অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আচৰিত সংখ্যা 1089

আচৰিত সংখ্যা 1089

  • আচৰিত সংখ্যা 1089
  • তিনি অংকীয় সংখ্যা এটা ভাৱা, যাৰ একক আৰু শতক স্থানৰ অংকটো একে নহয়। যেনে, 123, 478, 309 ইত্যাদি। ধৰা হ’ল, তুমি ভাবা সংখ্যাটো 236।
  • এতিয়া সংখ্যাটো ওলোটাই লিখা। অৰ্থাৎ তুমি ভাৱা সংখ্যাটো ওলোটাই লিখিলে হ’ব 632।
  • এতিয়া ডাঙৰটোৰপৰা সৰুটো বিয়োগ কৰা। অৰ্থাৎ 632-236=396
  • এতিয়া বিয়োগ কৰি পোৱা সংখ্যাটো পুনৰ ওলোটাই লিখা। অৰ্থাৎ 396ক ওলোটাই লিখিলে হ’ব 693

এতিয়া শেষৰ সংখ্যা দুটা যোগ কৰা, যোগফল পাবা 1089। অৰ্থাৎ 396+693=1089 তোমালোকে বেলেগ বেলেগ সংখ্যা লৈ পৰীক্ষা কৰি চাব পাৰা । সদায় ফল 1089 এই পাবা ।1089 নোলালে বুজিবা, যোগ-বিয়োগ কৰোতে ভুল হ’ল ! আৰু এটা কথা মন কৰা, 1089x1=1089 1089X9=9801 অৰ্থাৎ 1089ক 9ৰে পূৰণ কৰিলে সংখ্যাটো ওলটি যায় । এনেকুৱা আৰু কেইটামান সংখ্যা এনেধৰণৰ- 10989X9=98901 109989X9=989901 1099989X9=9899901 10999989X9=98999901 109999989X9=989999901 1099999989X9=9899999901 10999999989X9=98999999901 ইত্যাদি । কোনো সংখ্যাক আন সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো ওলটি যোৱা ধৰণৰ আৰু এটা সংখ্যা আছে । চাৰি বা তাতোকৈ কম অংকীয় সংখ্যাৰ ভিতৰত এই সংখ্যা দুটাই কেৱল এনে ধৰ্ম দেখুৱায় । এটা হৈছে 1089 আৰু আনটো হৈছে 2178 । মনকৰিবা, 2178=2X1089 2178X4=8712 21978X4=87912 219978X4=879912 2199978X4=8799912 21999978X4=87999912 219999978X4=879999912 2199999978X4=8799999912 21999999978X4=87999999912 ইত্যাদি । যিকোনো তিনি অংকীয়(একক আৰু শতকৰ অংক ভিন্ন) সংখ্যা এটা ওলোটাই লিখি বিয়োগ কৰি, বিয়োগফলটো ওলোটাই লিখি যোগ কৰি 1089 পোৱা পৰিঘটনাটোক আমি বীজগণিতৰ দৃষ্টিৰে চাব পাৰোঁ । ধৰাহ’ল, তিনি অংকীয় সংখ্যাটো htu, অৰ্থাৎ এককৰ স্থানৰ অংকটো u, দহকৰ স্থানৰ অংকটো t আৰু শতকৰ স্থানৰ অংকটো h । গতিকে প্ৰকৃততে সংখ্যাটো হ’ব, 100h+10t+u । এতিয়া 100h+10t+uৰ পৰা 100u+10t+hক বিয়োগ কৰিব লাগে । যদি শতকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকতকৈ ডাঙৰ হয় অৰ্থাৎ h>u, প্ৰথমবাৰ নহ’লেও, ওলোটাই লিখি পোৱা সংখ্যাটোৰ ক্ষেত্ৰত হ’ব; তেন্তে u-h<0 হ’ব ।গতিকে দহকৰ ঘৰৰ সংখ্যাটোৰপৰা এটা 1(দহ) ধাৰ কৰি আনিব লাগিব । তেতিয়া এককৰ ঘৰৰ সংখ্যাটো হ’ব 10+u । আকৌ, বিয়োগ কৰিবলগীয়া দহকৰ সংখ্যা দুটা সমান, তাতে প্ৰথমটো দহকৰপৰা এক দহ এটা এককৰ ঘৰৰ সংখ্যাটোলৈ ধাৰে নিয়াত দহকৰ ঘৰৰ সংখ্যাটো হ’ব 10(t-1)। গতিকে 10(t-1)ৰপৰা 10t বিয়োগ কৰিব নোৱাৰি । শতকৰ ঘৰৰ hৰ পৰা এটা শ দহকৰ ঘৰলৈ ধাৰে অনা হ’ল । তেতিয়া শতকৰ ঘৰত থাকিব h-1 আৰু দহকৰ ঘৰত থাকিব 10(t-1)+100=10(t+9) । এতেকে প্ৰথমবাৰৰ বিয়োগফলটো হ’ব এনেধৰণৰ- 100(h-1) + 10(t+9) + (u+10) 100u + 10t + h = 100(h-u-1) + 10t + u-h+10…………………..(i) এতিয়া এই সংখ্যাটো ওলোটাই লিখিলে পাম- 100(u-h+10) + 10(9) + (h-u-1)……………………(ii) এতিয়া (i)আৰু (ii)ৰ সংখ্যা দুটা যোগ কৰিলে পাম- 100(h-u-1) + 10t + u-h+10 100(u-h+10) + 10(9) + (h-u-1) =100(9) + 10(18) + 9 বা 100X9 + 10X18 + 9=1089 এই সংখ্যাটোৰ আৰু এটা ধৰ্ম এনেধৰণৰ- 1089=332=652-562

লিখক: ড০ ৰফিক আলী

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate