অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জন গণৰ শিক্ষাৰ অনুষ্ঠান জন শিক্ষণ সংস্থান

জন গণৰ শিক্ষাৰ অনুষ্ঠান জন শিক্ষণ সংস্থান

ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰনালয়ৰ অৰ্থ সাহায্যত চলি থকা বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাৰ এটি অনুষ্ঠান হৈছে জন শিক্ষণ স্ংস্থান। পূৰ্বতে এই অনুষ্ঠানৰ নাম আছিল শ্ৰমিক বিদ্যাপীঠ। এই অনুষ্ঠানসমূহ ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰনালয়ৰ অধীনত। সমাজৰ বিভিন্ন ক্ষেত্ৰত পিছপৰা শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি প্ৰতিগৰাকী ব্যক্তিক আত্ম্নিৰ্ভৰশীল কৰি গঢ়ি তোলাই এই অনুষ্ঠানসমূহৰ মূল উদ্দেশ্য। বৰ্তমানলৈ  সমগ্ৰ ভাৰতবৰ্ষতে এনেধৰণৰ অনুষ্ঠান ২৭৫ টা আছে। তাৰ ভিতৰত "জন শিক্ষণ স্ংস্থান কামৰূপ" অন্যতম। ২০০৩ চনত প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানটোৱে কামৰূপ জিলাৰ বিভিন্ন উন্নয়ন খণ্ড তথা পঞ্চায়তত বহু স্ংখ্যক বৃত্তিমুখী তথা কাৰিকৰী প্ৰশিক্ষণৰ ব্যৱস্থা কৰি যথেষ্ট সুফল পাইছে। ইতিমধ্যে জন শিক্ষণ সংস্থান কামৰূপৰ দ্বাৰা পৰিচালিত প্ৰশিক্ষণ লৈ কামৰূপ জিলাৰ বহুস্ংখ্যক ব্যক্তি লাভাম্বিত হোৱাৰ উপৰিও আত্মস্ংস্থাপিত হৈছে।

জন শিক্ষণ স্ংস্থান কামৰূপৰ উদ্দেশ্যসমূহ

> ব্যক্তিগত বৃত্তিমুখী নিপুণতা আৰু ব্যৱহাৰিক জ্ঞান বৃদ্ধিৰ জৰিয়তে উত্‌পাদন ক্ষমতা বৃদ্ধি কৰা।

> কামৰূপ জিলা লোকশিক্ষা সমিতিক শৈক্ষিক আৰু কাৰিকৰী দিশত সহযোগিতা আগবঢ়োৱা।

> অবিৰত শিক্ষা আঁচনিৰ পাৰদৰ্শী ব্যক্তিসকলৰ বাবে দিকদৰ্শক কৰ্মশালাৰ আয়োজন কৰা।

> সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰা।

> জাতিয় লক্ষ্য পূৰণৰ বাবে ধৰ্ম নিৰপেক্ষতা, স্ংহতি, জনস্ংখ্যা আৰু উন্নয়ন, সমতা, পৰিৱেশ সুৰক্ষা আৰু স্ংৰক্ষণত গুৰুত্ব দিয়া।

জন শিক্ষণ সংস্থান কামৰূপে মূলতঃ নিৰক্ষৰ, নৱসাক্ষৰ, অল্পশিক্ষিত, আৰ্থিক্ভাৱে দুৰ্বল, অনুসুচিত জাতি-জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলকহে প্ৰশিক্ষণসমূহৰ বাবে অগ্ৰাধিকাৰ দি আহিছে।

আপুনিও এই অনুষ্ঠানৰ জৰিয়তে বৃত্তিমুখী তথা কাৰিকিৰী প্ৰশিক্ষণ লৈ আত্ম্নিৰ্ভৰশীল হ'ব পাৰে।

জন শিক্ষণ সংস্থান কামৰূপে স্কুটাৰ, মটৰ চাইকেল মেৰামতি, চাইকেল-ৰিক্সা মেৰামতি, ইলেক্ট্ৰিচিয়ান, ৰেডিঅ'-টিভি মেৰামতি, পুতলা প্ৰস্তুতকৰণ, মেচিন এম্ব্ৰডাৰি, বিউটিচিয়ান, স্ক্ৰিণ প্ৰিন্টিং, হস্ততাঁত আৰ বস্ত্ৰ শিল্প, ফেব্ৰিক পেইন্টিং, প্লাম্বাৰ, পাৱাৰটিলাৰ মেৰামতি, খাদ্য স্ংৰক্ষণ, মৌ পালন, কাটিং এণ্ড টেইলৰিং আদি বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে।

২০০৩ চনৰ এপ্ৰিলৰ পৰা ২০১১ চনৰ মাৰ্চ মাহলৈ জন শিক্ষণ সংস্থান কামৰূপৰ দ্বাৰা পৰিচালিত বিভিন্ন প্ৰশিক্ষণত অংশগ্ৰহণ কৰি উপকৃত হোৱা ব্যক্তিৰ স্ংখ্যা তলত উল্লেখ কৰা হ'ল।

 

বৰ্ষপুৰুষমহিলামুঠ
২০০৩-০৪ ১৪৭ ১৯৬ ৩৪৩
২০০৪-০৫ ১৪৫ ৩৬৭ ৫১২
২০০৫-০৬ ৩১০ ৫৯৩ ৯০৩
২০০৬-০৭ ৩০৮ ৬১৩ ৯২১
২০০৭-০৮ ২৪৭ ৭৪২ ৯৯১
২০০৮-০৯ ৩৯৮ ১৬১১ ২০০৯
২০০৯-১০ ৭০৮ ১৭৭৬ ২৪৮৪
২০১০-১১ ১০২৫ ১৮১০ ২৮৩৫
২০১১-১২ ৪২৫ ২৩১৮ ২৭৪৩
২০১২-১৩ ৩৬৭ ৭১৯ ১০৮৬

 

আপোনালোকৰ সহযোগিতাত আপোনালোকৰ অঞ্চলতো জন শিক্ষণ সংস্থান কামৰূপে বৃত্তিমুখী তথা কাৰিকৰী প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে।

উৎস: মুনিন কাকতি

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate