আজিৰ সমাজে যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ চৰম শিখৰত ভৰি দিছেহি, সমাজত প্ৰকৃতপক্ষে একোটা সামাজিক সমতা বিৰাজ কৰাৰ পৰিৱৰ্তে কিছুমান ধৰ্মীয় ভাৱধাৰা, বুৰঞ্জীৰ নিদৰ্শন আৰু পৌৰাণিক দস্তুৰ আদিক দোহাই দি সামাজিকভাৱে মানুহবোৰে সদায় অসমান হৈ থকাৰহে পক্ষপাতিত্ব পোষণ কৰি অহা দেখা গৈছে| সামাজিক অসমতা বোৰ অটুট ৰাখিবৰ বাবে একেবাৰে শেষত সামাজিক বেয়া প্ৰথা কিছুমানৰ সমৰ্থনৰ বাবে বিজ্ঞানকো অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা দেখা হৈছে| বিশেষকৈ ক্ষমতাশালী লোকসকলে জৈৱিক নিৰ্ণয়নবাদক ব্যৱহাৰ কৰি জৈৱিক তথা বংশগত বা জাতিগত কাৰণবশত:হে যে আমাৰ সমাজৰ কিছুমান লোকৰ বুদ্ধিমত্তা, কাৰ্যদক্ষতা, ব্যৱহাৰপাতিৰ নিপুনতা আদিৰ হেৰফেৰ হয়, এই কথাবোৰ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে|
প্ৰকৃততে জৈৱিকভাৱে প্ৰত্যেকজন ব্যক্তিকেই বেলেগ বেলেগ শাৰীৰিক গঠনেৰে জন্ম হৈছে| যঁজা সন্তান বোৰৰ বাদে পৃথিৱীৰ কোনো দুজন লোকেই জৈৱিক গঠনত একে নহয়| মানৱ শৰীৰটো লক্ষ লক্ষ কোষৰ দ্বাৰা গঠিত| আমাৰ শৰীৰৰ ডিম্ব আৰু শুক্ৰকীটৰ বাদে প্ৰত্যেকটো কোষতে ২৩ হেজাৰকৈ ক্ৰ’মজ’ম আছে| এই ক্ৰ’মজ’ম বোৰ প্ৰ’টিন আৰু ডি এন এ বুলি অন্য দুবিধ জৈৱ ৰসায়নৰ দ্বাৰা গঠিত| আমাৰ ক্ৰ’মজ’মত থকা ডি এন এৰ বেলেগ বেলেগ অংশ বিশেষক জিন বুলি কোৱা হয়| আমাৰ উচ্চতা, ছালৰ বৰণ আদিৰ সৃষ্টিকাৰক এই জিনবোৰে আমাৰ বুদ্ধিমত্তা, ব্যৱহাৰিক জ্ঞান বা আমাৰ ভাৱাবেগক নিৰ্ণয় কৰে নে নকৰে আমি নাজানো| জিনে প্ৰকৃততে আমাক ভাল বা বেয়া কৰি গঢ় দিব নোৱাৰে| আমাৰ পৰিৱেশ আৰু মানসিক চিন্তাধাৰাইহে আমাক বিভিন্ন গুণেৰে বিভূষিত হৈ গঠন হোৱাত সহায় কৰে| শুক্ৰকীট আৰি ডিম্বানু লগ হৈ এটা নতুন জীৱনৰ সৃষ্টি হয়| এনেদৰে ‘নতুন জীৱন’ এটাৰ সৃষ্টি সঁচাকৈয়ে অতুলনীয়, কাৰণ লক্ষ লক্ষ সম্ভাৱনাৰে শুক্ৰকীট আৰু ডিম্বাণুৰ সংযোজন ঘটিব পাৰে| প্ৰতিটো সংযোজিত ভ্ৰুণেই একোটা নতুন জীৱনৰ সৃষ্টি কৰে| সেয়েহে জৈৱিক হিচাপত আমি প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে গঠন হোৱা| তাৰ বাদেও পুৰুষ আৰু মহিলাৰ সৃষ্টিতো ক্ৰ’মজ’মৰ পাৰ্থক্য আছে আৰু বেলেগ বেলেগ জাতিৰ মাজত শৰীৰৰ ছালৰ বৰণৰ পাৰ্থক্য আৰু বহুতো সাল-সলনি মানৱ শৰীৰত হ’ব পাৰে|
জৈৱিক নিৰ্ণয়নবাদক বিশ্বাস কৰা সকলে কব খোজে যে মানুহৰ বুধিমত্তাকে ধৰি বহুতো গুণ মানৱ প্ৰজাতি আৰু লিংগৰ ওপৰত নিৰ্ভৰ কৰে| তেওঁলোকৰ মতে পুৰুষ আৰু মহিলা, বগা আৰু ক’লা মানুহ আৰু বৰ্ণভেদে মানুহৰ মাজত বুদ্ধিমত্তাকে ধৰি বহুতো গুণৰ পাৰ্থক্য আছে| ক’লা মানুহবোৰক (আফ্ৰিকা আৰু আমেৰিকা আদি দেশৰ) সদায় বগা মানুহে ‘হেয়’ চকুৰে চাইছিল, দাস কৰি ৰাখিছিল| আমাৰ দেশত সৃষ্টিৰ আদিতে ভগৱাণে গুণ আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি চাৰি বৰ্ণৰহে সৃষ্টি কৰিছিল| জন্মভিত্তিক কুলৰ চিনাকীৰে নহয়| আমাৰ আটাইতকৈ ডাঙৰ মহাকাব্য দুখন, ৰামায়ণ আৰু মহাভাৰতৰ ৰচক দুজন উচ্চকুলৰ লোক নাছিল যদিও গুণ আৰু কৰ্মত তেওঁলোক শ্ৰেষ্ঠ আছিল| অতি উচ্চ পৰ্যায়ৰ জিনীয় বিজ্ঞানৰ গৱেষণাই প্ৰমাণ দাঙি ধৰিছে যে অতি পুৰণি কালত জন্ম-ভিত্তিক জাতি প্ৰথা নাছিল আৰু বেলেগ বেলেগ জৈৱিক গোটৰ মাজত আন্তঃপ্ৰজনন অতিমাত্ৰাই সাধাৰণ কথা আছিল| সেয়েহে লাহে লাহে উচ্চবৰ্ণৰ লোকসকলে নিম্নবৰ্নৰ লোকসকলক ‘হেয়’ চকুৰে চাবলৈও আৰম্ভ কৰি দিছিল| এয়া হ’ল আমাৰ দেশৰ কথা| কিন্তু বিশ্বজুৰি এদল লোকে আকৌ পুৰুষক মহিলাতকৈ, বগা বৰণৰ লোকক ক’লা বৰণৰ লোকতকৈ আৰু উচ্চ বৰ্ণৰ লোক নিম্নবৰ্ণৰ লোকতকৈ বেছি বুদ্ধিমত্তাৰ বুলি কবলৈ বিচাৰে আৰু এইদল লোকৰ প্ৰায়বোৰেই জৈৱিক কাৰণতহে মহিলাসকল বা ক’লা মানুহ অথবা নিম্নবৰ্ণৰ লোকসকলক কম বুদ্ধিমত্তাৰ বা কম কাৰ্যক্ষম বুলি ভ্ৰান্ত ধাৰণা একোটা প্ৰচাৰ কৰিবলৈ বিচাৰে| আমাৰ শৰীৰৰ উৎপত্তিগত গঠনে আমাক বুধিয়ক হোৱাত কেনেকৈ সহায় কৰে, জনা নাযায়| এজন ব্যক্তিৰ মগজুৱে কেনেকৈ কাম কৰে বা এজন ব্যক্তিৰ বুদ্ধিমত্তাক কেনেকৈ জুখিব পাৰি এইবোৰ কথা জৈৱ বিজ্ঞানত সহজে বুজিব পৰা বিধৰ নহয়| আমি সকলোৱে মানি লোৱা উচিত যে মানুহৰ বূদ্ধিমত্তাটো এটা সামাজিক ধাৰণাহে| প্ৰকৃততে বুদ্ধিমত্তাৰ পাৰ্থক্যটো আমি মতা আৰু তিৰোতা, ক’লা আৰু বগা মানুহ, উচ্চ আৰু নিম্নবৰ্ণৰ লোক, মানুহ জাতি বা প্ৰজাতি হিচাপে বিবেচনা কৰাতকৈ সামাজিক বাতাবৰণৰ ফালৰ পৰাহে বিবেচনা কৰা ভাল| লিংগৰ প্ৰভেদে বা জাতিৰ প্ৰভেদে বা বৰণৰ প্ৰভেদে জন্মগতভাৱে কাৰোবাক সামৰ্থ্যৱান বা বুদ্ধিমত্তা কৰি সৃষ্টি কৰিছে বুলি ভাবিলে ভুল ভবা হ’ব|
জীৱ বিজ্ঞানে আমাক কৈছে যে পুৰুষ আৰু মহিলাৰ মাজত গঠনকে ধৰি অন্য বহুতো প্ৰকাৰেও কিছুমান জৈৱ ৰাসায়নিক আৰু উৎপত্তিগত পাৰ্থক্য আছে| আমাৰ শৰীৰত থকা জিনবোৰে আমাৰ ব্যৱহাৰ, আমাৰ ভাৱধাৰা আৰু আভ্যন্তৰীণ স্বভাৱৰ ওপৰত কিমান প্ৰভাৱ পেলায় সেই কথা জনা নাযায়| শাৰীৰিক গঠনৰ পাৰ্থক্যই ইয়াকে নুবুজায় যে তিৰোতা মানুহবোৰ মতা মানুহতকৈ কম বুদ্ধিমান| বহুত ক্ষেত্ৰত দেখা যায় যে পুৰুষে প্ৰাদুৰ্ভাৱ কৰি থকা সমাজত যিগৰাকী তিৰোতাই পুৰুষৰ সমানে কাম কৰে বা স্বাধীনতা বিচাৰে বা খোলোছাকৈ নিজৰ ইচ্ছা ব্যক্ত কৰিব বিচাৰে, তেনে মহিলাক ‘not normal’ আখ্যা দিবলৈ চেষ্টা কৰা হয়| একোজন লোক বা একোটা জাতিয়ে কেতিয়াবা ‘দমন নীতি’ বা তেনে অৱস্থাৰ প্ৰতি বিদ্ৰোহ আচৰণ কৰিলে সমাজৰ এদলে তেনে লোকৰ মাজত জৈৱিক দোষ উলিয়াবলৈ চেষ্টা কৰা দেখা যায়|
এই সকলোবোৰৰ উপৰি জৈৱ বিজ্ঞান আৰু জৈৱ টেকন’ল’জীৰ সহায় লৈ এতিয়া এদল লোকে গোটেই পৃথিৱীতে গৰ্ভতে লিংগ নিৰ্দ্ধাৰণৰ কামত ব্যস্ত হৈ পৰিছে| মানৱ ভ্ৰুণৰ বৃদ্ধিত সহায় কৰা, শাৰীৰিক বেমাৰ-আজাৰৰ পৰা শিশুটোক ৰক্ষা কৰা আদিৰ বাবেহে বায়’টেকন’ল’জী ব্যৱহাৰৰ লক্ষ্য আছিল| কিন্তু বায়’টেক্ন’ল’জীৰ দ্বাৰা এদল লোকে এতিয়া ভ্ৰুণৰ লিংগ নিৰ্ণয়ত ব্যস্ত হৈ পৰাত জৈৱিক বিজ্ঞান আৰু টেকন’ল’জীৰ অপব্যৱহাৰ হ’ব ধৰিছে| তদুপৰি জৈৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহক কিছুমান ৰসায়ন আৰু কৃত্ৰিম দ্ৰব্যৰ পৰা হ’ব পৰা অনিষ্টবোৰ দেখুৱাই দিছে gene screening পদ্ধতিৰ দ্বাৰা| সেয়েহে উল্লেখিত কামবোৰ সমাজৰ সমৃদ্ধিত বাধা সৃষ্টি কৰিছে বা কৰিব বুলি ভবা হৈছে|
প্ৰকৃততে আটাইবোৰ জীয়াই থকা প্ৰাণীৰেই শাৰীৰিক বৃদ্ধি, মানসিক উন্নতিকে ধৰি বয়স হোৱা প্ৰক্ৰিয়া আৰু মৃত্যু এই সকলোবোৰ জিনৰ দ্বাৰাই নিয়ন্ত্ৰিত হয় যদিও মানুহে জিনৰ ওপৰতো নিজক সম্পুৰ্ণ সমৰ্পণ কৰি দিয়া নাই| মানৱ জাতিৰ বহুতো কাৰুকাৰ্যই ইতিমধ্যে প্ৰমাণ কৰিছে যে আমি আণুবংশিত পৰিসীমাৰ বহুতো ওপৰলৈ গৈছোঁ| সেয়ে নাৰী আৰু পুৰুষ, বগা বা ক’লা ছালৰ লোক, উচ্চ আৰু নিম্নবৰ্ণৰ লোকৰ বুদ্ধিমত্তা, চিন্তা-চৰ্চাৰ পাৰ্থক্য বা তাৰতম্যৰ কথাবোৰ জন্মসূত্ৰে পোৱা বুলি ভবাটো বিজ্ঞানসন্মত ভাৱে সঁচা নহয়|
কেইবছৰমানৰ আগেয়ে আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ সভাপতি লৰেঞ্চ ছামাৰাছে ‘মহিলাসকলে বিজ্ঞান জগতত প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰা’ বুলি মন্তব্য প্ৰকাশ কৰাৰ বাবে তেওঁ নিজৰ পদবী এৰিব লগাত পৰিছিল| সেইদৰে পিটাৰ লৰেঞ্চ নামৰ এজন বিখ্যাত বিজ্ঞানী আৰু ব্ৰিটিছ ৰয়েল ছ’চাইটীৰ সদস্যজনে ‘Men and women think differently’ বুলি কৈ মহিলা সকলক পুৰুষতকৈ তলত ৰখা ধৰণৰ এটা উক্তি কৰিছিল| লৰেঞ্চে বিখ্যাত Science পত্ৰিকাত এটা প্ৰবন্ধ উল্লেখ কৰিছিল যে যদিও ৬০ শতাংশ ছাত্ৰীয়েই জীৱ বিজ্ঞান অধ্যয়ন কৰে, কিন্তু তেওঁলোকৰ মাজৰ ১০ শতাংশয়ো ‘প্ৰ্ফেছাৰ’ পদবীলৈ যোৱা দেখা নাযায়| লৰেঞ্চৰ এই উক্তিৰ বিপক্ষে নেন্চী হপ্কিনছ নামৰ মাছাছুছেট্ছ ইন্ষ্টিটিউট অব্ টেকন’ল’জীৰ জীৱ বিজ্ঞানৰ প্ৰফেছাৰ এগৰাকীয়ে কৈছিল যে পুৰুষ আৰু মহিলাৰ মাজত জেনেটিক পাৰ্থক্য দেখুৱাবৰ বাবেই এনে ধৰণৰ পুৰণা মনোভাৱ একোটা সৃষ্টি কৰা হৈছে| তেওঁৰ মতে এগৰাকী মহিলা বিজ্ঞানীয়ে গৃহ-সংসাৰ চম্ভালাৰ লগতে ল’ৰা-ছোৱালী ডাঙৰ কৰিব লাগে| বহু ক্ষেত্ৰত পৰিয়ালৰ পৰা সহযোগ নাপায়| সেয়েহে বহুতো গুণী আৰু বুদ্ধিমতী মহিলাই নিজৰ জীৱনৰ আশা-আকাংক্ষা আৰু সপোনবোৰ বহুত সময়ত কাৰ্যত পৰিণত কৰিব নোৱাৰে| প্ৰকৃততে মহিলা সকলে পুৰুষতকৈ বহুত বেছি কাম কৰিব পাৰে, কাৰণ মহিলাই আটাইতকৈ ক্ৰম’জ’মকেই খটুৱাই কাম কৰে| তথাপি মহিলাক গোটেই বিশ্বতে এদলে হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা চলাই আছেই|
সামৰণিত ক’ব বিচৰা হৈছে যে মানুহৰ বুদ্ধিমত্তা, কাৰ্যদক্ষতা আদি গুণবোৰ আহৰণ কৰাহে, কোনো ধৰণৰ জৈৱিক অৱদান নহয়| মানৱ জাতিৰ কল্যাণৰ হেতু ব্যৱহাৰ কৰিব লগা আৱিষ্কাৰ সমূহক মানৱৰ হিতৰ বাবে ব্যৱহাৰ নকৰি অপব্যৱহাৰ কৰিলে, মানৱ সমাজৰ উন্নতি এদিন স্থবিৰ হৈ পৰিব বুলি বিজ্ঞসকলে মত প্ৰকাশ কৰিছে|
লেখক:- ড° চৌধুৰী নাথ শইকীয়া
উৎস:- দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 11/25/2021