'At the end of the day, the most overwhelming key to a child's success is the positive involvement of parents and teachers.
Together we may give our children the roots to grow and the wings to fly...'
শিক্ষাই হৈছে মানৱ জীৱনৰ মূল ভেটি আৰু ঘৰখনেই হ’ল শিক্ষাৰ কঠিয়াতলী। তাৰ পিছতে স্থান পঢ়াশালিৰ। বৰ্তমান সময়ৰ সমাজ ব্যৱস্থা তথা যুগৰ পৰিৱৰ্তন, সমাজত ঘটি থকা বিভিন্ন ঘটনাৱলী আৰু শিক্ষা ব্যৱস্থাত সঘনাই সলনি হোৱা দৃশ্যপটে ছাত্র-ছাত্ৰীৰ ওপৰতো বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। বাতৰিকাকত তথা টেলিভিছন খুলিয়েই দেখা পোৱা অসামাজিক ঘটনা, হত্যা, ধর্ষণ, লুণ্ঠন আদিয়ে শিশুৰ মনতো কু-প্ৰভাৱ পেলায়।
প্রযুক্তিবিদ্যাৰ উত্তৰণে সুফল যেনেকৈ আনিছে, তেনেকৈ কুৰ পৰিমাণে নগণ্য নহয়। সকলো কামৰে ভাল-বেয়া দুয়োটা দিশেই থাকে। দুয়োটা দিশেই জনা-বুজাও জৰুৰী আৰু চালি-জাৰিহে গ্ৰহণ কৰাটো উচিত। কিন্তু এইটো হয়তো মানৱ মনৰেই ব্যাধি যে আমি ভালটোতকৈ বেয়াটোক বেছি গুৰুত্ব দিওঁ বা বেছি সোনকালে গ্ৰহণ কৰে। শিশু আৰু কৈশোৰ অৱস্থাত মনটো অনুসন্ধিৎসু তথা উৎসুক্যৰে ভৰি থাকে। বিশেষকৈ কৈশোৰ অৱস্থাটো হ’ল বয়ঃসন্ধিৰ সময়। এই সময়ছোৱাত নজনা কথা জানিবলৈ, নেদেখা বস্তু চোৱাৰ উত্তেজনাই মনত বিৰাজমান কৰে। দৈহিক আৰু মানসিক পৰিৱৰ্তনে এওঁলোকৰ মনোজগতত সাংঘাতিকধৰণে প্ৰভাৱ পেলায়। যোৱা প্ৰায় ৮-৯ বছৰে জগতখনত বিভিন্ন ল’ৰা-ছোৱালীৰ লগত জড়িত হৈ থাকি লক্ষ্য কৰিছে যে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতেই তুলনামূলকভাৱে সমস্যাসমূহৰ পৰিমাণ বেছি। সময় যিমানে আগবাঢ়িছে, সিমানে যেন সমস্যাও বাঢ়ি গৈছে। আমি হয়তো বহুতেই ক’বলৈ বিচাৰোঁ যে আমাৰ সময়ত এনেকুৱা আছিল বা নাছিল। আচলতে আমি এনেকুৱা এটা সন্ধিক্ষণত আছে যে আমাৰ মনে আগৰ প্ৰজন্মৰ পুৰণি ৰীতি-নীতিবোৰ খামোচ মাৰি ধৰি থাকিবও নিবিচাৰে অথচ নতুন প্ৰজন্মৰ সকলোখিনি আধুনিকতা মানি ল’বও নোখোজে। মনত এটা অহেতুক ভয় সদা বিৰাজমান “কি হ’ব আমাৰ সন্তানসকলৰ ভবিষ্যৎ!!
এজন শিক্ষকৰ দৃষ্টিৰে চাবলৈ গ’লে আজিৰ যুগত গুৰু-শিষ্যৰ সম্পর্কটো আগৰ দৰে ‘দত্ত ছাৰ আহিছে বুলি ক’লে ভয়তে কঁপা বা ৰাস্তাত দেখিলে চাইকেলৰ (আজিকালি অৱশ্যে স্কুটা বা বাইক) পৰা নামি দিয়াৰ সলনি বেছ বন্ধুত্বসুলভ হ’ল। এইটো এটা ধনাত্মক দিশ বুলিয়েই ক’ব পাৰি। আগতে বিদ্যালয়ৰ পাঠদানত শিক্ষকৰ জ্ঞানেই ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ সীমা নিৰ্ধাৰণ কৰিছিল। ভয় বা সংকোচতে হওক বহুত কমেইহে শ্ৰেণীকোঠাত ‘এইটো কিয় হয় কেনেকৈ হয় ইত্যাদি অতিৰিক্ত প্ৰশ্নৰ অৱতাৰণা কৰিছিল। কিন্তু এতিয়া খৰচী মাৰি অধ্যয়ন নকৰাকৈ, নির্দিষ্ট বিষয়ৰ শেহতীয়া বিতং তথ্য নজনাকৈ শ্ৰেণীকোঠাত পাঠদান দিবলৈ গ’লে শিক্ষকৰেই বিপদৰ আশংকা বেছি। বন্ধুত্বসুলভ আচৰণে বহুক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক পাঠৰ প্রতি আকৃষ্ট কৰাৰ উপৰি কেতিয়াবা ব্যক্তিগতভাৱে জনাৰ লগতে ছাত্র-ছাত্রীৰ কিছুমান সমস্যাও আলোচনা কৰাত সহায়ক হয়। আজিৰ প্রজন্ম ফেচবুক, হোৱাট্ছ্এপ, মোবাইলৰ ভিডিঅ' গেম তথা ইণ্টাৰনেটৰ প্ৰতি বিশেষভাৱে আসক্ত। এতিয়া আৰু কাঠৰ বোৰ্ডত কেৰমৰ গুটি মৰা বা ডাঠ কাগজত লুডু গুটি কোনেও খেলিব নিবিচাৰে। সকলো উপলব্ধ চতুর্ভুজাকৃতিৰ অকণমানি যন্ত্ৰটোত। গতিকে ইয়াৰ অপকাৰিতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সময়ে সময়ে অৱগত কৰোৱাটো শিক্ষকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। অৱশ্যে তাৰ আগতে শিক্ষকজনো নিজেই সংযমী হ'ব লাগিব। ছাত্ৰ-ছাত্ৰীক মোবাইলৰ ভয়াৱহতাৰ বিষয়ে জ্ঞাত কৰি শিক্ষকজনক নিজেই যদি ষ্টাফ ৰূমত বহি মোবাইল খুঁচৰি থকা ছাত্ৰ-ছাত্ৰীয়ে দেখে, তেন্তে সেই জ্ঞান কেতিয়াও ফলপ্রসূ নহয়। ২০১৫ চনত এবাৰ ছাত্ৰ-ছাত্ৰীৰ দল এটা লৈ মুম্বাইৰ আই আই টিলৈ প্ৰশিক্ষণত যাওঁতে তাত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এজন অধ্যাপকৰ ভাষণ এটা শুনাৰ সৌভাগ্য হৈছিল। তেখেতে কৈছিল- 'We should not keep our mobile phone near our body when we sleep or not in use. It releases so much of high radiation that if affects not only our brain or heart but also any part of our body. Now, you decide which part of your body you don't like.
শ্ৰেণীকোঠাত প্ৰতিজন ছাত্র-ছাত্রীকে বুজি পোৱাটো বা সমানে গুৰুত্ব দিব পৰাটোও শিক্ষকজনৰ বাবে এটা প্ৰত্যাহ্বান। শিক্ষাৰ অধিকাৰ আইন, ২০০৯ মতে এটি শ্ৰেণীকোঠাত ছাত্র-শিক্ষকৰ অনুপাত ৩০:১/8০:১ হ’ব লাগে। কিন্তু বৰ্তমানৰ বিদ্যালয়সমূহত বিশেষকৈ ব্যক্তিগত খণ্ডত মুনাফা লাভৰ বাবেই এটা শ্ৰেণীকোঠাত নির্দিষ্ট আনুপাততকৈ বহু বেছি ল’ৰা-ছোৱালীৰ নামভৰ্তি কৰোৱা হয়। গতিকে ৪০-৪৫ মিনিটৰ এটা ক্লাছত প্ৰত্যেক ছাত্ৰ-ছাত্ৰীক ব্যক্তিগতভাৱে গুৰুত্ব দিবলৈ বহুক্ষেত্ৰত অসুবিধা নোহোৱা নহয়। কোনো কোনো বিদ্যালয়ত এটা শ্ৰেণীকোঠাত ছাত্র-ছাত্ৰীৰ সংখ্যা ৭৫ চোৱেগৈ। অভিভাৱকসকলৰ নির্লিপ্ততাও ইয়াৰ এক অন্যতম কাৰণ। বিদ্যালয়ৰ ৰোষত পৰাৰ ভয়ত ‘হ’ব আৰু ঘৰতে চাম নতুবা টিউচন দিম জাতীয় চিন্তা কৰি থৈ দিয়ে। তদুপৰি প্ৰত্যেক ল’ৰা-ছোৱালীক বুজি পোৱাটোও শিক্ষকৰ বাবে বৰ সহজো নহয়। অলপতে এটা ঘটনা প্রত্যক্ষ কৰিলোঁ। বাহিৰত দেখাত খুব শান্ত যেন লগা মেধাৱী সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনৰ বেগত উদ্ধাৰ হ’ল জুইশলাৰ বাকচ। পানী খোৱা ছুটীত বন্ধু এজনৰ লগত মনে মনে ছিৰিৰ তলত ধূম্ৰপানৰ সোৱাদ লৈ থকা অৱস্থাত ধৰা পৰিল। ছাত্ৰজন এখন নামজ্বলা মহাবিদ্যালয়ৰ অধ্যাপকৰ পুত্ৰ। ছাত্র দুজনক সাময়িকভাৱে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হ’ল যাতে আন ছাত্ৰ-ছাত্ৰীয়ে তেনে কাম কৰিবলৈ সাহ নকৰে। কিন্তু এইক্ষেত্ৰত ছাত্রজনকো আমি সম্পূৰ্ণ দোষাৰোপ কৰিব নোৱাৰোঁ। বয়সৰ উৎসুক, সামাজিক তথা হয়তো ঘৰুৱা পৰিৱেশ্যে তাৰ বাবে দায়ী। কেৱল শাস্তি প্ৰদান কৰি গালি-গালাজ পাৰিয়েই পৰিস্থিতিৰ পৰা উদ্ধাৰ পালোঁ বুলি ভাবিলে নিশ্চয় ভুল কৰা হ'ব।
ল’ৰা-ছোৱালীক চাৰিত্ৰিক দিশত গঢ় দিয়াৰ ক্ষেত্ৰত আজিকালি অভিভাৱকসকলো সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়। কাৰণ বৰ্তমানৰ প্ৰায়সংখ্যক ল’ৰা-ছোৱালীৰে স্বভাৱত জেল, অহমিকা, অসহিষ্ণুতা, অনিয়মানুৱৰ্তিতা আদি প্ৰতিফলিত হয়। অলপতে এগৰা বান্ধৱীৰ লগত কথা পাতোতে তাই নিজৰ অষ্টম শ্ৰেণীত পঢ়ি থকা জীয়েকৰ কথা বেছ উদ্বিগ্নতাৰে ক’লে—“বুজিছা, আজিকালি এই ল’ৰা-ছোৱালীবোৰ ডাঙৰ হোৱাটো বিপদেই, অলপো শান্তি নাই। দিনটোৰ কামৰ মাজত অলপ সুৰুঙা উলিয়াই ফেচবুক বা হোৱাট্ছ্ এপটো খুলিবলৈ পাওঁহে, গাত গা লগাই বহি ল’বহি 'মা- কি চাইছা? বান্ধৱীৰ লগত পতা প্ৰতিটো কথা বা ভিডিঅ’ই দেখুৱাব পাৰি জানো? প্রাইভেচী বুলি একো নোহোৱা হ’ল। গালি দিলেও যিহে কটাক্ষ কৰি ক’ব তুমিতো অনবৰত তাতেই ব্যস্ত থাকা। হেৰৌ সিহঁতৰ খোৱা-বোৱাৰ যোগাৰ, ঘৰৰ লেপৌ লেপেী কামবোৰ বা কোনে কৰিছে? তাইক কেতিয়াবা ‘চাট’ কৰোঁতে মই বাধা দিলেও ওলোটাই কয়- তুমিওতো তাকেই কৰা। দুপাট চৰ লগাই দিম যেন লাগে বুজিছা?" খং, ক্ষোভত যেন ফাটি যাব তাই। সশব্দে হাঁহি উঠিলো। এৰা, এতিয়াৰ ল’ৰা-ছোৱালীৰ স্কুলীয়া বয়সৰ লগত আমাৰ স্কুলীয়া বয়সৰ বহুত তফাৎ। আগতে মা হতে কথা পাতি থাকিলে যদি ওচৰত থাকো— ডাঙৰ কথাৰ মাজত কিহৰ ভাগ লাগে” বুলি ক’লেই সেমেনা সেমেনিকৈ আঁতৰি যাওঁ নতুবা কেতিয়াবা কোনো কথাত গপ পাতি মাৰ আগত ভাত নাখাওঁ যা' বুলি শুই থাকিলেও দেউতাই যেতিয়া গুৰু-ভীৰ মাতেৰে কয় আহিবিনে ভাত খাবলৈ নে মই যাম ?’ সুৰসুৰকৈ আহি ভাতৰ পাতত বহোঁহি। এতিয়াতো ওলোটাই ধৰিব- নাখাওঁ যা, কি কৰিবি?' সেই সময়ত পিতৃ-মাতৃৰ তালু গৰম নোহোৱাকৈও নাথাকে অথচ প্রতিক্রিয়া দেখুওৱালেও বিপদ। গতিকে যথেষ্ট পৰিমাণে ধৈর্য, সহিষ্ণুতাৰ প্ৰয়োজন হয়। সকলো সময়তে সন্তানকে নিশ্চয় দোষাৰোপ কৰিব নোৱাৰি। আমিও হয়তো বহুক্ষেত্ৰত দায়ী।
যুগৰ পৰিৱৰ্তনৰ লগত খাপ খাই চলিব পৰাকৈ নিশ্চয়েই গতিশীল তথা বহল মানসিকতাৰ পৰিচয় আৰু উচিতো। কিন্তু বহু সময়ত আমি যেন হৈ পৰিছে। যন্ত্র, য’ত মৰম, আন্তৰিকতা, সহৃদয়তা আদি শব্দবোৰৰ বাবে হৃদয়ৰ দ্বাৰ ৰুদ্ধ কৰি ঈৰ্ষা, স্বাৰ্থপৰতা, ঠগ, আত্মকেন্দ্রিকতা আদিৰ বাবে হৃদয় মুকলি কৰি দিছোঁ। যন্ত্ৰৰ আৱিষ্কাৰে জীৱন সুচল কৰিছে ঠিকেই কিন্তু সময় ৰাহি হোৱাতকৈ ব্যস্ততাবোৰ যেন বাঢ়িহে গৈছে। নিজক বন্দী কৰি লৈছোঁ এটা বৃত্তৰ আৱৰ্তত, য’ত বিনা অনুমতিত আনৰ প্ৰবেশ নিষেধ। বহুক্ষেত্ৰত ল’ৰা-ছোৱালীক দিবলৈ প্ৰয়োজন অনুসৰি সময়ৰ নাটনি। কর্মব্যস্ততাৰ অজুহাতত সিহঁতৰ হাতত তুলি দিছোঁ ৰিম’ট অথবা মোবাইল গেম। ইণ্টাৰনেটৰ ফেণ্টাচী দুনিয়াত সোমাই বাহিৰৰ পৃথিৱীক আপোন কৰি লওঁতে আপোনেই পৰ হৈ পৰিছে। ককা-আইতাৰ আঙুলিত ধৰি ফুৰিবলৈ যোৱা, সাধু শুনা আদিবোৰো পুৰণি সাধুকথাৰ লেখীয়াই হ’ল। অলপতে বাতৰিকাকতত প্ৰকাশিত হোৱা মোৰ দুটামান লেখা সন্দৰ্ভত বন্ধু তথা চিনাকি মহলত উনুকিয়াওঁতে কেইজনমানৰ সঁহাৰি আছিল এনেধৰণৰ— ‘আমি আকৌ পেপাৰ লওঁৱেই নহয়। পঢ়াই নহয়। আজিকালি খবৰবোৰ ফেচবুক আদিত পোৱা যায়। হোৱাট্ছ্এপতে পঠাই দিবাচোন। নতুবা ‘অসমীয়া পঢ়িব ভালকৈ নাজানো নহয়। জোটাই জোটাই পঢ়িলেও বহুত সময় লাগে। ঠিকেই, সকলো এতিয়া এটা ক্লিকতে পোৱা যায় কিন্তু বাতৰিকাকতত ছপা হোৱা আখৰকেইটা পঢ়াৰ যি সুখ আৰু আনন্দ, সেয়া কোনো ডিজিটেল আখৰে দিব নোৱাৰে। বাতৰিকাকতে কেৱল দৈনিক খবৰেই নানে, বহু বিদ্বান সাহিত্যিক মূল্যৱান লেখাসমূহো আনে যি আমাৰ জ্ঞানৰ ভঁৰালেই নহয়, শব্দ আৰু ভাষাৰ গাঁথনিৰ ভঁৰালো টনকিয়াল কৰে, যিখিনি কোনো ফেচবুকতে উপলব্ধ নহয়। বহু কম অভিভাৱকেহে হয়তো সন্তানৰ হাতত দৈনিক বাতৰিকাকত নতুবা বিদ্যালয়ৰ বাহিৰৰ কিতাপ তুলি দিয়ে। পাঠ্যপুথিকেইখনকে ভাটৌৱে মতাদি মুখস্থ মাতি পৰীক্ষাত ভাল নম্বৰ পাই বাহঃ বাহঃ লয়। আমাৰ অলক্ষিতে আমিয়েই সিহঁতক দিবলৈ লৈছোঁ এক সংকীর্ণ পৃথিৱী, সংকীর্ণ তথা স্বাৰ্থপৰ মানসিকতা কাৰণ আমিবোৰ ‘নিউক্লিয়াৰ ফেমিলী’ৰ বাসিন্দা, অথচ আমিয়েই আপত্তি কৰোঁ পিতৃ-মাতৃৰ বৃদ্ধাৱস্থাত সন্তানে অৱহেলা কৰা দেখিলে।
আজিকালি সৰু-সুৰা ক্লাছৰ পৰীক্ষাৰ আগতে পিতৃ-মাতৃৰ ব্যস্ততা। দেখিলে ভাব হয় পৰীক্ষা আচলতে কাৰ— সন্তানৰ নে পিতৃ-মাতৃৰ !! পৰীক্ষাৰ সময়ত কাৰোবাৰ ঘৰত আলহী হৈ দেখা দিয়া তথা গৃহক তিতা কেৰালাৰ ৰস খুওৱা একে কথা। “ন’ এন্ট্রা"ৰ বোৰ্ডখন লগাবলৈহে বাকী থাকে। এনেও আজিকালি বিনা অনুমতিত কাৰোবাৰ ঘৰত গৈ ওলালে। হাঁহিমুখৰ সলনি বিৰক্তিত চেলাউৰি থুপ খোৱা মুখখনহে দেখাৰ সৌভাগ্য হয়। গতিকে আলহী সোধা আদৰ-অভ্যর্থনা কি বস্তু ল’ৰা-ছোৱালীয়ে নুবুজে। বুজাৰ অৱকাশ আমিয়েই দিয়া নাই। আত্মকেন্দ্রিকতাই গ্রাস কৰা দুনিয়াত আনৰ বাবে সময়েই বা ক’ত? সন্তানৰ একেবাৰে সৰু সৰু ভাল কামবোৰত বা সফলতাত আমি প্রশংসা কৰিবলৈ পাহৰি যাওঁ কিন্তু দোষটো খুঁচৰিবলৈ বা আনৰ লগত তুলনা কৰি তিৰস্কাৰ কৰিবলৈ নাপাহৰে। সকলো যেন দৌৰিছোঁ এক অঘোষিত প্রতিযোগিতাত বিজয়ী হোৱাৰ মানসেৰে। ফলত সিহঁতৰ হতাশা, একাকীত্বই লৈ যায় আন এখন পৃথিৱীলৈ ঘূৰাই অনাৰ সময় পাৰ হোৱাৰ পিছতহে আমাৰ অনুভৱ হয়। নিজৰ ভুলখিনি অথবা কেতিয়াবা নিজৰ ভুলখিনি উলাই কৰি সমস্ত দোষ জাপি দিওঁ সিহঁতৰ ওপৰত নতুবা সিহঁতৰ বন্ধু-বান্ধৱৰ ওপৰত। আগতে ঘৰৰ সকলো লগ হৈ বহি অথবা দুই-চাৰিজন লগ হৈ মৰা আড্ডাত স্বতঃস্ফূর্ত হাঁহিৰ ৰহঘৰাৰ ঠাই লৈছে লাফিং ক্লাবে। কাৰণ বিনা কাৰণত আড্ডা মাৰি অন্তৰ খুলি হাঁহিবলৈ, দুটা-চাৰিটা কথাৰ বিনিময় কৰিবলৈ আমাৰ সময়ো নাই, আন্তৰিকতাও নাই। এনেস্থলত অনুভৱ হয় আমি আচলতে কি দি যাবলৈ ওলাইছো আমাৰ উত্তৰসুৰীক প্রত্যেক পিতৃ-মাতৃৰেই নিজৰ সন্তানৰ প্ৰতি থাকে অগাধ বিশ্বাস, মৰম-স্নেহ। প্ৰত্যেকেই বিচাৰে নিজৰ সন্তানক পাৰ্যমানে সুখ-স্বাচ্ছন্দ্যৰ মাজত ডাঙৰ-দীঘল কৰি অভাৱ-অনাটনৰ পৰা আঁতৰত ৰাখিবলৈ। কিন্তু অত্যধিক প্ৰীতি, অন্ধভাৱে কৰা বিশ্বাস, প্রাচুর্যতা তথা অসচেতনতাই সন্তানৰ জীৱনলৈ কাণ নমোৱাতহে সহায় কৰে। স্কুলীয়া অৱস্থাত স্মার্টফোন, বাইক আদিৰ প্ৰয়োজনীয়তা নিশ্চয়েই খুব জৰুৰী নহয়। যদিও দিয়া হয় সন্তানৰ কার্যকলাপ লক্ষ্য ৰখা আৰু নেটেৰ সংযোগ সময়সীমা ধাৰ্য কৰি দিয়াটো খুবেই জৰুৰী। বহুক্ষেত্ৰত দেখিছোঁ পিতৃ মাতৃৰ ওচৰত নিচেই নিমাখিত দেখুওৱা ল’ৰা-ছোৱালীৰ বিদ্যালয় অথবা বাহিৰত ৰূপ বেলেগ হয়। গতিকে সততে সন্তানৰ গতি-বিধি তথা পঢ়া-শুনাৰ উত্তৰণৰ ওপৰত নজৰ ৰখাটো নিতান্তই প্ৰয়োজনীয়।
কেৱল এখন ভাল বিদ্যালয়ত নাম লগাই, শিক্ষক বা টিউচনৰ ওপৰত সকলো এৰি চকু মুদি থকাটো একান্তই ভুল। গতিকে পিতৃ-মাতৃ যিমানেই ব্যস্ত নহওক কিয়, সন্তানৰ লগত খোলাকৈ সকলো কথা আলোচনা কৰা, পাৰ হৈ যোৱা দিনটোৰ খতিয়ান লোৱাৰ লগতে পিছৰ দিনৰ কাৰ্যসূচীৰ কথা জানিবলৈ বুজিবলৈ চেষ্টা কৰা, বয়ঃসন্ধিৰ সময়ত আহিব লগা দৈহিক-মানসিক পৰিৱৰ্তনবোৰ বুজাই দিয়া উচিত। কিয়নো বাহিৰত অথবা টিভি, ইউ টিউব আদিত দেখি-শুনি-শিকি ভুল ধাৰণা লোৱাতকৈ ঘৰতে অৱগত কৰি ল’লে ভুল পথ লোৱাৰ ভয় বহু পৰিমাণে কমি যায়। সৰু হ’লেও তেওঁলোকৰো যে মতামতৰ গুৰুত্ব আহে, তেওঁলোকে যে পৰিয়াল তথা সমাজৰ গুৰুত্বপূর্ণ ব্যক্তি, অনুভৱ কৰিবলৈ দিয়া উচিত। সন্তানে আমাক দেখি-শুনিয়েই অনুকৰণ কৰে। গতিকে মৰম-স্নেহ, আন্তৰিকতা, সহৃদয়তা, নিয়মানুৱৰ্তিতা আদি গুণবোৰ আমি যদি নিজৰ আভুষণ কৰি লওঁ, নিতান্তই সন্তানেও সেইখিনি আহৰণ কৰিব, যিয়ে সুস্থ-সৱল সমাজ এখন গঢ় দিয়াৰ লগতে সুস্থ মানসিকতাৰ সুনাগৰিক হিচাপে গঢ় দিয়াত সহায়ক হ'ব।
লেখিকা: গীতি মল্লিকা বৰুৱা।
শেহতীয়া উন্নীতকৰণ: : 5/18/2022
জীৱনত এজন শিক্ষকে কি কৰিব পাৰে?
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শ...
প্রাথমিক শিক্ষাৰ ক্ষেত্রলৈ শিক্ষক সহায়কসকলৰ কার্যক...
আদৰ্শ কৃষক গেৰুৱাৰ শিক্ষক বীৰেন বৰা