অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুসকলৰ বিষয়ে-

শিশুৰ মনস্তত্ব


সন্তানক আপুনি বুজিছেনে?

শিশু মানেই আলফুল এপাহ ফুলৰ দৰে কোমল সত্তা। শিশুৰ কল্পনাত আছে এখন নিজস্ব জগত। সেইখন জগতত বিচৰণ কৰে একেলগে জীৱ-জন্তু, চৰাই-চিৰিকটি, আকাশ-তৰা, সাপ-বেং, ভেকুলী, গছ-গছনি, ফুল, পখিলা আদি সামগ্রিক প্রকৃতিয়ে। সাধুকথাৰ পৰীয়ে আহি শিশুমনক উৰুৱাই আকাশলৈ লৈ যায়, তৰাক চুই চাবলৈ হাবিয়াহ জন্মায়। যেনেকৈ এটা গছপুলি ডাঙৰ হোৱালৈকে যত্ন ল’ব লাগে, তেনেকৈ এটা শিশুক ডাঙৰ হোৱালৈকে কৰিবলগীয়া বহুত কর্তব্য আছে। এই কর্তব্যবোৰ যদি লক্ষ্য কৰা যায় তেতিয়া ক’ব লাগিব যে শিশুৰ বাবে স্বাস্থ্য, শিক্ষা, ব্যক্তিত্ব, দায়িত্ববোধ, আধ্যাত্মিকতাৰ আৱশ্যকতা অতিকে প্রয়োজন।

শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ

বৃদ্ধি আৰু বিকাশ একে নহয়। ইহঁতৰ মাজত পার্থক্য আছে। বিকাশৰ কিছুমান বিশেষ লক্ষণ দেখিবলৈ পোৱা যায়। বিকাশৰ স্তৰ আৰু সময়-সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত শিক্ষাবিদ আৰম্ভ চিন্তাবিদসকলৰ মাজত মত-পার্থক্য দেখা যায়। মানুহৰ বিকাশৰ স্তৰত সাধাৰণতে চাৰিটা ভাগত বিভক্ত কৰা হৈছে। এই ভাগকেইটা হৈছে- শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক কাল। মানুহৰ জীৱনৰ প্ৰথম তিনিটা স্তৰ বিকাশ আৰু শিক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূর্ণ। তথাপিতো মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে শৈশৱ কালটোৱেই অতি আৱশ্যক।

মানসিক বিকাশ

শিশু অৱস্থাতে মানসিক বিকাশ দ্রুতগতিত বৃদ্ধিহয়। বুদ্ধিবৃত্তিৰ চৰম বিকাশ সাধন হয়। মস্তিষ্কৰ গঠন প্রায় সম্পূর্ণ আৰু পৰিপক্ক হোৱাৰ বাবে উচ্চস্তৰীয় জ্ঞান আৰু দক্ষতামূলক শিক্ষা লাভ কৰিবৰ বাবে এই সময়ছোৱা উপযুক্ত সময়। বিশেষ বিশেষ অধ্যয়নৰ প্ৰতি আগ্ৰহ বাঢ়ে। মনৰ বিশ্লেষণ আৰু সংশ্লেষণ ক্ষমতা গঢ়ি উঠে।

বৌদ্ধিক বিকাশ

শিশু অৱস্থাতে ল’ৰা-ছোৱালীৰ বৌদ্ধিক বিকাশ সাধন হয়। বৌদ্ধিক মূলধন হ’ল জ্ঞান। ই এটা সৃষ্টিমূলক মুক্ত দ্রব্য। ইয়াৰ পৰ্যাপ্ততা এজনে আনজনৰ কেতিয়াও হ্রাস কৰিব নোৱাৰে। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়।স্মৃতি, মনোযোগ, গঠনাত্মক কল্পনা, চিন্তা আদি মানসিক শক্তিবোৰৰ ক্ষমতা অর্জন কৰে।

শিশুসকলৰ দেহ মনত যি শক্তি বিৰাজ হৈ থাকে সেই শক্তি অপচয় হোৱাতো সমাজৰ কোনোৱেও নিবিচাৰে। শিশুকাল জীৱনৰ প্ৰথম স্তৰ। এই সময়ত শিশুৰ দৈহিক, মানসিক, আৱেগিক আদি বিকাশ সাধন হয়। শিশুৰ বিকাশ আৰু দেহ মানসিক প্রয়োজনবোৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। শিশুৰ শিক্ষাব্যৱস্থা সম্পর্কে তলত কেইটামান গুৰুত্বপূর্ণ দিশ উনুকিয়াই দিয়া হৈছে-

ক) শিশুৰ সুপ্ত প্রতিভা বিকাশৰ প্ৰতি নজৰ দিব লাগে। খ) শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিৰ পৰিবেশ গঢ়ি তুলিব লাগে।

গ) খেলা-ধূলা, নাচ-গান আদিত গুৰুত্ব দিব লাগে। কাৰণ খেলা-ধূলা, নাচ-গানে শিশুক আনন্দ দিয়ে। ইয়াৰ জৰিয়তে শিশুৰ শাৰীৰিক আৰু মানসিক দিশত উৎকর্ষ সাধন হয়।

ঘ) পিতৃ-মাতৃ আৰু শিক্ষকসকলে শিশুৰ বাবে লাগতিয়াল যত্ন ল’ব লাগে যাতে শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক, নৈতিক, বৌদ্ধিক আদি দিশত উন্নতি হয়।

ঙ) শিশুৰ আশা-আকাংক্ষা, ৰুচি-অভিৰুচি আদি পূৰণ কৰিবলৈ যত্ন কৰিব লাগে। অৱশ্যে এইবোৰ সুপথে পৰিচালিত হোৱাটো গুৰুত্ব দিব লাগে।

চ) শিশুৰ চিন্তা-ভাৱনা, কল্পনা শক্তিৰ বিকাশত গুৰুত্ব দিব লাগে।

ছ) শিশুক মাতৃভাষাত প্রথমে শিক্ষা দিব লাগে কাৰণ এই সময়ত শিশুৱে আয়ত্ত কৰিবলৈ শিকে মাথোন।

জ) শিশুৱে চাৰিওফালৰ পৰিবেশৰ সকলো স্তৰৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে। সেইবাবে সিহঁতৰ কৌতূহল পূৰাবলৈ পাৰ্যমানে যত্ন কৰিব লাগে।

ঝ) শিশুক পৰিষ্কাৰ-পৰিচ্ছন্নৰ বিষয়ে শিকাব লাগে।

শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশত অভিভাৱক, শিক্ষক-শিক্ষয়িত্রী তথা সমাজৰ কর্তব্য

মানৱ বিকাশৰ লগত শিক্ষাৰ সম্পর্ক অতিকে নিবিড়। ব্যাপক অৰ্থত শিক্ষাই হ’ল জীৱন বিকাশ। পৃথিৱীৰ বিখ্যাত দার্শনিক শিক্ষাবিদসকলে সেয়েহে অভিমত দিছিল। যে, মানৱ শিশুৰ অন্তৰ্নিহিত ক্ষমতাৰ অবিহনে শিক্ষাৰ অন্য কোনো অর্থ থাকিব নোৱাৰে। প্রকৃতাৰ্থত শিক্ষাইহে মানুহৰ দৈহিক, সামাজিক, মানসিক, বৌদ্ধিক ইত্যাদি সকলো প্ৰকাৰৰ প্ৰকাশ সম্ভৱ কৰি তোলে।

অভিভাৱকৰ ভূমিকা

শিশুসকলৰ প্ৰথম আধাৰ ঘৰখনৰ স্বাস্থ্য, শিক্ষা, ব্যক্তিত্ব আৰু দায়িত্ববোধ বর্তমান সময়ত অভিভাৱকসকলে সুচাৰুৰূপে পালন কৰাৰ সময় আহি পৰিছে।

স্বাস্থ্য

স্বাস্থ্য জীৱনৰ অমূল্য সম্পদ। শিশুসকলৰ শাৰিৰীক মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য ভিটামিন A, B, C, D, E, K মাছ, মাংস,কণী, শাক-পাচলি পর্যাপ্ত পৰিমাণে খুৱাব লাগে। বিশেষকৈ শিশু অৱস্থাত ৰোগৰ লক্ষণ দেখিলে বেজ, কবিৰাজ, ফার্মাচিত বা অন্য কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শলৈ ৰৈ থকাতকৈ যি অসুখ হ’ব সেই অসুখৰ ডাক্তৰক দেখুৱাব লাগে। আজিকালি টিভি বাতৰি-কাকতৰ বিজ্ঞাপন চাই ব্যৱহাৰ কৰা খাদ্য বস্তুৱে শিশুসকলক সময়ে সময়ে চিকিৎসালয়ত ভর্তি কৰা দেখা যায়। গতিকে এইক্ষেত্ৰত অভিভাৱকসকল সচেতন হোৱাতো অতি প্রয়োজন। শিক্ষা যি দেশত মাতৃভাষা অসমীয়া সেই দেশত শিশুসকলক মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা দিয়া অতিকে প্রয়োজন। বর্তমান যুগত মাতৃভাষাৰ লগতে ইংৰাজী, হিন্দী বা বিদেশী ভাষা জনাৰো প্রয়োজন আহি পৰিছে। সেই বুলি শিশুসকলক ইংৰাজী মাধ্যমত শিক্ষা দিয়াটো অতি ভয়ংকৰ। যাৰ ফলত শিশুসকলৰ শিক্ষা দিয়াটো প্ৰায়েই আধৰুৱা হৈ ৰ’ব বুলি ক’ব পাৰি। নিজৰ মাতৃভাষা নজনাকৈ যি ভাষাৰে জ্ঞান নলওক লাগে সি সদায় শিপাহীন গছৰ দৰে হৈ থাকিব। বর্তমান সময়ত কাঠফুলাৰ দৰে বাঢ়ি অহা বিদ্যালয়ৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱকসকলে নিজে বিবেচনা কৰিহে শিশুসকলক বিদ্যালয়ত নামভর্তি কৰিব লাগে। এটি মন কৰিবলগীয়া কথা হ’ল শিশুটোৰ কোন বিষয়ত ৰাপ আছে সেই বিষয়তে গুৰুত্ব দিব লাগে। সিহঁতৰ ইচ্ছাৰ বিপৰীতে গ’লে

উপকাৰতহে অপকাৰ হ’ব।

ব্যক্তিত্ব

সকলো সুপ্রতিষ্ঠিত বা প্রতিষ্ঠিত মানুহৰ অস্ত্ৰপাট হ’ল তেওঁলোকৰ ব্যক্তিত্ব। সেয়ে কোৱা হয় ‘Health is Wealth’ অর্থাৎ স্বাস্থ্যই পৰম সম্পদ। এক সুস্থ স্বাস্থ্যতহে সুস্থ চিন্তাৰ বিকাশ ঘটিব পাৰে। শ্রেষ্ঠ মোগল সম্রাট, ফৰাচী সম্রাট নেপোলিয়ন ব’নাপার্ট, আমেৰিকাৰ ভূতপূর্ব ৰাষ্ট্রপতি আব্রাহাম লিংকন, ঔপন্যাসিক এইচ জি ওৱেলছ, শংকৰদেৱ, মাধৱদেৱ ইত্যাদিৰ সকলৰ ব্যক্তিত্বৰ বিষয়ে শিশুসকলক আভাস দিব লাগে। যিহেতু ব্যক্তিত্ব এনেই অহা বস্তু নহয়, গতিকে শিশুটোক পৰিশ্রমী মানসিক শক্তিৰ প্রয়োজনীয়তাৰ কথা বুজাব লাগে। অভিভাৱকসকলে জীৱনৰ সফলতা, ব্যক্তিত্ব কেনেকৈ গঢ়িব পাৰি, মহৎ লোকৰ জীৱনী আৰু গ্ৰন্থ অধ্যয়নত ব্ৰতী হ’বলৈ বাধ্য কৰাব লাগে।

দায়িত্ববোধ

আমি শিশুসকলক সদায় সত্য কথা ক’বলৈ উপদেশ দি আছো। কিন্তু কৰ্মৰ ক্ষেত্ৰত আমিয়েই সিহঁতক অসত্যৰ পথহে দিছো। সেই কথা প্রত্যেক অভিভাৱকে নিজৰ গাত চিকুট মাৰি চালে ধৰিব পাৰিব। সেইদৰে সময়ে সময়ে অভিভাৱকসকলে দাঙি ধৰা ব্যক্তিত্ব, আচৰণ,  ব্যৱহাৰে শিশুসকলকো প্রভান্বিত কৰে। শিশুসকলক লাগ বুলিলে বস্তু দিয়া, প্রয়োজনতকৈ অধিক টকা-পইচা দিয়া, নিজৰ ল’ৰা বা ছোৱালীয়ে দোষ কৰিলে আনৰ ওপৰতহে দোষ জাপি দিয়া, প্ৰয়োজনতকৈ অধিক সময় টিভি, কম্পিউটাৰ, ম’বাইলৰ লগত খেলা কৰা ইত্যাদিৰ প্ৰতি চকু দিব লাগে। এটা কথা লক্ষ্য কৰিলে এইবিলাকে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ কৰে, কিন্ত্য অত্যধিক ব্যৱহাৰে হয়তো হিতৰ বিপৰীতে যাব পাৰে তাৰ প্ৰতি অভিভাৱকসকলে নজৰ দিব লাগে।

সমাজৰ ভূমিকা

শিশুসকলৰ মন এখিলা বগা কাগজৰ দৰে শিশু সুন্দৰ, কোমল, পবিত্ৰ আৰু নিষ্কলুষ। তেওঁলোকক যিদৰে গঢ় দিয়া হয় সেইদৰেই গঢ় ল'ব। গতিকে আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য হ’ল আমি এৰি যাব খোজা ভৱিষ্যতৰ পৃথিৱীত এজন সৎ আৰু সু-নাগৰিক হিচাপে তেওঁলোকৰ প্ৰতিষ্ঠাৰ বাবে আত্মনিয়োগ কৰা।

ঘৰখন যেনেকৈ শিশুৰ শিক্ষাৰ আদিপাঠ তেনেকৈ সমাজখনো শিশুৰ শিক্ষাৰ আদিপাঠ। ভাল সমাজত থাকিলে শিশু ভাল হ’ব, বেয়া সমাজত থাকিলে বেয়া হ’ব। সেয়ে প্রায় ক্ষেত্ৰতেই দেখা যায় পৰিয়ালৰ জ্যেষ্ঠসকলৰ দোষ-গুণ শিশুৰ গাত প্রতিফলিত হয়। এইক্ষেত্ৰত পৰিয়ালৰ ব্যক্তিসকল সচেতন হোৱাটো প্রয়োজন। পৰিয়ালত সঘনাই হাই-কাজিয়া হৈ থাকিলে তেওঁলোক অপৰাধ প্ৰৱণতাতো ভূগিব পাৰে। এনে বহু শিশু মানসিক ৰোগত ভোগাৰ উদাহৰণো নথকা নহয়। গতিকে শিশুৰ আগত নীতি বাক্য আওৰাই ভাল হ’বলৈ কৈ থকাতকৈ প্রথমে নিজৰ আচৰণ আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়াটো বেছি প্রয়োজনীয়। ঘৰখনত বা সমাজখনত সদায় এটা শৃংখলাৱদ্ধ, সুস্থ আৰু আনন্দময় পৰিবেশে বিৰাজ কৰিলে শিশুৰ মানসিকতাও সুন্দৰ আৰু সুস্থ হৈ পৰে।পিতৃ-মাতৃয়ে অতি বেছি ব্যস্ততাৰ মাজতো নিজৰ সন্তানৰ লগত কিছু আনন্দ-স্ফুর্তিৰে কটাই এটা মধুৰ পৰিবেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে যাতে শিশুসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ যথোপযুক্ত মৰম পায় বা তেওঁলোকৰ মনলৈ কোনো হতাশাজনক বা নিৰাশাজনক ভাব নাহে।

শিশুৰ মন অপাৰ কৌতুহলেৰে ভৰা। সেয়ে যিকোনো সময়তে বিভিন্ন ধৰণৰ প্রশ্ন সুধি তেওঁলোকে ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। তেওঁলোকৰ প্ৰশ্নবোৰৰ উত্তৰ মৰম আৰু বুজনিৰ সুৰত দিব লাগে। সেই সময়ত প্রশ্নৰ উত্তৰ দিবলৈ প্ৰস্তুত নাথাকিলে দাবী-ধমকি দি বা খং কৰি খেদি পঠিওৱাতকৈ মৰমেৰে বুজাই ক’ব লাগে যে, এই বিষয়ে পিচত আলোচনা কৰা হ’ব বুলি ক’লে ব্যস্ত হৈ পৰে। অন্যথা খং কৰি আঁতৰাই পঠালে শিশুৰ মনত বিৰূপ প্ৰভাৱ পৰিব।

যান্ত্রিকতাৰ দিনত আজিৰ সমাজখন ব্যস্ত হ’বলৈ ধৰিছে। তদুপৰি পশ্চিমীয়া সংস্কৃতিৰ অৱনতি হ’বলৈ ধৰিছে। সেয়ে সমাজৰ প্ৰতিগৰাকী মানুহে শিশুসকলক মুক্তভাবে খেলা-ধূলা, ছবি অঁকা, নৃত্য-গীত, সাহিত্য, সংগীতচর্চা, অভিনয় কৰা আদি সৃষ্টিশীল কামত মনোনিৱেশ কৰোৱাব লাগে।

আজিৰ যুগ প্রতিযোগিতাৰ যুগ। কম্পিউটাৰ ইণ্টাৰনেটৰ যুগত শিশুৱে আগৰ দৰে আকাশৰ জোনবাই চাই আপোন পাহৰা নহয় বা বুঢ়ী আইৰ সাধু শুনাৰ হাবিয়াহো তেওঁলোকৰ মনত নাই। আজিৰ শিশুসকল ব্যস্ত হৈ থাকি ভাল পায় ম’বাইল আৰু কম্পিউটাৰত গেম খেলি নতুবা টেলিভিছন চায়। কিন্তু এইবোৰে শিশুটিৰ কোমল মন আৰু মগজুত কিমান কু-প্ৰভাৱ পেলাব পাৰে সেই কথা আমাৰ সমাজৰ সৰহসংখ্যক মানুহে ভাবি নাচায়। শিশুৰ মানসিক বিকাশ আৰু বৌদ্ধিক বিকাশৰ বাবে এইবোৰৰ ন্যূনতম প্রয়োজনীয়তা থাকিলেও অতি বেছি প্ৰতিটো বস্তুৰে বেয়া। গতিকে শিশুসকলক প্ৰতিটো কাম সীমাৰ ভিতৰত কৰিবলৈ শিকাব লাগে। প্ৰতিটো বস্তুৰে ভাল-বেয়া, উচিত-অনুচিত আদি কথাবোৰ শিশুক মৰমেৰে বুজাই দিব লাগে যাতে তেওঁলোকে ভুল পথত ভৰি দিব লগা নহয়।

লিখক: অৰূপজ্যোতি হাজৰিকা, সাদিন।

 

শিশুৱে কিমান পানী খোৱা উচিত?


সকলো শিশুৰ ক্ষেত্ৰত খোৱা পানীৰ পৰিমাণ একে নহয়। শিশু এটিয়ে কিমান পৰিমাণৰ পানী খাব, তাক নিৰ্ভৰ কৰিব শিশুটিৰ শৰীৰৰ জ্বৰ-ব্যাধি, ওজন আৰু বয়সৰ ওপৰতহে। যদিহে শিশুটিৰ জ্বৰ হৈ আছে তেন্তে তাৰ বাবে পানীৰ প্ৰয়োজন আন সুস্থ শিশুতকৈ অধিক বেছি হ'ব। ডায়েৰিয়া বা পেটৰ অসুখ হ’লেও পানী বেছিকৈ খোৱাৰ প্ৰয়োজন হৈ পৰে। আনবোৰ ক্ষেত্ৰত যেনে- বেছিকৈ গৰম পৰিলে, বেছিকৈ খেলা-ধূলা কৰিলে শিশু এটিয়ে বেছি পৰিমাণৰ পানী খোৱা উচিত। আনহাতে, শিশু এটিৰ শৰীৰত যদি পানী জমা হয় অথবা ইডিমা ৰোগ হ’লে শিশুটিক বৰ কম পৰিমাণৰ পানীহে খাবলৈ দিয়া উচিত হ’ব।

শিশু এটিৰ দৈনিক পানীৰ চাহিদা কিমান?

বয়স            পানীৰ চাহিদা

৭ মাহৰ পৰা      আধা লিটাৰৰ পৰা

১২ মাহলৈ        প্রায় এক লিটাৰ

১ বছৰৰ পৰা      এক লিটাৰৰ পৰা

৩ বছৰলৈ        ডেৰ লিটাৰ

৪ বছৰৰ পৰা      ডেৰ লিটাৰৰ পৰা

৮ বছৰলৈ        দুই লিটাৰ

৯ বছৰৰ পৰা      দুই লিটাৰৰ পৰা

১৬ বছৰলৈ       আঢ়ৈ লিটাৰলৈ

পিচে পানীৰ এই চাহিদা হ’ল— শিশুটিয়ে গ্ৰহণ কৰা মুঠ জুলীয়া দ্রব্যহে— এয়া যে কেৱল পানীহে হ’ব, সেই কথাটো নহয়। শিশুটিৰ দেহৰ ভিতৰলৈ যিকোনো প্রকাৰৰ জুলীয়া দ্রব্য গ’লেও পানীৰ চাহিদা পূৰণ হ'ব। উদাহৰণস্বৰূপে আপোনাৰ পাঁচ বছৰীয়া শিশু সন্তানটিক হিচাপ কৰি দৈনিক ডেৰ লিটাৰ পানী নুখুৱালেও হয়; কাৰণ সেই শিশুটিয়ে দৈনিক যি পৰিমাণৰ গৰুৰ গাখীৰ খাই থাকে, সেই গাখীৰত শতকৰা ৮৭ ভাগেই হৈছে জুলীয়া দ্রব্য। সেইদৰে দৈত ৮৯ শতাংশ, আনাৰসত ৮৮ শতাংশ, কলত ৭০ শতাংশ, আমত ৮১ শতাংশ, পটলত ৯৩ শতাংশ পানী থাকে। গতিকে শিশুটিক হিচাপমতে পানী খুওৱা নহ’ল বুলি আপুনি চিন্তা কৰি থাকিব নালাগে। আন এটা কথালৈকো আপুনি লক্ষ্য কৰিব লাগিব। সেয়া হ’ল পানীৰ অভাৱ পূৰণ কৰিবৰ কাৰণে শিশুটিক আপুনি ক’ল্ড ড্রিংকচ বা শীতল পানীয় আৰু পেকেটত থকা ফলৰ ৰস নুখুৱাব কিন্তু! শিশু এটিৰ ক্ষেত্ৰত খোৱা পানীৰ পৰিমাণ কম হৈছে নেকি তাক বুজিবলৈ শিশুটিৰ প্ৰস্ৰাৱৰ মাত্ৰা পৰীক্ষা কৰক। শিশু এটিয়ে দৈনিক যি হাৰত প্ৰস্ৰাৱ কৰি থাকে, তাৰ বিপৰীতে যদিহে শিশুটিয়ে কম পৰিমাণৰ পানী গ্ৰহণ কৰি থাকে, তেন্তে তাৰ প্ৰস্ৰাৱ কৰাৰ হাৰ কমি যাব। কম পৰিমাণৰ পানী গ্ৰহণ কৰিলে শিশুটিৰ দেহত আন কিছুমান লক্ষণো প্রকাশ পায় যেনে-শিশুটি বেছ অস্থিৰ হৈ থাকিব, চকু দুটা ভিতৰলৈ সোমাই যাব, জিভাখন শুকাই যাব, নাড়ীৰ স্পন্দন বা পালছ দুর্বল অথবা খৰগতিৰ হৈ পৰিব।

ছমাহ বয়সৰ পৰাই শিশুটিক ওপৰঞ্চি পানী খুৱাব লাগিব। এবছৰীয়া শিশুৱে সাধাৰণতে নিজে নিজে পানী খাব পাৰে বা জানে। শিশুটিয়ে খিচিৰী খোৱাৰ পাচত তাক প্লাষ্টিক বা মেলামাইনেৰে তৈয়াৰী গিলাচত পানী খাবলৈ দিব। শিশুটিক ৰঙীন, ধুনীয়া আকর্ষণীয় মেলামাইন বা ষ্টীলৰ মগ বা গিলাচত পানী ঢালি শিশুটিয়ে কেনেকৈ ধীৰে ধীৰে পানী পিব লাগে, তাক ধৈর্য সহকাৰে শিকাওক। পিচলৈ দেখিব যে, শিশুটিয়ে নিজেই পানী খাবলৈ ইচ্ছা কৰিব। তদুপৰি শিশুটি অসুস্থ হ’লে, জ্বৰ আদি থাকিলে, পেটৰ অসুখ বা ডায়েৰিয়াত ভূগিলে, শিশুটিক যেন অধিক পৰিমাণৰ পানী খুৱাবলৈ নাপাহৰে।

উৎস: সাদিন ফিচাৰ্ছ।

আপোনাৰ শিশু সন্তানটিৰ প্ৰতি আচৰণ কেনে হোৱা উচিত?


এটি শিশুক সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত শিশুটিৰ পিতৃ-মাতৃ উভয়ৰে এক গুৰুত্বপূর্ণ ভূমিকা আছে। শিশুটিৰ চলন ফুৰণৰ ভংগীকে ধৰি কথা কোৱাৰ ধৰণ, নিয়মানুবর্তিতা, পঢ়া-শুনা, ঘৰুৱা সৰু-সুৰা কাম-কাজ কৰালৈকে শিশুটিক পিতৃ-মাতৃ উভয়েই লক্ষ্য কৰা উচিত আৰু উপৰি উক্ত কামবোৰ শুদ্ধ তথা সঠিকভাবে কৰাৰ ক্ষেত্ৰত উৎসাহ যোগোৱা উচিত। পিচে শিশু সন্তানটিৰ সৈতে তাৰ পিতৃ-মাতৃয়ে কেনেধৰণৰ ব্যৱহাৰ কৰে বাৰু? মনত ৰাখিব পিতৃ-মাতৃয়ে তেওঁলোকৰ শিশু সন্তানটিৰ প্ৰতি কৰা আচৰণৰ ওপৰতেই শিশুটিৰ ভৱিষ্যততো নিৰ্ভৰশীল। সন্তানটিৰ প্ৰতি ভুল অথবা অহেতুক আচৰণ কৰে। তেনে ভুল আচৰণ বা ব্যৱহাৰে শিশুটিৰ ওপৰত যথেষ্ট মানসিক চাপৰ সৃষ্টি কৰে, শিশুটিক জেদী মনোভাবাপন্ন কৰি তুলি তাৰ ভৱিষ্যতৰ জীৱনটো নষ্ট কৰি দিব পাৰে। গতিকে আপোনাৰ শিশু সন্তানটিৰ প্ৰতি কৰা আচৰণবোৰ কেনেধৰণৰ হোৱা উচিত, সেই বিষয়ে কিছুমান পৰামর্শ তলত আগবঢ়োৱা হ’ল।

  • খুব বেছি বা খুব কম প্রশংসা নকৰিব: অতি বেছি প্রশংসা নকৰিব কিন্তু কিছুমান ক্ষেত্ৰত কমকৈ হ’লেও শিশু সন্তানটিক প্রশংসা কৰাটো উচিত। উদাহৰণস্বৰূপে যদি শিশুটিয়ে ধুবলগীয়া তাৰ কাপোৰ কানিবোৰ আপুনি নির্দেশ দিয়া বাল্টি বা চৰিয়াটোত থৈছে, তেন্তে আপোনাৰ কোৱাটো উচিত হ'ব- ‘বঢ়িয়া, তুমি দেখিছো সকলো ল’ৰা-ছোৱালীৰ ভিতৰতে ভাল ল’ৰা (অথবা ছোৱালী)।” মনত ৰাখিব আপোনাৰ এইখিনি প্রশংসাই আপোনাৰ শিশুটিক ভৱিষ্যতৰ দিনবোৰতো চিজিল লগাই ধুবলগীয়া কাপোৰ-কানি থ’বলৈ উৎসাহ যোগাই থাকিব। সেইদৰে বয়সিয়াল লোকক বহিবলৈ ড্রয়িংৰূমত নিজৰ আসন এৰি দিয়া, লোকৰ বস্তু ভালকৈ ৰাখি নিয়মমতে ঘূৰাই দিয়াৰ ক্ষেত্ৰত আপুনি শিশুটিক উচ্চ প্রশংসা কৰিব, কাৰণ এইবোৰ কাম কৰিবলৈ শিশুটি সদায় আনকি পূৰ্ণবয়স্ক অৱস্থাতো তৎপৰ হৈ থাকিব। শিশুটিৰ সামান্য ধৰণৰ ভাল কামতো আপুনি অলপ হ’লেও প্রশংসা কৰিবই। কাৰণ এটা ভাল কাম কৰাৰ পিচতো যদি শিশুটিয়ে আপোনাৰ পৰা প্ৰশংসাতো বাদেই, সামান্যভাবে ধন্যবাদো নাপায়, তেন্তে শিশুটিৰ মন ভাগি যাব পাৰে। সেইদৰে শিশুটিয়ে কিবা ভুল-ভ্ৰান্তি কৰিলেও আপুনি তৎক্ষণাৎ কঠোৰ হৈ তাক গালি শপনি পাৰি শান্তি দিবলৈ নাযাব। মনত ৰাখিব যে, ডাঙৰেও কেতিয়াবা তেনে ভুল কৰিব পাৰে। গতিকে ভুল কৰা শিশুটিক আপুনি তাক মৰমেৰে কথাবোৰ বুজাই দিব। ভৱিষ্যতে কোনবোৰ কথাত সাৱধান হ’ব লাগে, কোনবোৰ বস্তুক হাতেৰে চুব নালাগে। কোনবোৰ কাম কৰিব নালাগে- তাক মৰমেৰে শিশুটিক বুজাই দিয়ক। সেইদৰে শিশুটিয়ে কিবা এটা ভাল কাম কৰিলে বৰ উচ্চ প্রশংসা নকৰিব, কাৰণ তাৰ ফলত শিশুটিৰ মনত এক অহংকাৰী, অহমিকা ভাবৰো সৃষ্টি হয়। সেয়ে সীমিতভাবেহে শিশুটিক প্রশংসা কৰক।
  • শিশুটিৰ সৈতে শিক্ষকসুলভ আচৰণ প্রয়োজনীয়: শিশুটিক টিভি বা ভিচিডিত যিকোনো চিনেমা চাবলৈ নিদিব। তাক শিক্ষকৰ দৰে পৰামর্শ দিব যে, সকলো চিনেমা সৰু ল’ৰা-ছোৱালীয়ে চোৱাটো উচিত নহয়। হয়তো শিশুটিয়ে ওলোটাই আপোনাক প্রশ্ন কৰিব যে, সেইখন চিনেমা কিয় সি বা তাই চাব নালাগে। গতিকে আপুনি তাক বা তাইক শিক্ষকৰ দৰে বুজাওক যে, তেনেবোৰ চিনেমা সৰু ছোৱালীয়ে ডাঙৰৰ দৰে বুজি নাপায় অথবা তেনেবোৰ চিনেমা চালে মনত আনন্দ লগাৰ সলনি দুখ, ভয় বা আতংকৰহে সৃষ্টি হয়। শিশুটিয়ে ডাঙৰ হৈ বুজিব পৰা হ’লে আপুনি হয়তো নিজেই তাক তেনেধৰণৰ চিনেমা দেখুৱাব। পৰাপক্ষত ঘৰলৈ শিশুৱে চাব নোৱাৰা চিনেমাৰ চিডি নানাই ভাল। তথাপিও যদি তেনে চিনেমাৰ চিডি অনাও হয়, তাক শিশুটিয়ে যাতে বিচাৰি নাপায়। তালৈ সতর্ক হওক আৰু শিশুটিয়ে নিশা টোপনি যোৱাৰ পাচতহে তাৰ পিতৃ-মাতৃয়ে তেনে চিনেমা চোৱাটো উচিত।
  • কেতিয়াও উত্তেজিত নহ’ব: শিশুটিয়ে কিবা কথাত খং কৰিলে উত্তেজিত হ’লে, কাজিয়া কৰিলে আপুনিও তাৰ সমানে উত্তেজিত নহ’ব। চিঞৰি চিঞৰি খং কৰি তাক গালি-শপনি পাৰি নাথাকিব। আপুনি ধৈর্য ধৰি, শান্ত ভাবেৰে তাৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰক আৰু তাৰ সমাধান কৰক। বহুত সময়ত দেখা যায়। পিতৃ বা মাতৃয়ে যদি নীৰৱে থাকে, শিশুটিয়ে কন্দা-কটা, কাজিয়া কৰা কথাবোৰ নিজেই বন্ধ কৰি দিব।
  • শিশুটিৰ ব্যক্তিত্বক গঢ় দিয়ক: কিছুমান শিশুৱে অনবৰতে মুখ ওফোন্দাই থাকে। আনৰ সৈতে সঘনে কাজিয়া কৰে অথবা আনৰ কাম-কাজত নাক সুমুৱাই আমনি দি থাকে। আপুনি শিশুটিক সমবয়সী শিশুৰ সৈতে বন্ধুত্ব কৰিবলৈ শিকাওক। কাজিয়া কৰাৰ পৰা বিৰত ৰাখক। বয়সিয়ালসকলক সন্মান কৰিবলৈ শিকাওক। আনৰ ওচৰত কিবা ভুল কৰিলে সি “দুঃখিত’ বা Sorry বুলি ক’বলৈকো শিকাই দিব। কেনেকৈ আহাৰ খোৱা উচিত, কেনেধৰণে পোছাক-পাতি পিন্ধা উচিত, কেনেকৈ শুব লাগে। আনৰ ওচৰত উঠা-বহা কৰিব লাগে- সেইবোৰ শিশুটিক সৰু কালৰে পৰা শিকাই তাৰ ব্যক্তিত্বক গঢ় দিবলৈ চেষ্টা কৰক।
  • আপুনি নিজৰ দৈনন্দিন জীৱন যাপনৰ প্ৰতিও সচেতন হওক: শিশু সদায় অনুকৰণপ্রিয়। ডাঙৰে যি কৰে, শিশুটিয়েও তাকে কৰিব। উদাহৰণস্বৰূপে আপুনি কাহোতে বা হাঁচিয়াওঁতে যদি মুখত ৰুমাল অথবা ৰুমালৰ অভাৱত হাতেৰে ঢাকি নধৰে, তেন্তে শিশুটিয়েও সেই পথকে ল’ব। আপুনি যদি আপোনাতকৈ জ্যেষ্ঠজনৰ ওচৰত চিঞৰি কথা কয়, তেওঁলোকক সন্মান সহকাৰে ব্যৱহাৰ নকৰে নতুবা বন কৰা মানুহৰ প্ৰতি নিষ্ঠুৰ বা ৰুক্ষ আচৰণ কৰে। শিশুটিয়ে তাকেই অনুকৰণ কৰিব। গতিকে আপুনিও শিশুটিৰ সমুখত আনৰ সৈতে ভাল আচৰণ কৰিবলৈ নিজৰ আদৱ-কায়দাক ভদ্রোচিত কৰিবলৈ সচেতন হওক।
  • কঠোৰ শাস্তি দিয়াৰ পৰা বিৰত থাকক: শিশুটিয়ে ভুল কৰিলেই তাক কঠোৰ শাস্তি দিয়া, চৰিওৱা, ঢকা মৰা ধৰণৰ শাস্তি নিদিব। শিশুৰ শৰীৰ অতি কোমল। গতিকে তেনে কঠোৰ শাস্তিয়ে তাৰ চকু-কাণ ৰাজহাড় আদিৰ ক্ষতি কৰিব। সেয়ে ঘড়ী চাই এক মিনিটমান সি বা তাই নিজৰ কাণত ধৰি অথবা এটা ভৰি দাঙি থিয় হ’বলৈ দিয়ক। এনে শাস্তিয়ে শিশুৰ শৰীৰৰ ক্ষতি নকৰে। কেতিয়াবা শিশুটিক দুই মিনিটমান সময় কথা ক’বলৈ নিদিয়ো শাস্তি দিব পাৰি। যিমান পাৰে শাস্তি নিদিয়াকৈ আপুনি শিশুটিক ভৱিষ্যতে তেনে ভুল নকৰিবলৈ মৰমেৰে বুজোৱাটোহে উচিত। তদুপৰি শিশুটিয়ে স্কুল বাছত নিজৰ অৱহেলাৰ বাবেই সময়মতে নুঠাত স্কুল খতি হ’লে সেইদিন শাস্তি স্বৰূপে ঘৰত বেছিকৈ ‘হোম ৱৰ্ক’ কৰিবলৈ দিব পাৰে। তেনে শাস্তি পালে সি পিচদিনা বেছিকৈ পঢ়াৰ ভয়তে সময়মতেই স্কুললৈ যাবলৈ সাজু হ’ব।
  • শিশুটিক খেলিবলৈ দিয়ক: খেল-ধেমালি কৰিলে, শিশুটিৰ স্বাস্থ্য ভালে থাকে। শৰীৰটো সতেজ হয়, ভোক লাগে। ব্যায়াম কৰিবলৈ শিকাওক। যাতে তাৰ মনৰ পৰা এলেহুৱা ভাবটো আঁতৰ হৈ পৰে।
  • ভাল কাম কৰিলে পুৰস্কাৰ দিয়ক: শিশুটিয়ে ভাল কাম কৰাৰ বিনিময়ত তাক পুৰস্কাৰ দিয়ক। পুৰস্কাৰবোৰ এনেধৰণৰ হ’ব পাৰে এখন ধুনীয়া কিতাপ, আইচক্ৰীম, পুতলা নতুবা পোছাকো হ’ব পাৰে। উপহাৰ পালে ভৱিষ্যতেও তেনেধৰণৰ ভাল কাম কৰিবলৈ শিশুটিয়ে উৎসাহ বা প্ৰেৰণা পাব।
  • পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে শিকাওক: শিশুটিক ভালকৈ গা ধুবলৈ, হাত-ভৰি ধুবলৈ শিকাওক। নিশা শুবলৈ যোৱাৰ পূর্বে দাঁত ব্ৰাছ কৰিবলৈ কওক। হাত-ভৰিৰ নখলৈ চকু দিবলৈ শিকাব। নখবোৰ যাতে অপৰিষ্কাৰ হৈ নাথাকে। নিয়মিতভাবে কাটিব লাগে, তালৈ লক্ষ্য কৰিবলৈ শিকাওক। বাথৰূম ব্যৱহাৰ কৰাৰ পিচত যাতে বাথৰূমটো পৰিষ্কাৰ হৈ থাকে, তাৰ কাৰণে সচেতন হ’বলৈ শিকাওক। যদি সম্ভৱ হয় তেন্তে আপোনাৰ পুত্ৰ আৰু কন্যা সন্তানৰ বাবে পৃথক, পৃথক বাথৰূমৰ ব্যৱস্থা কৰক।
  • শিশুটিক সহনশীল হ’বলৈ শিকাওক: বহুতো শিশুৱে পিতৃ-মাতৃৰ ওচৰত অভিযোগ কৰে যে, তাক বা তাইক আন শিশুৱে মাৰিছে। আপুনি লগে লগে আপোনাৰ শিশুটিৰ পক্ষ নল'ব। তাৰ পৰিবর্তে আপুনি শিশুটিক প্রশ্ন কৰক যে, “তুমি হয়তো এনে কিবা বেয়া কাম কৰিছা যে, তাৰ বাবেহে সি তোমাক মাৰিছে?” যদিহে শিশুটিয়ে কাৰোবাৰ প্ৰতি বেয়া আচৰণ কৰিছে বুলি আপুনি গম পায়, তেন্তে তেনে কাম নকৰিবলৈ তাক বুজাওক। শিশুটিয়ে বিচৰাৰ লগে লগেই কোনো বস্তু কিনি নিদিব- তাক ধৈৰ্যৰে অপেক্ষা কৰিবলৈ শিকাওক। আনৰ প্ৰতি সহনশীল হ’বলৈ শিকাওক।
  • শিশুক কেতিয়া জৰুৰী চিকিৎসাৰ প্ৰয়োজন
  • সন্তানৰ সামান্য অসুখ হ’লেও পিতৃ-মাতৃ উদ্বিগ্ন হৈ পৰাতো স্বাভাৱিক। কিন্তু কোনো কোনো পৰিস্থিতিত অভিভাৱকে বুজিয়েই নাপায় যে শিশুটিক ঘৰতে ৰাখি চিকিৎসা কৰাব নে হাস্পতাললৈ লৈ যাব। বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে, হাস্পতালৰ ইমার্জেন্সি বা জৰুৰী বিভাগৰ চিকিৎসাৰ বাবে যিবোৰ শিশুক লৈ যোৱা হয়। প্রকৃততে তেনে শিশুৰ অৱস্থা বিশেষ গুৰুতৰ নহয়। সেয়ে পিতৃ-মাতৃয়ে বুজিব লাগে যে, কেনে পৰিস্থিতিত আচলতে শিশুটিক হাস্পতাললৈ নিব লাগে। শিশুটিক লৈ উদ্বিগ্ন পিতৃ-মাতৃয়ে চিকিৎসাজনিত কিছুমান বিশেষ কথা মনত ৰখাটো জৰুৰী। কেনে অৱস্থাত শিশুটিৰ দ্ৰুত জৰুৰী চিকিৎসাৰ প্ৰয়োজন তেনে কিছু তথ্য আগবঢ়োৱা হ’ল-
  • শিশুটিয়ে যদি শ্বাস-প্ৰশ্বাস লওঁতে কষ্ট পায় বা শিশুটিৰ যদি পাল্‌ছ কমি যায়, তেন্তে আপুনি দেৰি নকৰি ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰিব লাগে। কেতিয়াবা আকৌ হঠাতে শিশুটি অজ্ঞান হৈ পৰে। তেনে অৱস্থাত শিশুৰ আশে-পাশে ভিৰ জমা হ’বলৈ নিদি সোনকালে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। মনত ৰাখিব যাতে জ্ঞান ঘূৰাই আনিবলৈ শিশুটিক অযথা জোকাৰি নাথাকে। এনে কৰিলে হিতে বিপৰীত হোৱাৰ আশংকাই অধিক। শিশুৰ শৰীৰত তেজৰ সঞ্চালন আৰু অক্সিজেন কমি গ’লে শিশু এটি কমালৈ গুচি যায়। সাধাৰণতে মাৰাত্মক সংক্রমণ, শৰীৰৰ পৰা পানী নোহোৱা হৈ গ’লে বা ৰক্তক্ষৰণ হ’লে বা প্রচণ্ড গৰমতো শিশু কেতিয়াবা ক’মাত গুচি যায়। নাড়ীৰ গতি দ্রুত বা একেবাৰে দুৰ্বল হৈ গ’লে, ছাল শেতা পৰি গ’লে বা একেবাৰে ক’লা পৰি গ’লে, তদুপৰি শিশুৰ চেতনা লোপ পালে বা হাত-ভৰি ঠাণ্ডা পৰি গ’লে আমি জানিব লাগিব যে, শিশুটিক ক’মাত গৈছে। তাক চিকিৎসালয়ত ভর্তি কৰোৱাটো জৰুৰী। তীব্র এলাৰ্জিজনিত প্রতিক্রিয়া, হাপানীত আক্রান্ত, শ্বাসনলীৰ মাৰাত্মক সংক্রমণ বা শ্বাসনলীত কোনো বস্তু লাগি ধৰিলে উশাহ লওঁতে শিশু এটিৰ বৰ কষ্ট হয়। এনে অৱস্থাত দেৰি নকৰি শিশুক জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। বহু সময়ত দেখা যায় যে, শিশুৱে হাতৰ ওচৰতে যি পায় তাকে মুখত ভৰায়। এনেদৰে কোনো বস্তু গিলি দিয়াৰ ফলত যদি বস্তুটো ডিঙিত লাগি ধৰে তেন্তে আপুনি দেৰি নকৰি ওচৰৰ চিকিৎসালয়ৰ জৰুৰী বিভাগলৈ শিশুটি লৈ যাওক। তদুপৰি শিশুৰ শৰীৰৰ কোনো স্থানৰ পৰা বেছি সময় ধৰি ৰক্তক্ষৰণ হৈ থাকিলেও চিকিৎসালয়লৈ লৈ যাব লাগে। কোনো কাৰণত শিশুটিয়ে স্নায়ুত আঘাত পালে তৎক্ষণাত হাস্পতাললৈ লৈ যাব লাগে। এমাহতকৈও কম বয়সীয়া শিশুৰ ১০৪ ডিগ্ৰী পর্যন্ত জ্বৰ উঠিলে, ততাতৈয়াকৈ শিশুক চিকিৎসালয়লৈ নিব লাগে। শিশুৰ বেছিকৈ বমি হ’লে বা ডায়েৰিয়া হ’লেও চিকিৎসকৰ পৰামর্শ লোৱাটো জৰুৰী।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate