মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা / শিশুৰ ভাষা বিকাশত পৰা বিভিন্ন দিশৰ প্ৰভাৱঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ ভাষা বিকাশত পৰা বিভিন্ন দিশৰ প্ৰভাৱঃ

শিশুৰ ভাষা বিকাশত পৰা বিভিন্ন দিশৰ প্ৰভাৱ আলোচনা কৰা হৈছে

 

শিশুৰ ভাষা বিকাশত নানাবিধ দেহ-মানসিক আৰু পৰিৱেশ-পৰিস্থিতি সম্বন্ধীয় প্ৰভাৱ পৰে। স্বাভাৱিক শিশুৰ বেলিকা সচৰাচৰ ভাষা বিকাশৰ এটি আদৰ্শ পৰ্যায়ক্ৰম অৱস্থাহে ওপৰত বৰ্ণনা কৰা হৈছে। কিন্তু এই স্বাভাৱিক বিকাশৰ ব্যতিক্ৰম হোৱা শিশুৰ সংখ্যাও নিচেই কম নহয়। তাৰোপৰি স্বাভাৱিক বিকাশত শিশুক সহায় কৰিবলৈকো এনেবোৰ সম্ভাৱ্য ব্যতিক্ৰমৰ ধৰণ আৰু ইয়াৰ কাৰণ সম্বন্ধে আমি জনাটো প্ৰয়োজন। তলত এই সম্বন্ধীয় কেতবোৰ দেহ-মানসিক আৰু সামাজিক প্ৰভাৱৰ উল্লেখ কৰা হৈছে।

(১) দৈহিক বিকাশৰ গতিঃ

শিশুৰ দৈহিক বিকাশৰ গতিৰ লগত ভাষা বিকাশৰ নিকট সম্বন্ধ থকাৰ কথা বিশেষজ্ঞসকলে লক্ষ্য কৰিছে। যি শিশুৰ দৈহিক বিকাশৰ গতি স্বাভাৱিক শিশুতকৈ দ্ৰুততৰ তাৰ ভাষা আয়ত্বকৰণো অধিক খৰতকীয়া হয়। আনহাতে দৈহিক বিকাশত লেহেম গতিৰ শিশুৱে ভাষা বিকাশৰ বেলিকা স্বাভাৱিক শিশুৰ গতি ৰক্ষা কৰিব নোৱাৰে। বহুতো সময়ত দেখা যায় যে এনে শিশুৰ অস্বাভাৱিকভাৱে মন্থৰ গতিৰ ভাষা বিকাশ অভিভাৱকসকলৰ বাবে উৎকণ্ঠাৰ কাৰণ হৈ পৰে। অৱশ্যে এনে অৱস্থাত ধৈৰ্য ধৰি শিশুৰ অক্ষমতাখিনি বুজিবলৈ চেষ্টা কৰি সেই অনুক্ৰমে তাক প্ৰয়োজনীয় সহায় কৰিলে এটা সময়ত সি তাৰ পশ্চাদগতি দূৰ কৰি বিকাশৰ সমতা ৰক্ষা কৰিবগৈ পাৰে।

(২) বৌদ্ধিক ক্ষমতাঃ

শিশুৰ জন্মগত বৌদ্ধিক ক্ষমতাই তাৰ ভাষা বিকাশত এক নিশ্চিত প্ৰভাৱ পেলায়। বুদ্ধি-বৃত্তিত প্ৰখৰ হোৱা শিশুৱে তাৰ পৰিৱেশৰ লগত অতি শীঘ্ৰে পৰিচিত হৈ উঠি উন্নত আচৰণ প্ৰদৰ্শন কৰিব পাৰে। এনে শিশুৰ ভাষা বিকাশৰ গতি সেয়েহে স্বাভাৱিক শিশুতকৈ প্ৰায় চাৰিমাহ আগুৱাই যোৱাটো সম্ভৱপৰ। আনহাতে হীনবুদ্ধিৰ শিশুৱে তাৰ স্বাভাৱিক অক্ষমতাৰ হেতুকে নিজ পৰিৱেশৰ লগত খাপ খুৱাই ল’বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। তাৰ প্ৰতিক্ৰিয়া আৰু ভাব-অনুভূতি আদিও হয় সীমাবদ্ধ। ফলত তাৰ ভাষা বিকাশৰ গতি স্বাভাৱিক শিশুতকৈ এবছৰৰো অধিক কাললৈ পিচুৱাই যাব পাৰে। বৌদ্ধিক ক্ষমতাসম্পন্ন শিশুৱে কেৱল ভাষাৰ ক্ষেত্ৰতে নহয়, মানসিক বিকাশৰ আন সকলো দিশতে স্বাভাৱিক শিশুক অতিক্ৰম কৰি যায়।

(৩) লিঙ্গ পাৰ্থক্যঃ

ভাষাজ্ঞান আয়ত্বকৰণৰ ক্ষেত্ৰত ল’ৰা আৰু ছোৱালীৰ মাজত থকা পাৰ্থক্যৰ কথাও বিবেচনাযোগ্য। ল’ৰাতকৈ ছোৱালীৰ আগেয়ে মাত ফুটে আৰু কথা ক’ব পৰা হয় বুলি আমাৰ এটা ধাৰণা আৰু বিশ্বাস আছে। এই ধাৰণা মতে ছোৱালীৰ মুখ পাতল আৰু সেয়ে সোনকালে কথা ক’ব পৰা হয়। অৱশ্যে এই মত কি পৰিমাণে নিৰ্ভৰযোগ্য তাক কোৱা টান। কিন্তু শৈশৱ অৱস্থাত ল’ৰাতকৈ ছোৱালীৰ ভাষা আয়ত্বকৰণৰ ক্ষমতা যে অধিক তাক বিশেষজ্ঞসকলেও ঠাৱৰ কৰিছে। ইয়াৰ উপৰি ল’ৰাৰ কথন ভংগীত স্বাভাৱিকতেই অস্পষ্টতা খোনাই খোনাই কোৱাৰ ভাব আৰু ঘেঁহাই ঘেঁহাই পঢ়াৰ লক্ষণ ছোৱালীতকৈ অধিকভাৱে পৰিলক্ষিত হয়। ছোৱালী এনেবোৰ অসুবিধাৰ পৰা ল’ৰাতকৈ আপেক্ষিকভাৱে মুক্ত। ইয়াৰ সাম্ভাৱ্য কাৰণস্বৰূপে ক’ব পাৰি যে ল’ৰাতকৈ ছোৱালীয়ে নতুন পৰিৱেশ আৰু পৰিস্থিতিত নিজকে সহজে খাপ খুৱাই ল’ব পাৰে। সেইবাবে নিজ অনুভূতি ভাষাৰ যোগেদি অবাধে আৰু আঁৰ নলগাকৈ প্ৰকাশো কৰিব পাৰে।

(২) পৰিয়াল একাধিক শিশুঃ

বিশেষজ্ঞসকলে অনুসন্ধান কৰি পাইছে যে পৰিয়ালৰ মাজত থকা একাধিক শিশুতকৈ এটীয়া শিশুৱে অধিক যোগ্যতাৰে ভাষাজ্ঞান আয়ত্ব কৰিব পাৰে। ইয়াৰ কাৰণ স্বৰূপে দৰ্শোৱা হৈছে যে পৰিয়ালৰ একেটি সন্তানে মাক-দেউতাক আৰু ঘৰৰ অন্যান্য লোকৰ অধিক সান্নিধ্য আৰু আদৰ-যত্ন লাভ কৰে। তেওঁলোকৰ সংস্পৰ্শত থাকি তেনে শিশুৱে উন্নত ভাষা-জ্ঞান সহজে আয়ত্ব কৰিব পাৰে। আনহাতে একাধিক শিশু অথবা যঁজা সন্তানৰ বেলিকা ই তেনেদৰে সম্ভৱ হৈ উঠিব নোৱাৰে। এনে শিশুৱে মাক-দেউতাকৰ পৰা পোৱা আদৰ-যত্ন সিহঁতৰ বাবে আশানুৰূপ হৈ নুঠে। যঁজা সন্তানে পাৰস্পৰিকভাৱে সততেই সিহঁতৰ মাজত নিম্নমানৰ ভাষা আদান-প্ৰদান কৰিব লগা হয়। এটীয়া সন্তানৰ দৰে মাক-দেউতাকৰ লগত সততেই আদান-প্ৰদান কৰাৰ পৰিৱেশ আৰু সুযোগ-সুবিধা গঢ়ি নুঠে। সেয়েহে অনিয়ন্ত্ৰিত পৰিয়ালৰ একাধিক সন্তান অথবা যঁজা সন্তানৰ ভাষা আয়ত্বকৰণৰ ক্ষেত্ৰত লেহেম গতি পৰিলক্ষিত হয়।

(৫) পৰিয়ালৰ সামাজিক মানদণ্ডঃ

পৰিয়ালৰ আৰ্থিক আৰু সামাজিক মানদণ্ডই শিশুৰ ভাষা বিকাশৰ ওপৰত সামূহিকভাৱে এক শক্তিশালী প্ৰভাৱ পেলায়। আৰ্থিক আৰু সামাজিক দিশত নিম্নশ্ৰেণীৰ পৰিয়ালৰ শিশুৱে বহুতো পাবলগীয়া সা-সুবিধা আৰু আদৰ-যত্নৰ পৰা স্বাভাৱিকতেই বঞ্চিত হয়। এনে পৰিয়ালৰ লোকসকলৰ মাজত থকা আচাৰ-ব্যৱহাৰ, কথোপ-কথন, ভাব-অনুভূতিৰ আদান-প্ৰদানৰ পদ্ধতি আদি সচৰাচৰ অসাংস্কৃতিক, ৰুচিহীন আৰু নিম্নমানৰ হয়। এনে অসুস্থ আৰু নিম্নমানবিশিষ্ট ভাষিক পৰিৱেশৰ মাজত শিশুৰ ভাষা বিকাশ আশানুৰূপ নোহোৱাটোৱেই স্বাভাৱিক। আনহাতে সমাজৰ উচ্চশ্ৰেণীৰ লোকসকলৰ সুস্থ, আন্তৰিকতাপূৰ্ণ আৰু আৱেগমধুৰ গৃহ পৰিৱেশৰ উপৰিও তেওঁলোকৰ উন্নত জৈৱিক আৰু সামাজিক বংশগতিৰ এক দৰ্শনীয় প্ৰভাৱ শিশুৰ ওপৰত পৰে। সেইবাবে তেনে শিশুৰ ভাষা আহৰণৰ ক্ষমতা স্বাভাৱিকতেই নিম্নশ্ৰেণীৰ শিশুতকৈ অধিক উন্নত হয়।

অৱশ্যে বৰ্তমান কেতবোৰ আভিজাত্য সচেতন পৰিয়ালত শিশুৰ ভাষা বিকাশ বাধাপ্ৰাপ্ত হৈ পৰাটোও মন কৰিবলগীয়া। এনে পৰিয়ালত শিশু আৰু মাক-দেউতাকৰ মাজত অতি কমেইহে সাক্ষাৎ আৰু মনৰ ভাব-অনুভূতি আদান-প্ৰদানৰ বাবে সময় সুবিধা হয়। সমাজৰ অন্যান্য শ্ৰেণী লোকৰ লগত সামাজিক আৰু আনুভূতিক সংস্পৰ্শ তথা আদান-প্ৰদানৰ সুযোগ-সুবিধাৰ পৰাও শিশু ইয়াত বঞ্চিত হ’ব লগা হয়। ফলত সি সংগহীন আৰু বন্ধুহীন হৈ পৰিব লাগে। মনত ৰখা উচিত যে আভিজাত্য শ্ৰেণী পৰিয়ালৰ আৰ্থিক স্বাচ্ছন্দ্যতা আৰু বৈষয়িক উচ্চ মানবিশিষ্টতাতকৈ শিশুৰ বাবে মাক-দেউতাকৰ সংগ, আদৰ-যত্ন আৰু বন্ধুত্বৰ পৰিৱেশহে অধিক প্ৰয়োজন।

(৬) পৰিয়ালৰ দ্বিভাষিক প্ৰচলনঃ

পৰিয়ালৰ মাজত দুটা বা ততোধিক ভাষা প্ৰচলনৰ অৱস্থাইও শিশুৰ ভাষা বিকাশত প্ৰতিবন্ধকতা আনি দিয়ে। বৰ্তমানে পৰিয়ালৰ সামাজিক গাঠনিৰ দৃষ্টিকোণৰ পৰা এই কথা ক্ৰমে চিন্তাৰ বিষয় হৈ পৰিছে। মাক-দেউতাকৰ মাজত যদি সচৰাচৰ দুটা পৃথক ভাষা কথিত হয় তেন্তে ই শিশুৰ ভাষা বিকাশত খেলিমেলিৰ সৃষ্টি কৰে। শিশুৱে এনে পৰিস্থিতিত পিতৃ-ভাষা শিকি সি বিতৰ্কৰ বিষয় হৈ পৰিলেও দৰাচলতে ই শিশুৰ ভাষা সম্বন্ধে ধাৰণা গঢ়ি তোলাত তাৰ মনত এক জটিল পৰিস্থিতিৰহে সৃষ্টি কৰে। এই ক্ষেত্ৰত সি যিজনৰেই অধিক সান্নিধ্য লাভ কৰে তেওঁৰ কথিত ভাষাকেই আয়ত্ব কৰি লয়। চালুকীয়া অৱস্থাত দুটা বা ততোধিক ভাষাৰ প্ৰচলনে শিশুৰ মনত শব্দসমূহৰ প্ৰয়োজনীয় ধাৰণা দিব নোৱাৰে। ইয়াৰ ফলত সি আনৰ লগত ভাবৰ আদান-প্ৰদান কৰোতে হীনাত্মিকা মনোভাৱত ভুগিব লগাও হ’ব পাৰে। এনে শিশুৱে স্কুলৰ শ্ৰেণীকক্ষ আৰু খেলা-ধূলাৰ পৰিস্থিতিত নিজকে খাপ খুৱাই লোৱাত অসুবিধা পায়। উল্লেখযোগ্য যে বৰ্তমানে বহুতো লোকে নিজৰ সময় সুবিধাৰ অভাৱত শিশুৰ গুৰুত্বপূৰ্ণ ভাষা বিকাশৰ সময়খিনিত শিশু প্ৰতিপালনৰ ভাৰ অন্যভাষী পৰিচাৰিকাৰ ওপৰত এৰি দিয়ে। এনে ব্যৱস্থাই শিশুৰ মাতৃভাষা বিকাশত অত্যন্ত ক্ষতিসাধন কৰে।

(৭) মুখ-গহ্বৰৰ গঠনঃ

ভাষা বিকাশৰ লগত জড়িত থকা মুখ-গহ্বৰৰ গঠন অস্বাভাৱিক হ’লে শিশুৰ স্বৰধ্বনি উচ্চাৰণত বাধাৰ সৃষ্টি কৰিব পাৰে। এনে অস্বাভাৱিকতাই কোনো কোনো সময়ত জটিল সমস্যাৰো সৃষ্টি কৰিব পাৰে। মুখ-গহ্বৰৰ জিভা, তালু, আগদাঁত, ওঁঠ আদিৰ গঠন অস্বাভাৱিক হ’লে শব্দৰ উচ্চাৰণ স্বাভাৱিক হৈ নুঠে। উদাহৰণস্বৰূপে মুখৰ আগদাঁত দুটা অধিক ফাঁক হৈ থাকিলে দন্ত্য ‘ত’ উচ্চাৰণৰ বেলিকা ‘চ’ উচ্চাৰণ কৰাহে দেখা যাব। সেইদৰে দাঁতৰ বিৰিয়া গঁজা, জিভা চুটি হোৱা, ওঁঠ দুটাৰ মাজত ফাঁক হৈ থকা আদি অস্বাভাৱিক অৱস্থাই শিশুৰ শব্দ উচ্চাৰণত সমস্যাৰ সৃষ্টি কৰে। এনেবোৰ অসুবিধা গুচাবৰ বাবে চিকিৎসকৰ আৱশ্যকীয় পৰামৰ্শ লোৱাটোও প্ৰয়োজন হৈ পৰে।

ভাষাৰ কথন, পঠন আৰু লেখন প্ৰক্ৰিয়াঃ

 

ভাষাৰ সমূহ বিষয়বস্তুক তিনিটা প্ৰধান দিশত বিভক্ত কৰিব পৰা যায়। সেয়া হৈছে কথন, পথন আৰু লেখন প্ৰক্ৰিয়া। শিশুৰ ভাষা বিকাশৰ প্ৰসংগত এই তিনিওটা দিশৰে প্ৰয়োজনীয় অংশৰ আলোচনা এৰাই চলিব নোৱাৰি। অৱশ্যে এই সম্বন্ধীয় অধ্যয়ন বিশেষজ্ঞসকলৰ অধ্যয়ন আৰু অভিজ্ঞতা সাপেক্ষে হোৱা বাবে সৰ্বসাধাৰণৰ বাবে স্বাভাৱিকতেই ই এক জটিল বিষয়। তথাপি এই সম্বন্ধে কৰা আমাৰ আলোচনাত ইয়াৰ জটিলতা যথাসম্ভৱ এৰাই চলি সাধাৰণভাৱে গ্ৰহণযোগ্যখিনিহে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

বাক-কৌশলঃ

মানুহে প্ৰয়োগ কৰা মৌখিক ভাষাৰ অন্তৰালত আমাৰ শব্দ-যন্ত্ৰৰ এক বিশেষ যান্ত্ৰিক কৌশল নিহিত আছে। এই কৌশলৰ লগত দেহৰ স্নায়ু, পেশী, হাওঁফাওঁ আৰু মস্তিষ্কৰ এক সুসমন্বিত ক্ৰিয়া-ব্যৱস্থা জড়িত, যাক ব্যাখ্যা কৰাটো এক কঠিন কাম। এই বিশেষ কৌশলৰ অধিকাৰী হ’ব পৰা বাবে মানুহে কেৱল ভাবৰ আদান-প্ৰদানেই নহয়, জ্ঞান-বিজ্ঞানৰ বিকাশ সাধন কৰি তোলাটোও সম্ভৱ হৈ উঠিছে।

আমাৰ মুখ-গহ্বৰৰ নিম্ন অংশত থকা স্বৰনলীত এক বাক-যন্ত্ৰ অৱস্থিত। এই যন্ত্ৰৰ সমুখত দুখন পাতল আৱৰণ আৰু দুডাল স্বৰধ্বনি সৃষ্টিকাৰী স্নায়ু-ৰজ্জু বা স্নায়ুতন্ত্ৰী অৱস্থিত। আমাৰ হাওঁফাওঁৰ পৰা শ্বাসনলীয়েদি বতাহ মুখৰ বাহিৰলৈ ওলাই আহোঁতে এই বিশেষ স্নায়ু-ৰজ্জু দুডালত স্বৰৰ কঁপনি তোলে। বাক-যন্ত্ৰৰ লগত সংযুক্ত থকা পাতল আৱৰণ দুখনে এই স্বৰধ্বনি প্ৰয়োজন অনুসৰি বিশেষ বিশেষভাৱে নিয়ন্ত্ৰণ কৰে। স্বৰনলীৰ বহিঃমুখী বায়ুয়ে স্নায়ু-ৰজ্জুত কঁপনি তোলা স্বৰ যদি অধিক দৃঢ়ভাৱে এই আৱৰণে নিয়ন্ত্ৰণ কৰে তেন্তে উচ্চ স্বৰ মুখ-গহ্বৰত ধ্বনিত হয়। সেইদৰে শ্বাসনলীৰ নিঃসিক্ত বায়ুৱে স্নায়ু-ৰজ্জুত কঁপনি তোলোতে তাক এই আৱৰণে শিথিলভাৱে নিয়ন্ত্ৰণ কৰিলে উচ্চাৰিত ধ্বনি কোমল নিম্নস্তৰত পৰিণত হয়। শ্বাসনলীৰ বায়ু অকণো বা নিয়ন্ত্ৰণ নোহোৱাকৈ বাক-যন্ত্ৰ বহলভাৱে মেলি দিলে স্বৰহীন ফুচফুচনিৰ অৱস্থাত পৰিণত হয়। শব্দ উচ্চাৰণৰ এই গোটেই প্ৰক্ৰিয়াটো হাওঁফাওঁৱে শ্বাসনলীয়েদি নিঃসৰণ কৰা বায়ুৰ গতি প্ৰবাহ স্বৰতন্ত্ৰীত তাৰ কম্পনৰ তীব্ৰতা আৰু শব্দযন্ত্ৰৰ আৱৰণে কৰা তাৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল।

অৱশ্যে এই শব্দ উচ্চাৰণ প্ৰক্ৰিয়াটোৰ লগত মুখ-গহ্বৰৰ জিভা, তালু, ওঁঠ, দাঁত, নাক আদি অংশত কম-বেছি পৰিমাণে জড়িত। উল্লেখযোগ্য যে স্বৰনলীত ধ্বনিত হোৱা শব্দ কতো বাধাপ্ৰাপ্ত বা সংশোধিত নোহোৱাকৈ স্বাভাৱিকভাৱে উচ্চাৰিত হ’লে স্বৰবৰ্ণৰ ধ্বনিসমূহ পাব পৰা যায়। সেয়েহে শিশুৱে এই স্বৰবৰ্ণৰ ধ্বনিসমূহ সহজে উচ্চাৰণ কৰিব পাৰে। আনহাতে স্বৰতন্ত্ৰীত উচ্চাৰিত হোৱা ধ্বনি মুখ-গহ্বৰৰ বিভিন্ন অংশৰ দ্বাৰা বিশেষভাৱে নিয়ন্ত্ৰিত, সংশোধিত আৰু প্ৰয়োজন মতে উচ্চাৰিত কৰা হ’লে ব্যঞ্জনবৰ্ণৰ ধ্বনিসমূহ পাব পৰা যায়। ইয়াৰ বাবে শব্দ উচ্চাৰণৰ বিশেষ কৌশল আয়ত্বকৰণৰ প্ৰয়োজন হয়। এই সম্বন্ধে বিশদভাৱে আলোচনা কৰাটো ইয়াত সম্ভৱপৰ নহয়। তথাপিও চমুকৈ ক’ব পাৰি যে অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণৰ শব্দসমূহ মুখ-গহ্বৰৰ বিভিন্ন অংশই বিশেষ বিশেষভাৱে নিয়ন্ত্ৰণ কৰাৰ ওপৰত ভিত্তি কৰি সেইসমূহৰ নামাকৰণো কৰা হৈছে। উদাহৰণস্বৰূপে তালব্য ‘শ’ তালুৰ দ্বাৰা, দন্ত্য ‘স’ আৰু ত-বৰ্গৰ আখৰবোৰৰ দাঁতৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেইদৰে মূৰ্ধণ্য ‘ষ’ আৰু ট-বৰ্গৰ আখৰবোৰ জিভাৰ আগ আৰু তালুৰ দ্বাৰা, অনুনাসিক বৰ্ণ ঙ, ঞ, ণ, ম আদি নাকৰ দ্বাৰা তাৰ বিশেষ বিশেষ স্বৰসমূহ কৌশলেৰে নিয়ন্ত্ৰিত কৰা হয়।

শব্দ উচ্চাৰণৰ এই কাৰ্যত মস্তিষ্কৰ ভূমিকাও মন কৰিবলগীয়া। কোনো এক বিশেষ স্বৰযুক্ত শব্দ উচ্চাৰণ আৰু তাক অৰ্থযুক্তভাৱে ভাষাত প্ৰয়োগ কৰাৰ বেলিকা দেহৰ স্নায়ুতন্ত্ৰ আৰু মস্তিষ্কইহে তাৰ প্ৰয়োজনীয় সংকেত দিয়ে। মস্তিষ্ক ক্ৰিয়াবিহীন অৱস্থাত এই স্বৰসমূহে কেতিয়াও ভাষাৰ ৰূপ ধাৰণ কৰিব নোৱাৰে। মস্তিষ্কৰ লগত স্নায়ু-সংযোগ ৰক্ষা কৰিহে মুখ-গহ্বৰৰ বিভিন্ন অংশৰ দ্বাৰা শব্দসমূহ অৰ্থযুক্তভাৱে আৰু প্ৰসংগক্ৰমে উচ্চাৰিত হয়। এই ক্ষেত্ৰত শ্ৰৱণ-দৰ্শন আদি আন আন জ্ঞানেন্দ্ৰিয়য়ো সহযোগ কৰে। মস্তিষ্কৰ বাক-অঞ্চল নামৰ বিশেষভাৱে নিৰ্ধাৰিত এক অংশ অৱস্থিত। ইয়াৰ লগত অন্যান্য ইন্দ্ৰিয় অনুভূতিবোৰে সহযোগ কৰা অনুসংগ অঞ্চল নামৰ আন এটা অংশৰো যোগাযোগ থাকে। পৰিস্থিতি অনুযায়ী মস্তিষ্কই শব্দৰ যি প্ৰয়োজনীয় সংকেত দিয়ে সি বাক-অঞ্চলৰ যোগেদি প্ৰধান স্নায়ুপথ আৰু শাখা-স্নায়ুসমূহৰ মাজেদি গতি কৰি মুখ-গহ্বৰৰ বিভিন্ন অংশৰ পেশীসমূহ প্ৰয়োজন মতে উত্তেজিত কৰি তোলে। ইয়াৰ ফলস্বৰূপেহে উপযুক্তভাৱে স্বৰ, শব্দ আৰু ভাষাৰ প্ৰয়োগ কৰাটো আমাৰ বাবে সম্ভৱ হৈ উঠে।

বাক-কঠিনতাঃ

 

শব্দ উচ্চাৰণ হৈছে মুখ-গহ্বৰৰ এক বিশেষ কৌশল যাক সকলোৱে সমানে আয়ত্ব কৰিব নোৱাৰে। শব্দ উচ্চাৰণৰ কঠিনতা বা স্বাভাৱিকতাত এক বুজন সংখ্যক লোকে ভোগ কৰে। উল্লেখযোগ্য যে ইয়াৰ সামান্য অৱস্থাৰ পৰা ক্ৰমে গুৰুতৰ অৱস্থাপ্ৰাপ্ত হোৱা বাক-অক্ষমতা বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। এনে অক্ষমতাৰ স্বৰূপ আৰু গভীৰতা অনুযায়ী এইসমূহৰ কেবাটাও ভাগ কৰিব পাৰি। যেনে- (১) শব্দৰ দ্ৰুত উচ্চাৰণৰ ফলত হোৱা অৰ্থৰ অস্পষ্টতা, (২) কেতবোৰ বিশেষ শব্দ মুখত লাগি লাগি ধৰা বাকস্খলন আৰু (৩) শব্দ উচ্চাৰণত একেবাৰেই ব্যৰ্থ হৈ পৰি নিজে বিৰক্তি অনুভৱ কৰা অৱস্থা বা বাক-অক্ষমতা। পাছৰ দুবিধ অস্বাভাৱিকতাত ভোগা লোককে সচৰাচৰ খোনা বুলি জনা যায়।

বাক-অস্পষ্টতাঃ

 

বাক-কঠিনতাৰ ক্ষেত্ৰত অস্পষ্ট উচ্চাৰণ তেনে কোনো গুৰুতৰ বিধৰ অস্বাভাৱিকতা নহয়। ইয়াত ব্যক্তিয়ে নিজ ভাব প্ৰকাশৰ বাবে কোৱা শব্দবোৰ মুখৰ ভিতৰত ইমান দ্ৰুত গতিত ধাৱিত হয় যে সি ভালকৈ উচ্চাৰিত নোহোৱাৰ ফলত তাৰ অৰ্থ আনৰ বাবে বুজিবলৈ টান হয়। শব্দৰ ব্যৱহাৰ কিছু জানি উঠাৰ সময়ত কোনো কোনো শিশুৱে নিজৰ মনোভাব আনক ব্যক্ত কৰিবলৈ ব্যগ্ৰ হৈ পৰা সময়ত এনে অৱস্থা হোৱাটো স্বাভাৱিক। বিশেষজ্ঞসকলে কিছু আৱেগিক কাৰণ ইয়াত নিহিত থকাৰ কথা উল্লেখ কৰে। কেতিয়াবা আকৌ কোনো কোনো শিশুৱে নতুন পৰিস্থিতিত আচহুৱা ব্যক্তিৰ উপস্থিতিত নিজৰ বাক-অস্পষ্টতা প্ৰদৰ্শন কৰে। এনে শিশুৱে স্বাভাৱিক অৱস্থাত কথা ক’ব পৰা হ’লেও এনে নতুন পৰিস্থিতিত বন্ধ হৈ থকা মুখৰ ভিতৰতে কেতবোৰ অস্পষ্ট শব্দৰ গুৰগুৰণি তোলা অথবা সমূলি বাকহীন হৈ পৰাও দেখা যায়। আনৰ সংস্পৰ্শহীনভাৱে গৃহ পৰিৱেশত এনে শিশুৱে ভাষাজ্ঞান আয়ত্ব কৰিব লগা হোৱাত নিজ মনত স্বাভাৱিকতেই আনৰ প্ৰতি আশংকা আৰু অস্বস্তিৰ ভাব আৰু উত্তেজনা আহি পৰে। ফলত তেনে মুহূৰ্তত বাকশক্তি হেৰুৱাই পেলোৱাৰ অৱস্থাপ্ৰাপ্ত হয়।

বাক-স্খলন আৰু বাক-অক্ষমতাঃ

এই দুইবিধ অৱস্থা ভাষাৰ ক্ষেত্ৰত বিশেষ প্ৰতিবন্ধকতা স্বৰূপ। এই দুয়োবিধ বাক-অস্বাভাৱিকতাৰ মাজত আচৰণৰ পাৰ্থক্য এয়ে যে বাক-স্খলন হোৱা ব্যক্তিয়ে কিছু শব্দ উচ্চাৰণ কৰিব পাৰে। কিন্তু যিবোৰ শব্দৰ প্ৰথম আখৰটো ব্যঞ্জনবৰ্ণৰ দ্বাৰা ধ্বনিত হয় তেনে শব্দ উচ্চাৰণত এওঁলোকে ব্যৰ্থ হয় আৰু তাক বাৰে বাৰে উচ্চাৰণৰ চেষ্টা কৰাৰ ফলত শব্দৰ স্বাভাৱিক উচ্চাৰণ বিকৃত হৈ পৰে। যেনে- ভ-ভ-ভ ভয়ানক, দ-দ-দ দৈত্য। আনহাতে বাক-অক্ষমতাৰ বেলিকা ব্যক্তিয়ে শব্দ উচ্চাৰণত প্ৰায় সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। শব্দ উচ্চাৰণৰ বেলিকা এনে লোকৰ প্ৰচেষ্টা আৰু ব্যৰ্থতাৰ কেতবোৰ লক্ষণ আমাৰ চকুত পৰে। কথা ফুটাই তুলিবলৈ মুখমণ্ডলৰ নানা অংগী-ভংগী কৰা, বৈশিষ্ট্যপূৰ্ণভাৱে মূৰ দুপিওৱা আৰু জোকৰা, উশাহ-নিশাহ চুটি হৈ সেপ ঢুকা, হাত-ভৰি আৰু দেহৰ জোকাৰণি আদিৰে এক দৰ্শনীয়ভাৱে চেষ্টা কৰা আৰু এনেবোৰ দৈহিক প্ৰচেষ্টাৰ ফলত আৱেগিক উত্তেজনা বৃদ্ধি পাই উঠি বাকৰুদ্ধ হৈ যোৱা অৱস্থা আদিয়েই হৈছে ইয়াৰ কেতবোৰ সাধাৰণ লক্ষণ।

বাক-স্খলন আৰু বাক-অক্ষমতা সম্বন্ধে বিশেষজ্ঞসকলে বিভিন্ন কাৰণ দাঙি ধৰে। ইয়াৰ ভিতৰত ব্যক্তিৰ অস্বাভাৱিক আৱেগিক উত্তেজনা আৰু দেহ-সঞ্চালনাত্মক ক্ৰিয়াৰ দোষযুক্ততাই প্ৰধান কাৰণ স্বৰূপে দাঙি ধৰিব পাৰি। গৃহ পৰিৱেশৰ অপ্ৰত্যাশিতভাৱে পৰিৱৰ্তন হোৱা মৰমৰ ব্যক্তিজন আঁতৰি যোৱা, মনত ঈৰ্ষাৰ ভাব পোষণ কৰা, অকৃতকাৰ্যতাৰ ভয়, নিৰাপত্তাহীনতা অনুভৱ কৰা, গৃহ পৰিৱেশৰ কঠোৰ অনুশাসন ব্যৱস্থা আদি অৱস্থাই শিশুৰ এই দুবিধ কথন অস্বাভাৱিকতাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ক’ব পাৰি যে অসুস্থ গৃহ পৰিৱেশ ইয়াৰ বাবে বিশেষ ক্ষতিকাৰক। মনোবৈজ্ঞানিক নিদানত ব্যক্তি-বিশেষৰ সম্বন্ধে কৰা অধ্যয়নৰ পৰাও পোৱা হৈছে যে এহতীয়াকৈ কাম কৰাৰ অভ্যাস থকা লোকক আনখন হাতৰ ব্যৱহাৰ কৰিবলৈ শিকোৱাৰ ফলতো বাক-অক্ষমতা পৰিলক্ষিত হয়। অৱশ্যে সকলো বাক-অক্ষম লোকৰ ক্ষেত্ৰতে এনে পৰিৱৰ্তনৰ প্ৰভাৱ নাথাকিলেও ব্যক্তিৰ অংগ সঞ্চালন ক্ৰিয়াৰ লগত ইয়াৰ সম্বন্ধ থকাৰ কথা নুই কৰিব নোৱাৰি। বিশেষজ্ঞসকলে জানিব পাৰিছে যে বাক-অক্ষম শিশু পেশী সঞ্চালন সম্বন্ধীয় ক্ৰিয়াৰ বেলিকা সৰ্বসাধাৰণ শিশুতকৈ পিচপৰা। কথন অক্ষমতা বংশগতভাৱে পোৱা হয় বুলিও কোনো কোনো বিশেষজ্ঞই মত প্ৰকাশ কৰে। তেওঁলোকৰ মতে এই বংশ প্ৰভাৱ মাক-দেউতাকৰ পৰা অথবা দুই-তিনি বংশৰ পূৰ্বৰ কোনো লোকৰ পৰাও উত্তৰ পুৰুষলৈ গতি কৰাটো সম্ভৱপৰ। সি যি কি নহওক, ওপৰৰ আলোচনাৰ পৰা এই কথা ক’ব পাৰি যে ভাষা সংক্ৰান্তত শিশুৰ জন্মগত অক্ষমতাতকৈ পৰিৱেশ আৰু পৰিস্থিতিয়ে আনি দিয়া অসুস্থ প্ৰভাৱ অতি শক্তিশালী।

শিশুৰ এই কথন অস্বাভাৱিকতাৰ অৱস্থা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ যোগে কিছু উপশম কৰিব পৰা যায়। ইয়াৰ বাবে শিশু পৰিৱেশৰ অসুস্থ আৱেগিক প্ৰভাৱসমূহৰ কাৰণ সূক্ষ্মভাৱে বিচাৰ কৰি চাব লাগে। শিশুৰ দৈহিক দিশৰ খেলা-ধূলা, আৱেগিক দিশৰ মৰম-আদৰ-যত্ন আৰু সামাজিক দিশৰ স্বাধীনতা স্বীকৃতি আৰু নিৰাপত্তা ভাব আদি প্ৰয়োজনবোৰ পূৰণ হোৱালৈ লক্ষ্য ৰাখিব লাগে। শিশুৰ অস্বস্তিকৰ পৰিৱেশৰ পৰিৱৰ্তনে এইক্ষেত্ৰত তাৰ অৱস্থাৰ উন্নতি আনিব পাৰে। উল্লেখযোগ্য যে অপৰিচিত ব্যক্তিৰ ওচৰত ব্যক্তিগতভাৱে নিজৰ কথন অক্ষমতা দেখুৱা শিশুৱে সমবেত গীত-মাত, প্ৰাৰ্থনা আৰু পাঠদান কালত নিজৰ ব্যৰ্থতা বহু পৰিমাণে গুচাব পাৰে। সংগীত, নৃত্য আৰু দৈহিক সঞ্চালনমূলক ক্ৰিয়াৰ শিক্ষা আৰু অনুশীলনৰ যোগে ইয়াৰ প্ৰতিকাৰ ব্যৱস্থা কৰিব পাৰি।

পঠণ প্ৰক্ৰিয়াঃ

পঢ়িব পৰাটো হৈছে ভাষা বিকাশৰ এক উচ্চ পৰ্যায় ক্ষমতা। সকলো মানুহেই নিজ ভাষা মুখেৰে ক’ব পাৰে, কিন্তু সকলোৱেই তাক লিখিব আৰু পঢ়িব নোৱাৰে। ভাষা পঢ়া-লেখা কৰিবৰ বাবে উপযুক্ত শিক্ষাৰ প্ৰয়োজন। সেয়েহে দেখা যায় যে শিশুৱে মৌখিক ভাষা কোৱাৰ বহু পিছতহে তাক পঢ়িব আৰু লেখিব পাৰে। ব্যক্তিৰ এনে অক্ষমতাকেই সাধাৰণতে নিৰক্ষৰতা বুলি জনা যায়। সচৰাচৰ শিশুৱে দুবছৰ বয়সত মৌখিক ভাষা ক’বলৈ আৰম্ভ কৰে। কিন্তু ছবছৰ বা ছবছৰ ছমাহ বয়সতহে সি তাক পঢ়িব পৰা হয়। ইয়াৰ কাৰণ স্বৰূপে ক’ব পাৰি যে পঠণ ক্ৰিয়াৰ বাবে ব্যক্তিমনৰ একাগ্ৰতা, দৰ্শনেন্দ্ৰিয়ৰ আৰু শ্ৰৱণেন্দ্ৰিয়ৰ সহযোগিতামূলক মানসিক ক্ৰিয়া তৎপৰতা আৰু শব্দ আৰু আখৰৰ চিনাক্তকৰণ তথা প্ৰভেদকৰণ ক্ষমতাৰ প্ৰয়োজন। এইবিধ ক্ৰিয়াৰ বাবে প্ৰয়োজন হোৱা চকুৰ গতি-প্ৰখৰতাও মন কৰিবলগীয়া। পঠণ কালত চকুৱে এটা শব্দৰ পৰা আন এটা শব্দলৈ ক্ষিপ্ৰভাৱে গতি কৰি শব্দ উদ্ঘাটন কৰিব লাগে। এনেবোৰ কাৰ্য কৰিবৰ বাবে শিশুৰ সাধাৰণ বৌদ্ধিক মান আৰু কিছু মানসিক পৰিপক্কতাৰো প্ৰয়োজন হয়। ইয়াৰ উপৰি পঠণ ক্ষমতা কিছু পৰিমাণে ব্যক্তিৰ আৱেগিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। ভয়, সন্দেহ, আত্মবিশ্বাসৰ অভাৱ আদি অৱস্থাই পঠণ ক্ৰিয়াত মানসিকভাৱে বাধাদান কৰে। আত্মপ্ৰকাশৰ স্বাধীনতা আৰু স্বতঃস্ফূৰ্ততাৰ এক অৱস্থাইহে এইক্ষেত্ৰত অনুকূল প্ৰভাৱ পেলায়।

পঠণ ক্ষমতাৰ বিকাশঃ

শিশুৰ আখৰ চিনাকিৰ পিছতহে পঠণ ক্ষমতা গঢ়ি উঠিব পাৰে। আখৰ চিনি পাবৰ বাবে শিশুৱে ছবি বা নক্সাৰ সহায় ল’ব লাগে। পৰিচিত জীৱ-জন্তু বা বস্তুৰ ছবিৰ সহায়েৰেহে অপৰিচিত আখৰৰ লগত সি পৰিচিত হয়। সেয়েহে পঠণ ক্ষমতাৰ প্ৰাৰম্ভিক অৱস্থা স্বৰূপে শিশুৱে কিতাপৰ দুই এটা ছবি পূৰ্ব অভিজ্ঞতাৰ ভিত্তিত চিনাক্তকৰণ কৰিব পাৰে। এনে চিনাক্তকৰণৰ লগে লগে মৌখিকভাৱে তাৰ আনুষংগিক শব্দ উচ্চাৰণ কৰি উঠিবও পাৰে। উদাহৰণস্বৰূপে এটা কুকুৰৰ ছবি কিতাপত দেখিলে সি তাক আঙুলিয়াই দেখুৱাই মুখেৰে উচ্চাৰণ কৰে ‘ভউ’ ‘ভউ’ বুলি। প্ৰায় ডেৰ বছৰীয়া শিশুৰ বাবে এনে চিনাক্তকৰণ কৰাটো সম্ভৱপৰ হয়। দুবছৰ বয়সত এই অৱস্থাৰ অধিক উন্নতি হয় আৰু সি কিতাপৰ ছবিত দেখা বস্তুৰ নাম উচ্চাৰণ কৰিব পৰা হয়। অৱশ্যে এনে এটা অৱস্থাই পিছলৈ তাৰ পঠণ ক্ষমতা গঢ় দি তোলে যদিও ই প্ৰকৃত অৰ্থত পঢ়িব পৰা অৱস্থাক নুবুজায়।

তিনি বছৰৰ পিছৰ পৰা শিশুৱে কিতাপৰ ডাঙৰ ডাঙৰকৈ ছপা কৰা আখৰ এটা এটাকৈ চিনি পাব আৰু তাক মুখেৰে উচ্চাৰণ কৰিব পাৰে। অৱশ্যে এইক্ষেত্ৰত সি অংকিত চিত্ৰৰ সহায় ল’ব লাগে। কলৰ চিত্ৰৰ সহায়েৰে ‘ক’ অথবা আপেলৰ চিত্ৰৰ সহায়েৰে ‘A’ আখৰৰ লগত সি পৰিচিত হয়। এই অৱস্থাত স্মৃতি দুৰ্বল হোৱা হেতুকে তাক বাৰে বাৰে পুনৰাবৃত্তিৰো সহায় ল’ব লাগে। শিক্ষা অনুশীলনৰ ফলস্বৰূপে শিশুৱে চাৰে তিনি আৰু চাৰি বছৰ বয়সৰ ভিতৰত কিতাপত ডাঙৰকৈ ছপা কৰা আখৰ এটা এটাকৈ মাতিব পাৰে। দুটা বা ততোধিক আখৰৰ শব্দ সি এই সময়ত আয়ত্ব কৰিব নোৱাৰে। আখৰবোৰৰ লেখন ক্ৰিয়াইও তাক আখৰ চিনি পোৱাত বিশেষ সহায় কৰে।

চাৰি বছৰ বয়সত সি দোকানৰ চাইনবোৰ্ড, বাতৰি কাকতৰ শীৰ্ষক আদিত থকা আখৰ সি পঢ়িব পাৰে। অৱশ্যে তাৰ অৰ্থ সি ভালদৰে বুজি উঠিব নোৱাৰে। এই সময়ত সি আনে মুখেৰে কোৱা বা কিতাপৰ পৰা পঢ়া গল্প শুনিবলৈ ভাল পায়। গল্পৰ লগত সম্বন্ধ ৰক্ষা কৰি অঁকা কিতাপৰ চিত্ৰ অধ্যয়নত সি অধিক আগ্ৰহী হয় আৰু তাৰ ব্যাখ্যা সাধ্যানুসাৰে সি আনক দিবলৈ বিচাৰে। নিজে পঢ়িব নোৱাৰিলেও আনে পঢ়ি দিয়া গল্প বা বৰ্ণনাৰ প্ৰতি এই সময়ত শিশু আগ্ৰহী হোৱাটো মন কৰিবলগীয়া। পাঁচ বছৰ বয়সত শিশুৱে বাট-পথ আৰু বিভিন্ন ঠাইৰ জন-সংযোগ আৰু জন-নিৰ্দেশনাকাৰী শব্দ-সংকেতবোৰ পঢ়িব আৰু বুজিব পাৰে। Stop-Go, In-Out, বিপদ, সাৱধান আদি ব্যৱহাৰিক শব্দবোৰ নিজে নিজে বুজি উঠিবৰ বাবেও সহজ হয়। ৰঙা আৰু নীলা লাইট আদি পথ-সংকেতবোৰো বুজিবলৈ চেষ্টা কৰে। ব্যক্তিগত ক্ৰিয়া অভিজ্ঞতাৰ যোগেদি শব্দৰ লগত এনেদৰে পৰিচিত হৈ উঠাৰ লগে লগে সি ক্ৰমে শব্দ অধ্যয়ন কৰিবলৈ ধৰে। শব্দ অধ্যয়নৰ প্ৰাৰম্ভিক কালত প্ৰয়োজন হোৱা শিশুৰ কাৰ্যকৰী অভিজ্ঞতাৰ এই দিশটো বিশেষ মন কৰিবলগীয়া।

ছবছৰ বয়সত শিশুৱে প্ৰাথমিক স্কুলত প্ৰৱেশ কৰাৰ পিছৰে পৰা অৱস্থাৰ অধিক উন্নতি হ’বলৈ ধৰে। স্কুলৰ প্ৰচলিত ব্যৱস্থাৰ যোগেদি সি কিতাপৰ শব্দ আৰু সৰু সৰু বাক্য প্ৰথমে আনৰ সহায়েৰে আৰু পিছলৈ নিজে নিজে পঢ়িব পাৰে। এইক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া যে এটা শব্দ একেলগে পঢ়াৰ পৰিৱৰ্তে সি শব্দটো গঠিত হোৱা আখৰকেইটা যোটাইহে তাৰ উচ্চাৰণ কৰিব পাৰে। প্ৰথম দৃষ্টিতেই শব্দটো চকুৰ পচাৰতে পঢ়িবলৈ হ’লে আমাৰ পূৰ্ব অভিজ্ঞতাৰ দৃষ্টি আৰু শব্দ-প্ৰতিৰূপৰ প্ৰয়োজন। পুনৰাবৃত্তিৰ যোগে শিশুৰ এনে প্ৰতিৰূপ মনত গঢ়ি নুঠালৈকে সি শব্দৰ আখৰবোৰ এটা এটাকৈ যোটাই যোটাই পঠন অভ্যাস গঠন কৰিব লাগে। এনে এটা অভ্যাস গঠন হৈ অহাৰ লগে লগে প্ৰায় সাত বছৰ বয়সত শিশুৱে কিতাপৰ ছপা আখৰ নিজে নিজে পঢ়িব পৰা হয়। যুক্তাক্ষৰৰ শব্দ আৰু একাধিক শব্দৰ দ্বাৰা গঠিত বাক্যৰ অৰ্থও সি প্ৰয়োজন মতে বুজিব পাৰে। শব্দৰ অৰ্থ বুজি উঠাৰ লগে লগে পঠন ক্ৰিয়াৰ কঠিনতাও তাৰ বাবে কমি আহিবলৈ ধৰে। এই সময়ত সি ডাঙৰ ডাঙৰকৈ মুখেৰে শব্দ উচ্চাৰণ কৰি পঢ়িব লাগে। অৱশ্যে এনে কাৰ্য বহু সময়ত যন্ত্ৰচালিত বিধৰ হৈ উঠিবও পাৰে।

মন কৰিবলগীয়া যে এনেদৰে পাঠ কৰোতে বাক্যৰ সকলোবোৰ শব্দৰে অৰ্থ ভালদৰে বুজি উঠিব নোৱাৰে। পঠন কালত অত্যুৎসাহী হৈ উঠি দুই এটা শব্দ বাদ পৰি যোৱাটোও দেখিবলৈ পোৱা যায়। এই সময়ত সি মনে মনে পঢ়িবলৈ নিবিচাৰে। ডাঙৰ ডাঙৰকৈ মুখেৰে শব্দ কৰি পঢ়ি শব্দবোৰৰ স্মৃতি প্ৰতিৰূপ সি মনত ধৰি ৰাখিব পাৰে আৰু এনে পদ্ধতি এই পৰ্যায়ৰ পঠন ক্ৰিয়াৰ বাবে অধিক ফলপ্ৰসূ। এনেবিধ পঠন অভ্যাসে অৱশ্যে শিশুক বাক্যটোৰ অৰ্থ মনোযোগী হোৱা বাবে তাৰ অৰ্থৰ প্ৰতি সি সমানে মনোযোগ দিব নোৱাৰে। উল্লেখযোগ্য যে অভিজ্ঞ পাঠকে তেওঁৰ পঠন কালত শব্দ আৰু বাক্যবোৰৰ অৰ্থৰ প্ৰতি অধিক মনোযোগী হোৱা বাবে মুখেৰে শব্দ উচ্চাৰণ নকৰি মনে মনে পঢ়িব লাগে। ইয়াৰ উপৰি তেওঁৰ পঠন অভ্যাসত প্ৰয়োজন হোৱা পূৰ্ব প্ৰতিৰূপৰ প্ৰয়োগ কৰি বহুতো শব্দ নপঢ়াকৈও অথবা অনাৱশ্যক অংশ এৰি এৰিও বাক্যটোৰ অৰ্থ বা ভাব আয়ত্ব কৰিব পাৰে। আনহাতে শিশুৱে বাক্যটোৰ অৰ্থ উপলব্ধিৰ বাবে প্ৰতিটো শব্দ উচ্চাৰণ কৰি পঢ়িব লাগে। সেয়েহে শব্দৰ অৰ্থ চিন্তা আৰু উপলব্ধি কৰি উঠিবলৈ কিছু পৰিমাণে বৌদ্ধিক বিকাশৰো প্ৰয়োজন হয়। ব্যক্তিৰ বৌদ্ধিক বিকাশৰ মানদণ্ডৰ লগত পঠন অভ্যাসৰ বিশেষ সম্বন্ধ আছে। শিশুৰ বৌদ্ধিক বিকাশ আৰম্ভ হোৱাৰ লগে লগে তাৰ পঠন অভ্যাসৰো কিছু সলনি হ’বলৈ ধৰে।

পঠন-অক্ষমতাঃ

প্ৰাথমিক স্কুল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ পঠন অক্ষমতা পৰিলক্ষিত হয়। এইক্ষেত্ৰত লাহে লাহে আৰু ভয়ে ভয়ে পঢ়াৰ ফলত বাক্যৰ অৰ্থ স্পষ্ট হৈ নুঠা, দাঢ়ি, কমা আদি লক্ষ্য কৰিব নোৱাৰা, পঢ়োতে শব্দ থাকি থাকি যোৱা, নথকা শব্দ মুখত উচ্চাৰিত হোৱা, থকা শব্দ ভুলকৈ পঢ়া আৰু কোনো শব্দ যোটাব নোৱাৰি ৰৈ যোৱা আদি অৱস্থা সাধাৰণতে দেখা পোৱা যায়। অভিজ্ঞ শিক্ষকসকল ছাত্ৰৰ পাঠদান কালত হোৱা এনেবোৰ ভুল-ভ্ৰান্তিৰ লগত পৰিচিত।

সলসলীয়া আৰু আঁৰ নলগাকৈ পঢ়িব পৰাটো ব্যক্তিৰ সুস্থ দেহ-মনৰ পৰিচায়ক। যাৰ বাবে ই সম্ভৱ হৈ নুঠে তেওঁৰ দৈহিক বা মানসিক দিশত কোনো অসুস্থতা থকাটো স্বাভাৱিক। স্নায়ৱিক ক্ৰিয়া অতি দুৰ্বল হোৱা হেতুকে জঢ়ধী, মূৰধী আৰু হীনধী শিশুৰ বাবে পঠন ক্ৰিয়া সম্ভৱ নহয়। ই এক দৈহিক অক্ষমতা বুলিব পাৰি, যাৰ সংখ্যা বৰ বেছি নহয়। অৱশ্যে বিশেষজ্ঞসকলে পঠন অক্ষমতাৰ বাবে ইয়াৰ আৱেগিক দিশৰ প্ৰতিহে অধিক মনোনিৱেশ কৰে। তেওঁলোকৰ মতে গৃহ পৰিৱেশত শিশুৰ আৱেগিক নিৰাপত্তাহীনতা ইয়াৰ প্ৰধান কাৰণ। মাক-দেউতাকৰ শিশুৰ প্ৰতি মৰমহীনতা, নিৰ্দেয় আচৰণ, পৰিত্যক্ত মনোভাৱ, অতিমাত্ৰা লালন-পালন আদিয়ে শিশুক প্ৰয়োজনীয় আৱেগিক নিৰাপত্তাৰ ভাব দিব নোৱাৰে। এনে আচৰণে শিশুক খঙাল, প্ৰতিশোধ পৰায়ণ আৰু অপৰাধপ্ৰৱণ মনৰ কৰি গঢ়ি তোলে। সেয়েহে দেখা যায় যে উগ্ৰ আৰু অপৰাধপ্ৰৱণ ল’ৰা-ছোৱালীয়ে কিতাপ পঢ়াৰ বেলিকা বিশেষ অক্ষমতা প্ৰকাশ কৰে। মনোবিজ্ঞানীসকলে ঠাৱৰ কৰে যে পঠন অক্ষমতা প্ৰকাশ কৰা শিশুৱে পৰিৱেশত সুস্থভাৱে নিজ ব্যক্তিত্বৰ সমাযোজন কৰিব নোৱাৰে। এনে শিশুৱে নিজৰ হীনমন্যতা অনুভৱ কৰে, স্কুলৰ লগত ভাল সম্বন্ধ স্থাপন কৰিব নোৱাৰে আৰু নিজক অপসৰণ বা প্ৰত্যাহাৰ কৰাৰ প্ৰবৃত্তি অনুভৱ কৰে। ওপৰৰ আলোচনাৰ পৰা সেয়েহে ক’ব পাৰি যে শিশুৰ পঠন অক্ষমতাৰ বাবে তাৰ দৈহিক কাৰণতকৈ আৱেগিক আৰু পৰিৱেশীয় কাৰণসমূহ অধিক শক্তিশালী।

লেখন প্ৰক্ৰিয়াঃ

মনৰ ভাব লেখনিৰ যোগেদি লিপিবদ্ধ কৰাটো হৈছে এক কলাত্মক প্ৰতিভা। ইয়াৰ বাবে ব্যক্তিৰ কেতবোৰ বিশেষ বিশেষ দেহ-মানসিক ক্ষমতাৰ প্ৰয়োজন। দৈহিকভাৱে সঞ্চালন ক্ষমতা, পেশী নিয়ন্ত্ৰণ ক্ষমতা আৰু দৃষ্টি সংবেদনৰ মাজত সমন্বয় সাধন কৰিব পৰা এক বিশেষ ক্ষমতা লেখন কাৰ্যৰ বাবে প্ৰয়োজন হয়। এনে সমন্বয়মূলক দৈহিক ক্ৰিয়াৰ যোগে কৰা অভ্যাস গঠনৰ ওপৰত ই নিৰ্ভৰশীল। মানসিক দৃষ্টিকোণৰ পৰা স্মৃতিশক্তি, কল্পনা শক্তি, চিন্তাৰ যুক্তিসংগত প্ৰয়োগ, চিন্তা আৰু অনুভূতি অনুযায়ী শব্দ সংগঠন আৰু বাক্য ৰচনা কৰিব পৰা ক্ষমতা আৰু চিন্তাৰ গতিৰ লগত সঞ্চালন ক্ষমতাৰ সহযোগিতা স্থাপন কৰিব পৰা আদি কেতবোৰ বিশেষ ক্ষমতা লেখনিৰ বাবে প্ৰয়োজন। চমুকৈ ক’বলৈ হ’লে লেখনি হৈছে ব্যক্তিৰ দেহ আৰু মন, চিন্তা আৰু সঞ্চালনাত্মক ক্ৰিয়াৰ সু-সমন্বয় সাধনৰ এক বহিঃপ্ৰকাশ মাথোন। এই বিবেচনাৰ পৰা লেখনিক এক অসাধাৰণ ব্যক্তি-প্ৰতিভা স্বৰূপে বৰ্ণনা কৰিব পাৰি। অৱশ্যে ভাষাৰ ব্যৱহাৰিক দিশৰ পৰা ইয়াক দেহ-মনৰ এক অভ্যস্ত ক্ৰিয়া বুলি ক’ব পাৰি। শিশুৱে অভ্যস্ত ক্ৰিয়াৰ যোগে লেখনিৰ প্ৰয়োগ কৰিবলৈ শিকা আৰু লেখকে মননাত্মক আৰু সৃজনাত্মক চিন্তা-কল্পনাৰ প্ৰয়োগ কৰি লেখনিৰ কলাত্মক প্ৰতিভাৰ পৰিচয় দিয়া একে কথা নহয়। অৱশ্যে আমাৰ ইয়াত প্ৰথমবিধৰ লেখনিহে আলোচনাৰ বাবে লোৱা হৈছে।

লেখন ক্ষমতাৰ বিকাশঃ

কথন আৰু পঠন ক্ৰিয়াৰ পৰৱৰ্তী অৱস্থা স্বৰূপেহে শিশুৰ লেখন ক্ষমতা গঢ় লৈ উঠিব পাৰে। পঢ়াৰ আগেয়ে লিখিব পৰা নাযায়। কাৰণ লেখন ক্ৰিয়াৰ বেলিকা পঠন ক্ৰিয়াই এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। কণ কণ শিশুৱে আখৰ লেখোতে মুখেৰে তাক আগেয়ে উচ্চাৰণ কৰি ল’ব লাগে। মুখৰ দ্বাৰা স্ফুট বা অস্ফুট উচ্চাৰণৰ লগত হাত-আঙুলিৰ সঞ্চালন ক্ৰিয়াই সহযোগিতা কৰিলেহে লেখিব পৰা যায়। প্ৰথম অৱস্থাত লেখন ক্ৰিয়াই শিশুক আখৰ চিনাকি হোৱাত সহায় কৰে। এই সময়ৰ লেখন হৈছে কিতাপৰ ছপা আখৰৰ নকল কৰা বা অনুকৰণ ক্ৰিয়াৰ এক যান্ত্ৰিক পুনৰাবৃত্তি মাথোন। ইয়াৰ বাবেও শিশুৱে প্ৰথম অৱস্থাত কেইটামান পৰ্যায়ক্ৰম ক্ৰিয়াৰ সহায় ল’ব লাগে। এইকেইটা হৈছে প্ৰথমে শিশুৱে আখৰটো নিজ চকুৰে দেখি তাৰ দৃষ্টি প্ৰতিৰূপ আৰু তাৰ উচ্চাৰণ কাণেৰে শুনি শব্দ প্ৰতিৰূপ লাভ কৰিব লাগে। দ্বিতীয়তে লিখিত আখৰটোৰ ওপৰত নিজ হাতে আঁকি তাৰ এক সঞ্চালনাত্মক প্ৰতিৰূপ লাভ কৰিব লাগে। তৃতীয়তে পুনৰাবৃত্তিৰ যোগে দৃষ্টি, শব্দ আৰু সঞ্চালন এই তিনিওবিধ ক্ৰিয়াৰ প্ৰতিৰূপ স্থায়ী কৰিবলৈ চেষ্টা কৰা হয়। অৱশেষত প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰিৱৰ্তে পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপৰ সহায় লৈ কোনো আখৰ দেখা বা শুনাৰ লগে লগে লেখনিত পৰিণত কৰিবলৈ বিচৰা হয়। লেখনিৰ ই এক প্ৰাৰম্ভিক আৰু যন্ত্ৰচালিত প্ৰক্ৰিয়াহে মাথোন।

ইয়াৰ পৰৱৰ্তী কালত লেখনিৰ বেলিকা শিশুৱে বিশেষ অসুবিধাৰ সন্মুখীন হয়। এই অসুবিধাবোৰ হৈছে আখৰৰ সংযোগেৰে শব্দ গঠন কৰা, ইয়াৰ বাবে দেখা দিয়া বানানৰ কঠিনতাৰ সন্মুখীন হোৱা, উপযুক্ত শব্দ পূৰ্ব অভিজ্ঞতাৰ স্মৃতিৰ পৰা নিৰ্বাচন কৰা, শব্দ গঠনৰ যোগে বাক্য ৰচনা কৰা, মনৰ ভাব-অনুভূতি আৰু চিন্তাক বাক্যত ফুটাই তোলা ইত্যাদি। লেখনিৰ এনে এটা অৱস্থা পাবলৈ শিশুৰ বাবে যথেষ্ট সময় আৰু অনুশীলনৰ প্ৰয়োজন হয়। এইক্ষেত্ৰত শিশুৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ লগত সম্বন্ধ থকা শব্দবোৰ শিকালে সি তাক লেখনিত পৰিণত কৰিবলৈ সুবিধা হয়। শিশুৰ মানসিক অৱস্থা আৰু প্ৰয়োজনবোৰৰ প্ৰতি লক্ষ্য ৰাখি তাৰ মনোগ্ৰাহী গল্প, বৰ্ণনা আদি দাঙি ধৰিব লাগে। এই সময়ত প্ৰয়োগ কৰা শব্দ আৰু বাক্যবোৰ সৰল আৰু চুটি হ’ব লাগে, যৌগিক বাক্যৰ প্ৰয়োগ এৰাই চলিব লাগে। লগে লগে শব্দজ্ঞানৰ পৰিমাণো বৃদ্ধি কৰি তুলিব লাগে। শিশুৱে লেখন সামগ্ৰী আৰু লেখন পৰিস্থিতিৰ লগত সুস্থ দৈহিক সমাযোজন স্থাপন কৰাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। উল্লেখযোগ্য যে নতুনকৈ লিখিবলৈ লোৱা শিশুৱে ফলি-পেঞ্চিল সুবিধাজনকভাৱে ধৰি ল’বলৈ চেষ্টা কৰোতে জিভা নাকৰ আগলৈকে উলিয়াব লাগে আৰু ডিঙি একটীয়াকৈ ভাঙিব লাগে। লেখনিৰ বেলিকা এই দৈহিক সমাযোজন প্ৰচেষ্টা অভ্যাসত পৰিণত হ’লেহে লেখা স্বাভাৱিক অৱস্থা পাবগৈ পাৰে।

সকলোবোৰ লেখনি একে মানদণ্ডেৰে বিচাৰ কৰিব নোৱাৰি। কঠিনতাৰ ভিত্তিত ই বিভিন্ন মানদণ্ডৰ হ’ব পাৰে, যেনে- প্ৰতিলিপিকৰণ, বৰ্ণন, ব্যাখ্যা কৰণ, সৃজন, মূল্যায়ন ইত্যাদি। এই আটাইকেইবিধ লেখন ক্ৰিয়া শিশুৰ বাবে সম্ভৱ হৈ উঠিব নোৱাৰে। ইয়াৰ ভিতৰত প্ৰতিলিপি আৰু বৰ্ণনহে তাৰ বাবে সম্ভৱপৰ। বিশেষজ্ঞসকলৰ মতে দহ বছৰ বয়সৰ পিছৰ পৰাহে শিশুৱে প্ৰকৃত অৰ্থত নিজে লিখিবলৈ আৰম্ভ কৰে। ইয়াৰ আগৰ পৰ্যায়ৰ লেখনি কম-বেছি পৰিমাণে যন্ত্ৰচালিত দৈহিক পুনৰাবৃত্তি, প্ৰতিলিপিকৰণ আৰু সামান্যভাৱে অভিজ্ঞতাৰ বৰ্ণনৰ মাজতেই আৱদ্ধ থাকে। লেখন ক্ষমতাৰ বিকাশৰ ক্ষেত্ৰত ব্যক্তি পাৰ্থক্যৰ প্ৰশ্নও জড়িত। একে বয়সৰ ভিন ভিন শিশুক লেখন সম্বন্ধীয় প্ৰয়োজনীয় শিক্ষা-নিৰ্দেশনা একেজন শিক্ষকে দিলেও ইয়াৰ ফলাফল একে হৈ উঠিব নোৱাৰে। লেখনৰ লগত চাফ-চিকুণতা, সৌন্দৰ্যবোধ, লেখন ক্ৰিয়াৰ গতি প্ৰখৰতা, বিষয়বস্তু উপস্থাপনৰ শৃংখলাবদ্ধতা আদি বিবিধ বিষয় জড়িত। এনেবোৰ কাৰণতে সকলোৰে লেখন ক্ষমতা একে হৈ উঠিব নোৱাৰে। অৱশ্যে এইবিধ ক্ষমতা ব্যক্তিৰ জন্মলব্ধ নে শিক্ষালব্ধ তাক নিশ্চয়কৈ কোৱা টান। তথাপিও শিশুৰ বংশগতি আৰু শিক্ষা এই দুয়োদিশেই যে তাৰ লেখনিত অনুকূল-প্ৰতিকূল প্ৰভাৱ পেলায় তাক লক্ষ্য কৰিব পাৰি।

ভাষা বিকাশত শিশুক কিদৰে সহায় কৰিব পাৰিঃ

শিশুক আমাৰ বৌদ্ধিক জগতৰ উত্তৰাধিকাৰী কৰি তুলিবলৈ হ’লে ভাষাই হৈছে একমাত্ৰ উপায়। শিশু-শিক্ষাত সেয়েহে ভাষা শিক্ষাই সৰ্বাধিক প্ৰাধান্য লাভ কৰে। প্ৰাথমিক শিক্ষাৰ মূল উদ্দেশ্যও হৈছে লেখা-পঢ়া শিকোৱা আৰু যোগেদি শিশুক বৌদ্ধিক জগতখনত প্ৰৱেশ কৰিবলৈ বাট দেখুৱাই দিয়া। ভাষাৰ অক্ষমতা বৌদ্ধিক বিকাশৰ প্ৰধান প্ৰতিবন্ধকতা স্বৰূপ। ইয়াক গুচাবলৈ চেষ্টা কৰি শিশুৰ বৌদ্ধিক বিকাশৰ পথ প্ৰশস্ত কৰি তোলাটোৱেই হৈছে শিক্ষক-অভিভাৱক সকলৰ প্ৰধান কৰ্তব্য। অৱশ্যে এনে কৰ্তব্য পালন কৰাটো যিদৰে প্ৰয়োজন তাক কাৰ্যক্ষেত্ৰত বাস্তৱ ৰূপ দিয়াটো তেনেদৰে সহজ বুলি বিবেচনা কৰিব নোৱাৰি। এই গোটেই বিষয়টো নিখুঁতভাৱে পৰিচালনা কৰিবলৈ হ’লে শিশুৰ ভাষা বিকাশ সম্বন্ধীয় সূক্ষ্ম দৃষ্টি আৰু দৰ্শনৰ প্ৰয়োজন। ইয়াৰ কাৰ্যকৰী দিশত শিক্ষক-অভিভাৱক সকলৰ প্ৰয়োজনীয় ভূমিকা সম্বন্ধে তলত সংক্ষেপে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা হৈছে।

(১) শিশুৰ সূক্ষ্ম ভাষা বিকাশৰ বাবে পৰিয়ালৰ মাজত এক অনুকূল আৱেগিক পৰিৱেশৰ প্ৰয়োজন। ভাষা হৈছে ব্যক্তি-মনৰ আবেগ-অনুভূতিৰ অভিব্যক্তি। সেইবাবে পৰিয়ালৰ মাজত সুখ-দুখৰ বিভিন্ন পৰিস্থিতিত বয়সস্থসকলে যি আৱেগ-অনুভূতি ভাষাৰ যোগেদি ব্যক্ত কৰে সেয়ে ক্ৰমে শিশুৰ ভাষা গঠনৰ বুনিয়াদ ৰচনা কৰে। ইয়াৰ উপৰি মৰম-চেনেহ, আদৰ-যত্নৰ এক আন্তৰিকতাপূৰ্ণ  পৰিৱেশে শিশুৰ ভাষা লালন-পালন কৰে। ইয়াৰ অভাৱৰ ফলতেই ভাষা বিকাশৰ প্ৰায়বোৰ অস্বাভাৱিকতা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে গৃহ পৰিৱেশৰ কঠোৰ অনুশাসন ব্যৱস্থা শিশুৰ ভাষা বিকাশৰ বাবে ক্ষতিকাৰক।

(২) পৰিয়ালৰ মাজত শিশুৱে মাক-দেউতাকৰ অধিক সান্নিধ্য লাভ কৰাটো সুস্থ ভাষা বিকাশৰ বাবে অতি প্ৰয়োজন। প্ৰতিদিনে মাক আৰু দেউতাকে শিশুৰ লগত খেল-ধেমালিৰ পৰিৱেশত আৱেগ-অনুভূতিৰ আদান-প্ৰদান কৰি কটাব লাগে। সময়ৰ অভাৱৰ অজুহাত দেখুৱাই লগুৱা বা গৃহ পৰিচাৰিকাৰ হাতত শিশুক এৰি দিয়াটো ইয়াৰ বিকল্প ব্যৱস্থা নহয়। এনে লগুৱা অন্যভাষী লোক হ’লে অৱস্থাৰ অধিক ক্ষতিসাধন হয়। পৰিয়ালৰ মাজত দ্বি-ভাষা বা ত্ৰি-ভাষাৰ যাতে সততে ব্যৱহাৰ কৰা নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত।

(৩) অনুকৰণশীল শিশুৰ আগত ভাষা প্ৰয়োগ কৰোতে সততে সংযত আৰু সাৱধান হ’ব লাগে। আদৰ্শ আৰু গ্ৰহণযোগ্য ভাষা বা শব্দতকৈ নিম্নমানৰ আৰু নিষিদ্ধ ভাষা বা শব্দৰ প্ৰতিহে কোনো কোনো সময়ত সি অধিক উৎসাহী হয়। অকথ্য বা অবাচ্য ভাষা বুলি জানিলে তাৰ প্ৰতি স্বাভাৱিকতেই এক প্ৰতি-অভিভাৱনশীলতাৰ প্ৰবৃত্তি শিশুমনত জাগি উঠে। সেইবাবে পৰিয়ালৰ মাজত শিশুৰ উপস্থিতিত তেনে পৰিস্থিতি সৃষ্টি কৰাৰ পৰিৱৰ্তে তাক যথাসম্ভৱ এৰাই চলিবলৈ চেষ্টা কৰিব লাগে। পৰিয়ালৰ মাজত হোৱা সাধাৰণ কথা-বতৰাৰ মাজতো শালীনতা ৰক্ষা কৰি চলিব লাগে।

(৪) নৃত্য, গীত, সুৰ, আবৃত্তি আৰু শিশুৰ সামূহিক খেলা-ধূলা আদিয়ে তাৰ ভাষা বিকাশৰ এক অনুকূল পৰিৱেশ ৰচনা কৰিব পাৰে। আৱেগ-অনুভূতি আৰু দৈহিক অংগ-সঞ্চালনৰ লগত ভাষাৰ এক ওচৰ সম্বন্ধ আছে। নৃত্য-গীত আদি হৈছে মনৰ আৱেগ-অনুভূতিৰ দৈহিক প্ৰকাশ মাধ্যম। সেইবাবে কিণ্ডাৰগাৰ্টেন স্কুলত প্ৰয়োগ কৰা নৃত্য-গীত আৰু সামূহিক খেলা-ধূলা আদিয়ে শিশুৰ ভাষা বিকাশতো সহায় কৰে। সংগীত শিক্ষাৰ যোগেদি বাক-অক্ষম শিশুৰ অৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰাটো এই ক্ষেত্ৰত মন কৰিবলগীয়া।

(৫) শিশুৰ ভাষা বিকাশৰ বিভিন্ন পৰ্যায়ৰ বৈশিষ্ট্যসমূহ সাধাৰণভাৱে জনা থাকিলে তাৰ প্ৰয়োজনমতে সহায় কৰিব পৰা যায়। এই পৰ্যায়সমূহৰ বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছে। ইয়াৰ প্ৰতিটো পৰ্যায়তে থকা বৈশিষ্ট্যসমূহে শিশুক পৰৱৰ্তী পৰ্যায়ৰ ভাষিক ক্ষমতা লাভ কৰাত প্ৰণালীবদ্ধভাৱে সহায় কৰে। ভাষা বিকাশৰ এই গতি পদ্ধতি জনা থাকিলেহে বিভিন্ন স্তৰত তাৰ ক্ষমতা অনুযায়ী ভাষিক প্ৰয়োজনসমূহ পূৰণ কৰিব পৰা যায়। বিশেষকৈ শিশু-পাঠ্যপুথিয়ে এই প্ৰয়োজনসমূহ উপযুক্তভাৱে পূৰণ কৰিব পৰালৈ বিশেষ লক্ষ্য ৰাখিব লাগে।

(৬) শিশুৰ ভাষা বিকাশত ব্যাকৰণৰ ভূমিকা সম্বন্ধে আমাৰ স্পষ্ট ধাৰণা থকা উচিত। ব্যাকৰণৰ নীতি-নিয়ম জানি উঠি আৰু ইয়াক ৰক্ষা কৰি চলি শিশুৰ ভাষিক ক্ষমতা বিকাশ হোৱাটো আশা কৰিব নোৱাৰি। ব্যাকৰণ নজনাকৈয়ে শিশুৱে তাৰ মৌখিক ভাষা গঢ় দি তুলিব পাৰে। মৌখিক ভাষা আয়ত্বকৰণৰ পিছত পৰৱৰ্তী কালত লিখিত ভাষা শুদ্ধকৈ প্ৰয়োগ কৰিবৰ বাবেহে ব্যাকৰণৰ নীতি-নিয়ম জনাটো প্ৰয়োজন। কথিত ভাষাৰ বুনিয়াদ ৰচিত হোৱাৰ পিছত আৱশ্যকীয় সংশোধন আৰু উন্নয়নৰ বাবেহে আমাক ব্যাকৰণ লাগে। সেয়েহে শিশুৰ ভাষা বিকাশৰ প্ৰাৰম্ভিক অৱস্থাত ব্যাকৰণৰ শিক্ষাই অনাৱশ্যক জটিলতাৰহে সৃষ্টি কৰিব পাৰে।

(৭) শিশুৰ কথিত, পঠিত আৰু লিখিত ভাষা শিক্ষাৰ বাবে শিক্ষক-অভিভাৱকসকল বিশেষ যত্নপৰ হোৱা উচিত। এই সম্বন্ধীয় কেতবোৰ প্ৰয়োজনীয় পৰামৰ্শ নিম্নলিখিতভাৱে সংক্ষেপে উল্লেখ কৰিব পাৰি।

(ক) শিশুৰ কথিত ভাষা প্ৰয়োগৰ বেলিকা মুখমণ্ডলৰ কোনো দৈহিক গঠনৰ অস্বাভাৱিকতা থাকিলে তাৰ প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

(খ) মৌখিক উচ্চাৰণৰ বেলিকা কোন কোন বিশেষ বিশেষ স্বৰধ্বনি মুখমণ্ডলৰ কোন কোন অংশৰ পৰা উচ্চাৰণ কৰিব লাগে তাৰ প্ৰয়োজনীয় নিৰ্দেশনা আৰু অনুশীলন কৰা উচিত।

(গ) চালুকীয়া শিশুৱে ব্যঞ্জনবৰ্ণৰ ধ্বনি শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰা অৱস্থাত তাক উপলুঙা কৰা বা তাৰ বিকৃত উচ্চাৰণত অসন্তোষ প্ৰকাশ কৰা অনুচিত।

(ঘ) শিশুৰ পঠন আৰু লিখন ক্ষমতা অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে শিক্ষক-অভিভাৱকসকলে ইয়াৰ নিয়মিত শিক্ষা অনুশীলন ব্যৱস্থা কৰা উচিত।

(ঙ) পঠন ক্ৰিয়া যাতে যন্ত্ৰচালিত বিধৰ নহয় বৰং তাৰ দ্বাৰা শিশুৱে উচ্চাৰণৰ লগত অৰ্থৰ সংযোগ কৰিব পাৰে তালৈ লক্ষ্য ৰাখিব লাগে।

(চ) শিক্ষকে দিয়া আদৰ্শ আৰু আৰ্হিমূলক পাঠদানৰ ওপৰত শিশুৰ পঠন ক্ষমতাৰ উচ্চ-মানবিশিষ্টতা নিৰ্ভৰ কৰে। পঠন কালত শব্দৰ স্পষ্টতা, দাড়ি, কমা আদি পঠন সংকেতবোৰৰ উপযুক্ত প্ৰয়োগ শিশুৱে বহু পৰিমাণে শিক্ষকৰ পৰা অনুকৰণ কৰে।

(ছ) বৰ্ণ আৰু শব্দসমূহ উচ্চাৰণৰ উপযুক্ত শিক্ষাদানে শিশুৰ লেখনিৰ বেলিকা দেখা দিয়া বানানৰ কঠিনতা হ্ৰাস কৰাত সহায় কৰে।

(জ) পঠনৰ বেলিকা শিশুৰ আগ্ৰহ-অভিৰুচি সম্বন্ধে থকা ব্যক্তি পাৰ্থক্যৰ প্ৰশ্নও বিবেচনা কৰা উচিত।

(ঝ) কথন, পঠন আৰু লেখনৰ বেলিকা প্ৰতিটো শিশুৰে কেতবোৰ ব্যক্তিগত অক্ষমতা আৰু অসুবিধা থাকে যাক বুজিবলৈ চেষ্টা কৰা উচিত।

(ঞ) পঠন ক্ৰিয়াৰ প্ৰতি শিশুক আগ্ৰহী কৰি তুলিবলৈ ছবি, নক্সা, ব্যংগ-চিত্ৰ আৰু চকুত লগা আখৰৰ প্ৰয়োগ কৰিব লাগে।

(ট) ব্যাখ্যা বা সমালোচনামূলক লেখনিৰ প্ৰতি শিশু স্বাভাৱিকতে অক্ষম হোৱা হেতুকে গল্পৰ সহায়েৰে বৰ্ণনামূলক লেখনিৰহে প্ৰয়োগ কৰা উচিত।

(ঠ) প্ৰথম অৱস্থাত শিশুক আখৰ যোটনিৰে ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ দিব লাগে। বয়সৰ লগে লগে এনে পঠন অভ্যাস কিছু সলনি কৰিব লাগে।

(ড) প্ৰাথমিক পৰ্যায়ত শিশুক সমূহীয়াভাৱে পঢ়িবলৈ দিয়া বা সমস্বৰে শব্দ উচ্চাৰণ কৰিবলৈ শিকোৱা কাৰ্য বিশেষ উৎসাহজনক। ইয়াত সকলো শিশুৱেই খেলাৰ মনোভাৱেৰে ভাষা শিকিব পাৰে।

(ঢ) শিশুৰ লেখনিসমূহ শিক্ষক-অভিভাৱকসকলে চকু ফুৰাই চাই প্ৰয়োজন অনুসৰি শুধৰাই দিব লাগে। এইক্ষেত্ৰত তেওঁলোকৰ প্ৰশংসা আৰু স্বীকৃতি দানে শিশুক অধিক উৎসাহিত কৰি তোলে।

ভাষা শিক্ষাই শিশুৰ বৌদ্ধিক বিকাশৰ পথ সুগম কৰে। লেখিব আৰু পঢ়িব জনা অৱস্থাৰ সৰ্বসাধাৰণ লোকৰ অজ্ঞান আন্ধাৰ দূৰ কৰে। আমাৰ প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ শিক্ষা হৈছে ভাষা-প্ৰধান। এই দুয়োটা স্তৰতে সৰ্বাধিক সময় ভাষা অধ্যয়নত কটোৱা হয় বুলি সমালোচনাও কৰা হয়। কিন্তু এনে অধ্যয়নে তাৰ পৰৱৰ্তী কালৰ বৌদ্ধিক বিকাশত যথোচিত সহায় কৰিব পাৰিছেনে ? আমাৰ স্কুলৰ বৰ্তমান ভাষা-শিক্ষাব্যৱস্থা বিজ্ঞানসন্মত হৈছেনে ? প্ৰচলিত পাঠ্যপুথিসমূহ ভাষা বিকাশত তথা বৌদ্ধিক বিকাশত কি পৰমাণে সহায়ক হৈছে ? ভাষা-শিক্ষাৰ দোষযুক্ততাই আমাৰ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ সম্ভাৱনীয়তাত কিবা প্ৰতিকূল প্ৰভাৱ পেলাইছে নেকি ?—এইসমূহ বিষয় গভীৰভাৱে বিবেচনা কৰি চোৱাৰ প্ৰয়োজন হৈ পৰিছে।

 

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

3.05
ফরিদুল ইছলাম Jan 13, 2019 06:50 AM

খুবেই ভাল লাগিল পঢ়ি লগতে বহুতো উপকাৰী কথা জানিব পাৰিলো।শিশুৰ গনিত শিক্ষন কেনেকৈ দিব পারি এই বিষয়ে আলোচনা করিব।ধন্যবাধ

বীণা পাণি দাস Dec 09, 2017 05:49 PM

তথ্যখিনি পাই ভাল লাগিল৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top