অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰন্থ দৰ্শন আৰু সাম্প্ৰতিক গ্ৰন্থৰ ভৱিষ্যৎ

 

মাৰ্কিন লেখক –ৰাজনীতিক থিয়’ডৰ ৰুজভেল্টে কৈছিল-‘এই পৃথিৱীত যত্নসাধ্য প্ৰচেষ্টা অবিহনে কিবা এটা পোৱাটো বা কৰাটো নিৰৰ্থক।সেইবাবে অসাধ্য সাধন কৰা লোকসকললৈ মোৰ ঈৰ্ষা হয়’।এনে কথায়ো গ্ৰন্থ-সাহিত্যৰ গভীৰলৈ আমাক লৈ যায়,কিয়নো যত্নসাধ্য প্ৰচেষ্টাই সৃষ্টিৰ সমল গোটোৱাত যিদৰে সহায় কৰে আৰু যাৰ বাবেই হয়তো জীৱন ধাৰণৰ প্ৰতিটো স্তৰতে কৰণীয় ক্ৰিয়া কাৰ্যৰ ভিতৰত গ্ৰন্থ সৃষ্টিৰো ক্ৰিয়াত্মক দৰ্শনটো সেইদৰে বিশেষ মৰ্যাদাৰে স্থানাংকিত হৈ আছে।গতিকে ‘গ্ৰন্থ দৰ্শন আৰু সাম্প্ৰতিক গ্ৰন্থৰ ভৱিষ্যৎ’সম্পৰ্কে অধ্যয়নী পাঠ-আলোচনা কৰিলে গ্ৰন্থ-সাহিত্যৰ কলাত্মক ক্ৰিয়া আৰু ভৱিষ্যৎ দৰ্শনৰ ইতিহাস দুৰদৃষ্টিৰে জুকিয়াই চাবই লাগিব।

‘গ্ৰন্থ’সম্পৰ্কে ইতিমধ্যে বিভিন্ন মত,বিভিন্ন দৃষ্টিভ্ংগীৰে বিভিন্নজন লেখক-সমালোচক আৰু পণ্ডিতে আলোচনাৰ মাধ্যমেৰে মতামত প্ৰকাশ কৰিছে,যিবোৰ মত প্ৰকাশ কালজয়ী,যুগজয়ী তথা সময় সন্ধিৰ প্ৰক্ষালন হিচাপে ঠাৱৰ কৰাৰো যুক্তি আছে,সেইবোৰকে আকৌ গ্ৰন্থ সাহিত্যই সামৰি লৈছে।আমি দীঘলীয়া দৃষ্টিভংগীৰে গ্ৰন্থৰ ইতিহাস বৰ্ণনা কৰিব বিচৰা নাই।মাথোঁ গ্ৰন্থই বৰ্তমানৰ যুগসন্ধিত কি ৰুপকৰ সৃষ্টি বা ভুমিকা গ্ৰহণ কৰিবলৈ লৈছে,সেই বিষয়তহে কিছু কথাৰ অৱতাৰণা কৰিব খুজিছো।সাঁচিপাত আৰম্ভ হোৱাৰে পৰা ভাষাটোক ভিন্ন স্তৰত ৰুপ দি যিবোৰ তথ্য-কথা লিপিবদ্ধ কৰা হৈছিল,সেইবোৰৰ পৰাই আকৌ স্তৰভিত্তিক সাহিত্যৰ সৃষ্টি কৰি লেখকসকলে গ্ৰন্থৰ আকাৰ দি গ্ৰন্থ সাহিত্যৰ ৰুপদান কৰাৰ পাছত আজি এই পৰ্যায় পাইছে।আকৌ যিদৰে গ্ৰন্থই অতীত ইতিহাস সৃষ্টিৰ পাতনি মেলিছিল,সেইদৰে গ্ৰন্থই বৰ্তমান আৰু ভৱিষ্যতৰো ইতিহাস ৰচনা কৰিছে।উল্লেখ্য যে বৰ্তমানৰ গ্ৰন্থই ভৱিষ্যৎ নিৰুপণ কৰে পুৰণি গ্ৰন্থ সাহিত্যৰ ঐতিহ্যগত দিশৰ ওপৰত ভিত্তি কৰিহে।ইয়াৰ মুল উপপাদ্য যদি আমি গভীৰ চিন্তা আৰু দৰ্শনেৰে বিশ্লেষণ কৰো,তেতিয়া তত্ত্বগত দিশটো ওলাই পৰে।উল্লেখনীয় যে গ্ৰন্থই ইতিমধ্যে কেবাটাও যুগসন্ধিৰ স্তৰ অতিক্ৰম কৰি আহিছে।প্ৰাচীন বা পুৰণি,অতি প্ৰাচীন,প্ৰত্নতত্ত্ব,ৰামায়ণ-মহাভাৰত,আদি-মধ্য,ৰোমাণ্টিক ,আধুনিক আৰু উত্তৰ আধুনিক যুগৰ প্ৰেক্ষাপটত গ্ৰন্থৰ সৃষ্টি হৈছে।পিছে গ্ৰন্থকাৰসকলে গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত চিন্তা-সাধনা আৰু মননসিদ্ধ বিষয়ৰ ওপৰত নিজৰ নিজৰ অনুভৱ-অনুভুতি প্ৰকাশৰ দৃঢ়তাত দায়বদ্ধ যদিও কিছুসংখ্যক গ্ৰন্থকাৰেহে সফল সাহিত্য সৃষ্টিৰে ভৱিষ্যৎ নিৰুপণ কৰিছে।সম্প্ৰতি গ্ৰন্থকাৰৰ সংখ্যা বাঢ়িছে।এনেক্ষেত্ৰত প্ৰশ্ংসনীয় যদিও গ্ৰন্থৰ বিষয়ভিত্তিক মানক অধিক সংখ্যক গ্ৰন্থকাৰৰ গ্ৰন্থই উচ্চ প্ৰশংসাৰ স্তৰলৈ নিব পৰা নাই।গ্ৰন্থ প্ৰণয়ন কৰিব লাগে কাৰণে আৰু নিজকে সাহিত্যিক বা লেখক বোলাব লাগে কাৰণে টকা-পইচাৰ গৰ্বত গ্ৰন্থ প্ৰকাশ কৰি সংখ্যা বঢ়াবলৈ লৈছে।আনকি তেনেসকল গ্ৰন্থকাৰৰ অধ্যয়নপ্ৰীতিও নাই।আনকি আনৰ গ্ৰন্থ পঢ়িবলৈ এইসকলৰ সময়ৰো অভাৱ।পুৰণি সাহিত্য অধ্যয়ন নকৰাকৈ আধুনিকতাৰ পৰিমণ্ডলত নিজকে ব্যস্ত ৰাখি এইসকলে যি গ্ৰন্থ প্ৰকাশৰ মাধ্যম লৈছে,সেয়া কোনো কালেই ইতিহাসৰ চানেকি হ’ব নোৱাৰে।সেয়ে নিম্নলিখিত কথাখিনি অনুধাৱন কৰাৰ প্ৰয়োজনবোধ কৰিছো।

‘যি কালৰ পৰাই কামৰুপী প্ৰাকৃতৰ চানেকি পোৱা গৈছে,সেইকালৰ পৰাই কামৰুপী লিপিও একে ঠাইতে পোৱা গৈছে।প্ৰসিদ্ধ লিপিতত্ত্ব বিশাৰদসকলৰ মতে দেৱনগৰী লিপিৰ যি কাল পোৱা হয়,কামৰুপী লিপি তাতকৈ অন্তত:দুশ বছৰৰ আগৰ যে সন্দেহ নাই।তিনি-চাৰি নিৰ্ভৰযোগ্য প্ৰমাণৰ পৰা ভাস্কৰ বৰ্মাৰ কাল সপ্তম শতিকাৰ আগভাগত সুপ্ৰতিষ্ঠিত যেতিয়া,তাৰ পৰাই প্ৰাচীন শাসন মালাত দিয়া ঠাৱৰ বংশ-লতাইদি বগাই অন্তত: চতুৰ্থ শতিকালৈকে কামৰুপৰ ঐতিহাসিক ঘটনাবোৰ সঠিকভাৱে পাওঁহক।দ্বাদশ শতিকাৰ শেষছোৱাত কামৰুপী লিপি সম্পুৰ্ণ আধুনিক অসমীয়াত গঢ় লৈ অহা দেখা পাওঁহক।

প্ৰণিধানযোগ্য যে ৩৬০ ৰ পৰা ৩৭০ লৈ সমুদ্ৰগুপ্তই ৰাজত্ব কৰোতে স্তম্ভলিপিৰ পাছত সাহিত্যৰ দিশটো ভিন্ন স্তৰত ভিন্ন ৰুপত উদ্ভৱ হয়,কিন্তু ১৪৭৭ ত ইংলেণ্ডত প্ৰথম ছপা গ্ৰন্থ প্ৰকাশৰ পাছত ১৬২২ ত প্ৰথম ইংৰাজী আলোচনী প্ৰকাশ পাইছিল।

আনহাতে,১৭০২ ত প্ৰথম ইংৰাজী দৈনিক কাকত প্ৰকাশ হয়।অৱশ্যে ৪৯৪ ত কামৰুপী প্ৰাকৃত আৰু লিপিৰ কাল নিৰ্ণিত হোৱাৰ পাছত ৫৯৪ ভাস্কৰাব্দ আৰু ৬০০ ত ভাৰতীয় প্ৰাকৃতৰ শেষকাল নিৰ্ণয় হয়।পিছে,১৯৫০ ত হেম সৰস্বতীৰ অভ্যুদয়,১৩৫০-১৪০৬ ত মাধৱ কন্দলীৰ ৰামায়ণ,১৪১৮ ত চণ্ডীদাসৰ কৃষ্ণ কীৰ্তন কাব্য প্ৰকাশ হোৱাৰ পাছত ১৪৪৯ ত শংকৰদেৱৰ আৱিৰ্ভাৱ আৰু ১৪৮৯ ত মাধৱদেৱৰ আবিৰ্ভাৱ হয়।উল্লেখ্য যে ১৪৬৮ ত চিহ্নযাত্ৰা আৰু উদ্ধৱ সংবাদ প্ৰকাশৰ পাছত ১৬৫৮ ত ৰঘুনাথৰ কথা-ৰামায়ণ আৰু ১৭৬৪ ত সুকুমাৰ হস্তীৰ্বিদ্যাৰ্ণৱ ৰচনা হয়,কিন্তু ১৮৪০ ত প্ৰথম অসমীয়া ছপাশাল প্ৰতিষ্ঠা হোৱাৰ পাছত ১৮৪৪ ত কাশীনাথৰ অসম বুৰঞ্জী আৰু ১৮৪৬ ত প্ৰথম অসমীয়া আলোচনী,১৮৬৭ ত প্ৰথম অসমীয়া অভিধান প্ৰণয়ন হয় যদিও ১৮৭৩ ত স্কুল আদালতত অসমীয়া ভাষা প্ৰচালন হোৱাৰ পাছত ১৯০০ তহে হেমকোষ ছপা আকাৰত প্ৰকাশ পায়।এনেদৰেই অসমীয়া গ্ৰন্থ প্ৰণয়ন আৰু প্ৰকাশৰ ধাৰাটো আজিলৈ চলি আছে।পিছে গ্ৰন্থৰ মৌলিক উৎসটোহে বিচাৰ্যৰ বিষয়।

গ্ৰন্থ কি আৰু গ্ৰন্থৰ মৌলিক উৎস

 

গ্ৰন্থ…,যাক আমি ‘কিতাপ’বুলি কওঁ।প্ৰশ্ন হ’ল-গ্ৰন্থ বা কিতাপ প্ৰস্ংগটোৱে মনৱৰ ইতিহাসত কেনে ভুমিকাৰে প্ৰবুদ্ধ প্ৰভাক প্ৰপঞ্চিত কৰিছে?এইক্ষেত্ৰত গ্ৰন্থৰ কেবাটাও দিশ প্ৰতিফলন ঘটিছে।আজি যদি সাম্প্ৰতিক কালৰ গ্ৰন্থ আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰাসংগিক ভৱিষ্যৎটোক লৈ বিশ্লেষণ আগবাঢ়ো,পিছে ইয়াৰ প্ৰস্ংগ লৈয়ে গ্ৰন্থৰ পৌৰাণিক তত্ত্ব কথালৈও উভতি যোৱাৰ থল থাকি যায়।উল্লেখনীয় যে গ্ৰন্থৰ আকাৰ সৃষ্টিৰ বহু আগতেই ‘আখৰ’লিখন পদ্ধতিটোৰ উদ্ভৱ হৈছিল শিল,গছৰ ছাল,গুহাকৃতিৰ শিলাস্তম্ভবোৰত।পাছলৈ সেই আখৰবোৰক সমাহাৰ ঘটাই অৰ্থপুৰ্ণ শব্দৰ ব্যৱহাৰেৰে ঋষি-মুনি,ৰজা-মহাৰজা,ব্যাধ-পৰ্যটক আদিয়ে লিপি-তত্ত্বও লিখি থৈ গৈছিল শিলালিপি,লিপি আৰু ভাস্কৰ্য স্বৰুপত,যিবোৰ শাব্দিক ব্যৱহাৰযুক্ত লিপি-কথাই পুৰণি ইতিহাস সৃষ্টি কৰি পৰৱৰ্তী সময়ত গ্ৰন্থৰ আকাৰ ল’লে আৰু গ্ৰন্থ সাহিত্যৰো ইতিহাস সৃষ্টি কৰিলে।গ্ৰন্থ সাহিত্যৰো ইতিহাস সৃষ্টি কৰিলে।গ্ৰন্থ সাহিত্যৰ ইতিহাসত বেদ-বেদান্ত,পুৰাণ,মহাভাৰত,ৰামায়ণ,গীতা,ভাগৱত,কীৰ্তন ঘোষা,নামঘোষা,চৰিত পুথি আদিয়ে নান্দনিক মহত্ত্ব দান কৰাৰ পাছতে গল্প,উপন্যাস,নাটক,প্ৰাৱন্ধিক গ্ৰন্থৰ ধাৰাই আন এক সংযোজন ঘটাই গ্ৰন্থ সাহিত্যৰ মাত্ৰা বৰ্ধন কৰিলে যদিও সাম্প্ৰতিক কালৰ গ্ৰন্থ সাহিত্যৰ ধাৰাটোৱে এক দুৰ্বোধ্য পৰিসৰলৈ গতি কৰিছে।এই কথাৰ হয়তো লেখক-সংকলক-প্ৰকাশকসকলে বিৰোধ প্ৰতিক্ৰিয়া নকৰাকৈয়ো নাথাকে।পিছে বিৰোধ প্ৰতিক্ৰিয়া কৰকেই বা নকৰকেই,এই লেখাৰ বক্তব্য তথা চিন্তা-কাৰ্যত ক্ৰিয়াশীল আৰু প্ৰায়োগিক কথাখিনি আলোচনাৰ মাধ্যম হ’বই লাগিব,কাৰণ সমাজ জীৱনৰ প্ৰতিটো দিশতেই বিকাশশীল সমাজ গঠনৰ লগতে বৌদ্ধিক জ্ঞান সমৃদ্ধিশালী সংহতিৰ উৎসও নিৰ্ণয় কৰে গ্ৰন্থ সাহিত্যই।গতিকে গ্ৰন্থ সাহিত্যৰ দিশটো অতি উন্নত হোৱাটো প্ৰয়োজন,কিন্তু ঘণ্টাই ঘণ্টাই বা প্ৰতিদিনেই গ্ৰন্থ প্ৰকাশ কৰি দোকানদাৰৰ দোকান ঘৰ ভৰোৱা কাৰ্য কৰিলেই গ্ৰন্থ সাহিত্য উন্নত হোৱা বুলি আমি ক’ব নোখোজো আৰু ভৱিষ্যতেও হয়তো কোৱাৰ প্ৰাসংগিকতা নাথাকিব।

উল্লেখ্য যে যিহেতু গ্ৰন্থ বা কিতাপৰ কথাকেই এই লেখাৰ মৌলিকত্ব প্ৰদান কৰা হৈছে,সেয়েহে কোৱাৰ থল আছে যে ভিন্নধৰ্মী ৰুচিপুৰ্ণ গ্ৰন্থ বা কিতাপৰে বৰ্ণাঢ্য হৈ থকা বিপণীবোৰ যেতিয়া গ্ৰন্থৰ সুবাসেৰে সুবাসিত হৈ থাকে,তেতিয়া বিপণীবোৰ দেখিলেই মুৰ্ত হৈ উঠে জীৱন-জিজ্ঞাসাৰ প্ৰসৱিত বাট,সৃষ্টিৰ অনাবিল উৎস,যিয়ে আনি দিয়ে মানৱ-দৰ্শন আৰু ঐতিহ্য দৰ্শনৰ সমাহৰ,সিয়েই গ্ৰন্থ সাহিত্য।গতিকে সৃষ্টিৰ অনাবিল উৎসতো তিনিটা কালৰ প্ৰভুত দৰ্শন আছে।পিছে এই কাল তিনিটা গভীৰ অধ্যয়ন নকৰিলে মানৱ ইতিহাসত সমৃদ্ধিৰ চানেকি নচৰে।ইতিহাসৰ সমৃদ্ধি চৰাবলৈ হ’লে এই কাল তিনিটা গভীৰলৈ যাবই লাগিব,কাৰণ তিনিওটা কালৰ স’তে সৰ্বদিশ সম্পৃক্ত হৈ থাকে।

বিশেষকৈ গ্ৰন্থ সাহিত্যৰ দিশটো এই তিনিওটা কালৰ মৌলিক স্বত্ব।প্ৰশ্ন হ’ল-কাল তিনিটানো কি?এই কাল তিনিটা হ’ল-অতীত,বৰ্তমান আৰু ভৱিষ্যৎ।অতীত,বৰ্তমান আৰু ভৱিষ্যৎ শব্দ তিনিটাৰ ধ্বনিগত কথা প্ৰতিজন মানুহেই জানে যদিও ইয়াৰ তত্ত্বগত দৰ্শন-ক্ৰিয়াকহে প্ৰায় সংখ্যক লোকে হৃদয়ংগম কৰিব যে পৰা নাই,সেই কথা মানুহৰ ক্ৰিয়াত্মক জীৱনধাৰাত চিহ্নিত হৈ আহিছে।ইয়াৰ লগে লগে গ্ৰন্থ বা গ্ৰন্থ সাহিত্যৰ অতীত,বৰ্তমান আৰু ভৱিষৎ নিৰ্ণয় কৰে গ্ৰন্থ ৰচকৰ মৌলিক চিন্তা-দৰ্শনৰ ওপৰত।এই চিন্তা-দৰ্শন প্ৰসুত ৰচকসকলৰ ভিতৰত কাব্য সাহিত্য বা কাব্য গ্ৰন্থ প্ৰকাশৰ প্ৰতি যি ধাৰণা থাকে,সেই ধাৰণাৰ প্ৰাক আৰম্ভণিতে তেওঁৰ দৰ্শন হ’ব লাগিব গ্ৰন্থ অধ্যয়নৰ স্পৃহা,সমাজ-সংস্কৃতি আৰু প্ৰকৃতি-মানৱৰ মৌলিক অধ্যয়নী স্পৃহা-নিজকে মৌলিক কৰ্ম-সংস্কৃতিৰ স’তে প্ৰজ্ঞা আৰু সাধনালব্ধ জীৱন-চৰ্যাত বিলীন ঘটাব পাৰিলেহে হয়তো কাব্য গ্ৰন্থ-সাহিত্যই অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ পথ নিৰ্ণয় কৰিব,লগতে কাব্য গ্ৰন্থ ৰচকৰো সাৰ্থকতা হ’ব।যদি এখন কাব্য গ্ৰন্থৰ গভীৰলৈ সোমাই যোৱা হয়,তেতিয়া গ্ৰন্থখনত বৰ্ণিত বিষয়বস্তুৰ জৰিয়তে বৌদ্ধিক জ্ঞান বিকাশৰ লগতে সমাজ-সংস্কৃতিৰ বৰণীয়া ইতিহাসো আয়ত্ত হয়,লগতে সিয়েই সমাজ সংস্কাৰৰ দিশটোক উপস্থাপন কৰি গ্ৰন্থ ৰ মৌলিকত্ব বৃদ্ধি কৰে।আমি শিক্ষা-দীক্ষাৰে একোজন মানুহ হিচাপে সমাজত থিয় দিয়াৰ গৌৰৱবোধ কৰো যদিও পাহৰি যাওঁ সমাজ-সংস্কৃতিৰ নীতি বহিৰ্ভুত শৃংখলাৰ কথা।সেই কথাবোৰেই কাব্য গ্ৰন্থৰ ভিতৰ ভাগত লিপিবদ্ধ থাকে আৰু অধ্যয়ন কৰিলেই মনলৈ আহে এখন সমাজৰ শৃংখলাপুৰ্ণ নীতি আৰু বন্ধন,য’ত সকলোৱে সমাজ-সংস্কৃতিৰ কথাবোৰ ভাবিবলৈ সুবিধা পায় আৰু উত্তৰণৰ দিশত আগবাঢ়িব পাৰে।সেয়েহে গ্ৰন্থই সমাজ সংস্কাৰ কৰে বুলিও ধাৰণা কৰে।

আনহাতে,সকলো মানুহ যদিওবা গ্ৰন্থ অধ্যয়ন প্ৰসুত নহয়,তথাপি এনে এজন মানুহ নোলাব যে নিজে পঢ়িব বা লিখিব নাজানিলেও যিকোনো এখন গ্ৰন্থৰ সোৱাদ নোলোৱাকৈ এই সমাজত আছে।প্ৰতিজন মানুহেই গ্ৰন্থই প্ৰকাশ কৰা কাহিনী বা ঘটনাৰ আস্বাদন লোৱা আমাৰ সমাজত দেখা যায়।গতিকে গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত লেখক আৰু প্ৰকাশক-বিক্ৰেতাৰ দায়িত্ব বাঢ়ে গ্ৰন্থ এখনৰ কাহিনী বা ঘটনাৰ বিশদ উপস্থাপনৰ লগতে শুদ্ধ পৰিসৰ গঢ়াত।আমাৰ নৈতিক দায়িত্ব গ্ৰন্থৰ লগত একাকাৰ কৰা প্ৰস্ংগত হয়তো এই প্ৰশ্নও আহিব পাৰে যে গ্ৰন্থ আৰু গ্ৰন্থমেলাৰ মাজৰ বৈশিষ্ট্যসুচক সম্পৰ্ক কেনে বা ইয়াৰ জাগতিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত কি কি ক্ৰিয়াত্মক কাৰ্যৰ গতিপথ নিৰ্ণয় কৰে?গতিকে এনে প্ৰশ্নৰ উত্তৰ প্ৰস্ংগতো গ্ৰন্থ আৰু গ্ৰন্থমেলাৰ প্ৰায়োগিক নান্দনিকতা আৰু বিষয়ভিত্তিক আলোচনাইহে ক্ৰিয়া কৰে,য’ত গ্ৰন্থই মহত্ত্ব দান কৰি বৌদ্ধিক চিন্তা-চৰ্চাৰ ভেটি গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰে,সেই গ্ৰন্থৰ দ্বাৰাই একোখন গ্ৰন্থমেলাকো পুৰ্ণতা লাভৰ ক্ষেত্ৰত অৰিহণা যোগায়।উল্লেখ্য যে গ্ৰন্থ অবিহনে কোনো এখন গ্ৰন্থমেলাই স্থায়িত্ব অৰ্জন কৰিব নোৱাৰে।অৱশ্যে গ্ৰন্থমেলাৰ স্থায়িত্ব আৰু মৰ্যাদা প্ৰাপ্তিৰ ক্ষেত্ৰতো গ্ৰন্থৰ মৌলিক স্বত্বইহে সেই স্থান নিৰ্ণয় কৰে।ইয়াৰ মুল কাৰণ্টোৱে হ’ল-পাঠকৰ ৰুচিপুৰ্ণ গ্ৰন্থ গ্ৰন্থমেলাত পাব পৰাৰ ব্যৱস্থা থাকিব লাগিব।গতিকে গ্ৰন্থৰ ৰচকসকলে পাঠকৰ ৰুচিপুৰ্ণ গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত গুৰুত্ব দি প্ৰকাশক গোষ্ঠীবোৰক গ্ৰন্থৰ মৰ্যাদা প্ৰাপ্তিত নিজকে প্ৰস্তুত কৰি তুলিব লাগিব।এনে এক চিন্তা-চেতনাৰে আলোকপাত কৰাৰ প্ৰয়োজনবোধ কৰিছো গ্ৰন্থমেলা আৰু গ্ৰন্থৰ আগলি বতৰা সম্পৰ্কে এটি যেন মিঠা অনুভৱ ৰস আস্বাদনী বিন্যাস,প্ৰজ্ঞাময়ী জীৱন গঢ়া আৰু সাধনাৰ বৰ্ণিল বাট বুলাৰ সমাহাৰপুষ্ট বতৰাৰ উদ্ভৱ হয়।অনুভৱ হয় এখন সুস্বাদু আৰু জ্ঞানোদ্দীপ্ত গ্ৰন্থ কিনাৰ,য’ত পৰিপুষ্ট হৈ থাকে নানাৰঙী গ্ৰন্থ আৰু আনন্দৰ মহামেলা আৰু য’ত পোৱা যায় হেঁপাহ আৰু প্ৰয়োজনবোধৰ গ্ৰন্থ।হেঁপাহ আৰু প্ৰয়োজনবোধৰ যি গ্ৰন্থ পাব পাৰি সেই প্ৰাপ্তিস্থান আচলতে এখন ব্যৱসায়িক বিপণী যদিও ইয়াৰ পুৰ্ণ স্বাক্ষৰ বহন কৰে সৰ্বস্তৰৰ প্ৰকাশন গোষ্ঠী-বিক্ৰেতাৰ সমাহাৰেৰে পৰিবেষ্টিত হৈ ৰুপদান কৰা গ্ৰন্থমেলাইহে।

সেয়ে গ্ৰন্থমেলাৰ জৰিতে মনৰ আনন্দৰ খোৰাক জন্মাই এখন গ্ৰন্থৰ সুবাস লোৱাৰ লগতে বিশ্ববন্দিত ফ্ৰেংকফুৰ্ট গ্ৰন্থমেলাৰো কিছু কথা জনাৰ প্ৰয়োজন আছে।এইখন গ্ৰন্থমেলাই হৈছে বিশ্বৰ প্ৰথম আৰু সৰ্ববৃহৎ গ্ৰন্থমেলা।পোন প্ৰথমবাৰৰ বাবে ফ্ৰেংকফুৰ্ট গ্ৰন্থমেলা আৰম্ভ হৈছিল জোহান্স গুটেনবাৰ্গ আৱিষ্কাৰ কৰা ছপাশাল আৰু আখৰৰ মাধ্যমত প্ৰকাশ পোৱা গ্ৰন্থৰে স্থানীয় প্ৰকাশকৰ দ্বাৰা ফ্ৰেংকফুৰ্টত।১৭ শতিকাৰ পাছত এই গ্ৰন্থমেলাই ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ উন্নয়নতো বিশেষ অৰিহণা যোগোৱাত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে অৰ্থাৎ ১৯৪৯ খ্ৰীষ্টাব্দত ছেণ্ট প’ল চাৰ্চত অনুষ্ঠিত হৈছিল।প্ৰাপ্ত তথ্য মতে জাৰ্মান প্ৰকাশন আৰু গ্ৰন্থ বিক্ৰেতা সংস্থাৰ পৰিচালনাত পাঁচদিন অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাত দুই লাখ ৮৬ হেজাৰ দৰ্শনাৰ্থীৰ সমাহাৰ ঘটিছিল আৰু এশখন দেশে অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে গ্ৰন্থমেলাৰ জৰিয়তে ব্যৱসায়িক প্ৰকাশন,ব্যৱসায়,এজেণ্ট,কিতাপ বিক্ৰেতা,পুথিভঁৰালী,কথাছবি নিৰ্মাতা,অনুবাদক,ছপা যন্ত্ৰ প্ৰতিষ্ঠান,শিল্পী,ৰচক,গ্ৰাহকৰ সৌহাৰ্দ্যপুৰ্ণ এক যোগসুত্ৰৰো সৃষ্টি হয়।গতিকে গ্ৰন্থমেলাই যে শিক্ষা-সাহিত্য-সংস্কৃতিত সৃষ্টিশীল মাধ্যম এটা গঢ়ি তোলে,সেয়া সত্যনিষ্ঠ বাৰ্তাত প্ৰতিষ্ঠিত হৈছে বুলি ক’ব পাৰো।এইক্ষেত্ৰত এটা কথা উল্লেখ কৰাটো সমীচীন হ’ব যে গুৱাহাটেএ গ্ৰন্থমেলা পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ১৯৪৮ ত গুৱাহাটীৰ জজ খেলপথাৰত।

গ্ৰন্থই পাঠক সৃষ্টি কৰে

 

যেতিয়া এখন গ্ৰন্থমেলা অনুষ্ঠিত হয় তেতিয়া সেই গ্ৰন্থমেলাত বিভিন্ন অনুষ্ঠানৰো সমাহাৰ ঘটে।য’ত ন ন গ্ৰন্থৰ উন্মোচন,কবি সন্মিলন,ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন,গীত-মাত আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় আৰু দৰ্শনাথী শ্ৰোতাৰ ভিৰ হয়,তাত তেতিয়া গ্ৰন্থ ক্ৰয়ৰো উজান উঠাৰ সম্ভাৱনা থাকে।আমি এই দৃষ্টিৰে ক’ব খোজো যে ৰাজ্যৰ শিক্ষিত তথা শ্ৰমজীৱী সচেতন ব্যক্তিসকলে অন্তত: মাহৰ পাৰিতোষিকতাৰ পৰা দুশ টকা গ্ৰন্থ ক্ৰয়ৰ নামত খৰচ কৰিলে নিশ্চয় নিজৰ লগতে পৰিয়াল আৰু ওচৰ-চুবুৰীয়াই সেই গ্ৰন্থৰ জৰিয়তে বৌদ্ধিক বিকাশ আৰু সামাজিক দায়বদ্ধ সংস্কৃতিৰ ক্খোজ থ’ব পাৰিব।গতিকে প্ৰতিজন সচেতন ব্যক্তিয়ে যদি গ্ৰন্থৰ উপযোগিতা আৰু চাহিদা লাভৰ অৰ্থে গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয় কৰে আৰু গ্ৰন্থমেলায়ো পাঠকৰ চাহিদা পুৰণ কৰিবলৈ সক্ষম হয়,তেতিয়া এই দুয়োটা ক্ৰিয়া-কাৰ্যই পাঠক বা পঢ়ুৱৈৰ সাংখ্যিক হাৰ বৃদ্ধি কৰিব বুলি আমাৰ ধাৰণা হয়।সেয়ে গ্ৰন্থ ক্ৰয় আৰু পাঠক সৃষ্টিত গ্ৰন্থমেলাৰ অৱস্থান মন কৰিবলগীয়া দিশ এটাও উন্মোচিত হৈ আছে।

পুথিভঁৰাল সৃষ্টিৰো উৎস

 

গ্ৰন্থই পুথিভঁৰাল সৃষ্টি কৰে বুলি কোৱা কথাষাৰ হয়তো এচামে সহজভাৱে মানি ল’বলৈ টান পাব।তথাপি আমি ক’ম এটা পুথিভঁৰাল সৃষ্টিত গ্ৰন্থ আৰু গ্ৰন্থমেলাৰ প্ৰায়োগিক দৃষ্টিভ্ংগী আছে,কিয়নো পাঠক সমাজে যিকোনো সময়ত গ্ৰন্থ কিনিবলৈ টান পায়।পিছে গ্ৰন্থমেলা যদি অনুষ্ঠিত হয়,তেতিয়া গ্ৰন্থ পঢ়ি ভাল নোপোৱা ব্যক্তিয়েও গ্ৰন্থমেলাৰ ৰং-বিৰং পৰিৱেশ চাবলৈ আহি এখন হ’লেও গ্ৰন্থ কিনিবলৈ সাহস কৰা দেখা যায়।আনহাতে,দৈনন্দিনভাৱে গ্ৰন্থ পঢ়ুৱৈসকলৰ কথা সুকীয়া।তেওঁলোকে গ্ৰন্থ ভাল পায় কাৰণেই নিজৰ ৰুচিপুৰ্ণ গ্ৰন্থ কিনি পঢ়ে।সেয়েহে ক’বলৈ দ্বিধা নাথাকে যে মাহত বা বছৰৰ মুৰত যদি একোজন পাঠকে এখনৰ পৰা দহখনলৈ গ্ৰন্থ কিনি পঢ়িবলৈ লয়,তেতিয়া নিজৰ ঘৰতে এটা পুথিভঁৰাল সৃষ্টি হ’ব।তদুপৰি আজিকালি যিবোৰ অঞ্চলত পুথিভঁৰাল স্থাপন হোৱা নাই,সেইবোৰতো বিনাদ্বিধাই একোটা পুথিভঁৰাল স্থাপন হ’ব পাৰে গ্ৰন্থমেলাৰ জৰিয়তে,ব্যক্তি বিশেষ ক্ৰয় কৰা গ্ৰন্থৰ জৰিয়তে আৰু সামুহিক গ্ৰন্থপ্ৰীতিৰে।আকৌ যিসকলে নিজৰ বৌদ্ধিক বিকাশ আৰু  জ্ঞান অৰ্জনৰ কাৰণে ৰুচিপুৰ্ণ গ্ৰন্থ কিনি ঘৰতে পুথিভঁৰালসদৃশ কৰি সংৰক্ষণ কৰে,সেইসমুহ গ্ৰন্থৰ পৰাই কিছুঅংশ হ’লেও সামুহিক পুথিভঁৰাল স্থাপনাৰ্থে দান কৰিলেই একোটা চুবুৰি,একোখন গাওঁ আৰু একোটা অঞ্চলত পুথিভঁৰাল স্থাপন হোৱাত সহায়ক হ’ব।এনে অৰ্থতে গ্ৰন্থমেলাৰ বিশেষত্ব জড়িত থকাটো নিশ্চিত।উল্লেখ্য যে প্ৰায়বোৰ উচ্চ শিক্ষানুষ্ঠানতে একোটা পুথিভঁৰাল আছে আৰু সেই শিক্ষানুষ্ঠানসমুহে গ্ৰন্থৰ চাহিদা বুজি কিছু ৰেহাই মুল্যত গ্ৰন্থ ক্ৰয় কৰাৰ কাৰণে গ্ৰন্থমেলাৰ প্ৰয়োজনীয়তাৰ কথাও উপলব্ধি কৰে।সেয়ে থাউকতে কওঁ যে গ্ৰন্থমেলাৰ জৰিয়তে পুথিভঁৰাল সৃষ্টিত অন্য এক মাত্ৰা সম্পৃক্ত হৈ আছে আৰু ভৱিষ্যতেও পঢ়ুৱৈসকলৰ বাবে ইয়াৰ প্ৰায়োগিক দৃষ্টিভংগী অটুট থাকিব।

একোখন গ্ৰন্থই একোজন সঠিক মানুহৰ ৰুপক সৃসটি কৰে।একেদৰে মানুহ আৰু সমাজৰো গতিপথ গ্ৰন্থই নিৰুপণ কৰে,কিয়নো গ্ৰন্থতেই অন্তৰ্নিহিত হৈ থাকে জীৱন্ত ৰুপ-কথা,জীৱন জিজ্ঞাসাৰ গতি নিৰ্ণায়ক ভৱিষ্যৎ দৰ্শনৰ বাণী।মানুহ যেতিয়া গ্ৰন্থ অধ্যয়নৰ জৰিয়তে সঠিক দৃষ্টিপথৰ গৰাকীৰুপে গঢ়ি উঠে,তেনেদৰে সেই সঠিক মাপকাঠীৰ গঢ়ি উঠে এখন সমাজ,যিখন সমাজৰ পুৰ্ণতাকো মৌলিক আৰু বৌদ্ধিক চিন্তা-ধাৰাৰ ভেটিত গ্ৰন্থইহে ৰুপদান কৰাৰ মাত্ৰা বহন কৰি আছে।সেয়েহে আমি ক’ম-গ্ৰন্থইহে সঠিক মানুহ,সঠিক পথ,সঠিক সমাজৰ দিগগজ হিচাপে পৰেইগণিত হৈছে।এই বৌদ্ধিক চিন্তা-ধাৰা তথা জীৱন জিজ্ঞাসাৰ পৰিমণ্ডলৰ প্ৰসাৰতাক মহত্ত্বপুৰ্ণ কৰি তুলিবলৈ সততে গ্ৰন্থৰ মুল্যবোধ অনুভৱপ্ৰৱণ।সেই অনুভৱপ্ৰৱণ ক্ৰিয়াকাৰ্যক গতিশীল আৰু ঐকান্তিক সাধনাৰ ফলস্বৰুপে অৰিহণা যোগাব গ্ৰন্থইহে,কিয়নো যি গ্ৰন্থৰ মহাৰোল উঠে ঠিক তেনেদৰে সংস্কৃত-সাহিত্য আৰু ঐক্য সংহতিৰো মিলনৰ সেতু গঢ়ি অধ্যয়নী সাধনাৰ পৰিৱেশ গঢ়ি উঠে।এনেদ ক্ষেত্ৰত আমাৰ নৱ প্ৰজন্মক গ্ৰন্থপ্ৰীতি বৰ্ধনৰ হেতুকে ক্ৰিয়াশীল কাব্য গ্ৰন্থ প্ৰকাশ হ’লেহে কাব্য গ্ৰন্থৰ ভৱিষৎ প্ৰাস্ংগিক হৈ পৰিব।ৰাজ্যিক ভিত্তিত ‘গুৱাহাটী গ্ৰন্থমেলা’বিশিষ্ট পৰিসৰত চৰকাৰী সহযোগত অনুষ্ঠিত কৰাৰ লগতে জিলা পৰ্যায়তো একোখন গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ প্ৰাসংগিকতা আছে।

লেখক:হেমন্ত কুমাৰ চৌধুৰী (ৰাইজৰ বাতৰি)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate