অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৈশৱ আৰু অভিভাৱকৰ কৰ্তব্য

শৈশৱ আৰু অভিভাৱকৰ কৰ্তব্য

পৰিয়াল হৈছে এটি শিশুৰ বাবে আটাইতকৈ আপোন আৰু নিৰাপত্তাৰে ভৰা অনুভৱ। পৰিয়ালতে শিশুৱে জীৱনৰ ভৰা অনুভৱ। পৰিয়ালতে শিশুৱে জীৱনৰ আদিপাঠ শিকে আৰু তাৰ আৰম্ভণি হয় শিশুটিয়ে কেঁচুৱাৰ পৰা বাল্যকালত ভৰি দিয়াৰে পৰা। ২ বছৰৰ পৰা ৬ বছৰ বয়সলৈকে এই সময়ছোৱা আগতীয়া বাল্যকাল বুলি কোৱা হয়।

খেল-ধেমালি, সাধুকথা, মৰমৰ উত্তাপেৰে ভৰি তথা এই সময়খিনিতে শিশু এটি অকণমান বুজন হয়। পিতৃ-মাতৃ বা পৰিয়ালৰ অন্য সদস্যই কণমানিটিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা আচৰণে তেওঁলোকৰ লগত সন্তানৰ সম্পৰ্কত প্ৰভাৱ পেলায়। বাল্যকালত সন্তান আৰু পিতৃ-মাতৃৰ সম্পৰ্কত প্ৰভাৱ পেলোৱা কাৰকসমূহ এনেধৰণৰ-

  • শিশু এটি বাল্যকালত ভৰি দিয়াৰ লগে লগে স্বাভাৱিকতে কেঁচুৱা কালতকৈ স্বাধীন আৰু স্বয়ংসম্পূৰ্ণ আচৰণ প্ৰদৰ্শন কৰিব বিচাৰে। বহু পিতৃ-মাতৃৰ এনে সময়ত কেঁচুৱাকালত কৰাতকৈ কম পৰিমাণে আদৰ-যত্ন আৰু মনোযোগ দিলেই হ’ব বুলি ধাৰণা কৰি লয়। ফলত শিশুটিয়ে অৱহেলিত যেন অনুভৱ কৰে।
  • ভাল ল’ৰা-ছোৱালীৰ সম্পৰ্কত পিতৃ-মাতৃৰ নিজস্ব সংজ্ঞা বৰ্তমান সময়ত অতি ডাঙৰ সমস্যা। আমি সকলো অভিভাৱকে বিচাৰোঁ আমাৰ সন্তান সকলো ক্ষেত্ৰতে সফল হওক, সৃজনীশীল হওক।

আৰু বহুতে তাৰ বাবে শিশুটিৰ আঢ়ৈ-তিনি বছৰৰ পৰাই অসন্তুলিত কচৰৎ আৰম্ভ কৰে, যিয়ে শিশুটিক অসুবিধাত পেলায়। অবাধ্য, মনোযোগৰ সমস্যা আদি অসুবিধা লৈ মোৰ আচৰণ দেখিছিলোঁ, যিয়ে তেওঁলোকৰ সন্তানৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছিল।

  • শিশুৱে সাধাৰণতে যিজন অভিভাৱকে অধিক সময় কটায় তেওঁৰ লগত অধিক ঘনিষ্ট হয়। বহু সময়ত কম সময় দিয়া অভিভাৱকৰ প্ৰতি শিশুৰ আকৰ্ষণ কমি যায় আৰু ভৱিষ্যৎ জীৱনতো তেওঁৰ লগত দূৰত্ব অধিক হ’ব পাৰে।
  • বহু সময়ত পিতৃ-মাতৃ বা পৰিয়ালৰ লোকে সততে ল’ৰা-ছোৱালীক ভাতৃ-ভগ্নী বা অন্য ল’ৰা-ছোৱালীৰ লগত তুলনা কৰে। যিয়ে শিশুৰ মনত আঘাত দিয়ে। এনে তুলনাই পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীৰ মাজৰ মৰমৰ উত্তাপ নোহোৱা কৰাৰ লগতে শিশুৰ আত্মবিশ্বাস কমায়। ব্যক্তিগতভাৱে মই এংজাইটি, ডিপ্ৰেছন আৰু আত্মহত্যাৰ প্ৰৱণতা থকা কেইবাজনো কিশোৰ-কিশোৰী পাইছিলোঁ, যিয়ে বাল্যকালৰে পৰা পিতৃ-মাতৃৰ উপৰ্যুপৰি তুলনাৰ সন্মুখীন হৈছিল।

তেওঁলোকৰ ভিতৰত দুজনে আনকি পিতৃ-মাতৃৰ অজ্ঞাতে কাউন্সিলিঙৰ বাবে আহিছিল। পিতৃ-মাতৃয়ে তেওঁলোকৰ সমস্যা বুজি নাপাব বা বিশ্বাস নকৰিব বুলি তেওঁলোকে অভিভাৱকক অৱগত কৰিব বিচৰা নাছিল।

শিশুৰ মন আলফুলীয়া, সৰল আৰু ঠুনুকা হয়। বহু পিতৃ-মাতৃ বা পৰিয়ালৰ অন্য লোকে ইজনে-সিজনৰ দোষ শিশুৰ আগত কোৱা দেখা যায়।

যিহেতু শুদ্ধ-অশুদ্ধ বিচাৰ কৰিব পৰাকৈ বাল্যকালত শিশুটি পৰিপক্ক নহয়, তেনেস্থলত এনে কথাই অভিভাৱকৰ লগত শিশুৰ সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলায়।

পিতৃ-মাতৃৰ মাজত বিচ্ছেদ, সঘনে হোৱা কাজিয়াই শিশুক সম্পৰ্কৰ প্ৰতি উদাসীন কৰি তোলে। এনে অশান্তিকৰ পৰিৱেশত ডাঙৰ হোৱা বা শিশুৱে ভৱিষ্যতে কিছুমান মানসিক, আৱেগিক সমস্যা যেনে-

১)এংজাইটি,

২)ডিপ্ৰেছন,

৩)আত্মবিশ্বাসৰ অভাৱ,

৪)এডজাষ্টমেন্টৰ সমস্যাত ভুগিব পাৰে।

নিচাসক্ত হোৱা আৰু অন্যান্য অসামাজিক কাম-কাজত লিপ্ত হোৱাও বহুতৰ ক্ষেত্ৰত দেখা যায়। বাল্যকালত এনেধৰণৰ পৰিস্থিতি সৃষ্টি নহ’বৰ বাবে অভিভাৱকৰ সচেতনতা অতি দৰকাৰী। এইক্ষেত্ৰত পিতৃ-মাতৃৰ কৰণীয়সমূহ এনেধৰণৰ-

  • শিশুটিৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ প্ৰতি সচেতন হওক। বেমাৰ-আজাৰৰ পৰা মুক্ত কৰি ৰাখিবৰ বাবে সুষম আহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু টিকাকৰণ অতি প্ৰয়োজন।
  • আঢ়ৈ/তিনি বছৰ বয়সৰ পৰা শিশুটিয়ে কিছুদিন কাম যেনে আহাৰ খোৱা আদি নিজেই কৰিব বিচাৰিলেও সম্পূৰ্ণকৈ এৰি নিদি পিতৃ-মাতৃয়ে নিজে কাষত থাকি তদাৰক কৰিব লাগে। ব্যস্ত পিতৃ-মাতৃয়ে গৃহ পৰিচালিকাৰ ওপৰত সম্পূৰ্ণকৈ নিৰ্ভৰশীল হোৱাটো উচিত নহয়।
  • শিশুৰ দোষ-গুণ, সক্ষমতা-অক্ষমতা সকলোৰে ঊৰ্ধ্বত কণমানিটি যে মাক-দেউতাকৰ বাবে আটাইতকৈ মূল্যৱান, সেই কথা শিশুটিক অনুভৱ কৰোৱা উচিত। পিতৃ-মাতৃয়ে স্পৰ্শ কৰি মৰম কৰা, সাৱটি ধৰা, চুমা দিয়া আদিয়ে শিশুক আনন্দ আৰু নিৰাপত্তা প্ৰদান কৰে।
  • সন্তানক তুলনা কৰোঁতে সাৱধান হোৱা দৰকাৰ। শিশুৰ বয়স অনুসৰি হোৱা দৈহিক, মানসিক বিকাশ বা মানসিক সক্ষমতা সকলোৰে একে নহয়, এই কথা প্ৰতিজন অভিভাৱকে মনত ৰখা উচিত।
  • সন্তানটিৰ আত্মবিশ্বাস বৃদ্ধি কৰিবৰ বাবে ভাল আচৰণৰ প্ৰশংসা কৰক আৰু মনত আঘাত নোপোৱাকৈ ভুলবোৰ আঙুলিয়াই দিয়ক।
  • শিশুক সময় দিয়াটো নিতান্তই প্ৰয়োজনীয়। ইয়াত সময় দিয়া মানে সুন্দৰ, সুস্থিৰ আৰু সম্পূৰ্ণকৈ কেৱল শিশুটিক দিয়া সময়ৰ কথা বুজোৱা হৈছে। সেই সময়ত অন্য চিন্তা বা কামৰ কথা ভবা উচিত নহয়।

ব্যস্ততাৰ মাজৰ পৰা দিয়া এঘন্টা সুন্দৰ শিশুটিৰ মনটো ভৰাই তুলিব পাৰে। শিশুটোৰ লগত খেলা, ছবিত ৰং কৰা, সাধুকথা কোৱা, শিশুৱে ভালপোৱা গীত গুণগুণাই শুনোৱা, শোৱাৰ সময়ত টোপনি নোযোৱালৈকে কাষত থকা আদিৰ অভ্যাস পিতৃ-মাতৃয়ে কথা দৰকাৰ।

পৰিয়ালৰ লোকসকলে শিশুৰ আগত কথা-বতৰা পাতোতে সতৰ্ক হ’ব লাগে শিশুৰ মনত প্ৰভাৱ পেলব পৰা কোনো বিষয় সন্তানৰ আগত আলোচনা কৰা উচিত নহয়। লগতে কাজিয়া-পেচাল আদি অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবে অভিভাৱকে চেষ্টা কৰিব লাগে।

প্ৰয়োজন সাপেক্ষে অভিভাৱকৰ আচৰণ সংশোধন গুৰুত্বপূৰ্ণ। শিশুৰ আচৰণত পিতৃ-মাতৃৰ আচৰণেই প্ৰতিফলিত হয়। শিশুৰ মনটো এটি কাঁচৰ পাত্ৰৰ দৰে।

পিতৃ-মাতৃৰ অকণমান অমনোযোগিতা আৰু অসাৱধানতাই মনটি চূৰ্ণ-বিচূৰ্ণ কৰি পেলাব পাৰে। এই কথা প্ৰতিজন অভিভাৱকেই মনত ৰখা প্ৰয়োজন।

লেখিকা: আৰাধনা বৰুৱা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate