অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সন্তানৰ প্ৰতি অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য:

সন্তানৰ প্ৰতি অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য:

 

ঘৰখন হৈছে প্ৰত্যেক শিশুৰে শিক্ষাৰ আচল ঠাই। সেয়ে ঘৰখনক শিশুৰ প্ৰথম পাঠশালা বুলি কোৱা হয়। শৈশৱ আৰু কিশোৰত ল’ৰা-ছোৱালীয়ে যি শিক্ষা লাভ কৰে, সেই শিক্ষাই গোটেই জীৱন ব্যক্তিক প্ৰভাৱাম্বিত কৰে। সেয়ে প্ৰত্যেকজন অভিভাৱকৰ দায়িত্ব তথা কৰ্তব্য নিজৰ কৈশোৰপ্ৰাপ্ত সন্তানক উপযুক্ত মাৰ্গ দৰ্শন কৰা। ভোগবাদী মানসিকতাই আজি মানুহক ক্ৰমে ধ্বংসৰ মুখলৈ ঠেলি দিছে। সহজ-সৰল মানুহৰ যি জীৱন, সেয়া ত্যাগ কৰি বস্তুবাদী হৈ পৰিছে। এনে দুঃসময়ত প্ৰকৃত পিতৃ-মাতৃ বা অভিভাৱক আছিল নিৰক্ষৰ। কিন্তু তেনে পৰিয়ালৰে সন্তানেও নিজে কষ্ট কৰি পঢ়ি প্ৰতিষ্ঠিত হোৱাৰ লগতে শিষ্টাচাৰপূৰ্ণ ব্যৱহাৰেৰে আনক মোহিত কৰিছিল। ইয়াৰ কাৰণ হয়তো আজিৰ দৰে ভোগবাদী মানসিকতা সেই সময়ত নাছিল। পৰিয়ালৰ মানুহৰপৰা লাভ কৰা শিক্ষাই তেওঁলোকক কৰ্মী, ভদ্ৰ আৰু বিনয়ী কৰিছিল। শাকে-পঁইতাই যি পায় খাইছিল, এযোৰ বা দুযোৰ কাপোৰেৰে গোটেই বছৰটো চলিছিল। লগতে ঘৰুৱা কামতো পিতৃ-মাতৃক সহায় কৰিছিল। নিজৰ ভৰিত থিয় হোৱাৰ হেঁপাহে তেওঁলোকক উদ্যোগী কৰি তুলিছিল।

আজিৰ পিতৃ-মাতৃয়ে বিশেষকৈ আৰ্থিকভাৱে সচ্ছলসকলে সন্তানে লাগ বুলি কোৱাৰ লগে লগে হাতৰ কাষত সকলো আনি দিয়ে। কিন্তু কৈশোৰপ্ৰাপ্ত নিজৰ সন্তানৰ মনৰ বতৰা ল’বলৈ পাহৰি যায়। কৈশোৰ কালত ল’ৰা-ছোৱালীৰ মনত যি পৰিৱৰ্তন আহে সেয়া পিতৃ-মাতৃৰ বাহিৰে কোনে বুজিব? সন্তানক মাৰ-পিট বা গালি-শপনি নাইবা আদেশৰ সলনি বন্ধুসুলভ ব্যৱহাৰৰ দ্বাৰা যে কথা পতা উচিত, সেয়া প্ৰত্যেক অভিভাৱকে জনা উচিত। কাৰণ, কৈশোৰ কালছোৱা হ’ল জীৱনৰ এটা আমি-দোমোজা। এই সময়ত সন্তানক সৎ পথেৰে পৰিচালনা কৰিব পাৰিলে কেতিয়াও অসৎ পথ নলয় বুলিয়ে বিশ্বাস। এই সময়ত ঘৰখনৰ পৰা পোৱা শিক্ষা অতি গুৰুত্বপূৰ্ণ। এই শিক্ষা কোনো কিতাপৰপৰা আহৰণ কৰিব নোৱাৰি। সৰুতেই যদি জীৱন গঢ়াৰ ভেটি ভালকৈ বন্ধা নহয়, তেন্তে পিছলৈ এই ভেটি সুদৃঢ় হ’ব বুলি আশা কৰিব নোৱাৰি। ঘৰখনত হোৱা কাজিয়া-পেচাল, মাৰ-পিট, আৰ্থিক দুৰৱস্থা আদিয়ে শিশুৰ মনত গভীৰ ৰেখাপাত কৰে আৰু অশান্তিত ভোগে। এনেধৰণৰ খেলি-মেলি পৰিৱেশৰপৰা অহা ল’ৰা-ছোৱালীয়ে সদায় হীনমন্যতাত ভোগে। ক’তো মিলিব নোৱাৰে। অলপতে খং উঠে, কঠোৰ মনোবৃত্তিৰ হয় আৰু লগৰ ল’ৰা-ছোৱালীৰ লগত কাজিয়া-পেচাল কৰে।

বহুতো পিতৃ-মাতৃয়ে ভাবে যে আমি যিদৰে নিজে নিজে শিকি-বুজি ডাঙৰ-দীঘল হৈছো- ঠিক সেইদৰে আমাৰ সন্তানেও নিজে নিজে ভূল-শুদ্ধ বাছিব পাৰিব। কিন্তু আজিৰ পৰিৱেশ আৰু আগৰ পৰিৱেশৰ মাজত আকাশ-পাতাল পাৰ্থক্য। এতিয়া চাৰিওফালে ভোগবাদী মানসিকতাৰ আমন্ত্ৰণ। এই আমন্ত্ৰণ এৰাই চলা বৰ টান। গতিকে এই আমন্ত্ৰণৰ পৰা সন্তানক সৎ সৰল পথৰ নিৰ্দেশনা দিব পাৰে কেৱল পিতৃ-মাতৃয়ে। অৱশ্যে এইক্ষেত্ৰতো কঠোৰ মনোবৃত্তি পৰিহাৰ কৰিব লাগিব। সন্তানৰ লগত বন্ধুত্বসুলভ আচৰণৰ দ্বাৰা সিহঁতৰ মন জয় কৰিব লাগিব। কোনটো শুদ্ধ আৰু কোনটো ভুল পথ, সেয়া মৰমেৰে তথা কৌশলেৰে বুজাব লাগিব। পিতৃ-মাতৃৰ বন্ধুত্বসুলভ আৰু মৰমিয়াল ব্যৱহাৰে সন্তানকো তেওঁলোকক বিশ্বাসত ল’বলৈ বাধ্য কৰিব আৰু নিজৰ মনৰ দুৱাৰ খুলি পিতৃ-মাতৃক সুখ-দুখ, ভাল লগা, বেয়া লগা আদি কথাৰ ভাগ দিব। তেতিয়া পিতৃ-মাতৃয়ে সন্তানে কৰা ভুলৰ বাবে কঠোৰ ব্যৱস্থা হাতত নলৈ তেনে ধৰণৰ কামৰ বেয়া দিশটোৰ বিষয়ে মৰমেৰে বুজালে নিশ্চয় সন্তানেও বেয়া পথৰ পৰা আঁতৰি আহিব। গতিকে সন্তানকে দোষী নকৰি ভৱিষ্যৎ জীৱন সুখৰ কৰিবৰ কাৰণে পিতৃ-মাতৃয়ে আগ-ভাগ ল’ব লাগিব।

লেখিকা: ললিতা শৰ্মা লহকৰ(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate