অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন স্তৰৰ পাঠ্যক্ৰমঃ

বিভিন্ন স্তৰৰ পাঠ্যক্ৰম কি-

 

পুৰণি কালত শিক্ষাৰ বিভিন্ন স্তৰত ছাত্ৰৰ ভিন ভিন দেহ-মানসিক প্ৰয়োজনবোৰৰ বিবেচনাৰে পাঠ্যক্ৰম প্ৰস্তুত কৰা হোৱা নাছিল। গতানুগতিকভাৱে চলি অহা পাঠ্যক্ৰমৰ মাজলৈ ছাত্ৰক টানি অনা হৈছিল। শিক্ষা ধৰ্মীয় ক্ৰিয়া-কলাপৰেই অংশবিশেষ স্বৰূপে বিৱেচিত হৈছিল। সেইবাবে ধৰ্মীয় অনুষ্ঠান পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা অভিজ্ঞতাই পাঠ্যক্ৰমত মুখ্যভাৱে ঠাই পাইছিল। ধৰ্ম, ভাষা, সংস্কৃতি আদি বংশানুক্ৰমে সংৰক্ষণ কৰাটো আছিল পাঠ্যক্ৰমৰ প্ৰধান উদ্দেশ্য। এইক্ষেত্ৰত পাঠ্যক্ৰম মুখ্য আৰু শিক্ষাৰ্থী গৌণ বিৱেচিত হৈছিল। বৰ্তমান শিক্ষাত এই দৃষ্টিভংগীৰ সলনি হৈছে। শিক্ষা বিষয়কেন্দ্ৰিক হোৱাৰ পৰিৱৰ্তে শিশুকেন্দ্ৰিক কৰি গঢ় দি তোলা হৈছে। শিশুৰ দেহ-মানসিক প্ৰয়োজন, সামৰ্থ আৰু সম্ভাৱনীয়তাৰ প্ৰতি সহানুভূতিৰে বিৱেচনা কৰিহে পাঠ্যক্ৰম ৰচনাৰ কথা ভবা হয়। প্ৰয়োজন হ’লে শিশুৰ উপকাৰত নহা পাঠ্যবিষয় পৰিত্যাগ কৰি পাঠ্যক্ৰম সংশোধন কৰা হয়।

বৰ্তমান মনোবিজ্ঞানৰ বিস্তৃত অধ্যয়নৰ পৰা অনুভৱ কৰা হৈছে যে বিকাশৰ প্ৰতিটো স্তৰতে ছাত্ৰ-ছাত্ৰীৰ কেতবোৰ স্বয়ংসম্পূৰ্ণ বৈশিষ্ট্য থাকে। এটি শিশুক আমি ক্ষুদ্ৰকায় মানৱ বুলি বিৱেচনা কৰিব নোৱাৰো। বিকাশৰ প্ৰতিটো স্তৰতে থকা তাৰ দেহ-মানসিক ক্ষমতা, প্ৰয়োজন আৰু সম্ভাৱনীয়তাবোৰৰ প্ৰতি চকু ৰাখি পাঠ্যক্ৰম ৰচনা কৰিব লাগে। তাৰ এনেবোৰ প্ৰয়োজন বয়সস্থ সকলৰ প্ৰয়োজনীয়তাৰ মাপকাঠীৰে বিৱেচনা কৰিব নালাগে। এই কথাৰ বিৱেচনাৰে ছাত্ৰৰ শৈশৱ, বাল্য আৰু কৌশোৰ কালৰ প্ৰতিটো স্তৰৰ পাঠ্যক্ৰম পৃথক পৃথকভাৱে প্ৰস্তুত কৰা প্ৰয়োজন। তলত ইয়াৰ এটা বিশ্লেষণ দাঙি ধৰা হৈছে।

পূৰ্ব-প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰমঃ

 

দুই-তিনি বছৰৰ পৰা ছয়-সাত বছৰ বয়সলৈকে শিশু জীৱনৰ এই সময়ছোৱাৰ শিক্ষাৰ দায়িত্ব ই বহন কৰে। এই পৰ্যায়ৰ শিক্ষাৰ উদ্দেশ্য, বিষয়বস্তু আৰু শিক্ষা-পদ্ধতি শিক্ষাৰ আনবোৰ পৰ্যায়তকৈ পৃথক। ফ্লোৱেল, মণ্টেচৰী আদি শিক্ষাবিদসকলে এই পৰ্যায়ৰ শিক্ষাক অনুশাসনমুক্ত, ক্ৰীড়াপ্ৰধান আৰু বাস্তৱধৰ্মী স্বৰূপে গঢ় দি তুলিছে। ৬-৭ বছৰ বয়সত প্ৰাথমিক স্কুলত আনুষ্ঠানিক আৰু অনুশাসনমূলক শিক্ষা-ব্যৱস্থাৰ মাজত শিশুৱে লিখা-পঢ়া কৰিব লাগে। তাৰ বাবে প্ৰয়োজন হোৱা শিশুৰ দেহ-মানসিক পূৰ্ব-প্ৰস্তুতিহে ইয়াত কৰা হয়। সেইবাবে প্ৰকৃত অৰ্থত পাঠ্যক্ৰমৰ নিৰ্দিষ্ট বিষয়সূচী আৰু তাৰ অধ্যয়নৰ নিৰ্ধাৰিত ব্যৱস্থা ইয়াত নাথাকে। এই পৰ্যায়ৰ পাঠ্যক্ৰমৰ কেতবোৰ বৈশিষ্ট্য তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

  • শিশুৰ জ্ঞানেন্দ্ৰিয়সমূহে বহিঃজগতৰ জ্ঞান-অভিজ্ঞতা যথাৰ্থ আৰু যথোচিতভাৱে আয়ত্ব কৰিবলৈ ইন্দ্ৰিয় অনুশীলনৰ প্ৰয়য়োজন। সেইবাবে ইয়াত দৃষ্টি, শব্দ আৰু স্পৰ্শ অনুভূতিৰ শিক্ষা দিয়া হয়।
  • এই পৰ্যায়ৰ পাঠ্যক্ৰমে শিশুৰ ভৱিষ্যতৰ বাবে কেতবোৰ সজ অভ্যাস গঠন কৰিবলৈ ক্ৰিয়া অনুশীলনৰ ব্যৱস্থা কৰিব লাগে।
  • শিশুৰ স্বাস্থ্যৰক্ষা, অংগ সঞ্চালন ক্ষমতা আৰু সামাজিক বিকাশ লাভৰ বাবে মুক্ত পৰিৱেশত খেলাৰ সুবিধা দিব লাগে।
  • নৃত্য-গীত, আবৃত্তি আদিৰ যোগে শিশুৰ ছন্দময় লয়লাসৰ প্ৰকাশ আৰু স্বতঃস্ফূৰ্তভাৱে বিকাশৰ ব্যৱস্থা কৰিব লাগে।
  • শিশু স্বাভাৱিকতেই কল্পনাপ্ৰিয় হোৱাৰ প্ৰতি লক্ষ্য ৰাখি খেলা-ধূলা, গল্প, চিত্ৰাংকণ আদিৰ বিষয় কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিব লাগে।
  • শিশুৰ ঘৰুৱা পৰিৱেশৰ লগত স্কুলীয়া পৰিৱেশৰ ওচৰ সম্বন্ধ স্থাপন কৰি তুলিবলৈ মৰম-চেনেহ আৰু আদৰ-যত্নৰ এক আৱেগিক পৰিৱেশ ৰচনা কৰিব লাগে।
  • কোনো শিশুৰ দৈহিক অক্ষমতা অথবা ইন্দ্ৰিয়সমূহৰ দোষযুক্ততা থাকিলে তাৰ প্ৰয়োজনমতে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।
  • ইন্দ্ৰিয় অনুশীলনৰ অন্তত আখৰ আৰু সংখ্যাৰ মৌলিক জ্ঞান দিবৰ বাবে শিক্ষাৰ কাৰ্যকৰী ব্যৱস্থা কৰিব লাগে।

প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰমঃ

 

আনুষ্ঠানিক নীতি-নিয়ম আৰু অনুশাসনৰ মাজেদি শিক্ষাদানৰ ব্যৱস্থা এই পৰ্যায়তেই আৰম্ভ কৰা হয়। শিশুৱে এই সময়ত তাৰ দেহ-মানসিক ক্ৰিয়া-আচৰণৰ ওপৰত কিছু নিয়ন্ত্ৰণ ক্ষমতা লাভ কৰে। মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰয়োজনীয় ক্ষমতা, আগ্ৰহ আৰু প্ৰৱণতা আদি পৰিলক্ষিত হয়। সাধাৰণভাৱে সেয়েহে ক’ব পাৰি যে শিশুৰ এয়ে লিখা-পঢ়া কৰা সময়। প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰমত সেইবাবে শিক্ষণীয় বিষয়ৰ সমাবেশ ঘটাব লাগে। অৱশ্যে শিশু মনৰ অভিৰুচি, সক্ষমতা, মনোবৃত্তি আদিৰ প্ৰতি বিশেষ চকু ৰাখিহে অধ্যয়নৰ বিষয়সূচী প্ৰস্তুত কৰি তুলিব লাগে। তলত ইয়াৰ এটি চমু আভাষ দাঙি ধৰা হৈছে।

  • ভাষা অধ্যয়নঃ প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰমে শিশুৰ কথিত, পঠিত আৰু লিখিত ভাষাৰ জ্ঞান দিব লাগে। শিশুৱে অধিক নতুন শব্দৰ লগত পৰিচিত হোৱা, তাৰ শুদ্ধ উচ্চাৰণ আৰু উপযুক্তভাৱে শব্দ প্ৰয়োগৰ ক্ষমতা লাভ কৰি উঠিব লাগে।
  • গাণিতিক ধাৰণাঃ সংখ্যা-জ্ঞানৰ মৌলিক ধাৰণা এই পৰ্যায়ৰ পাঠ্যক্ৰমে শিশুক দিব লাগে। সংখ্যাৰ যোগ, বিয়োগ, পূৰণ, হৰণ আদিৰ ধাৰণা দিব পৰা বাস্তৱ আৰু ব্যৱহাৰিক কাৰ্যসূচী প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰমত সেয়েহে অন্তৰ্ভুক্ত কৰিব লাগে।
  • মানৱীয় বিষয়ৰ অধ্যয়নঃ মানুহক জানি উঠিবৰ বাবে এই পৰ্যায়ত ভূগোল, বুৰঞ্জী আদি বিষয়ৰ অন্তৰ্ভুক্ত কৰিব লাগে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ দেশ আৰু মানুহৰ বৰ্ণনা, সাধুকথা, ৰূপকথা, মহাপুৰুষৰ জীৱনী, প্ৰসিদ্ধ কাহিনী আদি শিশুৰ উপযোগীকৈ পাঠ্যক্ৰমত প্ৰস্তুত কৰিব লাগে।
  • প্ৰকৃতি আৰু পৰিৱেশ অধ্যয়নঃ শিশুৰ মনত প্ৰাকৃতিক জগতৰ বিভিন্ন বস্তু আৰু বিষয়ৰ প্ৰতি স্বাভাৱিক কৌতূহল জন্মে। জীৱ-জগত, উদ্ভিদ-জগত, নদ-নদী, বায়ু-পানী আদিৰ লগত মানুহৰ যি সম্বন্ধ তাৰ সহজ বিশ্লেষণ পাঠ্যক্ৰমত দাঙি ধৰিব লাগে। এনেবোৰ বিষয়ৰ দ্বাৰা শিশুক বিজ্ঞানৰ প্ৰাথমিক ধাৰণাও দিব পাৰি।
  • হাতৰ কামঃ শিশুৰ স্বাভাৱিক কৰ্ম-প্ৰবৃত্তিৰ প্ৰতি লক্ষ্য ৰাখি এই পৰ্যায়ত নানাবিধ হস্তশিল্প, যেনে- মাটিৰ কাম, কাগজৰ কাম, বাঁহ-বেতৰ কাম আদি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। এনেবোৰ হস্তশিল্প নিৰ্ধাৰণ কৰোতে স্থানীয় প্ৰয়োজন আৰু প্ৰয়োগ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
  • কলাত্মক ক্ৰিয়াঃ শিশুৰ কলাত্মক প্ৰতিভাই এই সময়ত প্ৰকাশৰ পথ বিচাৰে। কল্পনা-প্ৰৱণতাও শিশু প্ৰকৃতিত পৰিলক্ষিত হয়। সেইবাবে সংগীত, নৃত্য, চিত্ৰাংকণ আদি বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।
  • স্বাস্থ-বিজ্ঞানঃ দেহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সাজ-পোচাকৰ পৰিপাতিতা ৰক্ষা কৰি চলিবৰ বাবে প্ৰাথমিক স্কুলত স্বাস্থ্য-বিজ্ঞানৰ মৌলিক শিক্ষা দিয়া উচিত। হাত-ভৰি, চকু-মুখ, দাঁত, নখ, চুলি আদি পৰিষ্কাৰ কৰি ৰখাৰ উপৰিও শৰীৰ-চৰ্চাৰ বাবে প্ৰয়োজনীয় ব্যায়াম আৰু খেলা-ধূলাৰ শিক্ষা দিব লাগে।

  • নৈতিক শিক্ষাঃ সজ আচৰণৰ অনুশীলনেৰে চৰিত্ৰ গঠন কৰিবৰ বাবে শিশুৰ নৈতিক শিক্ষাৰ প্ৰয়োজন। শিশুৰ আচৰণ নৈতিক শিক্ষাৰে সমাজৰ গ্ৰহণযোগ্য কৰি তুলিব লাগে। ইয়াৰ বাবে সামূহিক প্ৰাৰ্থনা, মহাপুৰুষৰ জীৱনী আৰু তেওঁলোকৰ বাণীসমূহৰ অধ্যয়ন, নৈতিক পাঠৰ নীতিসমূহ ব্যক্তিগত জীৱনত অনুশীলন আদি কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিব লাগে।

মজলীয়া স্কুলৰ পাঠ্যক্ৰমঃ

 

প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ সংযোগকাৰী স্বৰূপে মজলীয়া স্কুলৰ পাঠ্যক্ৰমে দ্বৈত ভূমিকা গ্ৰহণ কৰিব লাগে। শিক্ষাৰ্থীৰ ১১ বছৰ বয়সৰ পৰা ১৩ বছৰ বয়সলৈকে এই তিনি বছৰৰ শিক্ষা কালছোৱা মজলীয়া স্কুলৰ অন্তৰ্গত। এই সময়ছোৱাতেই ছাত্ৰ-ছাত্ৰীয়ে বাল্যকাল ত্যাগ কৰি কৈশোৰ জীৱনত প্ৰৱেশ কৰে। সেয়েহে এই অৱস্থাৰ কালছোৱাত শিক্ষাৰ বাবে পাঠ্যক্ৰমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। এহাতে প্ৰাথমিক পৰ্যায়ৰ অনুৱৰ্তী স্বৰূপেই সেই পৰ্যায়ৰ শিক্ষাৰ লগত যোগসূত্ৰ স্থাপন কৰি চলিব লাগে। আনহাতে ছাত্ৰ-ছাত্ৰীক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ বাবে প্ৰয়োজনীয় মানসিক প্ৰস্তুতি আনি দিব লাগে।

এনে কাৰণতে ভাৰতৰ প্ৰাথমিক শিক্ষা আয়োগে এই পৰ্যায়ৰ পাঠ্যক্ৰম ছাত্ৰৰ ব্যক্তিত্ব অন্বেষণকাৰী স্বভাৱৰ হোৱা উচিত বুলি মত প্ৰকাশ কৰে। আয়োগৰ মতে মজলীয়া স্কুলৰ পাঠ্যক্ৰমে মানুহৰ সকলো প্ৰয়োজনীয় জ্ঞান-অভিজ্ঞতাৰ লগতেই ছাত্ৰক সাধাৰণভাৱে পৰিচয় কৰাই দিব লাগে। মানৱতাৰ বৈশিষ্ট্য সম্বন্ধীয় কোনো বিষয়েই বাদ পৰিব নালাগে। অৱশ্যে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা বিষয় পৃথকীকৰণ বা বিশিষ্টকৰণ কৰাৰ ঠাই এয়া নহয়। এই সময়ত তেওঁলোকৰ জ্ঞানৰ পৰিসৰ যথাসম্ভৱ বহল কৰি তোলা উচিত। এনে কৰিলেহে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ছাত্ৰই নিজৰ প্ৰিয় বিষয় নিৰ্বাচন কৰি লোৱাত সহজ হয়। সেয়েহে এই পৰ্যায়ৰ পাঠ্যক্ৰমত কোনো নিৰ্দিষ্ট বিষয়ৰ জ্ঞানৰ গভীৰতাৰ ওপৰত গুৰুত্ব দিব নালাগে। সকলো প্ৰয়োজনীয় বিষয়ৰ লগত পৰিচয় কৰি দি তাৰ চমু আভাষ দিয়াহে এই পাঠ্যক্ৰমৰ মূল উদ্দেশ্য হোৱা উচিত। এনে ব্যৱস্থা যাতে অধিক চিন্তাপ্ৰধান নহৈ ক্ৰিয়াপ্ৰধান হৈ উঠে তাৰ প্ৰতিও লক্ষ্য ৰাখি মাধ্যমিক শিক্ষা আয়োগে এই পৰ্যায়ৰ পাঠ্যক্ৰমৰ বাবে নিম্নলিখিত বিষয়সমূহৰ পৰামৰ্শ দিয়ে।

  • ভাষা অধ্যয়ন
  • সামাজিক অধ্যয়ন
  • সাধাৰণ বিজ্ঞান
  • গণিত
  • কলা আৰু সংগীত
  • হস্তশিল্প
  • শাৰীৰিক শিক্ষা।

উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্কুলৰ পাঠ্যক্ৰমঃ

 

এই পৰ্যায়ৰ পাঠ্যক্ৰমে সাধাৰণতে ছাত্ৰ-ছাত্ৰীৰ ১৪ বছৰ বয়সৰ পৰা ১৭ বছৰ বয়সৰ সময়ছোৱাৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে। শিক্ষাৰ এই কালছোৱাৰ পাঠ্যক্ৰম দেশ আৰু সমাজৰ সকলো দিশৰ পৰাই বিশেষ গুৰুত্বপূৰ্ণ। কাৰণ এই পৰ্যায়ৰ শিক্ষা আৰু ইয়াৰ কৃতকাৰ্যতাইহে ছাত্ৰ-ছাত্ৰীক সামাজিক স্বীকৃতি দান কৰে আৰু সমাজৰ বিভিন্ন ক্ৰিয়া-কলাপত তেওঁলোকক প্ৰতিষ্ঠা কৰিব পাৰে। এই শিক্ষা সেইবাবে সকলোৰে বাবে জীৱনৰ দিশ নিৰ্ধাৰণকাৰী স্বৰূপ। এই পৰ্যায়ৰ পাঠ্যক্ৰমৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিৱেচনাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে।

  • পাঠ্যক্ৰমৰ বিভাজনঃ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম শিক্ষাৰ্থীৰ ভিন্নমুখী প্ৰতিভা বিকাশৰ সময়। এই সময়ত কিশোৰ-কিশোৰীৰ দেহ-মানসিক ক্ষমতা, প্ৰয়োজন, আগ্ৰহ আদি ভিন ভিন বিষয়ৰ প্ৰতি ঢাল খায়। সেইবাবে এই পৰ্যায়ৰ পাঠ্যক্ৰমে তেওঁলোকৰ ভিন্নমুখী প্ৰয়োজন পূৰণ কৰিব পাৰিব লাগে। তাৰ বাবে বিবিধ বিষয়ৰ সমাৱেশ আৰু তাৰ উন্নত শিক্ষাব্যৱস্থা পাঠ্যক্ৰমত থাকিব লাগে। ছাত্ৰৰ মনত সুপ্ত আৰু অন্তৰ্নিহিত হৈ থকা প্ৰতিভা আৰু যোগ্যতাসমূহ পাঠ্যক্ৰমে জগাই তুলিব পাৰিব লাগে। এই সময়তেই ছাত্ৰ-ছাত্ৰীৰ ভাব-অনুভূতি, বৌদ্ধিক ক্ষমতা, বিচাৰ-বিৱেচনা আদি উন্নত পৰ্যায়লৈ উঠে। এনে মানসিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰমত বিভাজনৰ নীতি গ্ৰহণ কৰিব লাগে। এই বিভাজিত বিষয়সমূহৰ ভিতৰত মানৱীয় বিষয়, বিজ্ঞান, কাৰিকৰী বিষয়, বাণিজ্য, কৃষি, সুকুমাৰ কলা, গাৰ্হস্থ্য বিজ্ঞান আদি বিষয়ৰ অন্তৰ্ভুক্তি উল্লেখযোগ্য।
  • মৌলিক বিষয়ৰ অধ্যয়নঃ শিক্ষাৰ এই পৰ্যায়ত সকলো ছাত্ৰই কেতবোৰ মৌলিক বিষয়ৰ লগত পৰিচিত হোৱাটো প্ৰয়োজন। প্ৰতিজন ছাত্ৰই নিজৰ প্ৰয়োজন অনুসৰি বিভাজিত পাঠ্যক্ৰমৰ যিকোনো এটা বিভাগ বাচি লোৱাৰ উপৰিও এই মৌলিক বিষয়বোৰ বাধ্যতামূলকভাৱে অধ্যয়ন কৰিব লাগে। এই বিষয়বোৰ হৈছে- ভাষা অধ্যয়ন, সাধাৰণ বিজ্ঞান, সামাজিক অধ্যয়ন আৰু হস্তশিল্প। এই বিষয়বোৰৰ অনিবাৰ্যভাৱে কৰা অধ্যয়নেহে ছাত্ৰৰ প্ৰয়োজনীয় মানসিক বিকাশ সম্ভৱ কৰি তুলিব পাৰে। ইয়াৰ ফলত পাঠ্যক্ৰমৰ বিশেষীকৰণে এই পৰ্যায়ত অহেতুকভাৱে প্ৰাধান্য লাভ কৰি উঠিব নোৱাৰে।
  • বৃত্তীয় শিক্ষাঃ এই পৰ্যায়ৰ শিক্ষাত বৃত্তিমুখী মনোভাৱ নুই কৰিব নোৱাৰি। এনে শিক্ষাৰ প্ৰতি বৰ্তমান অধিক মনোনিৱেশ কৰা হৈছে। সাধাৰণতে উচ্চ মাধ্যমিক স্কুলৰ পৰা শতকৰা প্ৰায় ৩০ ভাগ ছাত্ৰ-ছাত্ৰীয়েহে বিশ্ববিদ্যালয় অথবা কাৰিকৰী বিষয়ৰ উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। অধিক সংখ্যকেই বৌদ্ধিক যোগ্যতাৰ অভাৱৰ হেতুকে উচ্চশিক্ষাৰ বাবে অনুপযোগী। এই সংখ্যাগুৰু ছাত্ৰসকলক শিক্ষাৰ এই পৰ্যায়ৰ অন্তত অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল আৰু উৎপাদনমুখী কৰি তুলিব লাগে। ইয়াৰ বাবে বৃত্তিমূলক বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন। অৱশ্যে এই বৃত্তীয় বিষয়ৰ শিক্ষাৰ দ্বাৰা পাঠ্যক্ৰম ব্যৱসায়িক দৃষ্টিৰে সংকীৰ্ণ কৰি তোলাটো ইয়াৰ উদ্দেশ্য হ’ব নালাগে।
  • সামাজিক প্ৰয়োজনঃ এই পৰ্যায়ৰ শিক্ষা শেষ কৰিয়ে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ সামাজিক জীৱনত প্ৰৱেশ কৰে। সেইবাবে সমাজৰ দায়িত্বপূৰ্ণ নাগৰিকতাৰ শিক্ষাব্যৱস্থা ইয়াৰ পাঠ্যক্ৰমত থকা উচিত। যুৱক-যুৱতীসকলৰ পাঠ্যক্ৰমত সমাজৰ হিত সাধনকাৰী বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব লাগে। এই পৰ্যায়ৰ বৃত্তীয় শিক্ষাও এনে সামাজিক প্ৰয়োজনৰ দৃষ্টিকোণৰ পৰাহে বিৱেচনা কৰিব লাগে। সামাজিক যোগ্যতা আহৰণ কৰিবৰ বাবে সহ-পাঠ্যক্ৰমৰ বিভিন্ন কাৰ্যাৱলীৰ ওপৰত গুৰুত্ব দিব লাগে। দেশৰ প্ৰতি ভালপোৱা, আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গঢ়ি তুলিব লাগে। বিভিন্ন সামাজিক দিশত নেতৃত্ব দান কৰিবৰ বাবে প্ৰয়োজনীয় নেতৃত্বৰ শিক্ষা কাৰ্যসূচীও পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।

মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত উৎপাদনমুখিতাঃ

 

বৰ্তমান আমাৰ দেশৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা-ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধনৰ চিন্তা কৰা হৈছে। গতানুগতিক, কৰ্মবিমুখ আৰু চিন্তাপ্ৰধান পাঠ্যক্ৰমৰ ঠাইত বাস্তৱমুখী, ব্যৱহাৰিক আৰু উৎপাদনমুখী পাঠ্যক্ৰম প্ৰৱৰ্তনৰ দিহা কৰা হৈছে। ১৯৬৬ চনৰ কোঠাৰি আয়োগে শিক্ষাৰ দ্বাৰা দেশৰ উৎপাদন বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছে। এই সম্বন্ধীয় আয়োগৰ পৰামৰ্শসমূহ তলত উল্লেখ কৰা হৈছে।

  • বিজ্ঞান শিক্ষা স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ পাঠ্যক্ৰমত অধিক গুৰুত্ব দিয়া উচিত।
  • কৰ্ম-অভিজ্ঞতাক শিক্ষাৰ অভিন্ন অংগ স্বৰূপে বিৱেচনা কৰিব লাগে।
  • এই কৰ্ম-অভিজ্ঞতাক ক্ৰমে কাৰিকৰী আৰু ঔদ্যোগিক দিশত ৰূপদান কৰিব লাগে।
  • উৎপাদন আৰু কৃষিকাৰ্যৰ ক্ষেত্ৰত বিজ্ঞানৰ প্ৰয়োগ অধিকভাৱে কৰা উচিত।
  • মাধ্যমিক শিক্ষাক সৰ্বাধিকভাৱে ব্যৱসায়িক ৰূপদান কৰিব লাগে।
  • উচ্চশিক্ষাৰ ক্ষেত্ৰত কৃষি আৰু কাৰিকৰী বিষয়ৰ ওপৰত অধিক জোৰ দিব লাগে।

আয়োগৰ এনেবোৰ পৰামৰ্শত মাধ্যমিক পৰ্যায়ৰ প্ৰতি গ্ৰহণ কৰা পৰিৱৰ্তিত দৃষ্টিভংগী লক্ষ্য কৰিব পাৰি। ইয়াৰ যোগেদিহে ছাত্ৰসকলক দেশৰ অৰ্থনৈতিক আৰু কাৰিকৰী দিশত উৎসাহিত কৰি তুলিব পাৰি। উৎপাদনমুখী শিক্ষাইহে দেশৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নতি সাধন কৰিব পাৰে। বৰ্তমানৰ বিজ্ঞানৰ প্ৰগতিক মানৱ হিতসাধনৰ বাবে প্ৰয়োগ কৰিব পাৰি। এই উদ্দেশ্যে বিজ্ঞানক কৃষি উৎপাদনৰ বাবে উপযুক্তভাৱে প্ৰয়োগ কৰিব লাগে। কৃষিৰ বিজ্ঞানভিত্তিক আৰু অধিক উৎপাদনমুখী শিক্ষা মাধ্যমিক পৰ্যায়ত দিবৰ বাবে স্কুলৰ দ্বাৰা পৰিচালিত একোখন কৃষিপাম থকাটোও প্ৰয়োজন।

মাধ্যমিক শিক্ষা সৰ্বাধিকভাৱে বৃত্তিমুখী কৰি তোলাৰ আন কেতবোৰ কাৰণো আছে। উচ্চশিক্ষাৰ বাবে অনুপযুক্ত আৰু অনিচ্ছুক অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়েই এনে ব্যৱস্থাৰ দ্বাৰা উপকৃত হ’ব পাৰে। মাধ্যমিক স্তৰতেই তেওঁলোকে কোনো লাভজনক ব্যৱসায়ৰ শিক্ষা পাব পাৰিলে নিজৰ কৰ্মসংস্থান আৰু উপাৰ্জনৰ বাট নিজেই মুকলি কৰি ল’ব পাৰে। পৰিয়াল আৰু সমাজৰ বাবে বোজাস্বৰূপ হোৱাৰ পৰিৱৰ্তে তেওঁলোকে দেশৰ উৎপাদনত নিজ বৰঙণি আগবঢ়াব পাৰে। এনে অৱস্থাই দেশৰ নিবনুৱা সমস্যা, উচ্চশিক্ষাৰ অনুষ্ঠানত ছাত্ৰৰ ভিৰ আৰু যুৱক-যুৱতীৰ সামাজিক উশৃংখলতাৰ সমস্যা আদিও সমাধান কৰিব পাৰে। মানৱ সম্পদৰো পূৰ্ণ উপযোগকৰণ ইয়াৰ যোগেদি সম্ভৱ হৈ উঠিব পাৰে।

ইয়াৰ উপৰি কৰ্ম-অভিজ্ঞতাৰ উপলব্ধি কৰাটো বৰ্তমান মাধ্যমিক শিক্ষাৰ পৰ্যায়ত ছাত্ৰসকলৰ বাবে অতি প্ৰয়োজন হৈ পৰিছে। পুৰণি পাঠ্যক্ৰমৰ তত্ত্বপ্ৰধান শিক্ষা ছাত্ৰৰ বাবে কেৱল পুথিগত জ্ঞান হৈয়ে থাকে। তাৰ প্ৰায়োগিক দিশৰ ধাৰণা তেওঁলোকে কৰি উঠিব নোৱাৰে। ফলত তেনে শিক্ষা ছাত্ৰৰ কোনো কামত নাহে। সেয়েহে নিজৰ অৰ্জিত জ্ঞানৰ ক্ৰিয়া অনুভৱ কৰি উঠাটো তেওঁলোকৰ বাবে অতি প্ৰয়োজনীয় কথা। ইয়াৰ যোগেদি পাঠ্যক্ৰমৰ শিক্ষা নিজ জীৱনত কেনেদৰে সহায়কাৰী হৈ উঠিব পাৰে তাৰ ধাৰণা তেওঁলোকে নিজেই কৰি ল’ব পাৰে। অৰ্জিত জ্ঞানৰ কাৰ্যকৰীকৰণে শিক্ষাৰ প্ৰকৃত আনন্দ দিব পাৰে।

সহ-পাঠ্যক্ৰম কাৰ্যাৱলীঃ

 

শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে সহ-পাঠ্যক্ৰম কাৰ্যাৱলীৰ প্ৰয়োজন বৰ্তমান অধিকভাৱে অনুভৱ কৰি অহা হৈছে। ইয়াৰ ভূমিকা নিৰ্ধাৰিত পাঠ্যক্ৰমতকৈ কোনো গুণেই কম নহয়। কোৱা হয় যে শিক্ষাৰ উদ্দেশ্য হৈছে শিশুৰ অন্তৰ্নিহিত শক্তি-ক্ষমতা আৰু সম্ভাৱনীয়তাবোৰৰ স্বতঃস্ফূৰ্ত বিকাশ কৰা, বাহিৰৰ পুথিগত জ্ঞান তাৰ ওপৰত জাপি দিয়াটো নহয়। শ্ৰেণীৰ চাৰিবেৰৰ মাজত পাঠ্যক্ৰমৰ নিৰ্ধাৰিত জ্ঞান গতানুগতিক পদ্ধতিৰে দিয়া ব্যৱস্থাৰে এনে উদ্দেশ্য সাধন কৰিব নোৱাৰি। শিশুৰ অন্তৰ্নিহিত আৰু বিশ্বাসযোগ্য ক্ষমতা তাৰ স্বাভাৱিক গতিত বিকশাই তুলিবৰ বাবে শ্ৰেণীকক্ষৰ বাহিৰত এক মুক্ত শিক্ষা পৰিৱেশৰ প্ৰয়োজন। এনে পৰিৱেশ আৰু তাৰ অভিজ্ঞতা কৰি তুলিব লাগিব জীৱনৰ দৰেই বাস্তৱ, সঁচা আৰু ব্যাপক পৰিসৰৰ। ইয়াৰ বাবে ছাত্ৰৰ অভিজ্ঞতাৰ পৰিসৰ কিতাপৰ পাতৰ মাজতেই আৱদ্ধ নাৰাখি স্কুলৰ পৰিসীমাৰ ভিতৰত সম্ভৱপৰ হোৱা সকলো সামাজিক আৰু গঠনাত্মক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিব লাগে। পাঠ্যক্ৰমৰ বাহিৰেও শিক্ষানুষ্ঠানৰ অধীনত পাব পৰা এনে ব্যাপক পৰিসৰৰ অভিজ্ঞতাকেই সহ-পাঠ্যক্ৰম কাৰ্যাৱলী স্বৰূপে জনা যায়।

উল্লেখযোগ্য যে পূৰ্বে এই কাৰ্যাৱলীক ‘অতিৰিক্ত পাঠ্যক্ৰম কাৰ্যাৱলী’ স্বৰূপে অভিহিত কৰা হৈছিল। অৰ্থাৎ পাঠ্যক্ৰমৰ অতিৰিক্ত স্বৰূপেহে ইয়াক গণ্য কৰা হৈছিল। কিন্তু ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বলৈ চাই এনেবোৰ কাৰ্যাৱলী ‘এক্সট্ৰা’ বা ‘অতিৰিক্ত’ স্বৰূপে নামাকৰণ কৰিলে ইয়াৰ প্ৰকৃত মূল্যায়ন তথা উপলব্ধি হৈ উঠিব নোৱাৰে। সেইবাবে পাঠ্যক্ৰমৰ সমানেই থকা ইয়াৰ গুৰুত্ব উপলব্ধি কৰি এইসমূহক বৰ্তমান সহ-পাঠ্যক্ৰমৰ কাৰ্যাৱলী বোলা হয়। শ্ৰেণীকক্ষৰ বাহিৰত ইয়াৰ অভিজ্ঞতা পাব পৰা হোৱা বাবে ইয়াক ‘এক্সট্ৰা ক্লাছৰুম এক্টিভিটী’ বা ‘শ্ৰেণীৰ বহিৰ্ভূত কাৰ্যাৱলী’ স্বৰূপেহে নামাকৰণ কৰা উচিত।

সহ-পাঠ্যক্ৰম কাৰ্যাৱলীৰ বিভিন্ন প্ৰকাৰঃ

 

এই কাৰ্যাৱলীৰ ব্যাপকতা ইমান অধিক যে তাক বিভিন্ন শ্ৰেণী বা প্ৰকাৰ স্বৰূপে বিভক্ত কৰাটো সহজ নহয়। তথাপিও তাৰ বৈশিষ্ট্য আৰু গুণাগুণ আদিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আলোচনাৰ সুবিধাৰ বাবে এইসমূহক চাৰিটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে- স্বাস্থ্য-বিষয়ক, মস্তিষ্ক-বিষয়ক, অন্তৰ-বিষয়ক আৰু হস্ত-বিষয়ক ক্ৰিয়াকলাপ (হেল্থ, হেড্, হাৰ্ট এণ্ড হেণ্ড)। ইয়াক সংক্ষেপে তলত বৰ্ণনা কৰা হৈছে।

  • দৈহিক ক্ৰিয়া বিষয়কঃ দৈহিক উৎকৰ্ষ সাধনৰ বাবে দেহ সঞ্চালন আৰু দৈহিক শক্তি প্ৰয়োগ সম্বন্ধীয় খেলা-ধূলাৰ ক্ৰিয়া-কলাপ ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। দৌৰা, জপিওৱা আদি খেলপথাৰৰ বিবিধ শাৰীৰিক কৌশলযুক্ত বহিঃবিভাগীয় খেলা-ধূলা আৰু সাঁতোৰা, মল্লযুদ্ধ, বক্সিং, বেডমিণ্টন, টেনিচ আদি আভ্যন্তৰীণ বিধৰ খেলা-ধূলা এই প্ৰসংগত উল্লেখ কৰিব পাৰি। এনেবোৰ দৈহিক কাৰ্যসূচীয়ে দৈহিক স্বাস্থ্যৰক্ষা কৰা, দৈহিক শক্তি বৃদ্ধি কৰা আৰু ক্ৰিয়াপটুটা লাভ কৰাত সহায় কৰে। দৈহিকভাৱে কেতবোৰ সজ অভ্যাস গঢ় দি তুলিবৰ বাবেও ই সহায়কাৰী।
  • মানসিক ক্ৰিয়া বিষয়কঃ মানসিকভাৱে বৌদ্ধিক যোগ্যতা আৰু সক্ৰিয়তা লাভ কৰাত এই কাৰ্যাৱলীসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ। তৰ্কসভা, আলোচনা চক্ৰ, আকস্মিক বক্তৃতা, কুইজ প্ৰতিযোগিতা আদি ক্ৰিয়া-কলাপ ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ইয়াৰ যোগেদি ছাত্ৰই আত্মসচেতনতা, দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, সমস্যা সমাধান ক্ষমতা, স্থিৰ চিন্তা আৰু জ্ঞান-অভিজ্ঞতাৰ ব্যাপক পৰিসৰৰ ধাৰণা আদি লাভ কৰিব পাৰে।
  • আৱেগিক ক্ৰিয়া বিষয়কঃ ছাত্ৰ-ছাত্ৰীৰ মনৰ আৱেগ-অনুভূতিবোৰ সুস্থ আৰু সামাজিকভাৱে গ্ৰহণযোগ্য কৰি তোলাত সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীবোৰৰ ভূমিকা মন কৰিবলগীয়া। নৃত্য-গীত, চিত্ৰাংকণ, নাট্যাভিনয়, ব্যংগাভিনয়, আবৃত্তি আৰু সাহিত্য প্ৰতিযোগিতা আদি বিষয়ৰ কাৰ্যসূচীয়ে ল’ৰা-ছোৱালীৰ মনত আৱেগিক সুস্থতা আৰু আৱেগিক পৈণতা লাভত বিশেষ সহায় কৰে। ইয়াৰ উপৰি তেওঁলোকৰ অনুভূতিক জীৱনৰ কল্পনা গঠনাত্মক আৰু সৃজনাত্মকভাৱে পৰিচালিত কৰাত ই বিশেষ সহায়ক হৈ উঠে।
  • সামাজিক ক্ৰিয়া বিষয়কঃ সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীৰ এখন দীঘল তালিকা এই সামাজিক ক্ৰিয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। স্কাউট, গাইড, এন,চি.চি., ৰেডক্ৰচ, বনভোজ, বৃক্ষৰোপণ, শিক্ষামূলক ভ্ৰমণ, বিভিন্ন উৎসৱ আৰু দিৱস উদযাপন, দলীয় খেলা-ধূলা, সমাজ সেৱাৰ বিভিন্ন কাৰ্য আঁচনি আদি এই প্ৰসংগত উল্লেখ কৰিব পাৰি। এনেবোৰ ক্ৰিয়াই ছাত্ৰৰ মনত বন্ধুত্ব, সহযোগিতা, সহিষ্ণুতা, আনুগত্য, অনুশাসনৰ প্ৰৱণতা, নেতৃত্বৰ ক্ষমতা, গণতান্ত্ৰিক মনোভাৱ আদি বিবিধ সামাজিক গুণ বিকশাই তুলিব পাৰে।

সহ-পাঠ্যক্ৰম কাৰ্যাৱলীৰ উপযোগিতাঃ

 

বহল অৰ্থত কোৱা হয় যে শিক্ষাৰ উদ্দেশ্য হৈছে ছাত্ৰৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠন কৰা। বৰ্তমান শিক্ষাৰ সামাজিক দৃষ্টিকোণৰ পৰাও কোৱা হয় যে শিক্ষাৰ লক্ষ্য হৈছে ছাত্ৰৰ সামাজিক যোগ্যতা লাভ কৰা অথবা সমাজীকৰণ কৰা। অথচ এনেবোৰ লক্ষ্য-উদ্দেশ্য গতানুগতিক পাঠ্যক্ৰমে পূৰণ কৰি তুলিব নোৱাৰে। শ্ৰেণীকক্ষৰ বাহিৰত বহল সামাজিক পৰিৱেশত ছাত্ৰই লাভ কৰিব পৰা সহ-পাঠ্যক্ৰমৰ কাৰ্যাৱলীয়েহে ইয়াক সম্ভৱ কৰি তুলিব পাৰে। সেয়েহে এই কাৰ্যাৱলীসমূহৰ প্ৰতি বৰ্তমান অধিক দৃষ্টি নিক্ষেপ কৰা হৈছে। ইয়াৰ কেতবোৰ বিশেষ শৈক্ষিক তাৎপৰ্য তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

  • ছাত্ৰ-ছাত্ৰীয়ে বাস্তৱৰ ব্যৱহাৰিক জীৱনৰ বাবে প্ৰয়োজন হোৱা বহল পৰিসৰৰ অভিজ্ঞতা সহ-পাঠ্যক্ৰম কাৰ্যাৱলীৰ যোগেদি লাভ কৰিব পাৰে।
  • ল’ৰা-ছোৱালীৰ দৈহিক স্বাস্থ্য ৰক্ষা কৰি দৈহিক সঞ্চালনৰ ক্ৰিয়াপটুটা লাভৰ বাবে ই অতি প্ৰয়োজনীয়।
  • মানসিক তৎপৰতা, বৌদ্ধিক সক্ৰিয়তা আৰু সমস্যা সমাধান ক্ষমতা আদি বৃদ্ধি কৰি তুলি দেহ-মনৰ সমন্বয় সাধন কৰিব পাৰে।
  • তীব্ৰ আৱেগ-অনুভূতি নিয়ন্ত্ৰিত, মাৰ্জিত আৰু সুৰুচিপূৰ্ণ কৰি তুলি আৱেগিক পৈণতা লাভত সহায় কৰিব পাৰে।
  • আজৰি সময়ৰ সুস্থ আৰু গঠনাত্মক শিক্ষা দি ছাত্ৰৰ মন ৰোগমুক্ত কৰি ৰাখিব পাৰে।
  • এই কাৰ্যসূচীয়েহে ছাত্ৰৰ মনত সামাজিক চেতনা, বন্ধুত্ব, নেতৃত্ব, সহযোগিতা, সহানুভূতিশীলতা আদি সামাজিক গুণসমূহৰ বিকাশ সাধন কৰি তুলিব পাৰে।
  • গতানুগতিক পাঠ্যক্ৰমৰ জড়তা গুচাই ই ছাত্ৰৰ বাবে শিক্ষা সজীৱ, প্ৰেৰণাদায়ক আৰু আন্তৰিকতাপূৰ্ণ কৰি তুলিব পাৰে।
  • ছাত্ৰ-ছাত্ৰীৰ সুপ্ত, অন্তৰ্নিহিত আৰু অপ্ৰকাশিত হৈ ৰোৱা দেহ-মানসিক সম্ভাৱনীয়তাসমূহ ইয়াৰ যোগেদি প্ৰকাশ লাভ কৰি উঠিব পাৰে।
  • স্বাধীনতা, স্বতঃস্ফূৰ্ততা, আত্মপ্ৰকাশ, আত্ম-উপলব্ধি আদি শিক্ষাৰ কেতবোৰ প্ৰয়োজনীয় চৰ্ত এই কাৰ্যসূচীসমূহে পূৰণ কৰিব পাৰে।
  • শ্ৰদ্ধা-ভক্তি, সহিষ্ণুতা, অনুশাসনীয়তা, সংযমশীলতা আদি ছাত্ৰৰ নৈতিক আদৰ্শ আৰু মনোবল ই গঢ় দি তুলিব পাৰে।

এনেবোৰ কথাৰ বিবেচনাৰে ক’ব পাৰি যে সহ-পাঠ্যক্ৰম কাৰ্যাৱলীসমূহৰ ব্যাপকতা আৰু তাৰ শৈক্ষিক সম্ভাৱনীয়তা পাঠ্যক্ৰমৰ কাৰ্যাৱলীতকৈও অধিক। ইয়াৰ পূৰ্ণ উপযোগ কৰাটো ছাত্ৰ, শিক্ষক আৰু শিক্ষা কৰ্তৃপক্ষৰ ওপৰত নিৰ্ভৰশীল।

 

উৎসঃ প্ৰাৰম্ভিক শিক্ষাতত্ব আৰু বুৰঞ্জী, যতীন বৰুৱা)।

2.79591836735
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top