অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিক্ষণ প্ৰক্ৰিয়া:

 

 

শিক্ষণৰ অৰ্থ আৰু প্ৰকৃতি:

 

মানুহ সদায় নতুন নতুন পৰিৱেশ, পৰিস্থিতি অথবা সমস্যাৰ সন্মুখীন হয়। এইবোৰত নিজৰ প্ৰবৃত্তি পৰিচালিত ক্ৰিয়া আচৰণ আদিক ক্ৰমে পৰিৱৰ্তন আৰু উন্নতি সাধন কৰি পৰিৱেশৰ লগত সুস্থ সমাযোজনৰ চেষ্টা কৰে। তাৰ দ্বাৰা উন্নত ক্ৰিয়া আচৰণ আৰু কৌশল আদি জানি উঠাৰ এক ক্ৰমাগত অভিজ্ঞতা লাভ কৰে। এয়ে হৈছে শিক্ষণ। শিক্ষাবিদ পাৰ্চিনানৰ ম’তে শিক্ষণৰ অৰ্থ হৈছে আচৰণৰ সংশোধন। মনোবিজ্ঞানী গেইটছৰ(gates)মতে শিক্ষণ হৈছে “অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা”।

শিক্ষণৰ বৈশিষ্ট্য:

 

ক)শিক্ষণ হৈছে ব্যক্তিয়ে পৰিৱেশৰ লগত কৰা সমাযোজন কাৰ্য্য বিশেষ।

খ)শিক্ষণৰ দ্বাৰা নতুন অভিজ্ঞতা আৰু উন্নত ক্ৰিয়া আচৰণৰ যোগ্যতা লাভ কৰিব পৰা যায়।

গ)শিক্ষণৰ সদায় এক নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে।

ঘ)সকলো শ্ৰেণীৰ জীৱৰেই সমানেই শিক্ষণ ক্ষমতা নাথাকে।

শিক্ষণৰ উপাদানসমূহ:

 

শিক্ষণ প্ৰক্ৰিয়াৰ প্ৰধান উপাদানসমূহ হৈছে:

ক)মনোবৈজ্ঞানিক উপাদান:

অভিপ্ৰায় হ’ল শিক্ষণৰ এটা গুৰুত্বপূৰ্ণ উপাদান। এজন ব্যক্তিৰ যেতিয়ালৈকে ইচ্ছা জাগৃত নহয়, তেতিয়ালৈকে তেওঁ কোনো কাম উপস্থাপন কৰিব নোৱাৰিব, যিটো শিক্ষণৰ বাবে অতি আৱশ্যকীয়। শিক্ষণক ব্যক্তি এজনে পৰিৱেশৰ লগত সমাযোজন কৰিব পৰা ক্ৰিয়া বুলিও কোৱা হয়।

খ)দৈহিক উপাদান:

যিকোনো জীৱৰে পৰিৱেশৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়া নিৰ্ভৰ কৰে গ্ৰহনেন্দ্ৰিয় সমূহৰ সূক্ষ্ম অনুভূতি, সাধনেন্দ্ৰিয় সমূহৰ অৱস্থা আৰু সাধাৰণ ভাৱ-ভংগীৰ ওপৰত। যদি গ্ৰহনেন্দ্ৰিয় সমূহৰ দোষ ক্ৰটি থাকে তেন্তে শিক্ষণ প্ৰক্ৰিয়াত বাধা আহিব পাৰে।

গ)পাৰিপাৰ্শ্বিক উপাদান:

ব্যক্তিৰ পৰিৱেশৰ ওপৰতো শিক্ষণ নিৰ্ভৰশীল। শিক্ষণৰ বাবে এটা সুস্থ পৰিৱেশৰ প্ৰয়োজন। হুলস্থুলীয়া পৰিৱেশত শিক্ষণ সম্ভৱ নহয়। ঠিক সেইদৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষণৰ ক্ষেত্ৰত শ্ৰেণী কোঠাৰ সকলো ধৰণৰ পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ স্কুল কৰ্তৃপক্ষ আৰু শিক্ষকসকলে সহায় কৰিব লাগে।

অভিৰোচন আৰু শিক্ষা:

যিকোনো উদ্দেশ্য সাধনৰ বাবে ব্যক্তিৰ মনত উৎসাহ-উদ্দীপনা আৰু কৰ্মস্পৃহা জগাই তোলা কাৰ্য্যই হৈছে অভিৰোচন। অভিৰোচন হৈছে- শিক্ষা আহৰণৰ এক প্ৰাণ শক্তি। অভিৰোচনে শিক্ষণ স্বত:সফূৰ্ত কৰি তোলে। ই ব্যক্তিৰ ক্ৰিয়া প্ৰচেষ্টা চমু আৰু সহজ কৰি তোলে। গতিকে চমুকৈ ক’বলৈ হ’লে অভিৰোচন হৈছে শিক্ষাক্ষেত্ৰত কৃতকাৰ্য্যতাৰ এটা প্ৰধান কাৰণ।

ছাত্ৰ-ছাত্ৰীৰ মনত অভিৰোচন সৃষ্টি কৰিবলৈ হ’লে শিক্ষকসকলে বিভিন্ন কৌশলৰ সহায় ল’ব পাৰে। যেনে-

ক)প্ৰশংসা আৰু দোষাৰোপকৰণ।

খ)পুৰস্কাৰ আৰু শাস্তি বিধান।

গ)প্ৰতিদ্বন্দ্বিতা।

ঘ)সহযোগিতা।

ঙ)শিক্ষকৰ ব্যক্তিত্ব।

চ)শ্ৰৱণ দৰ্শন সঁজুলি ব্যৱহাৰ।

ছ)ব্যক্তি বিভিন্নতা প্ৰতি লক্ষ্য ৰাখি শিক্ষণ পদ্ধতি ব্যৱহাৰ।

জ) ‘কৰ্মৰ মাজেৰে শিক্ষা’- এই নীতিটো প্ৰয়োগ কৰা উচিত।

শিক্ষণৰ পদ্ধতি:

শিক্ষণৰ পদ্ধতি প্ৰধানত: দুটা, এটা হ’লে প্ৰচেষ্টা আৰু ভূল পদ্ধতি আৰু আনটো অন্তদৰ্শন পদ্ধতি। ইয়াৰ চমু বিৱৰণ তলত দিয়া হ’ল-

ক)প্ৰচেষ্টা আৰু ভূল পদ্ধতি:

মনোবিজ্ঞানী থ’ৰ্নডাইক হৈছে এই পদ্ধতিৰ উদ্ভাৱক। এই পদ্ধতিৰ মতে, এজন ব্যক্তিয়ে কোনো নতুন কামৰ দক্ষতা আয়ত্ব কৰিবলৈ হ’লে বা কোনো নতুন বিষয় শিকিবলৈ হ’লে তেওঁ বাৰে বাৰে চেষ্টা কৰিব লাগে। বিফল হোৱা প্ৰচেষ্টা সমূহ নাইকিয়া কৰ হয় আৰু সফল চেষ্টা সমূহ স্থায়ীভাৱে ৰখা হয়। ইয়াত প্ৰথম প্ৰচেষ্টাত ভূলৰ সংখ্যা যথেষ্ট বেছি হয় যদিও নেৰা-নেপেৰা চেষ্টাৰ ফলত ক্ৰমান্বয়ে ভূলৰ সংখ্যা হ্ৰাস পায় আৰু অৱশেষত সম্পূৰ্ণ শুদ্ধকৈ কামটো কৰিবলৈ সক্ষম হয়। এজন শিশুৱে চামুচেৰে ভাত খোৱা, জোতা পিন্ধা, খোজ কঢ়া আদি এই পদ্ধতিৰ উদাহৰণ।

খ)অন্তদৰ্শন পদ্ধতি:

এই পদ্ধতিক গেষ্টাল্ট পদ্ধতি বুলিও কোৱা হয়। এই পদ্ধতিৰ মতে, প্ৰচেষ্টা আৰু ভূল পদ্ধতিৰ সলনি আমি সমগ্ৰ পৰিস্থিতি প্ৰথমতে ভালদৰে বুলি লোৱা উচিত। অৰ্থাৎ আমি কোনো এটা কাম সম্পাদন কৰিবলৈ হ’লে তাৰ পৰিস্থিতি অন্তদৰ্শনৰ দ্বাৰা চালি জাৰি চাই লোৱা উচিত। তেতিয়াহে কামটো আমি শুদ্ধভাৱে সম্পাদন কৰিবলৈ সক্ষম হ’ম।

ইয়াৰ উপৰিও শিক্ষণৰ আন এটা পদ্ধতি হৈছে অনুকৰণ পদ্ধতি। আনৰ আচৰণক অনুসৰণ কৰা কাৰ্য্যই হৈছে অনুকৰণ। সৰু ল’ৰা-ছোৱালীসকলে কোনো কথা বুজি শিকাতকৈ অনুকৰণ কৰিহে শিকে। অৱশ্যে অনুকৰণ কেৱল মানুহৰ মাজতেই আবদ্ধ নাথাকে, আন আন জীৱ-জন্তু বা চৰাইৰ মাজতো ইয়াক দেখা যায়। অনুকৰণ দুই প্ৰকাৰৰ। সচেতন আৰু স্বত:সফুৰ্ত অনুকৰণ। আমি সচেতনভাৱে যেতিয়া আনক অনুকৰণ কৰো তাক সচেতন অনুকৰণ বোলে। আনহাতে কেতিয়াবা আমি নজনাকৈয়ে আনৰ কথা কোৱা, খোজ কঢ়া ধৰণ, আদি অনুকৰণ কৰো। এইবোৰ হৈছে স্বত:সফূৰ্ত অনুকৰণ।

শিক্ষণৰ নীতিসমূহ:

মনোবিজ্ঞানী থ’ৰ্নডাইকে বিভিন্ন জীৱ-জন্তুৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি শিক্ষণৰ কেইটামান নীতি আগবঢ়াইছিল। এই কেইটা হৈছে-

ক)অনুশীলনৰ নীতি:

এই নীতিৰ মূল হ’ল আমি যি কামেই কৰো সেয়ে শিকো আৰু যি কাম নকৰো সেইটো নিশিকো। এই নীতিটোক ‘ব্যৱহাৰৰ নীতি’ আৰু ‘অব্যৱহাৰৰ নীতি’ বুলিও কোৱা হয়। থ’ৰ্নডাইকৰ মতে পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত কিছু সময় ধৰি সংশোধিত সম্বন্ধ গঢ়ি উঠিলে(আনবোৰ বিষয় স্বাভাৱিক হৈ থাকিলে) সি অধিক শক্তিশালী হৈ উঠে। ই হৈছে ব্যৱহাৰৰ নীতি। আনহাতে পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত কিছু সময় ধৰি সংশোধিত সম্বন্ধ গঢ়ি নুঠিলে(আনবোৰ বিষয় স্বাভাৱিক থকা অৱস্থাত)সি দুৰ্বল হৈ পৰে। ই হৈছে অব্যৱহাৰৰ নীতি।

খ)পৰিণাম নীতি:

ব্যক্তিয়ে যিকোনো কামৰ পৰিণাম অনুযায়ী আচৰন প্ৰদৰ্শন কৰা দেখা যায়। সন্তোষজনক ফল লাভে ব্যক্তিক ক্ৰিয়াৰ পুনৰাবৃত্তি কৰিবলৈ উৎসাহিত কৰে। আনহাতে অসন্তোষজনক অথবা বিৰক্তিদায়ক ফলাফলে ব্যক্তিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰ বাবে অলপো উৎসাহ নোযোগায়, বৰং তেনে পৰিণামৰ পৰা আঁতৰি থাকিবলৈহে চেষ্টা কৰে। অৰ্থাৎ প্ৰাণীয়ে নিজ কাৰ্য্যৰ সুখজনক অথবা দুখজনক ফল লাভ অনুযায়ীহে আচৰণ প্ৰদৰ্শন কৰে। ইয়েই শিক্ষণৰ পৰিণাম নীতি।

গ)প্ৰস্তুতিৰ নীতি:

থৰ্নডাইকে এই নীতিৰ সংজ্ঞা এইদৰে দিছিল- “যেতিয়া কোনো কৰ্ম কৰিবলৈ সাজু হৈ থাকে, সেই কৰ্মই সন্তুষ্টি দিয়ে আৰু যদি সাজু হৈ নাথাকে তেন্তে সেই কৰ্মই বিৰক্তিৰ কাৰণ হৈ পৰে”। অৰ্থাৎ যেতিয়া এজন ব্যক্তিয়ে শিকিবলৈ বা কোনো কাম কৰিবলৈ প্ৰস্তুত হৈ থাকে, তেতিয়া তেওঁ বেছি কাৰ্যকৰীভাৱে আৰু সন্তুষ্টিৰে কামটো কৰিব বা শিকিব পাৰে।

থৰ্নাডাইকে আগবঢ়োৱা শিক্ষণৰ এই নীতি কেইটাৰ যথেষ্ট শৈক্ষিক তাৎপৰ্য্য আছে। শিক্ষাৰ প্ৰতিটো দিশত আমি এই তিনিটা নীতিৰ ব্যৱহাৰ কৰো।

শিক্ষণৰ তত্ত্ব সমূহ: মনোবিজ্ঞানীসকলে শিক্ষণ প্ৰক্ৰিয়া বৰ্ণনা কৰিবলৈ বিভিন্ন তত্ত্ব আগবঢ়াইছে। এইবোৰ হ’ল-

ক)সংযোগবাদ(Connectionnism),

খ)অনুবন্ধনবাদ(Conditioning),

গ)সামগ্ৰিকতাবাদ(Gestalt theory)

এইকেইটা তলত আলোচনা কৰা হ’ল-

ক)সংযোগবাদ:

আমেৰিকাৰ মনোবিজ্ঞানী থৰ্নডাইক হৈছে এই তত্ত্বৰ জন্মদাতা। তেওঁৰ ম’তে, শিক্ষণ তেতিয়াই সংঘটিত হয় যেতিয়া উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হয়। থৰ্নডাইকৰ ভাষাত, “শিক্ষণ হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন আৰু এই মতবাদৰ পৰাই প্ৰচেষ্টা আৰু ভূল পদ্ধতিৰ সৃষ্টি হৈছে”।

থৰ্নডাইকে মাছ, মেকুৰী, কুকুৰ আদিৰ ওপৰত পৰীক্ষা চলাই এই তত্ত্বৰ উদ্ভৱ কৰিছে। তেওঁৰ মতে, যিহেতু উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হ’লেই শিক্ষণ হয় সেয়ে ইয়াক শিক্ষণৰ সংযোগবাদ তত্ত্ব বুলি জনা যায়। তেওঁৰ মতে, শিক্ষণ হ’ল এক যান্ত্ৰিক প্ৰক্ৰিয়া যাৰ মূলতে থাকে বহুতো ভূল ক্ৰুটি আৰু সেইবোৰৰ সংশোধন।

খ)অনুবন্ধনবাদ:

ৰাছিয়াৰ মনোবিদ আইভান পেভলভে শিক্ষণৰ এই তত্ব উদ্ভাৱন কৰিছিল। এই তত্ত্ব মতে, স্বাভাৱিক উদ্দীপক, কৃত্ৰিম উদ্দীপকলৈ সলনি কৰা হয় কিন্তু প্ৰতিক্ৰিয়া সকলো সময়তে একে থাকে। এইদৰে, কৃত্ৰিম উদ্দীপক আৰু স্বাভাৱিক প্ৰতিক্ৰিয়াৰ মাজত এক নতুন সংযোগৰ সৃষ্টি হয় আৰু এইদৰেই অনুবন্ধিত ক্ৰিয়া সংঘটিত হয়। উদাহৰণস্বৰূপে, খোৱা বস্তু দেখিলে আমাৰ স্বাভাৱিকতে লালটি ওলাই। এই প্ৰতিক্ৰিয়া হৈছে সহজাত, স্বাভাৱিক আৰু নিৰ্দিষ্ট বিধৰ। সেয়েহে ইয়াত শিক্ষণ অভিজ্ঞতা আদিৰ প্ৰশ্ন নুঠে। কিন্তু শিক্ষণ গঢ় লৈ উঠিবৰ বাবে অন্য এনে উদ্দীপকৰ প্ৰতিও সেই একে প্ৰতিক্ৰিয়াকে প্ৰদৰ্শন কৰিব পাৰে, অৰ্থাৎ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে এক কৃত্ৰিম উদ্দীপক প্ৰদান কৰিলেও ব্যক্তিয়ে পূৰ্বৰ স্বাভাৱিক প্ৰতিক্ৰিয়াকে প্ৰদৰ্শন কৰাই হৈছে অনুবন্ধিত অথবা শিক্ষা লব্ধ প্ৰতিক্ৰিয়া। ইয়াত ব্যক্তিৰ প্ৰথম প্ৰতিক্ৰিয়া দ্বিতীয় প্ৰতিক্ৰিয়াৰ লগত অনুবন্ধিত হয়। এয়ে হৈছে অনুবন্ধনবাদ।

গ)সামগ্ৰিকতাবাদ:

‘গেষ্টাল্ট’ শব্দটো হ’ল এটা জাৰ্মান শব্দ আৰু ইয়াৰ অৰ্থ হ’ল সম্পূৰ্ণ আকাৰ বা গঠন। এই তত্ত্বৰ মূল উদ্ভাৱক সকল আছিল ৱাৰ্থিমাৰ, কোহলাৰ আৰু কফকা। এই তত্ত্বমতে, শিকিবলগীয়া বিষয়বস্তুৰ বিভিন্ন অংশৰ ভিতৰত সম্বন্ধ ঘটাই সামগ্ৰিকভাৱে নিৰীক্ষণ কৰিব পাৰিলেই শিক্ষণ কাৰ্য্য সম্পাদিত হয়। এই তত্ত্বই বিশ্বাস কৰে যে শিক্ষণ কাৰ্য্যত আমি সমগ্ৰ পৰিস্থিতিটো ভালদৰে বুজ লওঁ আৰু তাৰ পাছত সেইমতে লক্ষ্যত উপনীত হ’বলৈ উপযুক্ত পথটো বিচাৰি উলিয়াও। সামগ্ৰিকতাবাদী সকলে এটা জোৰা নলগা তৰাৰ ছবিৰ উদাহৰণ দিছে। এই ছবিখনত, তৰাটো পাঁচটা কোণত ভাগ কৰা আছে। কিন্তু যেতিয়া আমি এই ভাগি যোৱা তৰাটোৰ ফালে চাওঁ, তেতিয়া তৰাটোৰ মাজত ভাগি যোৱা খালী ঠাইবোৰলৈ আমি মন নিদিও আৰু এটা তৰা বুলিয়েই ধৰি লওঁ।

শিক্ষাৰ স্থানান্তৰ বা বিষয়ান্তৰকৰণ(Transfer of Learning):

দাৰ্শনিক প্লেটোৰ ৰিপাব্লিক নামৰ গ্ৰন্থত শিক্ষা স্থানান্তৰ কৰণৰ কথা উল্লেখ আছে। সাধাৰণতে কোৱা হয় যে শিক্ষা আহৰণৰ লক্ষ্য হৈছে ব্যক্তিৰ ক্ৰিয়া আচৰণৰ আৱশ্যকীয় পৰিৱৰ্তন সাধন আৰু জীৱনৰ পৰিস্থিতি সমূহত সুস্থ সমাযোজনা লাভ কৰা। সহজ অৰ্থত ক’ব পাৰি যে শিক্ষাৰ্থীয়ে শিক্ষণ অভিজ্ঞতাক জীৱনৰ সমস্যা সমাধান অভিজ্ঞতালৈ স্থানান্তৰ বা বিষয়ান্তৰ কৰিব লাগে, কাৰণ, মানুহৰ শিক্ষা অভিজ্ঞতা হৈছে সদায় প্ৰয়োজন মুখী আৰু উদ্দেশ্য প্ৰণোদিত।

শিক্ষাৰ স্থানান্তৰকৰণ তত্বৰ মূল কথা এয়ে যে ব্যক্তিয়ে কোনো নিৰ্দিষ্ট বিষয় অধ্যয়নৰ যোগে পোৱা অভিজ্ঞতা জীৱনৰ সমস্যা সমাধান অভিজ্ঞতালৈ স্থানান্তৰিত হয়, কাৰণ, এক মৌলিক বিষয়ৰ অধ্যয়নে ব্যক্তিৰ বিশেষ বিশেষ মানসিক শক্তিৰ উৎকৰ্ষ সাধন কৰে। ইয়াৰ যোগেদি তেওঁ জীৱনৰ সমস্যাত প্ৰয়োজন হোৱা সেইবিধ মানসিক যোগ্যতা অধিক দক্ষতাৰে প্ৰয়োগ কৰিব পাৰে, অৰ্থাৎ পাঠ্যক্ৰমৰ এক বিশেষ বিষয়ৰ অভিজ্ঞতা জীৱনৰ সমস্যা সমাধানৰ অভিজ্ঞতালৈ স্থানান্তৰিত হয়। ইয়াকেই শিক্ষাৰ স্থানান্তৰ বা বিষয়ান্তৰকৰণ বোলে।

শিক্ষাবিদ আৰু মনোবিদ সকলৰ কাৰণে স্থানান্তৰণৰ প্ৰকৃতি অধ্যয়ন এক গুৰুত্বপূৰ্ণ বিষয়, কাৰণ গোটেই শিক্ষা ব্যৱস্থাটো স্থানান্তৰণৰ ওপৰতেই নিৰ্ভৰশীল। শিক্ষানুষ্ঠানত আহৰণ কৰা বহুত কথাই পাছৰ জীৱনত পোনপটীয়াকৈ কামত নালাগে, কিন্তু শিক্ষানুষ্ঠানৰ লাভ কৰা অভিজ্ঞতাৰ পৰা স্থানান্তৰিত হৈ অহা উপাদান সমূহ আমাৰ সকলোৰে জীৱনত অমূল্য সম্পদ। সেয়েহে শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰম, পাঠদানৰ পদ্ধতি আৰু শিক্ষাৰ্থীয়ে লাভ কৰা মুঠ অভিজ্ঞতাৰ স্বৰূপ এনে হোৱা উচিত যাতে ইয়াৰ পৰা বাস্তৱ জীৱনলৈ সৰ্বাধিক স্থানান্তৰণ সম্ভৱ হয়।

শিক্ষা স্থানান্তৰণৰ ওপৰত বিভিন্ন মনোবিদে বিভিন্ন তত্ত্ব আগবঢ়াইছে। এই তত্ত্বসমূহ হ’ল-

ক)মানসিক অনুশাসন তত্ত্ব।

খ)অভিন্ন উপাদান তত্ত্ব।

গ)সামান্যীকৰণ তত্ত্ব।

স্থানান্তৰণৰ শিক্ষাগত মূল্য:

প্ৰথমেই উল্লেখযোগ্য যে কোনো এটা বিষয়ত শিক্ষা আহৰণৰ এক প্ৰধান উদ্দেশ্য হৈছে সেই বিষয়ৰ কাৰ্য্যপটুতা আৰু অভিজ্ঞতা লাভ কৰা আৰু সেই অভিজ্ঞতাক জীৱনৰ কাৰ্য্যক্ষেত্ৰত প্ৰয়োগ কৰা। শিক্ষাৰ লগত জীৱনৰ ওত:প্ৰোত: সম্বন্ধ আছে। ব্যক্তিয়ে কোনো নতুন কাম তেওঁৰ অতীত অভিজ্ঞতাৰ সহায়েৰে কৰাটোৱেই সাধাৰণ নিয়ম। সেয়েহে অনভিজ্ঞ লোকে নতুন কামত কঠিনতা পোৱা দেখা যায়। বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিষয়ৰ কোনো কাম কৰিবৰ বাবে সেই বিষয়ৰ প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ অতি প্ৰয়োজন। কৰ্ম নিয়োগৰ বেলিকা সেই কাৰণেই ব্যক্তিৰ পূৰ্ব অভিজ্ঞতাত অধিক গুৰুত্ব দিয়া হয়।

ওপৰোক্ত আলোচনাৰ পৰা শিক্ষা স্থানান্তৰণৰ গুৰুত্ব সম্পৰ্কে বুজিব পাৰি।

প্ৰশ্নোত্তৰ:

১)শিক্ষণ হ’ল এক বিৰতিহীন প্ৰক্ৰিয়া-

উত্তৰ: জন্মৰ পৰা মৃত্যুৰ আগমুহুৰ্তলৈ।

২)শিক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ’ব পাৰে-

উত্তৰ: আনুষ্ঠানিক ভাৱে আৰু অনানুষ্ঠানিক ভাৱে।

৩)শিক্ষণ প্ৰক্ৰিয়াই পৰিশোধন কৰিব পাৰে-

উত্তৰ: আচৰণৰ।

৪)আগ্ৰহ বা ইচ্ছা প্ৰকাশ কৰি শিকো বুলি শিকা খিনিকে কোৱা হয়-

উত্তৰ: সচেতন শিক্ষণ।

৫)শিক্ষণক উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধনৰ প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰিছিল বিখ্যাত মনোবিদ-

উত্তৰ: থৰ্ণডাইকে।

৬)শিক্ষণ কাৰ্যক এটা প্ৰধান অঙ্গ বোলা হয়-

উত্তৰ: জীৱনৰ।

৭)শিক্ষণ প্ৰক্ৰিয়াটো হ’ল-

উত্তৰ: ব্যক্তিগত প্ৰক্ৰিয়া।

৮) ‘শিক্ষণৰ অৰ্থ হ’ল আচৰণ সংশোধন’ কথাষাৰ কৈছিল-

উত্তৰ: উদৱৰ্থে।

৯)সকলোবোৰ জীৱৰেই শিক্ষণ ক্ষমতা-

উত্তৰ: সমান নহয়।

১০)শিক্ষণ প্ৰক্ৰিয়াক স্থায়ী ৰূপ প্ৰদানত সহায় কৰে-

উত্তৰ: অভ্যাসে।

১১)শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক আছিল-

উত্তৰ: থৰ্ণডাইক।

১২)থৰ্ণডাইক এগৰাকী বিখ্যাত মনোবিজ্ঞানী আছিল-

উত্তৰ: আমেৰিকাৰ।

১৩)শিক্ষণৰ প্ৰধান উপাদান-

উত্তৰ: তিনিটা।

১৪)শিক্ষণৰ মূল উপাদান হ’ল-

উত্তৰ: মনোবৈজ্ঞানিক উপাদান, দৈহিক উপাদান, পাৰিস্পাৰ্শিক উপাদান।

১৫)শিক্ষণৰ মূল নীতি সমূহ আগবঢ়াইছিল-

উত্তৰ: থৰ্ণডাইকে।

১৬)কৰ্মৰ অনুশীলন বা পুণৰাবৃত্তিয়ে শিক্ষণক স্থায়িত্ব প্ৰদান কৰে- নীতিটো মানি চলে শিক্ষণৰ-

