অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেলা-প্ৰৱণ পদ্ধতিঃ

খেলা-প্ৰৱণ পদ্ধতিৰ বিষয়ে লিখা হৈছে

 

খেলা-প্ৰৱণ পদ্ধতিৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে খেলাৰ অৰ্থ আৰু ইয়াৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আমাৰ মনত স্পষ্ট হোৱাটো প্ৰয়োজন। উল্লেখযোগ্য যে এসময়ত ভবা হৈছিল যে ল’ৰা-ছোৱালীয়ে খেল-ধেমালি কৰা মানে অবাবত সময় নষ্ট কৰা। খেলাৰ সলনি ল’ৰা-ছোৱালীক স্কুলৰ শিক্ষকৰ অধীনত কটকটীয়া বান্ধোনৰ মাজত ৰাখিহে শিক্ষা দিব লাগে। বৰ্তমান এই ধাৰণা আওপুৰণি হৈ পৰিছে আৰু ইয়াৰ অসাৰতা শিক্ষক-অভিভাৱক আৰু সমাজৰ সকলো লোকেই বহলভাৱে অনুভৱ কৰি উঠিছে।

খেলা হৈছে শিশুৰ এক স্বাভাৱিক প্ৰবৃত্তি বা প্ৰৱণতা যত বিকাশৰ সকলো শক্তি-সম্ভাৱনীয়তা নিহিত হৈ থাকে। শিক্ষাৰ আধুনিক দৃষ্টিকোণৰ পৰা খেলাক শিশুৰ আত্ম-প্ৰকাশৰ ভাষা আৰু বিকাশৰ সুস্থ-সবল পথ স্বৰূপে গণ্য কৰা হয়। ই শিশু বিকাশৰ বাবে খাদ্যৰ সমানেই প্ৰয়োজন, সূৰ্যৰ পোহৰৰ দৰেই জীৱনীশক্তি দানকাৰী আৰু মুক্ত বতাহৰ দৰেই প্ৰাণ ৰক্ষাকাৰী উপাদান স্বৰূপ। ইয়াৰ শৈক্ষিক তাৎপৰ্য হৈছে এয়ে যে খেলাৰ যোগেদিয়ে শিশুৱে তাৰ চিন্তাজগত আৰু ক্ৰিয়াজগতত প্ৰৱেশ কৰিব পাৰে আৰু তাৰ জটিল পৰিস্থিতিত নিজকে সুস্থভাৱে সমাযোজন কৰি লব পাৰে। খেলৰ অন্তৰালত সেয়েহে এক গভীৰ শিক্ষা-দৰ্শন নিহিত হৈ থকাটো মন কৰিবলগীয়া।

শিক্ষাজগতত খেলাৰ দাৰ্শনিক দৃষ্টি দান কৰা প্ৰথম আৰু প্ৰধান ব্যক্তিজন হৈছে ফ্ৰেদিক ফ্ৰোৱেল (Friedrick Frobel)। তেওঁৰ বিখ্যাত গ্ৰন্থ ‘The Education of Man’-ত মত প্ৰকাশ কৰে, “খেলা হৈছে শিশু বিকাশ তথা মানৱতা বিকাশৰ সৰ্বোচ্চ পৰ্যায়। ই হৈছে ব্যক্তিৰ আত্ম-শিক্ষা যি তেওঁৰ অন্তৰ্নিহিত প্ৰয়োজন আৰু গতি প্ৰৱণতা পূৰণ কৰিব পাৰে। ই আমাক দিয়ে আনন্দ, স্বাধীনতা, সন্তুষ্টি, বাহ্য আৰু আভ্যন্তৰীণ জিৰণি আৰু পাৰ্থিব শান্তি”।

খেলাৰ মূল বৈশিষ্ট্যসমূহঃ

 

খেলাৰ স্বৰূপ অনুভৱ কৰি উঠিবৰ বাবে ইয়াৰ নিম্নলিখিত বৈশিষ্ট্যকেইটাৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰা উচিত।

(১) খেলা হৈছে ব্যক্তিৰ এক বাধাহীন আৰু স্বতঃস্ফূৰ্ত ক্ৰিয়া। কোনো বাধ্য-বাধকতা বা এৰাব নোৱাৰা দায়িত্বৰ ভাব ইয়াত নাথাকে। শিশু-আচৰণৰ স্বতঃস্ফূৰ্ত উদ্যম আৰু প্ৰেৰণা খেলাৰ যোগেদি বাধাহীনভাৱে প্ৰকাশ লাভ কৰে।

(২) খেলাৰ অভিজ্ঞতা স্বাভাৱিকতেই সুখদায়ক আৰু আনন্দদায়ক। সুখ, আনন্দ আৰু প্ৰণোদন লাভৰ বাহিৰে ইয়াত আন কোনো অসুস্থ ভাব থাকিব নোৱাৰে। প্ৰকৃত অৰ্থত ক’বলৈ গ’লে খেলা কাৰো বাবে কেতিয়াও দুখৰ বা বেদনাৰ কাৰণ হৈ উঠিব নোৱাৰে।

(৩) খেলা এক মুক্ত আৰু স্বাধীন পৰিৱেশ বা পৰিস্থিতিতহে সম্ভৱ হৈ উঠিব পাৰে। কাৰোবাৰ অধীন, বহতীয়া বা আজ্ঞাবাহী অৱস্থাৰ মানসিকতা খেলাৰ পৰিস্থিতিত থাকিব নোৱাৰে। ই ব্যক্তিমনৰ এক মুক্ত আৰু স্বতঃপ্ৰণোদিত অৱস্থাক বুজায়।

(৪) খেলত ব্যক্তিমনৰ কোনো ধৰণৰ অভিপ্ৰায় পূৰণ, উদ্দেশ্য সাধন অথবা স্বাৰ্থ সিদ্ধিৰ মনোভাব থাকিব নোৱাৰে। খেলা কেৱল খেলাৰ স্বাৰ্থতেই কৰা হয়। ফুল যিদৰে ফুলাৰ বাবেই ফুলে, খেলাও সেইদৰে খেলাৰ আনন্দতেই খেলে।

(৫) খেলাই ব্যক্তিক বাস্তৱৰ গতানুগতিকতাৰ পৰা কল্পনাৰ আনন্দলৈ লৈ যায়। খেলাৰ সমগ্ৰ ধাৰণাই হৈছে বাস্তৱ বিবৰ্জিত আৰু কল্পনাপ্ৰসূত বিধৰ। কল্পনাইহে ব্যক্তিক প্ৰকৃত আনন্দ দিব পাৰে, বাস্তৱৰ গতানুগতিকতাই তাক দিব নোৱাৰে।

ওপৰত কৰা বৰ্ণনাৰ পৰা ক’ব পাৰি যে খেলাৰ মূল বৈশিষ্ট্যকেইটা হৈছে- স্বতঃস্ফূৰ্ততা, আনন্দ প্ৰদানতা, স্বাধীনতা, অভিপ্ৰায়হীনতা আৰু কল্পনা-প্ৰৱণতা। এইকেইটা মৌলিক গুণ নিহিত থকা ক্ৰিয়াই খেলাৰ পৰ্যায়ভুক্ত হয়। ইয়াৰ অভাৱ হোৱা ক্ৰিয়াকেই আমি কাম বা কৰ্তব্য স্বৰূপে গণ্য কৰিব পাৰো।

খেলা-প্ৰৱণ পদ্ধতি কাক বোলে ?

 

বৰ্তমান শিশু-শিক্ষাৰ সকলোবোৰ নতুন নতুন পদ্ধতি খেলাৰ মৌলিক নীতি আৰু আদৰ্শৰ দ্বাৰা সাধাৰণভাৱে প্ৰভাৱিত হৈছে। শিক্ষাবিদসকলে খেলাৰ বৈশিষ্ট্যসমূহ শিশু-শিক্ষাৰ ব্যৱস্থাত কাৰ্যকৰীভাৱে ৰূপদান কৰি তুলিছে। শিক্ষাগ্ৰহণ কাৰ্যত শিশুৰ স্বতঃস্ফূৰ্তভাৱে সহযোগিতা কামনা কৰা, তাৰ যোগেদি মনত আনন্দ-উৎসাহ দান কৰা, এনে কাৰ্যত সি স্বতঃপ্ৰণোদিতভাৱে ক্ৰিয়া সম্পাদনৰ স্বাধীনতা লাভ কৰা আৰু নিঃস্বাৰ্থ ক্ৰিয়াৰ যোগে শিশুমনৰ স্বভাৱ-সুলভ কল্পনাৰ শৈক্ষিক আৰু গঠনাত্মকভাৱে প্ৰয়োগ কৰা আদি কাৰ্যই হৈছে খেলা-প্ৰৱণ শিক্ষা পদ্ধতিসমূহৰ উদ্দেশ্য। প্ৰকৃতপক্ষে ক’বলৈ গ’লে খেলা-প্ৰৱণ পদ্ধতিয়ে কোনো এক বিশেষভাৱে প্ৰস্তুত কৰা শিক্ষা পদ্ধতিক নুবুজায়। বৰং শিশু শিক্ষাৰ সকলোবোৰ উন্নত আৰু বিজ্ঞানসন্মত পদ্ধতিৰে এক সাধাৰণ নাম বা নীতি-জড়িত পদ্ধতি স্বৰূপেহে ইয়াৰ প্ৰয়োগ কৰা হয়। খেলাৰ প্ৰকৃত স্বৰূপ তথা বৈশিষ্ট্যসমূহ শিক্ষাত কাৰ্যকৰী কৰি তোলা পদ্ধতিয়েই হৈছে খেলা-প্ৰৱণ অথবা ক্ৰীড়া-প্ৰৱণ পদ্ধতি।

অৱশ্যে এই খেলা-প্ৰৱণ পদ্ধতি বা ‘Play Way Method’ নামকৰণৰ লগত এজন বিশেষজ্ঞ ব্যক্তিৰ নাম বিশেষভাৱে জড়িত হৈ থকাটো মন কৰিবলগীয়া। হেনৰি কল্ডৱেল কুক (Henry Coldwell Cook) নামৰ এজন শিক্ষকে ইংৰাজী সাহিত্যৰ শিক্ষাদানৰ বেলিকা লক্ষ্য কৰে যে ছাত্ৰসকলে শ্ৰেণীত চেক্সপীয়েৰৰ নাটক অধ্যয়নৰ বাবে কোনো উৎসাহ-আগ্ৰহ প্ৰদৰ্শন নকৰে। তেওঁলোকে কেৱল যন্ত্ৰচালিতভাৱে তাক মুখস্থ কৰি থয়। সেইবাবে ছাত্ৰসকলৰ অধ্যয়নত উৎসাহ-আগ্ৰহ জগাই তুলিবৰ বাবে তেওঁ নাটকীয় অভিনয় পদ্ধতিৰ সহায় লয়। ইয়াৰ ফলত ছাত্ৰসকলে নাটকৰ বিষয়বস্তু নিজ নিজ অভিনয়ৰ যোগে অধিক সফলতাৰে বুজি উঠিব পাৰে আৰু সক্ৰিয় সহযোগিতাৰ বাবে আগ্ৰহী হৈ উঠে। কল্ডৱেল কুকে সেয়েহে অনুভৱ কৰি উঠে যে ছাত্ৰসকলে শ্ৰেণীকক্ষত বহি কেৱল পঠন আৰু শ্ৰৱণ কাৰ্যৰ দ্বাৰাই তেওঁলোকে সাৰ্থকভাৱে শিক্ষা লাভ কৰি উঠিব নোৱাৰে। তেওঁলোকৰ এনে কাৰ্যত স্বাধীন, স্বতঃস্ফূৰ্ত আৰু সক্ৰিয়ভাৱে নিজকে জড়িতকৰণেহে শিক্ষা সফল কৰি তুলিব পাৰে। বাধ্য-বাধকতাৰ পৰিৱৰ্তে স্বতঃস্ফূৰ্ততা আৰু গতানুগতিকতাৰ পৰিৱৰ্তে সক্ৰিয় সহযোগিতাহে শিক্ষাৰ সাৰ্থক নীতি হব পাৰে। এনে শিক্ষাদানৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁ খেলা-প্ৰৱণ পদ্ধতি গঢ় দি তোলে আৰু তেওঁৰ লিখিত ‘The Play Way’ নামৰ গ্ৰন্থত ইয়াক জনপ্ৰিয় কৰি তোলে।

এইক্ষেত্ৰত মন কৰিবলগীয়া যে কেৱল নাটকীয়ভাৱে অথবা নাটকৰ অভিনয়ৰ যোগে দিয়া শিক্ষা ব্যৱস্থাকে মাথোন খেলা-প্ৰৱণ পদ্ধতি বুলিব নোৱাৰি। শিক্ষাৰ গাম্ভীৰ্য আৰু ইয়াৰ দায়িত্বপূৰ্ণ ক্ৰিয়াত্মক অভিজ্ঞতাক শিশুৰ নাটকীয় অভিনয়ৰ পৰ্যায়লৈ ইয়াত অৱনতি কৰিবলৈ বিচৰা হোৱা নাই। এই প্ৰসংগত শিক্ষাবিদ আদামচে মত প্ৰকাশ কৰে যে শিক্ষা গ্ৰহণ কাৰ্যত ক্ৰিয়াৰ কঠিনতা আৰু ভয়াবহতা গুচাই ছাত্ৰৰ বাবে এক আনন্দদায়ক ক্ৰিয়া স্বৰূপে গঢ় দি তোলাটোহে ইয়াৰ উদ্দেশ্য।

খেলা-প্ৰৱণ পদ্ধতিৰ শৈক্ষিক নীতিসমূহঃ

 

বৰ্তমান সকলো শিশু-শিক্ষা পদ্ধতিতেই খেলা প্ৰৱণতাৰ নীতিসমূহ সাধাৰণভাৱে গ্ৰহণ কৰা হয়। তথাপিও এইক্ষেত্ৰত আমাৰ ধাৰণা অধিক স্পষ্ট কৰি তুলিবৰ বাবে এই পদ্ধতিৰ দ্বাৰা বিবেচিত শৈক্ষিক নীতিসমূহ তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

(১) স্বাভাৱিকতা নীতিঃ খেলা-ভিত্তিক পদ্ধতিয়ে শিক্ষা শিশুৰ বাবে স্বভাৱসুলভ কৰি তুলিবলৈ বিচাৰে। শিশুৰ কেতবোৰ সহজাত বা জন্মলব্ধ গুণ, বৈশিষ্ট্য অথবা প্ৰয়োজন থাকে, যি শিশুক বয়সস্থসকলতকৈ পৃথকভাৱে এক স্বকীয় ৰূপত গঢ় দি তোলে। এইসমূহ যাতে বাধাহীনভাৱে তাৰ স্বাভাৱিক ৰূপত শিশুৱে পূৰণ কৰি তুলিব পাৰে তাৰ প্ৰতি ইয়াত বিশেষ দৃষ্টি ৰখা হয়। শিশুৰ নিজ স্বভাৱৰ প্ৰতিকূল হৈ উঠা অথবা পূৰ্ব-নিৰ্ধাৰিত এক গতানুগতিক শিক্ষা ব্যৱস্থা শিশুৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া নীতিৰ ইয়াত বিৰোধিতা কৰা হয়। শিশু-প্ৰকৃতি আৰু প্ৰয়োজনহে ইয়াত প্ৰধান বিবেচ্য বিষয়।

(২) স্বাধীনতা নীতিঃ খেলাৰ এক অতি গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় চৰ্ত হৈছে স্বাধীনতা। এই স্বাধীনতা হৈছে প্ৰতিটো শিশুৰে জন্মগত অধিকাৰ, যাৰ কাৰ্যকৰীকৰণৰ যোগে তাৰ শিক্ষা বিকাশ স্বাভাৱিক ৰূপত সম্ভৱ হৈ উঠে। শিশুৱে খেলাৰ যোগেদিহে নিজকে স্বাধীন আৰু আত্মনিৰ্ভৰশীল স্বৰূপে অনুভৱ কৰি উঠিব পাৰে। শিশু-শিক্ষা সাৰ্থক কৰি তুলিবৰ বাবে সেয়েহে খেলা-প্ৰৱণ পদ্ধতিবোৰত স্বাধীনতা নীতি উদাৰভাৱে গ্ৰহণ কৰা হৈছে।

(৩) আনন্দ আৰু স্বতঃস্ফূৰ্ততা নীতিঃ শিক্ষা গ্ৰহণ কাৰ্য শিক্ষাৰ্থীৰ বাবে এক আনন্দদায়ক আৰু স্বতঃস্ফূৰ্ত ক্ৰিয়া স্বৰূপে বিবেচনা কৰা হয়। শিক্ষকৰ কঠোৰ অনুশাসন, শাস্তি প্ৰয়োগ আদিৰ যোগে ছাত্ৰক এনে কাৰ্যৰ বাবে বাধ্য কৰা পুৰণি নীতি ইয়াত পৰিহাৰ কৰা হয়। ইয়াৰ পৰিৱৰ্তে শিশু-শিক্ষাৰ সমগ্ৰ শিক্ষা আঁচনি শিশুকেন্দ্ৰিক কৰি তুলি শিশুৰ বাবে স্বতঃস্ফূৰ্ত আৰু আনন্দদায়ক কৰি তোলা হয়। খেলা-প্ৰৱণতাৰ মুক্ত পৰিৱেশেহে এনে আনন্দ শিশুক দিব পাৰে। শিক্ষকৰ গতানুগতিকভাৱে দমনমূলক ব্যৱস্থাই সি সম্ভৱ কৰি তুলিব নোৱাৰে।

(৪) আত্ম-ক্ৰিয়াৰ যোগে আত্ম-প্ৰকাশৰ নীতিঃ

গতানুগতিক শিক্ষা হৈছে ক্ৰিয়াবিমুখ আৰু সেইবাবে এনে শিক্ষাত শিশুৱে আত্মপ্ৰকাশৰ সুযোগ সুবিধা লাভ কৰিব নোৱাৰে। আনহাতে আত্মপ্ৰকাশ বা আত্ম-উন্মোচন লাভ কৰাটো শিশু শিক্ষাৰ এক গুৰুত্বপূৰ্ণ কথা আৰু ইয়াক সম্ভৱ কৰি তুলিব পাৰে কেৱল খেলাৰ পৰিৱেশেহে। উল্লেখযোগ্য যে শিক্ষাবিদসকলে শিক্ষাৰ সংজ্ঞা দি কয় যে ই হৈছে শিশুৰ অন্তৰ্নিহিত শক্তিৰ বহিঃপ্ৰকাশ কৰা কাৰ্য। প্ৰত্যেক শিশুৰে জন্মগত শক্তি, ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহ অন্তৰ্নিহিত হৈ থাকি সি প্ৰকাশ আৰু বিকাশৰ পথ বিচাৰে। খেলা-প্ৰৱণ পদ্ধতিয়ে শিশুৰ নিজস্ব ক্ৰিয়াৰ যোগে এই আত্মপ্ৰকাশৰ প্ৰশস্ত পথ প্ৰদান কৰে।

(৫) দায়িত্বশীলতাৰ নীতিঃ খেলা-ভিত্তিক পদ্ধতিয়ে শিশুক নিজ ক্ৰিয়া আৰু শিক্ষাৰ এক দায়িত্বশীল ব্যক্তি স্বৰূপে বিবেচনা কৰে। ইয়াৰ প্ৰস্তুত কাৰ্যসূচীয়ে শিশুক নিজ দায়িত্ব অনুভৱ কৰিবলৈ শিকায়। উল্লেখযোগ্য যে ইয়াত ছাত্ৰৰ ভূমিকা হৈছে মুখ্য আৰু শিক্ষকৰ ভূমিকা হৈছে গৌণ। ছাত্ৰই নিজ ক্ৰিয়া আৰু শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিব পাৰিলেহে তেনে মুখ্য ভূমিকা গ্ৰহণ কৰাটো সম্ভৱ হৈ উঠিব পাৰে। শিক্ষকৰ ওপৰত নিৰ্ভৰশীল নহৈ নিজ ক্ৰিয়াৰ দায়িত্ব গ্ৰহণ আৰু সমস্যা সমাধানৰ বাবে শিক্ষাত প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তুলিব লাগে। খেলা-প্ৰৱণ পদ্ধতিয়ে সেয়েহে শিশুক আত্মনিৰ্ভৰশীলতাৰ বাবে দায়িত্ববোধ ভাব গ্ৰহণৰ নীতি গ্ৰহণ কৰে।

খেলা-প্ৰৱণতাৰ বিভিন্ন পদ্ধতিসমূহঃ

 

পূৰ্বেই উল্লেখ কৰি অহা হৈছে যে খেলা-প্ৰৱণতা কোনো এক বিশেষ শিক্ষা পদ্ধতি নহয়, বৰং খেলাৰ শৈক্ষিক নীতিসমূহে সকলোবোৰ শিক্ষা পদ্ধতিকেই প্ৰভাৱিত কৰি তুলিছে। চমুকৈ কব পাৰি যে খেলা হৈছে শিশু শিক্ষাৰ এক সহজ আৰু শক্তিশালী মাধ্যম। এই মাধ্যম প্ৰয়োগৰ যোগে প্ৰস্তুত কৰি তোলা বিভিন্ন পদ্ধতিসমূহৰ এটি চমু বৰ্ণনা তলত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

(১) কিণ্ডাৰগাৰ্টেন পদ্ধতিঃ শিশুৰ বাবে খেলাৰ শৈক্ষিক প্ৰয়োজনীয়তা আৰু তাৰ দাৰ্শনিক তাৎপৰ্য ফ্ৰোৱেলেই পোন প্ৰথমে আঙুলিয়াই দিয়ে। কেৱল দাৰ্শনিক তাৎপৰ্যই নহয়, ইয়াৰ এক সুন্দৰ আৰু বিজ্ঞানভিত্তিক কাৰ্যকৰী ব্যৱস্থা তেওঁৰ কিণ্ডাৰগাৰ্টেন শিক্ষা পদ্ধতিত দাঙি ধৰে। কিণ্ডাৰগাৰ্টেন জাৰ্মান ভাষাৰ শব্দ যাৰ অৰ্থ হৈছে শিশুৰ উদ্যান। স্কুলৰ শিক্ষা পৰিৱেশ যেন এক সুন্দৰ প্ৰাকৃতিক উদ্যান। এই উদ্যানত থকা কণ কণ শিশুবোৰ যেন কিছুমান প্ৰস্ফূতিত হবলৈ ধৰা আলফুলীয়া গছ পুলি আৰু ইয়াৰ পৰিচালনাৰ দায়িত্বত থকা শিশুসকল যেন উদ্যানৰ প্ৰযত্নশীল মালী। গছপুলি এটাৰ প্ৰাকৃতিক বৰ্ধন আৰু শিশুৰ স্বতঃস্ফূৰ্ত বিকাশৰ মাজত এক মৌলিক সাদৃশ্য আছে। এই সাদৃশ্যৰ প্ৰতি লক্ষ্য ৰাখি কিণ্ডাৰগাৰ্টেনৰ শিক্ষা গঢ় দি তোলা হৈছে।

শিশুৱে ইয়াত খেলা-প্ৰৱণতাৰে শিক্ষা লাভ কৰিবৰ বাবে ফ্ৰোৱেলে কেতবোৰ আহিলা-পাতি প্ৰস্তুত কৰি তুলিছে, যাক উপহাৰ আৰু বৃত্তি বুলি জনা যায়। এই উপহাৰবোৰ হৈছে নানা ৰঙৰ উলৰ বল, বিভিন্ন আকাৰ-আকৃতিৰ ওজন আৰু কাঠৰ টুকুৰা। এইসমূহ শিশুৱে মুক্তভাৱে খেলাৰ সঁজুলি স্বৰূপে প্ৰয়োগ কৰে। খেলাৰ পৰিৱেশত নিজ ব্যৱহাৰৰ যোগেদি শিশুৱে বস্তুৰ ৰং, আকাৰ, ওজন, সংখ্যাজ্ঞান আৰু সেইবোৰৰ প্ৰয়োগ পদ্ধতি আদি জানি উঠিব পাৰে। ইয়াৰ উপৰি শিশুৰ খেলা মনোবৃত্তিৰ প্ৰতি লক্ষ্য ৰাখি নৃত্য-গীত, আবৃত্তি আৰু সামূহিক খেলা-ধূলা আদিৰ যোগেদি তাৰ মনত সামাজিক চেতনা আৰু অনুশাসনৰ ভাব জগাই তোলাৰ ব্যৱস্থা কৰা হৈছে। মন কৰিবলগীয়া যে ফ্ৰোৱেলেই সৰ্বপ্ৰথমে শিশুৰ বাবে খেলাৰ সামাজিক তাৎপৰ্য থকাৰ কথা আঙুলিয়াই দিয়ে।

খেলা-ভিত্তিক কিণ্ডাৰগাৰ্টেন পদ্ধতিৰ বিস্তৃত আলোচনালৈ নগৈ ইয়াৰ প্ৰধান শৈক্ষিক বিশেষত্বসমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

(১) খেলাৰ এক স্বাভাৱিক, মুক্ত আৰু প্ৰাকৃতিক পৰিৱেশ ৰচনা কৰি শিশুৰ স্বভাৱ-সুলভ, স্বতঃস্ফূৰ্ত আত্মপ্ৰকাশ আৰু বিকাশৰ ব্যৱস্থা কৰা হৈছে।

(২) শিশুৱে খেলা পৰিৱেশত আত্মপ্ৰকাশৰ বাবে তিনিবিধ মাধ্যম বাচি লোৱা হৈছে, সেইকেইটা হৈছে- গীত, অংগ সঞ্চালন আৰু সৃজনীমূলক ক্ৰিয়া।

(৩) শিক্ষাৰ বাবে কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম গ্ৰহণৰ পৰিৱৰ্তে খেলাই একমাত্ৰ বিষয় স্বৰূপে গ্ৰহণ কৰা হৈছে, যাৰ যোগেদি শিশুৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক দিশৰ শিক্ষা বিকাশ হব পাৰে।

(৪) শিক্ষকে নিজ উদ্যানৰ যত্নবান মালী স্বৰূপে শিশুৰ কাৰ্যকলাপ নিজে নিৰীক্ষণ কৰিব লাগে আৰু শিশুকো তেনেদৰে আত্ম-নিৰীক্ষণ কৰিবলৈ শিকাব লাগে।

(৫) ইয়াত শিশুৰ আত্ম-অনুশাসনৰ নীতি গ্ৰহণ কৰা হয়, যত শিশুৰ সুস্থ মানসিক আৰু আভ্যন্তৰীণ অনুশাসনে বাহ্যিক ক্ৰিয়া-আচৰণৰ শৃংখলতা আৰু অনুশাসন আনি দিব পাৰে।

(৬) শিশুৰ বাবে খেলাৰ আহিলা স্বৰূপে প্ৰস্তুত কৰা উপহাৰ আৰু বৃত্তিসমূহে তাৰ ক্ৰিয়াত্মক আৰু সৃজনীমূলক ক্ষমতাৰ বিকাশ কৰিব পাৰে।

(২) মণ্টেচৰী পদ্ধতিঃ ফ্ৰোৱেলৰ অনুৰূপ ব্যৱস্থা মেৰিয়া মণ্টেচৰীৰ শিক্ষা পদ্ধতিত পোৱা যায়। ইয়াত শিশুৰ খেলা-প্ৰৱণতাক এক উদ্দেশ্যপ্ৰণোদিত আৰু বিজ্ঞানসন্মতভাৱে প্ৰয়োগ কৰা হৈছে। মণ্টেচৰীয়েও কেতবোৰ খেলা-ধূলাৰ আহিলা-পাতি প্ৰস্তুত কৰি তুলিছে আৰু এইসমূহক আত্ম-নিৰ্দেশনামূলক সঁজুলি স্বৰূপে নামকৰণ কৰিছে। এই সঁজুলিবোৰে খেলাৰ চলেৰে শিশুৰ জ্ঞানেন্দ্ৰিয়বোৰৰ শিক্ষা অনুশীলনৰ কাম কৰিব পাৰে। শিশুৱে এই সঁজুলিবোৰ নিজ হাতে প্ৰয়োগ কৰি তাৰ শুদ্ধ প্ৰয়োগ পদ্ধতি জানি উঠিব পাৰে, নিজৰ ভুল নিজে জানি উঠিব পাৰে আৰু তাৰ যোগেদি বাস্তৱৰ শুদ্ধ জ্ঞান-অভিজ্ঞতা ব্যৱহাৰিকভাৱে লাভ কৰি উঠিব পাৰে। এনে কাৰ্যত শিশুক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে আৰু শিক্ষকৰ প্ৰভাৱ, তেওঁৰ শিক্ষা-নিৰ্দেশনা আৰু বাধা-নিষেধ আদি ন্যূনতম পৰ্যায়লৈ নিয়া হৈছে। মণ্টেচৰী স্কুলৰ সমগ্ৰ শিক্ষা পৰিৱেশকেই শিশুৰ বাবে অতি পৰিচিত আৰু স্বাভাৱিক কৰি তোলা হৈছে। ঘৰুৱা পৰিৱেশৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাসমূহকেই ইয়াত শিশু শিক্ষাৰ কাৰ্যসূচী স্বৰূপে অন্তৰ্ভুক্ত কৰা হৈছে। সেইবাবে ইয়াক শিশু-গৃহ স্বৰূপেও জনা যায়। এনে ব্যৱস্থাৰে শিশুৰ নিজ নিজ ক্ৰিয়াৰ আনন্দ আৰু স্বতঃস্ফূৰ্ততা লাভ কৰিব পৰা যায়। নিয়মিত শৃংখলা মানি চলি মুক্তভাৱে আৰু খেলাৰ মনোভাৱেৰে সকলো ক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰাকৈ শিশুক ইয়াত ব্যক্তি-স্বাধীনতা আৰু দায়িত্ববোধ জগাই তুলিবলৈও চেষ্টা কৰা হৈছে।

মণ্টেচৰী পদ্ধতিৰ খেলা-ভিত্তিক শিশু-শিক্ষাৰ নীতি আৰু পদ্ধতিসমূহ নিম্নলিখিতভাৱে সংক্ষেপে উল্লেখ কৰা হৈছে।

(১) মণ্টেচৰী শিক্ষা পদ্ধতিৰ যোগে শিশু-শিক্ষা ব্যক্তিকেন্দ্ৰিক আৰু স্বতঃপ্ৰণোদিত বিধৰ কৰি তোলা হৈছে।

(২) শিক্ষকৰ মৌখিক শিক্ষাদানৰ পৰিৱৰ্তে শিক্ষা সঁজুলিবোৰ প্ৰয়োগৰ যোগেদি শিশুৰ আত্ম-ক্ৰিয়া আৰু আত্ম-শিক্ষাৰ নীতি ইয়াত গ্ৰহণ কৰা হৈছে।

(৩) শিশুৱে দৈনন্দিন জীৱনৰ ব্যৱহাৰিক ক্ৰিয়া-কলাপসমূহ শুদ্ধ আৰু সঠিকভাৱে কৰিবলৈ শিকি উঠি অভ্যাস গঠন কৰিব লাগে।

(৪) শিশুৰ আত্ম-নিৰ্দেশনামূলক খেলা-ধূলাৰ সঁজুলিসমূহ তাৰ মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যায়ক্ৰমভাৱে প্ৰস্তুত কৰি তোলা হৈছে।

(৫) শিক্ষকৰ প্ৰত্যক্ষ শিক্ষাদান ব্যৱস্থা পৰিহাৰ কৰি শিশুৰ নিৰ্দেশনা বা সঞ্চালিকা স্বৰূপেহে তেওঁৰ ভূমিকা স্থিৰ কৰি তোলা হৈছে।

(৬) শিশুৱে স্বতঃস্ফূৰ্তভাৱে নিজ ক্ৰিয়া অংশগ্ৰহণৰ বাবে বাহ্যিক হস্তক্ষেপ বা বাধা-নিষেধ তুলি দি তাক শৈক্ষিক স্বাধীনতা প্ৰদান কৰা হৈছে।

(৭) ইন্দ্ৰিয় অনুশীলনৰ অন্তত শিশুক আখৰ আৰু সংখ্যাজ্ঞান ব্যৱহাৰিকভাৱে দিবৰ বাবে শিক্ষা-সঁজুলিবোৰৰ প্ৰয়োগ কৰা হয়।

(৮) এই শিক্ষা পদ্ধতিয়ে শিক্ষা খেলা-ভিত্তিক কৰি তুলি প্ৰচলিত শ্ৰেণী-কক্ষ শিক্ষাৰ অৱসান ঘটাইছে।

(৩) প্ৰকল্প পদ্ধতিঃ শিক্ষা দাৰ্শনিক জন্ ডিউইৰ প্ৰয়োগবাদ দৰ্শনৰ ওপৰত ভিত্তি কৰি তেওঁৰ শিষ্য কিল্ পেট্ৰিকে শিশুৰ শিক্ষা-অভিজ্ঞতা অৰ্থপূৰ্ণ আৰু প্ৰয়োজনভিত্তিক কৰি তুলিবৰ বাবে প্ৰয়োজনা বা প্ৰকল্প পদ্ধতি উদ্ভাৱন কৰে। ইয়াত শিশুৱে ক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ বাবে বাস্তৱ প্ৰয়োজনৰ উপলব্ধি, ক্ৰিয়াৰ স্বতঃস্ফূৰ্ত সহযোগিতা, আগ্ৰহ, অভিৰুচি, স্বাধীনতা আৰু নিজ দায়িত্ববোধ ভাব জগাই তোলাৰ ওপৰত গুৰুত্ব দিয়া হয়। শ্ৰেণীৰ উদ্দেশ্যবিহীন আৰু গতানুগতিক অনুশাসন ব্যৱস্থা পৰিহাৰ কৰি শিক্ষাক ছাত্ৰ-ছাত্ৰীৰ বাবে মনঃপুত কৰি তোলা হয়। সকলো ছাত্ৰ-ছাত্ৰীয়েই প্ৰকল্পত সহযোগিতা আৰু ক্ৰিয়া জড়িত হৈ উঠাৰ প্ৰতি লক্ষ্য ৰখা হয়। ইয়াত ছাত্ৰই নিজৰ একো একোটা শিক্ষণীয় বিষয় বা সমস্যা নিজে নিৰ্বাচন কৰে। তাৰ ক্ৰিয়া আঁচনি নিজে প্ৰস্তুত কৰে আৰু দলগতভাৱে সহযোগিতাৰ মনোভাৱত আঁচনি সম্পাদন কৰে। এনে ক্ৰিয়া সম্পাদনৰ অন্তত নিজ ক্ৰিয়াৰ গুণাগুণ ছাত্ৰসকলে নিজেই বিচাৰ-বিবেচনা আৰু মূল্যায়ন কৰে। প্ৰস্তুত প্ৰকল্পৰ প্ৰতিটো পৰ্যায়ৰ ক্ৰিয়া অগ্ৰগতি ছাত্ৰসকলে লিপিবদ্ধকৰণৰো ব্যৱস্থা আছে। শিক্ষকে ইয়াত প্ৰত্যক্ষভাৱে কোনো কাম নকৰে যদিও ছাত্ৰৰ প্ৰতিটো পৰ্যায়ৰ সমস্যাৰ সমাধান আৰু প্ৰকল্পটোৰ ক্ৰিয়া অগ্ৰগতি শুদ্ধ আৰু সঠিক হোৱাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। তেওঁ ছাত্ৰসকলৰ বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক স্বৰূপে নেপথ্যৰ ভূমিকা গ্ৰহণ কৰে। প্ৰকল্প পদ্ধতিৰ এই সামূহিক ধাৰণা আৰু ইয়াৰ শৈক্ষিক ক্ৰিয়া আঁচনি শিশুৰ খেলা-প্ৰৱণ পদ্ধতিৰ নীতি আৰু আদৰ্শৰ দ্বাৰা মূলতেই প্ৰভাৱিত হৈছে। প্ৰকল্প পদ্ধতিৰ বিস্তৃত আলোচনা পূৰ্বৰ অধ্যায়ত কৰি অহা হৈছে।

(৪) ডল্টন আঁচনিঃ মিচ্ হেলেন পাৰ্কাৰ্ষ্টৰ ডল্টন আঁচনিও খেলা-প্ৰৱণ পদ্ধতিৰ নীতি আৰু পদ্ধতিৰ দ্বাৰা মৌলিকভাৱে অনুপ্ৰাণিত হৈছে। এই পদ্ধতিত প্ৰচলিত শ্ৰেণীকক্ষৰ শিক্ষা ব্যৱস্থা পৰিহাৰ কৰি প্ৰয়োগশালাৰ পৰিৱেশত কাৰ্যকৰীভাৱে বিষয় শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। গতানুগতিক শিক্ষাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ স্বাধীনতা, নিজ নিজ ক্ষমতা আৰু যোগ্যতা, ক্ৰিয়াৰ দায়িত্ববোধ ভাব আদি জগাই তোলাৰ প্ৰতি বিশেষ দৃষ্টি ৰখা হৈছে। মণ্টেচৰী শিক্ষা আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ ছাত্ৰৰ শিক্ষা ইয়াত ব্যক্তিকেন্দ্ৰিক কৰি তোলা হৈছে। প্ৰতিটো বিষয় অধ্যয়নৰ বাবে পৰীক্ষাগাৰৰ শিক্ষা পৰিৱেশ ইয়াত গঢ় দি তোলা হৈছে। ছাত্ৰই নিজ স্বাধীনতা আৰু দায়িত্ববোধ গ্ৰহণৰ বাবে ক্ৰিয়াৰ চুক্তি সম্পাদন কৰিব লাগে। নিজ চুক্তি কাৰ্যকৰীকৰণৰ বাবে শৈক্ষিক বছৰৰ সময়খিনি ক্ৰিয়া-একক স্বৰূপে বিভক্ত কৰি লব লাগে। সেই অনুক্ৰমে ছাত্ৰই নিজ ক্ৰিয়া সম্পাদন কৰি ক্ৰিয়া অগ্ৰগতিৰ ৰেখাচিত্ৰ প্ৰস্তুত কৰিব লাগে। আন আন ছাত্ৰৰ লগত নিজ অভিজ্ঞতাৰ আদান-প্ৰদান আৰু সমস্যা সমাধানৰ উপায় উদ্ভাৱন কৰিবৰ বাবে ছাত্ৰসকলৰ সমাৱেশ আৰু সন্মিলনৰো ব্যৱস্থা কৰা হয়। শিক্ষকেও ছাত্ৰৰ প্ৰয়োজন মতে তেওঁলোকৰ ব্যক্তিগত সমস্যা সমাধানত বন্ধু আৰু পথ প্ৰদৰ্শকৰ ভূমিকাৰে সহায় আগবঢ়াব লাগে। শিক্ষকৰ ভূমিকা হৈছে পৰোক্ষ আৰু প্ৰয়োজনভিত্তিক। শিক্ষাৰ এই ডল্টন আঁচনি খেলা-ভিত্তিক শিক্ষা ব্যৱস্থাৰে এক বাস্তৱ আৰু কাৰ্যকৰী আঁচনি বুলিব পাৰি।

(৫) হিউৰিষ্টিক পদ্ধতিঃ ‘হিউৰিষ্টিক’ (Heuristic) শব্দ গ্ৰীক ভাষাৰ ‘হিউৰেচকো’ (Heurisco) শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে ‘I find out’ অৰ্থাৎ মই উদ্ভাৱন কৰো। আৰ্মষ্ট্ৰঙ (Armstrong) নামৰ এজন শিক্ষকে বিজ্ঞান বিষয়ৰ শিক্ষাৰ বাবে প্ৰথমে এই পদ্ধতি উদ্ভাৱন কৰে। লক্ষ্য কৰা হয় যে শিক্ষকে কেতবোৰ পুথিগত জ্ঞান আৰু তথ্য গতানুগতিকভাৱে ছাত্ৰক প্ৰদান কৰাৰ পৰিৱৰ্তে সেইসমূহ তেওঁলোকে নিজ চেষ্টা আৰু ক্ৰিয়া-অভিজ্ঞতাৰে লাভ কৰিলে অধিকভাৱে উপকৃত হব পাৰে। শিক্ষক বা শিক্ষানুষ্ঠানৰ পূৰ্ব প্ৰস্তুত জ্ঞানতকৈ ছাত্ৰই সেই জ্ঞান নিজ চেষ্টা আৰু ক্ৰিয়াৰ যোগে উদ্ভাৱন কৰি লব লাগে। হিউৰিষ্টিক পদ্ধতিৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ মনত নতুন জ্ঞান আহৰণৰ বাবে এক বৈজ্ঞানিক মনোভাৱ আৰু দৃষ্টিভংগী গঢ় দি তোলা। নিজ জ্ঞান অন্বেষণ আৰু অনুসন্ধানৰ উদ্যমে অভিজ্ঞতাৰ নতুন সত্য অনুভৱ কৰি উঠাত সহায় কৰিব পাৰে। ই জ্ঞান আহৰণৰ এক নতুন স্পৃহা মনত জগাই তুলিব পাৰে। ফলত পূৰ্বপ্ৰস্তুত জ্ঞানৰ তথ্যপাতি নিৰ্বিবাদে গ্ৰহণ কৰি লবলৈ নিবিচাৰে। ব্যক্তিগত অভিজ্ঞতা আৰু যুক্তি-বিচাৰ-বিবেচনা প্ৰয়োগ কৰি নতুন সত্য উদ্ঘাটনৰ প্ৰতি সচেষ্ট হৈ উঠে। ছাত্ৰৰ মনত নতুন জিজ্ঞাসা আৰু নতুন চিন্তা-ভাব ই আনি দিব পাৰে। এনে শিক্ষা ব্যৱস্থাত তেওঁলোকে চিন্তা আৰু ক্ৰিয়াৰ স্বাধীনতা লাভ কৰিব পাৰে আৰু পুৰণি অভিজ্ঞতাৰ সংস্কাৰ মুক্ত হৈ উঠিব পাৰে। শিক্ষাৰ এই পদ্ধতি সেয়েহে খেলাৰ মৌলিক ধাৰণা আৰু নীতিৰ দ্বাৰা প্ৰভাৱিত। স্বাধীনতা, স্বতঃস্ফূৰ্ত আনন্দ আৰু নিজ ক্ৰিয়া বিশিষ্টতা হৈছে ইয়াৰ শৈক্ষিক তাৎপৰ্য।

(৬) স্কাউট আৰু গাইড আন্দোলনঃ চাৰ বেডেন পাৱেলে উদ্ভাৱন কৰা এই আন্দোলনে বৰ্তমান সমগ্ৰ পৃথিৱীতে জনপ্ৰিয়তা লাভ কৰি উঠিছে। স্কাউট আৰু গাইড শিক্ষাৰ ব্যৱস্থা লৰা-ছোৱালীৰ স্বাভাৱিক খেলা মনোবৃত্তিৰ এক গঠনাত্মক ব্যৱস্থা বুলিব পাৰি। ইয়াৰ অন্তৰ্ভুক্ত কাৰ্যসূচীসমূহ হৈছে পাহাৰ বগোৱা, নৈ পাৰ হোৱা, অৰণ্যৰ মাজত পথৰ দিশ নিৰ্ণয় কৰা, কেম্পৰ জীৱন যাপন কৰি সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা আদি। এই বিভিন্ন কাৰ্যসূচীৰ যোগেদি লৰালি কাল আৰু কৈশোৰ কালৰ বিকাশৰ ক্ষেত্ৰত দেখা দিয়া ভিন ভিন দেহ-মানসিক প্ৰৱণতাসমূহ ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ গ্ৰহণযোগ্যভাৱে পূৰণ কৰি উঠিব পাৰে। সমাজৰ সেৱা কৰা, নিজ স্বাৰ্থ পৰিহাৰ কৰা, অসহায় লোকক সহায় কৰা, নিয়ম-শৃংখলা মানি চলা, নায়কৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা, উপস্থিত বুদ্ধি প্ৰয়োগেৰে সমস্যাৰ সন্মুখীন হোৱা আদি কেতবোৰ অতি প্ৰয়োজনীয় গুণ ছাত্ৰ-ছাত্ৰীয়ে খেলাৰ মনোভাবেৰে ইয়াত আয়ত্ত কৰি উঠিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মনত স্বাভাৱিকতেই মুক্ত স্বাধীনতা, কৰ্ম-প্ৰৱণতা, দলগত মনোভাব আৰু আচৰণ তথা সাহসিক কাৰ্যৰ এক ৰোমাঞ্চ এই সময়ত জাগি উঠে। স্কাউটৰ বিভিন্ন কাৰ্যসূচীত ছাত্ৰৰ এনে স্বাভাৱিক প্ৰৱণতাসমূহ পূৰণৰ উপযুক্ত শিক্ষা ব্যৱস্থা কৰি তোলা হৈছে। ছাত্ৰ-ছাত্ৰীৰ শিক্ষা অভিজ্ঞতাৰ স্থল কেৱল শ্ৰেণীকক্ষৰ মাজতেই আৱদ্ধ নাৰাখি বাহিৰৰ প্ৰকৃতি ৰাজ্যৰ মু্ক্ত পৰিৱেশলৈ লৈ যোৱা হৈছে। স্কাউট আৰু গাইডসকলে পৰিধান কৰা পোচাক-পৰিচ্ছদ আৰু তেওঁলোকে ব্যৱহাৰ কৰা সা-সঁজুলি আদিয়ে তেওঁলোকক স্বাভাৱিকতেই সতেজ, পৰিপাটী আৰু উৎসাহী কৰি তোলে। ছাত্ৰৰ মনত সমাজৰ লোকৰ প্ৰতি ই এক সেৱাৰ মনোভাব জগাই তুলিব পাৰে। গুৰুত্বপূৰ্ণ সমস্যাসমূহ সহজে আৰু সাহসেৰে সমাধানৰ বাবে ই ছাত্ৰৰ মনত আত্মবিশ্বাসৰ ভাব জগাই তোলে। জীৱনৰ সমস্যাসমূহত বিচলিত নহৈ এক খেলাৰ মনোভাবেৰে তাৰ স্বাভাৱিক সমাধান কৰিবলৈ ছাত্ৰৰ মনত আত্মবিশ্বাস আৰু আত্ম-প্ৰস্তুতিৰ ভাব জগাই তোলাত এই আন্দোলনৰ সফলতা অনস্বীকাৰ্য।

(৭) ক্ষুদ্ৰ কমনৱেলথঃ শিক্ষাবিদ হোমাৰ লেনৰ দ্বাৰা প্ৰস্তুত কৰা শিশুসকলৰ বাবে ই এক বিশেষ স্কুল। এইবিধ স্কুলত মানসিকভাৱে ৰোগগ্ৰস্ত আৰু অপৰাধপ্ৰৱণ ল’ৰা-ছোৱালীক স্বাভাৱিক পৰিৱেশ প্ৰদান কৰি সুস্থ, স্বাভাৱিক আৰু সুনাগৰিক কৰি তোলাৰ চেষ্টা কৰা হয়। ক্ষুদ্ৰ কমনৱেলথত শিশুৱে শিক্ষক বা কৰ্তৃপক্ষৰ কোনো ধৰণৰ আৰোপিত বাধা-নিষেধৰ পৰা সম্পূৰ্ণ মুক্ত। ইয়াত তেওঁলোকে নিজস্ব নীতি-নিয়ম, স্বাধীনতা আৰু আত্ম-অনুশাসনৰ দ্বাৰা পৰিচালিত হয়। এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ পৰিচালনাৰ দায়িত্ব আৰু কৰ্তৃত্বৰে শিশু ইয়াত আত্ম-নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়। অসামাজিক আৰু অপৰাধপ্ৰৱণ আচৰণ সংশোধন কৰিবৰ বাবে স্বাধীন, স্বতঃস্ফূৰ্ত আৰু খেলাৰ মনোভাবেৰে শিশুৰ মন অৱদমন মুক্ত কৰি তোলাৰ ইয়াত চেষ্টা কৰা হয়। নিজ ক্ৰিয়াৰ স্বাধীনতা, দায়িত্ব আৰু কৰ্তৃত্ববোধ ভাবে ইয়াত শিশুক সুনাগৰিক স্বৰূপে গঢ় দি তুলিব পাৰে।

এই পদ্ধতিৰ সবলতা আৰু দুৰ্বলতাঃ

 

খেলা-প্ৰৱণ পদ্ধতিয়ে বৰ্তমানৰ শিক্ষা সাধাৰণভাৱে প্ৰভাৱিত আৰু পৰিচালিত কৰি তুলিছে। অৱশ্যে ইয়াৰ কেতবোৰ সবল শক্তিশালী দিশ আৰু সম্ভাৱ্য কেতবোৰ দুৰ্বলতা অথবা সীমাবদ্ধতাৰ প্ৰতি সজাগ দৃষ্টি ৰখাটো আমাৰ প্ৰয়োজন। সবল আৰু শক্তিশালী দিশসমূহ যথোচিতভাৱে শিক্ষাত কাৰ্যকৰীকৰণ কৰি ইয়াৰ দুৰ্বলতাসমূহ শিক্ষকে এৰাই চলিব পৰাতেই এই শিক্ষা পদ্ধতিৰ সাৰ্থকতা ঘাইকৈ নিৰ্ভৰ কৰে। এই প্ৰসংগত ইয়াৰ নিম্নলিখিত দিশসমূহ আমি বিবেচনা কৰি চোৱা উচিত।

সবলতাঃ

(১) গতানুগতিক শিক্ষাৰ যন্ত্ৰচালিত বিধৰ শ্ৰেণী-শিক্ষা ব্যৱস্থা আঁতৰাই খেলা-প্ৰৱণ পদ্ধতিয়ে শিশু-শিক্ষাৰ প্ৰয়োজনীয় পৰিৱেশ ৰচনা কৰি তুলিব পাৰে। ইয়াৰ ফলত শিক্ষাৰ কৃত্ৰিমতা গুচাই শিক্ষাৰ্থীৰ বাবে স্বাভাৱিক কৰি তুলিব পাৰি।

(২) শিক্ষাৰ জড়তা গুচাই ই শিশুৰ শিক্ষা গ্ৰহণ কাৰ্য সক্ৰিয়, প্ৰাঞ্জল আৰু ৰুচিসম্পন্ন কৰি তুলিব পাৰে। ইয়াৰ ফলত শিশুৰ আত্ম-শিক্ষা গ্ৰহণৰ বাবে প্ৰয়োজন হোৱা শিক্ষকৰ প্ৰণোদন বা অভিৰোচন কাৰ্য সহজ হৈ উঠে।

(৩) ছাত্ৰ-ছাত্ৰীক শিক্ষাগ্ৰহণ কালত সামূহিক ক্ৰিয়া অংশগ্ৰহণৰ সুবিধা দিয়াৰ লগতে খেলা পদ্ধতিবোৰে শিশুৰ ব্যক্তিগত ক্ৰিয়া প্ৰচেষ্টাৰো সুবিধা দিব পাৰে। শিক্ষাৰ ব্যক্তিমুখী আৰু সমাজমুখী এই দুয়োবিধ প্ৰয়োজনেই ই পূৰণ কৰি তুলিব পাৰে।

(৪) শিশুৰ মৌলিক চিন্তা, বিবেচনা, উদ্ভাৱন ক্ষমতা আৰু সমস্যা সমাধান ক্ষমতা আদি নিজস্বভাৱে প্ৰয়োগৰ প্ৰয়োজনীয় পৰিৱেশো খেলা পদ্ধতিবোৰে প্ৰদান কৰিব পাৰে। ইয়াৰ ফলত শিশুৰ মনত শিক্ষা গ্ৰহণৰ বাবে সাহস আৰু আত্মবিশ্বাসৰ ভাব জাগি উঠে।

(৫) খেলা-প্ৰৱণ পদ্ধতিবোৰে শিশুৰ প্ৰবৃত্তিমূলক প্ৰয়োজনবোৰ সুস্থ আৰু গঠনাত্মকভাৱে পূৰণ কৰি তুলিব পাৰে। কৌতূহল প্ৰবৃত্তি, যুথ প্ৰবৃত্তি, সংগঠন প্ৰবৃত্তি, হাস্য প্ৰবৃত্তি আদি খেলাই উন্নীতকৰণ কৰি তুলিব পাৰে।

(৬) শিশু বিকাশৰ কেতবোৰ অতি প্ৰয়োজনীয় চৰ্ত যেনে- আনন্দ, স্বাধীনতা, স্বতঃস্ফূৰ্ততা আদি স্বাভাৱিক পথেদি পূৰণৰ প্ৰয়োজনীয় পৰিৱেশ খেলাৰ যোগেদিহে পাব পৰা যায়। খেলাৰ অবিহনে এই চৰ্তসমূহ স্বাভাৱিকভাৱে পূৰণৰ বিকল্প পথ আমাৰ নাই।

দুৰ্বলতাঃ

(১) খেলাৰ সূক্ষ্ম মনোবৈজ্ঞানিক দৃষ্টিকোণৰ প্ৰতি সচেতন নোহোৱাকৈ ইয়াক জধে-মধে কৰা প্ৰয়োগে শিক্ষাৰ ক্ষতিসাধন কৰি তুলিবহে পাৰে। এইক্ষেত্ৰত শিক্ষকৰ মনোবৈজ্ঞানিক সচেতনতাৰ অভাৱে শিক্ষাত বিশৃংখলতাৰ সৃষ্টি কৰি তুলিব পাৰে।

(২) অনভিজ্ঞ আৰু প্ৰশিক্ষণ নোপোৱা শিক্ষকে খেলাৰ গঠনাত্মক প্ৰয়োগৰ আশা কৰিব নোৱাৰি। এনে শিক্ষকৰ হাতত খেলা শিক্ষাদানৰ মাধ্যম স্বৰূপে প্ৰয়োগ হৈ উঠাৰ পৰিৱৰ্তে বিষয় বস্তুতহে পৰিণত হৈ উঠিবগৈ পাৰে।

(৩) খেলাভিত্তিক শিক্ষা পদ্ধতি যথেষ্ট ব্যয়বহুল আৰু শিক্ষকৰ বাবেও কষ্টসাধ্য হৈ উঠা বাবে ইয়াক সহজে কাৰ্যকৰী কৰি তোলাৰো অসুবিধা। খেলাৰ বিভিন্ন আহিলা-পাতি, খেলাৰ আদৰ্শ শিক্ষা পৰিৱেশ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ হোৱা স্কুলত ইয়াৰ প্ৰয়োগৰ সম্ভাৱনীয়তা যথেষ্ট সীমাবদ্ধ।

(৪) এই পদ্ধতি শিক্ষকে উপযুক্তভাৱে পৰিকল্পনা কৰি লব নোৱাৰিলে ই শিশুৰ মনত জ্ঞান আহৰণৰ প্ৰয়োজনীয় গাম্ভীৰ্য আৰু সচেতনতা ভাব আনি দিব নোৱাৰে। অপৰিকল্পিত আৰু অনিয়ন্ত্ৰিত খেলাৰ পৰিৱেশত শিশুৰ প্ৰবৃত্তিমূলক প্ৰৱণতাইহে প্ৰাধান্য লাভ কৰি উঠিব পাৰে।

(৫) শিক্ষাৰ সকলোবোৰ বিষয় সকলো পৰ্যায়ৰ ল’ৰা-ছোৱালীৰ বাবে খেলা-প্ৰৱণ পদ্ধতিৰে শিকোৱাটো অসুবিধা। বিশেষকৈ শিক্ষাৰ উচ্চ পৰ্যায়ত চিন্তামূলক বিষয়সমূহ খেলাৰ যোগেদি শিকোৱাটো সকলো সময়তে সম্ভৱপৰ আৰু স্বাভাৱিক হৈ নুঠে।

(৬) খেলাৰ অপৰিকল্পিত ব্যৱস্থা আৰু অনিয়ন্ত্ৰিত পৰিৱেশে শিক্ষা ক্ষেত্ৰত শিক্ষকৰ বাবে অনুশাসনৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে। কাৰণ খেলাৰ মুক্ত পৰিৱেশত কণ কণ শিশুৰ মনত আত্ম-অনুশাসন আৰু আত্ম-নিয়ন্ত্ৰণৰ ভাব জগাই তোলাটো এক কঠিন কাম।

খেল প্ৰৱণতাক শিশু-শিক্ষাৰ নৰম নীতি বুলিব পাৰিনে ?

উদ্দেশ্যবিহীন আৰু অপৰিকল্পিতভাৱে কৰা খেলাৰ প্ৰয়োগে শিক্ষাত ক্ষতিসাধন কৰি তুলিব পাৰে। সেইবাবে খেলা-প্ৰৱণ পদ্ধতি বৰ্তমান শিক্ষক-অভিভাৱকসকলৰ সমালোচনাৰ সন্মুখীন নোহোৱাকৈও থকা নাই। এইক্ষেত্ৰত কোনো কোনোৱে খেলাক শিক্ষাৰ এক নৰম, সস্তীয়া বা পনীয়া নীতি স্বৰূপেও বৰ্ণনা কৰা দেখা যায়। এই প্ৰসংগত উল্লেখযোগ্য যে খেলাৰ সবলতা আৰু দুৰ্বলতা এই দুয়োটা দিশেই আছে। খেলাক উদ্দেশ্যবিহীনভাৱে জধে-মধে প্ৰয়োগ কৰিলে, অথবা সকলো সময়তে শিশুক খেলাৰ বাবে এৰি দি শিক্ষকে গা এৰা দিয়া মনোভাৱ গ্ৰহণ কৰিলে ই নিশ্চয় শিক্ষাৰ অনিষ্ট সাধন কৰাটোৱেই স্বাভাৱিক। ইংৰাজীত সেয়েহে কোৱা হয়- All play and no work makes Jack a dull boy. অৰ্থাৎ লৰাক কেৱল খেলিবলৈ এৰি দি কোনো কাম কৰিবলৈ নিদিলে সি তাক মূৰ্খ কৰিহে তুলিব। শিক্ষা গ্ৰহণৰ বাবে প্ৰয়োজন হোৱা মানসিক সচেতনতা সক্ৰিয়তা আৰু চিন্তাৰ গাম্ভীৰ্য এনে এটা অৱস্থাই আনি দিব নোৱাৰে। এই কথাও মন কৰিবলগীয়া যে খেলাৰ শৈক্ষিক তাৎপৰ্যতা আৰু প্ৰায়োগিকতা বুজি নোপোৱা অনভিজ্ঞ শিক্ষকৰ হাতত তেনে এটা অৱস্থা হোৱাটোৱেই স্বাভাৱিক। এই দৃষ্টিকোণৰ পৰা সেয়েহে খেলাভিত্তিক পদ্ধতিক এক সস্তীয়া আৰু নৰম শিক্ষা নীতি বুলি সমালোচনা কৰাৰ যুক্তি নিশ্চয় আছে।

অৱশ্যে খেলাৰ আন এটা জিশো আছে যি আমাৰ বাবে বিশেষ বিবেচনাযোগ্য। আমি পাহৰি যোৱা অন অনুচিত যে খেলা হৈছে শিশু শিক্ষাৰ এক শক্তিশালী মাধ্যম বা প্ৰধান অৱলম্বন স্বৰূপেহে, ই শিক্ষাৰ লক্ষ্য-উদ্দেশ্য স্বৰূপ নহয়। শিশুৰ শিক্ষা আৰু স্বতঃস্ফূৰ্ত বিকাশহে আমাৰ মূল লক্ষ্য। এই কথা শিক্ষকসকলে গভাৰভাৱে অনুভৱ কৰি উঠা আৰু তাক পৰিকল্পিতভাৱে কাৰ্যকৰী কৰি তোলাৰ ওপৰতহে খেলাৰ সাৰ্থকতা নিৰ্ভৰ কৰে। সেয়েহে খেলাভিত্তিক পদ্ধতিৰ শিক্ষাত সাৰ্থক ৰূপায়ণৰ বাবে শিক্ষকসকল প্ৰশিক্ষণ প্ৰাপ্ত হোৱাটো অতি   প্ৰয়োজন। শিশু-শিক্ষাৰ বিজ্ঞানসন্মতভাৱে প্ৰশিক্ষণ পোৱা এজন শিক্ষকেহে শিক্ষাত খেলাৰ প্ৰাসংগিকতা ভালদৰে বুজি উঠিব পাৰে। তেনে শিক্ষাকহে খেলাৰ আহিলা-পাতি সুপৰিকল্পিত আৰু প্ৰণালীবদ্ধভাৱে প্ৰয়োগ কৰি শিশুৰ শিক্ষণ পৰিস্থিতি নিয়ন্ত্ৰিত আৰু সুপৰিচালিত কৰি তুলিব পাৰে। খেলা-প্ৰৱণ পদ্ধতিৰ সফল ৰূপায়ণৰ সেয়েহে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ সুবিবেচিত আৰু সুপৰিকল্পিত শিক্ষাদান কাৰ্যইহে সম্ভৱ কৰি তুলিব পাৰে। সেয়ে হৈ নুঠিলে খেলাক শিক্ষাৰ এবিধ নৰম নীতিত পৰিণত কৰি তোলাটো কোনো অস্বাভাৱিক কথা নহয়।

(উৎসঃ আধুনিক শিক্ষাত নতুন চিন্তাধাৰা, যতীন বৰুৱা)

3.06451612903
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top