শিক্ষা বুলিলে আমি কেৱল গতানুগতিক বিধৰ আনুষ্ঠানিক শিক্ষাকেই নুবুজো। ইয়াৰ বহল আৰু ব্যাপক অৰ্থৰ উপলব্ধি কেৱল সমাজৰ পটভূমিতহে কৰিব পৰা যায়। সমাজক বাদ দি শিক্ষাৰ অধ্যয়ন আৰু আলোচনা সম্পূৰ্ণ হ’ব নোৱাৰে। শিক্ষাক এবিধ সচেতনভাৱে নিয়ন্ত্ৰিত কৰা সামাজিক প্ৰক্ৰিয়া বুলি কোৱা হয়। এই কথাৰ অৰ্থ বিশেষ তাৎপৰ্যপূৰ্ণ। শিক্ষাক সচেতনভাৱে নিয়ন্ত্ৰণ কৰাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিৰ ক্ৰিয়া-আচৰণবোৰ আশানুৰূপভাৱে আৰু সমাজৰ গ্ৰহণযোগ্যভাৱে গঢ় দি তোলা। মানুহ সামাজিক জীৱ। সমাজ পৰিচালনাৰ বাবে সকলোৰে সন্মতি আৰু স্বীকৃতিপ্ৰাপ্ত অথবা গ্ৰহণযোগ্য কেতবোৰ নীতি আৰু পদ্ধতি নিৰ্ধাৰণ কৰি লোৱা হয়। এই নীতি আৰু পদ্ধতি সেই সমাজৰ প্ৰতিজন লোকেই মানি চলিব লাগে। সমাজৰ লোকৰ সন্মতি নথকা যিকোনো ক্ৰিয়া-আচৰণ মানুহে জন্তুৰ দৰে নিৰ্বোধ আৰু প্ৰবৃত্তি পৰিচালিতভাৱে কৰিব নোৱাৰে। মানুহৰ ক্ষুধা-তৃষ্ণা, যৌন প্ৰবৃত্তি আদি জৈৱিক প্ৰয়োজনবোৰ পূৰণৰ বাবে কৰা আচৰণ জন্তুৰ দৰে অবাধে কৰিব নোৱাৰে। সমাজে বান্ধি দিয়া নীতি-নিয়ম, আৰ্হি বা আদৰ্শ ৰক্ষা কৰিহে তেনে আচৰণ কৰিব পাৰে। জৈৱিক প্ৰয়োজনমুখী আচৰণ এনে সচেতন আৰু সমাজৰ গ্ৰহণযোগ্যভাৱে নিয়ন্ত্ৰণ কৰা কাৰ্যই হৈছে শিক্ষা। ইয়াত সমাজ-বিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা আৰু তাৰ শৈক্ষিক তাৎপৰ্য দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।
সমাজীকৰণ হৈছে ব্যক্তিৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ পৰিৱেশত নিজকে খাপ খুৱাই তোলা এক প্ৰক্ৰিয়া। ইয়াৰ যোগেদি ব্যক্তিয়ে জাতিগতভাৱে উত্তৰাধিকাৰী হোৱা তেওঁৰ সামাজিক ঐতিহ্য আৰু সংস্কৃতি স্বৰূপে আস্থা, নিস্থা, বিশ্বাস, অভ্যাস, জ্ঞান-অভিজ্ঞতা, ৰীতি-নীতি, ধৰ্মীয় আৰু নৈতিক অনুভূতি আদি থাকে। এই সমূহে এটা জাতি বা এখন সমাজৰ সংস্কৃতি তথা জীৱন পদ্ধতি ৰচনা আৰু পৰিচালনা কৰে। সেই সমাজৰ অন্তৰ্ভুক্ত হোৱা প্ৰতিটি নৱাগত শিশুৰ ক্ৰিয়া আচৰণসমূহ এই সাংস্কৃতিক বৈশিষ্ট্যৰ অনুৱৰ্তী কৰি তোলা কাৰ্যই হৈছে সমাজীকৰণ।
আমাৰ দৈনন্দিন জীৱনৰ ক্ৰিয়া-আচৰণসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে শিশুৰ সমাজীকৰণৰ এই প্ৰক্ৰিয়া সহজে অনুমান কৰিব পাৰি। এটি শিশু জন্ম হোৱাৰ পিছৰে পৰা পৰৱৰ্তী কালৰ বিকাশৰ বিভিন্ন পৰ্যায়ত সি ক্ৰমে সমাজৰ গ্ৰহণযোগ্য ক্ৰিয়া আচৰণবোৰ আয়ত্ব কৰিবলৈ শিকে। হাত-মুখ ধোৱা, গা-ধোৱা, প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ, লাজ নিবাৰণৰ বাবে আৰু দৈহিক প্ৰয়োজন পূৰণৰ বাবে নানা ধৰণৰ সাজ-পোচাক পৰিধান কৰা আদি কাৰ্য সমাজৰ গ্ৰহণযোগ্য পদ্ধতিৰে কৰিবলৈ শিকে। সেইদৰে ভাষাৰ প্ৰয়োগ কৰিবলৈ শিকা, উৎসৱ-পৰ্ব আৰু মাংগলিক কাৰ্য আদি পালন কৰা আৰু সুখ-দুখৰ বিভিন্ন আৱেগিক পৰিস্থিতিতো শুভেচ্ছা, আন্তৰিকতা, সহানুভূতি, সমবেদনা আদি জ্ঞাপন কৰিবলৈ শিকা কাৰ্যসমূহ সামাজিকভাৱে প্ৰত্যাশিত আৰু আদৰণীয়। এনেবোৰ ক্ৰিয়া-আচৰণ গ্ৰহণৰ যোগেদি এটি ব্যক্তিকেন্দ্ৰিক, প্ৰবৃত্তি পৰিচালিত আৰু অসামাজিক শিশুক সমাজমুখী কৰি তোলা হয়। চমুকৈ কবলৈ হ’লে জৈৱিক প্ৰয়োজনমুখী ব্যক্তিক ইয়াৰ যোগেদি সামাজিক প্ৰয়োজনমুখী কৰি তোলা হয়। সচেতন আৰু পৰিকল্পিতভাৱে শিশুক সমাজৰ এই প্ৰচলিত নীতি-নিয়মৰ মাজলৈ লৈ অহা অথবা অনুগামী কৰি তোলা কাৰ্যকে সমাজীকৰণ কৰা বুলি কোৱা হয়।
সমাজ মনোবিজ্ঞানীসকলে ইয়াক মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও ব্যাখ্যা দিবলৈ বিচাৰে। তেওঁলোকৰ মতে ব্যক্তিৰ সামাজিক বিকাশেই হৈছে সমাজীকৰণ প্ৰক্ৰিয়া। এই দৃষ্টিকোণৰ পৰা কোৱা হয় যে ব্যক্তিয়ে নিজ মনত সমাজৰ প্ৰতি গঢ়ি তোলা বন্ধুতা, সহযোগিতা, প্ৰতিযোগিতা আৰু সামাজিক আদৰ্শ আদিৰ মনোভাৱ সমাজীকৰণৰ ফলস্বৰূপ। এনেদৰে সামাজিক বিকাশ লাভ কৰা ব্যক্তিয়ে সামাজিক পৰিৱেশত নিজকে ভালদৰে সমাযোজন স্থাপন কৰিব পাৰে। সমাজীকৰণ কাৰ্যই তেওঁক সমাজৰ চিন্তা, ক্ৰিয়া আৰু অনুভূতি সম্বন্ধীয় বিভিন্ন পৰিস্থিতিত সৰ্বতোপ্ৰকাৰে আনৰ লগত যথোচিতভাৱে অংশগ্ৰহণ কৰিবলৈ শিকায়। ইয়াৰ ফলস্বৰূপে সুস্থ ব্যক্তিত্বৰ বিকাশ আৰু সামাজিক পৈনতা লাভ কৰিব পাৰি।
সামাজিক অন্তৰা হৈছে দুজন বা ততোধিক লোকৰ মাজত থকা সম্বন্ধ যাৰ যোগেদি এজনৰ আচৰণ আনজনৰ আচৰণৰ দ্বাৰা সংশোধন কৰা হয়। ব্যক্তিৰ সমাজীকৰণৰ বাবে বিভিন্ন ব্যক্তি আৰু গোষ্ঠীৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ প্ৰয়োজন। এনে ক্ৰিয়াৰ অবিহনে ব্যক্তিয়ে সমাজৰ প্ৰয়োজনীয় আৰু গ্ৰহণযোগ্য ক্ৰিয়া আচৰণ লাভ কৰিব নোৱাৰে। সমাজৰ মাজত থাকিলে এজন লোকে আনৰ প্ৰতি সামাজিকভাৱে আচৰণ প্ৰদৰ্শন কৰিব লাগে। এনে সামাজিক আচৰণৰ বিশেষত্ব এয়ে যে ব্যক্তিয়ে আন লোকৰ অস্তিত্ব আৰু ক্ৰিয়াৰ প্ৰতি সচেতনতা অনুভৱ কৰিব লাগে। তেনে ক্ৰিয়াৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়া অথবা অভিব্যক্তি প্ৰকাশ কৰিব লাগে। সমাজীকৰণ কৰা এজন লোকে সমাজৰ আন লোকৰ প্ৰতি নিৰ্লিপ্ত, উদাসীন অথবা আওকণীয়া হৈ থাকিব নোৱাৰে। আনৰ স্থিতিৰ প্ৰতি সচেতন হৈ উঠি পৰিস্থিতি অনুযায়ী সুখ-দুখৰ প্ৰতিক্ৰিয়া কৰিব পাৰিব লাগে। সামাজিকভাৱে পাৰস্পৰিক ক্ৰিয়া কৰিবৰ বাবে সেয়েহে ব্যক্তিয়ে সমাজৰ আন আন ব্যক্তিৰ সংস্পৰ্শলৈ আহিব লাগে। আনৰ ক্ৰিয়া আচৰণ সচেতনভাৱে লক্ষ্য কৰিব লাগে, আনৰ ক্ৰিয়াৰ প্ৰতি যথোচিতভাৱে প্ৰতিক্ৰিয়া কৰিব লাগে আৰু তেনে প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ বা পৰিণতিও আনৰ পৰা আশা কৰিব লাগে। সমাজৰ মাজত ব্যক্তি বিশেষৰ এনে পাৰস্পৰিক সম্বন্ধ স্থাপনকেই সামাজিক অন্তৰা বা সামাজিক পাৰস্পৰিকতা বোলা হয়।
ব্যক্তিৰ সমাজীকৰণৰ বাবে প্ৰয়োজন হোৱা এই সামাজিক পাৰস্পৰিকতাৰ কাৰ্যক বহলভাৱে দুটা পৰ্যায়ত ভাগ কৰিব পাৰি, যেনে- (ক) প্ৰাথমিক আৰু (খ) দ্বিতীয়ক। প্ৰাথমিক পৰ্যায়ৰ দ্বাৰা ব্যক্তি বিশেষৰ মাজত সাধাৰণভাৱে হোৱা ক্ৰিয়াৰ পাৰস্পৰিকতাকেই বুজোৱা হয়। দ্বিতীয়ক পৰ্যায়ৰ দ্বাৰা ব্যক্তি বিশেষ আৰু তেওঁলোকৰ সামাজিক সংস্কৃতিৰ মাজত হোৱা ব্যাপক পৰিসৰৰ পাৰস্পৰিকতাক বুজোৱা হয়।
ব্যক্তিয়ে সামাজিক পাৰস্পৰিকতা লাভ কৰিবৰ বাবে বিভিন্ন উপায় গ্ৰহণ কৰিব পাৰে। ইয়াৰ কেইটামান বিশেষ ধৰণ বা প্ৰকাৰ তলত বৰ্ণনা কৰা হৈছে।
সামাজিক আদৰ্শ সেয়েহে দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াক সমাজদৰ্শনেহে সমাজৰ সকলোৰে সাধাৰণভাৱে গ্ৰহণযোগ্য স্বৰূপে নিৰ্ধাৰণ কৰিব পাৰে। সমাজৰ বিভিন্ন সময়ত আৱিৰ্ভাৱ হোৱা দাৰ্শনিক, ধৰ্মগুৰু আৰু সমাজ সংস্কাৰক সকলে সমাজৰ লোকৰ বাবে ইয়াক ৰচনা কৰে। তেওঁলোকে দেখুৱাই যোৱা সামাজিক আদৰ্শৰ পথ গ্ৰহণ কৰি সৰ্ব-সাধাৰণ লোক বিকাশৰ পথেদি অগ্ৰসৰ হয়। বুদ্ধদেৱ, শংকৰদেৱ, যীশুখ্ৰীষ্ট, হজৰত মহম্মদ, কাৰ্ল-মাৰ্ক্স, গান্ধী আদি মনিষীসকলে যুগে যুগে এনে সামাজিক আদৰ্শ ৰচনা কৰি আহিছে। মানৱ সমাজৰ বাবে স্বাধীনতা, সাম্য, মৈত্ৰী, ন্যায়, অহিংসা আদি আদৰ্শ তেওঁলোকে দাঙি ধৰিছে। অৱশ্যে সৰ্বসাধাৰণ লোকক ধৰ্ম সংস্কাৰক বা সমাজ সংস্কাৰক বুলি বৰ্ণনা কৰে। ধৰ্মও প্ৰকৃতপক্ষে ক’বলৈ গ’লে এক সামাজিক আদৰ্শহে মাথোন।
মানুহৰ মুক্ত, স্বাধীন আৰু সুন্দৰ জীৱন-যাপন কৰাটো সামাজিক আদৰ্শৰ যোগেদি সম্ভৱ হৈ উঠে। আদৰ্শৰ দ্বাৰা পৰিচালিত হোৱা সমাজেই হৈছে প্ৰকৃত অৰ্থত স্বাধীন। আদৰ্শই মানুহৰ মুক্ত মনৰ সুস্থ আশা-আকাংক্ষা পূৰণ কৰে। সকলো লোককে ই ন্যায়সংগত আৰু বিধিসন্মত জীৱন-যাপন কৰিবলৈ শিকায়। ফলত সকলো লোকই সমাজত মুক্তভাৱে আত্মপ্ৰকাশৰ সুবিধা পায়। সামাজিক নীতি-নিয়ম আৰু আদৰ্শৰ পৰা বিচ্যুত বা ব্যতিক্ৰম হোৱা লোকক সমাজে সহজে ধৰা পেলাই তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সেইবাবে সামাজিক আদৰ্শই মানুহক সমাজৰ অবাঞ্ছিত পথ ত্যাগ কৰি সুস্থ পথ গ্ৰহণেৰে সুন্দৰ জীৱন-যাপন কৰিবলৈ শিকায়।
সামাজিক আদৰ্শৰ আন এটা বৈশিষ্ট্য হৈছে ইয়াৰ গতিশীলতা বা ক্ৰমবিকাশশীলতা। কোনো এখন সমাজৰ কাৰণে আদৰ্শ চিৰদিনৰ বাবে স্থায়ীভাৱে ৰচিত হ’ব নোৱাৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে সমাজক উন্নতিৰ পথত আগুৱাই নিয়া। সেই হেতুকে সমাজৰ লোকে গ্ৰহণ কৰা পুৰণি আদৰ্শ সময় অতিবাহিত হোৱাৰ লগে লগে নতুবা সমাজৰ বাবে অচল আৰু অপ্ৰয়োজনীয় হৈ পৰে। ফলস্বৰূপে নতুন সমাজৰ লোকৰ প্ৰয়োজন আৰু আশা-আকাংক্ষা পূৰণ কৰিব পৰাকৈ নতুন আদৰ্শ ৰচিত হয়।
ওপৰত কৰা আলোচনাৰ পৰা সামাজিক আদৰ্শৰ বৈশিষ্ট্যকেইটা নিম্নলিখিতভাৱে সংক্ষেপে প্ৰদান কৰিব পাৰি।
(১) সামাজিক আদৰ্শ হৈছে সমাজৰ লোকে মানি চলা কেতবোৰ নীতি-নিয়ম, যি তেওঁলোকৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰে।
(২) সামাজিক আদৰ্শ সমাজ-দৰ্শনৰ ওপৰত প্ৰতিস্থিত।
(৩) ই মানুহৰ মুক্ত, স্বাধীন আৰু সুন্দৰ জীৱন যাপনত সহায় কৰে।
(৪) সামাজিক আদৰ্শ গতিশীল আৰু পৰিৱৰ্তনশীল।
সমাজত কৰা নানাবিধ অপৰাধমূলক ক্ৰিয়া-আচৰণ এই সামাজিক বিচ্যুতিৰ নিদৰ্শন। চুৰি-ডকাইতিকে ধৰি সকলো ধৰণৰ প্ৰাণহানি আৰু সম্পত্তি হানি কৰা হিংসাত্মক কাৰ্য সমাজৰ চকুত অপৰাধ বুলি গণ্য কৰা হয়। হিংসাত্মক কাৰ্যৰ উপৰিও ব্যক্তিৰ সামাজিক বিচ্যুতিমূলক ক্ৰিয়া-আচৰণ নানা ধৰণৰ হ’ব পাৰে। মগনীয়াবিলাকে ভিক্ষা বৃত্তিৰ যোগেদি সুস্থ সামাজিক জীৱন আৰু আদৰ্শৰ পৰা বিচ্যুত হয়। বেশ্যাবৃত্তি অৱলম্বন কৰি নাৰীয়ে সমাজৰ আদৰ্শ যৌন জীৱনৰ পৰা বিচ্যুত হয়। মদ পান কৰি পুৰুষে সুস্থ-সুন্দৰ সামাজিক জীৱনৰ পৰা ব্যতিক্ৰম হয়। কৈশোৰ কালত ল’ৰা-ছোৱালীৰ মনত সৃষ্টি হোৱা অপৰাধ প্ৰৱণতাও প্ৰচলিত সামাজিক নীতি-নিয়মৰ পৰা বিচ্যুত হোৱা এক অৱস্থা মাথোন। এনেবোৰ ক্ৰিয়া-আচৰণৰ অন্তৰালত ব্যক্তিৰ মনত সামাজিক আদৰ্শৰ প্ৰতি অনাস্থা, বিদ্ৰোহ আৰু ঘৃণাৰ ভাব নিহিত থাকে। ফলত প্ৰচলিত নীতি-নিয়ম আৰু আদৰ্শ ভংগ কৰি অপৰাধমূলক ক্ৰিয়াত লিপ্ত হয়। ইয়াৰ বিস্তৃত মনস্তাত্বিক অধ্যয়ন কৰা অপৰাধ বিজ্ঞানৰ (ক্ৰিমিন’ল’জী) কৰ্তব্য।
মানুহ স্বাভাৱিকতেই হৈছে প্ৰবৃত্তি পৰিচালিত আৰু জৈৱিক অস্তিত্বপূৰ্ণ একো একোজন ব্যক্তি। ব্যক্তিকেন্দ্ৰিক এই মানুহক সমাজীকৰণ বা সমাজমুখী কৰা সুপৰিকল্পিত ব্যৱস্থাই হৈছে শিক্ষা। এনে শিক্ষা গতানুগতিক, অগতানুগতিক আৰু অনানুষ্ঠানিক সকলো বিধৰেই হ’ব পাৰে। স্কুলে সচেতন আৰু সুপৰিকল্পিতভাৱে ছাত্ৰক সমাজৰ উপযোগী কৰি তুলিবলৈ ইয়াৰ আনুষ্ঠানিক পাঠ্যসূচী আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। স্কুলৰ প্ৰধান দায়িত্ব হৈছে ছাত্ৰ-ছাত্ৰীক সমাজৰ প্ৰচলিত নীতি-নিয়ম আৰু আদৰ্শ আদি মানি চলিবলৈ শিকোৱা আৰু তাৰ অনুগামী কৰি তোলা। কেৱল কেতবোৰ পাঠ্য বিষয়ৰ জ্ঞান দিয়া, পৰীক্ষা লোৱা আৰু ক্ৰিয়াপটুটা বৃদ্ধি কৰি তোলাটোৱেই ইয়াৰ উদ্দেশ্য নহয়। শিশুৱে সমাজৰ লগত নিজকে ভালদৰে খাপ খুৱাই ল’ব নোৱাৰিলে আৰু সমাজৰ সাংস্কৃতিক জীৱনধাৰা নিজৰ কৰি ল’ব নোৱাৰিলে কেৱল কিতাপৰ জ্ঞান আৰু দৈহিক ক্ৰিয়া পটুটাই তেওঁক প্ৰকৃত শিক্ষিত আৰু সামাজিক কৰি তুলিব নোৱাৰে। সমাজ বিচ্ছিন্নভাৱে ব্যক্তিগত গুণ আৰু ক্ষমতাসমূহৰ একপক্ষীয়ভাৱে শিক্ষা আৰু বিকাশ সাধনে তেওঁক সমাজত অপসমাযোজিত কৰি ব্যক্তিত্বৰ বিসংগতিত পৰিণত কৰিব পাৰে। কেৱল আনুষ্ঠানিকভাৱে দিয়া স্কুলীয়া শিক্ষাই নহয়, বহল সামাজিক পৰিৱেশত অগতানুগতিক আৰু অনানুষ্ঠানিকভাৱে দিয়া শিক্ষাৰ অনুষ্ঠান-প্ৰতিষ্ঠান আদিও ব্যক্তি সমাজীকৰণৰ শিক্ষাৰ অংশীদাৰ।
আনুষ্ঠানিক বা অনানুষ্ঠানিক, ঔপচাৰিক বা অনৌপচাৰিক এই সকলোবাৰ শিক্ষা ক্ষেত্ৰৰেই মূল উদ্দেশ্য হৈছে ব্যক্তিৰ চিন্তা, ক্ৰিয়া আৰু অনুভূতি সচেতনভাৱে নিয়ন্ত্ৰণ কৰি তুলি সমাজীকৰণ কৰা। ইয়াৰ যোগেদি ব্যক্তিৰ আচৰণ সামাজিক আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি আৱশ্যকীয় আৰু আশানুৰূপ পৰিৱৰ্তন সাধন কৰা হয়। সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়ম আৰু আদৰ্শসমূহৰ প্ৰতি লক্ষ্য ৰাখি সেইবোৰ আস্থা সেইবোৰ আস্থা আৰু নিষ্ঠাৰে পালন কৰিবলৈ শিকোৱা হয়। সেইবাবে ব্যক্তিয়ে সামাজিক পাৰস্পৰিকতাৰ যোগেদি উপযুক্ত আৰু উন্নত পদ্ধতিৰে ক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা অৱস্থাই হৈছে শিক্ষা। শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষাৰ লগত জড়িত সকলো লোকেই এই উদ্দেশ্যৰ প্ৰতি সচেতন আৰু সচেষ্ট হোৱাটো অতি প্ৰয়োজন।
স্কুল আৰু সমাজৰ সম্বন্ধ বিশেষ তাৎপৰ্যপূৰ্ণ। শিক্ষাৰ আধুনিক দৃষ্টিভংগীৰে কোৱা হয় যে স্কুল হৈছে এক বিশেষ সমাজ বা সামাজিক অনুষ্ঠান। কাৰণ স্কুলৰ লক্ষ্য-উদ্দেশ্য মূলতে সমাজৰ লক্ষ্য-উদ্দেশ্যতকৈ কোনো গুণে পৃথক নহয়। সমাজৰ বৃহত্তৰ স্বাৰ্থ পূৰণৰ লক্ষ্যৰ পৰাই স্কুলৰ লক্ষ্যও প্ৰকৃতপক্ষে নিৰ্ধাৰণ কৰা হয়। সেইবাবে সমাজৰ সকলো আশা-আকাংক্ষা আৰু প্ৰয়োজনসমূহ স্কুলৰ কাৰ্য্যসূচী আৰু বিষয়সূচীৰ যোগেদি প্ৰতিফলিত হ’ব লাগে। সমাজৰ সকলোবোৰ ক্ৰিয়া-কলাপ আৰু অভিজ্ঞতা আদিৰ স্কুল হৈছে প্ৰকৃত অৰ্থত প্ৰাণকেন্দ্ৰস্বৰূপ। স্কুলে সামাজিক প্ৰয়োজনৰ প্ৰতি আওকণীয়া আৰু সম্পৰ্কহীন হৈ থাকিব নোৱাৰে। স্কুলৰ কণ কণ শিশু হৈছে বৃহত্তৰ সমাজখনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ একোজন প্ৰতিনিধি স্বৰূপ। তেওঁলোকে সমাজৰ পূৰ্ণাংগ ব্যক্তি হৈ উঠিবলৈ আৰু সময়ত সমাজৰ বিভিন্ন দিশত নেতৃত্ব দিবলৈ সামাজিক অভিজ্ঞতাৰ শিক্ষা স্কুলত লাভ কৰিব লাগে। তেওঁলোকে স্কুলৰ শিক্ষা শেষ কৰি বৃহত্তৰ সমাজখনলৈ ওলটি যায় আৰু তাৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰে। সেয়েহে স্কুল হৈছে সামাজিক যোগ্যতা আৰু নেতৃত্বৰ অভিজ্ঞতা দানৰ শিক্ষাথলী। স্কুলৰ সমগ্ৰ প্ৰচেষ্টা আৰু ইয়াৰ পৰিকল্পনা এই কথাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰিব লাগে।
আন এক দৃষ্টিকোণৰ বিবেচনাৰেও ক’ব পাৰি যে সমাজৰ উন্নতি আৰু প্ৰগতিও প্ৰকৃতপক্ষে স্কুলৰ শিক্ষাৰ ওপৰতেই নিৰ্ভৰ কৰে। সমাজ সদায় গতিশীল আৰু পৰিৱৰ্তনশীল। এই গতিশীলতা আৰু পৰিৱৰ্তনশীলতা স্কুলৰ কাৰ্যসূচীয়েহে সম্ভৱ কৰি তুলিব পাৰে। মানুহৰ মনত পৰিৱৰ্তন, নতুনতা আৰু সৃজন ক্ষমতাৰ ভাব স্কুলৰ শিক্ষাই আনি দিব পাৰে। শিক্ষাৰ পোহৰেৰে মানুহে ভাল-বেয়া বিচাৰ কৰিব পাৰে, পুৰণি সমাজৰ কেতবোৰ সামাজিক নীতি-নিয়ম আৰু পদ্ধতিৰ অনুপযুক্ততা অনুভৱ কৰি উঠিব পাৰে। পুৰণি সমাজৰ গ্ৰহণযোগ্য উপাদানখিনি আয়ত্ব কৰাত আৰু অপ্ৰয়োজনীয়খিনি পৰিহাৰ কৰাত শিক্ষাই আমাক সহায় কৰে। মানুহৰ মনৰ অন্ধবিশ্বাস, ধৰ্মান্ধতা, সংকীৰ্ণ আৰু ৰক্ষণশীল মনোভাৱ শিক্ষাই গুচাব পাৰে। ইয়াৰ ফলত গতিশীলতা আৰু ক্ৰমবিকাশশীলতাৰ চিৰন্তন স্পৃহা মানৱ মনত সজাগ হৈ থাকে। সেয়েহে ক’ব পাৰি যে স্কুলৰ শিক্ষাই মানৱ সমাজৰ প্ৰগতিৰ চকৰী নিৰবচ্ছিন্নভাৱে ঘূৰাই ৰাখিব পাৰে। যি সমাজত স্কুলীয়া শিক্ষাৰ অৱস্থা উন্নত সেই সমাজৰ সামাজিক বিকাশৰ গতিও দ্ৰুততৰ হয়। আনহাতে স্কুলীয়া শিক্ষাৰ দুৰাৱস্থাই সেই সমাজৰ সামাজিক বিকাশৰ গতিও মন্থৰ কৰি তোলে।
ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে স্কুল আৰু সমাজ এই দুই পক্ষৰ মাজত অতি ওচৰ সম্বন্ধ। এখন সুন্দৰ আৰু উন্নত সমাজ হৈছে স্কুলীয়া শিক্ষাৰ উন্নত ব্যৱস্থাৰ ফলস্বৰূপ। সেইদৰে এক উন্নত শিক্ষা ব্যৱস্থাও এখন উন্নত আৰু বিকাশশীল সমাজতহে আশা কৰিব পাৰি। সেয়েহে কোঠাৰি শিক্ষা আয়োগে প্ৰতিবেদনৰ প্ৰথম শাৰীতেই উল্লেখ কৰিছে যে এটা জাতিৰ লক্ষ্যস্থান তাৰ স্কুলৰ শ্ৰেণীকোঠাৰ মাজতেই গঢ় দি তোলা হয়।
শিক্ষাৰ আধুনিক দৃষ্টিকোণৰ বিবেচনাৰে স্কুলৰ প্ৰধান দায়িত্ব হৈছে শিশুক সমাজৰ উপযুক্ত ব্যক্তি স্বৰূপে গঢ় দি তোলা। এই কথাট অনুভৱ কৰাটো সহজ কিন্তু তাৰ কাৰ্যকৰী ৰূপদান কৰা অতি কঠিন কাম। ইয়াৰ লগত ছাত্ৰ, শিক্ষক, শিক্ষা-প্ৰশাসক অভিভাৱক আৰু শিক্ষাৰ লগত সংশ্লিষ্ট সকলো ব্যক্তি আৰু পক্ষই জড়িত হৈ আছে। ইয়াৰ বাবে এক সুস্পষ্ট শিক্ষা দৰ্শন আৰু তাৰ কাৰ্যকৰী শিক্ষা আঁচনিৰো প্ৰয়োজন। সি যি কি নহওক, শিশুক সমাজীকৰণৰ বাবে স্কুলে ল’ব লগা প্ৰয়োজনীয় ভূমিকা সম্বন্ধে তলত সংক্ষেপে উল্লেখ কৰা হৈছে।
শিক্ষাৰ দায়িত্ব হৈছে ব্যক্তিৰ ক্ৰিয়া-আচৰণ সচেতন আৰু উদ্দেশ্য-প্ৰণোদিতভাৱে সমাজীকৰণৰ পথেদি নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰা। ই আজিৰ শিক্ষাৰ প্ৰতি সময়ৰ এক বিৰাট প্ৰত্যাহ্বান স্বৰূপ। সেয়েহে বৰ্তমান শিক্ষাবিদ আৰু সমাজৰ চিন্তাশীল ব্যক্তিসকল এই কথাৰ প্ৰতি বিশেষ সচেতন আৰু সক্ৰিয় হৈ পৰা দেখা যায়। সমাজৰ সকলো শ্ৰেণীৰ লোকেই এই কথাৰ উপলব্ধি কৰা আৰু তেওঁলোকৰ চিন্তা, ক্ৰিয়া আৰু মনোভাৱ তাৰ প্ৰতি গঢ় দি তোলাটো হৈছে বৰ্তমানৰ বিশেষ প্ৰয়োজনীয় কথা।
শিক্ষাৰ এটা মুখ্য সমস্যা আৰু শিক্ষা-কৰ্তৃপক্ষৰ এক দায়িত্বশীল প্ৰশ্ন হৈছে- ছাত্ৰক কি শিকোৱা উচিত। ছাত্ৰৰ সুস্থ দেহ-মানসিক বিকাশ সাধনৰ যোগেদি চৰিত্ৰ আৰু ব্যক্তিত্ব গঢ় দি তোলাই শিক্ষাৰ উদ্দেশ্য বুলি সাধাৰণভাৱে কোৱা হয়। কিন্তু ইয়াকে কৰিবলৈ শিক্ষানুষ্ঠানৰ কাৰ্যসূচী কি আৰু কেনে হোৱা উচিত, সি বাস্তৱিকতেই এক জটিল প্ৰশ্ন। শিক্ষক, শিক্ষাবিদ আৰু সমাজৰ প্ৰতিজন সচেতন আৰু চিন্তাশীল ব্যক্তিয়েই এই প্ৰশ্নৰ তাৎপৰ্য উপলব্ধি কৰে। আজিৰ শিক্ষা আহৰণ কৰা শিশুৱেই সময়ত গৈ সমাজৰ বিভিন্ন দিশত উন্নতি আৰু প্ৰগতিৰ গুৰু দায়িত্ব বহন কৰিবগৈ লাগিব। স্কুলত অধ্যয়ন কৰা বিষয়সমূহেই তেওঁলোকৰ ভাব-চিন্তা আৰু ক্ৰিয়াৰ গতি নিৰ্ণয় কৰে। এখন দেশ বা সমাজৰ চিন্তা আৰু ক্ৰিয়াও ইয়াৰ দ্বাৰা বিশেষ প্ৰভাৱিত হয়। ক্ৰমবিকাশশীল সমাজৰ অবিৰত বিকাশ প্ৰক্ৰিয়া এই পাঠ্যপুথিৰ ওপৰতেই একান্ত নিৰ্ভৰশীল। সেয়েহে ই ব্যক্তি আৰু সমাজৰ ওপৰত সূদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। অৱশ্য সমাজৰ এই নতুন পুৰুষৰ বাবে স্কুলৰ পাঠ্য বিষয়সূচী সুচিন্তিতভাৱে নিৰ্ধাৰণ কৰাটো যিমান প্ৰয়োজনীয় কথা, তাক প্ৰকৃত ৰূপত কাৰ্যকৰী কৰি গঢ় দি তোলাটো সিমানেই কঠিন কাম। সময়ৰ প্ৰভাৱ অনুসৰি ব্যক্তি আৰু সমাজৰ বৰ্তমানৰ প্ৰয়োজন, ভৱিষ্যতৰ আশা-আকাংক্ষা, জীৱনৰ লক্ষ্য-আদৰ্শ আদিৰ সামূহিক বিবেচনাই ইয়াত ঠাই পাব লাগে। ভৱিষ্যতে আমি কেনে জীৱন আশা কৰো আৰু কেনে উন্নতি বিচাৰো, অতীতৰ কোনবোৰ বিষয় অপৰিহাৰ্য আৰু বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰিব পৰা কোনবোৰ নতুন বিষয় আমাৰ গ্ৰহণীয়- এই সকলোবোৰ প্ৰশ্ন পাঠ্যক্ৰমৰ গভীৰ চিন্তাৰ বিষয়। সংক্ষেপে ক’ব পাৰি যে মানৱ সমাজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো দিশ সুচিন্তিতভাৱে বিবেচনা কৰিহে পাঠ্যক্ৰম প্ৰস্তুত কৰিব লগা হয়।
লেটিন শব্দ ‘currer’ পৰা ইংৰাজী ‘curriculum’ শব্দৰ উৎপত্তি হৈছে। ইয়াৰ শব্দগত অৰ্থ হৈছে দৌৰ বা ‘run’। কোনো নিৰ্দিষ্ট লক্ষ্যস্থানত উপনীত হ’বৰ বাবে গতিপথ অতিক্ৰম কৰিবলৈ দৌৰ দিয়াকেই ইয়াৰ দ্বাৰা বুজোৱা হয়। কালক্ৰমত এই অৰ্থ শিক্ষণীয় বিষয়ক পাঠ্যক্ৰম অধ্যয়নৰ প্ৰসংগত প্ৰয়োগ কৰা হয়। পুৰণি এই লেটিন শব্দৰ অৰ্থ প্ৰয়োগ কৰি ক’ব পাৰি যে পাঠ্যক্ৰম হৈছে শিক্ষাৰ্থীয়ে শিক্ষা কালছোৱাত অধ্যয়ন কৰি সম্পূৰ্ণ কৰিবলগা নিৰ্ধাৰিত বিষয়সূচী আৰু কাৰ্যসূচী। সামাজিক স্বীকৃতিপ্ৰাপ্ত কোনো নিৰ্দিষ্ট পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষাৰ্থীয়ে যোগ্যতাৰ মান-পত্ৰ লাভ কৰিবৰ বাবে নিৰ্দিষ্ট বিষয়সূচী নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অধ্যয়ন কৰি উঠিব লাগে। সংযত. সীমিত আৰু সংকীৰ্ণ অৰ্থত ইয়াকেই পাঠ্যক্ৰম বুলি জনা যায়। ই ছাত্ৰ, শিক্ষক আৰু শিক্ষা-কৰ্তৃপক্ষৰ বাবে তেওঁলোকৰ নিজ নিজ ক্ৰিয়াৰ এক আৰ্হি স্বৰূপ। ইয়াক আগত ৰাখি শিক্ষাদান কাৰ্য পৰিচালনা আৰু সম্পাদন কৰা হয়।
অৱশ্যে বৰ্তমান পাঠ্যক্ৰমক এক বহল অৰ্থত প্ৰয়োগ কৰা হয়। সময়ৰ পৰিৱৰ্তনে মানুহৰ প্ৰয়োজনীয় অভিজ্ঞতাৰ পৰিসৰ ক্ৰমে বৃদ্ধি কৰি তুলিছে। স্কুলত মাথোন কেইটামান বিষয়ৰ সীমিত অধ্যয়নে এনে বৰ্ধিত প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। সেয়েহে অধ্যয়নৰ নিৰ্ধাৰিত বিষয়সূচীৰ উপৰিও শিক্ষাৰ্থীৰ বাবে প্ৰয়োজন হোৱা সমূহ জ্ঞান-অভিজ্ঞতাকেই ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ব্যক্তিগত আৰু সামাজিক জীৱনৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এক বহল আৰু ব্যাপক অভিজ্ঞতাৰ ভিত্তিত পাঠ্যক্ৰমৰ সংজ্ঞা দিবলৈ বিচৰা হয়। স্কুলৰ শ্ৰেণীৰ বাহিৰে-ভিতৰে ছাত্ৰৰ ব্যক্তিত্ব বিকাশৰ উপযোগীকৈ প্ৰদান কৰিব পৰা সকলো শিক্ষা-অভিজ্ঞতাকেই ই সামৰি লয়। ভাৰতৰ ১৯৫৪ চনৰ মাধ্যমিক শিক্ষা আয়োগে এই সম্বন্ধে দিবলৈ চেষ্টা কৰা সংজ্ঞা এই প্ৰসংগত উল্লেখযোগ্য। আয়োগৰ মতে গতানুগতিকভাৱে শিকোৱা স্কুলৰ বিষয়সমূহকেই মাথোন পাঠ্যক্ৰম বুলিব নোৱাৰি। স্কুল আৰু ইয়াৰ শ্ৰেণীসমূহ, পুথিভঁৰাল, প্ৰয়োগশালা, কাৰখানা, খেলপথাৰ আৰু অন্যান্য বিবিধ ক্ষেত্ৰত ছাত্ৰ-শিক্ষকৰ সংস্পৰ্শত ছাত্ৰই লাভ কৰা বহুমুখী ক্ৰিয়াৰ সামূহিক অভিজ্ঞতাকেই ইয়াৰ অন্তৰ্ভুক্ত কৰা হয়। সেয়েহে ক’ব পাৰি যে পাঠ্যক্ৰমৰ পৰিসৰ জীৱনৰ প্ৰয়োজনীয় অভিজ্ঞতাৰ দৰেই ব্যাপক আৰু গভীৰ। এনে অৰ্থত স্কুলীয়া জীৱনৰ সমূহ অভিজ্ঞতাই হৈছে পাঠ্যক্ৰম।
পাঠ্যক্ৰম সম্বন্ধে বৰ্তমানে গ্ৰহণ কৰা ব্যাপক ধাৰণাৰ পৰিপ্ৰেক্ষিতত প্ৰচলিত পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত প্ৰয়োজন পূৰণ কৰিব পৰা নাই। আমাৰ দেশৰ ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থাৰ বাবে পাঠ্যক্ৰম বহু পৰিমাণে জগৰীয়া। স্বাধীনোত্তৰ কালছোৱাত পাঠ্যক্ৰমৰ দোষ-ত্ৰুটি সম্বন্ধে শিক্ষাবিদসকল অধিক সজাগ হোৱা দেখা যায়। ১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে গোটেই দেশতে বিস্তৃত অধ্যয়ন কৰি পোৱা পাঠ্যক্ৰমৰ কেতবোৰ আসোঁৱাহ নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।
পাঠ্যক্ৰমৰ বহল পৰিসৰৰ ধাৰণাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছাত্ৰৰ ভিন্নমুখী প্ৰয়োজনৰ বিৱেচনাৰে এখন উপযুক্ত পাঠ্যক্ৰম প্ৰস্তুত কৰাটো বাস্তৱিকতেই এক কঠিন কাম। সেয়ে হ’লেও নতুন পুৰুষৰ ক্ষমতা-যোগ্যতা, ভৱিষ্যতৰ আশা-আকাংক্ষা, বৰ্তমানৰ প্ৰয়োজনীয়তা আৰু অতীতৰ সভ্যতা-সংস্কৃতি আদিৰ সামূহিক বিৱেচনাৰে এখন গ্ৰহণযোগ্য পাঠ্যক্ৰম প্ৰস্তুত কৰি তোলাটো সমাজৰ চিন্তাবিদ আৰু শিক্ষাবিদ সকলৰ এক গুৰুদায়িত্ব। সেইবাবে ইয়াক প্ৰস্তুত কৰি তোলাৰ কেতবোৰ মৌলিক নীতি সযতনে বিৱেচনা কৰিব লাগে। তলত ইয়াৰ কেইটামান প্ৰধান নীতিৰ উল্লেখ কৰা হৈছে।
শেহতীয়া উন্নীতকৰণ: : 3/17/2020