অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষাত শ্ৰৱণ-দৰ্শন সঁজুলিঃ

শিক্ষাত শ্ৰৱণ-দৰ্শন সঁজুলি ৰ বিষয়ে আলোচনা কৰা হৈছে

 

 

শ্ৰৱণ-দৰ্শন সঁজুলিৰ অৰ্থঃ

 

জ্ঞানেন্দ্ৰিয়সমূহেই হৈছে আমাৰ বহিঃজগতৰ জ্ঞান-অভিজ্ঞতাসমূহ আহৰণৰ দুৱাৰ-খিৰিকি। ভিন ভিন জ্ঞানেন্দ্ৰিয়ৰ ভিতৰত চকু দুটা আৰু কাণ দুখনৰ ভূমিকাই হৈছে সকলোতকৈ অধিক গুৰুত্বপূৰ্ণ। নিজ চকুৰে দেখি আৰু নিজ কাণেৰে শুনি লাভ কৰা জ্ঞান অভিজ্ঞতাৰ দৰে নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য কথা আন একোৱেই হ’ব নোৱাৰে। চকুৰ দৃষ্টি আৰু কাণৰ শব্দ সংবেদনৰ অভিজ্ঞতাই যিকোনো লোককে যিকোনো কথাতে সহজে প্ৰত্যয় নিয়াব পাৰে। সেয়েহে কোৱা হয়, ‘দেখিলেহে লেখিম’, ‘নেদেখা-নুশুনা কথা’, ‘নাভূত-নাশ্ৰূত বিষয়’। ইংৰাজীতো জনপ্ৰিয়ভাৱে কোৱা হয় ‘Seeing is believing’।

এনেবোৰ জনপ্ৰিয় উক্তিৰ অন্তৰালত নিহিত থকা ভাব সহজে অনুভৱ কৰিব পাৰি। সি হৈছে এয়ে যে চকু আৰু কাণেৰে প্ৰত্যক্ষভাৱে লাভ কৰা ইন্দ্ৰিয় অভিজ্ঞতা আমাৰ সহজে গ্ৰহণযোগ্য। আধুনিক শিক্ষাতো এই কথাৰ উপলব্ধিৰে শিশুৰ শিক্ষাদান প্ৰসংগত শ্ৰৱণ আৰু দৰ্শন অভিজ্ঞতাৰ পূৰ্ণ উপযোগ কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে বিবিধ দৃশ্য-শ্ৰাব্য শিক্ষা সঁজুলিৰ প্ৰয়োগ কৰা হয়। এই সঁজুলিবোৰৰ ব্যৱহাৰিকতা সম্বন্ধে এজন শিক্ষকৰ উপযুক্ত জ্ঞান-ধাৰণা আৰু কাৰ্যকৰী অভিজ্ঞতা থকাটো আশা কৰা হয়।

শ্ৰৱণ-দৰ্শন সঁজুলি আৰু শিক্ষকৰ ভূমিকাঃ

 

আধুনিক শিক্ষাৰ এক উল্লেখযোগ্য পৰিৱৰ্তন এয়ে যে ছাত্ৰসকলক শিক্ষকে প্ৰত্যক্ষ আৰু মৌখিকভাৱে শিক্ষা দিয়াৰ পৰিৱৰ্তে পৰোক্ষভাৱে শিক্ষা সঁজুলিৰ যোগেদিহে শিক্ষাদান কৰা হয়। ছাত্ৰসকলৰ ব্যক্তিগত ক্ৰিয়া প্ৰচেষ্টা আদিতহে অধিক গুৰুত্ব দিয়া হয়। ইয়াৰ বাবে শিক্ষকে এক জটিল আৰু দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লগা হয়। এই কথা মন কৰিবলগীয়া যে পুৰণি কালত শিক্ষকে প্ৰয়োগ কৰিবৰ বাবে কোনো শিক্ষা সঁজুলিৰ কোনো ব্যৱস্থা নাছিল। আনকি পাঠ্যপুথিও পাব পৰা হোৱা নাছিল। ছাত্ৰসকলে শিক্ষকৰ মৌখিক স্বৰ অনুকৰণ কৰি আৰু তাক মুখস্থ কৰি শিক্ষা অভিজ্ঞতা আহৰণ কৰিব লগা হৈছিল। সেই সময়ত সেয়েহে শিক্ষকৰ শিক্ষা-সঁজুলি স্বৰূপে কেৱল মাত্ৰ শিক্ষক নিজেই আছিল বুলি ক’ব পাৰি।

বৰ্তমান ইয়াৰ দৰ্শনীয় পৰিৱৰ্তন সাধন কৰা হৈছে। আধুনিক যুগৰ বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অগ্ৰগতিয়ে শিক্ষকলৈ শিক্ষাদানৰ বহুতো নতুন উপহাৰ বহন কৰি আনিছে। ইয়াৰ কেতবোৰ শিক্ষা-সঁজুলিৰ প্ৰচুৰ শৈক্ষিক সম্ভাৱনীয়তা থকাও দেখা গৈছে। ইয়াৰ ফলস্বৰূপে শিক্ষকৰ পূৰ্বৰ মৌখিক শিক্ষাদান ব্যৱস্থাৰ পৰিৱৰ্তে চিত্ৰ, মেপ, মডেল, চাৰ্ট, গ্ৰাফ্, ফিল্ম, টেলিভিচন, কম্পিউটাৰ আদি উন্নত সা-সঁজুলি প্ৰয়োগ কৰি পাঠদানৰ ব্যৱস্থা কৰা হয়।

এই সকলোবোৰ ব্যৱস্থাৰ যোগেদি আধুনিক শিক্ষা অধিক কাৰ্যকৰী আৰু শিশুৰ স্বতঃপ্ৰণোদিত বিধৰ কৰি তুলিবলৈ চেষ্টা কৰা হৈছে। আধুনিক শিক্ষাক সেয়েহে বহল অৰ্থত শিশুৰ আত্ম-শিক্ষা ব্যৱস্থা বুলি ক’ব পাৰি। অৱশ্যে এনে ব্যৱস্থাৰ যোগেদি শিক্ষকৰ ভূমিকা অৱহেলা কৰা বা অস্বীকাৰ কৰা হোৱা নাই। প্ৰকৃতপক্ষে ক’বলৈ গ’লে শ্ৰৱণ-দৰ্শন সঁজুলিবোৰৰ প্ৰয়োগে বৰ্তমান শিক্ষকক অধিক দায়িত্বশীল আৰু আত্ম-সচেতন ভূমিকা গ্ৰহণৰ বাবেহে প্ৰস্তুত কৰি তুলিছে। শিক্ষা সা-সঁজুলিবোৰ প্ৰয়োগৰ যোগেদি পৰোক্ষভাৱে দিয়া শিক্ষাদানৰ ব্যৱস্থা মৌখিকভাৱে দিয়া পূৰ্বৰ শিক্ষাদানৰ ব্যৱস্থাতকৈও অধিক জটিলতৰ বুলি ক’ব পাৰি। এনে কাৰণতে শিক্ষকে সাৰ্থক শিক্ষাদানৰ বাবে ব্যৱসায়িক প্ৰশিক্ষণ লোৱাটো বৰ্তমান প্ৰয়োজন হৈ উঠিছে।

শিক্ষাত শ্ৰৱণ-দৰ্শন সঁজুলি প্ৰয়োগৰ প্ৰয়োজনীয়তাঃ

 

শিক্ষকৰ শিক্ষাদান কাৰ্যত শ্ৰৱণ-দৰ্শন সঁজুলিবোৰৰ কিয় প্ৰয়োগ কৰিব লাগে, এই প্ৰশ্ন স্বাভাৱিকতেই আহি পৰে। অৱশ্যে ইয়াৰ যথোচিত উত্তৰ পাবৰ বাবে শিক্ষকে কাৰো ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। শিক্ষকতাৰ নিজ ব্যক্তিগত অভিজ্ঞতাৰ যোগেদিয়ে ইয়াৰ সহজ উত্তৰ তেওঁ অনুভৱ কৰি উঠিব পাৰে। সি যি কি নহওক, এই সম্বন্ধে আমাৰ ধাৰণা অধিক স্পষ্ট কৰি তুলিবৰ বাবে নিম্নলিখিত কথাকেইটা মন কৰিবলগীয়া।

(১) শিক্ষকৰ নিজ মনৰ চিন্তা অধিক স্পষ্টভাৱে ছাত্ৰৰ আগত দাঙি ধৰিবৰ বাবে শিক্ষা-সঁজুলিবোৰৰ প্ৰয়োজন। বহুতো কথাৰ মৌখিক ব্যাখ্যাৰে স্পষ্ট কৰি তুলিব নোৱাৰা কথাও এই সঁজুলিবোৰৰ যোগেদি সহজে স্পষ্ট কৰি তুলিব পৰা যায়। সেইবাবে এই সঁজুলিবোৰৰ যথোচিত প্ৰয়োগে শিক্ষকৰ শিক্ষাদান কাৰ্যৰ জটিলতা গুচাব পাৰে।

(২) শিক্ষকৰ মৌখিক ব্যাখ্যা সাধাৰণতে তত্ত্বপ্ৰধান আৰু চিন্তাপ্ৰধান হোৱা হেতুকে ছাত্ৰৰ বাবে জটিল আৰু অস্পষ্ট বিধৰ হয়। কোনো কোনো শিক্ষকৰ চিন্তামূলক বিষয়ৰ মৌখিক প্ৰকাশভংগীও জটিলতাপূৰ্ণ হৈ উঠে। এনে অৱস্থাত বহু সময়ত ছাত্ৰসকলে নিজ মনৰ কল্পনা আৰু অনুমানৰ সহায় ল’ব লগা হয়। কিন্তু শ্ৰৱণ-দৰ্শন সঁজুলিবোৰৰ এনে অস্পষ্টতা আৰু কাল্পনিকতাৰ প্ৰভাৱ গুচাই জ্ঞান-অভিজ্ঞতা মনত স্পষ্ট কৰি তুলিব পাৰে।

(৩) শ্ৰৱণ-দৰ্শন সঁজুলি প্ৰয়োগৰ ফলত ছাত্ৰসকলে তেওঁলোকৰ মনৰ ধাৰণা স্পষ্ট কৰি তুলিব পৰা বাবে বিষয়বস্তু অধিক আকৰ্ষণীয় হৈ উঠে। ফলত তেওঁলোকে মনোযোগ আৰু আগ্ৰহ প্ৰদান কৰিব পাৰে। এনে অৱস্থাত শিক্ষাগ্ৰহণ কাৰ্য স্বতঃস্ফূৰ্ত আৰু স্বতঃপ্ৰণোদিত বিধৰ হৈ উঠিব পাৰে।

(৪) দৃশ্য-শ্ৰাব্য সঁজুলিবোৰে শিক্ষকৰ শিক্ষা বিষয়ৰ স্পষ্ট প্ৰতিৰূপ ছাত্ৰৰ মনত জগাই তুলিব পাৰে। ইয়াৰ ফলত ছাত্ৰসকলে তেওঁলোকৰ শিক্ষাঅভিজ্ঞতাৰ প্ৰতিৰূপ অধিক সময়ৰ বাবে মনত ধৰি ৰাখিব পাৰে। অৰ্জিত জ্ঞান প্ৰয়োজন মতে যিকোনো সময়তে প্ৰয়োগ কৰাত ছাত্ৰসকলৰ বাবে সহায়ক হৈ উঠে।

(৫) পাঠ্য বিষয়ৰ কঠিনতা আৰু শিক্ষা-পদ্ধতিৰ দোষযুক্ততাৰ বাবে বহুতো ছাত্ৰই শিক্ষকলৈ ভয় কৰাও দেখা যায়। কিন্তু শিক্ষা-সঁজুলিবোৰে শিক্ষাদান ব্যৱস্থা সহজ-সৰল আৰু স্বতঃস্ফূৰ্ত বিধৰ কৰি তোলা বাবে ছাত্ৰ-শিক্ষকৰ মাজত সহযোগিতা আৰু বুজা-পৰা ভাব বৃদ্ধি কৰি তুলিব পাৰে।

(৬) দৃশ্য-শ্ৰাব্য সঁজুলিবোৰে ব্যক্তিক দৰ্শন আৰু শ্ৰৱণ সম্বন্ধীয় ইন্দ্ৰিয়ানুভূতিৰ প্ৰশিক্ষণ দিব পাৰে। ইয়াৰ ফলত ইন্দ্ৰিয়ানুভূতিৰ যথাৰ্থতা লাভ কৰি উঠি শুদ্ধ আৰু সঠিক জ্ঞান লাভ কৰি উঠাটো সম্ভৱ হ’ব পাৰে।

(৭) এই সঁজুলিবোৰৰ প্ৰয়োগে ছাত্ৰৰ মনত নজনা কথা জানিবলৈ আৰু নেদেখা বস্তু দেখিবলৈ প্ৰয়োজনীয় মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰে। শিক্ষাত অভিৰোচনৰ সৃষ্টি কৰা শিক্ষকৰ যি প্ৰধান দায়িত্ব তাক এই সঁজুলিবোৰে অতি সহজসাধ্য কৰি তুলিব পাৰে।

(৮) শিক্ষা-সঁজুলিবোৰৰ উপযুক্ত প্ৰয়োগে শ্ৰেণীকক্ষৰ গতানুগতিক আৰু নিয়ন্ত্ৰিত পৰিৱেশৰ জড়তা গুচাই শিক্ষা পৰিৱেশ স্বতঃস্ফূৰ্ত আৰু ক্ৰীড়াময় বিধৰ কৰি তুলিব পাৰে। ইয়াৰ ফলত শিক্ষাদান আৰু শিক্ষাগ্ৰহণ কাৰ্য অধিক সজীৱ আৰু আন্তৰিকতাপূৰ্ণ হৈ উঠে।

শ্ৰৱণ-দৰ্শন সঁজুলিৰ বিভিন্ন প্ৰকাৰঃ

 

বিভিন্ন দৃষ্টিকোণৰ বিবেচনাৰে শ্ৰৱণ-দৰ্শন সঁজুলিবোৰক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। এই প্ৰসংগত তলত উল্লেখ কৰা ভাগকেইটা মন কৰিবলগীয়া।

(১) প্ৰত্যক্ষ অভিজ্ঞতা দান কৰা সঁজুলি।

(২) পৰোক্ষ অভিজ্ঞতা দান কৰা সঁজুলি।

(৩) সাংকেতিকভাৱে অভিজ্ঞতা দানৰ সঁজুলি।

কোনো এক ভৌগোলিক অথবা বুৰঞ্জীমূলক প্ৰসিদ্ধ ঠাই নিজ চকুৰে চাবলৈ যোৱাটো প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিতৰত পৰে। ইয়াত বিষয়বস্তুৰ পৰা ব্যক্তিয়ে প্ৰত্যক্ষভাৱে নিজ চকুৰে আৰু নিজ কাণেৰে অভিজ্ঞতা লাভ কৰে। দ্বিতীয়বিধ অভিজ্ঞতা হৈছে কোনো বস্তু বা বিষয় সম্বন্ধে পৰোক্ষভাৱে পোৱা অভিজ্ঞতা, যেনে- মেপ, গ্লোব্, মডেল, চিত্ৰ আদিৰ সহায়েৰে মূল বিষয় সম্বন্ধে পোৱা অভিজ্ঞতা। ইয়াত ব্যক্তিয়ে প্ৰকৃত বিষয়বস্তুৰ পৰা নিজ চকুৰে অভিজ্ঞতা পাব নোৱাৰা হেতুকে, তাৰ আৰ্হিৰ পৰাই পৰোক্ষভাৱে অভিজ্ঞতা আহৰণৰ চেষ্টা কৰে। তৃতীয়বিধ অভিজ্ঞতা প্ৰত্যক্ষও নহয় আৰু পৰোক্ষও নহয়। ইয়াক চিহ্ন বা সংকেতৰ যোগেদি এজন ব্যক্তিয়ে আন এজনৰ পৰা লাভ কৰে। যেনে- কথিত আৰু লিখিত ব্যৱস্থাৰ যোগে শব্দ আৰু সংখ্যাৰ জ্ঞান বিনিময় কৰা। এইবিধ ব্যৱস্থা আন দুবিধতকৈ আপেক্ষিকভাৱে কঠিন যদিও শিক্ষানুষ্ঠানত সচৰাচৰ ইয়াক অধিক জনপ্ৰিয়ভাৱে প্ৰয়োগ কৰা হয়।

শৈক্ষিক মূল্য আৰু তাৎপৰ্য বহন কৰা বিবিধ দৃশ্য-শ্ৰাব্য সঁজুলিৰ তালিকা দাঙি ধৰিব পাৰি। ইয়াৰ ভিতৰত জনপ্ৰিয়ভাৱে প্ৰয়োগ কৰা কেতবোৰ সঁজুলিৰ বৰ্ণনা আৰু তাৰ শৈক্ষিক তাৎপৰ্য তলত আগবঢ়োৱা হৈছে।

(১) ব্লেক বোৰ্ড আৰু চকঃ

শিক্ষকে সচৰাচৰ প্ৰয়োগ কৰা শিক্ষাৰ সাধাৰণ আহিলা হৈছে ব্লেক বোৰ্ড আৰু চক। শিক্ষাদানৰ আনবোৰ সঁজুলি নহ’লেও এই দুবিধ সঁজুলি শিক্ষানুষ্ঠানত থকাটো আশা কৰা হয়। শিক্ষকে এই ব্লেক বোৰ্ড ব্যৱহাৰ কৰি ছাত্ৰক পাঠ্য বিষয়ৰ প্ৰতি আকৰ্ষিত কৰি তোলে। ইয়াৰ ব্যৱহাৰে ছাত্ৰৰ মনত পাঠ্য বিষয়ৰ প্ৰতি আকৰ্ষিত কৰি তোলে। ইয়াৰ ব্যৱহাৰে ছাত্ৰৰ মনত শিক্ষকৰ মৌখিক শিক্ষাদানে সৃষ্টি কৰা অৱসাদ আৰু আমনি লগাৰ ভাব সহজে গুচাব পাৰে। ইয়াৰ উপৰি বৌদ্ধিকভাৱে নিম্নমানৰ ছাত্ৰই শিক্ষকৰ মৌখিক শিক্ষাৰ চাপ বা প্ৰতিৰূপ সহজে মনত ধৰি ৰাখিব নোৱাৰে। ব্লেক বোৰ্ডৰ উপযুক্ত প্ৰয়োগে তেনে ছাত্ৰক বিশেষ সহায় কৰে। ই শিক্ষকৰ শিক্ষাদানৰ কেতবোৰ প্ৰয়োজনীয় অংশ ছাত্ৰই লিখিতভাৱে টুকি লোৱাত সহায় কৰে। ভূগোল, অংক, জ্যামিতি আৰু বিজ্ঞান আদি বিষয়ৰ জটিল ধাৰণাবোৰ ছাত্ৰ-শিক্ষকে পাৰস্পৰিকভাৱে আদান-প্ৰদান কৰোতে ই বিশেষ সহায় কৰে। উল্লেখযোগ্য যে এই বোৰ্ডখন শ্ৰেণীৰ কোঠাত এনে এক সুবিধাজনক ঠাইত স্থাপন কৰিব লাগে যাতে ছাত্ৰই তাক ভালদৰে দেখা পায়। শিক্ষকে এই কথা মন কৰিব লাগে যাতে বিপৰীত ফালৰ পৰা সূৰ্যৰ ৰশ্মিৰ প্ৰতিফলনে ছাত্ৰসকলক ইয়াৰ প্ৰয়োগ কৰাত বাধাৰ সৃষ্টি কৰিব নোৱাৰে।

(২) মেপ আৰু গ্লোবঃ

মেপ আৰু গ্লোবৰ অবিহনে ভূগোলৰ শিক্ষা কৃতকাৰ্যতাৰে দিব নোৱাৰি। এই দুয়োবিধ আহিলাই ছাত্ৰসকলক ভূগোল শিক্ষাৰ ক্ষেত্ৰত প্ৰতিনিধিত্বমূলক জ্ঞান দিব পাৰে। ছাত্ৰসকলে চন্দ্ৰ, সূৰ্য, পৃথিৱী আৰু আন আন গ্ৰহ-নক্ষত্ৰ সম্বন্ধে ইয়াৰ পৰা প্ৰয়োজনীয় ধাৰণা লাভ কৰিব পাৰে। তেওঁলোকে পৃথিৱীৰ উপৰিভাগৰ ভৌগোলিক অৱস্থা, ৰাজনৈতিক পৰিসীমা আদি সম্বন্ধেও বস্তুনিষ্ঠ জ্ঞান-ধাৰণা লাভ কৰিব পাৰে। মুঠতে ক’বলৈ গ’লে সমগ্ৰ সৌৰজগতৰ গঠন প্ৰক্ৰিয়া মেপ আৰু গ্লোবৰ সহায়েৰে ছাত্ৰসকলৰ বাবে শ্ৰেণীকোঠালৈ লৈ অহাটো সম্ভৱ হ’ব নোৱাৰে। ভূগোল শিক্ষাৰ ক্ষেত্ৰত বাস্তৱিকতে ই এক তাৎপৰ্যপূৰ্ণ সাফল্য বুলিব পাৰি। বুৰঞ্জী শিক্ষাৰ বাবেও মেপসমূহ ছাত্ৰ-শিক্ষকৰ বাবে সহায়কাৰী। মেপৰ যোগেদি বুৰঞ্জীৰ কাহিনী আৰু ঘটনাবোৰত সজীৱতা দান কৰিব পৰা যায় আৰু বহু সময়ত ঘটনাৰ আঁত বিচাৰি উলিওৱাত ই সহায় কৰে।

(৩) চিত্ৰ আৰু মডেলঃ

ছাত্ৰক বস্তুনিষ্ঠভাৱে বিষয়বস্তুৰ জ্ঞান দিবৰ বাবে ই এক উপযুক্ত ব্যৱস্থা বুলিব পাৰি। প্ৰকৃত বিষয়বস্তুৰ জ্ঞান প্ৰত্যক্ষভাৱে দিয়াটো সম্ভৱ হৈ নুঠা অৱস্থাত এই সম্বন্ধে ছাত্ৰৰ মনত প্ৰয়োজনীয় ধাৰণা দিবৰ বাবে ই হৈছে এক প্ৰতিনিধিমূলক ব্যৱস্থা। ইয়াৰ ফলস্বৰূপে ছাত্ৰসকলে বিষয়বস্তুৰ সঠিক জ্ঞান-ধাৰণা লাভ কৰি উঠিব পাৰে, যি আন কোনো উপায়েৰে সম্ভৱপৰ নহয়। এই দুয়োবিধ সঁজুলিয়েই বিশেষকৈ বিজ্ঞানৰ বিষয়সমূহ শিকোৱাৰ বেলিকা বিশেষ সহায়কাৰী। চিত্ৰ আৰু মডেল কাৰিকৰী বিজ্ঞান আৰু চিকিৎসা বিজ্ঞান আদি বিষয়ৰ শিক্ষাৰ বাবেও অপৰিহাৰ্য স্বৰূপ বুলিব পাৰি।

(৬) চিনেমা প্ৰদৰ্শনঃ

বৰ্তমান সকলো লোকেই চিনেমা বা কথাছবিৰ শিক্ষামূলক ভূমিকাৰ কথা অনুভৱ কৰে। শিক্ষাৰ আহিলা স্বৰূপে চিনেমাৰ সপক্ষে আৰু বিপক্ষে বহুতো যুক্তিয়েই দাঙি ধৰিব পাৰি। অৱশ্যে শিক্ষা-ক্ষেত্ৰত দৃশ্য-শ্ৰাব্য সঁজুলি স্বৰূপে ইয়াক শ্ৰেণীকক্ষৰ ভিতৰত প্ৰয়োগ কৰাৰ প্ৰসংগত যথেষ্ট সীমাবদ্ধতা থকাটো মন কৰিবলগীয়া। ইয়াৰ বাবে কেতবোৰ বিশেষভাৱে নিৰ্মিত আৰু ছাত্ৰত শিক্ষাদান কৰিব পৰা বিধৰ চিত্ৰ প্ৰস্তুত কৰাটো প্ৰয়োজন। বিজ্ঞান, ভূগোল, বুৰঞ্জী, সাহিত্য-সংস্কৃতি, প্ৰকৃতি পাঠ, খেলা-ধূলা, স্বাস্থ্য ৰক্ষা কৰা, অভ্যাস গঠন কৰা আৰু নৈতিক ভাব-অনুভূতি জগাই তোলা সম্বন্ধীয় চিত্ৰ প্ৰস্তুত কৰাটো প্ৰয়োজন। এনেবোৰ চিত্ৰ ছাত্ৰক প্ৰদৰ্শনৰ বাবে প্ৰতিখন স্কুলতে অ’ডিটৰিয়াম আৰু চিনেমা প্ৰজেক্টৰ থকাটো প্ৰয়োজন।

(৭) শিক্ষামূলক ভ্ৰমণঃ

ছাত্ৰক প্ৰত্যক্ষভাৱে বিষয়বস্তুৰ জ্ঞান দিয়াৰ ই এক উপযুক্ত ব্যৱস্থা। ছাত্ৰক শ্ৰেণীত দিয়া শিক্ষাৰ এক পৰিপূৰক ব্যৱস্থা স্বৰূপে ইয়াক গণ্য কৰিব পাৰি। শ্ৰেণীত দিয়া তত্ত্বপ্ৰধান আৰু পুথিগত জ্ঞানৰ লগত শ্ৰেণীৰ বাহিৰত থকা প্ৰকৃত অৱস্থাৰ জ্ঞান-অভিজ্ঞতাৰ যোগাযোগ আৰু সম্বন্ধ ই স্থাপন কৰিব পাৰে। তাত্ত্বিক জ্ঞান আৰু তাৰ বাস্তৱিকতাৰ মাজত থকা মিল-অমিল আদি ছাত্ৰসকলে বিশ্লেষণ কৰি চোৱাত ই সহায় কৰিব পাৰে। শ্ৰেণীৰ ভিতৰত পোৱা শিক্ষাৰ পৰা ছাত্ৰসকলে ইয়াৰ সহায়েৰে তেওঁলোকে পৰ্যবেক্ষণ আৰু নিৰীক্ষণ কৰিব পৰা ক্ষমতা লাভ কৰি উঠিব পাৰে। সেইবাবে সম্ভৱ হ’লে শিক্ষকে সকলো ছাত্ৰকে প্ৰসিদ্ধ ঠাইসমূহলৈ শিক্ষামূলক ভ্ৰমণৰ আয়োজন নিয়মিতভাৱে কৰিব লাগে।

শ্ৰৱণ-দৰ্শন সঁজুলিবোৰ প্ৰয়োগৰ নীতিসমূহঃ

 

শিক্ষকে তেওঁৰ শিক্ষাদান প্ৰসংগত এই সঁজুলিবোৰৰ কিদৰে ব্যৱহাৰ কৰিব লাগে এই সম্বন্ধে স্পষ্ট নীতি বা কাৰ্যপন্থা থকাটো প্ৰয়োজন। শিক্ষকৰ শিক্ষা নিৰ্দেশনাক সহজ-সৰলভাৱে ছাত্ৰক প্ৰদান কৰাৰ ক্ষেত্ৰত দৃশ্য-শ্ৰাব্য সঁজুলিবোৰ হৈছে এক উপায় বা অৱলম্বন স্বৰূপ। কিন্তু ইয়াক উপযুক্তভাৱে প্ৰয়োগ কৰিব নোৱাৰিলে ই শিক্ষাৰ উপকাৰ সাধন কৰাৰ পৰিৱৰ্তে ক্ষতিসাধনহে কৰি তুলিব পাৰে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে ইয়াৰ প্ৰয়োগত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। এই প্ৰসংগত তলত উল্লেখ কৰা কথাকেইটা আমাৰ বিশেষ বিবেচনাযোগ্য।

(১) ছাত্ৰৰ বয়স, মানসিক যোগ্যতা আদিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে শিক্ষা-সঁজুলিবোৰ প্ৰয়োগ কৰিব লাগে। উল্লেখযোগ্য যে সকলো পৰ্যায়ৰ ছাত্ৰৰ বাবে এই সঁজুলিবোৰ সমানে উপযোগী নহয়।

(২) শিক্ষকে এই সঁজুলিবোৰ শ্ৰেণীত প্ৰয়োগ কৰাৰ পূৰ্বে তাৰ প্ৰয়োজনীয় আঁচনি প্ৰস্তুত কৰি ল’ব লাগে। কোনটো সঁজুলি ব্যৱহাৰ কৰিব লাগে, কেতিয়া আৰু কিমান সময়ৰ বাবে এই কথা তেওঁ পূৰ্বেই পৰিকল্পনা কৰি ল’ব লাগে। সঁজুলিবোৰ প্ৰয়োগৰ প্ৰাসংগিকতা সম্বন্ধে তেওঁ সজাগ হ’ব লাগে।

(৩) কোনো কোনো সময়ত এই সঁজুলিবোৰ প্ৰয়োগ নকৰাকৈয়ে ছাত্ৰক সাৰ্থকভাৱে শিক্ষা দিব পাৰি। তেনে অৱস্থাত অনাৱশ্যকভাৱে এই সঁজুলিবোৰৰ প্ৰয়োগ কৰা অনুচিত। তেওঁ লক্ষ্য ৰাখিব লাগে যাতে এই সঁজুলিবোৰৰ প্ৰয়োগে তেওঁৰ শিক্ষা-নিৰ্দেশনা সহজ-সৰল আৰু স্বাভাৱিক কৰি তুলিব পাৰে।

(৪) শ্ৰৱণ-দৰ্শন সঁজুলিবোৰ সম্বন্ধে শিক্ষকৰ কিছু প্ৰায়োগিক অভিজ্ঞতা থকাটো প্ৰয়োজন। শ্ৰেণীত এইসমূহ প্ৰয়োগৰ বেলিকা দেখা দিয়া যান্ত্ৰিক বিজুতি আদি তেওঁ গুচাব পাৰিব লাগে।

(৫) এই সঁজুলিবোৰৰ প্ৰয়োগ ঘাইকৈ নিৰ্ভৰ কৰে এইসমূহ ভালদৰে সংৰক্ষণ আৰু চোৱা-চিতা কৰাৰ ওপৰত। সময়ে সময়ে এই সঁজুলিসমূহৰ সক্ৰিয়তা সম্বন্ধে পৰীক্ষা কৰি থকাটো শিক্ষকৰ কৰ্তব্য। কোনো সঁজুলি দোষযুক্ত পোৱা হ’লে তৎক্ষাণাত তাৰ মেৰামতিৰ ব্যৱস্থা কৰিব লাগে।

(৬) দৃশ্য-শ্ৰাব্য সঁজুলিবোৰক ছাত্ৰ-শিক্ষকৰ আজৰি সময়ৰ আমোদ-প্ৰমোদৰ সামগ্ৰী স্বৰূপে গ্ৰহণ আৰু প্ৰয়োগ কৰিব নালাগে। ইয়াৰ উদ্দেশ্য হ’ব লাগে ছাত্ৰৰ মনত শিক্ষা বিষয়ৰ প্ৰতি আগ্ৰহৰ ভাব জগাই তোলা।

সামৰণিত ক’ব পাৰি যে শ্ৰৱণ-দৰ্শন সঁজুলিবোৰৰ শিক্ষাদানৰ সহায়কাৰী সঁজুলি। ইয়াৰ পৰা আশানুৰূপ সহায় শিক্ষকে পাবলৈ হ’লে সঁজুলিবোৰ নীতিসন্মতভাৱে প্ৰয়োগ কৰিব জানিব লাগিব। সেয়ে হৈ নুঠিলে ইয়াৰ উদ্দেশ্যবিহীন প্ৰয়োগে শিক্ষাৰ ক্ষতিসাধন কৰি তুলিব পাৰে।

(উৎসঃ আধুনিক শিক্ষাত নতুন চিন্তাধাৰা, যতীন বৰুৱা)।

3.07317073171
নৱজিত হাজং Jan 23, 2018 10:04 AM

ইয়াৰ পৰা বহুত উপকৃত হʼলো ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top