অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ সৰ্বাংগীন বিকাশৰ সমল খেল-ধেমালি :

শিশুৰ সৰ্বাংগীন বিকাশৰ সমল খেল-ধেমালি :

 

সজীৱ ৰং-ৰহইছ অন্তর্নিহিত হৈ থকা যি কাৰ্য্যত শিশুৱে আমোদৰ সন্ধান পায়, সেয়াই হ’ল খেল-ধেমালি। ই হ’ল শিশুৰ নিজৰ কাৰণেই উপভোগ্য আৰু নিজৰ দ্বাৰাই পুৰস্কৃতৰ থলী। সেয়েহে খেলা-ধূলাই শিশুক সন্তোষ প্ৰদান কৰে। খেলা-ধূলাত শিশুৰ অংশগ্ৰহণ স্বতঃস্ফূৰ্ত হয়। ‘শিশু দিৱস’ৰ প্রাক্‌ক্ষণত খেলুৱৈৰ দ্বাৰাই দমিত আৰু শিশুৱে স্বইচ্ছাৰে সক্রিয়ভাৱে জড়িত হোৱা খেলা-ধূলাৰ সন্দৰ্ভত কিছু কথা এই লেখাৰ মাজেৰে আগবঢ়োৱা হ’ল। বহু লোকে খেলা-ধূলা বা ক্রীড়াক সাধাৰণ মনোৰঞ্জন বা কছৰতৰ অংশ বুলিহে ভাবে যদিও খেলাক মূলতঃ চাৰিভাগত ভগাব পাৰি—

সন্ধানমুখী খেলা

চৌপাশৰ পৃথিৱীখনৰ স’তে অপৰিচিত এটি কণমানি শিশুৱে নিজে দেখি, গোন্ধ লৈ, শুনি, চুই চাই আৰু কেতিয়াবা কোনো বস্তুৰ সোৱাদ লাভেৰে সেই বস্তুটোৰ ৰং, আকাৰ, ওজন, গঠন, আকৃতি আদিৰ বিষয়ে জ্ঞান লভিব পাৰে। নিজৰ অনুশাসন আৰোপ কৰা বালি, পানী, বোকা, ৰং, কাঠ আদি প্রাকৃতিক বস্তুবোৰৰ স’তে খেলি শিশুৰ বহু কথাই বোধগম্য হয়। এই খেলাৰ মাধ্যমত শিশুৱে কোনো আৱিষ্কাৰৰ জৰিয়তে শিশুৰ হস্তচালনাৰ দক্ষতা বৃদ্ধি কৰি শিশুক সংযোজিত কৰি তোলে।

গঠনমূলক খেলা

শিশুৱে কাষতে পোৱা বস্তুবোৰৰ দ্বাৰা কেতিয়াবা কিবা নতুন সৃষ্টি কৰাৰ প্ৰয়াস কৰে, য’ত অন্তৰ্নিহিত হৈ থাকে এটা গঠন। এই ধৰণৰ গঠনমূলক খেলাক তুলি ধৰে আৱিষ্কাৰমূলক খেলা আৰু হস্তচালনাৰ দক্ষতাই। শিশুৱে প্রথম অৱস্থাত কিবা এটা কৰাৰ ধাৰণাখিনি আহৰণ কৰে অন্য শিশু বা বয়স্ক লোকক দেখি বা কোনো এটা ঘটনাৰ ফলাফললৈ লক্ষ্য কৰি। এই আৱিষ্কাৰমূলক আৰু হস্তচালনাৰ দক্ষতাই শিশুক কোনো এটা কাৰ্যৰ সম্পূৰ্ণৰূপে উৎপাদনমুখী কৰি তোলে।

কাল্পনিক খেলা

খেলৰ দ্বাৰা শিশুৰ কল্পনা শক্তিৰ বিকাশ ঘটে। শিশুরে যেতিয়া কোনো এটা ঘৰ সাজে, তেতিয়া কল্পনাৰ মাধ্যমেৰে নিজক সেই ঘৰৰ মূখ্য বুলি ধৰি লৈ তাত থকা বিভিন্ন বস্তুক নিৰ্দেশনাৰ জৰিয়তে পৰিচালনা কৰিবলৈ যাওঁতে কেতিয়াবা মাক-দেউতাকৰ দৰে আচৰণে বহি:প্রকাশ ঘটে। এনে ক্ষেত্ৰত শিশুৱে বয়স্কতাৰ ভূমিকাৰে পৰিস্থিতি বা বস্তুবোৰকো সলনি কৰি লোৱাটো পৰিস্ফুট হয়।

নিয়ম মানি খেলা

শিশু ক্ৰমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে খেলবিধৰ নিয়ম বুজি উঠাৰ পাচত তাক পদ্ধতিগতভাৱে অনুসৰণ কৰে। খেলাক উন্নীত কৰাৰ লগতে নিজা নিয়ম উদ্ভাৱন কৰা হয়। এনেধৰণৰ খেলৰ ফলত শিশুৰ সামাজিক দক্ষতা অর্জনত সহায়ক হয়। কিয়নো গোটেই দলটিৰ বাবেই গ্ৰহণযোগ্য নিয়ম ইয়াৰ দ্বাৰা শিশুৱে উলিয়াবলগীয়াত পৰে।

যিকোনো বয়সৰ শিশুৱেই খেলাৰপৰা আনন্দ লাভ কৰাৰ বাবে শিশুৱে খেলিবলৈ আগ্রহ প্রকাশ কৰে। এই খেল-ধেমালিয়ে বিশেষভাবে গুৰুত্বপূর্ণ হৈ পৰে প্ৰাথমিক স্তৰৰ শিশুসকলৰ বেলিকা। খেলা-ধূলা হ’ল শিশুৰ সৰ্ব্বাংগীন বিকাশৰ প্রাণকেন্দ্ৰ। এনে বিকাশৰ কিছু দিশ তলত দিয়া ধৰণৰ হ’ব পাৰে-

    খেলাই দৈহিক অংগ-প্ৰত্যংগ সঞ্চালন বিকাশত সহায় কৰে -

  • যিবিলাক খেলা সক্রিয় আৰু শক্তিশালী, তেনেধৰণৰ খেলাই শিশুৰ মাংসপেশী নিয়ন্ত্ৰণৰ সহায়ক। দেহৰ অংগসমূহৰ পৰিপক্ক দৈহিক বিকাশ আৰু অংগ-সঞ্চালনাৰ দক্ষতা অর্জন কৰিব পাৰি আৰু শিশুৰ এই দক্ষতাবোৰৰ অভ্যসনৰ সুযোগ পায়। খেলৰ দ্বাৰা যিদৰে সিৰাৰ সুষম বিকাশ ঘটে, ঠিক তেনেদৰে সামগ্রিক পেশীৰ সমন্বয়ো ঘটে।
  • খেলাই কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। শিশুৱে তেওঁৰ চৌপাশৰ পৰিৱেশৰ সম্বন্ধে জ্ঞান আহৰণ কৰাৰ বেলিকা পাঁচ ইন্দ্ৰিয়ৰ ভূমিকাই উৎস স্থল। এই ক্ষেত্ৰত সংবোধন ইন্দ্ৰিয়ৰ ক্ৰিয়া অতিকৈ গুৰুত্বপূৰ্ণ।

উদাহৰণস্বৰূপেঃ শিশুৰ সঠিক দৃষ্টি আৰু পর্যবেক্ষণ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ‘হৰলুকি’ খেলৰ প্ৰভাৱ মন কৰিবলগীয়া। এই ক্ষেত্ৰত কোনো এটা খৰাহীত বিভিন্নধৰণৰ বস্তু যেনে বল, শিলগুটি আদি শিশুৱে দেখাকৈ ৰাখি থৈ তাৰ পাচত শিশুৰ চকুত কাপোৰ বান্ধি তাৰ পৰা যিকোনো এবিধ বস্তু উলিয়াই যদি শিশুক সোধা হয়, কোনবিধ বস্তু তাৰপৰা উলিওৱা হ’ল। এনে খেলত শিশুৰ পৰ্যবেক্ষণ ক্ষমতাৰ লগতে সঠিক দৃষ্টিৰ ক্ষমতাও বৃদ্ধি পায়। খেলাৰ দ্বাৰা শিশুৱে তেওঁ নিজৰ বিষয়ে জানিবলৈ সক্ষম হৈ তাক অভ্যসন, সংহয় আৰু সমন্বিত কৰি তোলে।

  • খেলা-ধূলাৰ দ্বাৰা শিশুৰ ভাষা বিকশিত হয়। প্রথমে খেলাৰ জৰিয়তে শিশুৰ ভাষা দক্ষতাৰ পর্যাপ্তি অর্জন কৰাৰ পাচত সেই ভাষা যুক্ত আৰু তাৰ অর্থ সম্পর্কে আৱিষ্কাৰ কৰিব পাৰে প্ৰথমে নিজৰ সতে, পিচত বয়সস্থ বা বস্তুৰ স’তে আৰু তাৰ পৰুৱৰ্তী সময়ত অন্য শিশুৰ স'তে খেলাৰ ফলশ্রুতিত। ইতিমধ্যে শিশুৱে বিদ্যালয়ত পদার্পণ কৰাৰ ফলত ভাষাগত অৰ্হতা অর্জন হয়। কথা-বতৰা আৰু যোগাযোগৰ ফলত। শিশুৱে খেলাৰ জৰিয়তে বৰ্ণৰ ভিন্নতা বুজি উঠে বিভিন্ন আকৃতিৰ বৰ্গ, বৃত্ত, পোন আৰু বেঁকা ৰেখা আদিৰ সহায়ত। তেওঁলোকে এইটোও বুজি উঠে যে, ৰঙৰ পাৰ্থক্য বা আকৃতিৰ পাৰ্থক্য বৃত্তত থাকিব পাৰে।
  • খেলাৰ সহায়ত শিশু অধিক সমাজমুখী হৈ পৰাৰ ফলত এৰা-ধৰা কৰিবলৈ শিকি, অন্যৰ স’তে সহযোগিতা কৰাৰ উপৰি আনৰ দৃষ্টিকোণো বুজি উঠিব পাৰে, যাৰ ফলত শিশুৰ সমাজ-আৱেগিক বিকাশ ঘটে। কোনো শিশুৰ নিজা অভিজ্ঞতা সীমিত হ’লে খেলাত ইয়াৰ প্ৰতিফলন ঘটে। কিন্তু সামাজিক দক্ষতা অর্জনৰ বাবে শিশুৱে বেলেগ শিশুৰ স’তে অধিক খেলাৰ প্ৰয়োজনীয়তা আছে। নিজৰ সমস্যা, অভিজ্ঞতা আৰু উদ্বেগক বাহিৰ কৰাৰ মাধ্যমৰূপে শিশুৱে বাৰে বাৰে খেলাক ব্যৱহাৰ কৰে আৰু তাৰ ফলস্বৰূপে শিশু আত্মিক হৈ পৰে। খেলাৰ জৰিয়তে এজন শিশুক বুজিবলৈ বা যথাযথ অভিজ্ঞতা প্রদান কৰিবলৈ এজন সংবেদনশীল শিক্ষক সামর্থ্য হ’ব পাৰে।
  • কাল্পনিক, মনোৰঞ্জক, নাট্য বা প্রতীক খেলাৰ উক্তিৰে শিশুৰ খেলাত কল্পনাৰ উপাদান সূচাব পাৰি। শিশুৱে কল্পনাৰ জৰিয়তে তেওঁ নিজেই সাজি লোৱা বা ভাবি লোৱা পৃথিৱীত প্রৱেশ কৰে। যেনে-প্রকৃতাৰ্থত কাঠত বহি উৰাজাহাজত উৰি ফুৰা বুলি এটি শিশুৱেহে কল্পনা কৰি ল’লেও কিন্তু শিশুৱে বাস্তৱ জগতৰো পার্থক্য বিচাৰি পাব পাৰে। কাল্পনিক খেলাৰ ভিত্তি হ’ল বাস্তৱ জীৱনৰ অভিজ্ঞতা। তাৰো প্রতিফলন ঘটে এনেদৰে-এটা ল’ৰাই এদিন জন্মদিন পাতিছো বুলি এজন বয়স্ক মানুহক এটা মাটিৰ লাড়ু খাবলৈ দিলে। যেতিয়া মানুহজনে সেইটো খাব বিচাৰিলে। তেতিয়া ল’ৰাটোৱে ক’লে খুৰা, এইটো নাখাব, এইটো মাটিৰহে লাড়ু।” অভিজ্ঞতা সীমিত হ’লে কিন্তু ভাবি লোৱা খেলৰ বৈচিত্ৰ্যও সীমিত হয়। যদিহে শিক্ষক বা বয়স্কসকলে শিশুৰ ভাবি লোৱা খেলত অংশগ্রহণ কৰে নতুবা উৎসাহ যোগায়, তেতিয়া শিশুটি অধিক কল্পনামুখী হয়। অসুবিধাভুগী শিশুৰ ক্ষেত্ৰত সযত্ন পর্যবেক্ষণৰ দ্বাৰা ভাবি উন্নীত কৰিব পাৰে।

বর্তমান সময়ত বহুতো উপাদানে এই খেলসমূহৰ ওপৰত প্ৰভাৱ পেলোৱাটো পৰিলক্ষিত হৈছে। সেই উপাদানসমূহ হৈছে-পৰিয়াল বা সম্প্রদায়, সাংস্কৃতিক, খেলাৰ সামগ্ৰীসমূহ বৈদ্যুতিন মাধ্যম। আর্থিকভাবে দুর্বল পৰিয়ালৰ শিশুৱে, বিশেষকৈ ছোৱালীয়ে অতি কম বয়সতে ঘৰুৱা কাম-বনৰ স'তে সংলগ্ন হৈ পৰিবলগীয়াত পৰাৰ বিপৰীতে ডাঙৰসৱে সৰুবোৰক চোৱা-চিতা কৰা হয়। ল’ৰাবোৰে সাধাৰণতে খেলা-ধূলাৰ বেছিভাগ সময়েই লগৰীয়াৰ লগত কটোৱাৰ বিপৰীতে ছোৱালীয়ে পৰিয়ালৰ লোকৰ বা সম্পৰ্কীয় মানুহৰ স’তে কটাবলগীয়া হয়। খেলাৰ বিকাশত সংস্কৃতিৰ ভূমিকা গুৰুত্বপূৰ্ণ যদিও বা ইয়াৰ এক চিৰন্তন আৰু অপৰিবর্তনীয় ক্রমবিদ্যমান।শিশুৱে বাস কৰা বিশেষ সংস্কৃতিৰ লগত তেওঁলোকৰ খেলাৰ বিষয়বস্তু আৰু তেওঁলোকৰ সঞ্চাৰিত কৰা বিকাশাত্মক ক্ৰমৰ হাৰ নিৰূপিত হয়। যেনে-গ্ৰাম্য অঞ্চলৰ খেলৰ লগত চহৰীয়া অঞ্চলৰ খেলৰ প্ৰকাৰ বহুসময়ত অমিল আৰু বৈচিত্ৰ্যময়।

আনহাতে এটি শিশু জড়িত হোৱা খেলাৰ ধৰণটি সাধাৰণতে নির্ধাৰিত হয় খেলাৰ বাবে পোৱা সামগ্ৰীসমূহৰ জৰিয়তে। এই সামগ্ৰী আকৌ নিৰ্দেশাত্মক, গঠনমূলক, পুতলা আৰু প্ৰকৃত সামগ্ৰী। বিশেষ ধাৰণা আৰু দক্ষতা চাৰিপ্ৰকাৰৰ-শিকোৱাৰ বেলিকা এই নিৰ্দেশক সামগ্ৰীবোৰৰ নক্সা কৰা হয়। কাঠৰ টুকুৰা আদিয়ে ঘৰ আদি সাজি সৃষ্টিমূলকৰ প্ৰকাশ ঘটোৱাৰ ক্ষেত্ৰত গঠনমূলক সামগ্ৰী ব্যৱহৃত হয়। প্রকৃত বস্তুৰ অনুকৃর্তি আৰু কল্পনাৰ বস্তু যেনে— পুতলা,মানুহ, জন্তু আদিৰ আৰ্হিৰ বেলিকা পুতলা সামগ্ৰী ব্যৱহৃত আৰু কিছুমান প্রকৃত আৰু প্ৰাকৃতিক সামগ্ৰী যেনে- বালি, পানী, কাঠ, বোকা আদিৰে খেলা কৰাৰ ক্ষেত্ৰত প্রকৃত সামগ্ৰীয়েই ব্যৱহৃত। খেলাৰ বেলিকা বৈদ্যুতিন মাধ্যমৰ প্ৰভাৱো বিদ্যমান। এইক্ষেত্ৰত দূৰদৰ্শনৰ মাধ্যমে বর্তমান সময়ত খেলৰ সময় অধিক সংকুচিত কৰি তুলিছে। দূৰদৰ্শন চোৱাৰ ক্ষেত্ৰত অধ্যয়নৰ আৰু খেলা-ধূলাৰ সময় নিৰ্ধাৰণ কৰিবলগীয়া হোৱাৰ বাবে খেলাৰ ওপৰত যথেষ্ট প্রভাৱ পৰাটো পৰিলক্ষিত হৈছে। বিশেষকৈ আজিৰ স্বচ্ছল পৰিয়ালৰ ল’ৰা-ছোৱালীৰ মাজত ভিদিঅ’ আৰু কম্পিউটাৰ খেলাহে জনপ্রিয় হ’ব ধৰিছে।

বৰ্তমান সময়ত আমাৰ হেৰাই যাবলৈ ধৰা কুকুৰা যুঁজ, টেকেলী ভঙা, লুকা-লুকি, দৰা-কইনা, চোৰ-পুলিচ, উকুলি-মুকুলি, কড়ি, ৰজা-ৰাণী, ঢোপ, ৰচি টনা, হেতালি, ৰুমাল পেলোৱা, টোকৰ মৰা, ৰেবী, বিটু আদি খেলসমূহৰ যথেষ্ট প্রয়োজনীয়তা আহি পৰিছে। শিশুৰ দৈহিক তথা অংগসঞ্চালন, ভাষাৰ, সমাজ-আৱেগিক আৰু কল্পনাৰ বিকাশৰ উন্নীতকৰণৰ হেতুকে।

লিখক: অজিত দত্ত, সাদিন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate