অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেশাগত শিক্ষা

ভকেচনেল শিক্ষাৰ প্ৰাসংগিকতা

 

শিক্ষা খণ্ডত সম্প্ৰতি আমাৰ ৰাজ্যত ভকেচনেল শিক্ষাৰ যথেষ্ট প্ৰয়োজন।কিন্তু এই ভকেচনেল এডুকেচনৰ প্ৰয়োজন কিয়:ৰাজ্যখনত সাধাৰণ শিক্ষা বিশেষকৈ কলা,বিজ্ঞান,বাণিজ্য আদি শিক্ষাৰ লগতে কাৰিকৰী,মেডিকেল বা স্বাস্থ্যৰ বাবে লাগতিয়াল শিক্ষিত লোক বছৰি যথেষ্ট পৰিমাণে উত্তীৰ্ণ হৈ আহিছে।অৱশ্যে ৰাজ্যৰ মেডিকেল কলেজকেইখনৰ পৰা বছৰি বিভিন্ন বিভাগৰ শিক্ষা সাং কৰি মেডিকেল স্নাতক ওলাই আছে যদিও উন্নত দেশৰ তুলনাত আমাৰ ৰাজ্য বা দেশত এতিয়াও ৰোগী অনুপাতে ডাক্তৰৰ সংখ্যা কম বুলি বহুতে মত পোষণ কৰে।সেই কাৰণে হয়তো ৰোগীসকলে ডাক্তৰৰ পৰা সময়ত উপযুক্ত সেৱা গ্ৰহণ কৰিব নোৱাৰে।ৰোগীসকলে ডাক্তৰৰ চেম্বাৰৰ সন্মুখত ঘণ্টা ঘণ্টা ধৰি বোন্দাপৰ দি থাকিবলগীয়া নজিৰ বহু আছে।ভাল চিকিৎসকৰ কথাতো নক’লোৱেইবা।প্ৰথম কথাটো হৈছে আমাৰ ৰাজ্যত দিনক দিনে নিবনুৱা সমস্যাই গা কৰি উঠিছে।আমাৰ ৰাজ্যত এতিয়া নিবনুৱাৰ সংখ্যা ২৬-২৭ লাখ অতিক্ৰম কৰিছে।এই নিবনুৱাসকলক সংস্থাপনৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আছে যদিও নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই।আমাৰ ৰাজ্যখনত প্ৰকৃতিপ্ৰদত্ত (Natural Resources)বহুতো আছে।কিন্তু এইবিলাক এতিয়াও ভালকৈ বা সম্পুৰ্ণৰুপে ব্যৱহৃত (Fully utilised)হোৱা নাই আৰু এইটো কথা ঠিক যে কিছুমান উদ্যোগ বা উদ্যোগজাত সামগ্ৰীৰ উৎপাদন আৰু সেৱা (Goods& Services)কেৱল ভকেচনেল শিক্ষাৰ দ্বাৰাহে সম্ভৱ।আমাক কিছুমান কামৰ বাবে ইঞ্জিনীয়াৰ নালাগে।ঘৰৰ মজিয়াত টাইলছ-মাৰ্বল ফিটিং,ম’বাইল ফোন ৰিপিয়াৰিং,কম্পিউটাৰ ৰিপিয়াৰিং,এ চি ফিটিং আৰু ৰিপিয়াৰিং,ঘৰৰ ৱেৰিং কৰা,ষ্টীল ফেব্ৰিকেচন,পানীৰ বাবে বৰিং কৰা টিউবৱেল বহুওৱা,ঘৰত ৰং কৰা,আদি কামৰ বাবে বা এইবিলাকৰ সেৱাৰ বাবে কিছুমান টেকনিচিয়ানৰহে প্ৰয়োজন।এইবিলাক ভকেচনেল শিক্ষাই সহজেই দিব পাৰে।

ইতিমধ্যে ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ওলাল।ইয়াৰে মেট্ৰিকত কেৱল ৪৭.৯৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় আৰু প্ৰায় ৫২ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই অনুত্তীৰ্ণ হয়।আনবিলাক পৰীক্ষাৰ কথা বাদেই দিলো।এই উত্তীৰ্ণ হোৱা কম নম্বৰ পোৱাসকলৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভকেচনেল শিক্ষা বৰ জৰুৰী হৈ পৰিছে।তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলেও ভকেচনেল শিক্ষা আহৰণ কৰি কিবা এটা কৰি জীৱন নিৰ্বাহ কৰিব পাৰিব।তেওঁলোকে আত্মবিশ্বাসেৰে সমাজত কিবা এটা সংস্থাপনৰ পথ উলিয়াই ল’ব পাৰিব।নহ’লে তেওঁলোকৰ জীৱন অন্ধকাৰ।স্মৰ্তব্য যে আজিৰ ভকেচনেল এডুকেচন একেবাৰে মেট্ৰিকৰ পৰা স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীলৈকে ভাৰত চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক আহৰণ কৰাৰ ব্যৱস্থা কৰি দিছে।ইতিমধ্যে ভাৰত চৰকাৰে দেশত পটুতা আহৰণ বা উন্নয়নৰ (Skill Development)ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে।লগতে ভকেচনেল শিক্ষাৰ বিভিন্ন উপকাৰিতাৰ কথা চিন্তা কৰিয়েই সম্প্ৰতি ভাৰত চৰকাৰে নেচনেল ভকেচনেল এডুকেচন কোৱালিফিকেচন ফ্লেমৱৰ্ক ফৰ স্কীল ডেভেলপমেণ্ট নামেৰে এটি প্ৰতিষ্ঠান গঢ়ি তুলিছে(National Vocational Education framework (NVEQE)has formed by Govt.of India)।চৰকাৰে ভকেচনেল শিক্ষাৰ অধীনত পৰম্পৰাগত আৰু আধুনিক দুয়োধৰণৰ বিষয় আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।ছাত্ৰ-ছাত্ৰীসকলক প্ৰায় ১০০ তকৈও বেছি বিষয় অধ্যয়নৰ সুবিধা কৰি দিছে।বিভিন্ন ষ্ট্ৰীমৰ অধীনত বিশেষকৈ কৃষি,ইলেক্ট্ৰ’নিক এণ্ড কম্পিউটাৰ,স্বাস্থ্য যতন,কাৰিকৰী আৰু প্ৰযুক্তি,গাৰ্হস্থ্য বিজ্ঞান,পৰ্যটন,অট’ম’বাইল,ফাইন আৰ্ট,ফিছাৰি,টেইলৰিং এমব্ৰইডাৰী,ষ্টেন’গ্ৰাফী,কৃষি সা-সঁজুলি মেৰামতি,মুৰ্গী পালন,ৱেলডিং,বোৱা-কটা,হৰ্টিকালচাৰেল আদি বিষয় আৰু কমাৰ্চ ষ্ট্ৰীমৰ (Under Commerce Stream)অধীনত একাউণ্টেন্সি এণ্ড এডিটিং অফিচ প্ৰছিডিউৰ এণ্ড মেনেজমেণ্ট,টেলী,আই টি,ই-কৰ্মাচ,ছেলছমেনশ্বিপ এণ্ড পাব্লিচিটী ইত্যাদি।গতিকে ভকেচনেল শিক্ষা কেৱল মেট্ৰিকৰ ডেওনা পাৰ নোহোৱা ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়,সকলোৱে আনকি অতি মেধা ছাত্ৰ-ছাত্ৰীয়েও অতি সোনকালে উপাৰ্জনৰ পথ বাছি উলিয়াবলৈ এই শিক্ষা আহৰণ কৰিব পাৰে।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভকেচনেল শিক্ষাৰ্থীসকলে শতকৰা ৮১ ভাগ উত্তীৰ্ণ হৈ অতি ভাল ফল দেখুৱাইছে।ই ৰাজ্যখনৰ বাবে স্বাভাৱিকতে এটা ভাল খবৰ।স্বীকাৰ্য যে নিয়োগ সৃষ্টিৰ লগতে ভকেচনেল শিক্ষাৰ আন আন কিছুমান আনুষংগিক লাভালাভো আছে।ইয়াৰ আনুষংগিক লাভলাভবিলাক হৈছে-ৰাজ্য বা দেশৰ ৰাজকোষলৈ ৰাজহ আহৰণ,বিনিয়োগ,জনসাধাৰণক একেবাৰে দুৱাৰমুখত বিভিন্ন সেৱা,মানুহৰ জীৱন ধাৰণৰ মান উন্নীতকৰণ,দেশৰ বা ৰাজ্যৰ জনমুৰি আয় বৃদ্ধি,গতিকে ৰাজ্যত চৰকাৰৰ তত্ত্বাৱধানত শিক্ষা বিভাগে ৰাজ্যখনত অনতি পলমে আৰু কিছুমান ভকেচনেল ইনষ্টিটিউট বা অনুষ্ঠান-প্ৰতিষ্ঠান খুলিব লাগে।ৰাজ্যৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ শিক্ষা বিভাগক উপযুক্ত উপদেশ আৰু নিৰ্দেশ দি পাৰিলে ৰাজ্যৰ প্ৰতিখন স্কুলতে ভকেচনেল শিক্ষাৰ অধীনত পৰম্পৰাগত আৰু অত্যাধুনিক কিছুমান ভকেচনেল বিষয় (Tra-ditional & Modern Courses)কিছুমান খোলাৰ দিহা দিব লাগে।ই ৰাজ্যখনত নিবনুৱা সমস্যা দুৰ কৰাৰ উপৰি আৰু অৰ্থনৈতিক উন্নয়নৰ লগতে ৰাজ্যৰ আন কিছুমান আনুষংগিক উন্নয়নৰ পথ প্ৰশস্ত কৰিব।

 

ছাউণ্ড ইঞ্জিনীয়াৰিং

 

বৰ্তমান সময়ত নতুন প্ৰজন্মৰ মাজত বহুলভাৱে চৰ্চিত আৰু কেৰিয়াৰৰ ক্ষেত্ৰতো সম্ভাৱনীয়তা দিনে দিনে বৃদ্ধি পাই আহিব ধৰা এক আকৰ্ষণীয় বৃত্তি হ’ল Sound Engineering. Sound Engineering ৰ বহল পৰিসৰৰ বিষয়ে জানিবলৈ হ’লে প্ৰথমেই আমি অনুমান কৰিব লাগিব যে ছাউণ্ড ইঞ্জিনীয়াৰিং হৈছে চলচ্চিত্ৰ,সংগীত,ৰেডিঅ’আৰু অন্যান্য মাধ্যমৰ বাবে শব্দগ্ৰহণ,শব্দ সম্পাদনা,পুন: সংযোজন,মিশ্ৰণ আদি বিভিন্ন কাৰ্যক্ৰমণিকাৰে শব্দ উপস্থাপনৰ ওপৰত বহুলভাৱে অধ্যয়ন কৰা ইঞ্জিনীয়াৰিং বিভাগৰ এটা উল্লেখযোগ্য শাখা।

শব্দ অভিযন্তা এজনে তেওঁৰ কাৰিকৰী জ্ঞান আৰু সৃষ্টিশীল কৰ্মৰাজিৰে মানুহৰ মাজত শব্দক উপস্থাপন কৰে।

কেৰিয়াৰৰ সম্ভাৱনীয়তা

মনোৰঞ্জন জগতখনেই ছাউণ্ড ইঞ্জিনীয়াৰ এজনৰ বাবে কৰ্মসংস্থাপনৰ মুল ক্ষেত্ৰ।বহুতেই চলচ্চিত্ৰ জগতখনক কৰ্মস্থলী হিচাপে বাছি লয়।প্ৰথম অৱস্থাত প্ৰতিষ্ঠিতজনৰ লগত সহকাৰী হিচাপে  যোগদান কৰি ক্ৰমান্বয়ে আগবাঢ়ি গৈ নিজকে উচ্চ শিখৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ চলচ্চিত্ৰ উদ্যোগ হিচাপে ভাৰতবৰ্ষ যথেষ্ট আগবঢ়া।ইয়াৰ লগে লগে টেলিভিছন উদ্যোগটোও বৰ্তমান অগ্ৰাধিকাৰ পোৱা উদ্যোগ হিচাপে পৰিগণিত হৈছে।সেয়ে বৰ্তমান সময়ত চলচ্চিত্ৰ আৰু Broadcasting ক্ষেত্ৰখনত ইঞ্জিনীয়াৰ এজনৰ চআহিদা যথেষ্ট।

ছবি উদ্যোগৰ বাহিৰেও শব্দ অভিযন্তা এজনৰ বাবে কেৰিয়াৰৰ সুবিধা থকা উল্লেখযোগ্য অন্যান্য ক্ষেত্ৰ কেইটিমান হৈছে:ৰেডিঅ’ ষ্টেচন,লাইভ পাৰ্ফৰ্মেন্স ষ্টেজ,এনিমেচন,গেমিং ইণ্ডাষ্ট্ৰি,এক’ষ্টিকছ (Auditoriums,Atudies concert halls),বিজ্ঞাপন।

শিক্ষাগত অৰ্হতা

পদাৰ্থ বিজ্ঞান,ৰসায়ন বিজ্ঞান আৰু গণিতক বিষয় হিচাপে লৈ উচ্চতৰ মাধ্যমিক (১০+২)পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী এজনে বহু শিক্ষানুষ্ঠানত থকা স্নাতক পৰ্যায়ৰ (Bachelor’s degree level)ছাউণ্ড ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ বাবে আবেদন কৰিব পাৰে।

স্নাতকোত্তৰ (Post graduate বা Master level):ছাউণ্ড ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ বাবে যিকোনো বিভাগৰ স্নাতক,অৱশ্যে উচ্চতৰ মাধ্যমিকাত পদাৰ্থ বিদ্যা,ৰসায়ন বিদ্যা,গণিত বিষয় হিচাপে থকা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে।ভাৰতবৰ্ষ আৰু বিদেশৰ কোনো কোনো বিশ্ববিদ্যালয়ত Master আৰু Doctoral level sound Engineering পাঠ্যক্ৰমৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীজনৰ ছাউণ্ড ইঞ্জিনীয়াৰিং Bachelor degree থকাটো প্ৰয়োজন।

ভাৰতবৰ্ষৰ কেইখনমান উল্লেখযোগ্য শিক্ষানুষ্ঠান

*Film and Television Institute of India,pune Affiliation-Working directly under the Ministry of Broadcasting,govt.of India.Course -3 years post graduate diploma course in sound Recording and sound design.

শিক্ষাগত অৰ্হতা:স্নাতক আৰু ১০+২ ত পদাৰ্থবিদ্যা বিষয়।

FTLL,Law college road ,Pune,Maharastra-411004

Website:www.ftiindia.com

*Satyajit Ray Film and Television Institute,Kolkatta.

Affiliation-Working directly under the ministry of broadcasting,Govt.of India

Course:3 years post graduate diploma

শিক্ষাগত অৰ্হতা:স্নাতক

E.M.Byepass Road,Panchasayar,p.o-Kolkata, WB-700094,Website-www.srfti.ac.in

*Dr.Bhupen Hazarika Regional Govt.Film and Television Institute,Guwahati.

Approved by AICTE,New Delhi,Ministry of Human Resource Development,Govt.of India Affiliation –State Council for Technical Education ,Govt.of Assam

Course-3 years diploma in Audiography and Sound Engineering

Website-www.dbhrgfti.ac.in

*Biju Pattanaik Film & TV Institute of Odisha Course-Dipolma in Sound& Engineering,Affiliation-Department of Technical Education ,Orisa.

Bose Campus,Odisha,Cuttack-753007,Website-www.bpftio.org.in

*Government Film &Telivision Institute,Bengalore

*K RNarayanan Film School,Kerala,

 

চিনেমা নিৰ্মাণ

 

সৃজনীশীল কলাবোৰৰ ভিতৰত অন্যতম হ’ল চলচ্চিত্ৰ নিৰ্মাণ।ই জটিল কলাৰ ভিতৰতো অন্যতম।এনে জটিল আৰু সৃজনশীল কলাৰ সংমিশ্ৰণতে সম্ভৱ হয় চিনেমা নিৰ্মাণ,তথ্যচিত্ৰ,প্ৰচাৰধৰ্মী ছবি,নিউজ ৰিল,টেলিভিছনৰ বাণিজ্যিক ছবি,বিজ্ঞাপনৰ ছবি আদি নিৰ্মাণৰ কাম।চলচ্চিত্ৰ নিৰ্মাণ এক দীঘলীয়া প্ৰক্ৰিয়া।একোটা কাহিনীৰ জুমুঠি তৈয়াৰ কৰা বা সেই সম্পৰ্কীয় ধাৰণা প্ৰস্তুত কৰা,চিত্ৰনাট্য,দৃশ্যগ্ৰহণ,সম্পাদনা,পৰিচালনা আৰু ছবি নিৰ্মাণত এটা দীঘলীয়া প্ৰক্ৰিয়া থাকে।তদুপৰি চলচ্চিত্ৰ নিৰ্মাণ অত্যন্ত প্ৰতিদ্বন্দ্বিতামুলক ক্ষেত্ৰ।ইয়াত বহু লোকে এককভাৱে কেইবামাহ কিম্বা কেইবাবছৰ ধৰি অহৰহ কাম কৰি যাব লাগে।ছবি নিৰ্মাণত কাৰিকৰী জ্ঞান আৰু ইয়াৰ খুটি-নাটিৰ বিষয়ে গভীৰভাৱে অৱগত থকা উচিত।এখন চিনেমাক সম্পুৰ্ণতা দিবলৈ দৃশ্য সম্পৰ্কীয় সকলো দিশত থকা প্ৰত্যাশা যোগাই তোলা উচিত।তেতিয়াহে এখন চিনেমা মনোৰঞ্জনৰ সমল হৈ দৰ্শকৰ বাবে অনুপম আৰু অৰ্থৱহ হ’ব পাৰে।চিনেমা নিৰ্মাণৰ সমস্ত দীঘলীয়া প্ৰক্ৰিয়াৰ অৱলোকন কৰাৰ প্ৰয়াসেৰে আৰু এই সন্দৰ্ভত অনুসন্ধিৎসু মহলৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্য এই প্ৰতিবেদন-চিনেমা নিৰ্মাণ।

ব্যক্তিগত অৰ্হতা বা গুণাগুণ

কলাসুলভ মন এটা,সমুহীয়াভাৱে মিলিজুলি কাম কৰাৰ গুণ,অত্যন্ত চাপৰ মাজতো কাম কৰাৰ উদ্যম,শাৰীৰিক সক্ষমতা,দৃষ্টিশক্তিৰ প্ৰখৰতা,যোগাযোগৰ দক্ষতা,প্ৰযোজনা-পৰিচালনাত পাৰদৰ্শিতা,নেতৃত্বৰ গুণ,প্ৰতিভাৰ উমান ল’ব পৰা গুণ,সৃজনীশীলতা ইত্যাদি হ’ল ছবি নিৰ্মাত কেৰিয়াৰ গঢ়াৰ সফলতাৰ মাপকাঠী।

ছবি নিৰ্মাণৰ অন্যান্য গুণ

ছবি নিৰ্মাণত ইয়াৰ উপৰি আৰু কিছু প্ৰতিভা আৰু পাৰদৰ্শিতাৰ প্ৰয়োজন থাকে।যিয়ে সুন্দৰ কেৰিয়াৰেৰে অৰ্থৱহ কৰে ছবিজগত।সেইবোৰ গুণ থাকিলে কেৰিয়াৰ হয় আকৰ্ষণীয়।যেনে-

*যিকোনো এটা দিশত পাৰদৰ্শিতা।

*উপস্থিত বুদ্ধি আৰু প্ৰতিযোগিতামুলক মনোভাব।

*সৃষ্টিশীল আৰু কলাসুলভ দক্ষতা

*কাৰিকৰী দক্ষতা

*দলীয় কৰ্মী,উচ্চাকাংক্ষী আৰু কঠোৰ পৰিশ্ৰমী।

*আগ্ৰাসী,উদ্যমী আৰু দৃঢ় মনোভাবৰ লোক।তদুপৰি বৃত্তিগত প্ৰশিক্ষণো আৱশ্যকীয়।ইয়াৰ বাবে অভিনয়,পৰিচালনা ,চিনেমাট’গ্ৰাফী,শব্দযন্ত্ৰী,সম্পাদনা,পাঠ্যক্ৰমৰ বহু প্ৰতিষ্ঠান আছে।ছবি নিৰ্মাণৰ জ্ঞান প্ৰদানৰ ক্ষেত্ৰত অগ্ৰণী এনে এখন শিক্ষানুষ্ঠান হ’ল পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান চমুকৈ এফ টি আই আই।ছবি নিৰ্মাণ এক কষ্টসাধ্য কাম।বহু সময় একেৰাহে কাম কৰাৰ ধৈৰ্য থাকিব লাগে।প্ৰতিকুল বতৰ,দুৰ্গম ঠাইলৈ গৈ শ্বুটিং কৰিব লাগে।এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ছবিৰ কাম সম্পুৰ্ণ কৰাৰ তাগিদা থকা বাবে ই হয়গৈ অত্যন্ত প্ৰতিদ্বন্দ্বী মনোভাবাপন্ন এক কেৰিয়াৰ।

উৎস-অসমীয়া প্ৰতিদিন

2.82352941176
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top