উত্তৰ: অনুশীলনৰ নীতিয়ে।

১৭)শিক্ষণৰ অনুশীলনৰ নীতিৰ ভাগ কৰিব পাৰি-

উত্তৰ: দুটা ভাগত।

১৮)শিক্ষণৰ ভিত্তি হ’ল-

উত্তৰ: অভিৰোচন।

১৯)শিক্ষা ক্ষেত্ৰত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি হ’ল-

উত্তৰ: ফলাফলৰ নীতি।

২০)সামগ্ৰিকতাবাদী সকলৰ মতে শিক্ষণৰ অন্ধ প্ৰচেষ্টা ত্যাগ কৰিব লাগে। কথাষাৰ-

উত্তৰ: সত্য।

২১)গেষ্টাল্ট মতবাদৰ সৈতে জড়িত মনোবিজ্ঞানী সকল হ’ল-

উত্তৰ: ৱাৰ্থিমাৰ, কহলাৰ, কফকা।

২২)শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক আছিল-

উত্তৰ: পেভলভ।

২৩)পেভলভে অনুবন্ধনবাদ তত্ত্বৰ পৰীক্ষা চলাইছিল-

উত্তৰ: কুকুৰৰ ওপৰত।

২৪)গেষ্টাল্ট শব্দটো প্ৰধানত:

উত্তৰ: জাৰ্মান শব্দ।

২৫)শিক্ষণত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ আৱিষ্কাৰক আছিল-

উত্তৰ: থৰ্ণডাইক।

২৬)অন্তদৰ্শন পদ্ধতিৰ মূল ভেটি হ’ল-

উত্তৰ: সামগ্ৰিকতাবাদ তত্ত্ব।

২৭)ইংৰাজী Motivation শব্দটো আহিছিল-

উত্তৰ: লেটিন ভাষাৰ পৰা।

২৮)শিক্ষণৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত্ত হ’ল-

উত্তৰ: অভিপ্ৰেৰণা।

২৯)আইভান পেভলভ এগৰাকী প্ৰ্খ্যাত মনোবিজ্ঞানী আছিল-

উত্তৰ: ৰাছিয়াৰ।

৩০)গেষ্টাল্ট শব্দৰ অৰ্থ-

উত্তৰ: সামগ্ৰিক।

৩১)শিক্ষণ প্ৰক্ৰিয়াটো হ’ল-

উত্তৰ: উদ্দেশ্যমূলক প্ৰক্ৰিয়া।

৩২)থৰ্ণডাইকৰ প্ৰচেষ্টা আৰু ভূল পদ্ধতিক বুদ্ধিবান মানুহৰ বাবে প্ৰয়োজনীয় নহয় বুলি কৈছিল-

উত্তৰ: সামগ্ৰিকতাবাদী সকলে।

৩৩)থৰ্ণডাইকৰ প্ৰচেষ্টা আৰু ভূল পদ্ধতিত প্ৰচেষ্টাৰ মাত্ৰা যিমানে বাঢ়ি যায়, ভূলৰ মাত্ৰা-

উত্তৰ: সিমানে কমে।

৩৪)চাইকেল চলাবলৈ শিকা, সাঁতুৰিবলৈ শিকা আদিৰ লগত ব্যৱহাৰ প্ৰণিধানযোগ্য-

উত্তৰ: প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ।

৩৫)শিক্ষণক এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়া বুলি বিবেচনা কৰে আৰু ইয়াৰ অংশ বিশেষতকৈ সামগ্ৰিক অৱস্থাটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে-

উত্তৰ: সামগ্ৰিকতাবাদে।

৩৬)সামগ্ৰিকতাবাদী সকলে উদ্ভাৱণ কৰা শিক্ষাৰ পদ্ধতিটো হ’ল-

উত্তৰ: অন্তদৰ্শন পদ্ধতি।

৩৭)সামগ্ৰিকতাবাদী সকলে তেওঁলোকৰ ধাৰণাক প্ৰমাণ কৰিবৰ বাবে পৰীক্ষা-নিৰীক্ষা চলোৱা চিম্পাঞ্জীটোৰ নাম আছিল-

উত্তৰ: চুলতান।

৩৮)অনুবন্ধন বাদৰ জন্মদাতা আছিল-

উত্তৰ: পেভলভ।

৩৯)শিক্ষণৰ অনুবন্ধনবাদৰ প্ৰক্ৰিয়া হ’ল-

উত্তৰ: দুই প্ৰকাৰৰ।

৪০)মৌলিক অনুবন্ধনবাদৰ আৱিস্কাৰক আছিল-

উত্তৰ: পেভলভ।

৪১)ব্যৱহাৰিক অনুবন্ধনবাদৰ আৱিস্কাৰক আছিল-

উত্তৰ: স্কীনাৰ।

৪২)বি.এফ.স্কীনাৰ আছিল এগৰাকী প্ৰখ্যাত মনোবিজ্ঞানী-

উত্তৰ: হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ।

৪৩)উদ্দীপকৰ স্থানতকৈ প্ৰতিক্ৰিয়াৰ স্থানক অগ্ৰাধিকাৰ দি S-R সংযোগসূত্ৰ অধিক কাৰ্যকৰী বুলি কৈছিল-

উত্তৰ: স্কীণাৰে।
৪৪)স্কীণাৰে ব্যৱহাৰিক অনুবন্ধনবাদৰ প্ৰমাণ দাঙি ধৰিবলৈ পৰীক্ষা চলাইছিল-

উত্তৰ: নিগনিৰ ওপৰত।

৪৫)আনক দেখি আনক অনুসৰণ কৰি শিক্ষণ আহৰণ কৰা পদ্ধতিটো হ’ল-

উত্তৰ: অনুকৰণ পদ্ধতি।

৪৬)অনুকৰণ পদ্ধতিক ভাগ কৰিব পাৰি-

উত্তৰ: দুটা ভাগত।

৪৭)অনুকৰণ পদ্ধতিৰ ভাগ দুটা হ’ল-

উত্তৰ: সজ্ঞান আৰু অজ্ঞান অনুকৰণ।

৪৮)শিক্ষণৰ ক্ষেত্ৰত সন্তুষ্টি বা অসন্তুষ্টিৰ নীতি বুলি কোৱা হয়-

উত্তৰ: ফলাফলৰ নীতিক।

৪৯)শাস্তি আৰু পুৰস্কাৰৰ নীতি বুলিও অভিহিত কৰিব পাৰি-

উত্তৰ: ফলাফলৰ নীতিক।

৫০)থৰ্ণডাইকৰ মতে শিকা কথাবোৰ ব্যৱহাৰ কৰি থাকিলেহে স্থায়ী হৈ ৰয়, অব্যৱহাৰৰ ফলত শিকা কথাবোৰ মনৰ পৰা-

উত্তৰ: বিস্মৃতিৰ গৰ্ভত পৰে।

৫১)মানুহে শিকা কথাবোৰৰ স্থায়ীত্ব নিৰ্ভৰ কৰে-

উত্তৰ: অনুশীলনৰ ওপৰত।

৫২)শিকিবলৈ শাৰিৰীক-মানসিকভাৱে সাজু হৈ থকাজনে সহজে শিকিব পাৰে- কথাষাৰে নিৰ্ভৰ কৰে-

উত্তৰ: প্ৰস্তুতিৰ নীতিক।

৫৩)অনিচ্ছুক সকলৰ মাজত ইচ্ছা জগাই তোলা, আগ্ৰহী কৰি তোলা, শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব নোৱাৰা জনৰ মনত উপলব্ধিৰ সৃষ্টি কৰা আদি কামবোৰক কোৱা হয়-

উত্তৰ: অভিৰোচন।

৫৪)শিক্ষাৰ ক্ষেত্ৰত শিক্ষক সকলক কোৱা হয়-

উত্তৰ: অভিৰোচক।

৫৫)শিক্ষকে শিক্ষাৰ্থী সকলক অভিৰোচিত কৰিবলৈ ব্যৱহাৰ কৰিব পৰা পদ্ধতি হ’ল-

উত্তৰ: ক)ভৱিষ্যত জীৱনৰ আশা প্ৰদ ছবি এখন দাঙি ধৰা,

খ)ডাঙৰ মানুহৰ ধাৰণা দিয়া,

গ)পুৰস্কাৰ আৰু শাস্তিৰ ব্যৱহাৰ কৰা।

৫৬)শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক কৰাৰ সময়ত মন কৰিব লাগে-

উত্তৰ: ক)মানসিক পৰিক্কতাৰ ওপৰত,

খ)ব্যক্তি পাৰ্থক্যৰ ওপৰত,

গ)ছাত্ৰ-ছাত্ৰীৰ বয়সৰ ওপৰত।

৫৭)শিক্ষাৰ্থী সকলে এটা বিষয় শিকাৰ পিছতেই আন এটা বিষয় শিকিলে প্ৰথমে শিকা বিষয়ৰ বহুখিনি কথা পাহৰি যায়-

উত্তৰ: পশ্চাদমুখী অৱৰোধৰ বাবে।

৫৮)অতি শিক্ষণো-

উত্তৰ: পাহৰণিৰ কাৰণ।

৫৯) “শিক্ষণ হৈছে এটা বিশেষ সম্পৰ্ক যিয়ে এগৰাকী শিশুৰ ক্ষমতাসমূহৰ পূৰ্ণাংগ বিকাশত সহায় কৰে”- মতবাদটো আছিল-

উত্তৰ: ৰাইবাৰ্ণৰ।

 

উৎস: সহায়ক হাতপুথি টে



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate