মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / জীৱন যাত্ৰাৰ সাৰথি মিতব্যয়িতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱন যাত্ৰাৰ সাৰথি মিতব্যয়িতা

জীৱন যাত্ৰাৰ সাৰথি মিতব্যয়িতাৰ বিষয়ে লিখা হৈছে

 

জীৱন এক অবিৰত যাত্রা। এই যাত্রাৰে আগ বাঢ়ি যাবলৈ আমাক নানা গুণৰ প্রয়োজন। কিয়নো কেৱল জীয়াই থকাটোৱেই আমাৰ উদ্দেশ্য নহয়, জীৱনটোক সুন্দৰভাৱে যাপন কৰাটোও আমাৰ এক কর্তব্য। জীৱনক পৰিপূৰ্ণতা প্রদান কৰিবলৈ আমাক যিসমূহ গুণৰ প্রয়োজন, তাৰ ভিতৰত মিতব্যয়িতাও অন্যতম।

মিতব্যয়িতা কি?

 

মিতব্যয়িতা হ’ল এনে এক গুণ যাৰদ্বাৰা অর্জন কৰা ধন হিচাপ-নিকাচ কৰি সদ্ব্যৱহাৰ কৰিব পৰা যায়। মানৱ জীৱনৰ সাৰথি বুলি পৰিচিত মিতব্যয়িতা গুণৰ দ্বাৰা মানুহে জীৱনত উন্নতি কৰিব বিচাৰে, তেওঁ মিতব্যয়িতা গুণ আয়ত্ত কৰিবই লাগিব।

কিদৰে আয়ত্ত কৰিব পাৰি মিতব্যয়িতা?

 

মিতব্যয়িতা গুণটো আয়ত্ত কৰিবলৈ কোনো নিদিষ্ট নিয়ম নাই। কিয়নো, ই এটা অতি বহল বিষয়। সাধাৰণতে মিতব্যয়ী হ’বলৈ নির্দিষ্ট দিশসমূহ মানি চলিব পাৰি—

  • মিতবায়ী হ’বৰ বাবে কোনো অসাধাৰণ বুদ্ধি বা অতি মানবীয় গুণৰ প্রয়োজন নাই; বৰং তাৰ বাবে লাগে সাধাৰণ জ্ঞান আৰু অত্যাধিক আমোদ-প্রমোদৰ পৰা নিজকে দূৰত ৰখাৰ সংকল্প। ই মিতবায়ী হোৱাত সহায় কৰে।
  • ধন উপাৰ্জন কৰিব পাৰিলেই মিতব্যয়ী নহয়। উপাৰ্জন কৰা ধন সঠিকভাৱে ব্যৱহাৰ কৰি সাঁচিব পৰিলেহে মিতব্যয়ী হ’ব পাৰি।
  • মিতব্যয়ী হোৱাৰ অন্যতম পদক্ষেপ হ’ল নীতি-নিয়ম। যি মানুহে নীতি-নিয়মত চলে, তেনে মানুহ মিতব্যয়ী হ’ব পাৰে।
  • কথাতে কয়-"অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।' আমি কিমান টকা উপাৰ্জন কৰিছো, সেয়া ডাঙৰ কথা নহয়, কিন্তু জমা কৰা অভ্যাসটো আয়ত্ত কৰিছোনে নাই সেয়া ডাঙৰ কথা। যদি আমি এই অভ্যাস আয়ত্ত কৰিছো, তেন্তে মিতব্যয়ী হোৱাৰ পথ নিশ্চিত।
  • মিতব্যয়ী হোৱাৰ ক্ষেত্ৰত প্ৰতিটো দিনৰ খৰচৰ নিখুঁত হিচাপে ৰখা অভ্যাস কৰিব লাগে। এনে অভ্যাসে আপোনাক মিতব্যয়ী গুণটো আয়ত্ত কৰাত সহায় কৰিব।
  • মিতব্যয়ী হোৱাৰ ক্ষেত্ৰত সময়ানুৱর্তী হোৱা দৰকাৰ। অর্থাৎ যিয়ে সময়ৰ মূল্য বুজি কাম কৰে, তেওঁ কেৱল সময়ানুবর্তীয়েই নহয়, মিতব্যয়ীও।
  • হাতত ধন থাকিলেই যিয়ে লাগ-বান্ধ নোহোৱাকৈ খৰচ কৰে, তেওঁ কেতিয়াও মিতব্যয়ী হ’ব নোৱাৰে। সেয়ে মিতব্যয়ী হ’বলৈ ধনৰ সদ্ব্যৱহাৰ জনাটো অতি দৰকাৰী।
  • ইচ্ছাশক্তি হৈছে মিতব্যয়িতাৰ এক অন্যতম সপোন। মিতব্যয়ী হ’বলৈ নিজৰ মনত ইচ্ছা জাগ্ৰত কৰাটো দৰকাৰ। এবাৰ এই ইচ্ছা জাগ্রত কৰিব পাৰিলে মিতব্যয়ী হোৱাৰ পথ সুগম হয়।
  • মিতব্যয়ী হ’বলৈ যিমান উপাৰ্জন কৰা যায়, সদায় তাতকৈ কম খৰচ কৰিব লাগে আৰু ভৱিষ্যতৰ বাবে ধন সাঁচি ৰাখিব লাগে। ধোঁৱাখুলীয়া মানুহ কাহানিও মিতব্যয়ী হ’ব নোৱাৰে।
  • মিতব্যয় হ’বলৈ আমি বাকী কৰা বদঅভ্যাসটো পৰিত্যাগ কৰি নগদ ধন দি বস্তু লোৱাৰ সুঅভ্যাসে আয়ত্ত কৰিব লাগে। এনে সুঅভ্যাসে আমাক মিতব্যয়ী হোৱাত সহায় কৰে। মিতব্যয়ী হ’বলৈ হ’লে প্ৰতিটো পইচা খৰচ কৰোতে ভাবি-চিন্তি কৰিব লাগে, যাতে তাৰ প্রয়োজনীয় ব্যৱহাৰ হয়।
  • বজাৰ কৰিব বুলিয়েই যিহকে পায়। তিহকে কিনি ধন অপচয় কৰা অনুচিত। এয়া নকৰিবৰ বাবে ঘৰৰ পৰা ওলাওঁতেই এখন বস্তুৰ তালিকা নিব লাগে, যিয়ে ধন সদ্ব্যৱহাৰৰ লগতে আপোনাক মিতব্যয়ী হোৱাত সহায় কৰে।
  • মিতব্যয়ী হ’বলৈ সদায় এটা নির্দিষ্ট লক্ষা আৰু উদ্দেশ্য আগত ৰাখিব লাগে আৰু সেইমতে নিজৰ দায়িত্ব পালন কৰিব যাব লাগে।
  • মিতব্যয়ী হ’বৰ বাবে প্রদর্শন কামিতা অভ্যাস থাকিলে পৰিত্যাগ কৰা উচিত। অর্থাৎ আনৰ লগত ফেৰ মাৰিবলৈ নিজস্ব স্থান কদাপি লাঘৱ কৰিব নালাগে। তাকে কৰিলে হিতে বিপৰীতহে হ’ব।
  • মিতব্যয়ী হ’বৰ বাবে বেহিচাপী অভ্যাস থাকিলে তাক পৰিত্যাগ কৰি হিচাপী হোৱাৰ যত্ন কৰা উচিত।

লিখক: দিগন্ত বৈশ্য, অসম বাণী।

2.94871794872
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top