অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্বৰ নতুন ৭টা আচৰিত বস্তু

চিচেন ইতজা পিৰামিড(৮০০ খৃষ্টাব্দৰ পূৰ্বৰ) য়ুকাটান, পেনিনচুলা, মেস্কিকো

চিচেন ইতজা হ’ল আটাইতকৈ বিখ্যাত মায়ান মন্দিৰ চহৰ। ই মায়ান সভ্যতাৰ সময়ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গণ্য কৰা হৈছিল। ইয়াৰ গঠনশৈলী বিভিন্ন ধৰণৰ, যেনে-কুকুলকানৰ পিৰামিড, চাক মুলৰ মন্দিৰ, এহাজাৰ খুটাৰ প্ৰেক্ষাগৃহ আৰু কয়দীৰ বাবে খেলপথাৰ। আজি পৰ্য্যন্ত এই সকলোবিলাক হ’ল স্থাপত্য সংক্ৰান্তীয় প্ৰসাৰ আৰু নিৰ্মাণশৈলীৰ অসাধৰণ কীৰ্তিৰ প্ৰদৰ্শন। এই পিৰামিডটো আছিল মায়ান মন্দিৰবিলাকৰ ভিতৰত আটাইতকৈ শেষৰ আৰু প্ৰশ্নহীনভাৱে সৰ্বশ্ৰেষ্ঠ

ত্ৰানকৰ্তা যীচু খ্ৰীষ্ট্ৰৰ (১৯৩১) ৰিঅ’ ডি জানেইৰ’, ব্ৰাজিল

প্ৰায় ৩৮ মিটাৰ উচ্চতাৰ যীচুৰ এই মূৰ্ত্তিটো ৰিঅ’ ডি জানেইৰ’ সন্মুখৰ কৰ্কোভাড’ö নামৰ পাহাৰৰ ওপৰত স্থাপন কৰা হৈছে। পৃথিৱীৰ বিখ্যাত স্তম্ভবিলাকৰ ভিতৰত এইটোও এটা যিটোৰ নক্সা প্ৰস্তুত কৰিছিল ব্ৰাজিলৰ হেইট’ৰ ডা চিলভা কোস্টাই আৰু ফৰাচী ভাস্কৰ্যবিদ পল লেণ্ডোৱাস্কিয়ে সজাইছিল। উক্ত মূৰ্ত্তিটো সজাওঁতে পাচ বছৰ সময় লাগিছিল আৰু ইয়াক উদ্বোধন কৰা হৈছিল ১৯৩১ চনৰ ১২ অক্টোৱৰ তাৰিখে। ই চহৰখনৰ লগতে ব্ৰাজিল দেশৰ মানুহবিলাকৰ বাবে আছিল এক সম্পদ। ইয়াক চাবলৈ ব্ৰাজিললৈ বহুত মানুহৰ সমাগম হয় আৰু ইয়াৰ বাবে ব্ৰাজিলবাসীয়ে গৌৰৱ অনুভৱ কৰে

ৰোমৰ কলোচিয়াম প্ৰতিমূৰ্ত্তি (৭০-৮২ খৃষ্টাব্দ) ৰোম, ইটালী

এই বিখ্যাত প্ৰতিমূৰ্ত্তি (গোলাকাৰ) ৰোমৰ ঠিক মধ্যভাগত সজোৱা হৈছিল। এইটো বিজয়ী যোদ্ধাসমূহক পুৰস্কৃত কৰা আৰু ৰোমান সাম্ৰাজ্যৰ গৌৰৱ গাথা দাঙি ধৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ নক্সা আৰু পৰিকল্পনা আজি পৰ্য্যন্ত প্ৰাসংগিক, যিহেতু ইয়াৰ আৰ্হিত বহুতো আধুনিক খেল ষ্টেডিয়াম সজোৱা হৈছে। আজি কিতাপ বা চলচিত্ৰৰ জৰিয়তে আমি গম পাওঁ যে তাত কিছুমান নিশংস যুদ্ধৰ খেলা হৈছিল। আৰু সেইবিলাক সেই সময়ৰ দৰ্শকৰ আমোদ-প্ৰমোদৰ বাবে আছিল।

 

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate