অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষাৰ লক্ষ্যৰ বিষয়ে বিৱৰণ

 

শিক্ষাৰ অৰ্থ যিদৰে বুজা হয় তাৰ ওপৰত ভিত্তি কৰি লক্ষ্য বা উদ্দেশ্য প্ৰস্তুত কৰি তোলা হয়। সেইবাবে ইয়াৰ অৰ্থ সম্বন্ধে যিদৰে স্পষ্ট ধাৰণা থকাটো প্ৰয়োজন, ইয়াৰ লক্ষ্য উদ্দেশ্য সম্বন্ধেও আমাৰ মনত তেনে স্পষ্টতাৰ প্ৰয়োজন হয়। মাক-দেউতাক তথা অভিভাৱকসকলে শিশুৰ শিক্ষা আৰম্ভ কৰোতে স্বাভাৱিকতেই চিন্তা কৰিবলগীয়া হয়- শিশুক কি শিক্ষা দিব লাগে। তাৰ শিক্ষা আৰম্ভ কৰাৰ সময়ত সেয়েহে ভৱিষ্যৎ জীৱনৰ সুখ-সুন্দৰতাৰ লক্ষ্যৰ প্ৰতি সামান্যভাৱে হ’লেও তেওঁলোকে সচেতন হয়। শিক্ষাৰ লক্ষ্য উদ্দেশ্যৰ কথা ভাবিহে তেওঁলোকে শিশুক শিক্ষানুষ্ঠানলৈ পঠায়। সি যি কি নহওক, শিক্ষাৰ লক্ষ্য আমাৰ মনত সুস্পষ্ট হ’লেহে শিক্ষা আঁচনি সাৰ্থক আৰু নিৰ্ভুলভাৱে কাৰ্যকৰী কৰিব পৰা যায়।

শিক্ষাত লক্ষ্যৰ প্ৰয়োজনীয়তাঃ

 

শিক্ষাৰ কাৰ্যকৰী আঁচনি হাতত লোৱাৰ আগেয়ে তাৰ লক্ষ্য বা উদ্দেশ্য স্থিৰ কৰি হোৱাটো অতি প্ৰয়োজনীয় কথা। সাগৰৰ মাজত লক্ষ্যবিহীন জাহাজ যেনেকৈ বিপদৰ সন্মুখীন হ’ব লগা হয় সেইদৰে আমাৰ শিক্ষা লক্ষ্যবিহীন হ’লেও জীৱন পথভ্ৰষ্ট আৰু বিপদাপন্ন হৈ পৰিব পাৰে। ফলত বিকাশৰ গতি অনিৰ্দিষ্ট আৰু খেলিমেলি হৈ পৰে। শিক্ষাৰ নিৰ্দিষ্ট আৰু স্থিৰ লক্ষ্যইহে বিকাশৰ গতি শুদ্ধ আৰু সফল কৰি তোলে। লক্ষ্যৰ প্ৰতি সচেতন হ’লেহে যাত্ৰাপথৰ বিপদ-বিঘিনি আদি সহজে অতিক্ৰম কৰিব পাৰি। লক্ষ্যৰ সচেতনতাইহে আমাৰ ক্ৰিয়া অৰ্থপূৰ্ণ কৰি তোলে। লক্ষ্যৰ আশা-আকাংক্ষাই আমাক যোগাই কৰ্মৰ প্ৰেৰণা। ছাত্ৰসকলে লক্ষ্যৰ প্ৰতি সচেতন আৰু আশাবাদী হোৱা বাবেহে শিক্ষা আহৰণৰ কঠিন প্ৰচেষ্টাৰ প্ৰতি নিজকে দেহ-মানসিকভাৱে প্ৰস্তুত কৰি তুলিব পাৰে।

লক্ষ্য কেৱল মাথোন নিষ্ক্ৰিয় লোকৰ দুৰ্বল কৰ্মবিমুখ চিন্তা বুলি ক’ব নোৱাৰি। প্ৰকৃতপক্ষে লক্ষ্যইহে সকলো বিজ্ঞানসন্মত কাৰ্য পদ্ধতিৰ গতি নিৰ্ণয় কৰে। নিজ লক্ষ্য অনুযায়ীহে কৰ্ম-আঁচনি যুগুত কৰি তাৰ পৰ্যায়ক্ৰম ক্ৰিয়া ব্যৱস্থা কৰা হয়। শিক্ষাৰ বেলিকাও এই কথা বিশেষভাৱে প্ৰযোজ্য। শিক্ষক আৰু শিক্ষাবিদসকলে শিক্ষাৰ লক্ষ্য স্থিৰ কৰিহে পাঠ্যক্ৰম, পাঠদান পদ্ধতি, শিক্ষা সঁজুলি, শিক্ষা-কাল, পৰীক্ষা ব্যৱস্থা আদি নিৰ্ধাৰণ কৰিব লাগে। শিক্ষাদানৰ এইসমূহ ব্যৱস্থা সেইবাবে লক্ষ্যৰ প্ৰতি দৃষ্টি ৰাখিহে প্ৰস্তুত আৰু তাৰ সম্পাদনা কৰা হয়। ইয়াৰ উপৰি শিক্ষাৰ লক্ষ্যই আমাক প্ৰগতিৰ মাত্ৰা আৰু পৰিণাম নিৰ্ণয় কৰাটো সহায় কৰে। শিক্ষাৰ কাৰ্যকৰী দিশত কিমান সফলতা বা বিফলতা লাভ কৰা হ’ল তাক নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি চকু ৰাখিহে বিচাৰ কৰি চাব পাৰি। এই দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে শিক্ষাৰ লক্ষ্যই ইয়াৰ প্ৰগতিৰ মাপকাঠি নিৰ্ণয় কৰে।

শিক্ষাৰ লক্ষ্য সাৰ্বজনীন হোৱা সম্ভৱনে ?

 

সকলোৰে বাবে গ্ৰহণযোগ্য শিক্ষাৰ একেটাই লক্ষ্য হ’ব পাৰেনে- এই প্ৰশ্ন স্বাভাৱিকতে আমাৰ মনত আহি পৰে। ইয়াৰ উত্তৰত ক’ব পাৰি যে শিক্ষাৰ এক সাৰ্বজনীন লক্ষ্য হোৱাটো সম্ভৱ নহয়। ইয়াৰ অন্তৰ্নিহিত কেতবোৰ বিশেষ কাৰণ আছে যি আমাৰ বিৱেচনাযোগ্য। এনেবোৰ কাৰণ বিবেচনা কৰিলে শিক্ষাৰ লক্ষ্যৰ যি ব্যাপকতা তাক সহজে অনুমান কৰিব পাৰি।

  • ব্যক্তিগত প্ৰয়োজনঃ শিক্ষা আঁচনি অথবা পৰিকল্পনা মূলতেই শিক্ষাৰ্থীৰ ব্যক্তিগত ইচ্ছা, আগ্ৰহ আৰু প্ৰয়োজন আদিৰ ওপৰত নিৰ্ভৰশীল। শিক্ষা আহৰণ কাৰ্য হৈছে শিক্ষাৰ্থীৰ একান্ত ব্যক্তিগত ক্ৰিয়া প্ৰচেষ্টা মাথোন। শিক্ষাৰ প্ৰয়োজন, ক্ৰিয়াৰ অগ্ৰগতি আৰু তাৰ পৰিমাণ সেয়েহে সকলোৰে বাবে একে হৈ নুঠে। প্ৰতিজন লোকৰেই নিজ নিজ চিন্তাধাৰা আৰু জীৱন দৰ্শন হয় বেলেগ বেলেগ। জন্মগতভাৱে লাভ কৰা দেহ-মানসিক ক্ৰিয়া-ক্ষমতা আদিও হয় পৃথক পৃথক। তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আৰু হীন বুদ্ধিৰ ছাত্ৰৰ বাবে শিক্ষাৰ লক্ষ্য-উদ্দেশ্য আৰু আঁচনি পৃথক কৰিব লগা হয়। ইয়াৰ উপৰি ব্যক্তিৰ বিকাশৰ বিভিন্ন স্তৰত শিক্ষাৰ পদ্ধতি আৰু পৰিকল্পনাও হয় পৃথক পৃথক। এনেবোৰ ভিন্নতাৰ সূক্ষ্ম বিৱেচনা কৰি ক’ব পাৰি যে শিক্ষাৰ লক্ষ্য সকলোৰে বাবে একে হ’ব নোৱাৰে।
  • আদৰ্শৰ ভিন্নতাঃ পৰিৱৰ্তনশীল সমাজত আদৰ্শৰো পৰিৱৰ্তন হয়। ফলত মানুহৰ মূল্যবোধ, জীৱনবোধ, দৃষ্টিভংগী আৰু মনোভাৱ আদিৰো সলনি হয়। পুৰণি কালত ভাৰতৰ শিক্ষাৰ লক্ষ্য আছিল আত্মিক উৎকৰ্ষ সাধন কৰা। সেইবাবে শিক্ষা আঁচনিত ধৰ্মীয় নীতি-নিয়মৰ ব্যৱস্থাই প্ৰাধান্য লাভ কৰিছিল। আধ্যাত্মিক চিন্তা-চৰ্চা আৰু এই সম্বন্ধীয় আত্মিক বিশ্লেষণ আছিল অধ্যয়নৰ বিষয়বস্তু। বৰ্তমান সময়ত সেই মূল্যবোধ আৰু জীৱনবোধৰ সলনি হৈছে। বাস্তৱমুখী জীৱনৰ আদৰ্শই শিক্ষাৰ লক্ষ্য প্ৰভাৱিত আৰু পৰিচালিত কৰি তুলিছে। ছাত্ৰ, শিক্ষক আৰু অভিভাৱকসকলে বৰ্তমান শিক্ষাৰ যোগেদি অৰ্থনৈতিক উৎপাদনশীলতা লাভ কৰা আৰু বৈষয়িক সুখ-সম্ভোগ কামনা কৰাটো লক্ষ্যত পৰিণত হোৱা আমি দেখিবলৈ পাইছো।
  • ভৌগোলিক প্ৰভাৱঃ মানুহৰ কৰ্ম-জীৱন আৰু চিন্তা-জীৱনত ভৌগোলিক পৰিৱেশ আৰু পৰিস্থিতিৰ নিশ্চিত প্ৰভাৱ পৰে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰত ভৌগোলিক পৰিৱেশে মানুহৰ জীৱন ধাৰণৰ পদ্ধতি আৰু ব্যৱসায় বৃত্তি গঢ় দি তুলিছে। ভৌগোলিক পৰিৱেশে সামাজিক আৰু অৰ্থনৈতিক জীৱনৰো ৰচনা আৰু পৰিচালনা কৰে। মৰু প্ৰান্তৰ, নদী-উপত্যকা, পাৰ্বত্য অঞ্চল, সমুদ্ৰৰ নিকটৱৰ্তী অঞ্চল আদিৰ লোকৰ সেয়েহে শিক্ষাৰ প্ৰয়োজন আৰু লক্ষ্য হয় ভিন ভিন। ভৌগোলিক অৱস্থিতিয়ে বৰ্তমান আমাৰ আৰ্থ-সামাজিক জীৱনত প্ৰভাৱ পেলোৱা বাবে গ্ৰাম্য অঞ্চল আৰু মহানগৰীয় অঞ্চলত বাস কৰা লোকৰ শিক্ষাৰ লক্ষ্য-উদ্দেশ্য পৃথক কৰি তোলে।

ওপৰত কৰা আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে সকলো সময় আৰু সকলো লোকৰ বাবেই সমানে গ্ৰহণযোগ্য শিক্ষাৰ লক্ষ্য স্থিৰ কৰাটো অসম্ভৱ। শিক্ষাৰ লগত প্ৰতিখন দেশ, সমাজ আৰু প্ৰতিজন লোকৰেই জীৱনৰ নিবিড় সম্বন্ধ। মানুহৰ জীৱন নিৰ্বাহৰ গতিপথ, চিন্তাধাৰা আৰু প্ৰয়োজনীয়তা আদি মাথোন একেটা পথেদি চিৰন্তনভাৱে প্ৰবাহিত কৰিব নোৱাৰি। সেয়েহে শিক্ষাৰ লক্ষ্য সাৰ্বজনীনভাৱে স্থিৰ কৰাটো অসম্ভৱ।

শিক্ষাৰ বিভিন্ন লক্ষ্যঃ

 

ব্যক্তিৰ জীৱন-দৰ্শন আৰু আদৰ্শই তেওঁৰ শিক্ষাৰ লক্ষ্য স্থিৰ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে। সেইবাবে দৰ্শন আৰু আদৰ্শগত দৃষ্টিকোণৰ পৰা শিক্ষাৰ সমূহ লক্ষ্যৰেই ঘাইকৈ দুটা বহল দিশ পাব পাৰি। ইয়াৰ এটা ব্যক্তিকেন্দ্ৰিক আৰু আনটো সামাজিক লক্ষ্য। অৱশ্যে শিক্ষাৰ বিভিন্ন দিশ পৃথকভাৱে বিবেচনা কৰিলে ভিন ভিন লক্ষ্য আমাৰ দৃষ্টিগোচৰ হয়। এইসমূহ হৈছে-

  • বৃত্তীয় লক্ষ্য
  • সুনাগৰিকতা লক্ষ্য
  • আত্ম-প্ৰকাশৰ লক্ষ্য
  • সুসংগত বিকাশৰ লক্ষ্য
  • পূৰ্ণাংগ জীৱন যাপন লক্ষ্য
  • সাংস্কৃতিক লক্ষ্য
  • জ্ঞান আহৰণ লক্ষ্য
  • নৈতিক লক্ষ্য

এই সকলোবোৰ শিক্ষাৰ লক্ষ্যকেই বহলভাৱে দৰ্শনৰ প্ৰকৃতিবাদ আৰু আধ্যাত্মবাদৰ মাজত থকা পাৰ্থক্যৰ ভিতৰতেই সামৰি ল’ব পাৰি। দৰ্শনৰ এই দুই বহল দিশৰ ভিত্তিতেই ক্ৰমে স্থাপিত হৈছে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক লক্ষ্য। সহজভাৱে ক’বলৈ গ’লে শিক্ষাত ব্যক্তি আৰু সমষ্টিৰ কোনটো অধিক গুৰুত্বপূৰ্ণ তাৰেই নিৰ্ণয়ৰ প্ৰচেষ্টা এই দুই লক্ষ্যত কৰা হৈছে।

ব্যক্তিকেন্দ্ৰিক লক্ষ্যঃ

 

শিশুৰ ব্যক্তিত্ব গঢ়ি তুলিবৰ বাবে তাৰ দেহ-মানসিক ক্ষমতাসমূহৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়াটোৱেই এই লক্ষ্যৰ প্ৰধান উদ্দেশ্য। ইয়াৰ যোগেদি ব্যক্তিৰ সকলোবোৰ সম্ভাৱনীয়তাৰ পূৰ্ণ বিকাশ সাধন কৰিবলৈ বিচৰা হৈছে। ব্যক্তিৰ নিজ ব্যক্তিত্বৰ পূৰ্ণ বিকাশেহে সমাজৰো উন্নতি আৰু বিকাশ সম্ভৱ কৰি তুলিব পাৰে। পূৰ্ণ বিকশিত ব্যক্তিয়েহে সমাজৰ অধিকাৰ আৰু দায়িত্ব পালন কৰি সুনাগৰিকতাৰ আশ্বাস দিব পাৰে। সেইবাবে কোৱা হয় ব্যক্তি বিকাশৰ বিবেচনা সমাজৰ প্ৰতি বিবেচনাৰ উৰ্দ্ধত হোৱা উচিত। ব্যক্তিৰ স্বতঃস্ফূৰ্ত বিকাশৰ পথত সমাজে কোনো ধৰণৰ প্ৰভাৱ আৰোপ কৰিব নালাগে। ইয়াৰ বাবে ব্যক্তি স্বাধীনতা দান কৰাটো হৈছে এক অতি প্ৰয়োজনীয় চৰ্ত। শিশু ব্যক্তিত্বৰ আশানুৰূপ বিকাশৰ বাবে মুক্ত আৰু স্বাধীন শিক্ষা পৰিৱেশৰ প্ৰয়োজন।

শিক্ষাৰ এই ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ ধাৰণা দাৰ্শনিক ৰুচোৰ শিক্ষানীতিত প্ৰথমেই প্ৰতিফলিত হোৱা আমি দেখা পাওঁ। শিক্ষাৰ এজন প্ৰকৃতিবাদী দাৰ্শনিক স্বৰূপে শিশুৰ স্বাভৱসুলভ গুণৰাশিৰ স্বতঃস্ফূৰ্ত বিকাশৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব দিয়ে। ইয়াৰ বাবে শিশুক সমাজৰ অসুস্থ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত কৰি শিশু প্ৰকৃতিৰ প্ৰয়োজন অনুযায়ী শিক্ষাৰ ব্যৱস্থা কৰিবলৈ কয়। ৰুচোৰ মতে, পৱিত্ৰ নিষ্কলুষ শিশু জন্মৰ পিছত সমাজৰ কলুষিত প্ৰভাৱত পৰে। ফলত সকলো সামাজিক অসুস্থতাৰ সি অধিকাৰী হয়। এনে অসুস্থ সামাজিক প্ৰভাৱৰ পৰা শিশুক মুক্ত কৰিবৰ বাবে তাৰ স্বভাৱসুলভ প্ৰকৃতি অনুযায়ী শিক্ষাদানৰ তেওঁ বিধান দিয়ে। ৰুচোৰ এই প্ৰাকৃতিক শিক্ষাই সেইবাবে শিশুক সমাজৰ প্ৰভাৱমুক্ত কৰি ব্যক্তি স্বাধীনতাৰ এক প্ৰাকৃতিক পৰিৱেশলৈ লৈ গৈছে।

ইংলেণ্ডৰ শিক্ষাবিদ পাৰ্চি নানে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যক বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰে। তেওঁৰ মতে প্ৰত্যেক শিশুৱেই হৈছে একো একোটা পৃথক জৈৱিক সত্তা। শিশুৰ জন্মগত স্বকীয় বৈশিষ্ট্যৰে পৃথক পৃথকভাৱে গঢ়ি উঠা একক বা গোট স্বৰূপেহে তাৰ ব্যক্তি পৰিচয় দিয়া উচিত। বিকাশশীল এটি শিশুক ব্যক্তিৰ যোগফলৰ দ্বাৰা গঠিত সমষ্টি বা গড় স্বৰূপ বুলি বিৱেচনা কৰিব নালাগে। প্ৰত্যেক ব্যক্তিয়েই নিজৰ কেতবোৰ দেহ-মানসিক ক্ষমতা নিজ নিজ ভাৱে বিকাশৰ সম্ভাৱনীয়তাৰে জন্মগ্ৰহণ কৰে। শিক্ষাৰ দ্বাৰা এনেবোৰ ব্যক্তিগত সম্ভাৱনীয়তাৰ বুজ লোৱা আৰু তাৰ পূৰ্ণ বিকাশ সাধনৰ ব্যৱস্থা কৰা উচিত। শিক্ষাই এনে এক বাতাবৰণৰ সৃষ্টি কৰা উচিত য’ত ব্যক্তিৰ এই সম্ভাৱনীয়তাসমূহ পূৰ্ণ বিকাশৰ বাবে সুবিধা পায়। এনে শিক্ষাইহে শিশুক নিজ ক্ষমতা অনুযায়ী বিকাশৰ বিভিন্ন দিশত মৌলিক বৰঙণি আগবঢ়োৱাৰ বাবেও সক্ষম কৰি তোলে। শিক্ষাৰ এনে আত্মবিকাশৰ ব্যৱস্থাৰ যোগেদিহে ব্যক্তিয়ে আত্ম-উপলব্ধি কৰা আৰু আধ্যাত্মিক পূৰ্ণতা লাভ কৰাটোও সম্ভৱ হৈ উঠিব পাৰে।

ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমীক্ষাঃ

 

শিক্ষাৰ এক লক্ষ্য স্বৰূপে ইয়াৰ দৃষ্টিভংগী সম্পূৰ্ণ গ্ৰহণযোগ্য বুলি বিবেচনা কৰিব নোৱাৰি। ইয়াৰ কেতবোৰ দুৰ্বলতা নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

  • ব্যক্তিৰ পূৰ্ণবিকাশ সমাজৰ অবিহনে সম্ভৱ হৈ উঠিব নোৱাৰে। প্ৰকৃত শিক্ষাৰ লক্ষ্যই ব্যক্তি আৰু সমাজৰ সমন্বয় সাধনকাৰী বিকাশৰ এক পথহে ৰচনা কৰা উচিত, ব্যক্তিৰ ওপৰত সকলো গুৰুত্ব আৰোপ কৰি আৰু সমাজৰ অস্তিত্ব সমূলি অস্বীকাৰ কৰি নহয়। মানুহৰ স্বভাৱেই হৈছে ব্যক্তি আৰু সমাজ উভয়মুখী। ব্যক্তিকেন্দ্ৰিক লক্ষ্যই শিক্ষাৰ এই বহল আৰু সমন্বয় সাধনকাৰী পথ ৰচনা কৰাত ব্যৰ্থ হৈছে।
  • এই লক্ষ্যই শিশুৰ জৈৱিক বংশগতিৰ ওপৰত অনাৱশ্যক গুৰুত্ব আৰোপ কৰিছে, অথচ সামাজিক বংশগতিৰ প্ৰভাৱ সমূলি অস্বীকাৰ কৰা হৈছে। সমাজৰ পুৰণি সভ্যতা-সংস্কৃতি, জ্ঞান-বিজ্ঞান, জীৱনধাৰা আৰু চিন্তাধাৰা আদিৰ লগত শিশুক পৰিচয় কৰাই দিয়াৰ দায়িত্ব শিক্ষাই কেতিয়াও এৰাই চলিব নোৱাৰে। সামাজিক বংশগতি আয়ত্ব কৰাৰ অবিহনে শিশুৰ ব্যক্তিগত সৃষ্টি প্ৰতিভা বিকাশৰ আশা কৰিব নোৱাৰি।
  • ব্যক্তিকেন্দ্ৰিক লক্ষ্যই শিশুক সমাজৰ অযোগ্য আত্মকেন্দ্ৰিক, স্বাৰ্থপৰ আৰু অসামাজিক ব্যক্তিত পৰিণত কৰাৰো আশংকা কৰা হয়। শিক্ষাই ব্যক্তিক সামাজিক পৰিস্থিতিত সুস্থ সমাযোজন কৰা আৰু সামাজিক যোগ্যতা লাভ কৰাতো সহায় কৰিব লাগে। সমাজৰ প্ৰভাৱৰ পৰা আঁতৰত থকা ব্যক্তিয়ে একপক্ষীয়ভাৱে নিজৰ সহজাত গুণসমূহ বিকাশ কৰিব পাৰিলেও তেনে ব্যক্তি নিজকে লৈয়ে ব্যস্ত থাকে। তেওঁ সমাজৰ হিত সাধনকাৰী কাম কৰিব নোৱাৰে।
  • শিশুৰ ব্যক্তি স্বাধীনতা আৰু তাৰ যোগেদি স্বায়ত্ব বিকাশৰ ধাৰণাও কিছু পৰিমাণে অবাস্তৱ আৰু অতিৰঞ্জিত বুলিব পাৰি। দৈহিক আৰু মানসিকভাৱে অপৈণত শিশু স্বাভাৱিকতেই পৰনিৰ্ভৰশীল। আনৰ উপদেশ, যত্ন আৰু কিছু অনুশাসন তথা নিয়ন্ত্ৰণৰ প্ৰয়োজন হয়। সেয়েহে ব্যক্তিকেন্দ্ৰিক লক্ষ্যই পোষকতা কৰা শিশুৰ ব্যক্তি স্বাধীনতা বৰ্তমান সমালোচনামুক্ত নহয়।

সামাজিক লক্ষ্যঃ

 

সমাজৰ অস্তিত্ব আৰু প্ৰয়োজনীয়তাক মুখ্যৰূপে বিৱেচনা কৰা আৰু সেই অনুক্ৰমে শিক্ষা সমাজৰ প্ৰয়োজনমুখী কৰি তোলাটো হৈছে সামাজিক লক্ষ্যৰ প্ৰধান বিবেচ্য বিষয়। এই লক্ষ্য শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যতকৈ অধিক পুৰণি। আদিম মানুহে আত্মৰক্ষাৰ বাবে আৰু ব্যক্তিস্বাৰ্থ পূৰণৰ বাবে সমাজৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আহিছে আৰু তেতিয়াৰে পৰা এই লক্ষ্যৰ ওপৰত গুৰুত্ব দি আহিছে। তেওঁলোকে অভিজ্ঞতাৰ দ্বাৰাই জানি উঠিছে যে সুগঠিত, শক্তিশালী সমাজৰ যোগেদিহে ব্যক্তিৰ প্ৰাণৰক্ষা আৰু স্বাৰ্থৰক্ষা কৰাটো সম্ভৱপৰ। সেইবাবে ব্যক্তিতকৈ সমাজক অধিক প্ৰাধান্য দিব লাগে। বৰ্তমানেও এই কথা অনুভৱ কৰা হয় যে এখন সমাজ যি পৰিমাণে আগবঢ়া সেই সমাজৰ ব্যক্তি আৰু তেওঁলোকৰ ব্যক্তিত্বও সিমানেই আগবঢ়া। ব্যক্তিৰ বিকাশ সামাজিক বিকাশৰ সীমাৰে সীমিত। আনহাতে এই কথা বিশ্বাস কৰা হয় যে একোখন দেশ বা সমাজৰ এক অতি মানৱীয় অস্তিত্ব থাকে, যাৰ বলত ব্যক্তিগতভাৱে কৰিব নোৱৰা আৰু সম্ভৱ হৈ নুঠা কামো সমাজৰ দ্বাৰা সম্ভৱ হয়। সেইবাবে ব্যক্তিৰ বিকাশতকৈ সামাজিক বিকাশৰ প্ৰশ্নই শিক্ষাত অগ্ৰাধিকাৰ লাভ কৰা উচিত।

শিক্ষাৰ এই সামাজিক লক্ষ্য এক চৰম ৰূপত কাৰ্যকৰী কৰা হয় পুৰণি গ্ৰীচ দেশৰ স্পাৰ্টা নগৰীত। নিজ দেশ ৰক্ষাৰ বাবে দৈহিক যোগ্যতা আহৰণৰ প্ৰশিক্ষণ লোৱাটো ইয়াৰ সকলো উঠি অহা যুৱক-যুৱতীৰ প্ৰধান লক্ষ্য স্বৰূপে বিৱেচিত হৈছিল। দেশৰ শিক্ষা ব্যৱস্থাই যুৱক-যুৱতীক নিজ দেশৰ প্ৰতি আনুগত্য, শ্ৰম আৰু আত্মত্যাগৰ বাবে সাজু কৰি তুলিছিল। ই হৈছে শিক্ষাৰ সামাজিক লক্ষ্যৰ এক চৰম দৃষ্টিভংগী। আধুনিক শিক্ষাৰ লক্ষ্যৰ বেলিকা এনে চৰম সামাজিকতাৰ দৃষ্টিভংগী আমাৰ বাবে গ্ৰহণযোগ্য নহয়।

শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ উদাৰ আৰু বৰ্তমানৰ বাবে গ্ৰহণযোগ্য দৃষ্টিভংগী আগবঢ়ায় আমেৰিকাৰ বিখ্যাত দাৰ্শনিক জন ডিউইয়ে। তেওঁ মত প্ৰকাশ কৰে যে ব্যক্তিয়ে সামাজিক যোগ্যতা আহৰণ কৰাই শিক্ষাৰ প্ৰকৃত লক্ষ্য হোৱা উচিত। শিক্ষাৰ দ্বাৰা সামাজিক যোগ্যতা আহৰণ কৰিবলৈ হ’লে এজন লোকে তেওঁৰ নিজ জীৱনৰ অৰ্থনৈতিক যোগ্যতা লাভ কৰিব পাৰিব লাগিব। শিক্ষাই তেওঁক অৰ্থনৈতিকভাৱে উৎপাদনশীল ব্যক্তি স্বৰূপে গঢ় দি তুলিব লাগিব। পৰিয়াল বা সমাজৰ ওপৰত বোজা স্বৰূপ নহৈ নিজ জীৱিকা নিৰ্বাহ কৰিব পৰা ব্যক্তিহে সামাজিকভাৱে যোগ্য। ডিউইৰ মতে সামাজিক যোগ্যতাৰ এটা অৰ্থ হৈছে শ্ৰম-শিল্পৰ যোগ্যতা। যদি এজন ব্যক্তিয়ে নিজৰ জীৱিকা উপাৰ্জন কৰিব নোৱাৰি আনৰ ওপৰত নিৰ্ভৰশীল হয় তেন্তে তেওঁ জীৱনৰ অতি প্ৰয়োজনীয় শিক্ষা-অভিজ্ঞতাৰ পৰা বঞ্চিত হৈছে। সেইবাবে কোনো শিক্ষা আঁচনিয়েই এনে মূল বিৱেচনাৰ প্ৰতি অৱহেলা কৰিব নোৱাৰে। তেওঁৰ মতে সামাজিক যোগ্যতাৰ আন এটা অৰ্থ হৈছে নাগৰিকৰ যোগ্যতা বা সুনাগৰিকতা। সামাজিক যোগ্যতা লাভ কৰা এজন লোকে সমাজৰ মাজত ক্ৰিয়াৰ অংশ গ্ৰহণ আৰু অভিজ্ঞতা আদান-প্ৰদানৰ যোগ্যতা লাভ কৰিব লাগে। এনে লোকে কলাৰ সৃষ্টি আৰু উপভোগ কৰিব পাৰিব লাগে আৰু অৱসৰ সময় অৰ্থপূৰ্ণভাৱে কটাব লাগে। সমাজত থকা জাতি, ধৰ্ম আৰু শ্ৰেণী বিশেষৰ বাধা অতিক্ৰম কৰি এনে লোকে বহলভাৱে অভিজ্ঞতাৰ আদান-প্ৰদান কৰিব লাগে। সেয়েহে ব্যক্তি মনক সামাজিকৰণ কৰি তোলা কাৰ্যই হৈছে সামাজিক যোগ্যতা আহৰণ।

বৰ্তমান সময়ৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক মনোভাৱৰ পৰিপ্ৰেক্ষিতত জন ডিউইৰ শিক্ষাৰ এই দৃষ্টিভংগী অধিক জনপ্ৰিয়। আমেৰিকা, ইংলেণ্ড আদি পৃথিৱীৰ উন্নতশীল দেশসমূহৰ শিক্ষা এই দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱিত। ভাৰততো বৰ্তমান শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণৰ বেলিকা সামাজিক যোগ্যতাৰ এনেবোৰ চিন্তাধাৰাই বিশেষ প্ৰভাৱ পেলাইছে।

সামাজিক লক্ষ্যৰ সমীক্ষাঃ

 

শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই যিদৰে সামাজিক দিশৰ মূল্যায়ন কৰিবলৈ অসমৰ্থ হৈছে, সেইদৰে সামাজিক লক্ষ্যইও ব্যক্তিৰ নিজস্ব ক্ষমতা আৰু প্ৰয়োজনসমূহ পূৰণৰ ক্ষেত্ৰত সুবিচাৰ কৰিব পৰা নাই। এই লক্ষ্যৰ কেতবোৰ দুৰ্বলতা সেয়েহে আমাৰ বিচাৰ্য বিষয়।

  • সমাজৰ অতিমানৱীয় অস্তিত্ব আৰু ব্যক্তিৰ অস্তিত্বহীনতাৰ চৰম সামাজিক দৃষ্টিভংগী শিক্ষাৰ লক্ষ্যৰ বাবে গ্ৰহণযোগ্য হ’ব নোৱাৰে। এনে দৃষ্টিভংগীয়ে ব্যক্তি বিকাশত সমূলি উৎসাহ যোগাব নোৱাৰে বৰং ইয়াৰ বিপৰীতে সমাজৰ অন্ধ অনুকৰণে নিজত্বহীন, গতানুগতিক আৰু যন্ত্ৰচালিত ব্যক্তিতহে পৰিণত কৰিবগৈ পাৰে। নিজ ব্যক্তিত্ব বিকাশৰ মুক্ত পথ সামাজিক বন্ধনে ৰুদ্ধ কৰি পেলায়। ফলত সমাজৰ প্ৰতিজন লোকেই ব্যক্তিগতভাৱে অসুখী হৈ উঠিব পাৰে। এনে এটা অৱস্থাই সমাজত বিপ্লৱৰো সৃষ্টি কৰিব পাৰে।
  • সামাজিক লক্ষ্যই ব্যক্তি প্ৰতিভা আৰু যোগ্যতাৰ অপচয় সাধন কৰিব পাৰে। যি ব্যক্তি যেনে শিক্ষাৰ উপযুক্ত তেওঁক তেনে শিক্ষাৰ সুবিধা দিয়া উচিত। শিক্ষাৰ্থীৰ সৃষ্টি প্ৰতিভা উদ্ঘাটন কৰা আৰু তাৰ উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰা শিক্ষাৰ প্ৰধান কৰ্তব্য। সমাজৰ সকলোৰে বাবে শিক্ষা ব্যৱস্থা একে কৰি তুলিলে বিশেষ দিশত যোগ্যতা থকা ব্যক্তিৰ প্ৰতিভা নষ্ট কৰাহে হ’ব। ফলত সম্ভাৱনীয়তা থকা ব্যক্তিৰ সামাজিক অৱদানৰ পৰা দেশ আৰু সমাজ বঞ্চিত হৈ পৰিব।
  • সামাজিক যোগ্যতাৰ ধাৰণাই ইয়াৰ সংকীৰ্ণ অৰ্থত ব্যক্তিৰ মনত ৰাজনৈতিক ক্ষমতাৰ দলাদলি ভাব সৃষ্টি কৰি তুলিব পাৰে। সামাজিক যোগ্যতাৰ বিকৃত ধাৰণা ব্যক্তি মনত গঢ় লৈ উঠি ৰাজনৈতিক ক্ষমতা হস্তগত কৰাৰ এক অসুস্থ প্ৰতিযোগিতাৰ অৱস্থালৈ সমাজক ঠেলি দিব পাৰে। এনে এটা অৱস্থা ব্যক্তি আৰু সমাজ উভয়ৰ বাবেই অনিষ্টকাৰী। ইয়াৰ ফলত শিক্ষানুষ্ঠানত শান্তি, শৃংখলা আৰু অনুশাসন ৰক্ষাৰ সমস্যাইও দেখা দিব পাৰে।

ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক লক্ষ্যৰ সমন্বয়ঃ

 

ব্যক্তি আৰু সমাজ ইয়াৰ কোনোটোৰেই যথাৰ্থ মূল্য শিক্ষাত অৱহেলা কৰিব নোৱাৰি। ব্যক্তিক লৈয়ে সমাজ গঠিত হয় আৰু সামাজিক পৰিৱেশেহে ব্যক্তিৰ বিকাশ সম্ভৱ কৰি তোলে। এই দুয়োটা দিশৰ পৃথক বিৱেচনাৰে শিক্ষাৰ সামগ্ৰিক ৰূপটো অনুভৱ কৰিব পৰা নাযায়। ব্যক্তিৰ শিক্ষা-অভিজ্ঞতা, প্ৰয়োজন আদি সামাজিক পৰিৱেশতেই সৃষ্টি হয় আৰু সমাজৰ যোগেদি তাৰ পূৰণ হয়। এই সামাজিক পৰিৱেশৰ আঁতৰত থাকি কোনো ব্যক্তি কেতিয়াও আত্মনিৰ্ভৰশীল আৰু স্বয়ংসম্পূৰ্ণ হৈ চলিব নোৱাৰে। সেয়েহে মানুহ স্বাভাৱিকতেই সমাজপ্ৰিয় হয়। মানুহৰ নিজ স্বাৰ্থ আৰু প্ৰয়োজন পূৰণৰ বাবেই সমাজৰো সৃষ্টি হৈছে। সেইবাবে ব্যক্তি আৰু সমাজ এই দুয়োটা এটা আনটোৰ প্ৰয়োজনমুখী, পৰস্পৰ বিৰোধী নহয়।

শিক্ষা দৰ্শন-ভিত্তিক হোৱা বাবে লক্ষ্যৰ মতপাৰ্থক্য থকাটো স্বাভাৱিক। সেইবুলি ইয়াৰ পৰা অতিৰঞ্জন আৰু চৰম দৃষ্টিভংগী গ্ৰহণ কৰি শিক্ষাৰ প্ৰকৃত লক্ষ্যৰ পক্ষপাতিত্ব কৰাটো আমাৰ বাবে ক্ষতিকাৰক। এই দুই দিশৰ এক নিৰপেক্ষ, সুচিন্তিত আৰু গ্ৰহণযোগ্য পথ নিৰ্ণয় কৰাটোহে আমাৰ কৰ্তব্য। শিক্ষা-দাৰ্শনিক সকলৰ এই দুই লক্ষ্য সম্বন্ধে থকা দৃষ্টিভংগীতো সমন্বয় ভাব নিহিত থকাটো মন কৰিবলগীয়া।

গ্ৰীক দাৰ্শনিক প্লেটোই মত প্ৰকাশ কৰি গৈছে যে ব্যক্তিয়ে নিজ সম্ভাৱনীয়তা সমূহৰ অবাধে বিকাশ কৰিবলৈ এৰি দিয়াটো দেশৰ বাবেই মংগলজনক কথা। ইয়াৰ ফলত দেশ বা সমাজে ব্যক্তিৰ পৰা সৰ্বোৎকৃষ্ট উপকাৰ লাভ কৰিব পাৰে। প্ৰকৃতপক্ষে প্ৰতিভাশালী লোকসকলৰ নিজস্ব বৰঙণিয়েহে এখন সমাজৰ উন্নতি সাধন কৰিব পাৰে। শিক্ষাই তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ বাবে প্ৰয়োজন হোৱা স্বাধীনতা নিদিলে তেনে উন্নতি আশা কৰিব নোৱাৰি। শিক্ষাত এই ব্যক্তি স্বাধীনতাৰ কথা জন ডিউইয়ে সমৰ্থন কৰে। তেওঁ মত প্ৰকাশ কৰে যে ব্যক্তিয়ে নিজৰ জ্ঞান বিকাশৰ বাবে বৌদ্ধিক স্বাধীনতা লাভ কৰিব পাৰিলেহে প্ৰগতিশীল সমাজ এখন গঢ়ি উঠিব পাৰে। সেয়েহে ক’ব পাৰি যে সমাজৰ উন্নতিৰ বাবে ব্যক্তি স্বাধীনতা হৈছে এক প্ৰয়োজনীয় চৰ্ত। শিক্ষাৰ সামাজিক লক্ষ্যই এইখিনিতে ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ পক্ষ পৰোক্ষভাৱে সমৰ্থন কৰিছে।

আনহাতে ব্যক্তিকেন্দ্ৰিক লক্ষ্যইও সামাজিক প্ৰভাৱৰ প্ৰতি আওকণীয়া হৈ থাকিব নোৱাৰে। ব্যক্তিৰ ওপৰত সমাজৰ অতিমানৱীয় প্ৰভাৱ এই লক্ষ্যৰ বাবে গ্ৰহণযোগ্য নহয়। সেইবুলি ব্যক্তিৰ ওপৰত পৰা সমাজৰ সামান্যতম প্ৰভাৱো ইয়াত অস্বীকাৰ কৰা হোৱা নাই। ব্যক্তিৰ বিকাশৰ থল হৈছে সামাজিক পৰিৱেশ। এই পৰিৱেশৰ প্ৰভাৱৰ পৰা আঁতৰত থকা মানুহ কেতিয়াও স্বাভাৱিক হ’ব নোৱাৰে। সেয়েহে ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মূল প্ৰবক্তা পাৰ্চি নানেও ব্যক্তিৰ ওপৰত পৰা সামাজিক প্ৰভাৱৰ কথা স্বীকাৰ কৰিছে। তেওঁ মত প্ৰকাশ কৰিছে যে ব্যক্তিগত মুনিহ-তিৰোতাৰ মুক্ত আদান-প্ৰদানৰ অবিহনে মানৱ জগতলৈ কোনো মংগল আহিব নোৱাৰে। এই সত্যৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে শিক্ষাৰ কাৰ্যকৰী দিশ গঢ় দি তুলিব লাগে। এনে মতৰ দ্বাৰা পৰোক্ষভাৱে হ’লেও সামাজিক প্ৰভাৱৰ প্ৰয়োজনীয়তা ব্যক্তি বিকাশৰ বাবে মানি লোৱা হৈছে।

ওপৰত কৰা আলোচনাৰ পৰা ব্যক্তি আৰু সমাজ এই দুই পক্ষৰ স্বাভাৱিক পাৰস্পৰিকতা আৰু সান্নিধ্যৰ স্বৰূপ আমাৰ বাবে স্পষ্ট হৈ উঠে। শিক্ষাত এই দুয়োটা দিশৰ সুস্থ সমন্বয় সাধনৰ ওপৰতেই শিক্ষাৰ সাৰ্থকতা নিৰ্ভৰ কৰে। এটাই আনটোৰ ওপৰত পেলোৱা পাৰস্পৰিক প্ৰভাৱৰ ফলস্বৰূপেই ব্যক্তি আৰু সমাজ বিকাশৰ পথত অগ্ৰসৰ হ’ব পাৰে। সেয়েহে এই দুয়ো দিশৰ সমন্বয় সাধনেৰে শিক্ষানীতি আৰু আদৰ্শ ৰচনা কৰাটো কেৱল সম্ভৱেই নহয়, ই অতি প্ৰয়োজনীয়ও।

ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক লক্ষ্যৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ শিক্ষাৰ লক্ষ্যঃ

 

শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক প্ৰয়োজনীয়তাৰ প্ৰসংগত ভাৰতৰ শিক্ষাৰ লক্ষ্য কিদৰে স্থিৰ কৰিব পাৰি, এই প্ৰশ্ন তাৎপৰ্যপূৰ্ণ। বুৰঞ্জীৰ বুকুত বিভিন্ন সামাজিক আৰু ৰাজনৈতিক প্ৰভাৱে এই দেশৰ শিক্ষাৰ লক্ষ্য বিভিন্ন সময়ত ভিন ভিন ভাৱে প্ৰভাৱিত কৰি আহিছে। পৰাধীনতাৰ কালত বৃটিছ আমোলৰ শিক্ষাই ব্যক্তি আৰু সমাজ কোনো দিশতেই সুস্থ বিকাশৰ পথ ৰচনা কৰিব পৰা নাছিল। সেয়েহে গান্ধীজীয়ে তেওঁৰ স্বাধীনতা আন্দোলনৰ লগতে ভাৰতীয় শিক্ষাৰো এক আমূল পৰিৱৰ্তন আনিবৰ বাবে বিশেষ চেষ্টা চলাইছিল। তেওঁৰ বুনিয়াদী শিক্ষা আন্দোলনৰ যোগেদি ভাৰতীয় শিক্ষাক ব্যক্তি আৰু সমাজৰ উপযোগী কৰি গঢ় দিবলৈ বিচাৰিছিল।

তেওঁৰ বুনিয়াদী শিক্ষাৰ প্ৰধান লক্ষ্য আছিল ব্যক্তিৰ নিজস্ব বিকাশশীল ক্ষমতা শিক্ষাৰ কাৰ্যকৰী আঁচনিৰ যোগেদি ফুটাই তোলাটো আৰু সামাজিক উন্নতিৰ পথেদি পৰিচালিত কৰাটো। মূল কথাত ক’বলৈ গ’লে গান্ধীজীয়ে তেওঁৰ শিক্ষা আঁচনিৰ দ্বাৰা ব্যক্তি আৰু সমাজৰ পাৰস্পৰিক উন্নতি কামনা কৰিছিল। তেওঁৰ বুনিয়াদী শিক্ষা পদ্ধতি সেয়েহে ভাৰতৰ জাতীয় শিক্ষা পদ্ধতি স্বৰূপে গ্ৰহণ কৰা হৈছিল। এই শিক্ষা পদ্ধতি যথোচিতভাৱে কাৰ্যকৰী কৰা নহ’ল যদিও ই আমাৰ শিক্ষা আঁচনিসমূহ প্ৰভাৱিত নকৰাকৈ থকা নাই।

স্বাধীনতাৰ পৰৱৰ্তী শিক্ষা আয়োগসমূহত ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক এই দুইবিধ লক্ষ্যৰ আদৰ্শ যুটীয়াভাৱে পূৰণৰ প্ৰতি লক্ষ্য ৰখা হৈছে। ১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে নিৰ্ণয় কৰা লক্ষ্যৰ এই প্ৰসংগত উল্লেখযোগ্য। আয়োগৰ প্ৰতিবেদনত আৰম্ভণিতেই উল্লেখ কৰা হৈছে যে মাধ্যমিক শিক্ষাৰ লক্ষ্য হৈছে দেশৰ যুৱক-যুৱতীসকলক সুনাগৰিক কৰি গঢ়ি তোলা, যি দেশৰ সামাজিক পুনৰ নিৰ্মাণ আৰু অৰ্থনৈতিক বিকাশৰ দিশত নিজৰ ভূমিকা যোগ্যতাৰে প্ৰদৰ্শন কৰিব পাৰে। এই প্ৰসংগত আয়োগে বিশেষভাৱে উল্লেখ কৰে যে গণতান্ত্ৰিক নাগৰিকত্ব, বৃত্তীয় যোগ্যতা, ব্যক্তিত্ব বিকাশ আৰু নেতৃত্বৰ ক্ষমতা আদি আহৰণ কৰাই মাধ্যমিক শিক্ষাৰ লক্ষ্য হোৱা উচিত। ১৯৬৬ চনৰ কোঠাৰি আয়োগৰ প্ৰতিবেদনতো ব্যক্তি আৰু সমাজৰ উমৈহতীয়া স্বাৰ্থ পূৰণৰ প্ৰতি শিক্ষাত গুৰুত্ব দিয়া হৈছে। ইয়াতো উল্লেখ কৰা হৈছে যে শিক্ষাই সামাজিক আৰু অৰ্থনৈতিক বিকাশ সাধন কৰা, গণতান্ত্ৰিক সমাজ গঢ়ি তোলা, জাতীয় সংহতি আৰু একতা ৰক্ষা কৰা ভাৰতীয় শিক্ষাৰ লক্ষ্য হোৱা উচিত।

ইয়াৰ পৰা নিঃসন্দেহে ক’ব পাৰি যে ভাৰতৰ শিক্ষাৰ লক্ষ্য ব্যক্তি আৰু সমাজৰ পূৰ্ণাংগ বিকাশৰ দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত। এই দেশৰ শিক্ষাবিদসকল ব্যক্তি আৰু সমাজৰ পাৰস্পৰিক যোগাযোগ আৰু সমন্বয়ৰক্ষি বিকাশৰ ওপৰত বিশ্বাসী।

শিক্ষাৰ বৃত্তীয় লক্ষ্যঃ

 

বৰ্তমান শিক্ষাৰ এটা অতি প্ৰভাৱশালী লক্ষ্য হৈছে বৃত্তীয় লক্ষ্য। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনৰ চিন্তাধাৰা, মূল্যবোধ আৰু প্ৰয়োজন আদি সলনি হয়। এনে এক পৰিৱৰ্তিত অৱস্থাৰ হেতুকে বৰ্তমান আমাৰ বৃত্তীয় লক্ষ্যৰ প্ৰতি মন আকৰ্ষিত হৈছে।

আজিৰ মানুহে শিক্ষা কেৱল জ্ঞান আহৰণৰ বাবে অথবা আধ্যাত্মিক উপলব্ধিৰ বাবেহে লাভ কৰিবলৈ নিবিচাৰে। শিক্ষাৰ এটা বাস্তৱ আৰু ব্যৱহাৰিক প্ৰয়োজন অনুভৱ কৰা হয়। এই প্ৰয়োজন হৈছে মানুহৰ তৎকালীনভাৱে দেখা দিয়া অন্ন-বস্ত্ৰৰ প্ৰয়োজন। শিক্ষাই আমাক অৰ্থনৈতিকভাৱে উৎপাদনক্ষম আৰু আত্মনিৰ্ভৰশীল কৰি তুলিব লাগে। বৰ্তমান সময়ত ব্যক্তিৰ উৎপাদনশীল ক্ষমতা বৃদ্ধি কৰি তোলাটোহে নিজৰ আৰু দেশ বা সমাজৰ প্ৰয়োজন। মানৱশক্তি উৎপাদনমুখী কৰি গঢ় দি তোলাটো এখন ৰাষ্ট্ৰৰো প্ৰধান কৰ্তব্য। সেইবাবে শিক্ষা কেৱল আধ্যাত্মিক জীৱনৰ সৌন্দৰ্য অনুভূতিদানকাৰী বিষয় স্বৰূপে নলৈ প্ৰায়োগিক জীৱনৰ প্ৰয়োজনীয় অভিজ্ঞতাদানকাৰী স্বৰূপেহে বিৱেচিত হ’ব লাগে। যি শিক্ষাকেই লোৱা হয় তাৰ প্ৰায়োগিক মূল্য থকা উচিত। এয়ে হ’ল বৃত্তীয় লক্ষ্যৰ মূল বক্তব্য।

শিক্ষাৰ এই লক্ষ্য জনপ্ৰিয় হৈ উঠাৰ বহুতো কাৰণ আছে। বৃত্তীয় শিক্ষাই মানুহক কোনো এক বৃত্তি বা ব্যৱসায়ৰ উপযুক্ত কৰি তুলিব পাৰে, যিটো বৰ্তমান বস্তুবাদী সমাজৰ বাবে অতি প্ৰয়োজনীয়। এনে শিক্ষাইহে ব্যক্তিৰ নিজ যোগ্যতাক উৎপাদনমুখী কৰি তুলি দেশ আৰু সমাজৰ প্ৰতি বৰঙণি আগবঢ়াব পাৰে। সমাজৰ স্থায়িত্ব আৰু প্ৰগতি আদিও ব্যক্তিৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষাৰ এনে লক্ষ্যই আমাৰ অৰ্জিত শিক্ষা-অভিজ্ঞতা উদ্দেশ্যধৰ্মী কৰি তোলে। যি শিক্ষা লাভ কৰা হয় সি আমাৰ বাস্তৱ আৰু বৈষয়িক জীৱনৰ বাবে সহায়কাৰী হৈ উঠে। অৰ্থনৈতিক জীৱন উন্নত কৰিব পৰা এনে শিক্ষাইহে ব্যক্তিক সমাজত তেওঁৰ যোগ্য স্থান আৰু মান দিব পাৰে। মানুহৰ মনত ই শ্ৰমৰ মৰ্যাদাও জগাই তুলিব পাৰে। ৰাষ্ট্ৰই নিজৰ মানৱশক্তিক উৎপাদনৰ আহিলা স্বৰূপে প্ৰয়োগ কৰিব পাৰে। ফলত শিল্পকেন্দ্ৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান আদি দেশৰ অৰ্থনৈতিক নিৰ্মাণত খটাব পৰা যায়। বৃত্তীয় শিক্ষাৰ এনেবোৰ উদ্দেশ্য মাৰ্ক্সবাদৰ নীতি আৰু আদৰ্শৰ দ্বাৰা প্ৰভাৱিত।

শিক্ষা-মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰাও বৃত্তীয় লক্ষ্য সমৰ্থনযোগ্য। প্ৰতিটো বিশেষ বিশেষ কামৰ বাবে একো একোটা বিশেষ যোগ্যতাৰ প্ৰয়োজন। যিসকল লোকৰ এনে বিশেষ যোগ্যতা থাকে তেওঁলোকক বাছি উলিয়াই উপযুক্ত বৃত্তীয় শিক্ষা দিয়াটো আধুনিক শিক্ষা-মনোবিজ্ঞানৰ এক গৃহীত নীতি। ইয়াৰ উপৰিও বুদ্ধি-বৃত্তি আদিত নিম্নমানৰ বহুতো ছাত্ৰ-ছাত্ৰী থাকে যি উচ্চ শিক্ষা আশা কৰিব নোৱাৰে। তেনে ছাত্ৰ-ছাত্ৰীয়েও এই শিক্ষাৰ যোগেদি নিজক উপযুক্ত কৰি তুলিব পাৰে।

সমীক্ষাঃ

 

বৃত্তীয় লক্ষ্যই আজিৰ সমাজত তৎকালীন প্ৰয়োজন পূৰণ কৰিব পাৰিলেও ই শিক্ষাৰ সৰ্বসন্মতভাৱে গ্ৰহণযোগ্য লক্ষ্য হৈ উঠিব নোৱাৰে। এই লক্ষ্যই ব্যক্তিৰ খোৱা-পিন্ধা আদিকে ধৰি আমাৰ তৎকালীন জৈৱিক আৰু বৈষয়িক প্ৰয়োজনবোৰ পূৰণ কৰিব পাৰে। কিন্তু আমি মনত ৰখা উচিত যে মানুহ কেৱল জৈৱিক আৰু বৈষয়িক প্ৰয়োজনৰ মাজতে আৱদ্ধ নাথাকে। মানসিক আৰু আত্মিক প্ৰয়োজনো মানুহে অনুভৱ কৰে। এই প্ৰয়োজন পূৰণেহে মানুহৰ মনত স্থায়ী সুখ-শান্তি দিব পাৰে। মানুহৰ শ্ৰেষ্ঠত্বও এনে আত্মিক প্ৰয়োজন পূৰণৰ দ্বাৰাহে সম্ভৱ হৈ উঠিছে। আনহাতে জৈৱিক প্ৰয়োজনমুখী শিক্ষাৰ বৃত্তীয় লক্ষ্যই মানুহৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য সংকীৰ্ণ আৰু সীমাবদ্ধ কৰি পেলায়। মানুহে কেৱল খাব-পিন্ধিবলৈকে জীয়াই থকা নাই। আমাৰ খোৱা-বোৱা আৰু জীয়াই থকাৰ এটা মহৎ উদ্দেশ্য আছে, আৰু সি হৈছে মানসিক আৰু আত্মিক বিকাশ সাধন কৰা। মানুহৰ ভাষা-কৃষ্টি-সভ্যতা আদি ৰক্ষা কৰা আৰু তাৰ উত্তৰোত্তৰ বিকাশ সাধন কৰাটো হৈছে প্ৰত্যেক নতুন সমাজৰ প্ৰধান কৰ্তব্য। শিক্ষাৰ বৃত্তীয় লক্ষ্যই মানৱ সমাজৰ এনেবোৰ আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰে। ই মানুহক বস্তুবাদী, যন্ত্ৰচালিত আৰু দেশৰ অৰ্থ উপাৰ্জনকাৰী আহিলা স্বৰূপে গঢ় দি তোলে, কিন্তু প্ৰকৃত মানৱীয় অনুভূতি আৰু জীৱনৰ প্ৰকৃত মূল্যবোধ জগাই তুলিব নোৱাৰে।

জাতীয় বিকাশৰ বাবে শিক্ষাঃ

 

এটা জাতি বা এখন দেশৰ উন্নতি আৰু প্ৰগতি শিক্ষাৰ ওপৰত একান্ত নিৰ্ভৰ কৰে। যা জাতি যিমান উন্নত তেওঁলোকৰ শিক্ষা ব্যৱস্থাও হয় সিমানে উন্নত। পৃথিৱীৰ উন্নত দেশবোৰৰ শিক্ষা ব্যৱস্থালৈ মন কৰিলেই এই কথাৰ সত্যতা উপলব্ধি কৰিব পাৰি। দেশৰ শিক্ষা ব্যৱস্থাত এনে কেতবোৰ লক্ষ্য, উদ্দেশ্য আৰু আদৰ্শ থাকে যি সেই দেশৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ বাবে অতি প্ৰয়োজনীয়। এনেবোৰ প্ৰয়োজনৰ ভিত্তিত ৰচিত শিক্ষা-নীতি আৰু তাৰ কাৰ্যকৰীকৰণেহে দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে আৰু জাতীয় বিকাশৰ পথ প্ৰশস্ত কৰি তুলিব পাৰে। সেই হেতুকে এখন দেশৰ শিক্ষা-নীতিত এই লক্ষ্য, আদৰ্শসমূহ ভালদৰে প্ৰতিফলিত কৰি তোলাটো আৰু তাক নিষ্ঠা আৰু আন্তৰিকতাৰে কাৰ্যকৰী ৰূপ দান কৰাটো সেই দেশৰ চৰকাৰ আৰু জনসাধাৰণৰ মুখ্য কৰ্তব্য।

এখন বিকাশশীল দেশ স্বৰূপে ভাৰতৰ জাতীয় বিকাশৰ বাবে শিক্ষাৰ লক্ষ্য, আদৰ্শ কেনে হোৱা উচিত- এই প্ৰশ্ন স্বাভাৱিকতেই আমাৰ মনলৈ আহে। প্ৰত্যেক জাতি আৰু দেশৰেই কেতবোৰ নিজস্ব আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিশেষত্ব থাকে। তাৰ প্ৰতি লক্ষ্য ৰাখিহে জাতীয় শিক্ষাৰ লক্ষ্য, উদ্দেশ্য আৰু আঁচনি স্থিৰ কৰা হয়। ভাৰতবৰ্ষ এখন বিভিন্ন জাতি-উপজাতিৰ উপ-মহাদেশ স্বৰূপে এই দিশৰ ব্যাপকতা সহজেই অনুমান কৰিব পাৰি। স্বাধীনোত্তৰ কালত দেশৰ শিক্ষা আয়োগ তিনিখনে জাতীয় বিকাশৰ বাবে শিক্ষাৰ প্ৰয়োজনীয় কেতবোৰ গুৰুত্বপূৰ্ণ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰে। এইসমূহৰ সাৰাংশ স্বৰূপে তলত বৰ্ণনা কৰা শিক্ষাৰ দিশসমূহৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজন।

  • শিক্ষা বৃত্তিমুখীকৰণঃ শিক্ষা উৎপাদনমুখী কৰি তুলিব পাৰিলেহে জাতীয় বিকাশ সম্ভৱ হ’ব পাৰে। সেইবাবে বিশেষকৈ মাধ্যমিক পৰ্যায়ৰ শিক্ষা বৃত্তিমুখী কৰি তুলিব লাগে যাতে ছাত্ৰ-ছাত্ৰীয়ে দেশৰ উৎপাদনত নিজৰ বৰঙণি যোগাব পাৰে। শিক্ষাই এক উৎপাদনমুখী মনোভাৱ গঢ় দি তুলিবৰ বাবে ব্যৱসায়িক আৰু কাৰিকৰী শিক্ষাৰ ব্যৱস্থা সকলো স্তৰতে বৃদ্ধি কৰি তুলিব লাগে। দেশৰ মানৱ সম্পদক বৃত্তিমুখী শিক্ষাৰ যোগেদিহে পূৰ্ণ উপযোগ কৰিব পৰা যায়।
  • সুনাগৰিকতাৰ শিক্ষাঃ গণতান্ত্ৰিক দেশ এখনত নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য অতি বেছি। ইয়াক ভালদৰে পালন কৰিবলৈ প্ৰতিজন লোকেই সুনাগৰিকতাৰ শিক্ষা পোৱা উচিত। এনে সুনাগৰিক হ’বৰ বাবে কেতবোৰ বিশেষ সামাজিক গুণৰ প্ৰয়োজন। আনৰ প্ৰতি সংবেদনশীলতা, সহিষ্ণুতা আৰু সহযোগিতাৰ মনোভাৱ ব্যক্তিৰ মনত শিক্ষাই জগাই তুলিব লাগে। সকলো কথা যুক্তিসংগতভাৱে বিচাৰ কৰি চাব পৰা, মুক্ত চিন্তা কৰিব পৰা আৰু নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰিব পৰাটো সুনাগৰিকতাৰ লক্ষণ। শিক্ষাই এনেবোৰ গুণৰ বিকাশ কৰিব পাৰিব লাগে।
  • নেতৃত্বৰ শিক্ষাঃ নতুন পুৰুষে সমাজৰ বিভিন্ন দিশত নিজৰ যোগ্যতা অনুসৰি নেতৃত্বৰ দায়িত্ব বহন কৰিব লাগে। ইয়াৰ বাবে তেওঁলোকক প্ৰয়োজনীয় শিক্ষা-অভিজ্ঞতাৰে উপযুক্ত কৰি তোলাটো জাতীয় শিক্ষাৰ এক প্ৰধান লক্ষ্য হোৱা উচিত। আজিৰ ল’ৰা-ছোৱালীয়ে সময়ত দেশৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক, বিজ্ঞান আৰু কাৰিকৰী দিশৰ দায়িত্ব বহন কৰি নেতৃত্ব দিব লাগিব। এই নেতৃত্ব যাতে নিৰ্ভৰযোগ্য হয় আৰু দেশ তথা সমাজে যাতে বিকাশৰ পথত অগ্ৰসৰ হ’ব পাৰে তাৰ নিশ্চয়তা জাতীয় শিক্ষা ব্যৱস্থাই দিব পাৰিব লাগে।
  • দেশপ্ৰেমৰ মনোভাৱঃ স্বাধীন দেশ এখনৰ ছাত্ৰ-ছাত্ৰীৰ মনত নিজ দেশৰ প্ৰতি গভীৰ ভালপোৱা ভাব সৃষ্টি কৰাটো জাতীয় শিক্ষাৰ এক লক্ষ্য হোৱা উচিত। শিক্ষাই ব্যক্তিৰ মনত দেশপ্ৰেমৰ মনোভাৱ আৰু নিজ দেশৰ সুখ-দুখৰ লগত একাত্মবোধ ভাব গঢ়ি তুলিব পাৰে। এনে মনোভাৱেহে ছাত্ৰ-ছাত্ৰীক দেশৰ উন্নতি আৰু প্ৰগতিৰ বাবে আত্মনিয়োগ কৰিবলৈ আৱশ্যকীয় প্ৰেৰণা যোগাব পাৰে। দেশৰ অখণ্ডতা, উন্নতি আৰু প্ৰগতিও এনে মনোভাৱৰ ওপৰত বিশেষ নিৰ্ভৰশীল।
  • জাতীয় সংহতিঃ জাতীয় বিকাশৰ বাবে মানুহৰ মনত জাতীয় সংহতি তথা অনুভূতিক ঐক্য ভাৱৰ অতি প্ৰয়োজন। কিন্তু বিভিন্ন জনগোষ্ঠী লোকৰ মাজত সময়ে সময়ে বিভেদ আৰু বিভাজনৰ সৃষ্টি হয়। কোনো কোনো সময়ত ই মানুহৰ মনত অধিক তিক্ততাৰ সৃষ্টি কৰি জাতীয় জীৱনৰ বাবে ভাবুকিৰ সৃষ্টি কৰে। সেইবাবে দেশৰ যুৱক-যুৱতীৰ মনত আৱেগিক ঐক্য, সংহতি আৰু বুজা-পৰা ভাবৰ গঢ় দিব পৰাকৈ প্ৰয়োজনীয় কাৰ্যসূচী জাতীয় শিক্ষাই গ্ৰহণ কৰা উচিত।
  • জাতীয় অনুশাসনঃ দেশৰ যুৱক-যুৱতীসকলে ৰাষ্ট্ৰৰ সংবিধান আৰু প্ৰশাসনীয় বিধি-বিধান আদিৰ প্ৰতি আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গঢ়ি তুলিব লাগে। সামাজিক প্ৰশাসন, শান্তি আৰু প্ৰগতিৰ বাবে ই অতি প্ৰয়োজনীয়। তেওঁলোকৰ মনত আৰু ক্ৰিয়া আচৰণতে যাতে কোনো ধৰণৰ অনুশাসনহীন, ধ্বংসাত্মক আৰু অপৰাধমূলক প্ৰবৃত্তি জাগি উঠিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। ইয়াৰ যোগেদিহে সামাজিক অন্যায়, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদি বন্ধ কৰিব পাৰি। জাতীয় অনুশাসনৰ মনোভাৱ গঢ় দি তুলিবৰ বাবে জাতীয় শিক্ষা ব্যৱস্থাত প্ৰয়োজনীয় কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিব লাগে। জাতীয় অনুশাসনৰ অভাৱ হ’লে জাতীয় বিকাশ সম্ভৱ হৈ উঠিব নোৱাৰে।
  • সামাজিক মুক্তিঃ সমাজৰ কু-সংস্কাৰ, অন্ধবিশ্বাস, ধৰ্মসংকীৰ্ণতা আদিৰ অশুভ প্ৰভাৱে সামাজিক বিকাশৰ গতি বাধাপ্ৰাপ্ত কৰে। সেইবাবে শিক্ষিত শ্ৰেণী লোকে সমাজৰ এনে অনিষ্টকাৰী প্ৰভাৱৰ পৰা নিজক মুক্ত কৰিব পাৰিব লাগে। নিজ দেশৰ সামাজিক পৰম্পৰা আৰু আদৰ্শৰ প্ৰতি তেওঁলোকৰ মনত শ্ৰদ্ধা, আস্থা আৰু নিষ্ঠা ভাৱৰ প্ৰয়োজন। সেইদৰে ধৰ্ম, জাতি বা গোষ্ঠীৰ নামত সমাজৰ প্ৰগতি বাধাপ্ৰাপ্ত কৰিব পৰা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে তেওঁলোকে থিয় দিব পাৰিব লাগে। জাতীয় বিকাশৰ বাবে গ্ৰহণ কৰা শিক্ষা আঁচনিত এই কথা বিবেচিত হ’ব লাগে।
  • শিক্ষাৰ দ্বাৰা আধুনিকীকৰণঃ শিক্ষাই আমাৰ সামাজিক জীৱন বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অগ্ৰগতিৰ লগত খাপ খোৱা কৰি তুলিব লাগে। বিজ্ঞান আৰু কাৰিকৰী বিদ্যাৰ অভিজ্ঞতাসমূহ আমাৰ সামাজিক জীৱনত প্ৰয়োগ কৰি মানুহৰ দৃষ্টিভংগী, ভাৱধাৰা আৰু দৈনন্দিন জীৱনৰ মানদণ্ড উন্নত কৰিব পাৰি। ইয়াকেই শিক্ষাৰ দ্বাৰা আধুনিকীকৰণ কৰা বুলি কোৱা হয়। বৰ্তমান আমাৰ দেশত টেলিভিছনৰ প্ৰয়োগ এই প্ৰসংগত উল্লেখযোগ্য। এখন দেশৰ জাতীয় বিকাশ শিক্ষাৰ যোগেদি কৰা এনে আধুনিকীকৰণৰ ওপৰত নিৰ্ভৰ কৰে।
  • চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশঃ দেশৰ সকলোবোৰ বিকাশৰ স্থায়িত্ব আৰু তাৰ গাম্ভীৰ্য্য নিৰ্ভৰ কৰে মানুহৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ সুস্থ বিকাশৰ ওপৰত। সেয়েহে শিক্ষাৰ দ্বাৰা জাতীয় বিকাশৰ কথা ভাবোতে এই কথাই প্ৰাধান্য লাভ কৰা উচিত। শিক্ষা আৰু সভ্যতাই মানুহক সজ চৰিত্ৰ গঠন আৰু ব্যক্তিত্বৰ গুণসমূহ পূৰ্ণৰূপত বিকশাই তুলিব লাগে। তেওঁলোকৰ নৈতিক আৰু আধ্যাত্মিক জীৱনৰ মানদণ্ডও উন্নত কৰি তুলিব পাৰিলেহে সমাজৰ স্থায়ী শান্তি আৰু প্ৰগতিৰ আশা কৰিব পাৰি।
  • বিশ্ব শান্তিঃ জাতীয় শিক্ষা ব্যৱস্থাই যুৱক-যুৱতীক কেৱল নিজ দেশৰ বাবেই নহয়, আন্তৰ্জাতিক ক্ষেত্ৰতো অৱদান যোগাব পৰা কৰি তুলিব লাগে। তেওঁলোকৰ অনুভৱ, অভিজ্ঞতা আৰু কৰ্মপ্ৰেৰণা আন্তৰ্জাতিক পৰ্যায়লৈকো সম্প্ৰসাৰিত কৰি তুলিব লাগে। শিক্ষাৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় বুজা-পৰা, সদ্ভাৱ, সহযোগিতা আদি স্থাপন কৰি বিশ্ব শান্তি আৰু বিশ্ব ভ্ৰাতৃত্বৰ ভাব জগাই তুলিব পাৰি। এনে লক্ষ্যইহে জাতীয় বিকাশৰ বাবে কৰা শিক্ষা আঁচনি সম্পূৰ্ণ কৰি তুলিব পাৰে।

(উৎসঃ প্ৰাৰম্ভিক শিক্ষাতত্ব আৰু বুৰঞ্জী, যতীন বৰুৱা)।

3.0701754386
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top