অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ ব্যক্তিত্বৰ বিকাশঃ

 

 

শিশুৱে বিকাশৰ বিভিন্ন দিশত স্থায়িত্ব লাভ কৰি নিজ প্ৰতিক্ৰিয়া আৰু আচৰণৰ এক স্বকীয় ৰূপ ধাৰণ কৰে। তাৰ প্ৰয়োজনসমূহ পূৰণ কৰা, সুখ-দুখৰ ভাব প্ৰকাশ কৰা আদিৰ যোগে ক্ৰিয়া-প্ৰতিক্ৰিয়াসমূহৰ পুনৰাবৃত্তিৰে অভ্যাসত পৰিণত কৰে। বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত প্ৰকাশ কৰা এনে অভ্যস্ত প্ৰতিক্ৰিয়াসমূহ সমাজৰ লোকে নিৰীক্ষণ, অধ্যয়ন আৰু মূল্যায়ণ কৰে। তাৰ যোগেদিয়ে এটি শিশুক অথবা এজন লোকক আমি জানি উঠিব পাৰো, তেওঁৰ মনো-দৈহিক অৱস্থাৰ এক গুণগত আৰু স্থায়ী ৰূপ বৰ্ণনা কৰিব পাৰো। জনপ্ৰিয় শব্দত ইয়াকে আমি ‘ব্যক্তিত্ব’ বোলো। ব্যক্তিত্বৰ ইংৰাজী শব্দ ‘Personality’-ও ৰোমৰ গ্ৰীক নাটকৰ চৰিত্ৰ ফুটাই তুলিবৰ বাবে ব্যৱহাৰ কৰা ‘Person’ বা মুখাৰ পৰা উৎপত্তি হৈ ক্ৰমে বৰ্তমান ব্যক্তিৰ আচৰণক বুজাবলৈ প্ৰয়োগ কৰা হয়। আমাৰ সকলো শিক্ষা অভিজ্ঞতাৰো মূল উদ্দেশ্য হৈছে এক সুস্থ আৰু শক্তিশালী ৰূপত এই ব্যক্তিত্ব গঢ় দি তোলা। উল্লেখযোগ্য যে নিচেই চালুকীয়া এটি শিশুৰ ব্যক্তিত্বৰ কথা আমি ভাবিব নোৱাৰো। কাৰণ এই সময়ত তাৰ প্ৰতিক্ৰিয়া আৰু আচৰণসমূহে কোনো স্থিতি-স্থাপকতা লাভ কৰি উঠিব নোৱাৰে। ক্ৰমবিকাশৰ লগে লগে এই প্ৰতিক্ৰিয়াসমূহ সুসংবদ্ধ ৰূপত আত্মপ্ৰকাশ কৰি উঠিবলৈ ধৰে। শিশুৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক দিশত হোৱা বিকাশৰ এক সুসংবদ্ধ আৰু স্থায়ী ৰূপ ব্যক্তিত্বৰ যোগে প্ৰকাশ লাভ কৰে। আমাৰ শিশু বিকাশৰ অধ্যয়নৰো শেষ পৰ্যায় স্বৰূপে এই ব্যক্তিত্ব গঠন আৰু বিকাশৰ বিভিন্ন দিশৰ প্ৰতি এই অধ্যায়ত দৃষ্টিপাত কৰিবলৈ বিচৰা হৈছে।

ব্যক্তিত্ব বুলিলে কি বুজোঃ

 

ব্যক্তিৰ বিকাশৰ সকলো দিশ সামৰি লোৱা বাবে ব্যক্তিত্বৰ সামগ্ৰিকভাৱে এটা সংজ্ঞা দিয়াটো কঠিন। ব্যক্তিত্ব এক বিমূৰ্ত ভাৱাত্মক শব্দহে মাথোন। এই সম্বন্ধে বিশেষজ্ঞসকলে দিয়া সংজ্ঞাসমূহ বিশ্লেষণ কৰিলে ঘাইকৈ দুটা বহল দিশ ব্যক্তিত্বৰ লগত জড়িত থকা দেখা যায়। এইকেইটা হৈছে- (১) ব্যক্তিয়ে জৈৱিক আৰু জন্মগতভাৱে লাভ কৰা দেহ-মানসিক অৱস্থা বা ক্ষমতাসমূহ অথবা চমুকৈ বংশগতি আৰু (২) এই বংশগতিৰ প্ৰকাশ বা বিকাশৰ বাবে ব্যক্তিয়ে লাভ কৰা পৰিৱেশ। প্ৰত্যেক শিশুৱেই জন্মলাভ কৰে কেতবোৰ দেহ-মানসিক ক্ষমতা বা সম্ভাৱনীয়তা লৈ। এই সম্ভাৱনীয়তাসমূহৰ গুণমান অনুযায়ী শিশুৱে তাৰ প্ৰতিক্ৰিয়া আৰু আচৰণসমূহ প্ৰদৰ্শন কৰে। আনহাতে পৰিৱেশেও এক বিশেষ বহিঃশক্তি বা উদ্দীপক স্বৰূপে শিশুৰ জৈৱিক শক্তি আৰু সম্ভাৱনীয়তাসমূহ উদ্দীপিত, প্ৰভাৱিত আৰু পৰিচালিত কৰে। এই দুই দিশৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে ব্যক্তিৰ আচৰণে এক বিশেষ ৰূপত আত্মপ্ৰকাশ কৰে। এনে আচৰণৰ অভ্যস্ত, সুসংগঠিত আৰু স্থায়িত্ব লাভৰ অৱস্থাই হৈছে ব্যক্তিত্ব। ব্যক্তিৰ আচৰণে আত্মপ্ৰকাশ কৰা এই স্থায়ী আৰু সুসংগঠিত অৱস্থাক সমাজৰ সৰ্বসাধাৰণ লোকে নিৰীক্ষণ কৰি ব্যক্তিত্বৰ বৰ্ণনা দিয়ে।

বংশগতি আৰু পৰিৱেশ এই দুই শক্তিৰ পাৰস্পৰিকতাৰ পৰিণতিয়েই হৈছে ব্যক্তিত্ব। অৱশ্যে বৰ্তমান ব্যক্তিত্বৰ মূল উপাদান স্বৰূপ এই দুই শক্তিৰ লগত আন এটা তৃতীয় শক্তি বিশেষজ্ঞসকলে সন্নিৱিষ্ট কৰিছে, সি হৈছে আত্ম-শক্তি বা Self। ব্যক্তিৰ এই আত্মশক্তিৰ প্ৰভাৱৰ দ্বাৰাই তেওঁৰ মনোবৈজ্ঞানিক বিকাশ সম্ভৱ হৈ উঠে। এনে ব্যক্তিত্বসম্পন্ন লোকে তেওঁৰ নিজ স্বাৰ্থৰ প্ৰতি যিদৰে সচেতন আন লোকৰ স্বাৰ্থৰ প্ৰতিও তেনেদৰেই সচেতন। কোৱা হয় যে এজন লোকৰ অন্তৰ প্ৰকৃতি হয় শুভ অথবা নিৰপেক্ষ বিধৰ, কিন্তু সি কেতিয়াও অশুভ নহয়। সেইবাবে তাক দমন কৰাৰ পৰিৱৰ্তে সৰ্বোত্তম বিকাশৰ সুবিধা দিব লাগে। এই আত্ম-শক্তিয়ে আমাৰ বংশগতি আৰু পৰিৱেশৰ যুটীয়া প্ৰভাৱক এক নিজস্ব ৰূপত গঢ় দি ব্যক্তিত্ব গঠন কৰি তোলে।

ব্যক্তিত্ব আৰু চৰিত্ৰঃ

 

বহু সময়ত এই দুয়োটা শব্দৰ নিজ নিজ অৰ্থৰ প্ৰতি বিশেষ সচেতন নোহোৱাকৈ শিথিলভাৱে প্ৰায় একেটা অৰ্থত প্ৰয়োগ কৰা হয়। ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে ‘চৰিত্ৰ’ শব্দৰ অৰ্থৰ প্ৰতিও সচেতন হোৱাটো প্ৰয়োজন। চৰিত্ৰৰ বেলিকা ব্যক্তিৰ ক্ৰিয়া-আচৰণ নৈতিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। আনহাতে ব্যক্তিত্বৰ বেলিকা এই ক্ৰিয়া-আচৰণ মনোবৈজ্ঞানিক দৃষ্টিৰে বিবেচনা কৰা হয়। চৰিত্ৰ ব্যক্তিত্বৰ এক অন্তৰ্ৱৰ্তী বিষয় স্বৰূপেও বৰ্ণনা কৰিব পাৰি। চৰিত্ৰৰ যোগেদি শিশুৰ আচৰণ, ন্যায়-অন্যায়, উচিত-অনুচিত আদি সমাজৰ গ্ৰহণযোগ্য নৈতিক আদৰ্শৰ ভিত্তিত বিচাৰ কৰা হয়। শিশুৰ নৈতিক বিকাশ আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা নৈতিক-শিক্ষা চৰিত্ৰ গঠনৰেই অংশবিশেষ। ব্যক্তিৰ নিজৰ আৰু সমাজৰ লোকৰ হিতসাধন সম্বন্ধীয় যি ক্ৰিয়া-আচৰণ আৰু মনোভাৱ সি হৈছে এই চৰিত্ৰৰ আলোচ্য বিষয়। ইয়াৰ আলোচনা কালত শিশুৰ নৈতিক চেতনা, অনুশাসন, বিবেক, আধ্যাত্মিকতা আদি দিশ অন্তৰ্ভুক্ত কৰিব পাৰি। এই সম্বন্ধে পূৰ্বৱৰ্তী অধ্যায়ত বহলাই আলোচনা কৰা হৈছে। ব্যক্তিত্বই শিশুৰ মনোবৈজ্ঞানিক দিশ সামৰি লোৱা বাবে দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক এই সকলোবোৰ দিশৰ আলোচনাই ইয়াৰ অন্তৰ্ভুক্ত। চৰিত্ৰৰ ভাল আৰু বেয়া দুটা দিশ থকা বাবে এটা শিশুক চৰিত্ৰহীন বুলি ক’ব পাৰি, কিন্তু তাক ব্যক্তিত্বহীন বুলি ক’ব নোৱাৰি। চৰিত্ৰহীনতাও ব্যক্তিত্বৰ এক বিশেষ লক্ষণ। সেইবাবে ক’ব পাৰি যে চৰিত্ৰতকৈ ব্যক্তিত্বৰ পৰিসৰ স্বাভাৱিকতেই বহল আৰু ব্যাপক। চৰিত্ৰই কেৱল ব্যক্তিৰ নৈতিক দিশটোৰহে বিবেচনা কৰে।

ব্যক্তিত্বৰ তাত্বিক দিশৰ বিশ্লেষণঃ

 

শিশুৰ ব্যক্তিত্ব বিকাশৰ স্বৰূপ ভালদৰে নিৰীক্ষণ কৰিবৰ বাবে ব্যক্তিত্ব সম্বন্ধে বিশেষজ্ঞসকলে দাঙি ধৰা বিভিন্ন তত্ত্বৰ বিষয়ে কিছু জনাটো প্ৰয়োজন। অৱশ্যে এই প্ৰসংগত উল্লেখযোগ্য যে ব্যক্তিত্বৰ পৰিসৰ যথেষ্ট বহল হোৱা হেতুকে বিশেষজ্ঞসকলৰ এই সম্বন্ধীয় চিন্তাধাৰা আৰু অধ্যয়ন ইয়াৰ মাথো একেটা দিশতে আৱদ্ধ হৈ থকা নাই। ভিন ভিন দৃষ্টিকোণৰ পৰা বিভিন্নজনে তেওঁলোকৰ ব্যক্তিত্বৰ তাত্ত্বিক ব্যাখ্যা দাঙি ধৰিছে। ইয়াৰ বিস্তৃত বিৱৰণ এই সময়ত দাঙি ধৰাৰ প্ৰয়োজন আমি অনুভৱ কৰা নাই। কেৱল তাৰ এটা থুলমূল আভাষ আৰু প্ৰয়োজনসাপেক্ষে বিশ্লেষণহে মাথোন দিবলৈ চেষ্টা কৰা হৈছে।

বহলভাৱে নিৰীক্ষণ কৰিলে ব্যক্তিত্ব সম্বন্ধে বিশেষজ্ঞসকলৰ এই অধ্যয়ন দুটা দিশত বিভক্ত কৰিব পাৰি, যেনে- (১) বাহ্যিকভাৱে কৰা দৈহিক আচৰণভিত্তিক অধ্যয়ন আৰু (২) মানসিকভাৱে কৰা ব্যক্তিনিষ্ঠ নিৰীক্ষণভিত্তিক অধ্যয়ন। ইয়াৰ প্ৰথমবিধ অধ্যয়নৰ যোগে ব্যক্তিৰ দৈহিক আচৰণ আৰু প্ৰতিক্ৰিয়াসমূহ বাহ্যিকভাৱে নিৰীক্ষণ আৰু বস্তুনিষ্ঠভাৱে মূল্যায়ণ কৰি ব্যক্তিত্বৰ স্বৰূপ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। দ্বিতীয়বিধৰ যোগে ব্যক্তিয়ে মানসিকভাৱে লাভ কৰা অভিজ্ঞতা, যেনে- আৱেগ-অনুভূতি, ইচ্ছা, অভিপ্ৰায়, প্ৰয়োজন, প্ৰবৃত্তি আদি পৰোক্ষভাৱে অধ্যয়ন আৰু বিশ্লেষণৰ যোগে ব্যক্তিত্ব ব্যাখ্যাৰ চেষ্টা কৰা। সি যি কি নহওক, তলত ব্যক্তিত্ব অধ্যয়নৰ তাত্বিক দিশৰ বিশ্লেষণ দাঙি ধৰা কেইটামান প্ৰধান চিন্তাধাৰাৰ চমু বৰ্ণনা কৰা হৈছে।

শ্ৰেণীকৰণ তত্ত্বঃ

 

দৈহিক আকাৰ-আকৃতিৰ বিশেষত্বৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰেটচমাৰে ব্যক্তিত্বৰ স্বৰূপ অধ্যয়ন আৰু বৰ্ণনা কৰে। তেওঁ মানুহৰ দেহৰ আকাৰ-আকৃতি আৰু গঠনৰ লগত দৈহিক প্ৰতিক্ৰিয়া আৰু আচৰণৰ সম্বন্ধ বিচাৰি পায়। সেইমতে গোলকায়, দীৰ্ঘকায়, থুলকায় আৰু বিকৃতকায় স্বৰূপে তেওঁ ব্যক্তিত্বৰ চাৰিটা শ্ৰেণীবিভাগ কৰে। ব্যক্তিৰ দৈহিক গঠনৰ লগত কেতবোৰ বিশেষ বিশেষ মানসিক ৰোগৰ সহ-সম্বন্ধ থকাৰ কথাও ক্ৰেটচমাৰে লক্ষ্য কৰে। প্ৰায় একে আৰ্হিতেই চেলডনে মানুহৰ দৈহিক গঠনৰ ভিত্তিত উদৰ-প্ৰধান, মস্তিষ্ক-প্ৰধান আৰু শৰীৰ-প্ৰধান স্বৰূপে ব্যক্তিত্বক তিনিটা শ্ৰেণীত বিভক্ত কৰে আৰু সেই আনুক্ৰমে কেতবোৰ বিশেষ বিশেষ আচৰণৰ বৈশিষ্ট্য দাঙি ধৰে। ব্যক্তিয়ে প্ৰদৰ্শন কৰা আচৰণৰ বাহ্যিক অধ্যয়নৰ ভিত্তিত ব্যাখ্যা দিবলৈ বিচৰা কাৰ্লয়ুঙৰ নাম বিশেষ উল্লেখযোগ্য। ব্যক্তিয়ে নিজ পৰিৱেশত কৰা সমাযোজনৰ সুস্থ আৰু অসুস্থ পৰিণতি অনুসৰি আচৰণ প্ৰদৰ্শন কৰে। এনে আচৰণৰ ধৰণ বা স্বৰূপ লক্ষ্য কৰি তেওঁ ব্যক্তিত্বক অন্তৰ্মুখী বা বহিৰ্মুখী স্বৰূপে প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰে। এই দুয়োবিধ ব্যক্তিত্বৰ নিজ নিজ সমাযোজনৰ বৈশিষ্ট্য স্বৰূপে তেওঁ আচৰণৰ কেতবোৰ সংলক্ষণ নিৰ্ণয় কৰে। এই দুই বিপৰীতমুখী ব্যক্তিত্বৰ অন্তৰ্ৱতী অৱস্থা স্বৰূপে উভয়মুখী ব্যক্তিত্বৰো উল্লেখ কৰে। ব্যক্তিৰ চিন্তাধাৰা আৰু জীৱনৰ দৃষ্টিভংগীৰ স্বৰূপ অধ্যয়ন কৰি স্প্ৰেনজাৰে ব্যক্তিত্বৰ আন এটা শ্ৰেণী বিভাগ কৰে। সেইমতে ব্যক্তিত্বক প্ৰজ্ঞাণাত্মক, সৌন্দৰ্যবোধক, অৰ্থনৈতিক, ৰাজনৈতিক, ধাৰ্মিক আৰু সামাজিক স্বৰূপে পাঁচটা ভাগ কৰা হৈছে। ওপৰত উল্লেখ কৰা বিশেষজ্ঞসকলে এনেবোৰ বিবিধ শ্ৰেণীকৰণৰ দ্বাৰা ব্যক্তিয়ে কৰা আচৰণৰ তাত্বিক দিশ বৰ্ণনাৰ চেষ্টা কৰাটো ইয়াত পৰিলক্ষিত হয়।

সংলক্ষণ তত্বঃ

 

পৰিস্থিতিৰ প্ৰয়োজন অনুসৰি ব্যক্তিয়ে প্ৰদৰ্শন কৰা ক্ৰিয়া-আচৰণৰ কেতবোৰ চাৰিত্ৰিক বৈশিষ্ট্য সৰ্ব-সাধাৰণৰ দৃষ্টিত পৰিলক্ষিত হয়। ব্যক্তিৰ দৈনন্দিন জীৱনৰ এনে প্ৰতিক্ৰিয়া আৰু আচৰণবোৰ আপেক্ষিকভাৱে কিছু স্থায়ী আৰু সামঞ্জস্যপূৰ্ণ হোৱাটো আমাৰ চকুত পৰে। ইয়াকেই সংলক্ষণ বুলি জনা যায়। উদাহৰণস্বৰূপে এটা ল’ৰাক কোনো এটা কামৰ ভাৰ দিলে যদি দেখা যায় যে সি ঠিক সময়ত কেতিয়াও কামত উপস্থিত নহয়, কামটো কৰাত তাৰ কোনো আগ্ৰহ, ইচ্ছা আৰু আন্তৰিকতা নাই আৰু তাৰ ফলত তাৰ দ্বাৰা আশানুৰূপভাৱে কেতিয়াও কামটো হৈ নুঠে, তেন্তে তাক দায়িত্বহীন বুলি আনে মন্তব্য কৰে। সেইবাবে দায়িত্বহীনতা ব্যক্তিত্বৰ এটা সংলক্ষণ। আলপোৰ্ট, কেটল্, আইচনেক আদি বিশেষজ্ঞসকলে ব্যক্তিৰ এনেবোৰ সংলক্ষণৰ ওপৰত ভিত্তি কৰি ব্যক্তিত্বৰ স্বৰূপ বৰ্ণনা কৰিবলৈ বিচাৰে। বৰ্তমান ব্যক্তিত্ব অধ্যয়ন আৰু মূল্যায়ণৰ বেলিকা এই সংলক্ষণ তত্ব শ্ৰেণীকৰণ তত্বতকৈও অধিক জনপ্ৰিয় হোৱাটো মন কৰিবলগীয়া। এই মনোবিজ্ঞানীসকলে তেওঁলোকৰ সূক্ষ্ম অধ্যয়নৰ যোগে ব্যক্তিত্ব সংলক্ষণৰ কেতবোৰ ভিন ভিন তালিকা প্ৰদান কৰে। এইবোৰৰ মাজত কিছু পাৰ্থক্য থকা দেখা যায়। তথাপিও ব্যক্তিৰ আচৰণৰ আপেক্ষিকভাৱে স্থায়ী এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ অধ্যয়নে যে ব্যক্তিত্বৰ স্বৰূপ বুজি উঠাত আমাক সহায় কৰে আৰু তাক অস্বীকাৰ কৰিব নোৱাৰি।

গেচেলৰ বৰ্ণনামূলক তত্বঃ

 

ব্যক্তিৰ ক্ৰমবিকাশৰ প্ৰজননিক দৃষ্টিকোণৰ পৰা গেচেল নামৰ এজন বিশেষজ্ঞই অধ্যয়ন কৰি ব্যক্তিত্বৰ এক বৰ্ণনামূলক তত্ব দাঙি ধৰে। তেওঁ শিশুৰ জন্মৰ পৰা দহ বছৰ বয়সলৈকে একাদিক্ৰমে হোৱা দেহ-মানসিক পৰিৱৰ্তনবোৰৰ স্বৰূপ অধ্যয়ন কৰে। এই অধ্যয়নৰ পৰা তেওঁ বয়সৰ অগ্ৰগতিৰ অনুক্ৰমে শিশু-ব্যক্তিত্বৰ এক সাংগঠনিক পৰিৱৰ্তন হৈ উঠাটো লক্ষ্য কৰে। শিশুৰ একো একোটা বিশেষ সময়ৰ পৰ্যায়ত তাৰ সম্ভাৱ্য ব্যক্তিত্ব গঠনৰ এক গঢ় স্বূৰপে বৰ্ণনা ইয়াত পাব পৰা যায়। গেচেলৰ মতে শিশু বিকাশৰ এই পৰ্যায়ৰ পৰা আনটো পৰ্যায়লৈ গতি কৰাৰ লগে লগে তাৰ আচৰণৰ দৰ্শনীয় পৰিৱৰ্তন হৈ উঠিব পাৰে। তেওঁৰ এই অধ্যয়ন শিশুৰ সাধাৰণ বিকাশৰ গতি নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰি তোলা হৈছে। শিশু বিকাশৰ এই গতি নিৰীক্ষণৰ বিভিন্ন দিশসমূহ হৈছে- সঞ্চালনাত্মক বৈশিষ্ট্য, ব্যক্তিগত স্বাস্থ্য-বিজ্ঞান, আৱেগিক প্ৰকাশ, ভয় আৰু স্বপ্ন, আত্ম আৰু যৌন-বিষয়ক, ব্যক্তি-পাৰস্পৰিকতা, খেলা-ধূলা আৰু আমোদ-প্ৰমোদ, স্কুলীয়া জীৱন, নৈতিক মনোভাৱ আৰু দাৰ্শনিক দৃষ্টিভংগী আদি।

ফ্ৰয়েদৰ তত্বঃ

 

বিখ্যাত মনোবিশ্লেষণকাৰী ফ্ৰয়েদে ব্যক্তিত্বৰ এক পৃথক তাত্বিক বিশ্লেষণ দাঙি ধৰে। তেওঁৰ মতে ব্যক্তিত্বৰ তিনিটা সাংগঠনিক উপাদান নিহিত থাকে, যাৰ সুসমন্বয়ৰ ফলস্বৰূপে আচৰণে প্ৰকাশ লাভ কৰে। এইকেইটা হৈছে ঈদ বা জীৱবৰ্ত্যাহং, ইগ’ বা অহং আৰু ছুপাৰ ইগ’ বা সমাজবৰ্ত্যাহং। শিশু নৈতিকতাৰ অধ্যায়ত এই সম্বন্ধে কিছু বৰ্ণনা ইতিপূৰ্বে কৰা হৈছে।

ঈদৰ মূল নীতি হৈছে ব্যক্তিয়ে জৈৱিক সুখ উপভোগ অথবা তৃপ্তিলাভ জীৱনৰ মৌলিক প্ৰয়োজন পূৰণ কৰা। ইয়াৰ প্ৰধান লক্ষ্য হৈছে ব্যক্তিক জৈৱিক সুখ বা তৃপ্তি দিয়া আৰু দুখ বা কষ্টৰ পৰা আঁতৰাই ৰখা। ই হৈছে ব্যক্তিৰ মানসিক শক্তিৰ মূল উৎস আৰু ই অচেতন মনত অযুক্তিকৰ, নৈতিকতাশূন্য আৰু অসংযত অৱস্থাত থাকে। সময়ৰ পৰিৱৰ্তনে আৰু ব্যক্তিৰ অভিজ্ঞতাই ঈদৰ কোনো সংশোধন বা পৰিৱৰ্তন কৰিব নোৱাৰে। কাৰণ ই এক বাস্তৱ-বিবৰ্জিত জৈৱিক প্ৰেৰণা। ফ্ৰয়েদৰ মতে আমাৰ গোটেই জীৱনজুৰি ঈদে ইয়াৰ শৈশৱৰ বৈশিষ্ট্য বজাই ৰাখে। ই সৰ্বশক্তিমান আৰু সেইবাবেই আমাৰ স্বপ্ন, কল্পনা আৰু অলীক-কল্পনা আদিৰ যোগে এক অভাৱনীয়ভাৱে মনৰ কামনা-বাসনা পূৰণৰ চেষ্টা কৰে। সেয়েহে কোৱা হয় যে ঈদ বা জীৱবৰ্ত্যাহং হৈছে ব্যক্তিত্ব গঠনৰ মূল ভেঁটি স্বৰূপ।

ইগ বা অহং ব্যক্তিত্ব সংগঠনৰ দ্বিতীয় উপাদান, যাৰ মূল নীতি হৈছে বাস্তৱ বিবেচনা কৰা। ব্যক্তি-মনৰ ঈদে বাস্তৱ-অবাস্তৱৰ মাজত পাৰ্থক্য বিচাৰ কৰিব নোৱাৰে। অহং উপাদানে মনৰ এই ভুল ভাঙি দিয়াত আৰু বাস্তৱক প্ৰকৃত ৰূপত চোৱাত সহায় কৰে। ই আমাৰ মনৰ প্ৰতিৰক্ষা যন্ত্ৰ স্বৰূপে কাম কৰে। বাস্তৱতাৰ পৰিপ্ৰেক্ষিতত আমাৰ অচেতন মনৰ অসংযত আৰু অযুক্তিকৰ কামনা-বাসনাবোৰ সংযত আৰু যুক্তিযুক্তভাৱে মনে গ্ৰহণ কৰাত ই মুখ্য ভূমিকা গ্ৰহণ কৰে। মনৰ ঈদ আৰু বাস্তৱ জগতৰ মাজত এই অহং বা ইগ’ হৈছে এক মধ্যস্থতাকাৰী শক্তিস্বৰূপ। ব্যক্তিমনৰ চিন্তা, যুক্তি আৰু শিক্ষা-অভিজ্ঞতাৰো ই প্ৰতিনিধিত্ব কৰে।

ব্যক্তিত্বৰ তৃতীয় আৰু প্ৰভাৱশালী উপাদান স্বৰূপে ছুপাৰ ইগ’ বা সমাজবৰ্ত্যাহং হৈছে নৈতিক আদৰ্শ আৰু বিবেকৰ প্ৰতিনিধি। ই সমাজৰ নৈতিক চেতনা আৰু বিবেকৰ ন্যায়িক বিচাৰ-শক্তিৰ দ্বাৰা পৰিচালিত হৈ মনৰ জৈৱিক সুখাভিমুখী প্ৰয়োজনবোৰৰ যুক্তিযুক্ততা আৰু সমাজৰ গ্ৰহণযোগ্যতাৰ চেতনা দান কৰে। শিশুৱে তাৰ সামাজিক পৰিৱেশত ক্ৰমাগতভাৱে লাভ কৰা বাস্তৱ অভিজ্ঞতাবোৰৰ ক্ৰমবিশ্লেষণ কৰি আৰু বয়সস্থসকলৰ নৈতিক জীৱনৰ গ্ৰহণযোগ্য মানদণ্ড আয়ত্ব কৰি এই সমাজবৰ্ত্যাহং ভাব অনুভৱ কৰে। শিশুৱে মাক-দেউতাকৰ লগত আপেক্ষিকভাৱে দীৰ্ঘদিন ধৰি নিৰ্ভৰশীলতাৰ জীৱন-যাপন কৰা বাবে তাৰ মনত নৈতিক আদৰ্শৰ এই ভাব গঢ়ি উঠাটো সম্ভৱ হৈ উঠিব পাৰে। এই সমাজবৰ্ত্যাহং দুটা প্ৰধান উপ-বিষয়ৰ দ্বাৰা গঠিত। ইয়াৰ এটা হৈছে অহং আদৰ্শ যাক শিশুৱে মাক-দেউতাকৰ নৈতিক আদৰ্শৰ জীৱনৰ পৰা লাভ কৰে আৰু আনটো হৈছে ব্যক্তিৰ নিজ বিবেক-শক্তিৰ প্ৰভাৱ।

ফ্ৰয়েদৰ মতে ব্যক্তিত্বৰ অন্তৰালত জীৱবৰ্ত্যাহং, অহং আৰু সমাজবৰ্ত্যাহং এই তিনিবিধ মানসিক প্ৰক্ৰিয়াই সুসংবদ্ধভাৱে ক্ৰিয়া কৰে। এজন মানসিকভাৱে সুস্থ ব্যক্তিৰ বেলিকা এই তিনিওটা দিশেই সম্পূৰকভাৱে সহযোগিতাৰে আৰু সুসামঞ্জস্যভাৱে কাম কৰে। এনে সুসামঞ্জস্যতাই ব্যক্তিক এহাতে তেওঁৰ নিজ জৈৱিক প্ৰয়োজনসমূহ আৰু আনহাতে পৰিৱেশৰ মাজত আদান-প্ৰদান কৰি সমাজৰ গ্ৰহণযোগ্য আৰু সন্তোষজনকভাৱে সমাযোজন স্থাপনত সহায় কৰে। কোনো ব্যক্তিৰ ক্ষেত্ৰত ই সম্ভৱ হৈ নুঠিলে অথবা এই তিনিওটা প্ৰক্ৰিয়াই অসহযোগিতা আৰু পৰস্পৰ বিৰোধভাৱে কাম কৰিলে ব্যক্তিত্বৰ অপ-সমাযোজনত পৰিণত হয়। এনে লোকে সমাজৰ যি কোনো পক্ষৰ বিৰুদ্ধে আনকি নিজ অন্তৰাত্মাৰ বিৰুদ্ধেও আচৰণ প্ৰদৰ্শন কৰিব লগা হয়। ব্যক্তিত্ব সম্বন্ধে আগবঢ়োৱা ফ্ৰয়েদৰ এই তাত্বিক বিশ্লেষণ শিশুৰ ব্যক্তিত্ব বিকাশৰ প্ৰসংগত বৰ্তমান সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱা বুলি ক’ব পাৰি।

মাৰেৰ তত্বঃ

বৰ্তমান ব্যক্তিত্বৰ অধ্যয়ন আৰু বিশ্লেষণৰ দিশত মাৰেৰ দৃষ্টিভংগীৰ বিশেষ প্ৰাসংগিকতা আছে। তেওঁ ফ্ৰয়েদৰ মনোবিশ্লেষণ আৰু গেষ্টাল্টৰ মনোবিজ্ঞানৰ দৃষ্টিভংগী এই দুয়োবিধ চিন্তাধাৰাকেই বিবেচনাৰ অন্তৰ্ভুক্ত কৰিছে। তেওঁৰ মতে ব্যক্তিত্ব হৈছে এজন লোকৰ ব্যক্তিগত তথা সামাজিক প্ৰয়োজনবোৰ আৰু তেওঁৰ পৰিৱেশৰ প্ৰত্যক্ষ-বিষয়ক প্ৰভাৱসমূহৰ মাজত হোৱা সংহতি আৰু সংস্থাপনৰ এক সামগ্ৰিক পৰিণতি স্বৰূপ। প্ৰত্যেক ব্যক্তিয়েই নিজ নিজ পৰিৱেশত লাভ কৰা উত্তেজনাৰ উপশম কৰিবৰ বাবে কেতবোৰ প্ৰয়োজন অনুভৱ কৰে। ব্যক্তিগত আৰু সামাজিকভাৱে অনুভৱ কৰা এই ধৰণৰ প্ৰায় ২৮টা প্ৰয়োজন মাৰেই চিনাক্তকৰণ কৰে। এই প্ৰয়োজনবোৰৰ বাবে ব্যক্তিয়ে পৰিৱেশৰ সংস্পৰ্শত কেতবোৰ হেঁচা বা প্ৰভাৱ অনুভৱ কৰে। প্ৰয়োজন আৰু প্ৰভাৱ এই দুয়ো দিশৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ এক জটিল অৱস্থাৰ ফলত ব্যক্তিয়ে নিজ মনত একো একোটা সংকল্প গ্ৰহণ কৰে। প্ৰসংগ আৰু পৰিস্থিতি সাপেক্ষে গ্ৰহণ কৰা ব্যক্তিমনৰ এই সংকল্পৰ যি বিষয় বা মূলভাব থাকে ‘থিমা’ বুলি কোৱা হয়। মনোবৈজ্ঞানিকভাৱে এই জটিল প্ৰক্ৰিয়াটোৰ এক সামগ্ৰিক ৰূপত হোৱা মানসিক সংগঠনৰ পৰিণতিয়েই হৈছে ব্যক্তিত্ব। ব্যক্তিৰ বেলিকা এই সংকল্প গ্ৰহণৰ মূলভাব বা থিমাৰ যি প্ৰৱণতা তাক নিৰীক্ষণ কৰি ব্যক্তিত্ব অধ্যয়ন কৰিবলৈ মাৰেই কেতবোৰ বিশেষভাৱে প্ৰস্তুত কৰা চিত্ৰৰ যোগে Thematie Appereeption Test (TAT) বা প্ৰক্ষিপ্ত অভীক্ষা ব্যৱস্থাও প্ৰস্তুত কৰে, যি বৰ্তমান অধিক জনপ্ৰিয়তাও লাভ কৰি উঠিছে।

শিশু-ব্যক্তিত্বৰ ক্ৰমবিকাশঃ

শিশু বিকাশৰ কালছোৱাৰ কোনো এক বিশেষ সময়সীমাৰ পৰা তাৰ ব্যক্তিত্বৰ বিকাশ আৰম্ভ হোৱা বুলি ক’ব নোৱাৰি। কোনো কোনোৱে অৱশ্যে শিশুৰ জন্মক্ষণত লাভ কৰা অভাৱনীয় ত্ৰাসজনক অভিজ্ঞতাই তাৰ ব্যক্তিত্ব গঢ় দি তোলে বুলিও ক’বলৈ বিচাৰে। অৱশ্যে মন্তব্যৰ বাস্তৱ ভিত্তি থকা বুলি মানি ল’ব নোৱাৰি। শিশুৱে নিজ অস্তিত্ব আৰু তাৰ দৈহিক প্ৰয়োজন সম্বন্ধে আত্ম-সচেতন হোৱা আৰু এই সম্বন্ধীয় বাহ্যিক তথা দৈহিক আচৰণ প্ৰদৰ্শন কৰাৰ লগে লগেহে শিশু- ব্যক্তিত্বৰ বিষয়ে আমাৰ দৃষ্টিগোচৰ হ’বলৈ ধৰে।

নিচেই চালুকীয়া শিশুৰ এনেবোৰ দৈহিক প্ৰতিক্ৰিয়া আৰু আচৰণৰ বেলিকা যথেষ্ট ব্যক্তি-পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰতিটো শিশুৱেই জন্মৰ পৰৱৰ্তী কালত তাৰ প্ৰতিক্ৰিয়াৰ কেতবোৰ স্বকীয় ৰূপ প্ৰদৰ্শন কৰে। এই সময়ত শিশুৰ খোৱা-বোৱা, কন্দা, হাত-ভৰি লৰোৱা আৰু শোৱা আদি ক্ৰিয়া-আচৰণত এই ব্যক্তি-পাৰ্থক্য ধৰা পৰে। কোনোটো শিশু অতি গহীন, ধীৰ-স্থিৰ আৰু শান্ত। আন কোনোটো আকৌ অতি উত্তেজিত, খঙাল আৰু কান্দি থকা বিধৰ। শিশু বিকাশৰ পৰৱৰ্তী কালছোৱাতো এনেবোৰ আৱেগিক প্ৰতিক্ৰিয়াৰ কিছু স্থায়িত্ব আৰু সামঞ্জস্যতা দেখা পোৱা যায়। শিশুৰ দৈহিক স্বাস্থ্য, অংগ-সঞ্চালন প্ৰক্ৰিয়া, সংবেদন অনুভূতিৰ প্ৰখৰতা, সুখ-দুখৰ অনুভূতিৰ প্ৰতিক্ৰিয়াশীলতা, হাঁহি-কান্দোনৰ প্ৰতিক্ৰিয়া আৰু তাৰ প্ৰকাশভংগী আদিৰ ক্ষেত্ৰত সচৰাচৰ দেখা পোৱা ব্যক্তি-পাৰ্থক্যই শিশু-ব্যক্তিত্বৰ ভেঁটি স্থাপন কৰা বুলি বিশেষজ্ঞসকলে বিশ্বাস কৰে। চালুকীয়া অৱস্থাৰ এনেবোৰ প্ৰতিক্ৰিয়া আৰু বিকাশৰ পৰৱৰ্তী কালত কিছু সংশোধন হয় যদিও ই কিছু স্থায়ী বিধৰ হোৱা বাবে পৰৱৰ্তী কালৰ ব্যক্তিত্ব গঠনৰ উপাদানত পৰিণত হৈ উঠে।

শিশুৰ আগলি সময়ছোৱাত কৰা এনেবোৰ প্ৰতিক্ৰিয়াৰ প্ৰতি মাকে দিয়া সহাৰি আৰু তাৰ সুখ-দুখৰ পৰিস্থিতিত মাকে গ্ৰহণ কৰা মনোভাৱ এই প্ৰসংগত বিশেষ বিবেচনাযোগ্য। শিশুৰ খোৱা-বোৱা আৰু আদৰ-যত্ন লোৱাত মাকৰ সান্নিধ্য, সহানুভূতি আৰু আন্তৰিকতাই শিশু-ব্যক্তিত্ব গঠনত অনুকূল প্ৰভাৱ পেলায়। এনে অৱস্থাই তাৰ মনত আৱেগিক নিৰাপত্তাৰ ভাব জগাই তুলিব পাৰে। এই সুস্থ মানসিক অৱস্থাই তাৰ ক্ৰিয়া-আচৰণত মুক্ত গতিৰ স্বাধীনতা আৰু স্বতঃস্ফূৰ্ততাৰ ভাব জগাই তুলিব পাৰে। তাৰ খেলা-ধূলা আৰু অংগ-সঞ্চালন ক্ৰিয়াৰ যোগে সি নিজৰ বহিৰ্মুখী স্বভাৱ গঢ় দি তুলিব পাৰে।

জন্মৰ প্ৰথম দুবছৰলৈকে শিশু একান্তভাৱে মাকৰ ওপৰত নিৰ্ভৰশীল হয়। ফলত মাকৰ ব্যক্তিত্বই শিশু-ব্যক্তিত্বত প্ৰভাৱ পেলায়। এই সময়ছোৱাত মাকৰ সান্নিধ্যত শিশুৱে তাৰ ব্যৱহাৰিক জীৱনৰ কেতবোৰ ক্ৰিয়া-আচৰণ অনুশীলন কৰি অভ্যাসত পৰিণত কৰে। পৰিয়ালৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ বিশেষতায়ো ইয়াত কিছু প্ৰভাৱ পেলায়। শিশুৰ এই সময়ত হোৱা ভাষাৰ প্ৰাৰম্ভিক ক্ষমতাই তাৰ ভাব-অনুভূতি প্ৰকাশ আৰু বিনিময় কৰাত সহায় কৰে। খেলা-ধূলাৰ ব্যস্ততা আৰু তাৰ পৰিসৰো ক্ৰমে বৃদ্ধি পায়। এনেবোৰ ক্ৰিয়াৰ যোগেদি শিশুৱে তাৰ নিজ অস্তিত্ব আৰু ভাব-অনুভূতিৰ প্ৰতি ক্ৰমে আত্ম-সচেতনৰ পৰিচয় দিয়ে। সেইবাবে তিনি বছৰীয়া এটি আত্ম-সচেতন শিশুৰ ব্যক্তিত্ব আমি নিৰীক্ষণ কৰিব পাৰো।

শিশুৱে পূৰ্ব-প্ৰাথমিক পৰ্যায়ত পৰিয়ালৰ মাজত ব্যক্তি-পাৰস্পৰিকতাৰ সম্বন্ধৰ প্ৰতি অধিক সচেতন আৰু মনোযোগী হয়। তাৰ অতি নিকটতম ব্যক্তিস্বৰূপ মাকে যদি তাৰ প্ৰতি মনোযোগী নহৈ দেউতাকৰ প্ৰতি অধিক আগ্ৰহী আৰু মনোযোগী হোৱাটো সি লক্ষ্য কৰে অথবা দেউতাকে তাৰ প্ৰতি মনোযোগী হোৱাৰ পৰিৱৰ্তে মাকৰ প্ৰতিহে অধিক মনোযোগী হোৱা বুলি সি ভাবে তেন্তে তাৰ মনত ঈৰ্ষা আৰু অসন্তুষ্টিয়ে দেখা দিয়ে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত মাক-দেউতাকে শিশুক কিদৰে গ্ৰহণ কৰে তাৰ ওপৰত শিশু-ব্যক্তিত্ব বিশেষ নিৰ্ভৰ কৰে। পৰিয়ালৰ বাই-ভনী, ভাই-ককাই আৰু অন্য ব্যক্তিৰ মাজতো শিশুৱে অনুৰূপ আত্ম-সচেতনতাৰে সমাযোজন স্থাপন কৰে। উল্লেখযোগ্য যে পৰিয়াললৈ দ্বিতীয় বা তৃতীয়টি শিশু আহিলে আনে যিদৰে তাক গ্ৰহণ কৰে শিশুৱে তাক তেনেদৰে গ্ৰহণ কৰিব নোৱাৰে। এই প্ৰসংগত মন কৰিবলগীয়া যে শিশুৰ প্ৰতি মাক-দেউতাকৰ উদাসীনতা যিদৰে ক্ষতিকাৰক, শিশুৰ প্ৰতি অতিমাত্ৰা আবদাৰ আৰু ব্যস্ততাইও তাৰ স্বাধীনতা, অনুশাসন আৰু আত্মনিৰ্ভৰশীলতাত বাধাদান কৰি ব্যক্তিত্বৰ ক্ষতিসাধন কৰে। পৰিয়ালৰ লোকৰ মাজত লাভ কৰা সামাজিক পৰিৱেশ আৰু তাৰ পৰা লাভ কৰা সামাজিক পাৰস্পৰিকতাই এই সময়ত শিশু-ব্যক্তিত্ব এক স্বকীয় ৰূপত গঢ় দি তোলে। সি আত্ম-সচেতনতা আৰু আত্ম সম্বন্ধীয় ধাৰণাও এই গৃহ পৰিৱেশতেই মনত গঢ় দি তোলে, যি তাৰ পৰৱৰ্তী কালৰ ব্যক্তিত্ব বিকাশৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ।

৪-৫ বছৰ বয়সত অথবা বাল্যকালৰ আগতীয়া সময়ছোৱাত শিশুৰ সামাজিক পৰিৱেশৰ পৰিসৰ আৰু তাৰ অভিজ্ঞতা ক্ৰমে বহল হৈ আহিবলৈ ধৰে। ঘৰৰ পৰা বাহিৰ ওলাই স্কুলৰ আনুষ্ঠানিক শিক্ষা পৰিৱেশ আৰু সমনীয়াৰ খেলা-ধূলাৰ পৰিৱেশত সি সোমাই পৰে। এনেবোৰ পৰিৱেশত সি আনৰ লগত ভাবৰ আদান-প্ৰদান আৰু ক্ৰিয়াৰ অংশগ্ৰহণ কৰে। এই সময়ৰ পৰাই শিশুৰ সহযোগিতা, প্ৰতিযোগিতা, বন্ধুত্ব, আনুগত্য, অনুশাসন, নেতৃত্ব আদি ব্যক্তিত্বৰ বিশেষ গুণ বা সংলক্ষণৰ প্ৰকাশ লাভৰ সুবিধা হয়। শিক্ষানুষ্ঠানৰ উপযুক্ত পৰিৱেশে শিশুৰ বুদ্ধি-বৃত্তি, ক্ষমতা, অৰ্হতা, আগ্ৰহ, অভিৰুচি আদিৰো জন্ম দিয়ে। শিক্ষানুষ্ঠানৰ বিভিন্ন ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্ৰতি তাৰ মনত এক স্থায়ী মনোভাৱ গঢ় লৈ উঠে। খেলা-ধূলাৰ সামাজিক পৰিৱেশতো তাৰ স্থান, মান আৰু ভূমিকা আদিৰ প্ৰতি অধিক আত্ম-সচেতন হয়। এনেবোৰ অভিজ্ঞতাই শিশু-ব্যক্তিত্বৰ সংলক্ষণবোৰ আমাৰ বাবে অধিক স্পষ্ট আৰু দৃষ্টিগোচৰ কৰি তোলে।

শিশুৰ ব্যক্তিত্ব বিকাশৰ কেতবোৰ সাধাৰণ বৈশিষ্ট্যঃ

প্ৰতিজন শিক্ষক আৰু অভিভাৱকৰে শিশু ব্যক্তিত্ব গঠনৰ স্বৰূপ সম্বন্ধে কিছু ধাৰণা থকাটো প্ৰয়োজন। শিশু-ব্যক্তিত্বৰ সামগ্ৰিক ৰূপ পৰ্যবেক্ষণ আৰু নিৰীক্ষণ কৰি চাব পৰাৰ ওপৰতেই তেওঁলোকৰ শিক্ষা-নিৰ্দেশনাৰ সাৰ্থকতাও ঘাইকৈ নিৰ্ভৰ কৰে। শিশুৰ ব্যক্তিত্ব বিকাশ সম্বন্ধে ওপৰত কৰা আলোচনাৰ পৰা ইয়াৰ কেতবোৰ সাধাৰণ লক্ষণ অথবা দৰ্শনীয় বৈশিষ্ট্য তলত সংক্ষেপে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে।

(১) পৰিৱেশৰ প্ৰতি শিশুৰ প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শনৰ বেলিকা যথেষ্ট ব্যক্তি-পাৰ্থক্য থাকে। সকলো শিশুৰে প্ৰতিক্ৰিয়া একে হ’ব নোৱাৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে শিশুৱে জন্মগতভাৱে মাক-দেউতাকৰ পৰা লাভ কৰা বংশগতি অথবা জৈৱিক ক্ষমতাবোৰৰ ভিন্নতা। ইয়াৰ ফলত জন্মোত্তৰ কালত প্ৰতিটো শিশুৰ ব্যক্তিত্ব এক স্বকীয় ৰূপত গঢ় লৈ উঠে।

(২) এই কথা মন কৰিবলগীয়া যে প্ৰায় প্ৰাথমিক স্কুলৰ পৰ্যায়লৈকে কেতবোৰ শিশুৰ প্ৰতিক্ৰিয়া আৰু আচৰণ আদিত স্থিৰতা বা সামঞ্জস্যতা দেখা পোৱা নাযায়। পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে এনেবোৰ শিশুৰ আচৰণ পৰিৱৰ্তন হৈ থাকিব পাৰে। সেইবাবে শৈশৱ কালত শিশু-ব্যক্তিত্বৰ সংলক্ষণবোৰ স্থায়ী আৰু তাৰ স্থিৰতা থকা বুলি সকলো সময়তে বিবেচনা কৰিব নোৱাৰি।

(৩) প্ৰাৰম্ভিক কালছোৱাত শিশু-ব্যক্তিত্বৰ সুদঢ় ভেঁটি স্থাপন কৰাত শিশু-মাতৃয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে। বিভিন্ন পৰিস্থিতিত মাকৰ প্ৰতিক্ৰিয়া, আচৰণ, মনোভাৱ আৰু আদৰ-যত্নই শিশুক সুখদায়ক অথবা দুখদায়ক অভিজ্ঞতা দান কৰে। এনে অভিজ্ঞতাই শিশু-আচৰণ ঘাইকৈ নিৰ্ধাৰণ কৰে। সেয়েহে ক’ব পাৰি যে মাতৃৰ ব্যক্তিত্বই শিশু-ব্যক্তিত্বত গভীৰ প্ৰভাৱ পেলায়।

(৪) মাতৃৰ সংগ আৰু সান্নিধ্যৰ পৰা বঞ্চিত হোৱা শিশুৱে পৰিৱেশত নিজকে ভালদৰে খাপ খুৱাই ল’ব নোৱাৰা বাবে আচৰণ আশানুৰূপ হৈ উঠিব নোৱাৰে। ফলত এনে শিশুৰ আচৰণ অসামাজিক হৈ উঠি ব্যক্তিত্বৰ বিসংগতিয়ে দেখা দিয়ে। মাতৃহাৰা শিশুৰ ব্যক্তিত্বত ইয়াৰ প্ৰভাৱ ভালদৰে লক্ষ্য কৰিব পাৰি।

(৫) মাক-দেউতাকৰ অতিমাত্ৰা যত্ন, তৎপৰতা আৰু আবদাৰ আদিয়েও শিশু-ব্যক্তিত্বৰ ক্ষতিসাধন কৰিব পাৰে। এনে শিশুৱে স্বাধীনতা আৰু আত্মনিৰ্ভৰশীলতাৰ অভাৱত নিজ পৰিস্থিতিত অসহায় অনুভৱ কৰে। ফলত নতুন পৰিস্থিতিৰ প্ৰতি উদ্বেগ, উৎকণ্ঠা আৰু আশংকা প্ৰকাশ কৰে।

(৬) পৰিয়ালৰ মাজত আৰু স্কুলৰ শিক্ষা পৰিৱেশত গ্ৰহণ কৰা অনুশাসনৰ নীতি আৰু ইয়াৰ মানদণ্ডই শিশু-ব্যক্তিত্ব গঠনত অনুকূল-প্ৰতিকূল প্ৰভাৱ পেলায়। অনুশাসনৰ শিথিলতা অথবা এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ এই দুয়োটাই ব্যক্তিত্ব গঠনৰ বাবে ক্ষতিকাৰক।

(৭) সমাজৰ যোগেদিহে ব্যক্তিত্বই আত্মপ্ৰকাশ কৰে। সেইবাবে শিশু-ব্যক্তিত্ব বিকাশত সামাজিক সহযোগিতা, পাৰস্পৰিকতা আদিয়ে প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰে। সমাজৰ সংস্পৰ্শৰ পৰা শিশুক আঁতৰাই ৰাখি তাৰ ব্যক্তিত্ব বিকাশৰ কথা সেয়েহে ভাবিব নোৱাৰি।

(৮) সামাজিক পৰিৱেশত শিশু-ব্যক্তিত্ব আশানুৰূপভাৱে বিকাশৰ বাবে সামূহিক খেলা-ধূলাৰ অত্যন্ত প্ৰয়োজন। খেলাই আত্মকেন্দ্ৰিক শিশুক সমাজমুখী কৰি তোলাৰ উপৰিও তাৰ সুপ্ত আৰু অন্তৰ্নিহিত সামাজিক প্ৰতিভাসমূহ প্ৰকাশৰো সুবিধা দিয়ে। খেলাই শিশুক নেতৃত্ব দান কৰিবলৈ আৰু নেতাৰ অনুগামী হৈ চলিবলৈ শিকায়।

(৯) শিশুৱে তাৰ গৃহ আৰু শিক্ষা পৰিৱেশত অনুভৱ কৰা আৱেগিক নিৰাপত্তাৰ ওপৰত তাৰ ব্যক্তিত্ব ঘাইকৈ নিৰ্ভৰ কৰে। শিক্ষক-অভিভাৱকসকলক শিশুৱে সহজভাৱে ল’ব পৰা, তেওঁলোকৰ লগত মৰম-চেনেহ, আন্তৰিকতা আৰু বুজাপৰাৰ মাজেদি ভাবৰ আদান-প্ৰদান কৰিব পৰা একোটা অনুকূল আৱেগিক পৰিৱেশেহে শিশু-ব্যক্তিত্ব আশানুৰূপভাৱে বিকাশাই তুলিব পাৰে।

(১০) শিশু-ব্যক্তিত্ব গঠন আৰু বিকাশত তাৰ যৌন-সচেতনতায়ো এক বিশেষ ভূমিকা গ্ৰহণ কৰে। এনে সচেতনতাৰ মনোভাৱে তাৰ ক্ৰিয়া-আচৰণ আৰু মনোভাৱ এক বিশেষ ৰূপত নিয়ন্ত্ৰিত আৰু পৰিচালিত কৰে। উল্লেখযোগ্য যে শিশুমনৰ এই যৌন-সচেতনতাৰ ভাব বহু পৰিমাণে বয়সস্থসকলে শিশুৰ প্ৰতি কৰা বিভেদমূলক মনোভাৱ আৰু আচৰণৰ পৰিণতি মাথোন।

শিশু-ব্যক্তিত্বত প্ৰভাৱ পেলোৱা দিশসমূহঃ

ব্যক্তিত্বৰ ধাৰণাই এজন ব্যক্তিৰ সকলোবোৰ দিশ সৰ্বাত্মকভাৱে বিবেচনা কৰে। সেই হেতুকে ব্যক্তিত্বত প্ৰভাৱ পেলোৱা দিশ বা ক্ষেত্ৰসমূহৰ কথা আলোচনা কৰিবলৈ যাওঁতে ব্যক্তিৰ লগত জড়িত বা ব্যক্তিক প্ৰভাৱিত কৰা সকলোবোৰ কথা বিষয় সামগ্ৰিকৰূপেহে নিৰীক্ষণ কৰা উচিত। অৱশ্যে আমাৰ এই বিষয়ৰ আলোচনাৰ আঁত ধৰিবৰ বাবে ব্যক্তিত্ব প্ৰভাৱিত কৰি তোলা দিশসমূহক বহলভাৱে বংশগতি সম্বন্ধীয় আৰু পৰিৱেশ সম্বন্ধীয় স্বৰূপে দুটা ভাগত বিভক্ত কৰি ল’ব পাৰি। কাৰণ এই দুয়োটা বহল দিশৰ পাৰস্পৰিক প্ৰভাৱ আৰু পাৰস্পৰিকতাৰ পৰিণতিয়েই হৈছে ব্যক্তিত্ব। ইয়াৰ অন্তৰ্নিহিত দিশসমূহৰ সূক্ষ্ম  বিবেচনা যথাসম্ভৱ বস্তুনিষ্ঠভাৱে তলত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

বংশগতি সম্বন্ধীয় প্ৰভাৱঃ

(১) দৈহিক অৱস্থাঃ বংশগতিৰ মূলধন স্বৰূপে শিশুৱে তাৰ দৈহিক অৱস্থা আৰু তাৰ কৰ্মক্ষমতা মাক-দেউতাকৰ পৰা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰে। ইয়াৰ যোগেদিয়ে সি পৰিৱেশৰ বিভিন্ন পৰিস্থিতিত প্ৰতিক্ৰিয়া কৰে আৰু সেই প্ৰতিক্ৰিয়া সমাজৰ লোকে নিৰীক্ষণ কৰে। বয়সতকৈ অধিক ওখ-শকত হোৱা অথবা অধিক চুটি-চাপৰ আৰু ক্ষীণ হোৱা শিশু স্বাভাৱিকতে আনৰ চকুত পৰে আৰু বিবিধ মন্তব্য শুনিব লাগে। এনে শিশুৱে সমনীয়াৰ লগত খেলা-ধূলা আৰু ক্ৰিয়াৰ সহযোগিতাৰ বেলিকাও কেতবোৰ অসুবিধাৰ সন্মুখীন হয় আৰু কোনো কোনো সময়ত অৱহেলিত অথবা পৰিত্যক্ত হ’ব লগা হয়। আন আন শিশুৱে এনে শিশুক জোকোৱা, ঠাট্টা কৰা, আমোদ কৰা আদি অস্বস্তিকৰ পৰস্থিতিৰো সন্মুখীন হ’ব লাগে। ফলত নিসংগতা, অসামাজিকতা, হীনমন্যতা আদি কেতবোৰ অসুস্থ মনোভাৱ আৰু আচৰণ গঢ়ি উঠাটো স্বাভাৱিক। দৈহিকভাৱে পংগু দৈহিক অক্ষমতাত ভোগা শিশুৰ অৱস্থা তাতোকৈও অধিক ক্ষতিকাৰক হয়। আনহাতে দৈহিক সুন্দৰতা, আকৰ্ষণীয়তা আৰু স্বাভাৱিক কৰ্মক্ষমতা থকা শিশুৱে সকলোৰে পৰা সকলো পৰিস্থিতিতে মৰম, আদৰ, সহযোগিতা আৰু সহানুভূতি লাভ কৰে। সি নিজকে অনাৱশ্যকীয় আৰু অৱহেলিত বুলি ভাবিবৰ থল নাথাকে। ফলত তাৰ মনত সাহস, আত্মবিশ্বাস আৰু কোনো কোনো সময়ত আত্মাভিমান তথা উচ্চাত্মিকা মনোভাৱেও নিজ আচৰণ পৰিচালিত কৰিব পাৰে। এনে শিশুৰ বল-শক্তি আৰু দৈহিক উপযুক্ততা থকা বাবে সমনীয়াৰ মাজত সহজে জনপ্ৰিয়তা আৰু নেতৃত্ব দাবী কৰিব পাৰে। বয়সতকৈ অধিক দ্ৰুতভাৱে বাঢ়ি অহা শিশুক শিক্ষক-অভিভাৱকসকলেও প্ৰয়োজনতকৈ অধিক দায়িত্ব, মৰ্যাদা আৰু স্বীকৃতি আদি দিয়ে। আনহাতে লেহেম গতিৰ শিশুৱে নিজ প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত হয়। দৈহিকভাৱে অনাকৰ্ষণীয় আৰু ৰোগগ্ৰস্ত শিশুৰ বেলিকাও এই কথা খাটে। সকলো শিশুৱেই স্বৰ্গীয় শিশু বুলি ভবা মহান আদৰ্শ যে বাস্তৱ ক্ষেত্ৰত আখৰে আখৰে পালন কৰা নহয় তাক নিশ্চয় আমি মানি ল’ব পাৰো। এনে বৈষম্যমূলক মনোভাৱ আৰু আচৰণৰ অনুৰূপ প্ৰভাৱ শিশু-ব্যক্তিত্বত কিদৰে পৰিব পাৰে তাক আমি সহজে অনুমান কৰিব পাৰো।

(২) সঞ্চালন ক্ষমতাঃ

অংগ-সঞ্চালন ক্ষমতা সকলো শিশুৰ সমান নহয়। বগোৱা, খোজকঢ়া, দৌৰা, জপিওৱা, দলিওৱা আদি বিবিধ সঞ্চালনমূলক ক্ৰিয়া-ক্ষমতা বিকাশৰ বেলিকা কেতবোৰ শিশু স্বাভাৱিক শিশুৰ বিকাশৰ গতিতকৈ আগবঢ়া। এনে শিশুৱে নিজ পৰিৱেশত আন শিশুতকৈ সহজে খাপ খুৱাই ল’ব পাৰে আৰু তাৰ ফলত নিজ ক্ৰিয়া-আচৰণৰ প্ৰতি মনত সাহস, আত্ম-প্ৰত্যয় আদি জন্মে। ইয়াৰ উপৰি সকলো শিশুৰে সঞ্চালন ক্ষমতাৰ সমন্বয় সাধন কৰিব পৰা ক্ষমতা একে নহয়। বিভিন্ন খেলা-ধূলা আৰু যান্ত্ৰিক সঞ্চালন সম্বন্ধীয় ক্ৰিয়া-কলাপৰ বাবে এই সঞ্চালনাত্মক সমন্বয় সাধন ক্ষমতাৰ প্ৰয়োজন। যিবিলাক শিশু স্বাভাৱিকতেই নিজ বংশগতিৰ গুণত এনে বিশেষ ক্ষমতাৰ অধিকাৰী হয় সি সহজেই আনৰ প্ৰশংসা, পুৰষ্কাৰ, স্বীকৃতি আদি লাভ কৰে। বেডমিণ্টন, ক্ৰিকেট আদি সঞ্চালনাত্মক ক্ষমতাৰ প্ৰয়োজন হোৱা খেলবোৰত দেখুওৱা পাৰদৰ্শিতাই শিশুক পৰৱৰ্তী কালত সেই সেই বিষয়ৰ প্ৰতি অধিক আগ্ৰহী আৰু সচেষ্ট কৰি তোলে। এই সঞ্চালনাত্মক পটুতা লাভ কৰিব নোৱাৰা শিশুৱে স্বাভাৱিকতেই এনে সুযোগৰ পৰা বঞ্চিত হয় আৰু তাৰ সামাজিক ক্ৰিয়া-পৰিসৰো সীমিত হৈ পৰে।

(৩) অন্তঃক্ষৰা গ্ৰন্থিৰ ভূমিকাঃ

শিশুৰ দৈহিক বৰ্ধন আৰু মানসিক বিকাশৰ বিভিন্ন দিশত দেহৰ অভ্যন্তৰ ভাগৰ অন্তঃক্ষৰা গ্ৰন্থিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই সম্বন্ধে শিশুৰ দৈহিক বিকাশৰ অধ্যায়ত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। সেইবাবে ইয়াৰ পুনৰ আলোচনা নকৰি ইয়াত মাথোন চমুকৈ ক’ব পাৰি যে দেহৰ পিটুইটেৰি, থাইৰয়ড এড্ৰিনেল, যৌনগ্ৰন্থি আদিয়ে ব্যক্তিৰ দেহ-মনৰ সম্ভাৱ্য বিকাশ সাধন আৰু ব্যক্তিত্ব গঠনৰ দায়িত্ব গ্ৰহণ কৰে। এই গ্ৰন্থিসমূহে দেহৰ আভ্যন্তৰীণভাৱে ক্ষৰণ-ক্ৰিয়াৰ যোগেদি হৰম’ন নামৰ এবিধ ৰস দেহৰ ৰক্ত-সঞ্চালনৰ লগত মিহলি কৰে। শিশুৰ দৈহিক গঠন, আবয়ৱিক বৃদ্ধি, ওজন, উচ্চতা, বুদ্ধি-বৃত্তি, আৱেগ-অনুভূতি আদি এই অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ দ্বাৰাই নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়। শিশুৰ দৈহিক গঠন কেনে হ’ব, মানসিক আৰু আৱেগিক প্ৰতিক্ৰিয়া কেনেদৰে কৰিব আৰু তাৰ যোগেদি পৰিৱেশত কিদৰে নিজকে খাপ খুৱাই ল’ব পাৰিব এইবোৰ কথা নিৰ্ভৰ কৰে দেহৰ অন্তঃক্ষৰা দেহ-ৰাসায়নিক প্ৰতিক্ৰিয়াৰ ওপৰত। ব্যক্তিত্বৰ ওপৰত যে জৈৱিক বংশগতিৰ স্পষ্ট প্ৰভাৱ আছে তাক এই অন্তঃক্ষৰা গ্ৰন্থিবোৰৰ ভূমিকাৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি।

(৪) সাধাৰণ বৌদ্ধিক-ক্ষমতাৰ মানদণ্ডঃ

বংশগতি স্বৰূপে লাভ কৰা শিশুৰ বিবিধ মানসিক ক্ষমতাবোৰৰ সাধাৰণ উপযুক্ততা আৰু তাৰ সক্ৰিয়তাই নিজ পৰিৱেশত ভালদৰে খাপ খুৱাই লোৱাত সহায় কৰে। বিভিন্ন ব্যক্তি আৰু পৰিস্থিতিৰ প্ৰতি তেনে শিশুৰ প্ৰতিক্ৰিয়া হয় দ্ৰুত আৰু উন্নত মানৰ। মানসিক ক্ৰমবিকাশৰ লগে লগে তীক্ষ্ণ বুদ্ধিৰ ব্যক্তিস্বৰূপে সি নিজকে পৰিচয় দিয়ে। আনহাতে মানসিকভাৱে দুৰ্বল আৰু নিম্নমানৰ শিশুৱে নিজ পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি উপযুক্ত আৰু আশানুৰূপ প্ৰতিক্ৰিয়া কৰিব নোৱাৰা বাবে সময়ত সি অনগ্ৰসৰ আৰু মানসিক বাধাগ্ৰস্ত শিশুত পৰিণত হয়। এই দুয়োবিধ পৃথক বৌদ্ধিক মানবিশিষ্ট শিশুৱেই নিজ নিজ ব্যক্তিত্ব গঠনৰ দিশত পৃথক পৃথক সমস্যাৰ সন্মুখীন হ’ব লাগে।

তীক্ষ্ণ বুদ্ধিৰ শিশুৰ দ্ৰুত আৰু উন্নত প্ৰতিক্ৰিয়াই আনৰ পৰা সহজে আদৰ, প্ৰশংসা, স্বীকৃতি আদি লাভ কৰিব পাৰে। এনে অৱস্থাই শিশুৰ নিজ ক্ষমতাৰ প্ৰকৃত উপলব্ধি বা আত্ম-মূল্যায়ণ কৰাত আৰু উপস্থিত পৰিস্থিতিৰ গভীৰতা বহলভাৱে পৰ্যবেক্ষণ কৰি চোৱাত সহায় নকৰে। অপৈণত জ্ঞান, আত্ম-অভিমান আৰু নিয়ন্ত্ৰণহীন আচৰণেৰে এনে শিশুৱে আনৰ বাবে আৰু কোনো কোনো সময়ত নিজৰ বাবেও সমস্যাৰহে সৃষ্টি কৰিব পাৰে। শ্ৰেণীত শিক্ষকৰ শিক্ষা-নিৰ্দেশনা তাৰ বাবে অতি সহজ আৰু অনাকৰ্ষণীয় হোৱা বাবে মনোযোগ আৰু অনুশাসনৰ মনোভাৱ নোহোৱা হ’ব পাৰে। ফলত শিক্ষকক আওকাণ কৰা আৰু লগত সহপাঠীসকলক বিৰক্ত কৰি তোলা অসামাজিক ক্ৰিয়াত লিপ্ত হোৱাটো অভ্যাসত পৰিণত হ’ব পাৰে। এনে শিশুৱে নিজৰ সমনীয়াৰ লগত মিলিব নোৱাৰে আৰু নিজতকৈ উচ্চ পৰ্যায়ৰ ল’ৰা-ছোৱালীৰ লগতো দৈহিক সমাযোজনত অসুবিধা অনুভৱ কৰে। তীক্ষ্ণ বুদ্ধিৰ শিশুক শিক্ষকে বিশেষ যতন লোৱা আৰু মনোযোগ দিয়া বাবে আনবোৰ শিশুৰ মনত সি ঈৰ্ষা আৰু শত্ৰুতাৰো কাৰণ হৈ উঠিব পাৰে।

বৌদ্ধিক নিম্নমানৰ শিশুৱেও অনুৰূপ সমস্যাৰ সন্মুখীন হ’ব লাগে। ইন্দ্ৰিয়ানুভূতি আৰু মানসিক শক্তিসমূহৰ স্বাভাৱিক দুৰ্বলতাৰ হেতুকে পৰিৱেশৰ পৰা আহৰণ কৰা জ্ঞান-অভিজ্ঞতা হয় সীমাবদ্ধ আৰু ভ্ৰান্তিমূলক। ফলত আগ্ৰহ-অভিৰুচি, ক্ৰিয়া-প্ৰচেষ্টা, সাহস আৰু আত্মবিশ্বাসৰ অভাৱ হয়। শিক্ষক-অভিভাৱক, বন্ধু-বান্ধৱ সকলৰ পৰা পাব লগা হয় অৱহেলা আৰু নিৰুৎসাহজনক সমালোচনা। এনে শিশুৰ বাবে স্কুলৰ কাৰ্যসূচী ক্ৰমে হৈ উঠে দুৰ্বহ, দুৰ্বোধ্য আতংকৰ কাৰণ স্বৰূপ। বয়সৰ অগ্ৰগতিয়ে তাক নিজ ব্যৰ্থতা, অক্ষমতা আৰু দুৰৱস্থাৰ প্ৰতি অধিক আত্ম-সচেতন কৰিহে তোলে। এনে অৱস্থাৰ ফলত শিশুৰ ব্যক্তিগত ভীৰুতা, হীনমন্যতা আৰু অসামাজিক মনোবৃত্তিৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। সেয়েহে ক’ব পাৰি যে শিশুৰ অস্বাভাৱিক বৌদ্ধিক ক্ষমতাই আৰু ব্যক্তিত্বৰ বিসংগতিৰ অৱস্থালৈ ঠেলি দিয়ে।

(৫) বিশেষ অভিৰুচি আৰু আগ্ৰহঃ

কেতবোৰ সৌভাগ্যৱান শিশু জন্মগতভাৱে একো একোটা বিশেষ দৈহিক অথবা মানসিক ক্ৰিয়াৰ বিশিষ্ট ক্ষমতা বা পটুতাৰ অধিকাৰী হৈ আহে। জন্মোত্তৰ কালত তাৰ প্ৰয়োজনীয় সা-সুবিধা আৰু উপযুক্ত পৰিৱেশ লাভ কৰিব পাৰিলে তেনে শিশুৰ এই বিশেষ ব্যক্তি-প্ৰতিভাই সকলোৰে চকুত লগাকৈ আত্মপ্ৰকাশ কৰি উঠে। দৈহিক সঞ্চালনমূলক খেলা-ধূলাৰ কোনো বিশেষ বিষয়ত অথবা সাহিত্য-কলা-সংগীতৰ কোনো এক দিশত শিশুৰ এই বিশেষ অভিৰুচি আৰু তাৰ প্ৰয়োজনীয় ক্ৰিয়া- তৎপৰতা আমি দেখিবলৈ পাওঁ। বিশেষ বিষয়ৰ প্ৰতি গঢ়ি উঠা এনে ক্ৰিয়া-তৎপৰতাই সংশ্লিষ্ট দিশৰ প্ৰতি শিশুৰ চিন্তা-ভাৱনা, ভাব-অনুভূতি আৰু আচৰণ বিশেষ ৰূপত গঢ় দি তোলে। এই বিশেষ বিষয়ৰ শিক্ষা, তাৰ লগত জড়িত ব্যক্তিৰ সান্নিধ্য তথা ব্যক্তিত্বৰ প্ৰভাৱ আৰু শিশুৰ ভাব-চিন্তা-ক্ৰিয়া আদি অভিৰুচিত বিষয়ৰ প্ৰতি পৰিচালিত কৰা কাৰ্যই শিশু-ব্যক্তিত্ব স্বাভাৱিকতেই তেনে ৰূপত গঢ় দি তোলে। শিশুৰ ভৱিষ্যৎ জীৱনৰ বৃত্তি বা ব্যৱসায় আদিও ই নিৰ্ধাৰণ কৰি তুলিব পাৰে।

(৬) আৱেগিক নিয়ন্ত্ৰণ ক্ষমতাঃ

শিশুৰ আৱেগিক জীৱনৰ অৱস্থাই তাৰ ভাব-অনুভূতি আৰু আচৰণ সচৰাচৰ প্ৰভাৱিত আৰু পৰিচালিত কৰে। জন্মগতভাৱে পোৱা শিশুৰ এই আৱেগিক ক্ষমতা সকলোৰে একে নহয়। একেটা পৰিস্থিতিতেই বিভিন্ন ব্যক্তিয়ে ভিন ভিন মাত্ৰাত আৱেগ অনুভৱ কৰিব পাৰে আৰু তাৰ আনুষংগিক আচৰণ বিভিন্ন ৰূপত প্ৰকাশ কৰিব পাৰে। পৰিস্থিতি সাপেক্ষে ব্যক্তিৰ এই প্ৰকাশ্য আচৰণ নিৰীক্ষণ কৰি সমাজৰ লোকে তাৰ বৰ্ণনা কৰে। মৰমিয়াল, খঙাল, সহনশীল, সহানুভূতিশীল, গোঁৱাৰ, নিষ্ঠুৰ, বিৰক্তিকৰ, বন্ধুত্বপূৰ্ণ, আন্তৰিকতাপূৰ্ণ আদি বিবিধ শব্দ আৱেগিক দিশৰ পৰা ব্যক্তিত্ব বৰ্ণনাৰ বাবে প্ৰয়োগ কৰা হয়। আৱেগৰ এই অনুভূতি আৰু তাৰ প্ৰকাশ অৱশ্যে কিছু পৰিমাণে ব্যক্তিৰ পৰিৱেশ আৰু শিক্ষা-অভিজ্ঞতাই সংযত, নিয়ন্ত্ৰিত আৰু সংশোধিত কৰিব পাৰে। আন্তৰিকতাপূৰ্ণ সামাজিক পৰিৱেশে শিশুৰ আৱেগিক প্ৰতিক্ৰিয়া নিশ্চিতভাৱে নিয়ন্ত্ৰণ কৰি সুস্থ ব্যক্তিত্ব গঠনত সহায় কৰিব পাৰে। শিশুৰ স্নায়ৱিক গাঠনি আৰু দেহ-ৰাসায়নিক ক্ৰিয়া পৰিচালনা কৰা অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ সক্ৰিয়তাৰ ওপৰতো তাৰ আৱেগিক প্ৰতিক্ৰিয়া আৰু তাৰ নিয়ন্ত্ৰণ ক্ষমতা নিৰ্ভৰ কৰে।

পৰিৱেশ সম্বন্ধীয় প্ৰভাৱঃ

(১) গৃহ পৰিৱেশঃ

শিশুৰ ওপৰত পৰা পৰিয়ালৰ ভূমিকা সম্বন্ধে ইতিপূৰ্বে বিভিন্ন প্ৰসংগত আলোচনা কৰি অহা হৈছে। শিশুৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক বিকাশৰ দিশত গৃহ পৰিৱেশৰ ভূমিকা অনস্বীকাৰ্য। এইবোৰ যথাস্থানত তাৰ প্ৰয়োজন মতে আমি আলোচনা কৰিছো। এই সকলোবোৰ প্ৰভাৱৰ কেন্দ্ৰস্থ প্ৰকাশ তথা সামগ্ৰিক প্ৰতিফলনেই হৈছে ব্যক্তিত্ব। এই কথাষাৰ কিছু বিশ্লেষণ কৰি আৰু বাস্তৱ দৃষ্টিভংগীৰে ক’ব পাৰি যে শিশুৰ চালুকীয়া আৰু অসহায় অৱস্থাত দেখা দিয়া তাৰ দৈহিক প্ৰয়োজনবোৰ সি গৃহ পৰিৱেশৰ পৰাই পূৰণ কৰে। এনেবোৰ দৈহিক প্ৰয়োজন পূৰণৰ সন্তোষজনক অথবা অসন্তোষজনক অৱস্থাই তাৰ মানসিক, বৌদ্ধিক আৰু আৱেগিক জীৱন সেই অনুৰূপে সুস্থ বা অসুস্থভাৱে প্ৰভাৱিত কৰি তোলে। গৃহ পৰিৱেশত শিশুৱে তাৰ সামাজিক জীৱনৰো পাতনি মেলে। পৰিয়ালৰ চাল-চলন, ধৰণ-কৰণ, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, অনুশাসন ব্যৱস্থা আদিয়ে শিশু-ব্যক্তিত্বৰ বাহ্যিক আচৰণৰ দিশটো সামাজিক গ্ৰহণযোগ্যতাৰ ৰূপত গঢ় দি তোলে। সেইদৰে পৰিয়ালৰ মাজত থকা আস্থা, নিষ্ঠা, বিশ্বাস আদিৰ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱে শিশু-ব্যক্তিত্বৰ মানসিক জীৱনৰ গাঠনি প্ৰস্তুত কৰি তোলে। পৰিয়ালৰ মাজত লাভ কৰা এনে এটা সামাজিক পৰিস্থিতি আৰু প্ৰভাৱে শিশুৰ নৈতিক জীৱনৰ ন্যায়-অন্যায়, উচিত-অনুচিত আদি বিচাৰ-বিবেচনাৰ মনোভাৱ আৰু আচৰণ গঢ় দি তোলে। সেইবাবে চমুকৈ ক’ব পাৰি যে শিশুৰ গৃহ পৰিৱেশেই সামগ্ৰিক ৰূপত তাৰ ব্যক্তিত্বৰ বুনিয়াদ ৰচনা কৰে।

(২) শিক্ষানুষ্ঠানঃ

বৰ্তমান স্কুলৰ শিক্ষা-ব্যৱস্থা ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব গঠনৰ প্ৰতি অধিক সচেতন। ছাত্ৰৰ ব্যক্তিত্বত যাতে সুস্থ প্ৰভাৱ পৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্কুলৰ কাৰ্যসূচী আৰু অধ্যয়নৰ বিষয়সূচী সচেতনভাৱে প্ৰস্তুত আৰু পৰিচালনা কৰা হয়। ব্যক্তিত্ব গঠনৰ বাবে স্কুলৰ পৰিৱেশ হৈছে সচেতনভাৱে নিয়ন্ত্ৰিত আৰু পৰিচালিত এক সামাজিক পৰিৱেশ। শিশুৱে স্কুলৰ সামাজিক পৰিৱেশত ব্যক্তিগতভাৱে নিজকে খাপ খুৱাই ল’বলৈ চেষ্টা কৰে। এনে কাৰ্যত নিজৰ ভাব-অনুভূতি, চিন্তা, অভিজ্ঞতা আদিআনৰ লগত আদান-প্ৰদান কৰা হয়, নিজৰ মানসিক আৰু আৱেগিক অৱস্থা স্কুলৰ সামাজিক পৰিৱেশৰ অনুকূলে গঢ় দি তোলা হয় আৰু ব্যক্তিগত অৱস্থাৰ আৱশ্যকীয় সংশোধন আৰু পৰিৱৰ্তন সাধন কৰা হয়। এইক্ষেত্ৰত শিক্ষকৰ শক্তিশালী ব্যক্তিত্বৰ প্ৰভাৱে ছাত্ৰৰ অনুভূতি, চিন্তা আৰু ক্ৰিয়া এক বিশেষ ৰূপত গঢ় দি তোলে। শিশুৰ বাবে স্কুলৰ পাঠ্যসূচীৰ বৌদ্ধিক গ্ৰহণযোগ্যতা, সহ-পাঠ্যসূচীৰ ক্ৰিয়া-কলাপত সক্ৰিয় সহযোগিতা আৰু শিক্ষকৰ অনুশাসন নীতি আৰু তাৰ কাৰ্যব্যৱস্থা গ্ৰহণ আদিয়ে এই দিশত মুখ্য ভূমিকা গ্ৰহণ কৰে। শিশু-ব্যক্তিত্বৰ ওপৰত পৰা শিক্ষাৰ এই সামগ্ৰিক প্ৰভাৱক সেয়েহে চমুকৈ তিনিটা দিশত বিভক্ত কৰিব পাৰি, যেনে- (ক) শিশু আৰু পাঠ্যসূচীৰ সম্বন্ধ, (খ) শিশু আৰু শিক্ষকৰ সম্বন্ধ আৰু (গ) শিশু আৰু শিশুৰ মাজত সম্বন্ধ। এই সম্বন্ধে বহলাই আলোচনাৰ প্ৰয়োজনীয়তা এই প্ৰসংগত আমি অনুভৱ কৰা নাই।

(৩) সমাজঃ

শিশুৰ সামাজিক পৰিসৰ আৰু এই সম্বন্ধীয় ক্ৰিয়া অভিজ্ঞতা স্বাভাৱিকতেই সীমাবদ্ধ। সেইবাবে শিশুৰ সামাজিক প্ৰভাৱ বোলোতে বয়সস্থসকলে লাভ কৰা ব্যাপক পৰিসৰৰ সামাজিক প্ৰভাৱৰ বিষয়ে ইয়াত বিবেচনা কৰিব পৰা নাযায়। নিচেই চালুকীয়া শিশুৰ বাবে গৃহ পৰিৱেশেই হৈছে তাৰ সামাজিক পৰিৱেশ। পৰিয়ালৰ বিভিন্ন ব্যক্তি আৰু পৰিস্থিতিৰ প্ৰতি সুখ-দুখৰ সামাজিক প্ৰতিক্ৰিয়া কৰি উঠি সি ক্ৰমে খেলা-ধূলাৰ প্ৰতি আগ্ৰহী হয়। চালুকীয়া অৱস্থাত ই আত্মকেন্দ্ৰিক বিধৰ হ’লেও খেলাই শিশুক সমাজমুখী কৰি গঢ় দি তোলে। ফলস্বৰূপে তাৰ প্ৰতিক্ৰিয়া আৰু আচৰণ আমাৰ চকুত পৰে। এই সময়ৰে পৰা আমি শিশুৰ ব্যক্তিত্বৰ কথা কওঁ। প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত কৰা খেলা-ধূলাত শিশুৰ এই সামাজিক ৰূপ অভিব্যক্ত হৈ উঠে। এনে খেলা-ধূলাৰ যোগে শিশুৱে নিজ মনৰ ভাব-অনুভূতি ব্যক্ত কৰে, ভাষাৰ শব্দ-জ্ঞান বৃদ্ধি পায়, অনুশাসনৰ মনোভাৱ জাগি উঠে আৰু ক্ৰিয়াৰ সহযোগিতা লাভ কৰিবলৈ শিকে। শিশু-ব্যক্তিত্বৰ প্ৰাৰম্ভিক গাঠনি আৰু তাৰ অভিব্যক্তি লাভ কৰাৰ ক্ষেত্ৰত খেলাৰ এনেবোৰ সামাজিক অভিজ্ঞতা অতি গুৰুত্বপূৰ্ণ।

অন্যান্য প্ৰভাৱঃ

(১) আত্ম-সচেতনতাঃ

ব্যক্তিত্বৰ ওপৰত বংশগতি আৰু পৰিৱেশ বহলভাৱে প্ৰভাৱ পেলায় যদিও বৰ্তমান এইক্ষেত্ৰত থকা বিবিধ মানসিক দিশৰ প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰি। ব্যক্তিমনত আত্মসত্বাৰ উপলব্ধি অথবা আত্ম-সচেতনতাই বিভিন্ন পৰিস্থিতিত এক অন্তশ্চালন শক্তি ৰূপে কাম কৰে। পৰিৱেশৰ পৰিস্থিতি অনুযায়ী ব্যক্তিৰ প্ৰতিক্ৰিয়া আৰু আচৰণ কেনে ৰূপত প্ৰকাশ লাভ হ’ব সি বহু পৰিমাণে নিৰ্ভৰ কৰে ব্যক্তিৰ এই আত্ম-সচেতনতা অথবা অহম্ কেন্দ্ৰিকতাৰ প্ৰভাৱৰ ওপৰত। ব্যক্তি সাপেক্ষে এনে আত্ম-সচেতনতা ভাবৰ তাৰতম্য হোৱা হেতুকে প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্ব গঠনত এক অনন্য আৰু অনুপম স্বকীয় বৈশিষ্ট্য পৰিলক্ষিত হয়। প্ৰতিজন ব্যক্তিৰ বংশগতি আৰু পৰিৱেশে দিয়া সা-সুবিধাসমূহ কেনে ৰূপত উপযোজন অথবা প্ৰয়োগকৰণ কৰা হৈছে সেইটো ঘাইকৈ নিৰ্ভৰ কৰে ব্যক্তিৰ এই আত্ম-সচেতনতাৰ ওপৰত।

(২) শিশুৰ নামকৰণঃ

ব্যক্তিৰ নামৰ ওপৰত আমি বহু সময়ত তেনে কোনো গুৰুত্ব আৰোপ নকৰো যদিও ই শিশুৰ ব্যক্তিত্ব গঠনত পেলোৱা প্ৰভাৱ সমূলি অস্বীকাৰ কৰিব নোৱাৰি। নামে সচৰাচৰ ব্যক্তিৰ দৈহিক আৰু আবয়ৱিক বৰ্ণনা, মানসিক দোষ-গুণসমূহৰ বৰ্ণনা আৰু সমাজত জাতিগত বৈশিষ্ট্য ব্যৱসায় তথা ব্যক্তিগত স্থান আৰু মান সম্বন্ধীয় অৱস্থা এটাক বুজায়। পৰিয়ালৰ মাজতো শিশুৰ স্থান আৰু মান অনুযায়ী ‘বৰ’, ‘মাজু’, ‘সৰু’ আৰু সেইদৰে ‘বেবি’, ‘মিনি’ অথবা তেনে ধৰণৰ নামকৰণ কৰা দেখা যায়। এনেবোৰ নাম প্ৰদান কাৰ্যই বহু সময়ত শিশুৱে সমাজৰ লোকৰ পৰা পাবলগীয়া স্থান, মান আৰু সামাজিক মৰ্যাদা আদিও সুস্পষ্ট কৰি তোলে। ইয়াৰ উপৰি শিশুৰ নাম সুশ্ৰাব্য নহ’লে অথবা লগৰ সমনীয়াই সহজে তাক উচ্চাৰণ কৰিব পৰা বিধৰ হৈ নুঠিলে সি শিশুৰ বাবে সততে অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে কোনো শিশুৰ দৈহিক অস্বাভাৱিকতা, যেনে- অতি শকত, ক্ষীণ, চাপৰ, পেটেলা, লেঙেৰা আদিৰ প্ৰতি লক্ষ্য কৰি লগৰ শিশুৱে তাৰ একোটা ব্যংগ নাম দি মাতি আনন্দ পায়। এই ক্ষেত্ৰত আনৰ বক্ৰোক্তি আৰু বিৰূপ মন্ব্য আদিয়ে শিশুৰ মনত বিৰক্তি, তিক্ততা আৰু নিজ ব্যক্তিত্বৰ প্ৰতি আনৰ অৱমাননাৰ ভাব অনুভৱ কৰিব লগা হয়।

 

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate