অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ কান্দোন:

শিশুৰ কান্দোন:

হাঁহি-কান্দোন, সুখ-দুখৰ সমষ্টিয়েই মানৱ জীৱন-

 

মানৱ জীৱনত শিশুৰ হাঁহি-কান্দোনৰ আকৰ্ষণ মধুৰ। শিশুৰ সৰলতাই ইয়াত যেন সোণত সুৱাগাহে চৰায়। খোৱা-লোৱা বা টোপনিৰ দৰে শিশুৰ কান্দোনো এটা স্বাভাৱিক প্ৰবৃত্তি। এটি শিশুৱে নিজৰ দুখ-কষ্ট, ভোক-পিয়াহ, টোপনি, মানৱসঙ্গ আদি কৰি নিজৰ সকলোধৰণৰ ভাব-অনুভূতিক কান্দোনৰ মাধ্যমেৰে প্ৰকাশ কৰে। শিশুৰ আটাইবোৰ ইচ্ছা, ভাব বা অধিকাৰ প্ৰকাশ পায় কান্দোনতে আৰু এয়া আৰম্ভ হয় জন্মক্ষণৰ পৰাই। মাতৃগৰ্ভৰপৰা পৃথিৱীৰ পোহৰ দেখা মুহূৰ্ততেই শিশুৱে কান্দি উঠে। ‘পৃথিৱীত আহি পৰোতেই ক্ৰন্দৰ ধ্বনিৰ দ্বাৰা মানুহে নিজৰ আগমন সম্বাদ জনায়। তৰ্কিত বা অতৰ্কিতভাৱে সমস্ত জীৱন-প্ৰবাহৰ লগত এই কৰুণৰস মিহলি হৈ থাকে’। (সাহিত্যিক কৰুণৰস- ড° বাণীকান্ত কাকতি)। আধ্যাত্মিকতাবাদী পণ্ডিতৰ মতে এক সুন্দৰ নিৰাপদ জগতৰপৰা এই জটিল জীৱনত পদাৰ্পণ কৰিবলগীয়া হোৱা বাবেই শিশুৰ এই কান্দোন। সেইদৰে আন কিছুমানৰ মতে উমাল মাতৃগৰ্ভৰ পৰা হোৱা বিচ্ছিন্নতা শিশুৰ বাবে বৰ বেদনাদায়ক। কিয়নো শিশুৱে নিৰাপদ আশ্ৰয়ৰ বিপৰীতে আন এক প্ৰ্কৃতিৰ লগত নিজক মিলাবলৈ যত্ন কৰিবলগীয়া হয়। নৱজাতকে মাতৃগৰ্ভৰ উম বিচাৰি থকাটোক মনোবিজ্ঞানীসকলে নাম দিছে- ‘ৰিটাৰ্ণ টু উম্ব ক্ৰেডিং’। কিন্তু চিকিৎসাবিজ্ঞানৰ মতে জন্মৰ সময়ৰ শিশুৰ কান্দোন এক শুভ লক্ষণ। কিয়নো ইয়াৰ দ্বাৰা জনা যায় শিশুটি শাৰীৰিক ফালৰপৰা সুস্থ আৰু শ্বাস-প্ৰশ্বাস ক্ৰিয়াও স্বাভাৱিক। এই কান্দোনৰ মাজেৰেই শিশুৱে মুক্ত পৃথিৱীৰপৰা যথেষ্ট পৰিমাণে বতাহ আহৰণ কৰে যাতে হাওঁফাওঁ প্ৰসাৰিত হৈ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া সুকলমে সম্পাদিত কৰিব পাৰে। শৰীৰৰ প্ৰতি শিৰাই উপশিৰাই এই অক্সিজেন প্ৰবাহিত হয় বাবে চিকিৎসকসকলেও নৱজাত শিশুৰ কান্দোনৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। তাপ পোহৰ আদিৰ অভাৱত জাগতিক নিয়মত বাধাৰসৃষ্টি হোৱাৰ দৰে সদ্যজাত শিশুৰ কান্দোনৰ অভাৱত মস্তিষ্কৰ স্থায়ী ক্ষতি হোৱাৰ দৰে সদ্যজাত শিশুৰ কান্দোনৰ অভাৱত মস্তিষ্কৰ স্থায়ী ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে জন্মক্ষণত শিশুৰ কান্দোন অতিকে গুৰুত্বপূৰ্ণ।

কান্দোন শিশুৰ স্বাভাৱিক জীৱনযাত্ৰাৰ এক মাধ্যম-

 

ভাব বা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা নিজৰ অসুবিধাবোৰ আনক জনাবৰ বাবেই শিশুৱে সাধাৰণতে কান্দে। কোনো অসুবিধা নাপালে কন্দাটো শিশুৰ স্ব-ধৰ্ম নহয়। একেবাৰে নিশ্চুপ হৈ থকাটো সিহঁতৰ বাবে অস্বাভাৱিক। জন্মৰ পিছত কেইটামান সপ্তাহ কান্দোনেই শিশুৰ একমাত্ৰ পথ- যাৰ জৰিয়তে শিশুটিয়ে উপলব্ধি কৰা অসুবিধা তথা বিচৰা সুবিধাখিনি লাভ কৰিব বিচাৰে। এনেকৈ কন্দাৰ ফলত শিশুটিৰ মাতৃয়ে পিছলৈ বুজিব পৰা হয়- কি কাৰণত তেওঁৰ শিশুটিয়ে কান্দিছে। জন্মৰ পিছতেই ক্ষুধাতুৰ হৈ যেতিয়া প্ৰথমে কান্দি উঠে, তেতিয়া মাকেই আশ্ৰয়দাত্ৰী হয়। মাকৰ সান্নিধ্যলৈ আহি ক্ষুধাৰ উপশম হ’লে দেশ শান্ত হৈ পৰে আৰু মন মৰমৰ উষ্ণতাৰে ভৰি পৰে। মাতৃগৰ্ভত থকা কালত শিশুৰ দেহ মাকৰ শৰীৰৰ উষ্ণতাৰে আবৰি থকা বাবে শিশু সেই পৰিৱেশত অভ্যস্ত হৈ পৰে। জন্মৰ পিছতেই শিশুৰ মানসিক প্ৰয়োজনবোৰ মাতৃৰপৰা পূৰণ হয় বাবে মাতৃৰ প্ৰতি বেছি আকৃষ্ট হৈ পৰে। মাতৃস্তনত মুখ দি ভোক-পিয়াহ নিবাৰণ কৰাৰ পৰাই আৰম্ভ হয় নিজক যিকোনো অভাৱৰপৰা মুক্ত কৰাৰ সূত্ৰটো। সেয়েহে সাধাৰণতে জন্মৰ পিছৰপৰা অন্তত দুমাহলৈ এটি সুস্থ সবল শিশুৱে প্ৰতিদিনে গড়ে কমেও দুইৰপৰা তিনি ঘন্টা কান্দে।

শিশুৰ কান্দোন বিৰক্ত নকৰা পিতৃ-মাতৃ নাই বুলি কেতিয়াও ক’ব নোৱাৰি। কিন্তু সিহঁতৰ কান্দোনে এটা সাধাৰণ ধৰ্ম। সেয়ে কান্দোনত বিৰক্ত হোৱাতকৈ অসুবিধা কি উপলব্ধি কৰিব পাৰিলে বেছি ফলপ্ৰসূ হয়। জন্মৰ পিছত শিশুৱে প্ৰথম বছৰটোত বেছিকৈ কান্দে। এই সময়ত স্তনপানৰ বাবে মাতৃয়ে কোলাত তুলি ইয়াৰ পৰিসমাপ্তি ঘটোৱাৰ দৰে হাঁহি-মাতেৰেও কান্দোনৰ ওৰ পেলাব পাৰি। ইয়াৰদ্বাৰা মাতৃ আৰু সন্তানৰ মাজত এক সুন্দৰ মানসিক সম্পৰ্ক গঢ়ি উঠে। এই সম্পৰ্কই শিশুৰ সমস্যাৰ সমাধান কৰাত সহায় হৈ পৰে।

শিশুৱে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰালৈকে কান্দোন এক ডাঙৰ অস্ত্ৰ। এই কান্দোনত যথেষ্ট আবেগ জড়িত হৈ থাকে। প্ৰথম ছমাহমান অতি প্ৰয়োজনীয় কাৰণবোৰৰ উপৰি গৰম বা ঠাণ্ডা অনুভৱ কৰিলে, মল-মূত্ৰ ত্যাগ কৰিলে, বহুসময় বিচনাত থাকি আমনি পালে বা বহুসময় ধৰি কাৰোবাৰ দ্বাৰা শাৰীৰিক সঞ্চালন হৈ থাকিলে আৰু এনেকুৱা বিভিন্ন কাৰণত শিশুৱে কান্দে। তদুপৰি কিবা অসুস্থতা অনুভৱ কৰিলে সেয়াও কান্দোনৰ কাৰণ হৈ পৰে। সেয়েহে পিতৃ-মাতৃয়ে শিশুৰ অস্বাভাৱিক কান্দোনক কেতিয়াও অৱহেলা কৰিব নালাগে। সময়মতে ব্যৱস্থা লোৱাটো বৰ প্ৰয়োজন।

শিশু সঙ্গপ্ৰিয়। নিসঙ্গ অনুভৱ কৰিলেই কান্দিব পাৰে। ওপৰত কোনোবা থাকিলে বৰ ভাল পায়। বিশেষকৈ মাক-দেউতাকৰ সঙ্গই শিশুক মানসিক শক্তি প্ৰদান কৰে, যাৰবাবে খেলি-ধূলি আনন্দেৰে সময় পাৰ কৰে। নিসঙ্গতা শিশুৰ বাবে নিৰাপত্তাহীনতাৰে এটা ৰূপ।

শিশুৰ জীৱন স্বাভাৱিকতে সৰল, স্বাস্বন্দ্যপূৰ্ণ। সাংসাৰিক দুখ-কষ্টৰ বিপৰীতে সিহঁতৰ আনন্দপূৰ্ণ জীৱনত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিলে শিশুৰ মনত কান্দোনে ঠাই নাপায়।

টোপনিৰ অভাৱত মানুহৰ বিশেষকৈ শিশুৰ দেহ-মন ক্লান্ত হৈ পৰে। উপযুক্ত পৰিমাণে শুব নাপালে অস্বস্তি অনুভৱ কৰি শিশুৱে কান্দে। সেয়েহে এই ক্ষেত্ৰত মাতৃগৰাকীৰ সাৱধানতা আৰু দায়িত্ববোধ যথেষ্ট বেছি হোৱা প্ৰয়োজন। শিশুৱে শুৱাৰ বাবে যাতে এটা উপযুক্ত পৰিৱেশ পায় তাৰবাবে তৎপৰ হোৱা উচিত।

ডাঙৰ হৈ অহাৰ লগে লগে শিশুৰ অনুভূতিবোৰো বেলেগ বেলেগ হৈ আহে। ভয়, শংকা বুলি পোৱাৰ ফলত নতুন পৰিস্থিতিৰ সন্মুখীন হ’লে বা অভাৱনীয়ভাৱে নতুন মুখ দেখা পালে অথবা বিশেষ কোনো নতুন অভিজ্ঞতা লাভ কৰিলেও কান্দোনেই শিশুৰ একমাত্ৰ আশ্ৰয়।

বহিবলৈ বা থিয় হ’বলৈ গৈ প্ৰথম অৱস্থাত বাবে বাৰে অসফল হোৱাটো স্বাভাৱিক। লগতে খেলি থকা অৱস্থাতো অতি প্ৰিয় খেলাবস্তু হাতৰপৰা পৰি যোৱাত বুটলি আনিব নোৱাৰি হতাশ হয়, অসহায় বোধ কৰে। ইয়াৰ পৰিণতি হ’ল কান্দোন। পিছলৈ কাৰণবোৰ ক্ৰমান্বয়ে লোপ পাই আহে। তথাপি ভয় বুজি পোৱা হৈ কিছুমান কাৰণত কান্দোনেই সাৰ হয়। সৰল আৰু নিষ্কলুষ অন্তৰৰ শিশুৰ চিন্তা কৰিব পৰা শক্তি নাথাকেই। সেয়েহে সিহঁতৰ মনক হতাশা, ভয় বা চিন্তাৰ ভাবে সৰহপৰ আবৰি ৰাখিব নোৱাৰে- যাৰ বাবে শিশুজগত সদায়ে সুন্দৰ।

মাক-দেউতাকৰ আশ্ৰয়ত শিশুৱে নিৰাপদ অনুভৱ কৰে। এইক্ষেত্ৰত যৌথ পৰিয়াল হ’লে, পৰিয়ালৰ আন আন সদস্যসকলৰ লগতো মিলি যায়। কিন্তু বনকৰা মানুহ বা আয়াৰ হাতত শিশুৱে পৰ্যাপ্ত পৰিমাণে আদৰ নাপায়। কিছু কিছু ক্ষেত্ৰত বিৰক্ত বা অসুবিধা অনুভৱ কৰি কান্দি পেলায়। শিশুৱে নিৰাপত্তাহীনতা অনুভৱ যাতে নকৰে তাৰ বাবে আনৰ হাতত এৰি দিয়াৰ আগতে মাক-দেউতাক সাৱধান হোৱা উচিত। তিনি-চাৰি বছৰলৈ মাক-দেউতাকৰ কোলাত শান্তিৰে পাৰ কৰাৰ পিছত এই শান্তিৰ মায়া এৰিব নোৱাৰা হয়। এই অৱস্থাত স্কুললৈ যাবলগীয়া হ’লে বহু শিশুৱে নিৰাপত্তাহীনতাত ভোগে বাবে স্কুললৈ যোৱাত আপত্তি কৰি অশান্তিৰ সৃষ্টি কৰে। স্কুলৰ নতুন পৰিৱেশত নিজক খাপ খুৱাবলৈ টান পাই কান্দি কাটি হুলস্থূল কৰে।

প্ৰত্যেক শিশুৰে অভিব্যক্তি প্ৰকাশৰ নিজস্বতা থকাৰ দৰে কান্দোনৰ প্ৰকৃতিও বেলেগ হোৱাটোৱে স্বাভাৱিক। এই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিলেই শিশু এটিৰ কন্দাৰ কাৰণ ধাৰণা কৰি ল’ব পাৰি। কিন্তু মনত ৰাখিবলগীয়া কথাটো হ’ল যে কান্দোন কোনো ধৰণৰ বেমাৰ নহয়, এয়া এক মাধ্যম যাৰদ্বাৰা শিশুৱে ডাঙৰক নিজৰ কথা জনাব পাৰে।

শিশুৰ কান্দোন স্বাভাৱিক প্ৰবৃত্তি হ’লেও কেতিয়াবা অস্বাভাৱিক কাৰণো জড়িত হৈ পৰে। তাৰবাবে অভিভাৱক যন্তপৰ হোৱা উচিত। সিহঁতৰ খোৱালোৱা সময়মতে হোৱা বাঞ্ছনীয়। পৰিষ্কাৰ-পৰিচ্ছন্নতাত সিহঁতে স্বচ্ছন্দ অনুভৱ কৰে।

লেখিকা:কাঞ্চন দাস(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate