পীচ এণ্ড কনফ্লিক্ট ষ্টাডিজ কি
সমাজ অধ্যয়নৰ বিভিন্ন বিষয়ত আমি ইতিমধ্যে বিভিন্ন কেৰিয়াৰৰ দিশৰ দৃষ্টিভংগীৰে তথ্য তথা লেখা প্রকাশ কৰিছোঁ। আজিৰ শিতানত আমি এনে এটা বিষয়ে প্রকাশ কৰিব বিচাৰিছে৷ যিটোৰ বিষয়ে হয়তো বহুতেই জ্ঞাত নহয়। আজি আমাৰ বিষয় হৈছে শান্তি অধ্যয়ন তথা শান্তি আৰু সংঘাত অধ্যয়ন, যাক ইংৰাজীত কোৱা হয় পীচ এণ্ড কনফ্লিক্ট ষ্টাডিজ। বহুতেই হয়তো ভাবিব পাৰে যে এই বিষয়টো ৰাজনীতি বিজ্ঞান বা তেনেকুৱা বিষয়ৰ অংশ বুলি, কিন্তু বর্তমান এইটো এটা অধ্যয়নৰ বিষয় হৈ পৰিছে আৰু এনে বিষয় অধ্যয়ন কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ কৰ্মসংস্থাপন লাভ কৰিব পাৰে।
শান্তি আৰু সংঘাত অধ্যয়নৰ দ্বাৰা সমাজত চলি থকা বিভিন্ন সংঘাতৰ ওপৰত অধ্যয়ন কৰা হয় আৰু চেষ্টা চলোৱা হয় যে কেনেধৰণে সমাজত শান্তি প্রতিষ্ঠা কৰিব পাৰি। আমাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত যোৱা কেইটামান দশক ধৰি বিভিন্ন সংঘাত চলি আছে, যাৰ দ্বাৰা হিংসাৰ সৃষ্টি হৈছে আৰু বহুতো নিৰীহ লোক তথা অন্যান্য ব্যক্তিৰ মৃত্যু হৈছে। কেইখনমান ৰাজ্যত শান্তি ঘূৰি আহিছে। যদিও এতিয়া বিভিন্ন সংঘাত আমি দেখিবলৈ পাওঁ । সাধাৰণতে হিংসাৰ নিচিনা কার্যকলাপ নোহোৱালৈকে আমি গম নাপাওঁ যে সংঘাতবোৰ কেনেকুৱা স্তৰত আছে। হিংসা সাধাৰণতে একেদিনাই আৰম্ভ নহয় আৰু সেয়েহে যিকোনো সমাজত শান্তি প্রতিষ্ঠা কৰিবলৈ হ’লে আমি ইয়াৰ কাৰণসমূহ অধ্যয়ন কৰিব লাগিব। এই অধ্যয়নৰ জৰিয়তে বিভিন্ন হিংসাৰ কাৰণ তথা অহিংসাৰ মাধ্যমেৰে কেনেধৰণে সমস্যাবোৰৰ সমাধান কৰা হয় তাৰ ওপৰত গৱেষণা তথা অধ্যয়ন কৰা হয়। এই বিষয়ৰ লগত অন্যান্য বিষয়, যেনে— ৰাজনীতি বিজ্ঞান, অর্থনীতি, আন্তর্জাতিক সম্পর্ক, সমাজ বিদ্যা, ইতিহাস, নৃতত্ব, ধৰ্মীয় শিক্ষা আদি বিভিন্ন দিশ জড়িত হৈ থাকে। এনে এটা বিষয় অধ্যয়ন কৰিব বিচৰা ছাত্র-ছাত্ৰীসকলৰ ধৈর্য থকাটো বাঞ্ছনীয়। কেবল অসম বা উত্তৰ-পূর্বাঞ্চল বুলিয়েই নহয়, এনে অধ্যয়ন বিভিন্ন দেশৰ বাবে প্রয়োজন—যিবোৰত বিভিন্ন ধৰণৰ সংঘর্য বা হিংসাৰ সূত্রপাত হৈছে। এনে বিষয় অধ্যয়ন কৰাৰ সুযোগ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশতো আছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধীনত শান্তি আৰু সংঘাত অধ্যয়নৰ পাঠ্যক্রম আছে। টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ গুৱাহাটী চৌহদত M.A in Peace and Conflict Studies পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুযোগ আছে। এনেবোৰ পাঠ্যক্ৰমত আমাৰ দেশৰ লগতে বিদেশতো বিভিন্ন উদাহৰণ সন্নিৱিষ্ট কৰা আছে, যাৰ দ্বাৰা ছাত্র-ছাত্ৰীসকলে শান্তি স্থাপন কৰাৰ বাবে বিভিন্ন উপায় বিচাৰি উলিয়াব পাৰে। কিছুমান শিক্ষানুষ্ঠানৰ দ্বাৰা ডিপ্লমা বা দূৰ সংযোগাযোগে এই বিষয়ত অধ্যয়ন কৰিব পাৰে।
দেশৰ আগশাৰীৰ এখন অন্যতম বিশ্ববিদ্যালয়ত জামিয়া মিলিয়া ইছলামিয়াত The Nelson Mandela Centre for peace & Conflict Resolution নামৰ কেন্দ্ৰৰ ২০০৪ চনত স্থাপন কৰা হৈছিল। ভাৰতবৰ্ষত অন্যান্য কিছুমান সংস্থা আছে, যিবোৰ বিশেষভাৱে এই বিষয়ৰ লগত কাম কৰে, যেনে- Institute of Peace and Conflict Studies। ১৯৯৬ চনতে স্থাপিত হোৱা এই সংস্থাটোৱে দক্ষিণ এছিয়াৰ বিভিন্ন সংঘাতৰ ওপৰত অধ্যয়ন কৰি আহিছে। ভাৰতবৰ্ষত বা বিদেশতো বিভিন্ন বেচৰকাৰী সংগঠন আছে, যিবোৰে এই বিষয়ৰ লগত জড়িত বিভিন্ন ধৰণৰ গৱেষণা কৰি আছে।
এই পাঠ্যক্রম অধ্যয়ন কৰাৰ বাবে যিকোনো স্নাতক ছাত্র-ছাত্ৰীয়ে আবেদন কৰিব পাৰে। কেবল অধ্যয়ন সমাপ্ত হ’লেই যে কোনোবাই চাকৰি পাব তেনেকুৱা নহয়, সেয়েহে অধ্যয়ন কৰি থকা অৱস্থাৰে পৰা ছাত্র-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কৌশল আহৰণ কৰাৰ বাবে চেষ্টা কৰিব লাগে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা এই পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। কিছুমান পাঠ্যক্রম কম দিনৰ বাবে থাকে আৰু বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় জলপানি বা ফেল’শ্বিপ উপলব্ধ থাকে। অধ্যয়ন সমাপ্ত কৰাৰ পিছত ছাত্র-ছাত্ৰীসকলে শিক্ষকতা, ওকালতি কৰাৰ নিচিনাকৈ বিভিন্ন ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় সংগঠনত চাকৰি কৰাৰ সুযোগ লাভ কৰিব পাৰে। গৱেষণাৰ পৰা আৰম্ভ কৰি সমাজসেৱক হিচাপে বিশেষভাৱে মানৱ অধিকাৰ আদিৰ নিচিনা দিশত কাম কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ অধীনত শান্তি বিশ্ববিদ্যালয় নামেৰে এক প্রতিষ্ঠান আছে আৰু এই প্রতিষ্ঠানে ইতিমধ্যে ৩৬ বছৰ অতিক্ৰম কৰিছে। এই প্রতিষ্ঠানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বিভিন্ন পাঠ্যক্রম আগবঢ়োৱা হয়। অনলাইনযোগেও শান্তি আৰু সংঘাত অধ্যয়নৰ বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰাৰ সুযোগ আছে। এই শিক্ষানুষ্ঠানে বিভিন্ন জলপানি তথা ফেল’শ্বিপ আগবঢ়াই আহিছে।
এনে অধ্যয়ন কৰাৰ পিছত যদি কোনোবাই সহজে চাকৰি নাপায়। তেনেহ’লে হতাশ হ’ব নালাগে। শান্তি বা সংঘাত আদিৰ লগত হোৱা বিভিন্ন ছেমিনাৰ বা কর্মশালাসমূহত ছাত্র অবস্থাৰ পৰা যোগদান কৰিবলৈ চেষ্টা কৰা উচিত। যোগাযোগৰ দক্ষতা থকাৰ প্রয়োজন, লগতে ইন্টাৰনেট ব্যৱহাৰ কৰিব জনাটো প্রয়োজনীয়। বিভিন্ন বেৱছাইটত এই ক্ষেত্ৰৰ চাকৰিৰ বিজ্ঞাপন প্রকাশ কৰা হয় আৰু সেইবোৰত গুৰুত্ব প্রদান কৰা উচিত। আমাৰ অসমৰ বহু যুৱক-যুৱতী বর্তমান এনেধৰণৰ বিষয়ত অধ্যয়ন কৰি এতিয়া ভাৰত তথা বিদেশতো কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে।
সর্বভাৰতীয় আয়ুর্বিজ্ঞান সংস্থান (All India Institute of Medical sciences) বা চমুকৈ এইমছৰ নামভৰ্ত্তিৰ বাবে সর্বভাৰতীয় পর্যায়ত বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। এই বাছনি পৰীক্ষাৰ জৰিয়তে নতুন দিল্লীস্থিত এইম্ছ তথা আন ৬খন এইমছ, যেনে— ভূপাল, ভুবনেশ্বৰ, যোধপুৰ, পাটনা, ৰায়পুৰ, আৰু হৃষীকেশৰ কাৰণে প্রার্থীসমূহ বাছনি কৰা হ’ব। বাছনি পৰীক্ষা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ২৮ মে’ত অনুষ্ঠিত কৰা হ’ব। ছাত্র-ছাত্ৰীসকলে সবিশেষ জানিবলৈ এইম্ছৰ ৱেবছাইট চাব পাৰে।
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা মেডিকেল কলেজসমূহৰ নামভৰ্ত্তিৰ বাবে National Eligibility cum Entrance Test চমুকৈ NEET মে’ মাহৰ ৭ তাৰিখে বিভিন্ন ঠাইত আয়োজন কৰা হ’ব । এইমছ তথা কেইখনমান চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাহিৰে সৰহসংখ্যক চিকিৎসা মহাবিদ্যালয়ত এন ই ই টি পৰীক্ষাৰ দ্বাৰা নামভৰ্তি কৰোৱা হ’ব।
ষ্টেট বেংকৰ চাকৰি- ভাৰতীয় ষ্টেট বেংকত Probationary officers, চমুকৈ পি অ’ৰ বাবে যুৱক-যুৱতীসকলে আবেদন জনাব পাৰে। অনলাইন বাছনি পৰীক্ষা এপ্রিল/মে' মাহত অনুষ্ঠিত কৰা হ’ব। তাৰ পর্যায়ৰ পৰীক্ষাসমূহ জুন মাহত আৰু চুড়ান্ত ফলাফলসমূহ আগষ্ট মাহত প্রকাশ কৰা হ’ব। আগ্রহী যুৱক-যুৱতী তথা ছাত্র-ছাত্ৰীসকলে ৬ মার্চৰ আগতে আবেদন জনাব পাৰে।
ইন্দিৰা গান্ধী ইনষ্টিটিউট অব ডেভেলপমেন্ট ৰিছাৰ্চৰ কিছুমান পাঠ্যক্রম, যেনে— অর্থনীতিত স্নাতকোত্তৰ তথা উন্নয়নৰ অধ্যয়নৰ এম ফিল তথা পি এইচ ডিৰ বাবে আবেদন জনোৱাৰ অন্তিম তাৰিখ ৩১ মার্চ আৰু ১৫ এপ্রিলত অনলাইন পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।
ছাত্র-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ শৈক্ষিক জলপানিৰ বাবে আগা খান ফাউণ্ডেশ্বনে আগবঢ়োৱা জলপানিৰ বাবে আবেদন জনাব পাৰে। ৩০ বছৰৰ অনুৰ্ধ্বৰ ছাত্র-ছাত্ৰীসকলে জলপানিৰ বাবে আৱেদন জনাব পাৰে। আৱেদন জনোৱাৰ অন্তিম ১৬ মার্চ। সবিশেষ জানিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে ফাউণ্ডেশ্বনৰ ৱেবছাইট চাব পাৰে।
Embassy of Republic of Slovenia ৰ তৰফৰ ৰ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্নাতক তথা পি এইচ ডিৰ নিচিনা পাঠ্যক্ৰমৰ বাবে আন্তঃৰাষ্ট্ৰীয় জলপানি প্রদান কৰা হ’ব। ইচ্ছুক ছাত্র-ছাত্ৰীসকলে ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্রণালয়ৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ তথা আৱেদন ৬ মার্চৰ আগতে কৰিব লাগিব।
বিদেশত স্নাতকোত্তৰৰ পাঠ্যক্ৰমৰ বাবে ছাত্র-ছাত্ৰীসকলে কেচি মহিন্দ্র জলপানিৰ বাবে আৱেদন জনাব পাৰে। সবিশেষ জনাৰ বাবে আগ্ৰহী ছাত্র-ছাত্ৰীসকলে কে চি মহিন্দ্ৰ শৈক্ষিক ন্যাসৰ লগত যোগাযোগ কৰিব পাৰে। আবেদন জনোৱাৰ অন্তিম তাৰিখ ৩১ মার্চ।
লেখক: ৰঞ্জন কে বৰুৱা, আমাৰ অসম পূৰ্বাচল।
শেহতীয়া উন্নীতকৰণ: : 11/28/2023