অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ দৈহিক বিকাশঃ

শিশুৰ দৈহিক বিকাশঃ

শিশুৰ দৈহিক বিকাশ কেনেকৈ হয়

 

প্ৰাণীজগতৰ সকলো জীৱ-জন্তুৰ দৰেই মানৱ-শিশু এক প্ৰতিক্ৰিয়াশীল জীৱ। পৰিৱেশৰ প্ৰতি কৰা দৈহিক প্ৰতিক্ৰিয়াৰ যোগেদিয়ে শিশুৰ মন আৰু তাৰ দ্বাৰা পৰিচালিত আচৰণে আত্মপ্ৰকাশ কৰে। শিশু মন আৰু আচৰণৰ মূল উৎস বা উৎপত্তি স্থান হৈছে তাৰ দেহাটো। মনোবিজ্ঞান অধ্যয়নৰ বেলিকা সেয়েহে আমাৰ দেহটোৰ সাংগঠনিক অৱস্থা আৰু তাৰ প্ৰতিক্ৰিয়াশীল ক্ষমতাসমূহৰ কথা প্ৰথমেই বিবেচনা কৰিব লাগে। গাড়ীখনৰ ইঞ্জিনটো আৰু বডীটোৰ অৱস্থা ভালে থাকিলে চালকে যিকোনো পথতেই চলাবলৈ সাহ কৰিব পাৰে। সেইদৰে আমাৰ দেহযন্ত্ৰ সুগঠিত হ’লে সকলো পৰিৱেশতে সুস্থ প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰিব পৰা হয়। দেহযন্ত্ৰৰ সকলো খুটি-নাটি খৰচি মাৰি অধ্যয়ন কৰাটো চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ বিষয়। শিশুৰ প্ৰতিক্ৰিয়া মন আৰু আচৰণৰ লগত জড়িত বিষয়ৰ অংশ মনোবিজ্ঞানৰ অধ্যয়নৰ অন্তৰ্ভূক্ত। এই অধ্যায়ত শিশুৰ প্ৰতিক্ৰিয়া আৰু আচৰণৰ লগত জড়িত তাৰ ক্ৰিয়া-কলাপৰ দৈহিক দিশটোৰ সম্বন্ধে প্ৰয়োজনীয় আলোচনা আগবঢ়োৱা হৈছে।

শিশুৰ দৈহিক বিকাশ অধ্যয়নৰ প্ৰয়োজনীয়তাঃ

 

শিশুৱে তাৰ দৈহিক আকাৰ-আকৃতি, ক্ষমতা-অক্ষমতা আদি জৈৱিক উত্তৰাধিকাৰ স্বৰূপে মাক-দেউতাকৰ পৰা আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰা বংশানুক্ৰমে আনুপাতিকভাৱে লাভ কৰে। জৈৱিক বংশগতিয়েই হৈছে শিশুৰ ভৱিষ্যতৰ বহুমুখী বিকাশৰ মূলধন স্বৰূপ। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে ব্যক্তিৰ জীৱনে পাতনি মেলে, বিকাশৰ বিভিন্ন শিক্ষা আঁচনি ৰচিত হয়। শিশুৱে সুন্দৰ ভৱিষ্যৎ ৰচনা আৰু পৰিচালনা কৰিবলৈ হ’লে তাৰ জৈৱিক অস্তিত্ব সম্বন্ধে প্ৰথমেই আমি অৱগত হ’ব লাগিব। শিশু বিকাশৰ যিকোনো সাৰ্থক আঁচনি অথবা শিক্ষা-পৰিকল্পনা কৰিবলৈ হ’লে ইয়াৰ প্ৰথমেই বিবেচনাৰ প্ৰয়োজন হয়। শিশুৰ জন্মগত দৈহিক শক্তি আৰু ক্ষমতাবোৰৰ স্বৰূপ কেনে, এই ক্ষমতাবোৰৰ যোগে সি কেনে ধৰণৰ প্ৰতিক্ৰিয়া কৰিব পাৰে, ইয়াৰ কোন কোনবোৰ দিশ দোষযুক্ত হ’ব পাৰে আৰু এই ক্ষেত্ৰত শিশু যতনকাৰীসকলে প্ৰতিকাৰৰ কেনে ভূমিকা গ্ৰহণ কৰিব লাগে আদি কথা মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বিশেষ তাৎপৰ্য্যপূৰ্ণ। উল্লেখযোগ্য শিশুৰ দোষযুক্ত দৈহিক অস্তিত্ব বা ক্ষমতাক আগতীয়াকৈ জানিব পৰা হ’লে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় আৰু শিশুৰ নিম্নমানৰ বিকাশক স্বাভাৱিক অৱস্থালৈ আনিব পৰা যায়। বিশেষকৈ মাতৃসকলে শিশুৰ দৈহিক দিশৰ কিছু কথা সাধাৰণভাৱে জানিব পাৰিলে শিশুৰ প্ৰতি নিজৰ অজ্ঞাতে কৰিব পৰা ক্ষতিসাধন আৰু অবিচাৰ এৰাই চলিব পাৰে। পৰিৱেশৰ প্ৰয়োজনমতে শিশুৰ খাদ্য, পিন্ধা-উৰা আদিৰ প্ৰতি উপযুক্তভাৱে যতন ল’বৰ বাবে, অসুখ-বিসুখ আদিৰ পৰা ৰক্ষা পাবৰ বাবে পৰিৱেশৰ নিয়ন্ত্ৰণ কৰা আৰু শিশুৰ দৈহিক সমাযোজন স্থাপনত সহায় কৰা আদি কাৰ্য্য প্ৰতিগৰাকী মাতৃৰ বাবেই গুৰুত্বপূৰ্ণ। চাইল্ড-ক্ৰাফ্ট বা শিশু-শিল্প আধুনিক যুগত মাতৃসকলৰ বাবে এক আকৰ্ষণীয় বিষয়েই নহয়, ই এক অপৰিহাৰ্য্য বিজ্ঞানো।

দৈহিক বিকাশ বুলিলে কি বুজো ?

 

বিকাশ শব্দটো ইংৰাজীত ‘গ্ৰোথ’ আৰু ‘ডেভেলপমেণ্ট’ এই দুয়োটা শব্দৰেই প্ৰকাশ কৰা হয়। অৱশ্যে এই ইংৰাজী শব্দ দুটা ব্যৱহাৰ কৰোতে বহু সময়ত শিথিলভাৱে প্ৰায় একে অৰ্থতেই প্ৰয়োগ কৰা হয় যদিও ইয়াৰ মাজত অৰ্থৰ উপলব্ধি একে নহয়। অসমীয়া ভাষাত ইয়াৰ প্ৰথমটো শব্দই দৈহিক বৰ্ধন আৰু দ্বিতীয়তো শব্দই বিকাশ অথবা পৰিবৰ্ধনৰ অৰ্থ প্ৰকাশ কৰে। গ্ৰোথ্ অথবা দৈহিক বৰ্ধনে ব্যক্তিৰ দৈহিক পৰিপক্কতা লাভ কৰাৰ অৰ্থহে বিশেষভাৱে সূচায়। আনহাতে, ডেভেলপমেণ্ট দৈহিক বিকাশ তথা পৰিবৰ্ধনে ব্যক্তিৰ দৈহিক বৰ্ধনৰ ওপৰত পৰিৱেশ আৰু শিক্ষা অভিজ্ঞতাই পেলোৱা ব্যাপক পৰিৱৰ্তনৰ প্ৰভাৱো অন্তৰ্ভুক্ত কৰে। চমুকৈ ক’ব পাৰি যে দৈহিক বিকাশৰ যোগেদি ব্যক্তিৰ কেৱল আবয়ৱিক বৃদ্ধিৰ কথাহে মাথোন বুজোৱা নহয়। ইয়াৰ দ্বাৰা ব্যক্তিৰ দৈহিক বৰ্ধনত পৰিৱেশে পেলোৱা সমগ্ৰ প্ৰভাৱকেই বিবেচনা কৰা হয়। বিকাশ শব্দ সেয়েহে ব্যক্তিৰ ওপৰত পৰা পৰিৱেশৰ পৰিৱৰ্তনীয় প্ৰভাৱৰ সন্দৰ্ভতহে এক বিশেষ অৰ্থসূচকভাৱে প্ৰয়োগ কৰা হয়।

আমাৰ এই অধ্যায়ত শিশুৰ দৈহিক বিকাশ ঘাইকৈ দুটা পৰ্য্যায়ত বিভক্ত কৰা হৈছে, যেনে-

  • গৰ্ভকালীন অথবা জন্মপূৰ্ব অৱস্থা আৰু
  • জন্মোত্তৰ অৱস্থা।

শিশুৰ দৈহিক বিকাশৰ এই দুয়োটা অৱস্থাতে সম্পূৰ্ণ পৃথক দুটা পৰিৱেশৰ নিজ নিজ পৰিৱৰ্তনীয় প্ৰভাৱ শিশুৰ ওপৰত পৰে। এই দুয়োটা প্ৰভাৱেই শিশুৰ দৈহিক তথা আবয়ৱিক বৰ্ধনত নিজ নিজ ভাৱে সহায় কৰে। শিশুৰ দৈহিক বৰ্ধনৰো আকৌ বিভিন্ন দিশ আলোচনাৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ইয়াৰ ভিতৰত প্ৰধানকৈ দেহ-কংকাল, স্নায়ুতন্ত্ৰ, ৰক্ত-সঞ্চালন, দেহ গ্ৰন্থি আৰু পৰিপাক যন্ত্ৰৰ ক্ৰিয়া বিশেষভাৱে উল্লেখযোগ্য। এই সমূহৰ যথাসম্ভৱ আলোচনা শিশুৰ দৈহিক বিকাশৰ অন্তৰ্ভুক্ত কৰা হৈছে।

শিশুৰ দৈহিক বিকাশৰ প্ৰধান বৈশিষ্ট্যসমূহঃ

 

দৈহিক বিকাশৰ বিভিন্ন দিশৰ আলোচনাৰ পূৰ্বেই শিশুৰ এই সম্বন্ধে থকা কেইটামান সাধাৰণ বৈশিষ্ট্য প্ৰথমেই মনত স্পষ্ট হোৱা উচিত। ইয়াৰ যোগেদিহে শিশুৰ দৈহিক বিকাশৰ সমগ্ৰ দিশটোৰ স্বৰূপ ভালদৰে নিৰীক্ষণ কৰাটো আমাৰ বাবে সহজ হৈ উঠিব পাৰে। তলত এই সম্বন্ধে কেইটামান সাধাৰণ বিশেষত্ব চমুকৈ উল্লেখ কৰা হৈছে।

  • শিশুৰ দৈহিক বিকাশ বুলিলে তাৰ দৈহিক বৰ্ধনৰ ওপৰত পৰিৱেশৰ পৰিৱৰ্তনীয় প্ৰভাৱৰ কথাকেই বুজোৱা হয়। চমুকৈ ক’ব পাৰি যে শিশুৰ আবয়ৱিক বৃদ্ধি তাৰ পৰিৱেশৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল।
  • বিকাশৰ লগত দুটা প্ৰধান দিশ মৌলিকভাৱে জড়িত থাকে, যেনে- বংশগতি আৰু পৰিৱেশ। বংশগতিয়ে বংশানুক্ৰমে জীৱাণু কোষ আকাৰে শিশুৰ দৈহিক বিকাশৰ সম্ভাৱনীয়তাসমূহ বহন কৰে। মাতৃৰ গৰ্ভধাৰণ কৰা কালৰে পৰা শিশুৰ ওপৰত পৰা সমূহ বহিঃশক্তিৰ প্ৰভাৱেই হৈছে পৰিৱেশ।
  • শিশুৰ দৈহিক বিকাশৰ কালছোৱাত কেতবোৰ জৈৱিক বংশগতি পৰিৱেশৰ যোগেদি সামান্যভাৱে পৰিৱৰ্তনীয় আৰু কেতবোৰ বংশগতি সমূলি পৰিৱৰ্তনীয় নহয়। মন কৰিবলগীয়া যে শিশুৰ নিকৃষ্ট বংশগতি উৎকৃষ্ট শিক্ষা পৰিৱেশৰ যোগেদি সামান্যভাৱে হ’লেও সংশোধন কৰিব পাৰি।
  • প্ৰতিটো শিশুৰ দৈহিক বিকাশৰ গতি আৰু তাৰ সীমাবদ্ধতাৰ ক্ষেত্ৰত একো একোটা স্বকীয় বৈশিষ্ট্য থাকে। সাধাৰণভাৱে মানৱ শিশুৰ বিকাশৰ বিভিন্ন দিশত মিল থকা বাবে বিকাশৰ স্বৰূপ এক প্ৰতিমানৰ (norm) ধাৰণাৰে ব্যাখ্যা কৰা হয়। কিন্তু তথাপিও এই প্ৰসংগত ব্যক্তি-পাৰ্থক্যৰ দিশটোৰ প্ৰতি আমি সদায় সচেতন হ’ব লাগে।
  • শিশুৰ দৈহিক বিকাশৰ গতি সকলো সময়তে সমৰূপত দেখিবলৈ পোৱা নাযায়। বিকাশৰ কোনো পৰ্যায়ত এই গতি দৰ্শনীয়ভাৱে মন্থৰ আৰু আন কোনো পৰ্যায়ত দ্ৰুত গতিৰ হৈ উঠিব পাৰে। ইয়াকে বিকাশৰ চক্ৰীয় ক্ৰম বা বিন্যাস বুলি জনা যায়।
  • গুণাত্মক আৰু পৰিমাণমূলক স্বৰূপে দুটা দিশত শিশুৰ দৈহিক বিকাশ বিবেচনা কৰিব পাৰি। বিকাশৰ লগে লগে কেৱল দৈহিক আকাৰ, আকৃতি, ওজন, উচ্চতা আদিয়ে নহয়, দেহৰ বিভিন্ন অংগ-প্ৰত্যংগসমূহৰ কৰ্মক্ষমতা আৰু ক্ৰিয়াপটুটা আদিও উচ্চমানবিশিষ্ট হৈ আহিবলৈ ধৰে।
  • জন্মৰ প্ৰথম বছৰটোৱেই হৈছে ব্যক্তিৰ সৰ্বাধিক দ্ৰুতভাৱে দৈহিক বিকাশৰ সময়। পৈণতা প্ৰাপ্তিৰ পৰ্য্যায়লৈকে বিকাশৰ গতি অব্যাহত থাকে যদিও প্ৰথম বছৰৰ সমানে পৰৱৰ্তী কালত ইয়াৰ দ্ৰুততা পৰিলক্ষিত নহয়।
  • শিশু কালত ল’ৰা আৰু ছোৱালীৰ দৈহিক বিকাশৰ গতি একে নহয়। এইক্ষেত্ৰত ল’ৰাতকৈ ছোৱালীৰ বিকাশৰ অগ্ৰগতি সচৰাচৰ পৰিলক্ষিত হয়। খোজ কঢ়া, মাত ফুটা, দাঁত ওলোৱা আদিৰ বেলিকা এনে ব্যৱধান সাধাৰণতে আমাৰ চকুত পৰে।
  • দৈহিক বিকাশ হৈছে ব্যক্তিয়ে পৰিৱেশৰ লগত কৰা এক দৈহিক সমাযোজন প্ৰক্ৰিয়া। ইয়াৰ ফলস্বৰূপে শিশুৱে পৰিৱেশৰ বিশেষ একোটা জলবায়ুৰ মাজত থাকি পৰিস্থিতিৰ প্ৰয়োজন মতে একোটা বিশিষ্ট অংগ-সঞ্চালন ক্ষমতা আয়ত্ব কৰিব পাৰে।
  • শিশুৰ দৈহিক বিকাশক এক অবিচ্ছিন্ন একক ঘটনা স্বৰূপেহে বিবেচনা কৰা উচিত। আলোচনাৰ সুবিধাৰ বাবে যদিও ইয়াক বিভিন্ন দিশ আৰু পৰ্যায়ত বিভক্ত কৰা হয় তথাপিও বিকাশৰ সামগ্ৰিক দৃষ্টিৰে নাচালে ইয়াৰ স্বৰূপ ভালদৰে উপলব্ধি কৰিব নোৱাৰি।

জন্মপূৰ্ব বা গৰ্ভকালীন অৱস্থাৰ বিকাশঃ

 

মানৱ শিশুৰ গৰ্ভকালীন অৱস্থাৰ বিষয়ে প্লেটো আৰু এৰিষ্ট’টল আদি পুৰণি গ্ৰীক দাৰ্শনিকসকলেই বৰ্ণনা কৰি গৈছে। মাতৃগৰ্ভত স্থিতি লাভ কৰা ভ্ৰূণত আত্মাই প্ৰৱেশ কৰা বুলি এৰিষ্ট’টলেই মত প্ৰকাশ কৰে। পৰৱৰ্তী কালৰ দাৰ্শনিক আৰু ধৰ্মগুৰু সকলেও এই সম্বন্ধে চিন্তা-চৰ্চা কৰে। অৱশ্যে এনেবোৰ চিন্তা-চৰ্চা ঘাইকৈ অনুমান আৰু ধৰ্মীয় বিশ্বাসৰ ওপৰতেই নিৰ্ভৰশীল আছিল, বিজ্ঞানসন্মতভাৱে নিৰীক্ষণ অথবা পৰীক্ষণৰ ওপৰত ভিত্তি কৰি হোৱা নাছিল। কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত জীৱবিজ্ঞান আৰু ভ্ৰূণ বিজ্ঞান সম্বন্ধীয় জ্ঞানৰ স্ফূৰণ ঘটে। ফলস্বৰূপে অনুমান আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰা পুৰণি ধাৰণাৰ পৰিৱৰ্তন সাধিত হৈছে। কৃত্ৰিম প্ৰজননৰ দ্বাৰা টেষ্টটিউব বেবীৰ জন্ম দিব পৰাটোও মানুহৰ বাবে সম্ভৱ হৈ উঠিছে। এনে অভিজ্ঞতাই বৰ্তমান স্বাভাৱিকতেই মানৱ শিশুৰ গৰ্ভকালীন অৱস্থা তথা ভ্ৰূণ বিজ্ঞানৰ প্ৰতি সাধাৰণ লোকৰ মনোযোগ আকৰ্ষণ কৰি তুলিছে।

শিশুৰ জন্মপূৰ্ব অৱস্থাৰ বিকাশ প্ৰত্যক্ষভাৱে দৰ্শনীয় নহয়। তাৰ উপৰিও মানৱ প্ৰাণৰ উৎপত্তি বৰ্তমানেও এক অতি ৰহস্যপূৰ্ণ বিষয়। জীৱবিজ্ঞানে আজিলৈকে ইয়াৰ সম্পূৰ্ণ ৰহস্য উদ্ঘাটন কৰিবগৈ পৰা নাই। সেইবাবে শিশুৰ গৰ্ভকালীন অৱস্থাৰ সম্বন্ধে মানুহৰ মনত কৌতূহলৰ অন্ত নাই। ইয়াৰ ওপৰতেই শিশুৰ জন্মোত্তৰ কালৰ বিকাশ তথা সমগ্ৰ মানৱ জাতিৰ ভৱিষ্যৎ সম্ভাৱনীয়তাও ঘাইকৈ নিৰ্ভৰ কৰিছে। চমুকৈ ক’বলৈ গ’লে এই কৌতূহল প্ৰকৃতিৰ প্ৰতি মানুহৰ এক বিৰাট প্ৰত্যাহ্বান স্বৰূপ হৈ উঠিছে। সি যি কি নহওক, বৰ্তমান জীৱবিজ্ঞানৰ ন ন তথ্যপাতিয়ে আমাক শিশুৰ গৰ্ভকালীন অৱস্থাৰ বিষয়ে ভালদৰে অৱগত হোৱাত বিশেষ সহায় কৰিছে।

স্ত্ৰী-পুৰুষৰ দৈহিক মিলনৰ যোগে জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰে মাতৃগৰ্ভ সন্তান-সম্ভৱা হৈ উঠে। প্ৰায় ২৮০ দিন গৰ্ভধাৰণ কৰি মাতৃয়ে সন্তানৰ জন্ম দিয়ে। গৰ্ভধাৰণৰ এই সময়ছোৱাত ভিন ভিন পৰ্যায়ৰ মাজেদি ভ্ৰূণৰ দৈহিক পৰিৱৰ্তন আৰু পৰিবৰ্ধন সাধিত হয়। কোনো কোনো বিশেষজ্ঞৰ মতে এই সময়ছোৱাত হোৱা ভ্ৰূণৰ দৈহিক ক্ৰমবিৱৰ্তনৰ যি ইতিহাস তাৰ পুনৰাবৃত্তি ঘটে। এই প্ৰসংগত উল্লেখযোগ্য যে মাতৃগৰ্ভত হোৱা ভ্ৰূণৰ ক্ৰমবিকাশৰ এটা পৰ্য্যায়ত জন্তুৰ দৰে নেজ থকাও দেখিবলৈ পোৱা যায়। গৰ্ভকালীন অৱস্থাৰ বিভিন্ন পৰ্যায়ৰ পৰিৱৰ্তন অনুসৰি ইয়াক সাধাৰণভাৱে তিনিটা ভাগত বিভক্ত কৰা হৈছে, যেনে- (ক) ডিম্বকোষৰ পৰ্য্যায় (খ) ভ্ৰূণৰ প্ৰাথমিক পৰ্য্যায় আৰু (গ) পৰিপুষ্ট ভ্ৰূণৰ পৰ্য্যায়। এই সম্বন্ধে তলত বহলাই আলোচনা কৰা হৈছে।

(ক) ডিম্বকোষৰ পৰ্য্যায়ঃ

পুৰুষৰ শুক্ৰানু স্ত্ৰীৰ জৰায়ুত সঞ্চাৰিত হোৱাৰ পিছত মাতৃগৰ্ভত ডিম্বানুৰ লগ লাগি এটি সাৰুৱা ডিম্বকোষৰ সৃষ্টি হয়। এই জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াকেই মাতৃৰ গৰ্ভধাৰণ কৰা বুলি কোৱা হয় আৰু ইয়ে এটি মানৱ প্ৰাণৰ সূচনা কৰে। এই মুহূৰ্তৰে পৰা দুসপ্তাহ পিছলৈকে হোৱা মাতৃ গৰ্ভৰ বিকাশক সাৰুৱা ডিম্বকোষৰ পৰ্য্যায় বুলি ধৰা হয়।

এই শুক্ৰানু আৰু ডিম্বানু আকাৰত নিচেই সৰু আৰু ইয়াক খালী চকুৰে দেখাটো সম্ভৱ নহয়। অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে ইয়াৰ আকাৰ-আকৃতি আৰু ক্ৰিয়া-কলাপ নিৰীক্ষণ কৰিব পাৰি। শুক্ৰানু দেখাত প্ৰায় লালুকী পোৱালিৰ দৰে দীঘল নেজযুক্ত। ই ডিম্বানুতকৈও আকাৰত সৰু আৰু ই গতি কৰিব পাৰে। এনে গতিশীল ক্ষমতা থকা বাবেই ই পুৰুষৰ অণ্ডকোষ গ্ৰন্থিৰ পৰা নিঃসৃত হৈ মাতৃৰ জৰায়ুত থকা ডিম্বানুৰ লগত মিলিত হ’বগৈ পাৰে। আনহাতে মাতৃগৰ্ভৰ ডিম্বানুৰ এনে গতিশক্তি নাথাকে। ইও আকাৰত নিচেই সৰু, মাত্ৰ এক ইঞ্চিৰ দুশ ভাগৰ এভাগ আৰু দেখাত ঘূৰণীয়া। ইয়াৰ বাহিৰত এটা আৱৰণে আগুৰি থাকে। ডিম্বানুৰ অন্তঃভাগত জীৱন ৰচনা কৰিব পৰা এটা অন্তবীজ বা কেন্দ্ৰ (নিউক্লিয়াছ) নিহিত থাকে। প্ৰতিটো মাহেকীয়া ঋতুস্ৰাৱৰ পিছত মাতৃৰ ডিম্বাশয়ত (অ’ভেৰী) এনে এটা ডিম্বানুৰ সৃষ্টি হয়।

স্ত্ৰী-পুৰুষৰ দৈহিক সংযোগৰ ফলত নিঃসৃত হোৱা পুৰুষৰ অসংখ্য শুক্ৰানুৱে মাতৃগৰ্ভৰ জৰায়ু (ইউটেৰাচ) আৰু ফেল’পিয়ান টিউবলৈ বেগেৰে গতি কৰে। ফেল’পিয়ান টিউবৰ কোনো এঠাইত এটা মাত্ৰ শুক্ৰানুৱে সক্ৰিয় ডিম্বানুৰ লগ লাগিলে তাৰ উপৰিভাগ ভেদ কৰি অন্তঃভাগৰ লগত মিলিত হয়। মন কৰিবলগীয়া যে এটা শুক্ৰানু ডিম্বানুত প্ৰৱেশ কৰাৰ লগে লগে ডিম্বানুৰ উপৰিভাগৰ এনেদৰে পৰিৱৰ্তন হয় যে তাত আন এটা শুক্ৰানু প্ৰৱেশ কৰিব নোৱাৰে। ডিম্বানুত প্ৰৱেশ কৰিব নোৱাৰা আনবোৰ শুক্ৰানুৰ প্ৰায় এদিনৰ ভিতৰত মৃত্যু হয়। অৱশ্যে বিশেষজ্ঞসকলৰ মতে ডিম্বানু আৰু শুক্ৰানুৰ মিলনৰ যোগে মানৱ প্ৰাণৰ সূচনা কৰা এই প্ৰাৰম্ভিক ক্ষণ সঠিকভাৱে নিৰ্ণয় কৰিব পৰাটো অতি কঠিন কাম। সেইবাবে ভ্ৰূণ-বিজ্ঞানত ইয়াৰ সম্ভাৱ্য সময় নিৰ্ধাৰণৰ বিভিন্ন উপায় অৱলম্বন কৰা হয়।

সি যি কি নহওক, গাইগুটীয়াভাৱে ডিম্বানু আৰু শুক্ৰানু বিকাশৰ অযোগ্য হ’লেও মাতৃগৰ্ভত ইয়াৰ মিলন হ’লে ভৱিষ্যৎ সন্তানৰ দেহ-মানসিক বিকাশৰ সকলোবোৰ সম্ভাৱনীয়তাৰেই সৃষ্টি কৰিব পাৰে। এনে বিকাশত পিতৃ আৰু মাতৃয়ে সমান পৰিমাণৰ দৈহিক উপাদানৰ বৰঙণি যোগায়। পিতৃৰ শুক্ৰানুত ২৩টা ক্ৰম’জ’ম অথবা আনুবংশিক গুণসূত্ৰ (ক্ৰম’জ’ম) আৰু মাতৃৰ ডিম্বানুতো সমান পৰিমাণৰ ক্ৰম’জ’ম নিহিত থাকে। সেইবাবে ভৱিষ্যৎ সন্তানে সৰ্বমুঠ ৪৬টা ক্ৰম’জ’ম বিকাশৰ মূলধন স্বৰূপে লাভ কৰে। পিতৃ আৰু মাতৃৰ নিজ নিজ ক্ৰম’জ’মতো আকৌ তেওঁলোকৰ পূৰ্ববংশৰ পিতৃ-মাতৃৰ সমপৰিমাণৰ গুণসূত্ৰৰ প্ৰভাৱ থাকে। ইয়াকে বংশগতি (হেৰিডিটি) বুলি জনা যায়।

মাতৃগৰ্ভত স্থিতি লাভ কৰা এই সাৰুৱা ডিম্বকোষৰ প্ৰথম অৱস্থাত মাতৃৰ লগত কোনো দৈহিক সংযোগ নঘটে। সেইবাবে প্ৰাৰম্ভিক অৱস্থাত মাতৃৰ যোগেদি ই পৰিপুষ্টি আৰু বিকাশ লাভ নকৰে। ডিম্বকোষৰ উপৰিভাগৰ চামনিত যি খাদ্যপ্ৰাণ মজুত থাকে তাক গ্ৰহণ কৰিয়ে সাৰুৱা ডিম্বকোষ বৰ্তি থাকে। ইয়াৰ নিজ অন্তৰ্নিহিত এক বিকাশশীল শক্তিৰ গুণত এই সময়ত ডিম্বকোষৰ দ্ৰুত বৃদ্ধি হয়। ইয়াৰ ফলস্বৰূপে মূল জীৱকোষটো এটাৰ পৰা দুটালৈ, দুটাৰ পৰা চাৰিটালৈ আঠটালৈ এই গতিৰে ক্ৰমে বৃদ্ধি হৈ বহু কোষবিশিষ্ট মানৱ শিশুৰ আকৃতিত পৰিণত হয়গৈ। ইয়াকে ভ্ৰূণ বুলি কোৱা হয়।

গৰ্ভধাৰণ কৰা তিনিৰ পৰা পাঁচ দিনৰ ভিতৰত সাৰুৱা ডিম্বকোষটো ফেল’পিয়ান টিউবৰ পৰা গতি কৰি অৱশেষত মাতৃগৰ্ভৰ জৰায়ুৰ আভ্যন্তৰ ভাগত থকা ডাঠ আৰু কোমল আৱৰণত সোমাই প্ৰয়োজনীয় খাদ্য সংগ্ৰহ কৰি ভ্ৰূণৰ পৰৱৰ্তী বিকাশ হৈ উঠে। এই সময়ৰে পৰাই মাতৃৰ লগত গৰ্ভস্থিত ভ্ৰূণৰ দৈহিক সম্পৰ্ক স্থাপন হ’বলৈ আৰম্ভ কৰে। ভ্ৰূণৰ বহিঃ আৱৰণটো ক্ৰমে নাইকিয়া হৈ আহি তাৰ পৰা প্লেচেণ্টা আৰু মাতৃৰ লগত দৈহিক সংযোগকাৰী নাড়ীত পৰিণত হয়। গৰ্ভধাৰণ কালৰ প্ৰায় দুসপ্তাহৰ ভিতৰত ডিম্বকোষৰ এনেবোৰ বিকাশ সম্ভৱ হৈ উঠে। অৱশ্যে এই সময়লৈকে মাতৃয়ে যে গৰ্ভধাৰণ কৰিছে তাক নজনাকৈয়ে থাকিব পাৰে।

(খ) ভ্ৰূণৰ প্ৰাথমিক পৰ্য্যায়ঃ

গৰ্ভধাৰণৰ দুসপ্তাহ সময় পিছৰ পৰা দুমাহ সময় অতিবাহিত হোৱালৈকে বিকাশৰ এই কালছোৱা ভ্ৰূণৰ প্ৰাথমিক পৰ্য্যায় স্বৰূপে গণ্য কৰিব পাৰি। এই পৰ্যায়ৰ দৈহিক গঠনৰো এক সুকীয়া বৈশিষ্ট্য আছে। এই সময়ছোৱাতে মানৱ শিশুৰ দৈহিক আকাৰ-আকৃতি ধাৰণ কৰি দেহৰ বাহ্য আৰু অভ্যন্তৰ ভাগৰ অংশসমূহ গঢ় দি তোলে।

ভ্ৰূণৰ ক্ৰমবৰ্ধিত কোষসমূহ প্ৰায় অৰ্ধ গোলাকৃতিৰ এক আকাৰত পৰিণত হয়। দেহৰ নিম্ন অংশৰ তুলনাত মূৰৰ অংশৰ দ্ৰুতভাৱে বিকাশ হোৱাটো এই সময়ৰ বিকাশৰ মন কৰিবলগীয়া বৈশিষ্ট্য। যি অংশৰ পৰা মূৰৰ আৰু মগজুৰ সৃষ্টি হয় সেই অংশ দ্ৰুতভাৱে স্ফীত হৈ উঠে আৰু তাৰ পৰা চকু ওলাব লগা অংশ দুটাত সামান্য গাঁতৰ সৃষ্টি হয়। ভ্ৰূণৰ দেহৰ অভ্যন্তৰ ভাগৰো উল্লেখনীয় পৰিৱৰ্তন হয়। প্ৰায় এমাহ সময়ৰ পিছত মস্তিষ্ক, কলিজা হাওঁফাওঁ, পাকস্থলী, যকৃত আদি অন্তঃভাগৰ গুৰুত্বপূৰ্ণ অংশসমূহ গঢ় লৈ উঠিবলৈ ধৰে। এই সময়ৰে পৰা কলিজাৰ স্পন্দনো আৰম্ভ হয়। ক্ৰমবৰ্ধিত ভ্ৰূণৰ দেহৰ পৰা একো একোটা অংশ বাঢ়ি আহি হাত আৰু ভৰিৰ আকাৰ ধাৰণ কৰে। গৰ্ভধাৰণৰ প্ৰায় পঞ্চম সপ্তাহৰ ভিতৰত ভ্ৰূণৰ ৰাজহাড় গঢ় লৈ উঠিবলৈ ধৰে। প্ৰায় ডেৰ মাহৰ পিছত ভ্ৰূণৰ চকু, কাণ আদি গঢ় লৈ উঠি মুখমণ্ডলৰ আকৃতি অধিক স্পষ্ট হৈ আহিবলৈ ধৰে। এই সময়তে ভ্ৰূণৰ নেজৰ দৰে এটা দীঘলীয়া অংশ বাঢ়ি অহা দেখা যায়। অৱশ্যে পৰৱৰ্তী বিকাশৰ কালত এই অংশ নাইকিয়া হয়।

দুমাহৰ পিছত জৰায়ুৰ আৱৰণৰ ওপৰত ইতিপূৰ্বে গঠিত হোৱা প্লেচেণ্টা অধিক বৃদ্ধি পায় আৰু নাড়ী অধিক সক্ৰিয় হৈ উঠে। ভ্ৰূণৰ কেউফালে থকা আৱৰণত পানীৰ বেগৰ দৰে এবিধ জলীয় পদাৰ্থ গোট খায়। ই ভ্ৰূণৰ ৰক্ষণাবেক্ষণ আৰু পুষ্টি সাধনত সহায় কৰে। মাতৃৰ ৰক্ত কণিকাৰ লগত নাড়ীৰ মাজেদি ভ্ৰূণৰ বাবে প্ৰয়োজন হোৱা খাদ্যপ্ৰাণ, পানী আৰু অক্সিজেন বায়ু চলাচল হয় আৰু ভ্ৰূণৰ অপ্ৰয়োজনীয় উপাদানসমূহ বাহিৰলৈ নিৰ্গত হয়। এই সময়ত মাতৃৰ লগত ভ্ৰূণৰ দৈহিক সম্বন্ধ স্থাপিত হয়। অৱশ্যে ভ্ৰূণৰ স্নায়ৱিক ক্ৰিয়া আৰু ৰক্তসঞ্চালন ক্ৰিয়াৰ লগত মাতৃৰ এই দুইবিধ ক্ৰিয়াৰ কোনো প্ৰত্যক্ষ যোগাযোগ নাথাকে। তথাপি প্লেচেণ্টা আৰু নাড়ীৰ যোগেদি ৰক্তসঞ্চালনৰ লগত এক বিশেষ প্ৰক্ৰিয়া গঢ়ি উঠে যাৰ ফলত ভ্ৰূণৰ দ্ৰুত বিকাশ এই সময়ত সম্ভৱ হৈ উঠে।

এনে এটা অৱস্থাত জৰায়ুৰ আকাৰ ক্ৰমে বাঢ়ি যায় আৰু ক্ৰমবৰ্ধিত ভ্ৰূণে মাতৃগৰ্ভত প্ৰায় ওপঙি থকা অৱস্থাত থাকি লৰচৰ কৰিব পৰা হয়। সেইবাবে এই সময়ত ভ্ৰূণে প্ৰয়োজন মতে হাত-ভৰি আদি লৰাব আৰু তল-ওপৰ হ’ব পাৰে। এই পৰ্য্যায়ৰ অন্তত সেয়েহে ভ্ৰূণে প্ৰত্যক্ষ মানৱ শিশুৰ আকাৰ ধাৰণ কৰে আৰু দেহৰ আভ্যন্তৰীণ ক্ৰিয়া-কলাপ স্বতন্ত্ৰভাৱে কৰিব পৰা হয়। ভ্ৰূণৰ এই অৱস্থাকে পৰিপুষ্ট ভ্ৰূণ বুলি কোৱা হয়।

(গ) পৰিপুষ্ট ভ্ৰূণৰ পৰ্য্যায়ঃ

গৰ্ভধাৰণৰ দুমাহৰ পিছৰে পৰা জন্ম মুহূৰ্তলৈকে বিকাশৰ এই সময়ছোৱাক পৰিপুষ্ট ভ্ৰূণৰ পৰ্য্যায় বুলি ধৰা হয়। ইতিপূৰ্বে মানৱ শিশুৰ আকৃতি ধাৰণ কৰা ভ্ৰূণৰ পৰৱৰ্তী দৈহিক বিকাশ এই পৰ্য্যায়ৰ অন্তত সম্পূৰ্ণ হৈ উঠি জন্মৰ মুহূৰ্তত দৈহিক ক্ৰিয়া পৰিচালনা কৰিব পৰা একোটা স্বতন্ত্ৰ আৰু আত্মনিৰ্ভৰশীল গোটত পৰিণত হ’ব পাৰে। এই সময়ত ভ্ৰূণৰ আকাৰ, দৈৰ্ঘ্য আৰু ওজন বৃদ্ধি হোৱাৰ উপৰিও দেহৰ বহিঃ আৰু অন্তঃভাগৰ অংগ-প্ৰত্যংগবোৰৰ গঠন সম্পূৰ্ণ হৈ উঠিবলৈ ধৰে।

মাতৃগৰ্ভত ভ্ৰূণৰ অৱস্থিতি প্ৰায় ধেনুভেৰীয়া অৱস্থাত থাকে যদিও চাৰি মাহৰ পৰা মূৰটো ডিঙিৰ পৰা পোন কৰিব পৰা হয়। এই সময়তে দেহৰ বহিঃ অংশত নখ, চুলি আদি ওলাবলৈ ধৰে, দাঁতৰ আলুৰ ভিতৰ ভাগত দাঁত গঢ় লৈ উঠে। ভ্ৰূণৰ যৌনাংগ স্পষ্ট আকাৰ ধাৰণ কৰি উঠে। পাঁচমাহ সময়ৰে পৰা ভ্ৰূণৰ হৃদস্পন্দন চিকিৎসকসকলে নিৰীক্ষণ কৰিব পাৰে। অৱশ্যে বিশেষজ্ঞসকলৰ মতে গৰ্ভধাৰণৰ তৃতীয় সপ্তাহতে ভ্ৰূণৰ হৃৎপিণ্ডৰ ক্ৰিয়া আৰম্ভ হ’বলৈ ধৰে। মাতৃয়ে পাঁচ মাহত সামান্যভাৱে ভ্ৰূণে হাত-ভৰি লৰোৱা উমান পাব পাৰে। ৫-৬ মাহৰ ভিতৰতে ভ্ৰূণৰ দুৰ্বল ক্ৰন্দনো অনুভৱ কৰিব পৰা হয়। ৬ মাহত ভৰিৰে গোৰ মৰা আৰু হাতৰ কিলাকুটি লৰোৱা স্পষ্টভাৱে অনুভৱ কৰিব পাৰে। এই সময়ত কেতিয়াবা কেতিয়াবা ভ্ৰূণৰ লৰচৰ নাইকিয়া হৈ পৰাও অনুভৱ কৰিব পাৰে। এনে অৱস্থাত ভ্ৰূণে টোপনি যোৱা বুলি বিশেষজ্ঞসকলে ক’ব খোজে। সাত মাহত পৰিপুষ্ট ভ্ৰূণৰ দেহৰ বহিঃ আৰু অন্তঃভাগৰ প্ৰয়োজনীয় বিকাশ প্ৰায় সম্পূৰ্ণ হৈ উঠে। মন কৰিবলগীয়া যে এই সময়ত নিৰ্ধাৰিত জন্মক্ষণৰ পূৰ্বেই অকালতে শিশুৰ জন্ম হ’ব লগা হ’লে তেনে শিশুৰ প্ৰাণৰক্ষা কৰাটো সম্ভৱ হৈ উঠিব পাৰে। পৰিপুষ্ট ভ্ৰূণৰ পৰ্য্যায়ত শিশুৰ স্নায়ৱিক ক্ৰিয়া-শক্তি আৰু সংবেদনাত্মক অনুভূতিৰ ক্ষমতা লাভ কৰাটো বিশেষ উল্লেখযোগ্য। জন্মৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বে অস্ত্ৰোপচাৰ কৰি উলিওৱা শিশুৰ এই সম্বন্ধে প্ৰতিক্ৰিয়া অধ্যয়ন কৰি কিছুমান মূল্যৱান তথ্যপাতি জানিব পৰা হৈছে। এনে শিশুৱে স্বাভাৱিকভাৱে জন্ম হোৱা শিশুৰ দৰে মাকৰ স্তন পান কৰিব নোৱাৰিলেও এই কাৰ্য কৰিব পাৰে। তীব্ৰ শব্দ প্ৰদান কৰিলে এনে শিশুৱে তাৰ প্ৰতিক্ৰিয়া স্বৰূপে দেহৰ জোকাৰণিৰ আৰু ক্ৰন্দন প্ৰকাশ কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কৰা সময় স্বাভাৱিক শিশুতকৈ অধিক হয়। সেইদৰে এনে শিশুৰ লগত কৰা পৰীক্ষাৰ যোগে জানিব পৰা হৈছে যে জন্মৰ দুমাব পূৰ্বেই শিশুৱে পোহৰ আৰু আন্ধাৰৰ প্ৰতি পৃথক প্ৰতিক্ৰিয়া কৰিব পাৰে। গৰ্ভকালীন অৱস্থাত শিশুৱে লাভ কৰা এনেবোৰ সংবেদন অনুভূতিৰ ক্ষমতা মনোবিজ্ঞানৰ ফালৰ পৰা বিশেষ তাৎপৰ্য্যপূৰ্ণ।

পৰিপুষ্ট ভ্ৰূণৰ শেষৰ ৬ মাহ সময় জন্মৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰু ইতিপূৰ্বে গঢ় লৈ উঠা বিভিন্ন অংশ বিশেষৰ পৰিপুষ্টি লাভৰ সময়। মাতৃগৰ্ভত থকা জৰায়ুৰ সীমিত পৰিৱেশৰ পৰা পৃথিৱীৰ বহল পৰিৱেশত দৈহিকভাৱে নিজকে খাপ খুৱাবৰ বাবে এই সময়তে শিশুৱে প্ৰয়োজনীয় প্ৰস্তুতি লাভ কৰি উঠে। শিশুৰ পৃথিৱীত জন্মগ্ৰহণে এনে দৈহিক প্ৰস্তুতিৰ কৃতকাৰ্য্যতা প্ৰমাণ কৰে।

গৰ্ভকালীন শিশুৰ ওপৰত দৈহিক আৰু পৰিৱেশীয় প্ৰভাৱঃ

 

মাতৃৰ গৰ্ভধাৰণ কালছোৱাত ক্ৰমবিকাশশীল ভ্ৰূণৰ ওপৰত কেনেবোৰ প্ৰভাৱ পৰিব পাৰে এই প্ৰশ্ন আমাৰ বাবে স্বাভাৱিকতেই বিশেষ আকৰ্ষণীয়। এই পৰ্য্যায়ৰ সকলো প্ৰভাৱ মাকৰ যোগেদিয়ে শিশুৰ ওপৰত পৰিব পাৰে। এনে প্ৰভাৱক ঘাইকৈ দুটা দিশত ভাগ কৰিব পাৰি, যেনে- (১) মাতৃ ভ্ৰূণৰ ওপৰত পেলোৱা দৈহিক অথবা দেহ-ৰাসায়নিক প্ৰভাৱ আৰু (২) পৰিৱেশৰ অৱস্থাই মাতৃৰ ওপৰত আৰু মাতৃয়ে ভ্ৰূণৰ ওপৰত পেলোৱা মনোবৈজ্ঞানিক প্ৰভাৱসমূহ। অৱশ্যে এই সম্বন্ধীয় সিদ্ধান্তসমূহ বিশেষজ্ঞসকলৰ অধ্যয়ন আৰু মতামতৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল।

গৰ্ভধাৰণৰ কালছোৱাত মাতৃৰ অপুষ্টিসাধন বিকাশশীল ভ্ৰূণৰ বাবে বিশেষ ক্ষতিকাৰক। পুষ্টি সাধনকাৰী খাদ্যৰ উপযুক্ত পৰিমাণৰ অভাৱ হ’লে অথবা মাতৃয়ে প্ৰায়ে উপবাসে থাকিব লগা হ’লে সি গৰ্ভস্থ ভ্ৰূণৰ দৈহিক গঠনত প্ৰতিকূল প্ৰভাৱ পেলায়। এনে অৱস্থাৰ ফলত ভ্ৰূণৰ দেহৰ বিভিন্ন অংগ-প্ৰত্যংগ উপযুক্তভাৱে গঠন হৈ উঠিব নোৱাৰে। বিশেষকৈ মস্তিষ্কৰ বিকাশ বাধাগ্ৰস্ত হৈ পৰাৰ ফলত এনে শিশুৱে জন্মোত্তৰ কালত লিখা-পঢ়া আৰু বৌদ্ধিক ক্ৰিয়া আদিত অনগ্ৰসৰ হৈ পৰে। পুষ্টিকৰ খাদ্যৰ অভাৱে যিদৰে অনিষ্ট কৰে সেইদৰে ধূমপান আৰু মদ্যপান আদি ৰাগীয়াল বস্তুৰ ব্যৱহাৰেও ভ্ৰূণৰ তেনে অনিষ্ট সাধন কৰিব পাৰে। এনে কাৰ্যই ভ্ৰূণৰ হৃৎস্পন্দন, ৰক্তসঞ্চালন আৰু স্নায়ৱিক গঠন আদিত বাধাৰ সৃষ্টি কৰে।

মাতৃৰ দৈহিক স্বাস্থ্যৰ ওপৰত ভ্ৰূণৰ দৈহিক গঠন আৰু বিকাশ প্ৰধানকৈ নিৰ্ভৰ কৰে। মাতৃৰ ৰোগমুক্ত অৱস্থাই সন্তানৰ বিকাশতো অনুকূল প্ৰভাৱ পেলায়। আনহাতে, গৰ্ভৱতী মাতৃয়ে দীৰ্ঘদিনীয়া কিডনীৰ ৰোগ, চিফিলিচ, ডায়েবেটিছ, এনিমিয়া, হৃদৰোগ, ক্ষয়ৰোগ আদিত ভুগিলে সি ভ্ৰূণৰ অনিষ্ট সাধন কৰে। বিশেষকৈ চিফিলিচ ৰোগৰ মাত্ৰা বৃদ্ধি পালে ই ভ্ৰূণৰ প্লেচেণ্টাত ঠাই লৈ সন্তানৰ মৃত্যু আনিবও পাৰে। গৰ্ভকালীন অৱস্থাত মাতৃৰ ৰক্তসঞ্চালন, ৰক্তচাপ আৰু ৰক্তৰ প্ৰয়োজনীয় উপাদান স্বাভাৱিক হোৱাটো মাতৃ আৰু গৰ্ভস্থ সন্তান উভয়ৰ বাবেই অতি প্ৰয়োজন। ইয়াৰ বিজুতি ঘটিলে এনিমিয়া, টক্সিমিয়া আদি নানা ৰোগে মাতৃ আৰু সন্তানক আক্ৰমণ কৰিব পাৰে। এই কথা সাধাৰণভাৱে মন কৰিবলগীয়া যে মাতৃৰ গৰ্ভৱতী অৱস্থাত স্বাভাৱিক অৱস্থাতকৈ অধিকভাৱে দেহ-ৰাসায়নিক প্ৰক্ৰিয়া সংঘটিত হয়। সেইবাবে খাদ্যপ্ৰাণৰ অভাৱত ৰক্ত কণিকাৰ উপাদান কমি গৈ নানাবিধ ৰোগৰ প্ৰভাৱত পৰাটো স্বাভাৱিক।

মাতৃৰ বয়সৰ লগতো ভ্ৰূণৰ দৈহিক গঠন আৰু বিকাশৰ এক সম্বন্ধ আছে। মাতৃৰ বয়স সাধাৰণতে চল্লিশৰ ওচৰ হ’লে ভ্ৰূণৰ দৈহিক গঠন স্বাভাৱিক হৈ উঠিব নোৱাৰে। এনে মাতৃৰ দেহ-ৰাসায়নিক প্ৰক্ৰিয়া অস্বাভাৱিক হৈ পৰিব পাৰে। দেহৰ অন্তঃভাগৰ এণ্ডোক্ৰাইন গ্ৰন্থিয়েদি নিঃসৃত কৰা হৰম’নৰ পৰিমাণ যথেষ্ট হৈ নুঠে আৰু ফলত ভ্ৰূণৰ দৈহিক গঠন মন্থৰ গতিৰ হৈ পৰে। এনে মাতৃৰ শিশু জন্মৰ সময়ত আকাৰত সৰু হয় আৰু জন্মদান ক্ৰিয়া অধিক জটিলতৰ হৈ উঠিব পাৰে।

গৰ্ভস্থ ভ্ৰূণৰ ওপৰত মাতৃৰ মনোবৈজ্ঞানিক প্ৰভাৱ পৰিব পাৰে নে নোৱাৰে এই সম্বন্ধে মতৰ কিছু পাৰ্থক্য থকা দেখা যায়। বৈজ্ঞানিকভাৱে সম্পূৰ্ণ সমৰ্থিত নহ’লেও কোনো কোনোৱে এই কথা বিশ্বাস কৰে যে মাতৃৰ লগত ভ্ৰূণৰ এক মনোবৈজ্ঞানিক সম্বন্ধ আছে আৰু সেইবাবে মাতৃৰ ভাব-চিন্তা আৰু আৱেগ- অনুভূতি আদিয়ে ক্ৰমবিকাশশীল ভ্ৰূণৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। মাতৃ আৰু গৰ্ভস্থ সন্তানৰ মাজত এক ৰহস্যজনকভাৱে স্নায়ৱিক যোগসূত্ৰ থকাৰ কথাও বিশ্বাস কৰা হয়। এনে কাৰণতে গৰ্ভৱতী মাতৃয়ে বীভৎস অথবা তেনে কোনো ভয়াবহ দৃশ্য দেখাটো আৰু তাৰ বিষয়ে ভাব-চিন্তা কৰাটো ক্ষতিকাৰক বুলি কোৱা হয়।

অৱশ্যে বৰ্তমান বিজ্ঞানীসকলে এই ধাৰণা সম্পূৰ্ণ নিৰ্ভৰযোগ্য বুলি নাভাবে। কাৰণ মাতৃ আৰু গৰ্ভস্থ সন্তানৰ দৈহিকভাৱে সংযোগ ৰক্ষা কৰা নাড়ীডালৰ মাজত তেনে কোনো স্নায়ুপথ নাথাকে। সেইবাবে মাতৃৰ লগত সন্তানৰ কোনো স্নায়ু সংযোগ গঢ়ি উঠিব নোৱাৰে আৰু সেয়েহে মাতৃৰ আৱেগ-অনুভূতিৰ প্ৰভাৱ সন্তানে প্ৰত্যক্ষভাৱে পাব পৰাটো সম্ভৱ নহয়। ই এক ভিত্তিহীন অন্ধবিশ্বাস বুলিহে বিশেষজ্ঞসকলে গণ্য কৰে। অৱশ্যে মাতৃয়ে দীৰ্ঘদিন ধৰি মানসিক অশান্তি, উৎকণ্ঠা, উদ্বেগ, ভয়, ক্ৰোধ, দুঃখ আদি ভোগ কৰিলে ইয়াৰ ফলত দেহ-গ্ৰন্থিসমূহৰ ৰাসায়নিক প্ৰক্ৰিয়া অস্বাভাৱিক হৈ উঠিব পাৰে। এনে অস্বাভাৱিকতাই ভ্ৰূণৰ অনিষ্ট সাধন কৰিব পাৰে।

গৰ্ভকালীন অৱস্থাত ল’ব লগা সাৱধানতাঃ

 

গৰ্ভকালীন অৱস্থাত শিশুৰ বাবে ল’ব লগা আদৰ-যত্ন আৰু সাৱধানতা জন্মোত্তৰ কালত লোৱাৰ সমানেই গুৰুত্বপূৰ্ণ। মাতৃগৰ্ভত বিকাশ কালত শিশুৰ দৈহিক বিকাশেই পূৰ্ণ প্ৰাধান্য লাভ কৰে। এই সময়ৰ বিকাশ কালত হোৱা অসাৱধানতা অথবা যিকোনো দোষ-ত্ৰুটি আদিয়ে দৈহিকভাৱে শিশু আৰু মাতৃ দুয়োৰে বিশেষ ক্ষতিসাধন কৰিব পাৰে। সেইবাবে এনে বিকাশত শিশুক দৈহিকভাৱে কৰিব পৰা সহায় আৰু ল’ব লগা সাৱধানতা আদিৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো প্ৰয়োজন।

  • এই প্ৰসংগত প্ৰথমেই উল্লেখযোগ্য হৈছে মাতৃৰ খাদ্য। মাতৃয়ে খোৱা আহাৰৰ পৰাই গৰ্ভস্থ ভ্ৰূণে পৰিপুষ্টি লাভ কৰে। সেইবাবে ভ্ৰূণৰ দৈহিক গঠন আৰু বিকাশৰ বাবে প্ৰয়োজন হোৱা খাদ্যপ্ৰাণ মাতৃয়ে খাবলৈ পাব লাগে। এনে খাদ্যত অধিক প্ৰ’টিন, কেলচিয়াম, আইৰণ আৰু সকলো ধৰণৰ ভিটামিন থাকিব লাগে। কেলচিয়াম আৰু প্ৰ’টিন শিশুৰ দেহ গঠনত সহায় কৰে, আইৰণে ৰক্তকণিকা বৃদ্ধিত সহায় কৰে।
  • গৰ্ভৱতী মাতৃয়ে দৈনন্দিন ক্ৰিয়া-কলাপত সক্ৰিয় অংশগ্ৰহণ কৰি অংগ সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক কৰি ৰখাটো প্ৰয়োজন। তেওঁ কোনো কাৰণতে নিজকে শাৰীৰিকভাৱে অসুস্থ বা অক্ষম বুলি ভাবিব নালাগে। নিজে দৈহিকভাৱে অসুস্থ নোহোৱালৈকে অথবা ক্লান্তি অনুভৱ নকৰালৈকে বিভিন্ন ঘৰুৱা কাম-কাজ নিয়মিতভাৱে কৰিব লাগে। ইয়াৰ উপৰিও মুকলি বতাহ চলাচল কৰা ঠাইত নিয়মিত খোজ কঢ়াটো প্ৰয়োজন। অৱশ্যে গধুৰ বস্তু ডঙা, ওপৰলৈ উঠা-নমা কৰা আদি ক্ৰিয়াৰ পৰা বিৰত থাকিব লাগে।
  • দৈহিক শ্ৰমৰ যিদৰে প্ৰয়োজন সেইদৰে গৰ্ভৱতী মাতৃয়ে আৱশ্যক মতে জিৰণি লোৱাটোও প্ৰয়োজন। বিশেষজ্ঞসকলৰ মতে মাতৃয়ে নিশা ৮ ঘণ্টা সময় ভালদৰে টোপনি যাব লাগে। দিনৰ বেলিকাও যথেষ্ট সময়ৰ বাবে জিৰণি লোৱা উচিত। চাৰি মাহৰ পিছৰ পৰা স্বামী-স্ত্ৰীয়ে সংসৰ্গ ক্ৰিয়াৰ পৰা বিৰত থাকিব লাগে।
  • দূৰ ঠাইলৈ মটৰ গাড়ীৰে ভ্ৰমণ কৰা কাৰ্যসূচী গৰ্ভৱতী মাতৃয়ে পৰিহাৰ কৰা উচিত। কাৰণ ইয়াৰ ফলত মাতৃয়ে অধিক ক্লান্ত অনুভৱ কৰে। গৰ্ভধাৰণৰ ছমাহ সময়ৰ পিছত এনে ভ্ৰমণ বিশেষ অনিষ্টকাৰী। ভ্ৰমণৰ আঁচনি অপৰিহাৰ্য হ’লে ট্ৰেইনেৰে অথবা বিমানেৰে  যোৱাৰ ব্যৱস্থা কৰিব লাগে।
  • ঘৰৰ অৱস্থিতি ওখ ঠাইত হ’লে ই ভ্ৰূণ আৰু মাতৃৰ অনিষ্ট সাধন কৰে। বিশেষকৈ দুই-তিনি মহলা ওপৰত বাসগৃহ হ’লে চিন্তাৰ বিষয় হৈ পৰে। এনে অৱস্থাত দিনে চিৰিয়েদি খোজ কাঢ়ি উঠা-নমা কৰিলে মাতৃয়ে ক্লান্তি অনুভৱ কৰে। সেইবাবে গৰ্ভৱতী অৱস্থাত সম্ভৱ হ’লে ওপৰ মহলাৰ পৰা মাটিৰ মহলালৈ বাসস্থান সলনি কৰিব লাগে।
  • গৰ্ভৱতী মাতৃয়ে দৈনিক স্নান কৰাটো তেওঁৰ দেহ-মনৰ সুস্থতাৰ বাবে বিশেষ প্ৰয়োজন। উল্লেখযোগ্য যে মাতৃৰ নিজৰ দেহৰ দূষিত ৰাসায়নিক পদাৰ্থৰ উপৰিও গৰ্ভস্থ সন্তানৰ মল-মূত্ৰ আদি ঘৰ্মগ্ৰন্থিৰ যোগেদি ছালৰ বাহিৰলৈ ওলাই যায়। ইয়াক দিনে পৰিষ্কাৰ কৰি ৰখাটো মাতৃৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজন।
  • গৰ্ভকালীন অৱস্থাত মাতৃয়ে নিজৰ সুবিধাৰ বাবে স্বাভাৱিক অৱস্থাৰ সাজ-পোচাকতকৈ পৃথক কেতবোৰ সাজ-পোচাক পিন্ধিব লাগে। বিশেষকৈ কঁকাল, বক্ষস্থল আৰু ক্ৰমবৰ্ধিত জৰায়ুৰ অঞ্চলত যাতে টানকৈ লাগি ধৰা কোনো পোচাক পৰিধান কৰা নহয় তালৈ চকু ৰাখিব লাগে। ইয়াৰ উপৰি ওখ জোতা পিন্ধাৰ অভ্যাস এই সময়ছোৱাত ত্যাগ কৰি চলিব লাগে।
  • বিশেষজ্ঞসকলৰ মতে গৰ্ভৱতী মাতৃয়ে অত্যধিক ধূমপান কৰা অভ্যাস ভ্ৰূণৰ বাবে বিশেষ ক্ষতিকাৰক। এনে কাৰ্যই মাতৃ আৰু সন্তান উভয়ৰে স্নায়ৱিক আৰু ৰক্ত-সঞ্চালন ক্ৰিয়াৰ ক্ষতিসাধন কৰিব পাৰে। এনে মাতৃৰ শিশুৱে জন্মৰ পিছতো স্বাভাৱিক দৈহিক বিকাশ লাভ কৰিব নোৱাৰে আৰু লিখা-পঢ়া আদি কাৰ্যত বাধাগ্ৰস্ত হৈ পৰিব পাৰে। ধূমপানৰ দৰে মাতৃৰ মদ্যপান কৰা কাৰ্যও অনিষ্টকাৰী।

জন্মক্ষণৰ অভিজ্ঞতাঃ

 

বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে জন্মই শিশুক মাতৃগৰ্ভৰ সীমিত পৰিৱেশৰ পৰা পৃথিৱীৰ বহল পৰিৱেশলৈ মাথোন স্থানান্তৰিত কৰে। এনে কাৰ্যৰ ফলত মাতৃগৰ্ভত গৰ্ভধাৰণ কালৰ পৰা দ্ৰুত গতিৰে সাধিত হোৱা দৈহিক বিকাশ কিছু সময়লৈ থমকি ৰ’ব লগা হয়। এই স্থানান্তৰকৰণ কালৰ অভিজ্ঞতাও আমাৰ বাবে অভিনৱ। মাতৃৰ গৰ্ভধাৰণৰ সঠিক কাল যিদৰে আমাৰ বাবে ৰহস্যজনক, জন্মগ্ৰহণৰ সঠিক ক্ষণো ঠিক একেদৰেই আমাৰ বাবে ৰহস্যজনক। কি বিশেষ কাৰণত আৰু কোন বিশেষ ক্ষণত এটি শিশুৰ জন্মগ্ৰহণৰ যোগে তাৰ এই দৈহিক স্থানান্তৰকৰণ হয় তাক কোনেও সঠিকভাৱে ক’ব নোৱাৰে। সেয়েহে প্ৰকৃতিয়েই ইয়াৰ একমাত্ৰ নিৰ্ধাৰণকাৰী বুলি মানুহে ভাবিব লগা হৈছে। সি যি কি নহওক, সাধাৰণতে স্বাভাৱিক অৱস্থাত গৰ্ভধাৰণ কালৰ পৰা ২৮০ দিনৰ পিছত শিশুৰ জন্ম হয় যদিও এই সময়সীমাৰ আগেয়ে অথবা পাৰ হৈ যোৱাৰ পিছতো শিশুৰ স্বাভাৱিক জন্ম হ’ব পাৰে। সেই হেতুকে বিশেষজ্ঞসকলৰ বাবে শিশুৰ জন্মৰ নিৰ্ধাৰিত ক্ষণতকৈ জন্মগ্ৰহণ কৰা পদ্ধতি বা প্ৰক্ৰিয়া আৰু ই শিশু আৰু মাতৃৰ ওপৰত পেলাব পৰা প্ৰভাৱহে অধিক বিবেচনাযোগ্য।

মাতৃয়ে প্ৰসৱ-বেদনা অনুভৱ কৰাৰ সময়ৰে পৰা জন্মদান ক্ৰিয়া শেষ হোৱালৈকে এই অভিজ্ঞতাখিনিক তিনিটা পৰ্যায়ত ভাগ কৰা হয়। প্ৰথম পৰ্যায়ত জৰায়ুৰ আৱৰণৰ পেশীসমূহ স্ফীত আৰু সংকোচিত হৈ নিম্নভাগৰ বহিঃপথ (চাৰ্ভিক্স) ক্ৰমবৰ্ধিত হৈ আহে। ইয়াৰ ফলত জন্ম প্ৰস্তুতি লাভ কৰা ভ্ৰূণে জৰায়ুৰ পৰা ক্ৰমে বহিষ্কৃত হৈ মাতৃৰ জন্মনলীত উপনীত হ’ব পাৰে। দ্বিতীয় পৰ্যায়ত শিশুৱে জন্মনলীৰ মাজেদি গতি কৰি যোনিপথেদি বহিষ্কৃত হৈ পৰে, যাক জন্ম লাভ কৰা বুলি কোৱা হয়। তৃতীয় পৰ্যায়ত জন্মৰ অৱশেষ স্বৰূপে জৰায়ুৰ লগত সংযুক্ত প্লেচেণ্টা আৰু ভ্ৰূণৰ আৱৰণ বহিষ্কৃত হয়।

এই তিনিওটা পৰ্যায়ৰ সময়ৰ ব্যৱধানো ভিন ভিন হয়। প্ৰথম পৰ্যাৰ সময়ৰ ব্যৱধানেই আপেক্ষিকভাৱে অধিক। প্ৰায় ১২ ঘণ্টাৰ পৰা ২০ ঘণ্টা জুৰি এই পৰ্যায়ৰ স্থিতিকাল হ’ব পাৰে। দ্বিতীয় পৰ্যায়ৰ সময় যথেষ্ট কম, প্ৰায় এঘণ্টা আৰু চাৰি ঘণ্টাৰ ভিতৰত। মাতৃয়ে প্ৰথম সন্তান জন্ম দিয়াৰ বেলিকা সাধাৰণতে প্ৰসৱ বেদনাৰ কাল দীঘলীয়া হয়। অৱশ্যে দ্বিতীয় বা তৃতীয় সন্তানৰ বেলিকা যে সময়ৰ পৰিমাণ নিশ্চিতভাৱে কমি যাব তাক নিশ্চয়কৈ কোৱা টান। এই গোটেই পৰিস্থিতিটোৱেই প্ৰকৃতিৰ দ্বাৰাহে সাধাৰণভাৱে নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়।

মাতৃৰ সাধাৰণ স্বাস্থ্য, জৰায়ুত শিশুৰ অৱস্থিতি, শিশুৰ দৈহিক আকাৰ আৰু জৰায়ুৰ বহিঃপথ (চাৰ্ভিক্স), জন্মনলী আৰু যোনিপথৰ সম্প্ৰসাৰণ ক্ষমতাৰ ওপৰত জন্মদানৰ স্বাভাৱিকতা অথবা জটিলতা ঘাইকৈ নিৰ্ভৰ কৰে। জন্মক্ষণত জৰায়ুৰ ভিতৰত শিশুৰ অৱস্থিতি তিনি ধৰণৰ হ’ব পাৰে। ইয়াৰ ফলত সাধাৰণতে তলমূৰকৈ থাকি শিশুৰ মূৰটো প্ৰথমেই ওলায়। কোনো কোনো সময়ত ভৰি দুখন আৰু কেতিয়াবা কঁকাল প্ৰথমে ওলোৱাটোও সম্ভৱ হ’ব পাৰে। এনে অৱস্থা মাতৃ আৰু সন্তানৰ বাবে সম্পূৰ্ণ বিপদমুক্ত নহয়। মাতৃৰ যোনিপথ, জন্মনলী আৰু জৰায়ুৰ বহিঃপথ আকাৰত অস্বাভাৱিক ধৰণে সৰু হ’লে আৰু পেশী সম্প্ৰসাৰণৰ যোগে সন্তানক বহিষ্কাৰ কৰিব নোৱাৰিলে জটিলতাৰ সৃষ্টি হয়। ফলত চিকিৎসকে চিজাৰিয়ান অস্ত্ৰোপচাৰৰ সহায় ল’ব লাগে। ইয়াৰ দ্বাৰা মাতৃৰ তলপেট আৰু জৰায়ু কাটি গৰ্ভস্থ সন্তান বাহিৰলৈ উলিয়াব লগা হয়। ই এক জটিল আৰু কৃত্ৰিম জন্মগ্ৰহণ কাৰ্য।

জন্মগ্ৰহণৰ পৰিস্থিতিয়ে মাতৃ আৰু শিশুৰ ওপৰত পেলোৱা মনোবৈজ্ঞানিক প্ৰভাৱো মন কৰিবলগীয়া। মাতৃয়ে প্ৰসৱ বেদনা আৰু এই সম্বন্ধীয় গোটেই পৰিস্থিতিটো মনত সহজভাৱে ল’ব পাৰিলে ইয়াৰ এটা অনুকূল প্ৰভাৱ প্ৰসৱদানৰ কালত পৰিব পাৰে। আনহাতে এই সম্বন্ধে অহেতুক ভয় আৰু পীড়িত হ’লে মাতৃগৰ্ভৰ স্নায়ু আৰু পেশীসমূহ উত্তেজিত হয়। ইয়াৰ ফলত বেদনা তীব্ৰতৰ হ’ব পাৰে আৰু প্ৰসৱকাল বৃদ্ধি পাব পাৰে। সন্তানৰ বাবেও জন্মক্ষণৰ অভিজ্ঞতাক এক অভূতপূৰ্ব আৱেগিক উত্তেজনাৰ আলোড়ন আৰু স্নায়ৱিকভাৱে প্ৰচণ্ড আঘাত স্বৰূপে বৰ্ণনা কৰিব পাৰি। এই আঘাতে শিশুৰ মনত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে তাক জনাৰ তেনে কোনো সহজ উপায় নাই। কিন্তু জন্মক্ষণৰ অভূতপূৰ্ব অভিজ্ঞতাই শিশুৰ নিচেই চালুকীয়া অৱস্থাৰ আনুভূতিক গাঠনিত যি এক বিপৰ্যয়ৰ সৃষ্টি কৰে তাৰ প্ৰতিফলন তাৰ দৈহিক পৰিৱৰ্তনত লক্ষ্য কৰিব পাৰি। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাস, নাড়ী স্পন্দন আদিৰ গতি এই সময়ত দ্ৰুতভাৱে বৃদ্ধি পায়। ইয়াৰ উপৰি এই কথা লক্ষ্য কৰা হৈছে স্বাভাৱিক আৰু স্বতঃস্ফূৰ্তভাৱে জন্ম হোৱা শিশুৱে জন্মোত্তৰ কালৰ পৰিৱেশৰ লগত সহজে আৰু দ্ৰুতভাৱে নিজক খাপ খুৱাই ল’ব পাৰে। আনহাতে যন্ত্ৰ বা অস্ত্ৰৰ সহায়েৰে এক জটিল পৰিস্থিতিত জন্ম হোৱা শিশুৱে তেনেদৰে খাপ খুৱাই ল’ব নোৱাৰে। এনেবিধ শিশুৰ প্ৰতিক্ৰিয়াও স্বাভাৱিকভাৱে জন্ম হোৱা শিশুতকৈ কিছু দুৰ্বল হোৱা আৰু মস্তিষ্ক ক্ৰিয়া কিছু অস্বাভাৱিক হোৱাও দেখা যায়। উল্লেখযোগ্য যে জন্মৰ সময়ত যন্ত্ৰ প্ৰয়োগ অথবা আন কাৰণত শিশুৱে মস্তিষ্কত আঘাত পোৱাটো একো অসম্ভৱ নহয়। কিন্তু এনে আঘাতৰ ফল শিশুৰ বাবে বিশেষ অনিষ্টকাৰী হৈ উঠিব পাৰে। বিশেষজ্ঞসকলে লক্ষ্য কৰে যে এক বুজন সংখ্যক শিশুৰ জন্মক্ষণৰ এনে মস্তিষ্ক আঘাতৰ ফলত হীন বুদ্ধিৰ শিশুত পৰিণত হয়গৈ।

জন্মোত্তৰ অৱস্থাৰ বিকাশঃ

 

শিশুৰ জন্মোত্তৰ অৱস্থাৰ সম্বন্ধে বৰ্তমান শিশু-মনোবিজ্ঞানত বিস্তৃত অধ্যয়ন হৈছে। এনে অধ্যয়ন কেৱল বিশেষজ্ঞসকলৰ বাবেই নহয়, সৰ্বসাধাৰণ লোকৰ বাবেও সমানে আকৰ্ষণীয়। জন্মোত্তৰ কালৰ শিশু বিকাশক তাৰ বৈশিষ্ট্য অনুযায়ী তিনিটা পৰ্যায়ত বিভক্ত কৰা হৈছে, যেনে- (১) সদ্যোজাত, (২) নৱজাত আৰু (৩) ইয়াৰ পিছৰ অৱস্থা।

সদ্যোজাত শিশুঃ

 

জন্ম মুহূৰ্তৰ পৰা মাতৃৰ লগত থকা শিশুৰ নাড়ী সংযোগ বিচ্ছিন্ন কৰাৰ আগমুহূৰ্তলৈকে নিচেই আগলি সময়ছোৱাক সদ্যোজাত শিশু বুলি কোৱা হয়। এই সময়ছোৱাৰ দৈৰ্ঘ মাথোন পোন্ধৰ মিনিট অথবা আধাঘণ্টা বুলিহে ধৰা হয়। কিন্তু তথাপিও দৈহিক দৃষ্টিকোণৰ পৰা এই পৰ্যায়টোৰ এক নিজস্ব বৈশিষ্ট্য আছে। এই সময়তেই শিশুৱে পৃথিৱীৰ নতুন পৰিৱেশত ক্ৰন্দনৰ যোগে প্ৰথম প্ৰতিক্ৰিয়া কৰিব পাৰে। স্বাধীনভাৱে কৰা শ্বাস-প্ৰশ্বাসৰ প্ৰথম প্ৰতিশ্ৰুতি শিশুৰ এই প্ৰথম ক্ৰন্দনে বহন কৰি আনে। মাতৃগৰ্ভত থকা কালত জৰায়ুৰ যি উত্তাপ তাতকৈ পৃথিৱীৰ পৰিৱেশৰ উত্তাপ কিছু কম হয়। সেইবাবে সদ্যোজাত শিশুৱে দেহৰ উত্তাপ কিছু পৰিমাণে হেৰুৱাব লগা হয় আৰু পৰিৱেশৰ এই উত্তাপৰ তাৰতম্যৰ সন্মুখীন হ’ব লগা হয়। অৱশ্যে এই পৰ্যায়ত মাতৃৰ লগত শিশুৰ নাড়ী সংযোগ থকা বাবে দৈহিকভাৱে সি পৰনিৰ্ভৰশীল হৈয়ে থাকে। পৰিৱেশৰ পৃথক অভিজ্ঞতা আকস্মিকভাৱে লাভ কৰে যদিও তাৰ লগত নিজকে খাপ খুৱাব পৰা অৱস্থা হৈ নুঠে। নতুন পৰিৱেশত খাপ খুৱাব নোৱাৰি অস্বস্তি অনুভৱ কৰা অৱস্থা এটা এই সময়ত শিশুৰ প্ৰতিক্ৰিয়াত লক্ষ্য কৰিব পাৰি।

নৱজাত শিশুঃ

 

জন্মৰ পিছত নাড়ী সংযোগ বিচ্ছিন্ন কৰাৰ পিছ মুহূৰ্তৰ পৰা প্ৰায় দুসপ্তাহ বা পোন্ধৰ দিনলৈকে সাধাৰণতে এই পৰ্যায়ৰ সময়সীমা ধৰা হয়। কোনো কোনোৱে তিনিমাহলৈকেও শিশুক এই নৱজাত পৰ্যায়ত ধৰিব খোজে। অৱশ্যে সময়সীমাৰ এক নিৰ্ধাৰিত মানদণ্ডেৰে নৱজাত শিশুৰ বৈশিষ্ট্য স্পষ্টভাৱে প্ৰকাশ কৰিব নোৱাৰি। মাতৃগৰ্ভৰ পৰা ওলাই আহি পৃথিৱীৰ পৰিৱেশত স্থিতি লাভ কৰা শিশুৱে নিজকে দৈহিকভাৱে পৃথক অস্তিত্ব স্বৰূপে প্ৰতিপন্ন কৰা আৰু স্বাধীনভাৱে নিজকে দৈহিক পৰিৱেশৰ লগত খাপ খুৱাই ল’ব পৰা অৱস্থা এটা পাওঁতে লগা সময়খিনিকেই নৱজাত শিশুৰ পৰ্যায় বুলি ধৰিব পাৰি। ই শিশুৰ দৈহিক বিকাশৰ নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ পৰ্যায়।

নৱজাত শিশুৰ অভিজ্ঞতাসমূহঃ

 

  • দৈহিক সমাযোজনঃ এই পৰ্যায়ৰ প্ৰধান বৈশিষ্ট্য হৈছে শিশুৱে তৎকালীন দৈহিক পৰিৱেশৰ লগত আৱশ্যকীয় সমাযোজন স্থাপন কৰা আৰু জন্মৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা দৈহিক বিকাশৰ গতি পুনৰ স্বাভাৱিক অৱস্থালৈ ফিৰাই আনিবলৈ সক্ষম হোৱা। উল্লেখযোগ্য যে জন্মৰ পিছত নতুন পৰিৱেশৰ সৈতে শিশুৱে দৈহিক সম্বন্ধ স্থাপন কৰিবলৈ বেচ কিছু কষ্ট কৰিব লাগে। এই ক্ষেত্ৰত প্ৰথম অৱস্থাত সি কিছু অস্বস্তিকৰ অৱস্থাৰ সন্মুখীন হ’ব লাগে। টোপনিৰ পৰা হঠাৎ উচপ খাই সাৰ পাই উঠা, সাময়িকভাৱে শ্বাসৰুদ্ধ হোৱাৰ অৱস্থাই দেখা দিয়া, অস্বাভাৱিক দ্ৰুততাৰে শ্বাস-প্ৰশ্বাস লোৱা, হাঁচিওৱা, অন্ধকাৰ অৱস্থাত কান্দি উঠা আদি আচৰণ এনে অৱস্থাৰেই প্ৰতিফলন বুলিব পাৰি।
  • শ্বাস-প্ৰশ্বাস ক্ৰিয়াঃ জন্মৰ পিছত নৱজাত শিশুৰ শ্বাস-প্ৰশ্বাস, ৰক্তসঞ্চালন আৰু নাড়ী স্পন্দন আদি দেহযন্ত্ৰৰ ক্ৰিয়া স্বাধীনভাৱে কৰিবলৈ ধৰে। অৱশ্যে মাতৃগৰ্ভত থকা কালতেই যান্ত্ৰিকভাৱে এনেবোৰ ক্ৰিয়া-কলাপৰ সূত্ৰপাত হয়। টোপনিৰ সময়ত শ্বাসক্ৰিয়াৰ মাত্ৰা ৩০ বাৰকৈ আৰু কান্দোনৰ সময়ত ইয়াৰ মাত্ৰা ১০০তকৈও অধিক হয়। হৃৎপিণ্ডৰ স্পন্দন হয় মিনিটত প্ৰায় ১৩০। অৱশ্যে শিশুৰ প্ৰথম দুটা বছৰত ইয়াৰ মাত্ৰা যথেষ্টভাৱে হ্ৰাস পায়। নৱজাত শিশুৰ ৰক্তচাপ বয়সস্থ সকলতকৈ যথেষ্ট কম থাকে। কিন্তু বয়সৰ লগে লগে ইয়াৰ মাত্ৰা বৃদ্ধি পায়। প্ৰাপ্তবয়স্ক এজনৰ ৰক্তচাপ শিশুৰ ৰক্তচাপৰ মাত্ৰাৰ দুগুণত পৰিণত হয়। নাড়ী স্পন্দনৰ মাত্ৰাও পৰিস্থিতি অনুযায়ী পৃথক হয়। শিশুৰ সাধাৰণ অৱস্থাত ইয়াৰ মাত্ৰা থাকে মিনিটত প্ৰায় ১২০।
  • পৰিপাক যন্ত্ৰৰ ক্ৰিয়াঃ মাতৃগৰ্ভত শিশুৱে খাদ্য আৰু পুষ্টি সাধনৰ বাবে মাতৃৰ ৰক্ত সঞ্চালনৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু জন্মৰ পিছত এই দৈহিক সংযোগ বিচ্ছিন্ন হৈ যোৱাৰ ফলত নৱজাত শিশুৱে নিজৰ পাকস্থলীৰ পৰিপাক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। খাদ্যৰ অভাৱত শিশুৰ পাকস্থলীৰ মাংসপেশী সংকুচিত হয় আৰু সি ক্ৰমে ক্ষুধা অনুভৱ কৰিবলৈ ধৰে। সুস্থ আৰু স্বাভাৱিক শিশুৱে জন্মৰ দুই এদিনতে মাকৰ পিয়াহ খাব পাৰে। অৱশ্যে প্ৰথম অৱস্থাত সি এনে কাৰ্য সম্বন্ধে সম্পূৰ্ণ অনভিজ্ঞ আৰু সেয়ে স্তনপান ক্ৰিয়া হয় অত্যন্ত দুৰ্বল আৰু ক্ষন্তেকীয়া। মাতৃদুগ্ধই হৈছে এই সময়ত শিশুৱে সহজে গ্ৰহণ কৰিব পৰা আৰু সম্পূৰ্ণ খাদ্যপ্ৰাণযুক্ত একমাত্ৰ খাদ্য। শিশুৰ ক্ষুধা ক্ৰমে বাঢ়িবলৈ ধৰে আৰু সেইবাবে দিনটোত প্ৰায় চাৰি-পাঁচবাৰ জুলীয়া বস্তুৰ খাদ্য প্ৰদানৰ প্ৰয়োজন হয়।
  • অপসৰণ ক্ৰিয়াঃ মাতৃগৰ্ভত থকা কালত শিশুৱে দেহৰ প্ৰয়োজনীয় পদাৰ্থ, যেনে- মল-মূত্ৰ আদি মাতৃৰ লগত থকা নাড়ী সংযোগৰ যোগেদি বাহিৰলৈ অপসৰণ কৰে, কিন্তু জন্মোত্তৰ কালত নাড়ী সংযোগ বিচ্ছিন্ন হোৱাত এই কাৰ্যই স্বতন্ত্ৰ ৰূপ গ্ৰহণ কৰে। জন্মৰ কেইঘণ্টামানৰ পিছত শিশুৱে মল-মূত্ৰ ত্যাগ কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ সঘনে প্ৰস্ৰাৱ কৰা কাৰ্য সহজে আমাৰ চকুত পৰে। বিশেষজ্ঞসকলৰ মতে শিশুৱে ২৪ ঘণ্টাৰ ভিতৰত চাৰি-পাঁচবাৰ মলত্যাগ কৰিব আৰু প্ৰায় ১৮-১৯ বাৰ প্ৰস্ৰাৱ কৰিব পাৰে।
  • ক্ষৰণ ক্ৰিয়াঃ জন্মৰ পিছত শিশুৰ দেহৰ বিভিন্ন অঞ্চলত থকা সনালী আৰু অনালী গ্ৰন্থিসমূহ (গ্লেণ্ড) সক্ৰিয় হৈ উঠিবলৈ ধৰে। ইয়াৰ ফলস্বৰূপে দেহ-ৰাসায়নিক প্ৰক্ৰিয়াৰে ৰস নিঃসৃত কৰি দৈহিক ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু দেহ বৰ্ধনত আভ্যন্তৰীণভাৱে সহায় কৰে। নৱজাত শিশুৰ প্ৰথম অৱস্থাত তাৰ লালটি আৰু চকুপানী ওলোৱা ধৰিব নোৱাৰি। কিন্তু এটা সময়ত তাৰ লালটি ওলোৱাৰ মাত্ৰা সৰ্বাধিক হয়। লালটিৰ উপৰিও ঘাম ওলোৱা দেখা যায়। উল্লেখযোগ্য যে জন্মৰ প্ৰায় ৩-৪ দিনৰ পিছত ল’ৰা আৰু ছোৱালী উভয়ৰে দুগ্ধ গ্ৰন্থিৰ পৰা দুগ্ধৰ দৰে এবিধ ৰাসায়নিক পদাৰ্থ ওলাই আহে। দেহৰ অভ্যন্তৰ ভাগৰ অনালী গ্ৰন্থিসমূহেও ৰস নিঃসৰণ যোগে শিশুৰ দেহ বৰ্ধন কৰি তোলে। এই সম্বন্ধে পাছলৈ বহলাই আলোচনা কৰা হৈছে।
  • প্ৰতিৱৰ্ত ক্ৰিয়াঃ নৱজাত শিশুৱে কৰা দৈহিক ক্ৰিয়া-প্ৰতিক্ৰিয়া আদিৰ মানসিক অৰ্থ বা ব্যাখ্যা প্ৰদান কৰিব নোৱাৰি। বিশেষজ্ঞসকলে শিশুৰ এনেবোৰ দৈহিক আচৰণক প্ৰতিৱৰ্ত ক্ৰিয়া বুলি বৰ্ণনা কৰিছে। টোপনিত হঁহা-কন্দা, হাত-ভৰি লৰোৱা, গা জিকাৰ খোৱা আদি ক্ৰিয়াসমূহ শিশুৰ মস্তিষ্কৰ দ্বাৰা পৰিচালিত নহয়। এই সমূহত তাৰ মনৰ আৱেগ-অনুভূতিৰো কোনো প্ৰভাৱ নপৰে। উল্লেখযোগ্য যে চালুকীয়া শিশুৱে শুই থকা ঠাইডোখৰ টুকুৰিয়াই দিলে অথবা কোনো ধৰণৰ শব্দ কৰিলে সি হঠাৎ হাত-ভৰি লৰাই উঠে আৰু হাত দুখন সমুখলৈ মেলি দিয়ে। নৱজাত শিশুৰ এনে প্ৰতিক্ৰিয়াক ম’ৰো-প্ৰতিৱৰ্ত (ম’ৰো ৰিফ্লেক্স) বুলি জনা যায়। এনেবোৰ দৈহিক প্ৰতিক্ৰিয়া প্ৰায় চাৰি মাহৰ পিছৰ পৰাহে নাইকিয়া হয়।
  • সংবেদনাত্মক ক্ৰিয়াঃ মাতৃগৰ্ভত থকা কালতে শিশুৰ স্নায়ৱিক গঠন আৰু তাৰ সক্ৰিয়তা লাভ হয় যদিও জন্মৰ পিছৰ পৰাহে সি বহিঃজগতৰ বিবিধ ইন্দ্ৰিয় অনুভূতি লাভ কৰি উঠিব পাৰে। ফলস্বৰূপে তাৰ জ্ঞানেন্দ্ৰিয়সমূহ পৰিৱেশৰ ভিন ভিন উদ্দীপকৰ প্ৰতি সক্ৰিয় আৰু অনুভূতিশীল হৈ উঠিবলৈ ধৰে। পোহৰ অথবা অন্ধকাৰৰ প্ৰতি দৰ্শনীয়ভাৱে প্ৰতিক্ৰিয়া কৰিব পাৰে। উজ্জ্বল পোহৰ চকুত লাগিলে চকুৰ পতা বন্ধ কৰে, তীব্ৰ শব্দ শুনিলে টোপনিৰ পৰা সাৰ পাই হাত-ভৰি লৰাই উঠে। তিনি সপ্তাহমানৰ পিছৰ পৰা কোনো গতিশীল বস্তুৰ প্ৰতি দৃষ্টি অনুসৰণ কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে নৱজাত শিশুৱে দেহৰ নিম্ন অংশতকৈ উচ্চ অংশত অধিক স্পৰ্শ আৰু পীড়া সংবেদন (পেইন ছেনছেছন) অনুভৱ কৰে।
  • আৱেগিক ক্ৰিয়াঃ ইন্দ্ৰিয়সমূহৰ ক্ৰিয়া-অভিজ্ঞতাই স্বাভাৱিকতেই নৱজাত শিশুৰ অনুভূতি আৰু দৈহিক উত্তেজনা জগাই তোলে। শিশুৰ মৌলিক আৱেগিক অভিজ্ঞতা সম্বন্ধে বিশেষজ্ঞসকলৰ মাজত মত-পাৰ্থক্য থাকিলেও এই কথা ক’ব পাৰি যে অৱস্থা আৰু পৰিস্থিতি সাপেক্ষে সংবেদনৰ অভিজ্ঞতাই নৱজাত শিশুৰ অনুভূতি, দৈহিক শিহৰণ অথবা উত্তেজনাৰ সৃষ্টি কৰে। এই উত্তেজনা ভয়, ক্ৰোধ আৰু ভালপোৱাৰ ভিন্ন আৱেগিক অভিজ্ঞতা আৰু আচৰণত পৰিণত হয়। নৱজাত অৱস্থাৰ শেষৰ ফালে শিশু আচৰণৰ আৱেগিক আৰু আনুভূতিক প্ৰতিক্ৰিয়া ক্ৰমে স্পষ্ট হৈ উঠিবলৈ ধৰে। বিছনাত পৰি থাকোতে পোৱা বিৰক্তি কান্দোনত প্ৰকাশ পায়, কোনোবাই ডাঙি ধৰিলে কান্দোন বন্ধ হয়। এই দুই অৱস্থাৰ আৱেগিক পৰিৱৰ্তন শিশুৰ মুখমণ্ডলত ধৰিব পাৰি।

জন্মোত্তৰ কালৰ দৈহিক বৰ্ধনঃ

 

শিশুৰ দৈহিক বৰ্ধন বুলিলে তাৰ দেহৰ বিভিন্ন অংগ-প্ৰত্যংগ আৰু দেহ-কংকালৰ আবয়ৱিক বৃদ্ধিৰ কথাকেই আমি বিশেষভাৱে বুজো। এইক্ষেত্ৰত শিশুৰ দেহৰ আকাৰ-আকৃতি, উচ্চতা, ওজন, দেহ-কংকালৰ অস্থি, দাঁত, মস্তক, হাত-ভৰি আদি বৰ্ধন আৰু বিকাশ সাধন ইয়াৰ অন্তৰ্ভূক্ত। অৱশ্যে এই বিভিন্ন অংশৰ পৃথক বিৱেচনাৰ পূৰ্বেই মানৱ শিশুৰ দৈহিক বৰ্ধনৰ কেতবোৰ সাধাৰণ বৈশিষ্ট্য আমি লক্ষ্য কৰা উচিত।

প্ৰথমেই উল্লেখযোগ্য যে আমাৰ দেহৰ সকলো অংশ একে সময়তে সমানভাৱে আৰু সকলো দিশতে বিকাশ সাধন হৈ নুঠে। দেহৰ প্ৰতিটো অংশৰ বৰ্ধন আৰু বিকাশৰ একোটা নিজস্ব গতি পদ্ধতি আৰু সময় থাকে। সেইবাবে দেহৰ এই বিভিন্ন অংশৰ বিকাশৰ সম্বন্ধে বিবেচনাও পৃথকভাৱে কৰিব লাগে।

দ্বিতীয়তে মন কৰিবলগীয়া যে দৈহিক বিকাশৰ একো একোটা বিকাশ কেন্দ্ৰ (গ্ৰোথ চেণ্টাৰ) থাকে যাৰ সৰ্বাধিক বিকাশৰো একোটা নিৰ্দিষ্ট সময় থাকে। উদাহৰণস্বৰূপে মস্তক অঞ্চলৰ বিকাশৰ গতি আৰু ইয়াৰ প্ৰকৃতি দেহৰ অন্যান্য অঞ্চলতকৈ পৃথক হয়।

তৃতীয়তে দৈহিক বৰ্ধন আৰু বিকাশক বিশেষজ্ঞসকলে শিৰপদাভিমুখ বিকাশ স্বৰূপে বৰ্ণনা কৰে। অৰ্থাৎ দৈহিক বিকাশ শিৰ বা মস্তক অঞ্চলৰ পৰা প্ৰথমে আৰম্ভ হৈ পাদ অঞ্চলত সম্পূৰ্ণ হয়গৈ। এনে বিকাশ গৰ্ভকালীন আৰু জন্মোত্তৰ এই দুয়ো পৰ্যায়তে সংঘটিত হয়। সচৰাচৰ দেখা যায় যে শিশুৰ মূৰটো, মুখমণ্ডলৰ গঠন আৰু তাৰ পৰিৱৰ্তন দেহৰ নিম্ন অংশৰ তুলনাত আগেয়ে সংগটিত হয়। দেহৰ নিম্ন অংশৰ পৰিৱৰ্তন আৰু বিকাশ কৈশোৰ কাললৈকে অব্যাহত থাকে।

চতুৰ্থতে ক’ব পাৰি যে শিশুৰ দৈহিক বৰ্ধনৰ স্বৰূপ তাৰ বংশগত আৰু জাতিগত বৈশিষ্ট্যসমূহৰ দ্বাৰাও প্ৰভাৱিত হয়। শিশুৱে মাক-দেউতাকৰ পৰা লাভ কৰা বংশগতি আৰু তাৰ গুণগত অৱস্থাইহে দৈহিক গঠন আৰু বৰ্ধনৰ সকলো সম্ভাৱনীয়তা বহন কৰে।

অৱশেষত উল্লেখযোগ্য যে শিশুৰ দেহবৰ্ধন স্বাভাৱিক আৰু আশানুৰূপ হৈ উঠাটো বহু পৰিমাণে নিৰ্ভৰ কৰে সি গ্ৰহণ কৰা দেহবৰ্ধনকাৰী খাদ্য আৰু তাৰ নিৰ্দিষ্ট পৰিমাণৰ ওপৰত। দেহৰ বিভিন্ন অংশৰ উপযুক্ত বৰ্ধন হ’বলৈ বিভিন্ন খাদ্যপ্ৰাণযুক্ত আহাৰৰ প্ৰয়োজন। ইয়াৰ উপৰিও দৈহিক গঠনৰ কালছোৱাত শিশুৰ ৰোগমুক্ততা হৈছে তাৰ স্বাভাৱিক দেহবৰ্ধনৰ এক বিশেষ প্ৰয়োজনীয় চৰ্ত।

তলত দেহৰ বিভিন্ন অংশৰ বিকাশৰ এটি চমু বৰ্ণনা ডাঙি ধৰা হৈছে।

  • আকাৰ-আকৃতিঃ নৱজাত শিশুৰ দেহৰ আকাৰ-আকৃতি বয়সস্থ সকলতকৈ যথেষ্ট পৃথক হোৱা বাবে নতুনকৈ হোৱা মাতৃৰ বাবে ই আশ্চৰ্য্য বা আশংকাৰ কাৰণ হৈ উঠিব পাৰে। দেহৰ আন সকলো অংশৰ তুলনাত মূৰটোৱেই হয় সকলোতকৈ ডাঙৰ। মূৰটোৰ তলৰ অংশ ক্ৰমে ক্ষীণ আৰু সৰু হৈ উঠা দেখা যায়। দেহৰ ছাল হয় ৰঙা সোতোৰা পৰা আৰু দেহ-কংকাল হয় ক্ষীণ আৰু দুৰ্বল। দেহৰ নিম্ন অংশৰ হাত-ভৰিবোৰ হয় নিচেই ক্ষীণ, সৰু আৰু চুটি। মুখমণ্ডলৰ চকুকেইটা তুলনামূলকভাৱে ডাঙৰ আৰু উজ্জ্বল হয়। নাকটো সৰু আৰু কিছু চেপেটা হৈ ফুটাকেইটা অধিক স্পষ্ট হৈ পৰে। মুখৰ ওঁঠ দুটা হয় অতি ৰঙা আৰু সৰু সৰু। মূৰটোৰ আকাৰ ডাঙৰ হোৱা বাবে ডিঙিটো নিচেই চুটি যেন লাগে আৰু ই সহজে চকুত নপৰে। বাহু দুটা আৰু বুকুখন হয় ঠেক আৰু সংকুচিত। সেইবাবে উদৰ অঞ্চল অধিক ডাঙৰ আৰু স্ফীত যেন লাগে। কোনো কোনো শিশুৰ জন্মৰ সময়ত মূৰত ডাঠ চুলি থাকে আৰু কোনো কোনো শিশুৰ চুলি অতি পাতল অথবা সমূলি নাথাকে। পিঠিৰ ফালেও কেতিয়াবা চুলিৰ দৰে দীঘল নোম থাকে। উল্লেখযোগ্য যে জন্মৰ প্ৰথম দুটা বছৰতে শিশুৰ এই দৈহিক আকাৰ-আকৃতি আৰু গঠনৰ বিশেষ পৰিৱৰ্তন হৈ স্বাভাৱিকতাৰ ফালে গতি কৰে।
  • ওজনঃ জন্মৰ পিছতেই চিকিৎসকসকলে শিশুৰ ওজন ল’বলৈ বিচাৰে। এই ওজন গ্ৰহণৰ যোগেদি শিশুটোৰ দৈহিক গঠনৰ স্বাভাৱিকতা আৰু অস্বাভাৱিকতা সাধাৰণভাৱে জানিব পাৰি। পৰৱৰ্তী কালতো শিশুৰ এই ওজন গ্ৰহণৰ যোগেদি তাৰ দৈহিক বিকাশৰ গতি স্বাভাৱিক হৈছে নে নাই তাক সাধাৰণভাৱে পৰীক্ষা কৰি চাব পাৰি। জন্মৰ সময়ত শিশুৰ ওজনৰ যথেষ্ট পাৰ্থক্য থাকে। সচৰাচৰ ৫ পাউণ্ডৰ পৰা ১১ পাউণ্ডলৈকে এই ওজনৰ পাৰ্থক্য থাকে। ইয়াৰ গড় পৰিমাণ হৈছে চাৰে-সাত পাউণ্ড। অৱশ্যে ল’ৰাৰ ওজন ছোৱালীৰ ওজনতকৈ কিছু বেছি হয়। মানুহৰ বংশগত, জাতিগত আৰু ভৌগোলিক কাৰণসমূহেও এইক্ষেত্ৰত প্ৰভাৱ পেলায়। জন্মৰ প্ৰথম বছৰতেই শিশুৰ ওজন দ্ৰুতভাৱে বৃদ্ধি হয়। অৱশ্যে ইয়াৰ পৰৱৰ্তী কালত এই বৃদ্ধিৰ মাত্ৰা কমি আহিবলৈ ধৰে। পাঁচ বছৰীয়া এটা শিশুৰ ওজন প্ৰায় ৩৮ আৰু ৪৩ পাউণ্ডৰ ভিতৰত হয়গৈ। এইখিনিতে উল্লেখযোগ্য যে জন্মৰ পিছত শিশুৰ ওজন কিছু কমি যায়, কিন্তু প্ৰায় এসপ্তাহৰ পিছত এই ক্ষতি পূৰণ হৈ উঠিব পাৰে।
  • উচ্চতাঃ ওজনৰ দৰেই উচ্চতাও ব্যক্তিয়ে বিকাশৰ বিভিন্ন পৰ্যায়ত ক্ৰমে লাভ কৰি উঠে যদিও ইয়াৰ মাত্ৰা জন্মৰ প্ৰথম দুবছৰতেই সৰ্বাধিক হয়। জন্মৰ এবছৰৰ ভিতৰত প্ৰায় ১০ ইঞ্চি আৰু দ্বিতীয় বছৰত প্ৰায় ৪-৫ ইঞ্চি বৃদ্ধি হৈ উঠে। জন্মৰ সময়ত শিশুৰ স্বাভাৱিক উচ্চতা হয় প্ৰায় ২০ ইঞ্চিৰ কিছু অধিক। অৱশ্যে সৰ্বোচ্চ আৰু সৰ্বনিম্ন মাত্ৰা প্ৰায় ১৮ আৰু ২২ ইঞ্চিৰ ভিতৰত পোৱা যায়। উচ্চতাৰ ক্ষেত্ৰতো ল’ৰা ছোৱালীতকৈ কিছু অধিক হয়। উচ্চতাৰ বেলিকা ল’ৰাৰ এই অগ্ৰগতি প্ৰায় দহ বছৰলৈকে অব্যাহত থাকে। ইয়াৰ পিছত ল’ৰা-ছোৱালীৰ উচ্চতা সমান হৈ উঠি কৌশোৰ কালত ছোৱালীয়েহে অগ্ৰগতি লাভ কৰে। উচ্চতাৰ বেলিকা মন কৰিবলগীয়া যে শিশুৱে প্ৰথম চাৰি বছৰৰ ভিতৰতে তাৰ প্ৰাপ্তবয়স্ক কালৰ সম্ভাৱ্য উচ্চতাৰ প্ৰায় আধাতকৈও বেছিখিনি লাভ কৰি উঠিব পাৰে।
  • দেহ-কংকালঃ মাতৃগৰ্ভত থকা কালতেই শিশুৰ দেহ-কংকাল এবিধ বগা, নমনীয় আৰু স্পঞ্জৰ দৰে কোমল পদাৰ্থৰ দ্বাৰা গঠিত হয়। শিশুৰ নৱজাত অৱস্থাতো তাৰ দেহ-কংকাল এনে কোমল আৰু নমনীয় অৱস্থাত থাকে। এনে কোমল পৃথক পৃথক সৰু-ডাঙৰ অংশ সৰ্বমুঠ সংখ্যা হৈছে ২৭০ যাক সাধাৰণতে অস্থি বুলি জনা যায়। চালুকীয়া শিশুৰ অস্থিসমূহ সেয়ে অতি কোমল প্লাষ্টিকৰ দৰে যিকোনো আকাৰৰ গঢ় দিব পাৰি আৰু ই ভগাৰ ভয় নাথাকে। শিশুৰ বয়স হৈ অহাৰ লগে লগে এই সৰু সৰু কোমল অস্পষ্ট অংশসমূহ ক্ৰমে সংযুক্ত হৈ কঠিন অৱস্থা লাভ কৰে আৰু প্ৰাপ্তবয়স্ক কালত ই ২০৬ ডাল অস্থিত পৰিণত হয়গৈ। নৱজাত শিশুৰ অস্থিসমূহ কোমল আৰু নমনীয় অৱস্থাত থকা বাবে দেহৰ উপৰিভাগত চাপ বা হেঁচা দি তাক বিশেষ একোটা গঢ় দি তুলিব পাৰি। কেঁচুৱাৰ লাওখোলাটোৰ অস্থিসমূহ এনে অৱস্থাত থকা বাবে তাক একটীয়াকৈ শুৱাই থোৱাটো অভ্যাসত পৰিণত হ’লে লাওখোলাটোৰ আকাৰ চেপেটা বা দীঘলীয়া হৈ উঠে। নৱজাত শিশুৰ লাওখোলাটোৰ তালুৰ অংশ অতি কোমল আৰু অস্থিবিহীন অৱস্থাত থাকে। কিন্তু প্ৰায় দুবছৰ বয়সত এই অংশ অস্থিযুক্ত আৰু টান হৈ আহিবলৈ ধৰে। উল্লেখযোগ্য যে দেহ-কংকালৰ এনে বিকাশৰ ক্ষেত্ৰত সাধাৰণতে ল’ৰাতকৈ ছোৱালীয়ে অগ্ৰগতি লাভ কৰিব পাৰে। অস্থিসমূহৰ উপযুক্ত বৰ্ধন আৰু শক্তি লাভৰ বাবে কেলচিয়াম ফচফেট আৰু অন্যান্য ধাতৱযুক্ত খাদ্যৰ প্ৰয়োজন হয়।
  • দাঁতঃ দেহৰ চৰ্ম বা ছাল অঞ্চলৰ পৰাই নখ, দাঁত আদি এবিধ কঠিন জাতীয় পদাৰ্থ বাঢ়ি আহিবলৈ ধৰে। সময়ৰ বিবেচনাৰে এই দাঁত তিনি প্ৰকাৰে বিভক্ত কৰিব পাৰি, যেনে- গাখীৰ খোৱা দাঁত, স্থায়ী দাঁত আৰু বয়সস্থ দাঁত বা ‘উইচডম টীথ’। মাতৃগৰ্ভত থকা কালতেই শিশুৰ মুখৰ আলুৰ ভিতৰত দাঁত গঢ় লৈ উঠিবলৈ ধৰে। অৱশ্যে জন্মৰ প্ৰায় ছমাহৰ পিছতহে আলু ভেদ কৰি তলৰ পাৰিত দুটা দাঁত আলুৰ ঠিক মাজ অংশত গজি উঠা দেখা যায়। কোনো কোনো শিশুৰ বেলিকা আকৌ জন্মৰ সময়তেই দাঁত গজি আহিবও পাৰে। অৱশ্যে এনে দৃষ্টান্ত অতি বিৰল। তলৰ পাৰিৰ দুটা দাঁত গজি উঠাৰ পিছত ওপৰৰ পাৰিত একে ঠাইতে আন দুটা দাঁতে দেখা দিয়ে। প্ৰায় এবছৰৰ ভিতৰত সাধাৰণতে ৮টা দাঁত গজি উঠিব পাৰে। অৱশ্যে দাঁত গজাৰ বেলিকা বিভিন্ন শিশুৰ মাজত সময়ৰ যথেষ্ট পাৰ্থক্য থাকে। জন্মৰ সময়ত দাঁত গজি অহাটো যিদৰে সম্ভৱপৰ, জন্মৰ এবছৰলৈ দাঁত গজি নুঠাটোও তেনেদৰেই সম্ভৱপৰ। প্ৰথম গাখীৰ খোৱা দাঁত সৰি প্ৰায় ছবছৰ বয়সত স্থায়ী দাঁত গজি উঠে। স্থায়ী দাঁত গজি উঠাৰ ক্ষেত্ৰত ল’ৰাতকৈ ছোৱালীয়ে অগ্ৰগতি লাভ কৰিব পাৰে। প্ৰায় ১২-১৩ বছৰ বয়সতহে ৩২টা দাঁত সম্পূৰ্ণভাৱে গজি উঠিব পাৰে। শিশুৰ প্ৰথম দাঁত গজাৰ সময়ত প্ৰায়ে বুঢ়া আঙুলি চুপি থকা এক বদ অভ্যাস গঢ় লৈ উঠে। ইয়াৰ উপৰি যিকোনো বস্তু মুখত দি কামোৰা প্ৰবৃত্তি এই সময়ত প্ৰবল হয়।
  • মাংসপেশীঃ গৰ্ভস্থিত ভ্ৰূণৰ পৰ্য্যায়তেই শিশুৰ ৰেখাবিহীন নিমজ পেশীসমূহ বৃদ্ধি হয়। অৱশ্যে অস্থিৰ লগত সংযুক্ত থকা কঠিন আৰু ৰেখাযুক্ত পেশীসমূহ জন্মৰ পৰৱৰ্তী কালতহে ক্ৰমে বিকাশ লাভ কৰি পেশী শক্তি লাভ কৰি উঠিব পাৰে। নৱজাত শিশুৰ পেশীসমূহ সেইবাবে নিমজ, কোমল আৰু অনিয়ন্ত্ৰিত অৱস্থাত থাকে। ঐচ্ছিক সঞ্চালন ক্ষমতা আৰু শক্তিযুক্ত পেশীসমূহৰ ক্ৰিয়া এই সময়ত নাথাকে। বিশেষজ্ঞসকলৰ মতে নৱজাত শিশুৰ মাংসপেশীৰ ওজনসমূহ দৈহিক ওজনৰ শতকৰা প্ৰায় ২৩ ভাগহে থাকে। কিন্তু কৈশোৰ কালত ই বাঢ়ি গৈ মুঠ দৈহিক ওজনৰ শতকৰা প্ৰায় ৪৪ ভাগ হ’বগৈ পাৰে। কৈশোৰ কালত ল’ৰা-ছোৱালীৰ ৰেখাযুক্ত পেশীসমূহ অধিক ডাঠ, দৃঢ় আৰু শক্তিযুক্ত হৈ উঠে। অৱশ্যে বাল্যকালত শৈশৱ কালতকৈও পেশীসমূহৰ বৃদ্ধি গতি মন্থৰ হয়।
  • মস্তকঃ দৈহিক গঠনৰ ফালৰ পৰা সাধাৰণতে নৱজাত শিশু এটি মস্তক-প্ৰধান বুলি বৰ্ণনা কৰিব পাৰি। জন্মৰ সময়ত মস্তক অঞ্চলৰ আকাৰ সমগ্ৰ দেহৰ আকাৰ আৰু দৈৰ্ঘৰ প্ৰায় চাৰিভাগৰ এভাগ থাকে। প্ৰাপ্তবয়স্ক কালত ই দহভাগৰ এভাগলৈ হ্ৰাস পায়। বিশেষজ্ঞসকলৰ মতে জন্মৰ প্ৰথম দুবছৰত মূৰটোৰ দৈৰ্ঘ আৰু প্ৰস্থ দ্ৰুতগতিৰে বৃদ্ধি পায়। কিন্তু দুবছৰৰ পিছত এই গতি হ্ৰাস পাই আহে। মূৰটোৰ দৈৰ্ঘ আৰু প্ৰস্থৰ বৃদ্ধি আৰু বিকাশ একে সময়তে নহৈ পৃথক পৃথক সময়ত হোৱাটো বিশেষজ্ঞসকলে লক্ষ্য কৰে। অৱশ্যে মস্তক অঞ্চলৰ দৈৰ্ঘ-প্ৰস্থ, আকাৰ-আকৃতিৰ লগত মানুহৰ বংশগত আৰু জাতিগত প্ৰভাৱৰ সম্বন্ধ থাকে। নিগ্ৰোসকলৰ মূৰৰ দৈৰ্ঘ আন আন জাতিতকৈ অধিক হোৱাটো লক্ষ্য কৰা হৈছে। এইখিনিতে উল্লেখযোগ্য যে মূৰটোৰ আকাৰ ডাঙৰ হ’লে মানুহৰ বুদ্ধি-বৃত্তিও অধিক হয় বুলি বহুতে ভাবে। বিশেষজ্ঞসকলেও এই সম্বন্ধে অধ্যয়ন কৰে। কিন্তু এনে অধ্যয়নৰ পৰা পোৱা হয় যে মস্তক অঞ্চলৰ বাহ্যিক আকাৰে ব্যক্তিৰ বৌদ্ধিক ক্ষমতা সম্বন্ধে নিৰ্ভৰযোগ্য তথ্য ডাঙি ধৰিব নোৱাৰে।
  • মুখমণ্ডলঃ জন্মৰ প্ৰথম দুই-তিনি বছৰত মস্তক অঞ্চলৰ দৰেই শিশুৰ মুখমণ্ডলৰো দৰ্শনীয় পৰিৱৰ্তন ঘটে। জন্মৰ সময়ত শিশুৰ চকু দুটা দেহৰ আন আন অংশতকৈ অধিক সক্ৰিয় আৰু পৰিপক্ক হোৱা দেখা যায়। শিশুৰ চকু আৰু ইয়াৰ পতা দুখন জন্মৰ সময়ত মুখমণ্ডলৰ অন্যান্য অংশৰ তুলনাত কিছু ডাঙৰ আৰু ওখহি থকাৰ দৰে অধিক স্পষ্ট হৈ থাকে। পৰৱৰ্তী কালৰ বিকাশত ইয়াৰ আয়তন কমি গৈ মুখৰ গঢ় ধুনীয়া কৰি তোলে। নৱজাত শিশুৰ নাকটো কিছু সোমাই থকা চেপেটা আৰু ফুটা দুটা অধিক স্পষ্ট যেন দেখি। কিন্তু জন্মৰ প্ৰথম বছৰত শিশুৰ নাকৰ উচ্চতা যথেষ্ট বাঢ়ে আৰু ই মুখমণ্ডলৰ সাধাৰণ আকৃতিৰ বিশেষ পৰিৱৰ্তন আনে। ইয়াৰ উপৰি জন্মৰ পৰৱৰ্তী বিকাশ কালত শিশুৰ গাল দুখন যথেষ্ট ফুলি উঠে আৰু মুখমণ্ডল গোলাকাৰ হৈ পৰে। অৱশ্যে ই শিশুৰ পুষ্টিকৰ খাদ্য আৰু দেহ বৰ্ধনকাৰী গ্ৰন্থিৰ সক্ৰিয়তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে।
  • হাত-ভৰিঃ নৱজাত শিশুৰ হাত-ভৰি দেহৰ অন্যান্য অংশৰ তুলনাত কিছু পলমকৈ বিকাশ হয়। হাততকৈও ভৰি অঞ্চলৰ বিকাশ অধিক পলমকৈ হয়। উল্লেখযোগ্য যে নৱজাত শিশুৰ বাহু দুটাৰ দৈৰ্ঘ প্ৰাপ্তবয়স্ক লোকৰ দৈৰ্ঘৰ প্ৰায় চাৰিভাগৰ এভাগ থাকে। সেইদৰে ভৰি দুখনৰ দৈৰ্ঘ প্ৰাপ্তবয়স্কৰ দৈৰ্ঘৰ প্ৰায় পাঁচ ভাগৰ এভাগ থাকে। সেইবাবে ক’ব পাৰি যে নৱজাত শিশুৰ ভৰি দুখনৰ দৈৰ্ঘৰ হাত দুখনৰ অনুপাতে কম থাকে। হাত দুখনৰ স্বাভাৱিক বৃদ্ধি আৰু ক্ৰিয়াশক্তিও ভৰি দুখনতকৈ শিশুৱে আগেয়ে লাভ কৰিব পাৰে। ভৰি দুখনৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশ কৈশোৰ কালতহে সম্পূৰ্ণ হৈ উঠে। জন্মৰ সময়ত শিশুৰ ভৰি দুখন দেহৰ ওপৰ অংশৰ তুলনাত সৰু আৰু ক্ষীণ হোৱাৰ উপৰিও সামান্য পৰিমাণে বেকা অথবা ঘূৰ খোৱা যেন দেখা যায়। দৈহিক বিকাশৰ ফলত প্ৰাপ্তবয়স্ক কালত ই স্বাভাৱিক অৱস্থাত পৰিণত হয়গৈ।

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate