু পৰিৱেশীয় প্ৰাচুৰ্য থাকিলেও শিশুৰ আশানুৰূপ ব্যক্তিত্ব গঠনৰ নিশ্চয়তা দিব নোৱাৰি। ইয়াৰ মূলতেই হৈছে শিশুৱে বংশগতভাৱে লাভ কৰা এই দেহ-ৰাসায়নিক প্ৰক্ৰিয়াৰ গুণগত দৈহিক প্ৰভাৱ। এই প্ৰভাৱ শিক্ষক, অভিভাৱক আনকি শৰীৰবিদ সকলৰো বৰ্তমানলৈকে নিয়ন্ত্ৰণৰ বাহিৰত। এই অন্তঃক্ষৰা গ্ৰন্থিবোৰৰ দেহ-ৰাসায়নিক প্ৰক্ৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰি এজন লোকক দৈহিকভাৱে ৰোগমুক্ত কৰি ৰখাটোও চিকিৎসকসকলৰ বাবে এক কঠিন কাম। সি যি কি নহওক, শিশুৰ দৈহিক গঠন আৰু ব্যক্তিত্ব বিকাশত কেইটামান প্ৰধান গ্ৰন্থিয়ে যি অনুকূল-প্ৰতিকূল প্ৰভাৱ পেলায় তাৰ এটি চমু বিৱৰণ তলত দাঙি ধৰা হৈছে।

পিটুইটেৰী গ্ৰন্থিঃ অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ ভিতৰত এইবিধ গ্ৰন্থিৰ ভূমিকা সৰ্বপ্ৰধান। মস্তিষ্কৰ নিম্ন অংশৰ প্ৰায় মাজভাগত ই অৱস্থিত। প্ৰাপ্তবয়স্ক এজন লোকৰ এই গ্ৰন্থিৰ আকাৰ এটা মটৰ গুটিৰ সমান হয়। ইয়াৰ সমুখ আৰু পশ্চাৎ এই দুই অংশৰ পৃথক পৃথক কাম থাকে। সমুখ অংশৰ নিঃসৃত হোৱা হৰম’নে দেহ-কংকালৰ আবয়ৱিক বৰ্ধন নিয়ন্ত্ৰণ কৰে। এই গ্ৰন্থিৰ অতিক্ষৰণ হ’লে ব্যক্তিৰ হাত-ভৰি আৰু দেহ অস্বাভাৱিকভাৱে বাঢ়ি গৈ অতি ওখ বা অতিকায় ব্যক্তিত পৰিণত হয়। ইয়াৰ অল্পক্ষৰণ হ’লে ব্যক্তিৰ স্বাভাৱিক দৈহিক বৰ্ধন বাধাগ্ৰস্ত হৈ পৰে। তাৰ ফলত দেহৰ আকাৰ চুটি-চাপৰ, ক্ষীণ আৰু বাওনা অৱস্থাত পৰিণত হয়। এই গ্ৰন্থিয়ে ব্যক্তিৰ যৌন গ্ৰন্থিও প্ৰভাৱিত কৰি তোলে। ইয়াৰ অতিক্ষৰণৰ ফলত সময়তকৈ বহু আগেয়ে যৌন অভিজ্ঞতা আৰু ইয়াৰ পৰিপূৰ্ণতা লাভ হ’ব পাৰে। পিটুইটেৰী গ্ৰন্থিৰ পশ্চাৎ অংশৰ পৰা নিঃসৃত হোৱা হৰম’নে মূত্ৰাশয়, জৰায়ু আদিৰ ক্ৰিয়া পৰিচালনা কৰাত আৰু দেহৰ চৰ্বি কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

থাইৰয়ড গ্ৰন্থিঃ এই গ্ৰন্থি গলৰ দুয়োকাষে অৱস্থিত হোৱা বাবে গলগ্ৰন্থি বুলিও জনা যায়। ইয়াৰ কিছু দূৰত থকা আন চাৰিটা সৰু গ্ৰন্থিৰ নাম উপ-গলগ্ৰন্থি। ব্যক্তিৰ দেহৰ ৰস প্ৰক্ৰিয়া আৰু আৱেগিক ক্ৰিয়া পৰিচালনাত থাইৰয়ড গ্ৰন্থিৰ বিশেষ ভূমিকা আছে। এই গ্ৰন্থিৰ পৰা থিৰ’ক্সিন নামৰ এবিধ হৰম’ন নিঃসৃত হয় আৰু ই দেহৰ ৰাসায়নিক ক্ৰিয়া পৰিচালনা কৰি স্বাভাৱিক দৈহিক প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শনত সহায় কৰে। ইয়াৰ অস্বাভাৱিক ক্ষৰণে প্ৰতিকূল অৱস্থাৰ সৃষ্টি কৰে। এই গ্ৰন্থিৰ অতিক্ষৰণ হ’লে ব্যক্তিৰ দৈহিক প্ৰতিক্ৰিয়া আৰু আচৰণ অনিয়ন্ত্ৰিত হয়, নাড়ী স্পন্দন, ৰক্তচাপ আদি বৃদ্ধি পায়। ফলত অস্থিৰতা, স্নায়ৱিক দুৰ্বলতা, অস্বাভাৱিক উত্তেজনা, অত্যধিক উৎসাহ-উদ্দীপনা আৰু নিদ্ৰাহীনতাৰ অৱস্থাই দেখা দিয়ে। আনহাতে, এই গ্ৰন্থিৰ অল্পক্ষৰণ হ’লে ব্যক্তি উদ্যমহীন, বুদ্ধিহীন, অলস আৰু নিৰাশাবাদী হৈ পৰে। দৈহিকভাৱে দেহ-ৰাসায়নিক ক্ৰিয়া মন্থৰ গতিৰ হৈ পৰে, চুলি সৰে আৰু ছালত অধিক মেদ জমা হয়। শৈশৱ কালত এই গ্ৰন্থি নিষ্ক্ৰিয় হৈ পৰিলে শিশুৰ দৈহিক বিকাশ বাধাপ্ৰাপ্ত হয় ক্ৰেটিন নামৰ ৰোগত ভুগিব লগা হয়। উপ-গলগ্ৰন্থিয়ে গলগ্ৰন্থিৰ অতিক্ষৰণ নিয়ন্ত্ৰণ কৰে আৰু কেলচিয়ামযুক্ত ৰাসায়নিক ক্ৰিয়াৰ সহায়েৰে দেহৰ অস্থিসমূহ শক্তিশালী হোৱাত সহায় কৰে।

এড্ৰিনেল গ্ৰন্থিঃ তলপেটত থকা দুটা কিডনীৰ ওপৰত এই গ্ৰন্থি অৱস্থিত। ইয়াৰ বাহ্য অংশৰ পৰা কৰ্টিন আৰু অন্তৰ্ভাগৰ পৰা এড্ৰিনিন নামৰ ৰস নিঃসৃত হয় আৰু সেই অনুক্ৰমে দেহ-মনৰ ওপৰত প্ৰভাৱ পেলায়। কৰ্টিন ৰস স্বাভাৱিকভাৱে নিঃসৰণ হ’লে ব্যক্তিৰ বাহ্য প্ৰকাশ আৰু ক্ৰিয়া-আচৰণত পৌৰুষস্ত্ৰৈণতা ফুটি উঠে। ইয়াৰ অতিক্ষৰণ হ’লে নাৰীৰ ক্ৰিয়া-আচৰণত পুৰুষালীৰ লক্ষণে দেখা দিয়ে। সেইদৰে কৈশোৰ কালত এই গ্ৰন্থিৰ অল্পক্ষৰণ হ’লে ল’ৰাৰ দাড়ি-গোফ, বুকু আৰু বাউসীৰ তলৰ নোম আদি নোলোৱাকৈ থাকে আৰু ল’ৰাক ছোৱালীৰ দৰে দেখি। ইয়াৰ উপৰি দেহৰ ৰক্তচাপ কমি যায়, পেশীসমূহৰ দুৰ্বলতা আৰু দৈহিক ক্লান্তি অনুভৱ হয়, পৰিপাক ক্ৰিয়াৰ বিজুতি ঘটে আৰু দেহৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। এড্ৰিনিন ৰস নিঃসৰণে ব্যক্তিৰ আৱেগ-অনুভূতি নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। অত্যধিক আৱেগৰ মুহূৰ্তত অধিক পৰিমাণে এই ৰস তেজৰ লগত মিহলি হয় আৰু তাৰ ৰক্তচাপ বৃদ্ধি পায় আৰু শ্বাস-প্ৰশ্বাসৰ গতি দ্ৰুত হয়। ইয়াৰ ফলত আৱেগৰ পৰিস্থিতিত ব্যক্তিয়ে অনেক দৈহিক শক্তি লাভ কৰি উঠিব পাৰে।

যৌনগ্ৰন্থিঃ পুৰুষ আৰু মহিলাৰ যৌনাংগত এইবিধ গ্ৰন্থি অৱস্থিত। ই সনালী আৰু অনালী দুয়োবিধ গ্ৰন্থিৰে ভূমিকা গ্ৰহণ কৰে। সনালী গ্ৰন্থি স্বৰূপে যৌনাংগৰ যোগেদি পুৰুষে শুক্ৰানু আৰু মহিলাই ডিম্বানু ক্ষৰণ কৰিব পাৰে। সেইদৰে অনালী গ্ৰন্থিৰ ভূমিকা গ্ৰহণ কৰি যৌন পাৰ্থক্যৰ ভিত্তিত দৈহিক গঠন, ক্ৰিয়া-কলাপ আৰু যৌনাংগৰ বিকাশ সাধন কৰি তোলে। যৌনগ্ৰন্থিৰ গুৰুত্বপূৰ্ণ ভূমিকা হৈছে যৌৱন প্ৰাপ্তিৰ কালত ব্যক্তিৰ প্ৰজননিক ক্ষমতা দান কৰা আৰু প্ৰয়োজনীয় দৈহিক পৰিৱৰ্তন সাধন কৰা। এই গ্ৰন্থিৰ সক্ৰিয়তাৰ ফলত কৈশোৰ কালত ল’ৰাৰ মাত সলনি হয়, দাড়ি-গোফ গজি উঠে। সেইদৰে ছোৱালীৰ বক্ষস্থল স্ফীত হয় আৰু ঋতুমতী হৈ উঠে, লিংগৰ ভিত্তিত ল’ৰা-ছোৱালীৰ ব্যক্তিত্ব গঠনত সেইবাবে এই গ্ৰন্থিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

শিশুৰ দৈহিক বিকাশত আহাৰৰ প্ৰয়োজনীয়তাঃ

 

আমাৰ দৈহিক বিকাশৰ বাবে আহাৰৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিবৰ প্ৰয়োজন নাই। শিশুৰ চালুকীয়া পাচক যন্ত্ৰৰ ক্ষমতাৰ সীমাবদ্ধতা আৰু তাৰ দৈহিক বৰ্ধনৰ বাবে গ্ৰহণযোগ্য এক বিশেষ ধৰণৰ খাদ্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাভাৱিকতেই শিশু-খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। শিশু-খাদ্য সম্বন্ধে বৰ্তমান সৰ্বসাধাৰণৰ মাজত সচেতনতা আৰু বাণিজ্য মহলত ইয়াৰ বিশেষ তৎপৰতা পৰিলক্ষিত হয়। এই অধ্যায়ত ইতিপূৰ্বে শিশুৰ দেহ-ৰাসায়নিক প্ৰক্ৰিয়াৰ এটি চমু আভাষ দিয়া হৈছে। এই প্ৰক্ৰিয়া পৰিচালনা কৰি শিশুৰ স্বাভাৱিক দৈহিক বিকাশ সাধন কৰিবৰ বাবে আহাৰৰ সাধাৰণভাৱে প্ৰয়োজন। অৱশ্যে এই গোটেই বিষয়টোৱেই জৈৱ-ৰাসায়নিক বিজ্ঞানৰ এক জটিল অধ্যয়নৰ বিষয়। এই জটিলতাৰ বিশ্লেষণ দাঙি ধৰিবলৈ নগৈ এই সম্বন্ধে আমাৰ প্ৰয়োজনীয় আৰু প্ৰায়োগিক জ্ঞানখিনিহে ইয়াত সংক্ষেপে উপস্থাপন কৰিবলৈ বিচৰা হৈছে।

শিশুৱে গ্ৰহণ কৰা আহাৰক ঘাইকৈ তিনি ভাগত বিভক্ত কৰিব পাৰি, যেনে-

 

(১) দেহৰ বিভিন্ন অংশৰ পুষ্টি সাধনকাৰী।

(২) দৈহিক ক্ৰিয়া পৰিচালনাৰ বাবে শক্তিৰ ইন্ধনকাৰী আৰু

(৩) জীৱনীশক্তি দানকাৰী।

বিজ্ঞানসন্মতভাৱে ক’বলৈ গ’লে শিশু-খাদ্যত যিবোৰ ৰাসায়নিক উপাদান থাকিব লাগে সেইবোৰ হৈছে প্ৰ’টিন, বিভিন্ন ভিটামিন, ধাতৱ পদাৰ্থ, যেনে- লো, কেলটিয়াম, তাম, লোণ, আয়’ডিন ইত্যাদি, চৰ্বিজাতীয়, কাৰ্ব’হাইড্ৰেট (অৰ্থাৎ চেনি আৰু শ্বেতসাৰযুক্ত) আৰু পানী। এইবোৰ তলত সংক্ষেপে বৰ্ণনা কৰা হৈছে।

প্ৰ’টিন হৈছে শিশুৰ দেহ গঠন আৰু বৰ্ধনকাৰী উপাদান। ই দেহৰ মাংসপেশী, কলিজা, মস্তিষ্ক, মূত্ৰাশয় আৰু গ্ৰন্থিসমূহৰ ৰসক্ৰিয়া আদি বিকাশত সহায় কৰে। অস্থিসমূহৰ গঠনতো ই আংশিকভাৱে সহায় কৰে। মাছ, মাংস, কণী, গাখীৰ আদিত প্ৰ’টিন প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰি শস্যজাতীয় বস্তু, যেনে- চাউল, আটা, মাহ, মটৰ, বিন আদিত ই অৱস্থিত।

ভিটামিনক খাদ্যপ্ৰাণ বোলা হয় এইবাবেই যে ব্যক্তিৰ জীৱনীশক্তি আৰু দৈহিক ক্ৰিয়াৰ সুস্থ পৰিচালনা ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ অভাৱত দৈহিক ক্ৰিয়াৰ বিজুতি ঘটে আৰু নানাবিধ বেমাৰ-আজাৰে দেখা দিয়ে। ভিটামিন ‘এ’ৰ সহায়েৰে দেহৰ অভ্যন্তৰ ভাগৰ নাড়ী-ভুৰু বা অন্ত্ৰ, মূত্ৰাশয় আৰু শ্বাসযন্ত্ৰৰ ক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিব পাৰি। চকুৰ পৰিচালনাতো ই সহায় কৰে। কমলা, বিলাহী, গাজৰ আৰু পকা ফল-মূল আদিত এইবিধ উপাদান থাকে। ভিটামিন ‘বি’ হৈছে প্ৰায় দহবিধ উপাদানযুক্ত এক জটিল খাদ্যপ্ৰাণ। এইবিধ বিভিন্ন উপাদানযুক্ত ভিটামিনে দেহৰ মাংসপেশী, স্নায়ু, পৰিপাক যন্ত্ৰ আৰু নাড়ী-ভুৰু আদিৰ ক্ৰিয়া পৰিচলনাত সহায় কৰে। গাখীৰ, মাছ, কণী, বিলাহী, পালেং শাক, পিঁয়াজ, মটৰ মাহ, কমলা, কল আদিত এইবিধ ভিটামিন নিহিত থাকে। ভিটামিন ‘চি’য়ে দেহৰ অস্থি, দাঁত, ৰক্তবাহী নলী আৰু কোষসমূহৰ ক্ৰিয়া পৰিচালনাত সহায় কৰে। অমিতা, কমলা, বিলাহী, পালেং শাক, মধুৰী, আমলখি আদিত এইবিধ উপাদান থাকে। ভিটামিন ‘ডি’য়ে অস্থি, দাঁত আৰু পৰিপাক যন্ত্ৰৰ ক্ৰিয়া পৰিচলনাত সহায় কৰে। এইবিধ খাদ্যপ্ৰাণৰ অভাৱত কেঁচুৱাৰ পঁয়ালগা বেমাৰ হয়। কডলিভাৰ অয়ল, মাংস, কণী, গাখীৰ আৰু শাক-পাচলি আদিত ‘ডি’ ভিটামিন পোৱা যায়।

ধাতৱ পদাৰ্থসমূহো আমাৰ দৈহিক গঠন আৰু ক্ৰিয়া পৰিচলনাৰ বাবে বিশেষ প্ৰয়োজন। ই লোণজাতীয় যেনে- খনিজ লোণ, কেলচিয়াম, ফছফৰাছ, ছ’ডিয়াম আৰু পটাছিয়াম, আয়’ডিন আদি আৰু অন্যান্য ধাতুযুক্ত যেনে- লো, তাম, মেংগানিজ আদি। আমাৰ দেহৰ পৰা প্ৰতিদিনে ঘামৰ লগত দেহৰ যথেষ্ট লোণ ওলাই যায়। ইয়াক পূৰণৰ বাবে লোণজাত খাদ্য গ্ৰহণ কৰিব লাগে। দেহৰ অস্থি আৰু দাঁত অধিক কঠিন আৰু শক্তিশালী কৰি তুলিবলৈ কেলছিয়াম আৰু ফছফৰাছৰ প্ৰয়োজন। দেহৰ ৰঙা ৰক্তকণিকা গঠন আৰু পৰিচালনাৰ বাবে লো আৰু তামৰ প্ৰয়োজন। সেইদৰে থাইৰয়ড গ্ৰন্থিৰ ক্ৰিয়া পৰিচালনাৰ বাবে আয়’ডিনৰ প্ৰয়োজন হয়। মাছ, মাংস, কণী, গাখীৰ, লিভাৰ, সেউজীয়া শাক-পাচলি আদি আহাৰত ধাতৱ পদাৰ্থৰ উপাদান নিহিত থাকে।

চৰ্বিজাতীয় উপাদানে দেহৰ উত্তাপ আৰু ক্ৰিয়া শক্তিৰ ইন্ধন যোগায়। শক্তিৰ অভাৱত কল-কাৰখানা অচল হৈ পৰাৰ দৰে দেহৰ চৰ্বিজাতীয় উপাদান কম হ’লে দেহ কোষসমূহ শুকাই যায় আৰু ইয়াৰ ফলত মানুহ ক্ষীণাই যায়। সেইদৰে প্ৰয়োজনতকৈ অতিৰিক্ত চৰ্বি গ্ৰহণ কৰিলে ই ছালৰ কোষসমূহত সঞ্চিত হয় আৰু মানুহ শকত আৰু মেদযুক্ত হৈ পৰে। ঘিউ, মাখন, ক্ৰীম, মাছ, মাংস, কণী আদি আহাৰত এইবিধ উপাদান প্ৰচুৰ পৰিমাণে থাকে।

কাৰ্ব’হাইড্ৰেট জাতীয় পদাৰ্থত চেনি আৰু শ্বেতসাৰৰ উপাদান সংযুক্ত থাকে। এইবিধ ৰাসায়নিক উপাদানে চৰ্বিৰ দৰেই দেহৰ ক্ৰিয়া পৰিচলনাত শক্তিৰ ইন্ধন যোগায়। ই দেহৰ তাপ উৎপন্ন কৰে আৰু তেজ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। উদ্ভিদজাতীয় খাদ্য যেনে- আটা, ঘেঁহু, চাউল, গোমধান, উৰহী আদি। চেনি, মৌ, মিঠা ফল-মূল, কুঁহিয়াৰ আদিত কাৰ্ব’হাইড্ৰেটৰ উপাদান নিহিত থাকে।

পানীয়ে আমাৰ দেহবৰ্ধন অথবা দেহৰ শক্তি উৎপাদন কৰিব নোৱাৰে। কিন্তু তথাপিও পানী নহ’লে্ মানুহ জীয়াই থাকিব নোৱাৰে। উল্লেখযোগ্য যে শিশু-দেহৰ প্ৰায় শতকৰা ৬০ ভাগ উপাদান হৈছে পানী। দেহৰ সকলো গুৰুত্বপূৰ্ণ অংশৰ দেহ-ৰাসায়নিক প্ৰক্ৰিয়া সূচাৰুৰূপে চলিবলৈ পানীৰ প্ৰয়োজন। তেজৰ অধিকাংশ উপাদানেই হৈছে পানী। ঘাম আৰু প্ৰস্ৰাৱৰ যোগেদেহ-ৰাসায়নিক প্ৰক্ৰিয়াৰ অপ্ৰয়োজনীয় অংশ বাহিৰ কৰি দিবৰ বাবেও পানীৰ প্ৰয়োজন। পানীৰ উপৰিও আমি গ্ৰহণ কৰা বিভিন্ন খাদ্যদ্ৰব্যত পানীৰ পৰিমাণ নিহিত থাকে।

ওপৰৰ দেহ-ৰাসায়নিক প্ৰক্ৰিয়া আৰু দৈহিক বৰ্ধনৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ এটি চমু বৰ্ণনা দিয়া হল। লগতে এই উপাদানসমূহ পাব পৰা আহাৰবোৰৰ চমু উল্লেখ কৰা হৈছে। কিন্তু এই সকলোবোৰ উপাদানপুষ্ট স্বয়ং সম্পূৰ্ণ আৰু শিশুৰ বাবে সহজে গ্ৰহণযোগ্য একমাত্ৰ আহাৰ হৈছে মাতৃদুগ্ধ। ইয়াৰ বিকল্প আন কোনো খাদ্যই হ’ব নোৱাৰে বুলি বিশেষজ্ঞসকল একমত। মাতৃদুগ্ধই কেৱল দৈহিক প্ৰভাৱেই নহয়, ই শিশুৰ ওপৰত মনোবৈজ্ঞানিক প্ৰভাৱ পেলাব পাৰে। উল্লেখযোগ্য যে ই মাতৃৰ লগত শিশুৰ দৈহিক সংস্পৰ্শ ৰক্ষা কৰি দুয়োৰে মাজত আনুভূতিক জীৱনো গঢ় দি তুলিব পাৰে। মাতৃহাৰা অথবা মাতৃৰ দুগ্ধহীন শিশু ইয়াৰ পৰা বঞ্চিত হয়। বৰ্তমান সমাজত এই সম্বন্ধে গৱেষণাৰ থলো যথেষ্ট আছে।

শিশুক আহাৰ দানৰ কেতবোৰ নীতিঃ

 

শিশুক আহাৰ দিওঁতে আমি কেতবোৰ বিশেষ নীতি অথবা মৌলিক কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এইসমূহ তলত উল্লেখ কৰা হৈছে।

(১) শিশুৰ কোনো এবিধ খাদ্যগ্ৰহণে তাৰ কেনে প্ৰতিক্ৰিয়া কৰে তাক সাৱধানে লক্ষ্য কৰা উচিত। সি গ্ৰহণ কৰা তাৰ খাদ্য তাৰ পৰিপাক যন্ত্ৰৰ বাবে অনুকূল অথবা গ্ৰহণযোগ্য হ’ব লাগে। একেবিধ শিশুখাদ্য সকলো শিশুৰ বাবে সমানে গ্ৰহণযোগ্য নহয়। সেইবাবে শিশুক প্ৰথমে পৰীক্ষামূলকভাৱেহে খাদ্য প্ৰয়োগ কৰিব লাগে। কোনবিধ খাদ্য কোন শিশুৰ বাবে উপযোগী বা অনুপযোগী তাক কেৱল শিশুৱেহে নিৰ্ধাৰণ কৰিব পাৰে।

(২) ক্ৰমবিকাশৰ লগে লগে খাদ্য গ্ৰহণৰ ক্ষমতা বৃদ্ধি হয়। এই ক্ৰমবৰ্ধিত গ্ৰহণ ক্ষমতালৈ লক্ষ্য ৰাখি খাদ্যৰ পৰিমাণ ক্ৰমে বঢ়াব লাগে। শিশুৱে অধিক খাদ্য একে সময়তে গ্ৰহণ কৰাৰ পৰিৱৰ্তে প্ৰয়োজন মতে খাদ্যৰ মাত্ৰা লাহে লাহে বঢ়াই নিয়াটোলৈহে বিশেষ লক্ষ্য ৰাখিব লাগে। খাদ্য পৰিমাণৰ ক্ৰমবৃদ্ধিয়ে শিশুৰ নিয়মিত দৈহিক ওজন বৃদ্ধি কৰিব পাৰিলে এই কাৰ্যত সফলতা লাভ কৰা বুলি ধৰিব পাৰি।

(৩) নিয়মিত সময়ৰ ব্যৱধানত শিশুক আহাৰ দিয়াৰ ব্যতিক্ৰম হ’ব নালাগে। বিশেষজ্ঞসকলৰ মতে এবছৰীয়া এটি শিশুক দিনটোত প্ৰায় ছবাৰ আহাৰ যোগান ধৰিব লাগে। অৱশ্যে প্ৰতি বাৰতে সময় আৰু অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আহাৰৰ ধৰণ আৰু মাত্ৰা বেলেগ কৰিব লাগে।

(৪) শিশুক দিয়া খাদ্য সতেজ, গৰম আৰু পৰিষ্কাৰ হ’ব লাগে। সেইদৰে পৰিৱেশৰ পাত্ৰ চাফ-চিকুণ আৰু ৰোগমুক্ত হ’ব লাগে। এই কথা সাধাৰণভাৱে জনা স্বত্বেও এলাহ, অৱহেলা আৰু সময়ৰ অভাৱে যাতে ইয়াৰ ব্যতিক্ৰম আনিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হ’ব লাগে।

(৫) শিশুক যথাসম্ভৱ প্ৰাকৃতিক খাদ্য (নেচাৰেল ফুড) প্ৰদান কৰিব লাগে। বৰ্তমান বজাৰত ওলোৱা বিবিধ কৃত্ৰিম শিশু খাদ্য আৰু ৰাসায়নিকভাৱে নিৰ্মাণ কৰা বিবিধ ভিটামিনযুক্ত টনিকৰ প্ৰতি অধিক উৎসাহী হ’ব নালাগে। উল্লেখযোগ্য যে কৃত্ৰিম ৰাসায়নিক পদাৰ্থ প্ৰয়োগৰ প্ৰাচুৰ্যই শিশুৰ নিজস্ব দেহ-ৰসায়নৰ ভাৰসাম্য (কেমিকেল বেলেঞ্চ) নষ্ট কৰি পেলাব পাৰে।

(৬) অৱশেষত এই কথা উল্লেখযোগ্য যে শিশুৰ আহাৰ গ্ৰহণৰ ক্ষেত্ৰত এক মনোবৈজ্ঞানিক প্ৰভাৱ থাকে যাক অস্বীকাৰ কৰি চলিব নোৱাৰি। শিশুক তাৰ মৰমৰ জনে খাদ্য গ্ৰহণত সহায় কৰি গোটেই পৰিস্থিতিটো সুখৰ আৰু আনন্দৰ কৰি তুলিব লাগে। খাবৰ সময়ত শিশুৰ মনঃপুত গল্প কোৱা, কাল্পনিক ঘটনাৰ বৰ্ণনা কৰা, উমলা গীত গোৱা অথবা নাটকীয় ভংগীৰ সহায় লোৱা কাৰ্য বিশেষ ফলপ্ৰসূ। খাবলৈ নিবিচৰা শিশুৰ পৰিৱেশ সলনি কৰিলে সুফল পাব পাৰি। মুঠতে ক’ব পাৰি যে শিশুৰ খাদ্য গ্ৰহণৰ পৰিস্থিতিটো ক্ৰীড়াময় আৰু আনন্দদায়ক কৰি তুলিব পাৰিব লাগে।

শিশুৰ দৈহিক বিকাশত কিদৰে সহায় কৰিব পাৰিঃ

 

শিশু দৈহিকভাৱে পৰনিৰ্ভৰশীল। এনে অৱস্থাত শিশুক দৈহিকভাৱে সহায় কৰি ক্ৰমে আত্মনিৰ্ভৰশীল অৱস্থালৈ লৈ অহাটো মাক-দেউতাকৰ প্ৰধান কৰ্তব্য। ই কোৱাত বা দেখাত যেনে সহজ প্ৰকৃতপক্ষে তেনে নহয়। প্ৰতিজন দায়িত্বশীল পিতৃ-মাতৃয়েই এই কথা অনুভৱ কৰে। অৱশ্যে এই অনুভূতি বা উপলব্ধিক কাৰ্যকৰী ৰূপ দিবলৈ আমাৰ কৰ্তব্য সম্বন্ধে ধাৰণা স্পষ্ট হ’ব লাগিব। এই প্ৰসংগত তলত চমুকৈ উল্লেখ কৰা মূল কথাকেইটা আমাৰ বিবেচনাযোগ্য।

(১) নৱজাত শিশুৰ দৈহিক পৰিৱেশ যথাসম্ভৱ নিয়ন্ত্ৰিত আৰু শিশুৰ গ্ৰহণযোগ্য কৰি তুলিব লাগে। চাৰিওফালৰ শীত-তাপ, পোহৰ, বায়ু, শব্দ আদিৰে গঢ়ি উঠা শিশুৰ তৎকালীন পৰিৱেশটো তাৰ গ্ৰহণেন্দ্ৰিয় সমূহৰ গ্ৰহণযোগ্য কৰি প্ৰস্তুত কৰি তুলিব লাগে। জন্মোত্তৰ কালৰ পৰিৱেশত যাতে শিশুৱে আৱশ্যকীয় দৈহিক প্ৰতিক্ৰিয়াৰ যোগে সুস্থ সমাযোজন কৰি ল’ব পাৰে তাৰ প্ৰতি চকু ৰাখিব লাগে। এই ক্ষেত্ৰত আৱশ্যক হ’লে চিকিৎসকৰো সহায় ল’ব লাগে।

(২) শিশুৰ দৈহিক বিকাশত দেহ-ৰাসায়নিক প্ৰক্ৰিয়াই গ্ৰহণ কৰা ভূমিকা সম্বন্ধে আমাৰ প্ৰয়োজনীয় ধাৰণা থকা উচিত। এই ক্ষেত্ৰত শিশু-খাদ্যই গ্ৰহণ কৰা ভূমিকা সম্বন্ধে ইতিপূৰ্বে আলোচনা কৰা হৈছে। দেহ-ৰসায়ন সম্বন্ধীয় সাধাৰণ ধাৰণা থাকিলে শিশুৰ আহাৰ সম্বন্ধে আৰু ভিটামিনৰ অভাৱত উদ্ভৱ হ’ব পৰা দৈহিক অসুস্থতা আদি সম্বন্ধে সাৱধান হ’ব পাৰি আৰু আৱশ্যক মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

(৩) শিশুৰ সাধাৰণ স্বাস্থ্য, দেহৰ ক্ৰমবৰ্ধনৰ গতি আদি সম্বন্ধেও সতৰ্ক দৃষ্টি ৰখা উচিত। ইয়াৰ বাবে নিয়মিতভাৱে শিশুৰ ওজন পৰীক্ষা কৰা আৰু অভিলেখ সংগ্ৰহ কৰা উচিত। বিকাশৰ প্ৰথম কেইবছৰত নিয়মিতভাৱে চিকিৎসকৰ দ্বাৰা শিশুৰ দেহ পৰীক্ষা কৰা ব্যৱস্থা থাকিব লাগে। ইয়াৰ উপৰিও শিশুৰ আকস্মিক দুৰ্ঘটনা আদিৰ সন্মুখীন হ’ব পৰাকৈ প্ৰাথমিক চিকিৎসা সাহায্য ব্যৱস্থা প্ৰস্তুত ৰাখিব লাগে।

(৪) শিশুৰ দৈনন্দিন ক্ৰিয়া-কলাপৰ সময় তালিকা প্ৰস্তুত কৰি তাক উপযুক্তভাৱে কাৰ্যকৰীকৰণৰ প্ৰতি চকু ৰাখিব লাগে। তাৰ অনিয়ম বা ব্যতিক্ৰম হ’বলৈ দিব নালাগে। গা ধোৱা, পিন্ধা-উৰা, খোৱা-বোৱা আৰু শুৱা আদিৰ নিয়মিত কাৰ্যকৰীকৰণে শিশুৰ দেহ-মনত সুস্থ প্ৰভাৱ পেলাব পাৰে। এনেবোৰ ক্ৰিয়াৰ অনুশীলনৰ যোগে দৈহিক অভ্যাস গঠন কৰি তোলাটো এই পৰ্যায়ৰ শিক্ষাৰ এক প্ৰধান উদ্দেশ্য।

(৫) দৈহিক দৃষ্টিকোণৰ পৰা শিশুৰ বাবে খেলাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। ই শিশুৰ স্বভাৱসুলভ দৈহিক প্ৰৱণতা যাৰ যোগেদি তাৰ সৰ্বাত্মক বিকাশ সম্ভৱ হৈ উঠিব পাৰে। খেলাই শিশুৰ দেহ-ৰাসায়নিক ক্ৰিয়া সুস্থ-সবল আৰু স্বাভাৱিক কৰি তোলে। অংগ সঞ্চালনে ক্ষমতাৰ বিকাশ সাধন কৰে আৰু নিজ পৰিৱেশত সমাযোজন স্থাপনত সহায় কৰে। সেইবাবে শিশুৰ দৈহিক বিকাশৰ বিভিন্ন পৰ্যায়ত দেখা দিয়া খেলাৰ প্ৰয়োজনীয়তাসমূহ উপযুক্তভাৱে পূৰণ কৰা উচিত।

(৬) কোনো শিশুৰ দৈহিক বিকাশ আশানুৰূপ হৈ নুঠিলে তাৰ বাবে উৎকণ্ঠা অনুভৱ কৰা অথবা তাক দাবী কৰাৰ মনোভাব গ্ৰহণ কৰা অনুচিত। আমি মনত ৰখা উচিত যে প্ৰতিটো শিশুৰ দৈহিক বিকাশৰ একো একোটা নিজস্ব ৰীতি আৰু পদ্ধতি আছে। আনকি নিজ দেহৰ বিভিন্ন অংশৰ বৰ্ধন আৰু বিকাশ সাধনৰো বিভিন্ন সময় আৰু গতি পদ্ধতি আছে। এই কথাৰ প্ৰতি আওকান কৰি চলাটো শিশু-বিকাশৰ বাবে অনিষ্টকাৰী।

সামৰণিত ক’ব পাৰি যে শৈশৱ কাল হৈছে শিশুৰ দৈহিক বিকাশৰ কাল। বিশেষকৈ জন্মৰ প্ৰথম বছৰটোৱেই হৈছে এই দৈহিক বিকাশৰ গতিৰ সবাতোকৈ দ্ৰুততৰ সময়। ইয়াৰ প্ৰতি অৱহেলা কৰাটো ব্যক্তি আৰু সমাজ উভয়ৰে বাবে বিশেষ ক্ষতিকাৰক। নৱজাত শিশুৰ দৈহিক বিকাশৰ সম্বন্ধে অজ্ঞ আৰু আওকণীয়া হোৱা বাবে জন্মৰ প্ৰথম দুমাহতে শিশুৰ অপমৃত্যুৰ হাৰ হয় সকলোতকৈ অধিক। শিশুৰ পৰৱৰ্তী কালত ভিন্নমুখী বিকাশৰ সকলো সম্ভাৱনীয়তাও তাৰ এই দৈহিক বিকাশতেই নিহিত থাকে। শিশুৱে তাৰ মূলধন স্বৰূপে সহজাতভাৱে লাভ কৰা শক্তি সামৰ্থ আৰু সম্ভাৱনীয়তা সমূহৰ সেয়েহে কিবা আমূল পৰিৱৰ্তন আমি কৰি দিব নোৱাৰো। আমি মনত ৰখা উচিত যে ব্যক্তিৰ বংশগতি হৈছে এক নিৰ্ধাৰিত উপাদান যাৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাথাকে। কিন্তু যথাসম্ভৱ সতৰ্কতা আৰু শিশুৰ প্ৰতি এই সময়ত যথাযোগ্য দায়িত্ব পালন কৰিব পাৰিলে তাৰ সহজাত সম্ভাৱনীয়তাখিনি নিশ্চয় আশানুৰূপভাৱে বিকশাই তুলিব পাৰি যাৰ ফলত ব্যক্তি আৰু সমাজৰ কল্যাণ সাধিত হ’ব পাৰে।

 

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate